গো মাংস নিষিদ্ধকৰণৰ ফলত মুছলমানৰ ক্ষতি নহয়: ই হ’ল নিবনুৱা যুৱক যুৱতীক দিয়া মাধমাৰ
ৰেজাউল কৰিম
অসম চৰকাৰৰ যোৱা চাৰি ডিচেম্বৰৰ কেবিনেটৰ সিদ্ধান্ত মৰ্মে অসমত হোটেল, ৰেষ্টুৰেন্ট আৰু ৰাজহুৱাস্থানত গো মাংস ভক্ষণ নিষিদ্ধ কৰা হৈছে।
কাৰ্য্যত অসমত গো মাংস নিষিদ্ধ। গো বধৰ কোনো চৰকাৰী অনুমতি ৰাজ্য চৰকাৰে নিদিয়ে। ইয়াকে লৈ এনে এটা ধাৰণাৰ সৃষ্টি কৰা হৈছে যেন গো মাংস নিষিদ্ধ কৰাৰ ফলত অসমৰ মুছলমান সমাজখন ক্ষতিগ্ৰস্ত হৈছে। কথাটো সঁচা নে বাৰু ? অলপ বিশ্লেষণ কৰি চাওঁ আহক।
শেহতীয়া পশুধন পিয়ল ২০১৯ চনৰ চৰকাৰী তথ্য মতে অসমত থকা গো ধনৰ সংখ্যা হৈছে ১০৯০৯২৩৭ টা, মহৰ সংখ্যা হৈছে ৪২১৭১৫ টা, ছাগলীৰ সংখ্যা হৈছে ৪৩১৫১৭৩ টা, ভেৰাৰ সংখ্যা ৩,৩২,১০০ টা, গাহৰিৰ সংখ্যা ২০৯৯০০০ টা।
আনহাতে Integrated Sample Survey ৰ ২০২২-২৩ চনৰ চৰকাৰী তথ্যমতে সেই বছৰটোত গো মাংস উৎপাদন হৈছে ৩৬৮৮৩৬১ কেজি, মহৰ মাংস উৎপাদন হৈছে ১৭৪৪৬২ কেজি, ছাগলী মাংস উৎপাদন হৈছে ১৭৪৭০১৪৭ কেজি, ভেৰা মাংস উৎপাদন হৈছে ২০৬৩০৬০ কেজি, আৰু গাহৰি মাংস উৎপাদন হৈছে ২১৯৫৮৭২১ কেজি।
চৰকাৰী এই তথ্যমতে ছাগলী মাংসৰ পাছতেই আছে গো মাংসৰ উৎপাদন। আনহাতে ২০২২-২৩ বৰ্ষৰ বজাৰ দৰৰ হিচাপ মতে ছাগলীৰ মাংসৰ বজাৰ মূল্য আছিল প্ৰায় ৮৭৩ কৌটি টকা।
ইয়াৰ বিপৰীতে গো মাংসৰ বজাৰ মূল্য আছিল প্ৰায় ১২৯ কৌটি টকা আৰু গাহৰি মাংসৰ বজাৰ মূল্য আছিল প্ৰায় ৭২ কৌটি টকা। অৰ্থাত পশুপালন বিভাগে অকল গো মাংসৰ পৰা উক্ত সময়ত ১২৯ কৌটি টকাৰ ব্যৱসায় কৰিছিল।
এই সমুদায় ব্যৱসায় আছিল গ্ৰাম্য অৰ্থনীতিৰ অৱদান। কাৰণ অসমৰ প্ৰায় ৮৭ শতাংশ গৰু গ্ৰামাঞ্চলত পোহা হয়। মাংসৰ বাবে সাধাৰণতে বুঢ়া গৰু, মতা গৰু, দুৰ্বল আৰু অসুখীয়া গাই গৰু আৰু উৎপাদন ক্ষমতা নথকা বা কমি যোৱা গাই গৰু ব্যৱহাৰ হয়।
যি সকল লোকে ব্যৱসায়িক ভিত্তিত গাখীৰ উৎপাদনৰ বাবে গাই গৰু পোহে বা ফাৰ্ম খুলিছে সেইসকল গো পালকে গোহালিৰ বয়সীয়াল গাইজনী, মতা গৰুবোৰ আৰু গাখীৰ কমি যোৱা গাই গৰুবোৰ মাংসৰ বাবে বিক্ৰি কৰে।
এইটোও ফাৰ্মখনৰ লাভৰ পথ। অন্যথা অকল গাখীৰ বেচি এজন গো পালকে লাভবান হ’ব নোৱাৰে। উৎপাদন নথকা গৰুবোৰ কোনেও এনেই খুৱাই ৰাখি আৰ্থিক লোকচান নভৰে । আনহাতে উজনি অসমৰ ব্ৰহ্মপুত্ৰৰ চাপৰিত অনেক লোকে মুকলিভাৱে গৰু পোহে। এইবোৰ মাংসৰ বাবেই ব্যৱহাৰ হয়।
গো মাংসৰ বিক্ৰি বন্ধ হ’লে এইসকল গো পালক পোনপোটীয়াকৈ ক্ষতিগ্ৰস্ত হ’ব। উল্লেখযোগ্য যে এই গো পালকসকল অকল মুছলমান লোক নহয়। অসমৰ সকলো ধৰ্মৰ লোক ইয়াত জড়িত হৈ আছে। লগত আছে অসমৰ বুজন সংখ্যক শিক্ষিত নিবনুৱা। তেওঁলোকৰ উপাৰ্জনৰ এইটো এটা সুন্দৰ পথ। আন নালাগে অসম চৰকাৰে অলপতে NDDB ( National Dairy Development Board) সৈতে দৈনিক ১০ লাখ লিটাৰ গাখীৰ উৎপন্ন কৰা এটা অভিলাসী আঁচনি গ্ৰহণ কৰিছে।
এই আঁচনি খনৰ বাবে ৰাজ্যখনত হাজাৰ হাজাৰ নিবনুৱাই ডেইৰী ফাৰ্ম খুলিবলৈ আৰম্ভ কৰিছে। তেওঁলোকক স্বাৱলম্বী হোৱাৰ সপোন দেখুওৱা হৈছে। কিন্তু গো মাংসৰ ব্যৱসায় বন্ধ হলে তেওঁলোকে ডেইৰী ফাৰ্ম কৰি লাভবান হ’ব নোৱাৰিব। ফলত আশানুৰূপ ডেইৰী ফাৰ্ম অসমত গঢ়ি নুঠিব আৰু অসম গাখীৰ উৎপাদনত কেতিয়াও স্বাৱলম্বী হ’ব নোৱাৰিব।
এটা কথা মন কৰিব লাগিব যে গো মাংসৰ উৎপাদন আৰু ব্যৱসায়ৰ সৈতে গাখীৰ উৎপাদনৰ কথাটোও সমান্তৰালভাৱে জড়িত হৈ আছে।
গতিকে অসমত গো মাংস নিষিদ্ধ কৰাটো অকল ১২৯ কৌটি টকাৰ ব্যৱসায় এটা বন্ধ কৰাই নহয় গাখীৰ উৎপাদনৰ ক্ষেত্ৰখনতো মাধমাৰ দিয়া। গাখীৰ উৎপাদন বৃদ্ধি কৰিবলৈ গো মাংসৰ ব্যৱসায়টোও বৃদ্ধি কৰিব লাগিব।
গো মাংস নিষিদ্ধকৰণ কোনো কাৰণতে অকল মুছলমানৰ ক্ষতি নহয়। ই অসমৰ নিবনুৱা যুৱক যুৱতীৰ স্বাৱলম্বীতাৰ পথ আৰু গ্ৰাম্য অৰ্থনীতিক ধ্বংস কৰা প্ৰক্ৰিয়াহে।
আমাৰ বোধেৰে অসমৰ আৰ্থিক অৱস্থাৰ উন্নতি কৰিবলৈ অসমক উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনৰ গো মাংসৰ চাহিদা পূৰণ কৰিব পৰাকৈ গো মাংসৰ হাব (Hub) হিচাপে গঢ়ি তুলিব লাগে। অন্যথা ইয়াত গো মাংসৰ এখন অবৈধ চিণ্ডিকেট গঢ়ি উঠাৰ প্ৰৱল সম্ভাৱনা আছে।
অনেকেই হয়তো এই কথা নাজানে যে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ গাহৰি মাংসৰ চাহিদা পূৰণ কৰি আছে গাহৰি মাংসক প্ৰাধান্য নিদিয়া পাঞ্জাৱ, হাৰিয়াণা আৰু পশ্চিমবংগৰ গাহৰি পালক সকলে। শুনা মতে অকল পাঞ্জাৱেই হেনো বছৰেকত ২০০ কৌটি টকাৰ গাহৰি উত্তৰ পূৰ্বাঞ্চললৈ ৰপ্তানি কৰে।
যি কাম পাঞ্জাৱে গাহৰিৰ ক্ষেত্ৰত কৰিব পাৰে সেই কাম অসমে গৰুৰ ক্ষেত্ৰত কৰিব নোৱাৰিব কিয় ?
08-12-2024
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com(For Assamese article, Unicode font is necessary) Images from different sources.