২৩ এপ্ৰিল, ‘বিশ্ব গ্ৰন্থ দিৱস‘ৰ চিন্তা : গ্ৰন্থৰ ভৱিষ্যত
গৌতম শৰ্মা
আমি নিজেই নিজৰ একো একোগৰাকী সংগী।
তথাপিও কেতিয়াবা কেতিয়াবা মানুহে নিজই নিজকে প্ৰশ্ন কৰে আমাৰ জীৱনৰ প্ৰকৃত সংগীনো প্ৰকৃততে কোন!
আপুনি যদি কিতাপ পঢ়ে তেন্তে নিঃসন্দেহে ক’ব পাৰিব আমাৰ প্ৰকৃত সংগী নতুবা বন্ধু হৈছে কিতাপ। কিতাপ তথা গ্ৰন্থ হৈছে একোগৰাকী মানুহৰ জীৱন পৰিক্ৰমা স্বৰূপ৷ গ্ৰন্থ অধ্যয়ন কৰি লাভ কৰা অভিজ্ঞতা, জ্ঞানে মানুহক সৰল, সহজ, চিন্তাশীল কৰি তোলে।
মানুহক ভালপোৱাৰ, প্ৰকৃতিক ভালপোৱাৰ আদি পাঠ গ্ৰন্থই আনি দিব পাৰে৷ মনৰ পৰা বেয়া চিন্তা দূৰ কৰি মন সজীৱ কৰে এই গ্ৰন্থই। গ্ৰন্থ মানৱ জীৱনৰ বাবে অমূল্য সম্পদ৷ জীৱন, সত্য, বিশ্লেষণ সকলো আহৰণ কৰিব পাৰি গ্ৰন্থ অধ্যয়নৰ জৰিয়তেই। গল্প, প্ৰবন্ধ, ৰচনা, ইতিহাস, কৃষ্টি, সংস্কৃতি, সভ্যতাৰ যেন ভঁৰাল একো একোখন কিতাপ। সাধু, জীৱনী, উপন্যাস, ভ্ৰমণ কাহিনী, ৰস-ৰচনা, কবিতা, কুইজ, অনুবাদমূলক সাহিত্য সকলো জ্ঞানৰ ৰহঘৰা৷
ইংৰাজী সাহিত্যকে ধৰি বিশ্বৰ বিভিন্ন আগশাৰীৰ সাহিত্য, পৰম্পৰা, কলা, কৃষ্টি সোৱাদ ল’ব পাৰি একমাত্ৰ কিতাপৰ জৰিয়তেই৷ গ্ৰন্থ তথা কিতাপ পঢ়া মানুহৰ ঠাইক জ্ঞানী মানুহ থকা ঠাই বুলি বহুতেই ক’ব খোজে।
সঁচাই, মানুহৰ জ্ঞান আৰু বুদ্ধিৰ বিকাশৰ ক্ষেত্ৰত গ্ৰন্থৰ ভূমিকা অপৰিসীম। যাৰ বাবে এখন গ্ৰন্থক জ্ঞানৰ অক্ষয় ভাণ্ডাৰ বুলি কোৱা হয়। গ্ৰন্থৰ অধ্যয়নে মনৰ অন্ধকাৰ আঁতৰাই জ্ঞানৰ আলোকেৰে আলোকিত কৰি তোলে একো একোজন মানুহক৷ যি কথা যুগে-যুগে বহু লোকে কৈ আহিছে, যি কথা প্ৰতিযুগতেই সত্য বুলিও প্ৰতীয়মানো হৈ আহিছে।
গ্ৰন্থ তথা কিতাপ হ’ল পৃথিৱীৰ সঞ্চিত সম্পদ, জাতি আৰু চামে চামে মানুহৰ উত্তৰাধিকাৰী সূত্ৰে লভা সম্পত্তি।
প্রিয় লেখক হোমেন বৰগোহাঞিৰ ভাষাত “যিবোৰ দেশত শিক্ষিতৰ সংখ্যা আৰু কিতাপৰ প্ৰচলন আটাইতকৈ বেছি সেইবোৰ দেশেই আজি পৃথিৱীৰ ভিতৰত উন্নত দেশ হিচাপে পৰিগণিত হৈছে। অসমৰ মানুহেও যদি আধুনিক জগতৰ উন্নতিৰ প্ৰতিযোগিতাত সমানে ভাগ ল’ব খোজে তেন্তে তেওঁলোকে কিতাপক ভাল পাবলৈ শিকিব লাগিব আৰু নিয়মিতভাবে কিতাপ পঢ়াৰ অভ্যাস কৰিব লাগিব।”
গ্ৰন্থ তথা কিতাপ সম্পৰ্কে ইতিমধ্যে বিভিন্ন মত, বিভিন্ন দৃষ্টিভংগীৰে বিভিন্নজন লেখক-সমালোচক আৰু পণ্ডিতে আলোচনাৰ মাধ্যমেৰে মতামত প্ৰকাশ কৰিছে, যিবোৰ মত প্ৰকাশ কালজয়ী, যুগজয়ী তথা সময় সন্ধিৰ প্ৰক্ষালন হিচাপে ঠাৱৰ কৰাৰো যুক্তি আছে।
আমি কিতাপহীন পৃথিৱী এখনৰ কথা কেতিয়াও কল্পনাই কৰিব নোৱাৰোঁ।
কিতাপেই হৈছে সমগ্র বিশ্ববাসীৰ সঞ্চিত সম্পদ, প্ৰতিযুগৰ প্ৰতিচ্ছবি আৰু বিশ্লেষণ। ই লাগিলে পাঠ্যপুথিয়ে হওক বা অন্য কিবা গ্ৰন্থই হওক।
এই কিতাপ বা গ্ৰন্থ সৃষ্টিৰ আদিম পুৱাৰ পৰা আজিকোপতি গ্ৰন্থৰ যি জয়যাত্ৰা অক্ষুণ্ণ আছে সেই যাত্ৰাৰ বুকুতেই প্ৰতিটো সভ্যতাৰে নিজৰ সেউজীয়া ইতিহাসসমূহো লিপিবদ্ধ কৰি ৰাখিছে।
যদি ইতিহাসত কিবা নতুন পৰিৱৰ্তনকামী বিপ্লৱ হৈছে তেন্তে সেয়াও মনিষীসকলে লিপিবদ্ধ কৰি যোৱা যুগজয়ী কেতবোৰ ঐতিহাসিক গ্ৰন্থৰ প্ৰভাৱৰ বলতেই সম্ভৱপৰ হৈছে।
কিতাপৰ ভৱিষ্যতক লৈ কোনে কি কয় নাজানোঁ। ব্যক্তিগত অনুভৱে কওঁ, অনাগত আৰু এশ বছৰমানৰ পিছত কাগজত কিতাপ চপোৱাৰ অভ্যাসতো প্ৰায় নিশেষ হৈ যাব; হয়তো এশ বছৰ নালাগিবই। সকলোৱে কিতাপৰ ই-যাত্ৰাৰ সংগী হ’ব। সুবিধা বহুত হ’ব কিন্তু অসুবিধা তথা সমস্যাও নোহোৱা নহয়।
ইতিমধ্যে আমাৰ বহুতৰে মাজত ছপা কিতাপ পঢ়াৰ অভ্যাসতো নাইকিয়া হৈছেই। যাৰ ঠাই অধিকাৰ কৰিছে পি.দি.এফ. ফাইল, গুগল প্লে ষ্ট’ৰৰ বিভিন্ন এপসমূহ আৰু বিভিন্ন ৱেবচাইটসমূহত উপলব্ধ কিতাপসমূহে।
যদি এটা মোবাইল বা লেপটপতে হাজাৰখন কিতাপ সমুৱাই থব পাৰি, ইচ্ছানুসৰি এইসমূহ পঢ়িব পাৰি, অনায়াসে এঠাইৰ পৰা অন্যঠাইলৈ লৈ যাব পাৰি; তেন্তে ইয়াক সকলোৱে ব্যৱহাৰ কৰিবই দিয়কচোন।
কিতাপৰ এই ই-যাত্ৰাক আমি সন্মান কৰিছোঁ। কিন্তু ইয়াৰ অনুৰূপধৰণে ইয়াৰ কুপ্ৰভাৱেও বহুতকে ক্ষতিগ্ৰস্ত কৰি গৈছে; যাক আমি সহজভাৱে মানি ল’ব পৰা নাই।
সাম্প্ৰতিক সময়ত বহু কাকত, আলোচনী, লেখক, প্ৰকাশক আদিয়ে এই নতুন ব্যৱস্থাসমূহৰ বলি হৈছে। এইক্ষেত্ৰত তেখেতসকলেও নিজৰ কৰ্মক্ষেত্ৰখনক অত্যাধুনিক কৰাৰ সময় আহি পৰিছে। বস্তুবোৰ একেই থাকক মাত্ৰ পৰিৱেশনৰ পদ্ধতিসমূহ নতুন হওক।
যিহেতু, বৰ্তমান সময়ত কিতাপৰ এই ই-যাত্ৰাই আমাৰ কেৱল সময়, অৰ্থ আৰু পৰিশ্ৰমকেই ৰাহি কৰা নাই বহু পাঠককো সৃষ্টি কৰাত বিশেষভাৱে অৰিহণা যোগাইছে। এটা সময়ত কেৱল মাত্ৰ এটা নতুন ব্যৱস্থা তথা সপোন হিচাপে ভুমুকি মৰা কিতাপৰ এই নতুন যাত্ৰাই ক্ৰমশঃ আজি সমগ্ৰ বিশ্ববাসীলৈ বহুতো নতুন প্ৰতিশ্ৰুতি আৰু প্ৰত্যাশা কঢ়িয়াই আনিছে।
যুগৰ লগত খোজ মিলাই, পৰিৱৰ্তনৰ সৈতে ৰজিতা খুৱাই এই নতুন ব্যৱস্থাক যদি আমি আদৰিবলৈ আৰু সুপ্ৰয়োগৰ চেষ্টা কৰোঁ তেন্তে ব্যক্তিগত অনুভৱে আমি ক’ব খুজিছোঁ, আগন্তুক সময়ত আমি পৰিৱৰ্তনশীল সময় আৰু এই নতুন ব্যৱস্থাসমূহৰ সৈতে প্ৰগতি আৰু শৃংখলাক সুস্থিৰ ৰূপত বৰ্তাই ৰাখিব পাৰিম।
অৱশ্যে এয়া আমাৰ একান্তই ব্যক্তিগত অভিমতহে; এইক্ষেত্ৰত বিজ্ঞজনৰ মনৰ ভাবসমূহ জানিবলৈ পালে নথৈ সুখী হম।
গ্ৰন্থ হ’ল আমাৰ ভৱিষ্যত জীৱনৰ মূল চাবিকাঠি।
কাৰণ এই গ্ৰন্থ অধ্যয়নৰ দ্বাৰাই আমি জীৱনত প্ৰকৃত জ্ঞান অৰ্জন কৰিব পাৰোঁ, আৰু সেই জ্ঞানেই আমাক ভৱিষ্যতত সফল নাগৰিক নতুবা বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি যাবলৈ সাহস আৰু প্ৰেৰণা যোগায়৷ বৰ্তমান ম’বাইল আৰু কম্পিউটাৰৰ যুগত যুৱ প্ৰজন্মৰ মাজত গ্ৰন্থ অধ্যয়নৰ জনপ্ৰিয়তা হ্ৰাস পোৱাত এক প্ৰকাৰ সচেতন মহল চিন্তিত হৈ পৰিছে যদিও ৰাজ্যত গ্ৰন্থৰ পঢ়ুৱৈৰ সংখ্যা একেবাৰেই প্ৰকৃত অৰ্থত কমা নাই।
যিটো কথা ৰাজ্যৰ বিভিন্ন প্ৰান্তত সততে অনুষ্ঠিত হৈ অহা গ্ৰন্থমেলা থকা গ্ৰন্থ উৎসৱসমূহে সদায় কৈ আহিছে।
(লেখক: ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ গৱেষক লগতে ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ শিক্ষক। ফোন: +৯১৯৯৫৪০০০২০০)
23-04-2023
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)