গ্ৰন্থ পঢ়াৰ যুগ এদিন সচাকৈয়ে বিলুপ্ত হৈ পৰিব নেকি?
অঞ্জন শৰ্মা
১৯৭৮ চনত সাপ্তাহিক নীলাচল কাকতত লেখিবলৈ আৰম্ভ কৰাৰ পিছত সেইসময়ৰ অসমৰ তথা উত্তৰ-পূৰ্বাঞ্চলৰ সবাতোকৈ বৃহৎ মুদ্ৰণ প্ৰতিষ্ঠান শ্ৰীগুৰু প্ৰেছত দেখা পাইছিলো অসমৰ প্ৰখ্যাত সাহিত্যিক সকলৰ লগতে নতুনকৈ সাহিত্যৰ জগতত খোজ পেলোৱা লেখকসকলৰ গ্ৰন্থ কি প্ৰযুক্তিৰে অফছেট ছপা হৈছিল আৰু কিদৰে বন্ধোৱা হৈছিল। সেইসময়ত লেখকসকলৰ গ্ৰন্থ ছপা কৰা হৈছিল গড়ে ৩০০০ /৪০০০ /৫০০০ খনলৈ, আৰু সেইদৰে শীঘ্ৰেই বিক্ৰীও হৈছিল। ড° মহেন্দ্ৰ বৰা, ড° প্ৰণৱজ্যোতি ডেকা, ড° লীলা গগৈ, ড° নিৰ্মলপ্ৰভা বৰদলৈ, কবি নৱকান্ত বৰুৱা, হিতেশ ডেকা, .. সেইসময়ত শ্ৰীগুৰু প্ৰেছত আৰু সাপ্তাহিক নীলাচল কাকতৰ কাৰ্যালয়ত লগ পোৱা অলেখ নাম এতিয়াও আমাৰ মনলৈ আহে। আমি ছাত্ৰাৱস্থাত তেওঁলোকৰ সান্নিধ্যৰে ধন্য হৈছিলো। সেয়া আছিল গ্ৰন্থ সংস্কৃতিৰ এক মনে নেপাহৰা সোণালী সময়..!
মুদ্ৰণৰ জগতখনৰ সৈতে আমাৰ সম্পৰ্ক পিছলৈও অটুট থাকিল আৰু আমি সঞ্চয় কৰিলো বিভিন্ন অভিজ্ঞতা। সাম্প্ৰতিক সময়ৰ অসমৰ অগ্ৰণী মুদ্ৰণ প্ৰতিষ্ঠান ভৱানী অফছেট এন্ড ইমেইজিং চিষ্টেমচ্ প্ৰাইভেট লিমিটেডৰ সৈতেও আমাৰ সম্পৰ্ক দুটা দশকৰো অধিক হ’ল আৰু সেইবাবেই সাম্প্ৰতিক সময়তো বিভিন্ন প্ৰখ্যাত সাহিত্যিক আৰু নতুনকৈ সাহিত্যৰ জগতত খোজ পেলোৱা লেখকসকলৰ সৈতে আমাৰ সান্নিধ্য অটুট থাকিল আৰু আমি গ্ৰন্থৰ জগতখনৰ সৈতে প্ৰত্যক্ষ তথা পৰোক্ষভাৱে জড়িত হৈ থাকিলো। এয়াও এক ঐতিহাসিক সময়!
ওপৰৰ কথাখিনি অৱতাৰণা এইবাবেই কৰিলো – যিহেতু আমি দেখিবলৈ পাইছো যে আগতে প্ৰখ্যাত সাহিত্যিক বা নৱীন লেখকসকলৰ গ্ৰন্থ যি পৰিমাণ বা যিমানখন ছপা কৰা হৈছিল, বিগত কিছু বছৰৰ পৰা সেই সংখ্যা একেবাৰে হ্ৰাস পাই আহিছে। যিজন লেখকৰ গ্ৰন্থ ১৯৭৮-৭৯ চনত হয়তো ছপা হৈছিল ৪০০০, এতিয়া ছপা হয় ৩০০ বা ৪০০ বা ৫০০ খন! তাকো পঢ়ুৱৈৰ অভাৱ ( দুই এখন ব্যতিক্ৰমী গ্ৰন্থৰ কথা সুকীয়া)।
কাগজৰ চৰম সংকট, পৰ্দাৰ আগ্ৰাসন আৰু বৌদ্ধিক স্থবিৰতা: গ্ৰন্থ সংস্কৃতি বিলুপ্তিৰ দিশে নেকি আমাৰ ভৱিষ্যৎ?
CLICK THE ABOVE LINK
৮ অক্টোবৰ, ২০২৬ তাৰিখে, এগৰাকী প্ৰখ্যাত সাহিত্যসেৱীয়ে মোৰ লেখা এটা ( কাগজৰ চৰম সংকট, পৰ্দাৰ আগ্ৰাসন আৰু বৌদ্ধিক স্থৱিৰতা: গ্ৰন্থ সংস্কৃতি বিলুপ্তিৰ দিশে নেকি আমাৰ ভৱিষ্যত ) পঢ়ি মোলৈ এটা মেছেজ প্ৰেৰণ কৰিছে এনেদৰে:
‘কিছুদিন পূৰ্বে এন্থ্ৰ’পিকে (Anthropic) বৃহৎ পৰিমাণৰ কিতাপ (উপন্যাস, কবিতা, নাটক) ক্ৰয় কৰি সেইবোৰ মণ্ড কৰি পেলোৱাৰ (pulping) খবৰ ওলাইছিল। সম্ভৱতঃ কিতাপবোৰ মণ্ড কৰাৰ আগতে ক্লাউডৰ (Claude) ভিতৰত ভৰোৱা হৈছিল (ইনপুট দিয়া হৈছিল)। সম্ভৱ যে এআই (AI) কোম্পানীবোৰে সাহিত্যকে ধৰি জ্ঞানৰ সকলো ক্ষেত্ৰতে একচ্ছত্ৰী আধিপত্য (monopoly) প্ৰতিষ্ঠা কৰাৰ কথা চিন্তা কৰিছে….. কিতাপহীন ভৱিষ্যত এটা অসম্ভৱ নহয়, আৰু একমাত্ৰ সান্ত্বনা এয়াই যে সেই সময়লৈকে মই সম্ভৱতঃ এই কিতাপহীন পৃথিৱীখন দেখিবলৈ জীয়াই নাথাকিম। ….অসমীয়াৰ book culture (গ্ৰন্থ সংস্কৃতি), এটা উদাহৰণ (উৎস: মিত্ৰদেৱ মহন্ত): নামঘৰত কীৰ্তন পঢ়িবলৈ লৈ ভকতে কৈছে: “যাচোন, কীৰ্তন এখন আন….. অমুকৰ ঘৰৰ খন নানিবি আকৌ। সেইখন বৰ লেলেতীয়া।”
সচাকৈয়ে চিন্তনীয় – এখন গ্ৰন্থহীন পৃথিৱী!
গ্ৰন্থ পঢ়াৰ যুগ সচাকৈয়ে বিলুপ্ত হৈ পৰিব নেকি? এয়া কিতাপৰ পৰা মোবাইলৰ পৰ্দালৈ, গভীৰ চিন্তাৰ পৰা ক্ষণস্থায়ী মনোযোগলৈ: অসম, ভাৰত আৰু সমগ্ৰ পৃথিৱীত পঢ়াৰ অভ্যাসৰ পৰিৱৰ্তনে মানুহৰ চিন্তাশক্তি, ভাষা, শিক্ষা, ৰাজনীতি আৰু গণতন্ত্ৰৰ ভৱিষ্যতক লৈ উত্থাপিত এক গভীৰ প্ৰশ্ন !
অসমৰ কোনো এটা পুৰণি পুথিভৰালৰ কথা ভাবক। কাঠৰ আলমাৰিত সযতনে থোৱা পুৰণি গ্ৰন্থ, ধূলিৰ পাতল পৰ্দাৰে আবৃত মলাট, হালধীয়া হৈ অহা কাগজ, কেতিয়াবা পাঠকৰ হাতে হাতে ঘূৰি যোৱা এখন কিতাপৰ পাতত ৰৈ যোৱা আঙুলিৰ চিন! সেই কিতাপবোৰ কেৱল কাগজৰ ওপৰত ছপা কৰা শব্দ নাছিল। সেইবোৰ আছিল এখন সমাজৰ স্মৃতি, এটা সময়ৰ চিন্তা, এটা ভাষাৰ বিকাশ আৰু এক প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ জ্ঞান হস্তান্তৰৰ মাধ্যম। কিতাপৰ সৈতে মানুহৰ সম্পৰ্ক আছিল কেৱল পঢ়াৰ সম্পৰ্কই নহয়, ই আছিল সভ্যতাৰ সৈতে এক গভীৰ সংলাপ।
কিতাপ, ছপাশাল, বাতৰিকাকত, কাগজ কলঃ ভয়ংকৰ সংকট সমগ্ৰ বিশ্বত
CLICK THE ABOVE LINK
এই কথাটো বুজিবলৈ অসমৰ পৰা বহুদূৰলৈ, প্ৰাচীন আলেক্সান্দ্ৰিয়ালৈ যাব লাগিব। খ্ৰীষ্টপূৰ্ব তৃতীয় শতিকাত মিচৰৰ আলেক্সান্দ্ৰিয়া কেৱল এখন মহানগৰ নাছিল। ই আছিল জ্ঞান সংগ্ৰহ আৰু জ্ঞানৰ আদান-প্ৰদানৰ এক অসাধাৰণ কেন্দ্ৰ। ‘প্ৰথম টলেমি’ৰ সময়ত, প্ৰায় ২৩০০ বছৰ পূৰ্বে প্ৰতিষ্ঠিত Mouseion আৰু তাৰ সৈতে জড়িত পুথিভৰালৰ উদ্দেশ্য আছিল পৃথিৱীৰ বিভিন্ন অঞ্চলৰ জ্ঞান একত্ৰিত কৰা।
আমি ইতিমধ্যে আন এক লেখাত ( কাগজৰ চৰম সংকট, পৰ্দাৰ আগ্ৰাসন আৰু বৌদ্ধিক স্থৱিৰতা: গ্ৰন্থ সংস্কৃতি বিলুপ্তিৰ দিশে নেকি আমাৰ ভৱিষ্যত ) উল্লেখ কৰিছো যে গ্ৰীক সাহিত্য, বিজ্ঞান, চিকিৎসা, গণিত, দৰ্শন, জ্যোতিৰ্বিজ্ঞান আৰু ভৌগোলিক জ্ঞান একে ঠাইত সমবেত হৈছিল। এৰাট’স্থেনিছে পৃথিৱীৰ পৰিধি জোখাৰ চেষ্টা কৰিছিল। জেন’ড’টাছে হোমাৰৰ গ্ৰন্থ সম্পাদনা কৰিছিল। ইউক্লিডৰ দৰে গণিতজ্ঞৰ নামো আলেক্সান্দ্ৰিয়াৰ জ্ঞানৰ পৰিৱেশৰ সৈতে জড়িত।
কিন্তু আলেক্সান্দ্ৰিয়াৰ কাহিনীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ শিক্ষা কেৱল পুথিভৰালটো কেনেকৈ ধ্বংস হৈছিল সেইটো নহয়। ইতিহাসবিদসকলৰ মাজত এতিয়াও এই লৈ বিতৰ্ক চলি আছে যে পুথিভৰালটো একেটা ঘটনাত সম্পূৰ্ণৰূপে ধ্বংস হৈছিল নে বহু দশক আৰু শতাব্দী ধৰি অৱহেলা, ৰাজনৈতিক অস্থিৰতা, প্ৰতিষ্ঠানগত দুৰ্বলতা আৰু জ্ঞানৰ পৃষ্ঠপোষকতাৰ অৱসানে ইয়াৰ অৱক্ষয় ঘটাইছিল। আধুনিক ইতিহাসবিদ ৰজাৰ বাগনালৰ দৰে গৱেষকে সোঁৱৰাই দিছে যে পুথিভৰালৰ পতনৰ কাৰণ আছিল সমাজখনে বৌদ্ধিক আৰু ৰাজনৈতিক অৱক্ষয়ৰ প্ৰতিফলন হিচাপে জ্ঞানৰ প্ৰতিষ্ঠানসমূহক কৰা অৱহেলা।

‘দ্যা আটলান্টিক’ত এক প্ৰৱন্ধত প্ৰাপ্ত হৈছে – এই বিশাল সংগ্ৰহৰ তত্বাৱধান কৰাটো আছিল অতি খৰচী কাম। সেমেকা বতাহ, নিগনি আৰু পোক-পৰুৱাই লাহে লাহে পুৰণি পেপিৰাছৰ পুথিবোৰ নষ্ট কৰি পেলাইছিল। পুথিবোৰ সম্পূৰ্ণভাৱে ধ্বংস হৈ অপাঠ্য হৈ পৰাৰ আগতেই লিপিকাৰসকলে সেইবোৰ পুনৰ নকল কৰি লিখি ৰাখিব লাগিছিল। শেষলৈ পুথিভৰালটো জীয়াই ৰখাৰ ইচ্ছাতকৈ ইয়াৰ ৰক্ষণাবেক্ষণৰ সমস্যাবোৰহে অধিক গধুৰ হৈ পৰিছিল।
ধ্ৰুপদী ইতিহাসৰ পণ্ডিত ৰজাৰ বেগনালে লিখিছে, “কোনো এটা পুথিভঁৰাল হেৰাই যোৱাৰ বাবেই যে সমাজ এখনত অন্ধকাৰ যুগৰ সূচনা হৈছিল বা ই বাচি থকা হ’লে যে সেই যুগটো উন্নত হৈ থাকিলহেঁতেন, কথাটো তেনে নহয়। বৰঞ্চ পুথিভঁৰালটোক ধ্বংস হ’বলৈ এৰি দিয়াৰ ঘটনাই প্ৰমাণ কৰে যে সমাজখনত ইতিমধ্যে অন্ধকাৰ যুগ নামি আহিছিল।”
কাগজৰ ক্ষেত্ৰখনত ভয়ংকৰ পৰিস্থিতিঃ গ্ৰন্থ, ছপাশাল, বাতৰিকাকতৰ ভৱিষ্যত কি?
CLICK THE ABOVE LINK
প্ৰায় ২৩০০ বছৰৰ পাছত, সম্পূৰ্ণ সুকীয়া পৰিস্থিতিত, সেই অন্ধকাৰে পুনৰ আমাক আৱৰি ধৰিবলৈ লৈছে। এদিন শিক্ষিত সমাজ হিচাপে গৌৰৱ কৰা আমেৰিকানসকলেও এতিয়া পূৰ্বতকৈ বহুগুণে কম পঢ়িবলৈ লৈছে। দেশখনৰ পঢ়াৰ অভ্যাসৰ ওপৰত নিৰ্ভৰযোগ্য জৰীপ চলোৱা সংস্থা ‘নেচনেল এনডাউমেণ্ট ফৰ দ্য আৰ্টছ’ৰ মতে, ২০২২ চনত আধাতকৈও কম প্ৰাপ্তবয়স্ক লোকে কোনো এখন হ’লেও কিতাপ পঢ়াৰ কথা স্বীকাৰ কৰিছে। মাত্ৰ ৩৮ শতাংশইহে কোনো উপন্যাস বা চুটিগল্প পঢ়িছিল। একেদৰে আমেৰিকাৰ দৈনন্দিন সময় ব্যৱহাৰৰ সমীক্ষাত প্ৰায় ২,৩৬,০০০ লোকৰ পৰা পোৱা তথ্য বিশ্লেষণ কৰি দেখা গৈছে যে, আনন্দৰ বাবে কিতাপ পঢ়া আমেৰিকান লোকৰ সংখ্যা ২০০৪ চনৰ ২৮ শতাংশৰ পৰা হ্ৰাস পাই ২০২৩ চনত মাত্ৰ ১৬ শতাংশ হৈছেগৈ। (দ্যা আটলান্টিক )
কিতাপ পঢ়াৰ এই অনীহা যিকোনো বয়স, লিংগ বা শিক্ষাগত অৰ্হতাৰ ঊৰ্ধ্বত সকলোৰে মাজতে দেখা গৈছে। আনকি পৰম্পৰাগতভাৱে আটাইতকৈ বেছি কিতাপ পঢ়া শ্ৰেণীটো, যেনে অৱসৰপ্ৰাপ্ত ব্যক্তি, মহিলা আৰু বিশ্ববিদ্যালয়ৰ ডিগ্ৰীধাৰীসকলৰ মাজতো এই অভ্যাস দ্ৰুতগতিত হ্ৰাস পাইছে।
যিসকলে কিতাপ পঢ়িছে, তেওঁলোকেও আগৰ তুলনাত বহুত সহজ-সৰল ভাষাৰ কিতাপ হে বাছি লৈছে। আজিৰ ‘নিউয়ৰ্ক টাইমছ’ৰ সৰ্বাধিক বিক্ৰী হোৱা কিতাপবোৰৰ বাক্যৰ দৈৰ্ঘ্য এশ বছৰ আগৰ তুলনাত প্ৰায় এক-তৃতীয়াংশ কম। দীঘল বাক্য মানেই যে সাহিত্যৰ মান উন্নত তেনে নহয়, কিন্তু এসময়ত তেনে বাক্যৰ বহুল ব্যৱহাৰে প্ৰমাণ কৰিছিল যে গুৰুগম্ভীৰ সাহিত্য পঢ়াৰ মানসিকতা আৰু ক্ষমতা সেই সময়ৰ আমেৰিকানসকলৰ আছিল।
‘পাব্লিচাৰ্ছ উইকলি’ৰ তথ্য অনুসৰি, ১৯৫৮ চনত বৰিছ পাষ্টাৰনাকৰ ‘ডক্টৰ জিভাগো’ নামৰ ইংৰাজী অনুবাদ উপন্যাসখনে বছৰটোৰ সৰ্বাধিক বিক্ৰীৰ অভিলেখ গঢ়িছিল। পাষ্টাৰনাকে দীঘল আৰু জটিল বাক্যৰে লিখিছিল: “পাহাৰৰ সেই কুঁৱলীভৰা সেমেকা পুৱাটোত জিভাগোৰ মনত জাৰৰ প্ৰতি এক দু:খবোধ উপজিছিল। তেওঁৰ ভাব হৈছিল, এনে দ্বিধাগ্ৰস্ত সংবেদনশীলতা আৰু লাজকুৰীয়া স্বভাৱেই জানো এজন নিষ্ঠুৰ শাসকৰ মূল লক্ষণ হ’ব পাৰে, যাৰ হাতত আনক কাৰাগাৰত নিক্ষেপ কৰাৰ, ফাঁচী দিয়াৰ বা ক্ষমা কৰাৰ অসীম ক্ষমতা থাকে?”
ইয়াৰ বিপৰীতে যোৱা বছৰ সৰ্বাধিক বিক্ৰী হোৱা উপন্যাসখন আছিল কিশোৰ কিশোৰীসকলৰ বাবে লিখা ‘হাংগাৰ গেমছ’ শৃংখলাৰ নতুন সংযোজন ‘চানৰাইজ অন দ্য ৰিপিং’। নিউয়ৰ্ক পাব্লিক লাইব্ৰেৰীৰ মুখ্য গ্ৰন্থাগাৰিক ব্ৰায়ান বেননে দ্যা আটলান্টিকৰ লেখকক জনাইছে যে কিশোৰ-কিশোৰীৰ এই কাল্পনিক কাহিনীসমূহ এতিয়া পুথিভঁৰালটোৰ অন্যতম জনপ্ৰিয় পঠন সামগ্ৰী, যিবোৰ প্ৰাপ্তবয়স্ক লোকসকলেও সমানেই পঢ়িছে। (শীৰ্ষ ১০খন কিতাপৰ তালিকাত আনকি শিশুৰ বাবে লিখা ছবি সম্বলিত কিতাপো অন্তৰ্ভুক্ত হৈছে।) আনহাতে প্ৰাপ্তবয়স্কসকলৰ বাবে সৰ্বাধিক বিক্ৰী হোৱা উপন্যাসখন আছিল ৰোমাঞ্চ আৰু অলৌকিক কল্পনাভিত্তিক কাহিনী ‘অনিক্স ষ্টৰ্ম’। কিতাপখনে যিয়েই আনন্দ নিদিয়ক কিয়, ই পাষ্টাৰনাকৰ দৰে সাহিত্যিক ওজন থকা ৰচনা নহয়।
মগজু, ইলন মাস্ক, নিউৰালিংকঃ সাৱধান!!
CLICK THE ABOVE LINK
এই পাৰ্থক্যটো আজিৰ সময়ৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। কাৰণ আমাৰ সময়ৰ সংকট হয়তো কিতাপ ধ্বংস হোৱাৰ সংকট নহয়। আমাৰ সংকট হ’ব পাৰে কিতাপৰ প্ৰয়োজনীয়তা হেৰুৱাই পেলোৱাৰ সংকট।
পৃথিৱীৰ ইতিহাসত প্ৰথমবাৰৰ বাবে মানুহৰ হাতত জ্ঞানৰ বা তথ্যৰ পৰিমাণ অলেখ হৈ পৰিছে । ইণ্টাৰনেট, ডিজিটেল আৰ্কাইভ, ই-বুক, অনলাইন লাইব্ৰেৰী আৰু কৃত্ৰিম বুদ্ধিমত্তাই মানুহৰ জ্ঞানৰ ভৰালক অভূতপূৰ্বভাৱে সহজলভ্য কৰি তুলিছে। কিন্তু একে সময়তে এটা অদ্ভুত বৈপৰীত্যও দেখা গৈছে। জ্ঞান অধিক সহজলভ্য হৈছে, অথচ দীঘলীয়া সময় ধৰি সেইবোৰ পঢ়ি, বুজি, তুলনা কৰাৰ আৰু চিন্তা কৰাৰ অভ্যাস কমি আহিছে।
আমেৰিকাৰ দৰে উচ্চ-আয়ৰ দেশতো এই পৰিৱৰ্তন স্পষ্ট হৈ পৰিছে। National Endowment for the Artsৰ পাঠাভ্যাস সম্পৰ্কীয় তথ্যত প্ৰাপ্তবয়স্কসকলৰ মাজত সাহিত্য পঢ়াৰ হ্ৰাসৰ প্ৰৱণতা ধৰা পৰিছে। বিভিন্ন Time Use Survey বিশ্লেষণতো দেখা গৈছে যে অৱসৰৰ সময়ত পঢ়াৰ ক্ষেত্ৰত মানুহে পূৰ্বতকৈ কম সময় ব্যয় কৰিছে। কিতাপৰ বিপৰীতে ভিডিঅ’, সামাজিক মাধ্যম, চমু ডিজিটেল বিষয়বস্তু আৰু অন্তহীন notification-এ মানুহৰ মনোযোগৰ ওপৰত এক নতুন প্ৰতিযোগিতা সৃষ্টি কৰিছে।
তথাপিও আশ্চৰ্যকৰভাৱে আমেৰিকানসকলে হয়তো আগৰ তুলনাত আজি বেছি শব্দ পঢ়িবলৈ লৈছে। মূল পৰিৱৰ্তনটো হৈছে তেওঁলোকে কি পঢ়ে আৰু কেনেদৰে পঢ়ে সেই কথাতহে। মানুহ এতিয়া ইমেইল, মেছেজ, এক্সৰ পোষ্ট, ৰেডিটৰ আলোচনা আৰু ইনষ্টাগ্ৰামৰ চুটি মন্তব্যৰে অহৰহ ভাৰাক্ৰান্ত হৈ থাকে। এনে খণ্ড খণ্ড লেখাৰ অতৰ্কিতে অহা ঢৌৰ ফলত গভীৰ আৰু জটিল তথ্যসমৃদ্ধ দীঘলীয়া ৰচনাসমূহ মনোযোগেৰে পঢ়াৰ অভ্যাস হেৰাই গৈছে।
তথ্য নিৰুদ্দেশ হোৱা এটা যুগৰ বাসিন্দা আমি
এগৰাকী স্নায়ু-মনোবিজ্ঞানী মেৰিয়ান উলফে যুক্তি আগবঢ়াইছে যে মানুহে কোনো লেখাৰ বিষয়ে গভীৰভাৱে চিন্তা কৰাৰ ক্ষমতা হেৰুৱাই পেলাইছে। ইয়াৰ অৰ্থ এয়া নহয় যে তেওঁলোকে এটা এটাকৈ শব্দ পঢ়িবলৈ পাহৰি গৈছে। বৰঞ্চ বিষয় এটা বহল পৰিসৰত বুজি পোৱা আৰু তাত থকা ভিন্ন ধাৰণাসমূহ একেলগ কৰি ভাব এটা গঢ়ি তোলাৰ দৰে উচ্চ স্তৰৰ বৌদ্ধিক দক্ষতাহে তেওঁলোকে হেৰুৱাই পেলাইছে। আন কথাত ক’বলৈ গ’লে, আমেৰিকা নিৰক্ষৰ হোৱা নাই, বৰঞ্চ ‘পাঠহীনতা’ৰ বলি হৈ পৰিছে।
আজি দেখা দিয়া সমস্যাটো কেৱল মানুহে কিমানখন কিতাপ পঢ়ে সেইটো নহয়। সমস্যাটো হৈছে মানুহে কেনেদৰে পঢ়ে। এখন দীঘলীয়া গ্ৰন্থ পঢ়িবলৈ মানুহে কেৱল চকু ব্যৱহাৰ নকৰে। তেওঁ মনোযোগ ধৰি ৰাখে, আগৰ কথাৰ সৈতে পিছৰ কথাক সংযোগ কৰে, কোনো যুক্তিৰ ভিতৰৰ সূক্ষ্মতা বিচাৰে, লেখকৰ উদ্দেশ্য বুজিবলৈ চেষ্টা কৰে আৰু নিজৰ অভিজ্ঞতাৰ সৈতে সেই চিন্তাক তুলনা কৰে। এই প্ৰক্ৰিয়াটোৱেই হৈছে গভীৰভাৱে পঢ়া।
মোবাইল, টেবলেট, কম্পিউটাৰ, দূৰদৰ্শনৰ পৰ্দাৰ সংস্কৃতিয়ে এই অভ্যাসৰ ওপৰত আন এটা ধৰণৰ চাপ সৃষ্টি কৰিছে। মোবাইল ফোনে মানুহক তথ্যৰ পৰা বঞ্চিত কৰা নাই। বৰং অত্যধিক তথ্যৰ মাজত মানুহক বাস কৰিবলৈ বাধ্য কৰিছে। কিন্তু তথ্যৰ প্ৰাচুৰ্য আৰু জ্ঞানৰ গভীৰতা একে বস্তু নহয়। এক মিনিটত দহটা শিৰোনাম পঢ়া আৰু এখন ৩০০ পৃষ্ঠাৰ গ্ৰন্থৰ যুক্তি অনুসৰণ কৰা একে মানসিক প্ৰক্ৰিয়া নহয়।
অসমৰ ক্ষেত্ৰত এই প্ৰশ্নটো আৰু অধিক গুৰুত্বপূৰ্ণ। অসমীয়া ভাষাৰ আধুনিক সাহিত্যিক পৰম্পৰা নিজেই মুদ্ৰণ আৰু পঢ়াৰ সংস্কৃতিৰ সৈতে গভীৰভাৱে জড়িত। ‘অৰুণোদই’ৰ পৰা ‘জোনাকী’লৈ, সংবাদপত্ৰৰ পৰা আলোচনীলৈ, সাহিত্য সভাৰ পৰা গ্ৰন্থমেলালৈ, অসমীয়া সমাজত মুদ্ৰিত শব্দই এক সামাজিক আৰু সাংস্কৃতিক শক্তি হিচাপে কাম কৰিছে। ভাষাটোৰ আধুনিক ৰূপ, সাহিত্যিক বিতৰ্ক, সামাজিক সংস্কাৰ, জাতীয় চেতনা আৰু ৰাজনৈতিক সচেতনতা গঢ়ি তোলাত ছপা শব্দৰ ভূমিকা অস্বীকাৰ কৰিব নোৱাৰি।
স্মাৰ্টফোন, সামাজিক মাধ্যম আৰু শৈশৱৰ ‘ছন্দপতন ৰিষ্ট’?
CLICK THE ABOVE LINK
১৯৮৭ চনত অসমৰ পাঠশালা নগৰত অসম সাহিত্য সভাৰ অধিৱেশন অনুষ্ঠিত হৈছিল এক উলহ-মালহ পৰিস্থিতিত, ড° মহেন্দ্ৰ বৰাদেৱে সেই অধিৱেশনত সভাপতিত্ব কৰিছিল। পুনৰ ২০২৫ চনত পাঠশালাত অনুষ্ঠিত হৈছিল অসম সাহিত্য সভাৰ অধিৱেশন আৰু বসন্ত গোস্বামীদেৱে সভাপতিত্ব কৰিছিল। দুবাৰকৈ অসম সাহিত্য সভাৰ অধিৱেশন অনুষ্ঠিত হোৱা পাঠশালাত গ্ৰন্থ বিক্ৰী কেনেধৰণৰ গ্ৰন্থ বিপনীসমূহত অনুসন্ধান কৰিলেই উমান পোৱা যাব। কেৱল পাঠশালা বুলিয়েই নহয়, ভৱানীপুৰ, হাউলী, বৰপেটা, বঙাইগাঁও আদিতো মোটামুটি একেই পৰিস্থিতি।

আগন্তুক অধিৱেশন অনুষ্ঠিত হ’ব দুলীয়াজানত, গতিকে আমি আশা কৰিছো – অসম সাহিত্য সভাই তথা আদৰণী সমিতিয়ে সামান্য উলহ-মালহ হ্ৰাস কৰি যদি কিতাপ পঢ়াৰ ওপৰত ভিত্তি কৰি অসম ভিত্তিত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰে বা লিখিত পৰীক্ষা অনুষ্ঠিত কৰে আৰু লাখটকীয়া পুৰষ্কাৰ প্ৰদান কৰে; অসমৰ বিভিন্ন ঠাইত অনুষ্ঠিত হ’বলগীয়া ৰাস উদযাপন সমিতি সমূহেও যদি কিতাপ পঢ়াৰ ওপৰত ভিত্তি কৰি একোখন গাড়ী উপহাৰ হিচাপে প্ৰদান কৰে; দূৰ্গা পূজা সমিতি তথা বিহু উদযাপন সমিতি সমূহেও যদি তেনেদৰে আগবাঢ়ে; তথা অসম চৰকাৰে যদি স্কুটি/ মটৰ চাইকেল প্ৰদান কৰাৰ দৰে গ্ৰন্থ পঢ়াৰ পটভূমিত লাখটকীয়া পুৰষ্কাৰ প্ৰদান কৰে – এক নতুন বাতাৱৰণৰ সৃষ্টি হোৱাৰ হয়তো সম্ভাৱনা আছে।
কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন!
CLICK THE ABOVE LINK
কিছুদিন আগতে অসমৰ মুখ্যমন্ত্ৰীয়ে গুৱাহাটীৰ সকলো ৱাৰ্ডত একোটাকৈ পুথিভৰাল স্থাপন কৰা হ’ব বুলি ঘোষণা কৰিছে। সেই পুথিভৰাল কেৱল যাতে একোটাকৈ দালান আৰু গ্ৰন্থৰ দ্বাৰা সুসজ্জিত আলমাৰীৰে শোভাৱৰ্ধন নকৰি গ্ৰন্থ অধ্যয়নৰ প্ৰকৃত কেন্দ্ৰ হৈ পৰে আৰু সচাকৈয়ে অধ্যয়নৰ প্ৰতি ধাউতি বাঢ়ে – তাৰ বাবেও প্ৰতিযোগিতা অনুষ্ঠিত কৰি আকৰ্ষণীয় পুৰস্কাৰ প্ৰদান কৰিলে ভাল হ’ব বুলি আমি ভাবো ( ধৰক: ২৫ খন গ্ৰন্থ ছমাহত পঢ়াৰ পিছত সেই গ্ৰন্থসমূহক কেন্দ্ৰ কৰি লিখিত আৰু মৌখিক পৰীক্ষা)।
গ্ৰন্থ সংস্কৃতিৰ ভেটি যদি পাঠকৰ অভ্যাসৰ ওপৰত নিৰ্ভৰ কৰে, তেন্তে পাঠকৰ অভ্যাসৰ পৰিৱৰ্তনক কেৱল ‘নতুন প্ৰজন্মই কিতাপ নপঢ়ে’ বুলি কৈ শেষ কৰিব নোৱাৰি। প্ৰশ্নটো অধিক গভীৰ। আমি কেনেধৰণৰ শিক্ষা ব্যৱস্থা গঢ়িছো? শিশুক পঢ়াৰ আনন্দ শিকাইছো নে কেৱল পৰীক্ষাৰ উত্তৰ বিচাৰিবলৈ পঢ়াইছো? আমাৰ পুথিভৰালসমূহ কিমান জীৱন্ত? বিদ্যালয় আৰু মহাবিদ্যালয়ত কিতাপৰ সৈতে শিক্ষাৰ্থীৰ সম্পৰ্ক কিমান গভীৰ? আৰু সমাজ হিচাপে আমি জ্ঞানৰ মূল্যক কিমান গুৰুত্ব দিছো?
পঢ়াৰ ক্ষমতা মানুহৰ জন্মগত নহয়। শব্দৰ আখৰবোৰ একাদিক্ৰমে সজাই বাস্তৱ পৃথিৱীৰ সৈতে সেইবোৰৰ অৰ্থ সংযোগ কৰাৰ বাবে মানুহৰ মগজুত কোনো প্ৰাকৃতিক সঁজুলি তৈয়াৰ হৈ থকা নাছিল। পঢ়াৰ অভ্যাস গঢ়িবলৈ মানুহে মগজুৰ ভাষা আৰু বস্তু চিনি পোৱাৰ বাবে নিৰ্ধাৰিত অংশবোৰক নতুন কামত খটুৱাবলগীয়া হৈছিল। প্ৰায় ৬০০০ বছৰ পূৰ্বে মেচ’পটেমিয়াত পোনপ্ৰথমবাৰৰ বাবে এই ব্যৱস্থাৰ বিকাশ ঘটিছিল। তাৰ পিছৰ বহু হাজাৰ বছৰলৈকে সৰ্বমুঠ জনসংখ্যাৰ বেছিভাগ লোকেই নিৰক্ষৰ আছিল। ১৪৪০ চনত জোহানেছ গুটেনবাৰ্গে ছপাশাল আৱিষ্কাৰ কৰাৰ পিছতহে ব্যাপক সাক্ষৰতাই সামাজিক ৰূপ লাভ কৰে।
নাগৰিকৰ মগজু ‘হেক’ কৰা স্নায়ুৰাজনৈতিক বিশেষজ্ঞৰ এতিয়া জয়জয়াকাৰ!
CLICK THE ABOVE LINK
পুথিভৰাল মানে কোনো অট্টালিকা নহয়। পুথিভৰাল হৈছে সমাজৰ স্মৃতিৰ এক ৰাজহুৱা প্ৰতিষ্ঠান। এখন শক্তিশালী পুথিভৰাল ব্যৱস্থাই এনে এজন শিশুৰ জ্ঞানৰ দুৱাৰ মুকলি কৰিব পাৰে যাৰ ঘৰত কিতাপ কিনাৰ সামৰ্থ্য নাই। অসমৰ বহু অঞ্চলত পুথিভৰালৰ ঐতিহ্য আছিল, কিন্তু সেই ঐতিহ্যক আধুনিকীকৰণ, ডিজিটেল সংযোগ, নতুন গ্ৰন্থ সংগ্ৰহ আৰু নিয়মীয়া পাঠক-কাৰ্যসূচীৰ সৈতে জড়িত কৰাৰ প্ৰয়োজন এতিয়াও আছে।
ইয়াৰ সৈতে অসমৰ আন এটা বিশেষ বাস্তৱতা জড়িত। এই অসমভূমিৰ জ্ঞান কেৱল ছপা কিতাপত বন্দী হৈ থকা নাই। নদী, বন, কৃষি, ঔষধি উদ্ভিদ, বতৰৰ পৰিৱৰ্তন, বান, মাটি, মাছ, বীজ, পশুপালন আৰু সামাজিক আচাৰৰ সৈতে জড়িত বহু জ্ঞান প্ৰজন্মৰ পৰা প্ৰজন্মলৈ মৌখিকভাৱে সঞ্চাৰিত হৈছে।
Indigenous knowledge বা Traditional Ecological Knowledgeৰ এই পৰম্পৰা আমাৰ সাংস্কৃতিক সম্পদ। কিন্তু মৌখিক জ্ঞান আৰু লিখিত জ্ঞানৰ মাজত এখন সেতু নাথাকিলে বহু জ্ঞান সময়ৰ সৈতে হেৰাই যাব পাৰে।
ব্ৰহ্মপুত্ৰক বুজিবলৈও কেৱল নদীখনৰ পানীৰ উচ্চতা বা দৈৰ্ঘ্য জানিলেই নহয়। নদীখনৰ সৈতে বসবাস কৰা মানুহৰ স্মৃতি, বানৰ অভিজ্ঞতা, নদীৰ ইতিহাস, চৰ-চাপৰিৰ জীৱন, খহনীয়া , কৃষিৰ পৰিৱৰ্তন আৰু পৰিৱেশগত জ্ঞান বুজিব লাগিব। সেয়াও এক ধৰণৰ পঢ়া। মানুহে কেৱল কিতাপ নপঢ়ে, মানুহে ভূদৃশ্য পঢ়ে, ইতিহাস পঢ়ে, সমাজ পঢ়ে, মানুহে মানুহক পঢ়ে। সেয়াই কিতাপ পঢ়াৰ সংগঠিত আৰু সংৰক্ষিত ৰূপ।
ডিজিটেল সাম্ৰাজ্যবাদ: আমাজন, গুগল, ফেচবুক, ইনষ্টাগ্ৰাম ইত্যাদি
CLICK THE ABOVE LINK
এইখিনিতে পঢ়াৰ সংকটটো গণতন্ত্ৰৰ সংকটৰ সৈতেও সংযুক্ত হৈ পৰে। এখন গণতান্ত্ৰিক সমাজত নাগৰিকে কেৱল তথ্য লাভ কৰিলেই নহয়, তথ্যৰ সত্যতা বিচাৰিব লাগিব। যুক্তিৰ ভিতৰৰ অসংগতি চিনাক্ত কৰিব লাগিব। চৰকাৰৰ নীতিসমূহ পঢ়িব লাগিব, আদালতৰ সিদ্ধান্ত বুজিব লাগিব, সংবাদৰ বিভিন্ন উৎস তুলনা কৰিব লাগিব আৰু নিজৰ মত গঢ়ি তুলিব লাগিব। এইবোৰৰ বাবে মনোযোগ, ভাষা আৰু বিশ্লেষণ ক্ষমতা লাগে।
সামাজিক মাধ্যমৰ যুগত এই ক্ষমতাসমূহৰ ওপৰত নতুন চাপ আহিছে। Algorithm-এ মানুহক তেওঁ ইতিমধ্যে ভাল পোৱা বিষয়বোৰকেই অধিক দেখুৱায়। ফলত একে মতৰ ভিতৰত মানুহ আবদ্ধ হৈ পৰাৰ সম্ভাৱনা থাকে। চমু আৰু উত্তেজনাপূৰ্ণ বক্তব্যই দীঘলীয়া আৰু জটিল ব্যাখ্যাৰ ওপৰত সুবিধা লাভ কৰে। ফলত সত্যৰ তুলনাত মনোযোগ অধিক মূল্যৱান সম্পদ হৈ পৰে।
এই পৰিৱৰ্তনৰ মাজত কৃত্ৰিম বুদ্ধিমত্তাৰ আগমন আৰু অধিক গুৰুত্বপূৰ্ণ। AI-এ মানুহৰ বাবে লেখা, অনুবাদ, সাৰাংশ, তথ্য অনুসন্ধান আৰু জ্ঞান সংগঠনৰ বহু কাম সহজ কৰি তুলিছে। এই প্ৰযুক্তিৰ অসাধাৰণ সম্ভাৱনা আছে। কিন্তু ইয়াৰ সৈতে এটা মৌলিক প্ৰশ্নও আহিছে। যদি মানুহে নিজে পঢ়িবলৈ, ভাবিবলৈ আৰু লিখিবলৈ যদি ক্ৰমে কম সময় দিয়ে আৰু সকলো চিন্তাৰ প্ৰাথমিক কাম যন্ত্ৰৰ ওপৰত এৰি দিয়ে, তেন্তে কিছুমান মানসিক দক্ষতা ক্ৰমে দুৰ্বল নহ’ব নেকি?

লেখাৰ দক্ষতা হ’ল এটা কঠিন মানসিক অনুশীলন। এটা ভাল প্ৰবন্ধ লিখিবলৈ তথ্য সংগ্ৰহ কৰিব লাগে, তথ্যৰ মাজত সম্পৰ্ক বিচাৰিব লাগে, নিজৰ যুক্তি গঢ়িব লাগে আৰু ভাষাৰ মাধ্যমেৰে সেই যুক্তি আন এজন মানুহৰ মনলৈ লৈ যাব লাগে। AI-এ এই প্ৰক্ৰিয়াৰ বহু অংশ সহজ কৰি তুলিব পাৰে। কিন্তু সহজ কৰি দিয়াৰ অৰ্থ এইটো নহয় যে মানুহৰ নিজৰ চিন্তাৰ প্ৰয়োজনীয়তা শেষ হৈ গ’ল।
বৰং বিপৰীতটো হে সত্য হ’ব পাৰে। AI-ৰ যুগত গভীৰভাৱে পঢ়া আৰু সমালোচনামূলক চিন্তাৰ মূল্য আৰু বৃদ্ধি পাব পাৰে। কাৰণ যেতিয়া মেচিনে অসংখ্য বাক্য, সাৰাংশ আৰু তথ্য অতি কম সময়ত উৎপাদন কৰিব পাৰে, তেতিয়া মানুহৰ আটাইতকৈ মূল্যৱান ক্ষমতা হ’ব পাৰে কোনটো সত্য, কোনটো বিশ্বাসযোগ্য, কোনটো প্ৰাসংগিক আৰু কোনটো বিভ্ৰান্তিকৰ সেইটো বিচাৰ কৰিব পৰা ক্ষমতা।
তথ্য-শোষণ ! আমাৰ তথ্য–আমাৰ অধিকাৰ
CLICK THE ABOVE LINK
এইখিনিতে ‘পঢ়াৰ যুগ শেষ হৈ যাব নেকি’ প্ৰশ্নটোৰ উত্তৰ দিয়া খুব সহজ নহয়। কিতাপৰ যুগ হয়তো শেষ নহ’ব। কাগজৰ উৎপাদন হয়তো কমিব। ছপা সংস্কৰণৰ সংখ্যা হয়তো হ্ৰাস পাব। পুথিভৰালৰ ৰূপো সলনি হ’ব পাৰে। মানুহে e-book পঢ়িব পাৰে, audiobook শুনিব পাৰে, digital archive ব্যৱহাৰ কৰিব পাৰে। কিন্তু গভীৰ পঢ়াৰ প্ৰয়োজনীয়তা শেষ নহ’ব।
প্ৰকৃত বিপদ হ’ল যদি স্বয়ং সমাজখনেই পঢ়াৰ প্ৰয়োজনীয়তাই শেষ হৈ গৈছে বুলি বিশ্বাস কৰিবলৈ আৰম্ভ কৰে।
এখন সমাজত কিতাপৰ সংখ্যা কমি যোৱাটো এক অৰ্থনৈতিক পৰিৱৰ্তন হ’ব পাৰে। কিন্তু কিতাপ পঢ়া মানুহৰ সংখ্যা কমি যোৱাটো এটা সাংস্কৃতিক পৰিৱৰ্তন। আৰু যদি কিতাপৰ প্ৰয়োজনীয়তা অনুভৱ কৰা মানুহৰ সংখ্যাই কমি যায়, তেন্তে সেইটো হৈ পৰিব বৌদ্ধিক পৰিৱৰ্তন।
এই পৰিৱৰ্তন অসমৰ দৰে ভাষিক আৰু সাংস্কৃতিকভাৱে সংবেদনশীল অঞ্চলৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ। এটা ভাষা কেৱল মানুহে কথা কোৱাৰ বাবে জীয়াই নাথাকে। ভাষা জীয়াই থাকে যেতিয়া মানুহে সেই ভাষাত চিন্তা কৰে, লিখে, পঢ়ে, বিতৰ্ক কৰে, নতুন জ্ঞান সৃষ্টি কৰে আৰু নতুন প্ৰজন্মলৈ হস্তান্তৰ কৰে। পাঠক কমিলে লেখকৰ সংখ্যা কমিব। লেখক কমিলে প্ৰকাশনৰ ক্ষেত্ৰ সংকুচিত হ’ব। প্ৰকাশন সংকুচিত হ’লে গ্ৰন্থৰ বৈচিত্ৰ্য কমিব। আৰু শেষত ভাষাটোৰ জ্ঞানভাণ্ডাৰো সংকুচিত হ’ব।
সেয়েহে আজিৰ প্ৰশ্নটো কেৱল ‘মানুহে কিমানখন কিতাপ পঢ়ে’ নহয়। প্ৰশ্নটো হৈছে আমি কেনেধৰণৰ সমাজৰ অংশীদাৰ হ’ব বিচাৰো। এনে এখন সমাজ য’ত তথ্য আছে কিন্তু গভীৰতা নাই? এনে এখন সমাজ য’ত মতামত আছে কিন্তু অধ্যয়ন নাই? এনে এখন সমাজ য’ত স্মৃতি আছে কিন্তু সংৰক্ষণ নাই? নে এনে এখন সমাজ য’ত নতুন প্ৰযুক্তিক গ্ৰহণ কৰিও কিতাপ, পুথিভৰাল, ভাষা আৰু গভীৰ চিন্তাৰ মূল্য অক্ষুণ্ণ থাকে?

আলেক্সান্দ্ৰিয়াৰ পুথিভৰালৰ পতনে আমাক শিকাইছিল যে জ্ঞানৰ ভৰাল ধ্বংস হ’ব পাৰে। আমাৰ সময়ে হয়তো তাতকৈও অধিক কঠিন এটা শিক্ষা দিবলৈ ওলাইছে। জ্ঞানৰ ভৰাল অক্ষুণ্ণ থাকিলেও, সেই জ্ঞান গ্ৰহণ কৰাৰ ইচ্ছা আৰু ক্ষমতা হেৰুৱাই পেলালে এটা সভ্যতা বৌদ্ধিকভাৱে দৰিদ্ৰ হৈ পৰিব পাৰে।
আজিৰ পৃথিৱীত কোনোবাই পুথিভৰাল জ্বলাই দিয়াৰ প্ৰয়োজন নাই। যদি মানুহে কিতাপৰ ফালে চাবলৈ এৰি দিয়ে, যদি দীঘলীয়া লেখা পঢ়িবলৈ ধৈৰ্য নাথাকে, যদি শিশুৱে কিতাপৰ মাজত আনন্দ বিচাৰি নাপায়, যদি সমাজে পুথিভৰালক অপ্রয়োজনীয় বুলি ভাবিবলৈ আৰম্ভ কৰে, তেন্তে জ্ঞানৰ এক নীৰৱ অৱক্ষয় আৰম্ভ হ’ব পাৰে।
আৰু সেই কাৰণেই ‘কিতাপহীন ভৱিষ্যৎ’ কথাটো কেৱল এটা কল্পনাপ্ৰসূত ভয় নহয়। কিতাপৰ কাগজ নোহোৱা পৃথিৱী হয়তো প্ৰযুক্তিৰ বিকাশৰ স্বাভাৱিক ফল হ’ব পাৰে। কিন্তু কিতাপ পঢ়িবলৈ ইচ্ছা নথকা পৃথিৱী এখন বহুত গভীৰ সংকটৰ লক্ষণ।
আমাৰ হাতত এতিয়া আগৰ যিকোনো সময়তকৈ অধিক তথ্য আছে। প্ৰশ্নটো হ’ল, সেই তথ্যৰে আৰু জ্ঞানৰ সৈতে আমি কি কৰিম?

CLICK THE ABOVE LINK
আলেক্সান্দ্ৰিয়াৰ মানুহে যিদৰে পৃথিৱীৰ জ্ঞান একত্ৰিত কৰিবলৈ চেষ্টা কৰিছিল, আমাৰ সময়েও এক বিশাল ডিজিটেল আলেক্সান্দ্ৰিয়া সৃষ্টি কৰিছে। কিন্তু সেই জ্ঞানৰ দুৱাৰ মুকলি ৰাখিলেই নহ’ব। দুৱাৰখনেৰে ভিতৰত সোমাবলৈ মানুহৰ কৌতূহল, মনোযোগ আৰু চিন্তাশক্তিও লাগিব।
সেইবাবেই পঢ়াৰ সংকট মূলতঃ কিতাপৰ সংকট নহয়। ই মানুহৰ মনোযোগৰ সংকট। ই ভাষাৰ সংকট। ই শিক্ষাৰ সংকট। ই স্মৃতিৰ সংকট। আৰু শেষ বিচাৰত ই সভ্যতাৰ সংকট।
আমি যদি পঢ়াৰ সংস্কৃতিক নতুন ৰূপত পুনৰ গঢ়ি তুলিব পাৰো, তেন্তে কাগজৰ কিতাপ কমিলেও জ্ঞানৰ যাত্ৰা থমকি নৰ’ব। কিন্তু যদি আমি কিতাপৰ পৰা আতৰি যোৱাৰ লগতে গভীৰ চিন্তাৰ পৰাও আতৰি যাও, তেন্তে ডিজিটেল যুগৰ মাজতো আমি বৌদ্ধিকভাৱে এক অন্ধকাৰ যুগৰ দিশে আগবাঢ়িব পাৰো।
প্ৰশ্নটো সেয়েহে এতিয়া আৰু কেৱল ‘পঢ়াৰ যুগ শেষ হৈ গৈছে নেকি?’ নহয়। প্ৰশ্নটো হ’ল, আমি পঢ়াৰ ক্ষমতা, পঢ়াৰ আনন্দ আৰু পঢ়াৰ প্ৰয়োজনীয়তা আমাৰ পৰৱৰ্তী প্ৰজন্মৰ হাতত কিমানখিনি এৰি যাব পাৰিম? আৰু আমাৰ পিছৰ প্ৰজন্মলৈ আমি কেনেধৰণৰ এখন পৃথিৱী এৰি থৈ যাম?
সহায় লোৱা হৈছে: দ্যা আটলান্টিক ( Rose Horowitch’s article), পাব্লিচাৰ্ছ উইকলি, National Endowment for the Arts,
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.


















