• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Saturday, March 14, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle Health

গ্ৰহণী ৰোগ

ASSAMESE SECTION / Health / Medical

by Dr. MUKUL SARMA
November 14, 2025
in ASSAMESE SECTION, Health
Reading Time: 5 mins read
0
গ্ৰহণী ৰোগ
Share on FacebookShare on TwitterShare on LinkedIn

গ্ৰহণী ৰোগ

ডাঃ মুকুল শৰ্মা

Dr Mukul Sarma

Irritable bowel syndrome হ’ল আমাৰ পাচন নলীৰ ডুৱ’ডেনাম (পাকস্থলীৰ পিছৰ অংশ) আৰু ক্ষুদ্ৰান্ত্ৰত উৎপত্তি হোৱা কিছুমান বিৰক্তদায়ক লক্ষণ যেনে – বাৰে বাৰে মল ত্যাগ বা পায়খানাৰ প্ৰবৃত্তি হোৱা, তল পেটত খামুচিয়া বিষ, পেট ফুলা ইত্যাদি লক্ষণৰ সমষ্টি।

পৃথিৱীৰ প্ৰায় ১০ শতাংশ মানুহৰ মাজত IBS ৰ সমস্যা দেখা যায়। যিহেতু এই বেমাৰত বহুতো লক্ষণৰ সমাহাৰ দেখা যায় সেয়েহে ইয়াক চিণ্ড্ৰম বুলি কোৱা হয়। আয়ুৰ্বেদত IBS ক গ্ৰহণী ৰোগৰ লগত তুলনা কৰা হৈছে। গ্ৰহণী ৰোগৰ বিষয়ে জনাৰ আগতে আমি দেহাগ্নি বা জঠৰাগ্নিৰ বিষয়ে কিছু কথা জানিব লাগিব। কাৰণ এই গ্ৰহণী ৰোগটো আমাৰ শৰীৰৰ দেহাগ্নি বা জঠৰাগ্নিৰ মন্দাৱস্থা বা কাৰ্য্য বিসংগতিৰ ফলত হোৱা বুলি কোৱা হয়।
Irritable bowel syndrome 1

আমাৰ পাকস্থলীৰ শেষ অংশৰ পৰা আৰম্ভ হোৱা ডুৱডেনামৰ পৰা ক্ষুদ্ৰান্ত্ৰৰ প্ৰথম অংশ পৰ্যন্ত অংশখিনিক গ্ৰহণী নাম দিয়া হৈছে। জঠৰাগ্নি হ’ল আমাৰ পাচক নলী বা পাচন তন্ত্ৰৰ পৰা নিঃসৰিত হোৱা বিভিন্ন ধৰণৰ এনজাইম বা পাচক ৰস যিয়ে আমাৰ খাদ্য হজম তথা বিপাক ক্ৰিয়া পৰিচালিত কৰে। এই গ্ৰহণী অংশখিনিকে জঠৰাগ্নিৰ মূখ্য স্থান বুলি কোৱা হয়। এই জঠৰাগ্নিৰ কাম হ’ ল–

” आयुर्वर्णो बलं स्वास्थ्यमुत्साहोपचयौ प्रभा।

RelatedPosts

বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ‘বায়ুৰ গুণমান ব্যৱস্থাপনা প্ৰণালী’ অৰ্পণ 

বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ‘বায়ুৰ গুণমান ব্যৱস্থাপনা প্ৰণালী’ অৰ্পণ 

March 10, 2026
কোষ্ঠকাঠিন্য (Constipation)- এটি ৰোগ নে?

কোষ্ঠকাঠিন্য (Constipation)- এটি ৰোগ নে?

March 8, 2026
সাগৰ দেখিলোঁ—মন্দাৰমণি!

সাগৰ দেখিলোঁ—মন্দাৰমণি!

March 8, 2026

ओजस्तेजोऽगनयः प्राणाश्चोक्ता देहाग्निहेतुकाः।।

शान्तेऽग्नौ म्रियते, युक्ते चिरं जीवत्यनामयः।

रोगी स्याद्विकृते, मूलमग्निस्तस्मान्निरुच्यते। ।”

ইয়াৰ অৰ্থ এইটো যে জঠৰাগ্নি বা দেহাগ্নিয়ে আমাৰ শৰীৰৰ জীৱন, বৰণ, বল, স্বাস্থ্য, শক্তি আৰু উচ্ছাহ, অবয়ব, ৰোগ প্ৰতিৰোধ ক্ষমতা, শ্বাস-প্ৰশ্বাস এই সকলোবিলাক নিয়ন্ত্ৰণ কৰে। এই অগ্নিৰ নাশ হোৱাকে মৃত্যু বুলি ধৰা হয়। এই অগ্নিৰ সঠিকভাৱে ৰক্ষা কৰিলে ই আমাক সুস্বাস্থ্য প্ৰদান কৰে আৰু ইয়াৰ বিসংগতিৰ ফলত আমাৰ শৰীৰ ৰোগগ্ৰস্ত হয়। গতিকে জঠৰাগ্নিক আমাৰ শৰীৰৰ মূল বুলি ধৰা হয়।

 অগ্নিৰ মহত্ব বা গুৰুত্ব 

” यदन्नं देहधात्वोजोबलवर्णादिपोषकम्।

तत्राग्निर्हेतुराहारान्न ह्यपक्वाद्रसादयः।। ”

 আমি খোৱা খাদ্যবস্তুৰ পৰা আমাৰ শৰীৰৰ কলা তথা কোষবিলাকে পৰিপুষ্টি লাভ কৰে, লগতে ই শৰীৰক ৰোগ প্ৰতিৰোধ ক্ষমতা, শৰীৰৰ বৰণ, শক্তি প্ৰদান কৰে। আমি খোৱা খাদ্য বস্তু সমূহ সঠিকভাৱে হজম হ’লেহে আমাৰ শৰীৰে এই সকলোবিলাক সঠিকভাৱে লাভ কৰে। কিন্তু শৰীৰৰ অগ্নি দুৰ্বল হৈ গ’লে খাদ্য পদাৰ্থ সমূহ সঠিকভাৱে হজম নহয়। ফলত শৰীৰৰ কোষসমূহে এই সকলোবিলাক সঠিকভাৱে লাভ কৰিবলৈ সক্ষম নহয়।

 আয়ুৰ্বেদৰ মতে আমাৰ শৰীৰৰ সুস্বাস্থ্য বা যিকোনো বেমাৰ খাদ্য পাচন প্ৰক্ৰিয়াৰ ওপৰত নিৰ্ভৰ কৰে। যেতিয়া খাদ্যৰ পাচন প্ৰক্ৰিয়া সঠিক হৈ থাকে আৰু মানুহ এজনে নিজৰ প্ৰকৃতি অনুসৰি সুস্থ জীৱনশৈলী আৰু সঠিক পৰিমাণৰ, সঠিক গুণযুক্ত সুষম আহাৰ গ্ৰহণ কৰাৰ অভ্যাস গঢ়ি তোলে তেতিয়া মানুহজন সম্পূৰ্ণ নিৰোগী বা সুস্বাস্থ্যৰ অধিকাৰী হয়।

আমাৰ অশুদ্ধ জীৱনশৈলী আৰু অশুদ্ধ খাদ্যাভাসৰ ফলত যেতিয়া আমাৰ জঠৰাগ্নি প্ৰভাৱিত হয় তেতিয়াই আমি খোৱা খাদ্য বস্তু সমূহ হয়টো আংশিক ভাৱে হজম হয় বা অতি বেছি পৰিমানে হজম হয়। ফলত আমাৰ শৰীৰত আম(toxin) বা অপক্ক অন্নৰসৰ সৃষ্টি হয় আৰু তাৰপৰা বিভিন্ন ৰোগৰ সৃষ্টি হয় আৰু এই অপক্ক অন্নৰস গোটেই শৰীৰত বিয়পি পৰে। পাচক নলী বা পাচন তন্ত্ৰৰ গ্ৰহণী অংশটোয়ে আমাৰ খাদ্য পদাৰ্থ খিনি কিছুসময়ৰ বাবে ধৰি ৰাখি খাদ্যখিনি সম্পূৰ্ণৰূপে হজম হোৱাত সহায় কৰে।

সেয়েহে এই অংশটোৰ নাম গ্ৰহণী দিয়া হৈছে। এই অংশৰ পৰাই আমাৰ তেজে খাদ্য হজম হৈ সৃষ্টি হোৱা পোষকতত্ব অৱশোষন কৰি শৰীৰৰ কোষবিলাকলৈ প্ৰেৰণ কৰে আৰু শৰীৰৰ বাবে অলাগতীয়াল কৃট বা মলভাগ বৃহদান্ত্ৰ পায় গৈ। যেতিয়া গ্ৰহণীত থকা অগ্নি বা পাচক ৰস দুৰ্বল বা মন্দ হৈ পৰে তেতিয়াই গ্ৰহণীয়ে খাদ্য পদাৰ্থ খিনি বেছি সময় ধৰি নাৰাখি ক্ষুদ্ৰান্ত্ৰৰ পিছৰ অংশলৈ প্ৰেৰণ কৰে বা দৰকাৰতকৈ বেছি সময় ধৰি ৰাখে। ইয়াৰ ফলতেই গ্ৰহণী ৰোগত ৰোগীজনৰ কেতিয়াবা পাতল ডায়েৰীয়াৰ লক্ষণ দেখা দিয়ে কৰে আৰু কেতিয়াবা কোষ্ঠকাঠিন্যতা হোৱা দেখা যায়।

গ্ৰহণী ৰোগৰ কাৰণ

১)সামান্য বা স্বাভাৱিক কাৰণ :- অগ্নিমন্দতা হ’ল এই বেমাৰৰ মূখ্য কাৰণ। কোনো ব্যক্তিৰ অগ্নি মন্দ হৈ থকা অৱস্থাত যদি গৰিষ্ঠ, মছলাযুক্ত আহাৰ গ্ৰহণ কৰে সেই ব্যক্তিৰ খাদ্য সঠিকভাৱে হজম নহয় আৰু ফলত গ্ৰহণী ৰোগৰ সৃষ্টি হয়।

২)বিৰুদ্ধ আহাৰ :- বিৰুদ্ধ আহাৰ যেনে – গাখীৰ আৰু মাংস একেলগে খালে, পক্ক আৰু কেঁচা খাদ্য একেলগে সেৱন কৰিলে ইত্যাদিৰ ফলত অগ্নি প্ৰকূপিত হৈ গ্ৰহণী ৰোগৰ সৃষ্টি কৰিব পাৰে।

৩)বিশিষ্ট কাৰণ:- ডায়েৰীয়া হৈ যোৱাৰ পিছত যদি কোনো ব্যক্তিয়ে অধিক গৰিষ্ঠ বা মছলাযুক্ত আহাৰ সেৱন কৰে তেনে ব্যক্তিৰ জঠৰাগ্নি প্ৰকূপিত হয় আৰু গ্ৰহণী দূষিত হৈ IBS বা গ্ৰহণী ৰোগৰ সৃষ্টি কৰিব পাৰে।

IBS
Irritable Bowel Syndrome (IBS) Infographic illustration

গ্ৰহণী ৰোগৰ পূৰ্বৰূপ বা পূৰ্ব লক্ষণ

” पूर्वरूपं तु तस्येदं तृष्णाऽऽलस्यं बलक्षयः।

विदाहोऽन्नस्य पाकस्य चिरात् कायस्य गौरवम्।। ”

তৃষ্ণা – অধিক পিয়াঁহ লগা

আলস্য – এলাহ এলাহ ভাব

বলক্ষয় – শৰীৰৰ বল শক্তি হ্ৰাস পোৱা

বিদাহ – বুকু জ্বলা পোৰা কৰা

চিৰাত অনুপাক – খাদ্য হজম হোৱাত দেৰি হোৱা

কায় গৌৰৱ – শৰীৰ গধূৰ গধূৰ লগা

 যদি কোনো ব্যক্তিৰ এই পূৰ্বলক্ষণ সমূহ দেখা দিয়ে আৰু তেনে ব্যক্তিয়ে সময়োচিত পদক্ষেপ নলয় তেন্তে সেই ব্যক্তিৰ গ্ৰহণী ৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।

#গ্ৰহণী ৰোগৰ প্ৰকাৰ :- আয়ুৰ্বেদত চাৰিপ্ৰকাৰৰ IBS বা গ্ৰহণী ৰোগৰ কথা কোৱা হৈছে। যেনে-

১)কোষ্ঠকাঠিন্যতা প্ৰধান IBS (বাতজ গ্ৰহণী)

২)ডায়েৰিয়া প্ৰধান IBS (পিত্তজ গ্ৰহণী)

৩)ডিচেন্টেৰি (dysentery) প্ৰধান IBS (কফজ গ্ৰহণী)

৪) জটিল IBS (সন্নিপাতজ বা ত্ৰিদোষজ গ্ৰহণী)

# কোষ্ঠকাঠিন্য প্ৰধান IBS বা বাতজ গ্ৰহণীৰ লক্ষণ :- এই গ্ৰহণী হ’লে মানুহৰ শৰীৰৰ ছাল, মুখ আৰু ডিঙি শুকাই যায়, কোষ্ঠকাঠিন্যতা বেছিকৈ দেখা যায় নাইবা কেতিয়াবা কোষ্ঠকাঠিন্যতা আৰু কেতিয়াবা ডায়েৰীয়াৰ লক্ষণ দেখা যায়, খুব পিয়াঁহ লাগে, পেট ফুলি যায়, পেটত গেছ হয় শৰীৰত ঠাণ্ডা অনুভৱ হয়। লগতে কঁকাল বা কৰঙণত বিষ, ওজন হ্ৰাস, এনেল ফিচাৰ, দুৰ্বলতা, অনিদ্ৰতা আৰু মানসিক উদ্বিগ্নতা, হতাশ গ্ৰস্ততা হব পাৰে।

২)ডায়েৰীয়া প্ৰধান IBS বা পিত্তজ গ্ৰহণীৰ লক্ষণ :- এনেকুৱা IBS বা গ্ৰহণী হ’লে ৰোগীৰ সাধাৰণতে বুকু জ্বলা পোৰা, খুব পিঁয়াহ লগা, শৰীৰত গৰম গৰম লগা বা শৰীৰৰ জ্বলা পোৰা ভাৱ, খিংখিয়া খঙাল স্বভাৱৰ, শৰীৰৰ পৰা খুব ঘাম ওলোৱা, জ্বৰ, দুৰ্গন্ধযুক্ত পায়খানা ইত্যাদি লক্ষণ দেখা যায়।

৩)ডিচেন্টেৰিযুক্ত IBS বা কফজ গ্ৰহণৰ লক্ষণ সমূহ– এই প্ৰকাৰৰ গ্ৰহণীযুক্ত ৰোগীৰ বমি বমি ভাব, বদহজম, ডিঙিত অধিক কফ বা শ্লেষ্মা জমা,বুকু আৰু পেট গধূৰ গধূৰ লগা, বেয়া গোন্ধযুক্ত উদ্গাৰ, ভাগৰুৱা ভাগৰুৱা লগা, ধীৰ গতিত শ্লেষ্মাযুক্ত পায়খানা ইত্যাদি লক্ষণ দেখা যায়।

৪)জটিল IBS বা সন্নিপাতজ বা ত্ৰিদোষজ গ্ৰহণীত ওপৰোক্ত তিনিও প্ৰকাৰৰ গ্ৰহণীৰ লক্ষণ দেখা যায় আৰু ই অধিক জটিল হয়।

      সন্নিপাতজ গ্ৰহণী পুৰণি বা জীৰ্ণ ৰূপ পালে ” আম গ্ৰহণী” লৈ ৰূপান্তৰিত হয় আৰু ই অধিক জটিল ৰূপ পায়গৈ। আম গ্ৰহণীৰ লক্ষণসমূহ হ’ল মানুহজনে বাৰে বাৰে মলত্যাগ কৰিব। সাধাৰণতে সূৰ্যোদয়ৰ পৰা সূৰ্যাস্তৰ মাজৰ সময়ছোৱাত মলত্যাগৰ প্ৰবৃত্তি বেছি হয় আৰু সূৰ্যাস্তৰ পৰা সূৰ্যোদয়ৰ মাজৰ সময়ছোৱাত ই সাম্যাৱস্থাত থাকে। বাৰে বাৰে মলত্যাগৰ পিছতো মানুহজনে সন্তুষ্টি লাভ নকৰে। কিবা আহাৰ সেৱন কৰাৰ পিছতে মানুহজনৰ পেটত চাপৰ সৃষ্টি হয় আৰু মলত্যাগৰ প্ৰবৃত্তি হয়। পেটত সৃষ্টি হোৱা চাপ হিচাপে মলত্যাগ নহয়।

কেতিয়াবা মলত্যাগৰ বাবে গলে কেবল মাত্ৰ গেছহে ওলাই বা শ্লেষ্মা (mucous) ওলাই। পাতল, দুৰ্গন্ধিত, আথাজাতীয়, পিছল মলৰ সৃষ্টি হয়। ৰোগী জনৰ পেটত সাধাৰণ বিষ, পেট গধূৰ, আলস্য ভাব, লাহে লাহে ওজন হ্ৰাস হবলৈ ধৰে। এনেকুৱা ৰোগীৰ বাবে ৰাতিপুৱাৰ সময়ছোৱা খুব আমনিদায়ক হয়।

ৰাতিপুৱা বাৰে বাৰে মলত্যাগ কৰিবলগীয়া হোৱা বাবে এই ৰোগযুক্ত মানুহে প্ৰায়ে অফিছ, স্কুল ইত্যাদিত দেৰিকৈ উপস্থিত হবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হয়। কৰবালৈ ভ্ৰমণ বা কোনো দীঘলীয়া মিটিং আদিত উপস্থিত থাকিবলৈ চিন্তা কৰিবলগীয়া হয়। ইয়াৰ প্ৰভাৱ মানুহজনৰ মানসিক অৱস্থাৰ ওপৰতো পৰে আৰু মানুহজন খিংখিঙীয়া স্বভাৱৰ হয়, প্ৰায়ে উদ্বিগ্ন আৰু হতাশগ্ৰস্ত হোৱা দেখা যায় আৰু কেতিয়াবা আত্মহত্যাৰ প্ৰবণতাৰো সৃষ্টি হয়।

     আয়ুৰ্বেদ শাস্ত্ৰত অন্য এবিধ জটিল গ্ৰহণী ৰোগৰ বিষয়ে উল্লেখ আছে যাক ঘটি-যন্ত্ৰ গ্ৰহণী (tympanities predominant IBS) বুলি কোৱা হয়। এইবিধ গ্ৰহণীত ৰোগীজনৰ পেটৰ ভিতৰত ঘটি বা লোটা পানীত ডুবালে যেনেকুৱা শব্দ হয় তেনেকুৱা মেঘৰ গৰ্জনৰ নিচিনা শব্দ হয় আৰু লগে লগে মলত্যাগৰ প্ৰবণতাৰ সৃষ্টি হয়। এইবিধ গ্ৰহণীত প্ৰচুৰ পৰিমাণে অপক্ক অন্নৰসৰ সৃষ্টি হয়।

# গ্ৰহণী ৰোগ বা IBS ৰ হাত সাৰিবলৈ লব লগীয়া সাৱধানতা :-

*যথেষ্ট পৰিমাণে আঁহজাতীয় খাদ্য সেৱন কৰিব লাগে।

*মানসিক উদ্বিগ্নতা আৰু হতাশগ্ৰস্ততা পৰিহাৰ কৰিব লাগে। তাৰবাবে যোগ আৰু ধ্যান কৰিব লাগে।

*সদায় সুষম আহাৰ সেৱন কৰিব লাগে।

*ব্যায়ামে আমাৰ মানসিক চাপ আতৰ কৰাত সহায় কৰে। গতিকে দৈনিক ব্যায়ামৰ অভ্যাস গঢ়িব লাগে।

*ধূমপান পৰিহাৰ কৰিব লাগে।

*গৰিষ্ঠ আহাৰ পৰিহাৰ কৰি কম পৰিমাণত বাৰে বাৰে আহাৰ সেৱন কৰিব লাগে।

*চৰ্বীজাতীয় আহাৰৰ পৰিমাণ কমাই দিব লাগে।

*যিবিলাক খাদ্যবস্তুৰ পৰা IBS হোৱাৰ সম্ভাৱনা বেছি থাকে তেনেবোৰ খাদ্যবস্তু যেনে – বন্ধাকবি, ফুলকবি, ব্ৰকলি, চকলেট, গাখীৰ বা গাখীৰৰ পৰা তৈয়াৰী খাদ্য, শীতল পানীয়, মছলাযুক্ত খাদ্য, এলকহল ইত্যাদি পৰিহাৰ কৰিব লাগে।

*ৰোগ আৰোগ্য হোৱাৰ সম্ভাৱনা (Prognosis) :- আয়ুৰ্বেদৰ মতে শিশু কালত হোৱা গ্ৰহণী চিকিৎসা সাধ্য হয়। মধ্যবয়সত হোৱা গ্ৰহণী কষ্ট সাধ্য আৰু বৃদ্ধ বয়সত হোৱা গ্ৰহণী অসাধ্য হয়। লগতে আম গ্ৰহণী কষ্ট সাধ্য আৰু ঘটি-যন্ত্ৰ গ্ৰহণী অসাধ্য হয়।

*চিকিৎসা :- IBS বা গ্ৰহণী ৰোগৰ চিকিৎসা নিৰ্ভৰ কৰে মানুহজনে সেৱন কৰা খাদ্যৰ গুনাগুন, পৰিমাণ, খাদ্যৰ মিশ্ৰণ , খাদ্য খোৱাৰ সময় আৰু খাদ্য খোৱাৰ নিয়মৰ ওপৰত।

# কোষ্ঠকাঠিন্য প্ৰধান IBS বা বাতজ গ্ৰহণীৰ চিকিৎসা :- বাতজ গ্ৰহণীত সাধাৰণতে তলত দিয়া বনৌষধি সমূহ ব্যৱহাৰ কৰিব পৰা যায়।

*আদা, লং, জিৰা, মেথি, ধনীয়া, কম পৰিমাণৰ দালচেনী ইত্যাদিয়ে পাচক ৰস সমূহক উত্তেজিত কৰি এইবোৰক সূচাৰুৰূপে নিঃসৰন হোৱাত সহায় কৰে।

*হৰিতকী বা শিলিখাই অন্ত্ৰত থকা অত্যধিক বায়ুক  আতৰোৱাত সহায় কৰে। তেনেদৰে ত্ৰিফলাই কোষ্ঠকাঠিন্যতা আতৰোৱাত সহায় কৰে।

*শতাৱৰী, অস্ব্যগন্ধাক প্ৰকূপিত বাত দোষক শান্ত কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি।

# ডায়েৰিয়া প্ৰধান IBS বা পিত্তজ গ্ৰহণীৰ চিকিৎসা :- তলত দিয়া বনৌষধি সমূহ ব্যৱহাৰ কৰিব পৰা যায়।

*আমলখি যিয়ে শৰীৰক নতুন শক্তি প্ৰদান কৰে আৰু পিত্ত দোষক শান্ত কৰে।

*ধনীয়া পানীয়ে পিত্ত দোষ শান্ত কৰে। তেনেদৰে চন্দন চূৰ্ণ ঘীঁৰ লগত মিহলাই লগত মেথি, ক’লা জালুক আৰু লং মিহলাই সেৱন কৰিব পাৰি।

*মুস্থা নামৰ বনৌষধি বিধে অন্ত্ৰৰ পৰা অপক্ক অন্নৰসৰ পৰা জুলীয়া ভাগ অৱশোষণ কৰি ডায়েৰীয়া নিয়ন্ত্ৰণত সহায় কৰে।

#ডিচেন্টেৰি প্ৰধান গ্ৰহণী দোষৰ বাবে চিকিৎসা :-

*আদা, নেমুৰ ৰস আৰু মৌ কফ নিষ্কাশনৰ বাবে উৎকৃষ্ট হয়।

*ত্ৰিকটু চূৰ্ণই জঠৰাগ্নি প্ৰদীপ্ত কৰাত সহায় কৰে।

*হালধী, ধনীয়া, ইলাচী, দালচেনী, লং, চন্দন, জায়ফল, সৈন্ধৱ নিমখ, পিপ্পলী ইত্যাদিয়ে পাচক ৰস ক্ষৰণৰ মাত্ৰা বঢ়াই তোলে আৰু লগতে কফ নাশক হয়।

*হিংগাস্তক চূৰ্ণই পাচন ৰসৰ ক্ষৰণ বৃদ্ধি কৰি অন্ত্ৰত উৎপন্ন আম(অপক্ক খাদ্য) পৰিষ্কাৰ কৰে।

#আম গ্ৰহণীৰ বাবে চিকিৎসা:- আম গ্ৰহণীৰ বাবে সম্দীপন চিকিৎসাৰ প্ৰয়োগ কৰিব লাগে। সম মানে গ্ৰহণীৰ গঠন আৰু কাৰ্য্যক্ষমতাৰ সমতা স্থাপন কৰা আৰু দীপন মানে জঠৰাগ্নিক প্ৰদ্বীপিত কৰি গোটেই শৰীৰত বিয়পি যোৱা অপক্ক আমৰসক পাচন কৰা। কাৰণ এই আমৰসক পাচন কৰিব পাৰিলেহে আমি আম-গ্ৰহণীৰ পৰা সম্পূৰ্ণ নিৰাময় লাভ কৰিব পাৰিম। ইয়াৰ বাবে তলত দিয়া বনৌষধি সমূহ ব্যৱহাৰ কৰিব পৰা যায়।

*বিল্ব বা বেল- ইয়ে গ্ৰাহী দ্ৰব্য হিচাপে কাম কৰে আৰু আমৰসত থকা জুলীয়া অংশখিনি শোষণ কৰে লগতে মল বা পায়খানাক একেলগ কৰি বাহিৰ কৰি দিয়াত সহায় কৰে।

*আমশোষক দ্ৰব্য যিয়ে আমৰসক শোষণ কৰি লয় তাৰবাবে কূটজ নামৰ বনৌষধি ব্যৱহাৰ কৰা হয়।

*লেখন দ্ৰব্য যিয়ে অপক্ক আমক যতে নাথাকক মাটি খান্দি অনাৰ নিচিনাকৈ বাহিৰ কৰি আনে তাৰবাবে কুটকী ইত্যাদি লেখন দ্ৰব্য ব্যৱহাৰ কৰা হয়।

*গ্ৰহণীত হোৱা প্ৰদাহ (inflammation) নোহোৱা কৰিবলৈ সোন্ফ বা গূৱামূৰী, কামামাসী ইত্যাদি বনৌষধি ব্যৱহাৰ কৰা হয়।

*জঠৰাগ্নি প্ৰদীপ্ত কৰাৰ বাবে চিত্ৰক, ট্ৰিকটু ইত্যাদি বনৌষধি ব্যৱহাৰ কৰা হয়।

*আম পাচনৰ বাবে নাগৰমোথা, জিৰা ইত্যাদি পাচক ঔষধি ব্যৱহাৰ কৰা হয়।

*বাত অনূলোমনৰ বাবে অৰ্থাৎ বৰ্ধিত বাত দোষ বাহিৰ কৰি দিয়াৰ বাবে হিংগ, আজৱাইন ইত্যাদি ঔষধি ব্যৱহাৰ কৰা হয়।

Dr. Mukul Sarma is an Ayurvedic doctor with 23 years experience, treating acne, headaches, hair fall, and back pain.

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Tags: গ্ৰহণী ৰোগ
Dr. MUKUL SARMA

Dr. MUKUL SARMA

Related Posts

বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ‘বায়ুৰ গুণমান ব্যৱস্থাপনা প্ৰণালী’ অৰ্পণ 
Climate Change

বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ‘বায়ুৰ গুণমান ব্যৱস্থাপনা প্ৰণালী’ অৰ্পণ 

by Editor
March 10, 2026
0

বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 'বায়ুৰ গুণমান ব্যৱস্থাপনা প্ৰণালী' অৰ্পণ বজালী জিলা আয়ুক্তৰ বিশেষ প্ৰচেষ্টা মহাবাহু ক্লাইমেট ফোৰামৰ প্ৰশংসনীয় পদক্ষেপ অসম...

Read moreDetails
কোষ্ঠকাঠিন্য (Constipation)- এটি ৰোগ নে?

কোষ্ঠকাঠিন্য (Constipation)- এটি ৰোগ নে?

March 8, 2026
সাগৰ দেখিলোঁ—মন্দাৰমণি!

সাগৰ দেখিলোঁ—মন্দাৰমণি!

March 8, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

March 8, 2026
নাৰীৰ মানসিক স্বাস্থ্য 

নাৰীৰ মানসিক স্বাস্থ্য 

March 8, 2026
স্কিজ’ফ্ৰেনিয়া : অবাস্তৱ পৃথিৱীৰ কথা

স্কিজ’ফ্ৰেনিয়া : অবাস্তৱ পৃথিৱীৰ কথা

March 7, 2026
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d