• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, March 5, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Nature

গ্ৰীষ্মৰ দিনত আমাৰ কাণৰ কাষত গান গোৱা গায়কসকল

by Editor
April 7, 2024
in Nature, Special Report
Reading Time: 4 mins read
0
গ্ৰীষ্মৰ দিনত আমাৰ কাণৰ কাষত গান গোৱা গায়কসকল
Share on FacebookShare on TwitterShare on LinkedIn

গ্ৰীষ্মৰ দিনত আমাৰ কাণৰ কাষত গান গোৱা গায়কসকল

মানস প্ৰতিম দত্ত

Manas Pratim Dutta
মানস প্ৰতিম দত্ত

 কাণৰ ওচৰত গীটাৰ বজাই গৰমৰ দিনত আমাক অশান্তি দিয়া বিখ্যাত গায়কসকল বুলিলে আমি কাৰ কথা বুজিম বাৰু?

হয়, ঠিকেই ধৰিছে আমি মহৰ কথাই ক’ম।

গধূলি সময়ত চেঁচা বতাহৰ সুবাস লৈ থাকোতে হাতে ভৰিয়ে কামুৰি আমাক একো একোজন নৰ্তকলৈ বা নৃত্য -পটীয়সীলৈ ৰূপান্তৰিত কৰা আঁৰৰ প্ৰাণীবিধেই মহ নহয়নে? মহৰ ইংৰাজী প্ৰতিশব্দ হ’ল Mosquito। ই স্পেনিছ ভাষাৰ শব্দ, যাৰ অৰ্থ হৈছে ‘সৰু মাখি‘।
গ্ৰীষ্মৰ দিনত আমাৰ কাণৰ কাষত গান গোৱা গায়কসকল
Aedes aegypti

অন্য এক জনশ্ৰুতি মতে এই শব্দটো সংস্কৃত ভাষাৰ মাশক শব্দৰ পৰা আহিছে। মহৰ প্ৰজাতিৰ ওপৰত নিৰ্ভৰ কৰি জীৱনচক্ৰ সম্পূৰ্ণ হ’বলৈ ১ৰ পৰা ৪ মাহ সময় লাগে।

আচৰিত লাগিলেও এই কথা সত্য যে, প্ৰতিজনী মাইকী মহে এটা সময়ত প্ৰায় ২০০টা কণী পাৰিব পাৰে। পৃথিৱীত প্ৰায় তিনি সহস্ৰাধিক প্ৰজাতিৰ মহ পোৱাৰ তথ্য পোৱা যায়। এই প্ৰজাতিসমূহৰ ভিতৰত Aedes aegypti, Culex species, Culex tarsalis, Culex quinquefasciatus, Anopheles freeborni আদিয়ে প্ৰধান।

RelatedPosts

Holi2

Holi in Barpeta, Assam: A Symphony of Colors, Culture, and Devotion

March 4, 2026
“Putin has already shown what kind of ally he is”: why Russia is not saving Iran and what to expect next

“Putin has already shown what kind of ally he is”: why Russia is not saving Iran and what to expect next

March 3, 2026
Trump Confirms: Iran’s Ayatollah Khamenei Killed in Major Strikes

Will the US-Israel-Iran War and Iran’s Gulf Attacks Trigger a Major Crisis for India’s Oil, Trade, and Economy?

March 3, 2026

কিউলেক্স মহঃ

কিউলেক্স মহে সাধাৰণতে ৰাতিৰ সময়ছোৱাত ঘৰৰ ভিতৰত আৰু বাহিৰত  কামোৰে। ইহঁতে চৰাইবোৰক কামুৰিবলৈ বেছি পছন্দ কৰে যদিও মানুহকো কামুৰি অশান্তি কৰাৰ লগতে পশ্চিম নীল ভাইৰাছ, পশ্চিম/পূব অশ্বাৰোহী এনকেফেলাইটিছ ৰোগ সংক্ৰমণ কৰে।ইহঁতে প্ৰদূষিত পানীৰ ঠাই আৰু কৃত্ৰিম পাত্ৰৰ পানীৰ পৃষ্ঠত কণী পাৰে।(১)

এনোফিলিছ মহঃ

     বিয়লি সময়ত ঘৰৰ ভিতৰত আৰু বাহিৰত  মানুহ আৰু স্তন্যপায়ী প্ৰাণীক কামুৰি ভাল পোৱা এইবিধ মহে মেলেৰিয়া ৰোগ সংক্ৰমিত কৰে পুখুৰী, জলাশয় আদিত ইহঁতে কণী পাৰে।

আইডিছ মহঃ

  Aedes aegypti মহে এটা সময়ত প্ৰায় ১০০ টা কণী পাৰে।  আৰু সিহঁত সোণকালে পৰিপক্ক হয়।  আইডিছ মহৰ সমগ্ৰ জীৱনচক্ৰ (কণীৰ পৰা প্ৰাপ্তবয়স্ক)লৈকে মাত্ৰ ৭-১০ দিন লাগে।(২)

   ইহঁতে ভয়ানক ৰোগৰ বাহক হিচাপে কাম কৰে। জিকা, চিকুণকুনিয়া, ডেংগু আদি ৰোগ এইবিধ মহৰ দ্বাৰাই সংক্ৰমিত হয়।

মহে বাৰু আমাক কিয় কামোৰে? মহে নাকামোৰা হ’লে আমি দেখোন বহুতো ৰোগৰ পৰা হাত সাৰি থাকিবলৈ সক্ষম হ’লোহেঁতেন। আচলতে, মহৰ বংশবৃদ্ধিৰ বাবে প্ৰজনন কাৰ্য সমাপনৰ বাবে স্তন্যপায়ী প্ৰাণীৰ তেজ প্ৰয়োজন হয়। কেৱল সেয়ে নহয়, মহবোৰক জীয়াই থাকিবলৈয়ো স্তন্যপায়ী প্ৰাণীৰ তেজৰ প্ৰয়োজন হয়।

এইক্ষেত্ৰত মাইকী মহক প্ৰজনন আৰু জীৱন নিৰ্বাহ দুয়োটা ক্ষেত্ৰতে তেজৰ প্ৰয়োজন হয় বাবে মাইকী মহত বিশেষভাৱে ডিজাইন কৰা ষ্টিংগাৰ থাকে, যাৰ সহায়ত ইহঁতে মানুহ বা আন প্ৰাণীৰ শৰীৰৰ পৰা তেজ সংগ্ৰহ কৰে। 

     মহক লৈ বহুতো গৱেষণা আৰু পৰীক্ষা-নিৰীক্ষা চলি আহিছে। শেহতীয়াকৈ এটা পৰীক্ষাত গম পোৱা গৈছে যে মহে যে মানুহৰ শৰীৰৰ আন অংশতকৈ মহে ভৰিত বেছিকৈ আক্ৰমণ কৰে।  অৰ্থাৎ ভৰিত বেছিকৈ কামোৰে। মানুহৰ ভৰি অংশটো প্ৰায়ে উন্মুক্ত হৈ থাকে বাবে মহে এই অংশত সহজে আক্ৰমণ কৰিব পাৰে।

তদুপৰি মানুহৰ ভৰিত এপটাৰ মাইচেছ নামৰ এক প্ৰকাৰৰ বেক্টেৰিয়া থাকে।  ইহঁতৰ বিপাকীয় ক্ৰিয়াই এক প্ৰকাৰৰ গোন্ধ উৎপন্ন কৰে। মানুহে এই গোন্ধ অনুভৱ নকৰিলেও মহে সেই গোন্ধ সহজে পায়।  মহে এই বিশেষ গোন্ধটো ভাল পায়।  সেইবাবেই ভৰিৰ প্ৰতি তেওঁলোকৰ আকৰ্ষণ বেছি।

গ্ৰীষ্মৰ দিনত আমাৰ কাণৰ কাষত গান গোৱা গায়কসকল
 Culex species

      মহৰ প্ৰজাতি আৰু আকাৰৰ ওপৰত নিৰ্ভৰ কৰি বেলেগ বেলেগ পৰিমাণৰ তেজ শোহে।  কিন্তু কিছুমান মাইকী মহে খাদ্যগ্ৰহণৰ সময়ত নিজৰ সমগ্ৰ শৰীৰৰ ওজনৰ সমান তেজ খাব/শুহিব পাৰে।(৩) সেয়া হ’ব ৮০ কেজি ওজনৰ মানুহে ৰাতিৰ আহাৰত ৮০ কেজি খাদ্য খোৱাৰ দৰেই!      

  তেজ শুহাৰ পিছত মাইকী মহে আন্ধাৰ ঠাইৰ প্ৰতি  আকৰ্ষিত হয় আৰু তেনে ঠাইত লুকাই থাকি খাদ্য হজম কৰে।  গতিকে, ইহঁতে গাঢ় ৰঙৰ কাপোৰ পিন্ধা মানুহৰ শৰীৰত জিৰণি লোৱাৰ প্ৰৱণতাও থাকে। 

গ্ৰীষ্মৰ দিনত আমাৰ কাণৰ কাষত গান গোৱা গায়কসকল
Culex tarsalis

   বাস্তৱ আৰু কল্পিত বহুতো অদ্ভুত পৰিঘটনাৰ বাবে পূৰ্ণিমাৰ চন্দ্ৰক দোষাৰোপ কৰা হয়। পূৰ্ণিমাৰ চন্দ্ৰই মহৰ কাৰ্যকলাপ ৫০০ শতাংশ বৃদ্ধি কৰিব পাৰে।  কাৰণ মহে নিজৰ পৰৱৰ্তী আহাৰ বিচাৰিবলৈ দৃশ্যমান ইংগিত (visual cues) ব্যৱহাৰ কৰে, যিটো পূৰ্ণিমাৰ ৰাতি খুব সহজ হৈ পৰে। 

Culex quinquefasciatus Mosquito
Culex quinquefasciatus

    কেতিয়াবা এনেকুৱা হয় যে, মহে আপোনাক এবাৰৰ পাছত সিবাৰ কামোৰিছে অথচ কাষত বহি থকাজনক তেনেকৈ কামোৰা নাই অথবা আপোনাৰ কাষত থকা মানুহজনক মহে কামুৰি তৎ নোহোৱা কৰিছে অথচ আপোনাক কামোৰাই নাই।

আচলতে মহে  আমাৰ শৰীৰৰ কিছুমান ৰাসায়নিক পদাৰ্থৰ প্ৰতি সহজে আকৰ্ষিত হয়।  শৰীৰৰ তাপ, দুৰ্গন্ধ, মানুহ আৰু জীৱ-জন্তুৱে উশাহ লওঁতে নিৰ্গত কৰা কাৰ্বন ডাই অক্সাইড আৰু ঘামত পোৱা মৌল লেক্টিক এচিডৰ সংমিশ্ৰণৰ প্ৰতি মহ অতি সহজে আকৰ্ষিত হয়। মহে  নিজৰ সংগ্ৰাহক শক্তি আৰু দৃষ্টিশক্তি ব্যৱহাৰ কৰি চিকাৰ বিচাৰি উলিয়াই আৰু ৫০ মিটাৰ (প্ৰায় ১৬৪ ফুট) দূৰৰ পৰা পৰৱৰ্তী আহাৰ প্ৰত্যক্ষ কৰিব পাৰে।(৪)

      সঁচাকৈয়ে, মানুহৰ দৰেই  মহৰ জীৱনো বিচিত্ৰ নহয়নে?

Anopheles freeborni Mosquito
 Anopheles freeborni

তথ্যসূত্ৰঃ

১। https://www.ecolab.com

২।https://www.cdc.gov/dengue/resources/factSheets/MosquitoLifecycle

৩।https://uanews.arizona.edu/story/making-blood-sucking-deadly-for-mosquitoes

৪।https://www.smithsonianmag.com/science-nature/why-do-mosquitoes-bite-some-people-more-than-others-10255934/#TOGXy425Ci7DVmq2.99

mosquito 2

Images from different sources

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Editor

Editor

Related Posts

Holi2
Culture

Holi in Barpeta, Assam: A Symphony of Colors, Culture, and Devotion

by Tonoy Chakraborty
March 4, 2026
0

Holi in Barpeta, Assam: A Symphony of Colors, Culture, and Devotion TONOY CHAKRABORTY The Holi festival, celebrated across India as...

Read moreDetails
“Putin has already shown what kind of ally he is”: why Russia is not saving Iran and what to expect next

“Putin has already shown what kind of ally he is”: why Russia is not saving Iran and what to expect next

March 3, 2026
Trump Confirms: Iran’s Ayatollah Khamenei Killed in Major Strikes

Will the US-Israel-Iran War and Iran’s Gulf Attacks Trigger a Major Crisis for India’s Oil, Trade, and Economy?

March 3, 2026
Mahabahu and HCI in Shillong: NEHU Geography Students Rise to the Challenge of Climate Action

Mahabahu and HCI in Shillong: NEHU Geography Students Rise to the Challenge of Climate Action

March 2, 2026
তুষাৰ অদৃশ্য, বৰফ গলি আছে,  কিন্তু সুযোগ এতিয়াও আছে

Rivers at Risk: Climate-Induced Pressure, Conservation and Water Security in the Eastern Himalaya

March 2, 2026
Trump Confirms: Iran’s Ayatollah Khamenei Killed in Major Strikes

Trump Confirms: Iran’s Ayatollah Khamenei Killed in Major Strikes

March 1, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
The Brahmaputra River: A Transboundary Titan of Geomorphology, Ecology, and Geopolitics

A Historical Inquiry into Climate and Environment in Assam

March 5, 2026
Sanctuary to Prison: Women’s Rights Under Taliban Rule!

Women in Afghanistan: A Squirrel Has More Rights than a Woman in Afghanistan

March 4, 2026
HCI Climate Impact Tour 2026 – Part 2 : Mumbai

HCI Climate Impact Tour 2026 – Part 2 : Mumbai

March 4, 2026
Holi2

Holi in Barpeta, Assam: A Symphony of Colors, Culture, and Devotion

March 4, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    27988 shares
    Share 11195 Tweet 6997
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    11053 shares
    Share 4421 Tweet 2763
  • অসমদেশৰ স্বাধীনতা লুপ্ত কৰা চক্ৰান্তমূলক ইয়াণ্ডাবু সন্ধিপত্ৰখন!!

    139 shares
    Share 56 Tweet 35
  • Khring Khring Baitho Puja: Faith, Folklore and Identity of the Sonowal Kacharis

    110 shares
    Share 44 Tweet 28
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3506 shares
    Share 1402 Tweet 877
  • ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ ইয়াণ্ডাবু সন্ধিঃ অসমীয়াই নীৰৱে স্বাধীনতা হেৰুওৱা দিনটো

    104 shares
    Share 42 Tweet 26
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    4148 shares
    Share 1659 Tweet 1037
  • Manipur Sees Fresh Ethnic Tensions: Prohibitory Orders in Ukhrul’s Litan

    91 shares
    Share 36 Tweet 23
  • মিচিং সমাজ আৰু সংস্কৃতি

    3492 shares
    Share 1397 Tweet 873
  • From the Brahmaputra to the Himalayas: How a Youth Climate Handbook Launched in Pune Carries the Voice of ASSAM

    75 shares
    Share 30 Tweet 19
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d