গ্ৰীষ্মৰ দিনত আমাৰ কাণৰ কাষত গান গোৱা গায়কসকল
মানস প্ৰতিম দত্ত

কাণৰ ওচৰত গীটাৰ বজাই গৰমৰ দিনত আমাক অশান্তি দিয়া বিখ্যাত গায়কসকল বুলিলে আমি কাৰ কথা বুজিম বাৰু?
হয়, ঠিকেই ধৰিছে আমি মহৰ কথাই ক’ম।
গধূলি সময়ত চেঁচা বতাহৰ সুবাস লৈ থাকোতে হাতে ভৰিয়ে কামুৰি আমাক একো একোজন নৰ্তকলৈ বা নৃত্য -পটীয়সীলৈ ৰূপান্তৰিত কৰা আঁৰৰ প্ৰাণীবিধেই মহ নহয়নে? মহৰ ইংৰাজী প্ৰতিশব্দ হ’ল Mosquito। ই স্পেনিছ ভাষাৰ শব্দ, যাৰ অৰ্থ হৈছে ‘সৰু মাখি‘।

অন্য এক জনশ্ৰুতি মতে এই শব্দটো সংস্কৃত ভাষাৰ মাশক শব্দৰ পৰা আহিছে। মহৰ প্ৰজাতিৰ ওপৰত নিৰ্ভৰ কৰি জীৱনচক্ৰ সম্পূৰ্ণ হ’বলৈ ১ৰ পৰা ৪ মাহ সময় লাগে।
আচৰিত লাগিলেও এই কথা সত্য যে, প্ৰতিজনী মাইকী মহে এটা সময়ত প্ৰায় ২০০টা কণী পাৰিব পাৰে। পৃথিৱীত প্ৰায় তিনি সহস্ৰাধিক প্ৰজাতিৰ মহ পোৱাৰ তথ্য পোৱা যায়। এই প্ৰজাতিসমূহৰ ভিতৰত Aedes aegypti, Culex species, Culex tarsalis, Culex quinquefasciatus, Anopheles freeborni আদিয়ে প্ৰধান।
কিউলেক্স মহঃ
কিউলেক্স মহে সাধাৰণতে ৰাতিৰ সময়ছোৱাত ঘৰৰ ভিতৰত আৰু বাহিৰত কামোৰে। ইহঁতে চৰাইবোৰক কামুৰিবলৈ বেছি পছন্দ কৰে যদিও মানুহকো কামুৰি অশান্তি কৰাৰ লগতে পশ্চিম নীল ভাইৰাছ, পশ্চিম/পূব অশ্বাৰোহী এনকেফেলাইটিছ ৰোগ সংক্ৰমণ কৰে।ইহঁতে প্ৰদূষিত পানীৰ ঠাই আৰু কৃত্ৰিম পাত্ৰৰ পানীৰ পৃষ্ঠত কণী পাৰে।(১)
এনোফিলিছ মহঃ
বিয়লি সময়ত ঘৰৰ ভিতৰত আৰু বাহিৰত মানুহ আৰু স্তন্যপায়ী প্ৰাণীক কামুৰি ভাল পোৱা এইবিধ মহে মেলেৰিয়া ৰোগ সংক্ৰমিত কৰে পুখুৰী, জলাশয় আদিত ইহঁতে কণী পাৰে।
আইডিছ মহঃ
Aedes aegypti মহে এটা সময়ত প্ৰায় ১০০ টা কণী পাৰে। আৰু সিহঁত সোণকালে পৰিপক্ক হয়। আইডিছ মহৰ সমগ্ৰ জীৱনচক্ৰ (কণীৰ পৰা প্ৰাপ্তবয়স্ক)লৈকে মাত্ৰ ৭-১০ দিন লাগে।(২)
ইহঁতে ভয়ানক ৰোগৰ বাহক হিচাপে কাম কৰে। জিকা, চিকুণকুনিয়া, ডেংগু আদি ৰোগ এইবিধ মহৰ দ্বাৰাই সংক্ৰমিত হয়।
মহে বাৰু আমাক কিয় কামোৰে? মহে নাকামোৰা হ’লে আমি দেখোন বহুতো ৰোগৰ পৰা হাত সাৰি থাকিবলৈ সক্ষম হ’লোহেঁতেন। আচলতে, মহৰ বংশবৃদ্ধিৰ বাবে প্ৰজনন কাৰ্য সমাপনৰ বাবে স্তন্যপায়ী প্ৰাণীৰ তেজ প্ৰয়োজন হয়। কেৱল সেয়ে নহয়, মহবোৰক জীয়াই থাকিবলৈয়ো স্তন্যপায়ী প্ৰাণীৰ তেজৰ প্ৰয়োজন হয়।
এইক্ষেত্ৰত মাইকী মহক প্ৰজনন আৰু জীৱন নিৰ্বাহ দুয়োটা ক্ষেত্ৰতে তেজৰ প্ৰয়োজন হয় বাবে মাইকী মহত বিশেষভাৱে ডিজাইন কৰা ষ্টিংগাৰ থাকে, যাৰ সহায়ত ইহঁতে মানুহ বা আন প্ৰাণীৰ শৰীৰৰ পৰা তেজ সংগ্ৰহ কৰে।
মহক লৈ বহুতো গৱেষণা আৰু পৰীক্ষা-নিৰীক্ষা চলি আহিছে। শেহতীয়াকৈ এটা পৰীক্ষাত গম পোৱা গৈছে যে মহে যে মানুহৰ শৰীৰৰ আন অংশতকৈ মহে ভৰিত বেছিকৈ আক্ৰমণ কৰে। অৰ্থাৎ ভৰিত বেছিকৈ কামোৰে। মানুহৰ ভৰি অংশটো প্ৰায়ে উন্মুক্ত হৈ থাকে বাবে মহে এই অংশত সহজে আক্ৰমণ কৰিব পাৰে।
তদুপৰি মানুহৰ ভৰিত এপটাৰ মাইচেছ নামৰ এক প্ৰকাৰৰ বেক্টেৰিয়া থাকে। ইহঁতৰ বিপাকীয় ক্ৰিয়াই এক প্ৰকাৰৰ গোন্ধ উৎপন্ন কৰে। মানুহে এই গোন্ধ অনুভৱ নকৰিলেও মহে সেই গোন্ধ সহজে পায়। মহে এই বিশেষ গোন্ধটো ভাল পায়। সেইবাবেই ভৰিৰ প্ৰতি তেওঁলোকৰ আকৰ্ষণ বেছি।

মহৰ প্ৰজাতি আৰু আকাৰৰ ওপৰত নিৰ্ভৰ কৰি বেলেগ বেলেগ পৰিমাণৰ তেজ শোহে। কিন্তু কিছুমান মাইকী মহে খাদ্যগ্ৰহণৰ সময়ত নিজৰ সমগ্ৰ শৰীৰৰ ওজনৰ সমান তেজ খাব/শুহিব পাৰে।(৩) সেয়া হ’ব ৮০ কেজি ওজনৰ মানুহে ৰাতিৰ আহাৰত ৮০ কেজি খাদ্য খোৱাৰ দৰেই!
তেজ শুহাৰ পিছত মাইকী মহে আন্ধাৰ ঠাইৰ প্ৰতি আকৰ্ষিত হয় আৰু তেনে ঠাইত লুকাই থাকি খাদ্য হজম কৰে। গতিকে, ইহঁতে গাঢ় ৰঙৰ কাপোৰ পিন্ধা মানুহৰ শৰীৰত জিৰণি লোৱাৰ প্ৰৱণতাও থাকে।

বাস্তৱ আৰু কল্পিত বহুতো অদ্ভুত পৰিঘটনাৰ বাবে পূৰ্ণিমাৰ চন্দ্ৰক দোষাৰোপ কৰা হয়। পূৰ্ণিমাৰ চন্দ্ৰই মহৰ কাৰ্যকলাপ ৫০০ শতাংশ বৃদ্ধি কৰিব পাৰে। কাৰণ মহে নিজৰ পৰৱৰ্তী আহাৰ বিচাৰিবলৈ দৃশ্যমান ইংগিত (visual cues) ব্যৱহাৰ কৰে, যিটো পূৰ্ণিমাৰ ৰাতি খুব সহজ হৈ পৰে।

কেতিয়াবা এনেকুৱা হয় যে, মহে আপোনাক এবাৰৰ পাছত সিবাৰ কামোৰিছে অথচ কাষত বহি থকাজনক তেনেকৈ কামোৰা নাই অথবা আপোনাৰ কাষত থকা মানুহজনক মহে কামুৰি তৎ নোহোৱা কৰিছে অথচ আপোনাক কামোৰাই নাই।
আচলতে মহে আমাৰ শৰীৰৰ কিছুমান ৰাসায়নিক পদাৰ্থৰ প্ৰতি সহজে আকৰ্ষিত হয়। শৰীৰৰ তাপ, দুৰ্গন্ধ, মানুহ আৰু জীৱ-জন্তুৱে উশাহ লওঁতে নিৰ্গত কৰা কাৰ্বন ডাই অক্সাইড আৰু ঘামত পোৱা মৌল লেক্টিক এচিডৰ সংমিশ্ৰণৰ প্ৰতি মহ অতি সহজে আকৰ্ষিত হয়। মহে নিজৰ সংগ্ৰাহক শক্তি আৰু দৃষ্টিশক্তি ব্যৱহাৰ কৰি চিকাৰ বিচাৰি উলিয়াই আৰু ৫০ মিটাৰ (প্ৰায় ১৬৪ ফুট) দূৰৰ পৰা পৰৱৰ্তী আহাৰ প্ৰত্যক্ষ কৰিব পাৰে।(৪)
সঁচাকৈয়ে, মানুহৰ দৰেই মহৰ জীৱনো বিচিত্ৰ নহয়নে?

তথ্যসূত্ৰঃ
২।https://www.cdc.gov/dengue/resources/factSheets/MosquitoLifecycle
৩।https://uanews.arizona.edu/story/making-blood-sucking-deadly-for-mosquitoes

Images from different sources
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)