-ৰঞ্জনা কোঁচ বকলীয়াল |
গ্ৰেটা থুনবাৰ্গ পৃথিৱীৰ এনে এগৰাকী কিশোৰী, যিয়ে আমাৰ ভৱিষ্যতৰ চিন্তাত চকুৰ টোপনি হেৰুৱাইছে । হেৰুৱাইছে পখিলা খেদাৰ বয়স । যি সময়ত তেওঁৰ দৰে কিশোৰীৰ দুচকুত যৌৱনৰ মিঠা স্বপ্নই ভিৰ কৰিব লাগিছিল সেই সময়ত পৃথিৱী ধ্বংসৰ ভীতি বিহ্বল দৃশ্য তেওঁৰ চকুত, তেওঁৰ চিন্তাত ভিৰ কৰিছেহি ।আমাক লৈ ভীষণ নিৰাপত্তাহীনতাত ভোগা ছোৱালীজনীয়ে বিশ্বৰ দেশে দেশে ঘুৰিছে কেৱল মাত্ৰ এটাই উদেশ্য লৈ -পৃথিৱী বচাওক, আমাক আমাৰ শৈশৱ ঘুৰাই দিয়ক অথবা ‘আপোনালোকে মোৰ সপোন ,মোৰ শৈশৱ কাঢ়ি নিছে ,সেউজ গৃহ গেছৰ নিৰ্গমন ৰোধ কৰাত চৰম উদাসীনতাৰ পৰিচয় দিছে আৰু আমাৰ প্ৰজন্মৰ ভৱিষ্যত অন্ধকাৰ দিশলৈ ঠেলি পঠাইছে ,আমাক এনেকৈ প্ৰতাৰণা কৰাৰ দুঃসাহস আপোনালোকে দেখুৱাব পাৰে কেনেকৈ ‘ ?
গ্ৰেটা এতিয়া সৰ্বত্ৰ সামাজিক মাধ্যমৰ বাবে এক আকৰ্ষণ ।টি ভি তে হওঁক ,কাকততে ,ফেচবুক অথবা আন যিকোনো মাধ্যমতে গ্ৰেটাৰ ভাষণ অথবা বক্তব্যবোৰ এপলক হলেও আপোনাৰ মোৰ দৰে সকলোৱে চকু থৰ কৰি চোৱাৰ পৰা নিজকে বিৰত কৰিব নোৱাৰোঁ।আত্মবিশ্বাসী, দুৰদৰ্শী এইগৰাকী পৰিৱেশকৰ্মীৰ ওপৰত আলোকপাত কৰা ভি ডি ও বোৰে মুহূৰ্তত পাবলৈ সক্ষম লাখ লাখ শ্বেয়াৰ ,ফ’লৱাৰ্ছ(Followers), ভিঅ’ৱাৰ্ছ(Viewers) ।তাৰে ভিতৰত আপুনি অথবা ময়ো এজন ।অথচ এইগৰাকী গ্ৰেটালৈ সহাঁৰি জনোৱা নৈতিক অধিকাৰ আমাৰ আছেনে ?ভাবক
গ্ৰেটাৰ কথা বাদ দিয়ক ।সদ্যহতে আমাৰ কথাকে কওঁ ।
ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত গা কৰি উঠা স্বচ্ছ ভাৰত অভিযান অথবা প্লাষ্টিক বৰ্জন কাৰ্যসূচী বোৰলৈ মন কৰকচোন,নিজেই বুজি পাব ভিতৰৰ কথাবোৰ।আগফালে বৰ চুৰীয়াৰ ফেৰ ,পিছফালে ঢকুৱাৰ বেৰ হেন কথাবোৰ ।দিনৌ এনে কাৰ্যসূচীৰ নামত খৰচ হয় লাখৰ পৰা কোটি টকা পৰ্যন্ত ।স্বচ্ছ ভাৰতৰ নামত মন্ত্ৰী, নেতা পালি পহৰীয়াৰ হাতত মেডিয়াৰ আগত বাঢ়নি ,ঝাৰু লৈ বিভিন্ন ভংগীমাৰ ফটো ,সুন্দৰ সুন্দৰ ভাষণ ,কি যে নিখুঁত অভিনয় সকলোৰে । আডম্বড়পূৰ্ণভাৱে ফু -মাৰি ভাত খাব পৰা বাতৰি প্ৰচাৰ কৰাৰ পাছত ঠাইখন হৈ পৰে বকৰাণিসদৃশ । কেমেৰা আতৰিল মানেই সকলো আগৰ দৰেই ।ক’ৰ বাঢ়নি কত গৈ পৰিল ,ক’ৰ ডাষ্টবিন কিহেৰে ভৰিল কাৰ কি দৰকাৰ । আমাৰ ঘৰৰ ,দোকানৰ ,গোদামৰ যিমানবোৰ আৱৰ্জনা আছে, আন আৰু ইয়াতেই পেলা । সেই জাৱৰৰ দমে কাৰ কি ক্ষতি কৰিছে ,কাৰ বাবে ভাবুকি কঢ়িয়াই আনিছে আমাৰ কি দৰকাৰ ।ডাষ্টবিনবোৰ নামতহে ।দুমাহৰ অন্ততো চাফা কৰাৰ সময় নাই ,সংশ্লিষ্ট বিভাগৰ । প্লাষ্টিকেৰে নলা-নৰ্দমা পোত গৈ আছে ,কৃত্ৰিম বানেৰে ঠাইবোৰ বুৰাই পেলাইছে ,চৰকাৰে কৰিলে কৰক আমি কি কৰিম ।আমি প্ৰায়েইতো কথাবোৰ তেনেকৈয়ে কওঁ ।
পুৱাই প্ৰাতঃ ভ্ৰমণ আমাৰ শৰীৰৰ বাবে বৰ লাভদায়ক ,গতিকে সোনকালে বিচনা এৰি ভ্ৰমণলৈ যাব লাগে ।লগতে আগদিনা গোটাই থোৱা ঘৰৰ জাৱৰ পলিথিনৰ পেকেট দুটা হাততে লৈ গৈ ৰাস্তাৰ কাষৰ নলাত সাউতকৈ ভৰাই থব লাগে ।যাহওক দেহাতো ভালে থাকিবলৈ এইখিনি কৰিবই লাগিব নহয়নে ? বাকী পলিথিন ভৰাই নলাটো বন্ধ হৈছে হৈ থাকক (,টেনচন নহী লেনে কা)
ভাৰতত এতিয়া চলি আছে প্লাষ্টিক বৰ্জন উৎসৱ(মানে মাজে সময়ে বছেৰেকত দুই এবাৰ হয় কাৰণেই উৎসৱ বুলিলো ) দোকান ,স্কুল, ৰাস্তাৰ কাষৰ বেৰ ,সামাজিক অনুষ্ঠান, হস্পিতাল ,সামাজিক মাধ্যম সকলোতে কিন্তু এই প্লাষ্টিক বৰ্জনৰ আহ্বান ।দুদিনমান পূৰ্বে দেশৰ প্ৰধানমন্ত্ৰীয়ে প্ৰাতঃভ্ৰমণৰত অৱস্থাত প্লাষ্টিক বুটলি ফুৰাৰ দৃশ্যইয়ো আমাক বেছ প্ৰভাৱিত কৰিছিল।আমিও সভাই-সমিতিয়ে এইবোৰকে চিঞৰিছোঁ ,অথবা হাততালি দি সমৰ্থন দিছোঁ অথচ ঘৰলৈ পাছলিৰ বজাৰ কৰিবলৈ,মাছ মাংস ভৰাই আনিবলৈ আমাক লাগে একোটা পলিথিনৰ বেগ ।দোকানীক কওঁ -‘হেৰা ,পলিথিন আছে যদি এটা দিয়াহে ,মোনাখন লেতেৰা কৰিব মন নাই ,কাকো নকওঁ বাৰু, ভয় নকৰিবা ‘ । সেয়ে এইচাম বেপাৰী ,এইচাম প্লাষ্টিক বেগ বনোৱা উদ্যোগীবোৰে আমাৰ প্লাষ্টিক প্ৰীতিৰ সুবিধা লৈ বিনাদ্বিধাই প্লাষ্টিক বজাৰত মুকলি কৰিয়ে আছে ।
অ’ পাহৰিছিলোৱে ,আপোনাৰ সৰু ল’ৰা ছোৱালীবোৰে চকলেট, চিপচ খাই ,মেংগ ফূৰ্টি খাই ভাল পায় চাগে ।আৰু দৰকাৰত আপুনিও পানীৰ বটল একোটা গাড়ীত উঠাৰ আগেয়ে কিনি লয় ন ?সেইবোৰ
আপুনি ডাষ্টবিন ত পেলাবলৈ গোটাই ৰাখেনে ,নে গাড়ীৰ পৰাই ফটাফট সেইবোৰ ৰাষ্টাৰ কাষলৈ খিৰিকিৰে দলিয়াই পেলায় ? এইবোৰো একপ্ৰকাৰৰ কলা বুজিছে । গতিকে কৰিব লাগে ।
বিশ্ব পৰিবেশ দিৱসত বিভিন্ন ভংগীমা দি ফটো গছপুলি ৰোপণৰ ফটো দুখনমান আপলোডাইছোঁ ,(কেপচন দিছোঁ feeling very happy)অথচ ৰুৱাৰ পাছদিনাই যত্নৰ অভাৱত মৰিবলৈ ধৰা গছপুলি ডাললৈ ঘূৰি চোৱাৰ আমাৰ আগ্ৰহো নাই তিলমাত্ৰ ।কেৱল বাহঃ বাহঃ লোৱাই আমাৰ কাম ।প্ৰতিবছৰে পৰিবেশ দিৱসৰ নামত ৰোৱা লাখ লাখ গছপুলি যদি বাচি থাকিলহেতেন হয়তো আমাৰ পৃথিৱীয়ে ইমান গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে আমাক জগৰীয়া কৰাৰ থল নাথাকিলহেতেন ।
ঘৰ বনোৱা,ৰাস্তা বনোৱা ,ব্যৱসায়িক প্ৰতিস্থান বনোৱা ,উৎসৱ পাৰ্বণ আদিৰ আচিলাৰে নিতৌ আমি ধ্বংস কৰিছোঁ বনাঞ্চল । মুক্ত, স্বচ্ছ বিশুদ্ধ বায়ু সেৱনৰ পৰা আমি আমাক আৰু আমাৰ উত্তৰ প্ৰজন্মক বঞ্চিত কৰিছোঁ এনেকৈয়ে ।
উচ্চ প্ৰাবল্যৰ অতিশব্দেৰে বাইক ,গাড়ী ,চলাইছোঁ ,ডি জে বজাই নাচিছোঁ ,সৃষ্টি কৰিছোঁ শব্দ প্ৰদুষণৰ ।
এইযে দেৱালী আহিছে, ই কেৱল পোহৰৰ উৎসৱ হৈ আমাক কাহানিও নিৰ্মল
শান্তি দিয়া নাই আজিকোপতি ।ফটকা ,বাৰুদ,আতচবাজীৰ কাণ তাল মৰা শব্দই ,বিষাক্ত ধোঁৱা আৰু ধূলিয়ে আমাক দিয়ে তৃপ্তি । কাৰণ আমিয়ে জীৱশ্ৰেষ্ঠ ,গতিকে এনেদৰে উন্মাদ হোৱাৰ সামৰ্থ্য কেৱল আমাৰহে আছে ।
কল-কাৰখানা ,ক্ষুদ্ৰ উদ্যোগ ,বৃহৎ উদ্যোগ আদিৰ পৰা ওলোৱা প্ৰদূষিত দ্ৰব্যবোৰ মুকলিকৈ নদী,জান জুৰি অথবা আৱাসিক এলেকাৰ কাষত এৰি দি আমাৰ কৰ্তব্য সমাপন কৰিছোঁ।আৰু মৃত্যুৰ সতে জীৱনৰ এখন নিত্য -নৈমিত্তিক চুক্তি ত স্বাক্ষৰ কৰিছোঁ ।ধন্য আমি ,ধন্য আমাৰ মানসিকতা ।
আজিকালি হাতে হাতে স্মাৰ্টফোন , ইবিধ নহলেই যেন জীৱন অচল। বহুত সুবিধা ইবিলাকৰ নহয়নে ?গতিকে যেয়ে যেনেকে পাৰে থ্ৰি জি ,ফ’ৰ জি……,ফাইভ জি ।
অ’ ৰব আহি আছে ফাইভ জি । ইমান সুবিধা এইবোৰৰ ,ঘৰতে বহি বহি জীৱনৰ সোৱাদ বোটলা ।মবাইল নেটৱৰ্কিং কম্পেনীবোৰে আমাক যে কিমান বুজে (সচাকৈ নে??)আনলিমিটেড ডাটা ,নেটপেক ,গুগল ,আৰু কি লাগে আপোনাক(বচ বটন ডবাইয়ে অউৰ আপকা মনপচণ্ড সব কুচ)
এই যে উচ্চ প্ৰাবল্যৰ নেটৱৰ্কৰ বাবে দিনে দিনে চকুৰ আগতে ক্ষতিগ্ৰস্ত হৈছে আমাৰ পৃথিৱী ,আমাৰ প্ৰকৃতি,আমাৰ উত্তৰ পুৰুষৰ শাৰিৰীক মানসিক বিকাশৰ গতি ,বৃদ্ধি পাইছে জলবায়ু ৰ উষ্ণতা ,ভাৰসাম্যতা হেৰুৱাবলৈ গৈছে পৃথিৱী ।কতা আমাৰ আক্ষেপ জানো আছে ,ভ্ৰুক্ষেপ কৰিছোঁনে এবাৰলৈও ।এবাৰলৈও ভাবিছোনে ময়ো এই ধ্বংসৰ অংশীদাৰ এজন ।
কি প্ৰয়োজন এইবোৰ ভবাৰ কেৱল গ্ৰেটাৰ দৰে মহান কিশোৰী এজনীক আমি তোষামোদ কৰাই আমাৰ কাম ,সেয়ে আমি তেওঁক শ্বেয়াৰ কৰিছোঁ আৰু ইতিকিং কৰিছোঁ-
‘ চোৱা গ্ৰেটা আমি তোমাক সমৰ্থন দিছোঁ ,তোমাৰ কথাবোৰ লাইক কৰিছোঁ এইদৰে তোমাক আমি আগুৱাই লৈ যাম ,কিন্তু কৰিবলগীয়া খিনি কেৱল তুমি অকলেই কৰিবা ,তাত আমাৰ অংশগ্ৰহণ আশা নকৰিবা’।
এতিয়া আপুনিয়ে ভাবক ,আমি প্ৰকৃততে গ্ৰেটাৰ প্ৰতি সহাঁৰি জনোৱাৰ নৈতিক অধিকাৰ আছেনে ? পৃথিৱী ৰক্ষাৰ আহ্বান জনোৱা কিশোৰী গ্ৰেটাৰ সুন্দৰ সপোনবোৰ ভৰিৰে মোহাৰাৰ অধিকাৰ আমাক কোনে দিলে ? যদি নাই বন্ধ কৰক তোষামোদ ।পৃথিৱী ধ্বংসৰ প্ৰক্ৰিয়াত যেনেদৰে লাগি আছে লাগি থাকক ।
তেওঁক(গ্ৰেটা)তোষামোদ নকৰিবা অদুৰ ভৱিষ্যতে নহলে আমাৰেই গ্ৰেটাহতে আমাক চকু পকাই ঘুৰাই বিচাৰিৰ সিহঁতৰ শৈশৱ।
উত্তৰ আছেনে আপোনাৰ হাতত
উত্তৰ দিবনে?
[ এটা কথা কৈ থওঁ দেই তপকৈএই ৰচনাখন লিখাজনী কেৱল টি টি এম পি ডিগ্ৰীধাৰীহে ,গতিকে অল্পবিদ্যা ভয়ংকৰী বুলিলেও বোলক,মনত অহাখিনিকে কৈ পেলালোঁ ,
ধন্যবাদেৰে
ৰঞ্জনা কোচঁ বকলীয়াল ]