• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, May 10, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home ASSAMESE SECTION

আজি গৰুবিহু

ASSAMESE SECTION/ Bihu / Culture

by Anjan Sarma
April 14, 2026
in ASSAMESE SECTION, Cultural
Reading Time: 4 mins read
0
আজি গৰুবিহু
Share on FacebookShare on TwitterShare on LinkedIn

গৰুবিহু

অঞ্জন শৰ্মা

Bihu1 1

আজি কিয় জানো মনত পৰিল কৈশোৰ কাললৈ

পৃথিৱীখন তেতিয়া ‘ডিজিটেল‘ নাছিল, তেতিয়া

আমাৰ এহাল বলধ আছিল

আমাৰ কেইবাজনীও গাই আছিল

RelatedPosts

bihu2

ব’হাগ আৰু অসমৰ অৰ্থনীতি

May 8, 2026
backview of sad child waiting on a glass window

শিশু সকলৰ মানসিক অৱস্থাৰ খবৰ ৰাখিছোনে? 

May 3, 2026
পেৰাফিলিয়া : যৌন আকৰ্ষণ আৰু বিকাৰ

পেৰাফিলিয়া : যৌন আকৰ্ষণ আৰু বিকাৰ

May 2, 2026

কেইজনীমান ছাগলীও আছিল

আমাৰ গোহালি আছিল ‘ডুপ্লেক্স‘ জাতীয়

গৰু-ছাগলীয়ে ওপৰমহলাত বিশ্ৰাম কৰিছিল

‘গ্ৰাউন্ড ফ্লোৰ’ত তুঁহ-খেৰেৰে ‘থুপা’ দিয়া হৈছিল

আজিকালিৰ ‘গুড্নাইট কইল‘ জ্বলোৱাৰ দৰেই

গৰু-ছাগলীক যাতে মহ-ডাঁহে খাব নোৱাৰে

ব’হাগ পৰাৰ বহুদিন আগতেই 

           আমিবোৰ ব‍্যস্ত হৈ পৰিছিলো

‘গৰুবিহু’ক লৈ।

পাঠশালা ৰেল-ষ্টেচনৰ কাষতেই আছিল

                                            আমাৰ ঘৰ

path

ৰেলপথৰ কাষে কাষে বলধহালক, গাইকেইজনীক

আমি ৰং-ৰহইচ কৰি লৈ গৈছিলো গৰুবিহুৰ দিনা

লক্ষ‍্যস্থান আছিল ‘তুৰ্কুনি’ নামৰ কুৰ্

আ: কি আনন্দ তুৰ্কুনিৰ জলভান্ডাৰত

শত শত গৰুৰ সৈতে আমিও সাতুৰিছিলো

বলধৰ নেগুৰত ধৰি ইপাৰ-সিপাৰ হৈছিলো

লাও খা- বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা

আমি আওৰাইছিলো

goru 1

পৃথিৱীখন ‘ডিজিটেল’ নাছিল

‘চেনেল বিহু’ৰ সন্ত্ৰাস নাছিল

বিহুৰ ছান্দা নাছিল, মঞ্চৰ বিহুও নাছিল

                              কপৌফুল ফুলিছিল

                              কুলিয়েও মাতিছিল

গৰুবিহুৰ পিছদিনা আমিও গা ধুই

‘বিহান’ লৈছিলো

দিনবোৰ ৰঙালী আছিল

মনবোৰ ৰঙালী আছিল।

rail

# # #

আজি মনত পৰিছে কৈশোৰ কাল, কাৰণ

আজি গৰুবিহু!

যোৱাৰাতিৰে পৰাই ‘শুভেচ্ছা’ৰে ভৰিছে মোবাইল

মই কাকো প্ৰত‍্যুত্তৰ দিয়া নাই

কাকো ‘শুভেচ্ছা’ও দিয়া নাই

‘চিন্থেটিক শুভেচ্ছা’ দিবলৈ মন যোৱা নাই!

যোৱাবছৰ, যোৱাবছৰৰ আগৰ বছৰ

তাৰো আগৰ বছৰ, বছৰ বছৰ, বহু বছৰ

কিমানক যে কিমান ‘শুভেচ্ছা’ দিলো-

ইংৰাজী নৱবৰ্ষ, উৰুকা, ভোগালী বিহু

সৰস্বতী পূজা, দৌল বা ফাকুৱা, ঈদ্

জন্মাষ্টমী, গৰুবিহু, ৰঙালী বিহু, ব’হাগী বিদায়

বুদ্ধ পূৰ্ণিমা, মহালয়া, দূৰ্গাপূজা, বিজয়া

লক্ষ্মীপূজা, দেৱালী, কালীপূজা, ৰাসলীলা

বৰদিন, শিৱৰাত্ৰি, গণেশ পূজা….

ব’ল ব’ম, দান্দিয়া, ছট্-পূজা, ভেলেন্টাইন দেৱৰ তিৰোভাৱ তিথি

চৰকাৰৰ সোণোৱালী উৎসৱত

সাহিত্য সভাৰ অধিৱেশনত!!

[ শোকবাৰ্তা, জন্মদিনৰ শুভেচ্ছা, কৃতিত্বৰ কথা সুকীয়া]

সেই যে বছৰ বছৰ শত-সহস্ৰ ‘শুভেচ্ছা’ দিলো

আৰু গ্ৰহণো কৰিলো…..

আজি ইমান হুলস্থূলীয়া ‘ৰঙালী’ত কিয় জানো

নিৰৰ্থক যেন অনুভৱ হৈছে, কিয় জানো

মনটো অকণো ‘ৰঙালী’ হোৱা নাই!

ইমান হুলস্থূলেও কিয় জানো পাহৰাব পৰা নাই

দুশ বছৰীয়া ইয়ান্ডাবু

আঠাত্তৰ বছৰীয়া অলিখিত দ্বিতীয় ইয়ান্ডাবু

চল্লিশ বছৰে উমনি দি থকা অসম চুক্তিৰ ঘোলাকণীটো

আমাৰ ইতিহাস, আমাৰ….!

কিয় জানো ভাব হৈছে

ৰঙালী, ভোগালী, ইত‍্যাদিৰ নামত সমগ্ৰবৰ্ষ

জাগ্ৰত হোৱাতকৈ 

যদি সচাই জাগ্ৰত হৈ থাকিলোহেতেন 

মাতৃভূমিৰ বাবে…..!!

আজি গৰুবিহু।

চকুৰে দেখি আছো জীৱন্তকালতে কৰি থকা

মৰণোত্তৰ অস্ত্ৰোপচাৰ, আমাৰ!!

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.

 

 

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Anjan Sarma

Anjan Sarma

Related Posts

bihu2
ASSAMESE SECTION

ব’হাগ আৰু অসমৰ অৰ্থনীতি

by Dhrupadi Bezbarua
May 8, 2026
0

ব’হাগ আৰু অসমৰ অৰ্থনীতি ধ্ৰুপদী বেজবৰুৱা ব’হাগ অসমীয়াৰ প্ৰাণৰ মাহ , অসমীয়াৰ সাহৰ মাহ ৷ বছৰটো বাগৰাৰ লগে লগে ধনে-ধানে ,...

Read moreDetails
backview of sad child waiting on a glass window

শিশু সকলৰ মানসিক অৱস্থাৰ খবৰ ৰাখিছোনে? 

May 3, 2026
পেৰাফিলিয়া : যৌন আকৰ্ষণ আৰু বিকাৰ

পেৰাফিলিয়া : যৌন আকৰ্ষণ আৰু বিকাৰ

May 2, 2026
মোগল সম্ৰাটৰ হাৰেমত মহিলাৰ যৌন জীৱন

মোগল সম্ৰাটৰ হাৰেমত মহিলাৰ যৌন জীৱন

May 2, 2026
বিচ্ছিন্ন পৰিচয় বিকাৰ ! ব্যক্তি এক – পৰিচয় অনেক !

বিচ্ছিন্ন পৰিচয় বিকাৰ ! ব্যক্তি এক – পৰিচয় অনেক !

April 23, 2026
ইংৰাজী উচ্চাৰণৰ বিষয়ে যৎকিঞ্চিত – ১

ইংৰাজী উচ্চাৰণৰ বিষয়ে যৎকিঞ্চিত – ১

April 22, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Urban Mobility, Women Safety and Climate Change: Building Gender Inclusive Cities in India

Urban Mobility, Women Safety and Climate Change: Building Gender Inclusive Cities in India

May 9, 2026
Sangken Festival: The Tai New Year’s Sacred Splash

Sangken Festival: The Tai New Year’s Sacred Splash

May 9, 2026
Tamil Nadu vs Assam: What is the Future of Regional Politics in India?

Tamil Nadu vs Assam: What is the Future of Regional Politics in India?

May 9, 2026
NEHU Shillong Hosts Historic Global Plant Humanities Summit as Scholars from Across the World Reimagine Humanity’s Bond with Nature

NEHU Shillong Hosts Historic Global Plant Humanities Summit as Scholars from Across the World Reimagine Humanity’s Bond with Nature

May 8, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    31925 shares
    Share 12770 Tweet 7981
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    13729 shares
    Share 5492 Tweet 3432
  • NEHU Shillong Hosts Historic Global Plant Humanities Summit as Scholars from Across the World Reimagine Humanity’s Bond with Nature

    168 shares
    Share 67 Tweet 42
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3702 shares
    Share 1481 Tweet 926
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6509 shares
    Share 2604 Tweet 1627
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

    911 shares
    Share 364 Tweet 228
  • Love in the Age of Ghosting and Situationships

    75 shares
    Share 30 Tweet 19
  • Guwahati Flood Crisis: How City Is Sinking Under Decades of Urban Neglect

    74 shares
    Share 30 Tweet 19
  • Assam Crisis : How Melting Glaciers, Rising Seas & Decades of Political Neglect Are Threatening Indigenous Communities

    73 shares
    Share 29 Tweet 18
  • Mind-Blowing Literary Fusion: Reading Jiban Narah’s Soulful Assamese Poems While Devouring Haruki Murakami’s Memoir 

    63 shares
    Share 25 Tweet 16
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d