• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Friday, June 2, 2023
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle food

গৰুৰ গাখীৰৰ বিকল্প ১০০% ‘ভেগান’ গাখীৰ আমেৰিকাত প্ৰস্তুত হ’ল

দিলীপ দৈমাৰী

by Admin
June 27, 2022
in food, Health, Science, Tech
Reading Time: 2 mins read
0
গৰুৰ গাখীৰৰ বিকল্প ১০০% ‘ভেগান’ গাখীৰ আমেৰিকাত প্ৰস্তুত হ’ল
Share on FacebookShare on TwitterShare on LinkedIn

গাখীৰ

দিলীপ দৈমাৰী 

নিৰামিষ আৰু আমিষ খাদ্যৰ দ্বন্দ চিৰদিনৰ।‌

RelatedPosts

The Dangers of AI is Coming: Beware!

The Dangers of AI is Coming: Beware!

June 2, 2023
close up photo of lighted cigarette stick

ই – চিগাৰেট : এক ফেশ্বন

June 2, 2023
নাগৰিকৰ মগজু ‘হেক’ কৰা স্নায়ুৰাজনৈতিক বিশেষজ্ঞৰ এতিয়া জয়জয়াকাৰ!

নাগৰিকৰ মগজু ‘হেক’ কৰা স্নায়ুৰাজনৈতিক বিশেষজ্ঞৰ এতিয়া জয়জয়াকাৰ!

June 1, 2023

বিশ্বত প্ৰচুৰ পৰিমাণৰ নিৰামিষাহাৰী লোক আছে যিসকলে কেৱল নিৰামিষ খাদ্য, যেনেঃ শাক-পাচলি ইত্যাদিৰ ওপৰত নিৰ্ভৰশীল। তেওঁলোকক নিৰামিষাহাৰী বা ‘ভেজিটেৰিয়ান‘ বুলি কোৱা হয়। কিন্তু বহুত শাকাহাৰীয়ে আকৌ গাখীৰ বা কণী তথা কণীভিত্তিক কেক, বিস্কুট আদিও নাখায়। তেওঁলোকক ‘ভেগান‘ বোলা হয়। আচলতে ‘ভেগান ডায়েট‘ যিসকলে কৰে, তেওঁলোকে নিৰামিষ খাদ্য খোৱাৰ লগতে প্ৰাণীজাত সকলো খাদ্য বিসৰ্জন দিয়ে।

কিন্তু এয়া কোনো নতুন ঘটনা নহয়। প্ৰাচীনকালৰ পৰাই এতিয়াৰ ভাৰত নামৰ ভূ-খন্ডৰ লগতে ভূমধ্যসাগৰীয় অঞ্চলতো বহুতেই প্ৰাণীভিত্তিক প্ৰোটিন বৰ্জিত নিৰামিষ খাদ্য খাইছিল। এতিয়া পুনৰ বিশ্বজুৰি ক্ৰমশঃ ভেগানিজমৰ চৰ্চা বৃদ্ধি পাইছে।

বিশ্ব উষ্ণায়ন আৰু প্ৰকৃতিত কাৰ্বন ফুটপ্ৰিন্ট হ্ৰাস কৰিবলৈ খাদ্য আৰু পোছাকৰ বাবে প্ৰাণীৰ ওপৰত নিৰ্ভৰতা কমাবলৈ মানুহ আগ্ৰহী হৈছে। আনহাতে প্ৰাণীৰ প্ৰতি নৃশংসতা হ্ৰাস কৰিবলৈ প্ৰাণীভিত্তিক প্ৰোটিন বৰ্জনৰ আগ্ৰহ বাঢ়িছে।

১৯৪৪ চনত ডোনাল্ড ৱাটচনৰ উদ্যোগত ‘ভেগান চোছাইটি’ গঢ় লৈ উঠে। ২০১০ চনৰ পৰা ‘ভেগান ডে’ৰ উদযাপন আৰম্ভ হয়। আমেৰিকাৰ জাৰ্নাল অফ ক্লিনিকেল নিউট্ৰিশ্যনত প্ৰকাশিত এক গৱেষণা পত্ৰৰ পৰা জানিব পৰা গৈছে যে শাক-পাচলি, ফল আদিত থকা বিশেষ প্ৰাকৃতিক ৰাসায়নিক – যিবোৰে বিভিন্ন ৰং আৰু গোন্ধৰ সৃষ্টি কৰে, বিভিন্ন ফল আৰু পাচলিত প্ৰায় ৪০০০ ফাইটো কেমিকেলচ্ বা প্ৰাকৃতিক ৰাসায়নিক পোৱা যায়, আৰু সেইবোৰ শৰীৰৰ বাবে অত্যন্ত উপকাৰী। যেনে, বিলাহী, তৰমুজ, গাজৰ, আম, জাম, পালেং শাক। এইবোৰৰ প্ৰাকৃতিক ৰাসায়নিক পদাৰ্থই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াই তোলে। সেইবাবেও আমেৰিকা, ইউৰোপত ‘ভেগান ডায়েট’ ক্ৰমে জনপ্ৰিয় হৈছে।

প্ৰাণীভিত্তিক আমিষৰ সোৱাদৰ পৰা নিৰামিষাহাৰী লোকসকল যাতে বঞ্চিত নহয়, তেনে গৱেষণাত লিপ্ত হৈ গৱেষক সকলে গৰুক বাদ দি ‘গৰুৰ গাখীৰ‘ প্ৰস্তুত কৰিছে। গৰুৰ গাখীৰৰ বিকল্প হিচাপে চয়াবিনৰ গাখীৰ আৰু বাদামৰ গাখীৰ আগতেই প্ৰস্তুত কৰা হৈছিল। কিন্তু সেইবোৰৰ সোৱাদ, গোন্ধ, পুষ্টিগুণ মুঠেও প্ৰকৃত গাখীৰৰ দৰে নহয়।

গৰুৰ গাখীৰৰ বিকল্প ১০০% 'ভেগান' গাখীৰ আমেৰিকাত প্ৰস্তুত হ'ল
ৰায়ান পান্ডিয়া আৰু পেৰুমল গান্ধ

গৰুৰ গাখীৰৰ সোৱাদ, গোন্ধ আৰু পুষ্টিগুণ অপৰিবৰ্তিত ৰাখি দুগৰাকী বায়ো- মেডিকেল ইঞ্জিনিয়াৰ ৰায়ান পান্ডিয়া আৰু পেৰুমল গান্ধ-এ এক বিশেষ ধৰণৰ কৃত্ৰিম গাখীৰ প্ৰস্তুত কৰিবলৈ সক্ষম হৈছে। আজিকালি প্ৰযুক্তিৰ সহায়েৰে কৃত্ৰিম প্ৰোটিন প্ৰস্তুত কৰা হয়। কৃত্ৰিম প্ৰোটিনেৰে আজিকালি লাখ লাখ মেডিচিন আৰু মাল্টিভিটামিন প্ৰস্তুত কৰা হয়। এনে প্ৰযুক্তিক কামত লগাই ভিটামিনযুক্ত কৃত্ৰিম গাখীৰ প্ৰস্তুত কৰিবলৈ সক্ষম হৈছে পান্ডিয়া আৰু গান্ধ-এ।

আমেৰিকাৰ গৱেষকদ্বয়ে প্ৰকাশ কৰা তথ্য অনুসৰি এই কৃত্ৰিম গাখীৰ পান কৰাৰ সময়ত আচল নে নকল সেয়া বুজি পোৱাৰ কোনো উপায় নাই। গৰুৰ গাখীৰৰ দৰে এই কৃত্ৰিম গাখীৰত লেক্টোজ নাই যদিও অতিৰিক্তকৈ উদ্ভিজ চেনি, ভিটামিন আৰু মিনাৰেল আছে – যিবোৰ শৰীৰৰ বাবে অত্যন্ত দৰকাৰ। আমেৰিকাৰ তৰুণ বিজ্ঞানী ৰায়ানে কৈছে,’ এনে গাখীৰ প্ৰস্তুত কৰোতে ‘বাটাৰকাপ’ নামৰ বিশেষ ধৰণৰ ‘ঈস্ট’ ব্যৱহাৰ কৰা হৈছে।’ আমেৰিকাৰ ডিপাৰ্টমেন্ট অফ এগ্ৰিকালচাৰে সৰবৰাহ কৰা এই ঈস্টত থ্ৰি-ডি(3-D) প্ৰিন্টিং প্ৰযুক্তি ব্যৱহাৰ কৰি গৰুৰ গাখীৰৰ জিন চিক্যুৱেন্স প্ৰৱেশ কৰাই একেবাৰে গৰুৰ গাখীৰৰ দৰে তৰললৈ পৰিৱৰ্তন কৰা সম্ভৱ হৈছে।

গৰুৰ গাখীৰৰ বিকল্প ১০০% 'ভেগান' গাখীৰ আমেৰিকাত প্ৰস্তুত হ'ল

এই দুগৰাকী বিজ্ঞানীৰ প্ৰস্তুত কৰা গাখীৰ আমেৰিকাৰ ‘পাৰফেক্ট ডে‘ নামৰ এটা কোম্পানীয়ে ইতিমধ্যে সৰবৰাহ কৰিবলৈ আৰম্ভ কৰিছে। ইয়াৰ ফলত এনে গাখীৰে এহাতে গৰুৰ ওপৰত থকা চাপ হ্ৰাস কৰিব আৰু কোটি কোটি মানুহৰ বাবে প্ৰাণীভিত্তিক গাখীৰৰ বিকল্প চাহিদা পূৰণ কৰিবলৈ সক্ষম হ’ব বুলি দাবী কৰিছে বিজ্ঞানী পেৰুমলে।

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Admin

Admin

Related Posts

The Dangers of AI is Coming: Beware!
Science

The Dangers of AI is Coming: Beware!

by Admin
June 2, 2023
0

The Dangers of AI is Coming: Beware! KAKALI DAS “I think the danger of AI is much greater than the...

Read more
close up photo of lighted cigarette stick

ই – চিগাৰেট : এক ফেশ্বন

June 2, 2023
নাগৰিকৰ মগজু ‘হেক’ কৰা স্নায়ুৰাজনৈতিক বিশেষজ্ঞৰ এতিয়া জয়জয়াকাৰ!

নাগৰিকৰ মগজু ‘হেক’ কৰা স্নায়ুৰাজনৈতিক বিশেষজ্ঞৰ এতিয়া জয়জয়াকাৰ!

June 1, 2023
Artificial Intelligence Adoption in Media

Artificial Intelligence Adoption in Media

June 1, 2023
193 countries adopt the first global agreement on the Ethics of Artificial Intelligence

193 countries adopt the first global agreement on the Ethics of Artificial Intelligence

June 1, 2023
মানুহে মানুহৰ বাবেঃ অঙ্গদান সম্পৰ্কীয় এখন মননশীল গুৰুত্বপূৰ্ণ চুটি-ছৱি

নিজৰ মগজুক লৈ সাৱধান নহলে ভয়ংকৰ বিপদ!

May 31, 2023
  • Trending
  • Comments
  • Latest
Dholera: Modi’s Dream Project turns lifeless and barren!

Dholera: Modi’s Dream Project turns lifeless and barren!

May 28, 2022
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

November 24, 2022
Emergence Of The KNF In Chittagong Hill Tracts

Emergence Of The KNF In Chittagong Hill Tracts

June 4, 2022
প্ৰাচীন কামৰূপৰ ইতিহাস

প্ৰাচীন কামৰূপৰ ইতিহাস

May 21, 2023
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
open book pages on surface

অসমীয়া দেখো এজনো নাই

0
The Dangers of AI is Coming: Beware!

The Dangers of AI is Coming: Beware!

June 2, 2023
Being a Teacher: What It Means

Being a Teacher: What It Means

June 2, 2023
pexels-photo-359989.jpeg

জীৱনৰ বিষয়ে এখনি ৰচনা

June 2, 2023
close up photo of lighted cigarette stick

ই – চিগাৰেট : এক ফেশ্বন

June 2, 2023

Popular Stories

  • প্ৰাচীন কামৰূপৰ ইতিহাস

    প্ৰাচীন কামৰূপৰ ইতিহাস

    659 shares
    Share 264 Tweet 165
  • THE KERALA STORY: Truth behind it

    561 shares
    Share 224 Tweet 140
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    596 shares
    Share 238 Tweet 149
  • জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    530 shares
    Share 212 Tweet 133
  • Dholera: Modi’s Dream Project turns lifeless and barren!

    901 shares
    Share 428 Tweet 268
  • মিচিং সমাজ আৰু সংস্কৃতি

    269 shares
    Share 108 Tweet 67
  • ইতিহাসৰ জলঙাইদি হাজো

    401 shares
    Share 160 Tweet 100
  • লক্ষ্মীনাথ বেজবৰুৱাৰ “কবিতা”

    320 shares
    Share 128 Tweet 80
  • টাইফাকেঃ সমাজ জীৱন, সংগ্ৰাম আৰু সমস্যা

    186 shares
    Share 74 Tweet 47
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    222 shares
    Share 89 Tweet 56
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Facebook Twitter Youtube LinkedIn
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Entertainment
    • Theater
    • Movie
    • Music
    • Dance
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d bloggers like this: