-অঞ্জন শৰ্মা |
নিউ চাউদ্যাম্পটন : সু্ৰ্দীঘ ২৬ মাহ ধৰি উত্তাল সমুদ্ৰত সাতুৰি আছে ইয়োশিয়ে। যিদৰেই হওক, নিজৰ আসন্ন সন্তানৰ বাবে ঘৰটোৰ সন্ধান উলিয়াবই লাগিব। সেইকাৰণেই উত্তাল মহাসমুদ্ৰত ৩৭০০০ কিলোমিটাৰৰ এক অকল্পনীয় যাত্ৰা ! ইয়োশিৰ এক অসাধাৰণ অনন্য যাত্ৰা!
ইয়োশি কোনো মানুহৰ নাম নহয়, ইয়োশি হ’ল এগৰাকী ‘লগাৰহেড’ প্ৰজাতিৰ মাইকী কাছ ! ইয়োশিৰ কাহিনীৰ আৰম্ভ হয় আজিৰপৰা ২০ বছৰৰ আগতে। জখম হৈ থকা অৱস্থাত সেই কাছটোক দক্ষিণ আফ্ৰিকাত উদ্ধাৰ কৰা হয়। তাৰপিছত দক্ষিণ আফ্ৰিকাৰ কেপটাউনৰ ‘To Ocean’ নামৰ এক্যুৰিয়ামতে আছিল। চিকিৎসক, প্ৰশিক্ষক আদি সকলোৰে মিলিত প্ৰচেষ্টাৰ বাবে ইয়োশি সুস্থ হৈ উঠে। সুস্থ হৈ উঠাৰ পিছত ইয়োশিৰ মুক্তিৰ দিন আগবাঢ়ি আহে। অৱশেষত ২০১৭ চনৰ ডিছেম্বৰ মাহত মহাসাগৰত এৰি দিয়া হয় ‘লগাৰহেড’ কাছটোক ।
ইয়াৰ পিছত এক দীৰ্ঘ যাত্ৰাৰ আৰম্ভণি।
ইয়োশিয়ে সুদীৰ্ঘ ২৬ মাহ ধৰি কৰি থাকিল সেই যাত্ৰা। যাত্ৰা আৰম্ভ কৰাৰ আগতে ইয়োশিৰ শৰীৰত এটি ‘ট্ৰেকিং ডিভাইচ’ লগাই দিয়া হৈছিল। সেই ট্ৰেকিং ডিভাইচ পৰাই তথ্য প্ৰাপ্তি হৈছে। আফ্ৰিকাৰ পৰা অষ্ট্ৰেলিয়া, সুদীৰ্ঘ ৩৭০০০ কিলোমিটাৰ পথ সমুদ্ৰত সাতুৰি সাতুৰি অতিক্ৰম কৰিছে ইয়োশিয়ে। প্ৰতিদিনে গড়ে প্ৰায় ৪৮ কিলোমিটাৰৰ যাত্ৰা ! ‘ট্ৰেডিং ডিভাইচ’ লগোৱা প্ৰাণীসমূহৰ ভিতৰত সবাতোকৈ দীৰ্ঘ যাত্ৰা কৰিছে ইয়োশিয়ে। কেৱলমাত্ৰ ঘৰৰ সন্ধান উলিয়াবলৈ, য’ত ইয়োশিয়ে কণী পাৰিব পাৰে! সন্তানবোৰক ডাঙৰ কৰিব পাৰে!
ইয়োশিৰ ঘটনাই সমুদ্ৰ বিজ্ঞানীসকলৰ স্তম্ভিত কৰি তুলিছে। এটা প্ৰাণীয়ে ইমান দূৰলৈ সাতুৰিছে—এয়া এক পৰম আশ্চৰ্য হৈ পৰিছে। ইয়াৰ লগতে অইন এটা বিষয়ৰো অৱতাৰণা হৈছে যে কাছৰ কণী পাৰিবলৈ এক বিশেষপ্ৰকাৰৰ পৰিৱেশ প্ৰয়োজন। বৰ্তমান মানুহৰ বিভিন্ন ক্ৰিয়াকলাপৰ ফলত সেই পৰিৱেশ বিঘ্নিত হৈছে। লগতে আছে পৰিৱেশ দূষণ। এই দুয়োৰে আক্ৰমণৰ বিপন্ন কাছৰ প্ৰজন্ম। সমুদ্ৰ বিজ্ঞানীসকলে কৈছে যে সাগৰৰ পাৰৰ নিৰিবিলি স্থানত কাছই কণী পাৰে। কণী পাৰি উঠি সেই স্থানৰপৰা আঁতৰি গ’লে ও নিয়মিতভাৱে সেই স্থানত ঘূৰি ফুৰে। কিন্তু বৰ্তমান যি হাৰত সাগৰৰ পাৰবোৰ প্ৰদূষিত হৈছে, সেইহেতুকে প্ৰজননৰ স্থান সুনিশ্চিত কৰাৰ ক্ষেত্ৰত বহুত আহুকাল হৈছে। প্ৰজননৰ স্বাথৰ্ত সমস্ত প্ৰাণীয়ে বাসস্থান সলনি কৰি নিশ্চিত নিৰাপদ স্থান বিচাৰে। এই পৰ্যন্ত এই দৃশ্যৰ মুখামুখি বিজ্ঞানীসকল হৈছিল কেৱলমাত্ৰ বাঘৰ ক্ষেত্ৰত। যোৱা দুবছৰত ভাৰতৰ তিনিটা ঢেকীয়াপতীয়া বাঘে ২০০০ৰপৰা ৩০০০ কিলোমিটাৰ পথ অতিক্ৰম কৰিছিল। আফ্ৰিকাৰ সাগৰতো পিৰানহা মাছৰ ক্ষেত্ৰতো বিজ্ঞানীসকলে লক্ষ্য কৰিছিল যে এনে মাছ আফ্ৰিকাত থাকিলেও কণী পাৰে ‘নিউ-চাউথ ৱেলচ্’অত আৰু এই স্থান প্ৰায় ৩০০০০ কিলোমিটাৰ দূৰৈত। কিন্তু ইয়োশিয়ে ৩৭০০০ কিলোমিটাৰ পথ অতিক্ৰম কৰি সৃষ্টি কৰিলে ইতিহাস। এতিয়া ইয়োশিৰ যাত্ৰাপথৰ প্ৰতিদিনৰ ভিডিঅ’ পযৰ্বেক্ষণ আৰম্ভ কৰিছে বিজ্ঞানীসকলে। এই ভিডিঅ’ পৰ্যবেক্ষণ কৰি বিজ্ঞানীসকলে বিশ্লেষণ কৰিব বিচাৰিছে, কিয় সাগৰৰ বিভিন্ন পকেট (সাগৰৰ পাৰৰ গাত) ইয়োশিৰ পছন্দ নহ’ল! কিয় অতিক্ৰম কৰিবলগীয়া হ’ল সুদীৰ্ঘ ৩৭০০০ কিলোমিটাৰ?