কংকণা দাস
চক্ৰশীলা।
পশ্চিম অসমৰ এখন অপূৰ্ব শালবন। কোকৰাঝাৰ জিলাৰ পৰা সামান্য দূৰত অৱস্থিত প্ৰকৃতি দেৱীৰ অনন্য এক অৰণ্য – চক্ৰশীলা অভয়াৰণ্য। প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ চক্ৰশীলা অভয়াৰণ্য আপুৰুগীয়া সোণালী বান্দৰৰ বাবে বিখ্যাত। ছেপ্টেম্বৰ মাহৰ দ্বিতীয় সপ্তাহত বড়োলেণ্ড টুৰিজিমৰ সহযোগত নেচাৰ্চ বেকনৰ উদ্যোগত তিনিদিনীয়া প্ৰকৃতি শিবিৰৰ আয়োজন কৰা হৈছিল। নেচাৰ্চ বেকনৰ ১২ বছৰীয়া আন্দোলনৰ ফলত ১৯৯৪ চনত চক্ৰশীলাক অসম চৰকাৰে অভয়াৰণ্যৰ মৰ্যদা দিয়ে। কোকৰাঝাৰ জিলাৰ অন্তৰ্গত এই অভয়াৰণ্য মুঠ ৪৫ বৰ্গ কিলোমিটাৰ অঞ্চল জুৰি বিস্তৃত । বি. টি. আৰৰ নৱ নিযুক্ত চৰকাৰৰ তৎপৰতাত অতি ক্ষিপ্ৰতাৰে বড়োলেণ্ডত পৰ্যটন বিকাশৰ কাম হৈ আছে। ইকো টুৰিজিমৰ মাধ্যমেৰে বড়োলেণ্ডক অসমৰ অন্যতম পৰ্যটন ক্ষেত্ৰত ৰূপান্তৰিত কৰিবলৈ কৰা প্ৰচেষ্টাৰেই এক অংশ আছিল এই প্ৰকৃতি শিবিৰ। অপূৰ্ব চক্ৰশীলা অভয়াৰণ্যত পৰ্যটনৰ সম্ভাৱনীয়তা আৰু উপযুক্ত গাইডৰ প্ৰশিক্ষণৰ বাবে নেচাৰ্চ বেকনে বড়োলেণ্ড চৰকাৰৰ সহযোগত এই প্ৰকৃতি শিবিৰৰ আয়োজন কৰিছিল।
চক্ৰশীলা অভয়াৰণ্য অসমৰ প্ৰকৃতি সংৰক্ষণ ইতিহাসৰ এক অন্যতম নিদৰ্শন। এগৰাকী কিশোৰৰ নেতৃত্বত সাধাৰণ গঞা ৰাইজে সুদীৰ্ঘ ১২ বছৰ কাল সংগ্ৰাম কৰি এই অপূৰ্ব অৰণ্যক অভয়াৰণ্যৰ মৰ্যদা দিয়াইছিল।বৰ্তমানেও বন বিভাগৰ এজনো কৰ্মী নোহোৱাকৈ চক্ৰশীলা সম্পূৰ্ণ সুৰক্ষিত হৈ আছে। এক কথাত চক্ৰশীলা কমিউনিটি অৰণ্যৰ এক উৎকৃষ্ট নিদৰ্শন। সৌম্যদ্বীপ দত্তদেৱৰ নেতৃত্বত নেচাৰ্চ বেকনৰ একক আন্দোলনত জন্ম হোৱা চক্ৰশীলা অভয়াৰণ্য খনৰ ওচৰে পাজৰে মূলত ৰাভা জনজাতীয় লোকে বসবাস কৰে। প্ৰধানত যোৰনাগৰা গাঁৱক কেন্দ্ৰ কৰি এই অৰণ্য অভয়াৰণ্য স্বৰূপে সংৰক্ষিত হৈছিল। চক্ৰশীলাৰ অৰণ্য দুখনকৈ আৰ্দ্ৰভূমিৰে পৰিবেষ্টিত। ধীৰ আৰু দিপলাই বিলে এই অৰণ্যৰ পৰিস্থিতিতন্ত্ৰ আৰু সৌন্দৰ্যত এক গুৰুত্বপূৰ্ণ ভূমিকা বহন কৰে। ইয়াৰ ওপৰিও চক্ৰশীলাৰ অভ্যন্তৰত হাও হাওই ঝৰা, মাৱৰীয়া ঝৰাকে ধৰি বহু কেইটা নিজৰা আছে। এই ঝৰাবোৰে অৰণ্যৰ মাজত এক অপূৰ্ব কেনভাছৰ সৃষ্টি কৰিছে। যোৰনাগৰা, অভয়কুটি ইত্যাদি গাওঁ সমূহ, ইয়াৰ লোকসকলৰ জীৱনশৈলী, কৃষ্টি-সংস্কৃতি ইত্যাদিও পৰ্যটকক আকৰ্ষিত কৰিব পৰাকৈ যথেষ্ঠ। চক্ৰশীলা অভয়াৰণ্য দুস্প্ৰাপ্য সোণালী বান্দৰৰ ওপৰিও বিভিন্ন প্ৰজাতিৰ চৰাই, পখিলা, স্তন্যপায়ী প্ৰাণী, সৰীসৃপ, স্থানীয় মাছ, বিৰল প্ৰজাতিৰ কাছ আৰু উদ্ভিদৰ আৱাসস্থলী।
বড়োলেণ্ড চৰকাৰে আয়োজন কৰা এই প্ৰকৃতি শিবিৰৰ আনুষ্ঠানিক উদ্বোধনী অনুষ্ঠানত বি. টি. আৰ প্ৰধান প্ৰমোদ বড়োকে ধৰি কোকৰাঝাৰ জিলাৰ উপায়ুক্ত, পৰ্যটন বিভাগৰ কাৰ্য্যবাহী সদস্য আৰু সঞ্চালক ইত্যাদিয়ে অংশগ্ৰহণ কৰে। প্ৰমোদ বড়ো নেতৃত্বাধীন চৰকাৰে প্ৰকৃতাৰ্থত ইয়াৰ পৰ্যটন ক্ষেত্ৰৰ বিকাশ বিচাৰে আৰু ইকো টুৰিজিমৰ মাধ্যমেৰে স্থানীয় লোকৰ অৱস্থাৰ পৰিৱৰ্তন বিচাৰে। লগতে আমাৰ এই প্ৰকৃতি প্ৰদত্ত অৰণ্যসমূহ সংৰক্ষণৰ দিশটো যে অত্যধিক গুৰুত্বপূৰ্ণ সেই কথাও নিজৰ বক্তব্যত তেওঁ স্পষ্ট কৰে। বড়োলেণ্ডকে ধৰি অসমৰ বিভিন্ন জিলাৰ অংশগ্ৰহনকাৰীয়ে প্ৰকৃতি শিবিৰটোত অংশগ্ৰহণ কৰে। নেচাৰ্চ বেকনৰ চক্ৰশীলা অভয়াৰণ্যৰ আন্দোলনত কেৱল মাত্ৰ অৰণ্য আৰু ইয়াৰ জৈৱ বৈচিত্ৰতাৰেই সংৰক্ষণ হোৱা নাই, এই অভয়াৰণ্যৰ গাতে লাগি থকা গাওঁ আৰু ইয়াৰ স্থানীয় বাসিন্দা সকলোৰো আৰ্থসামাজিক বিকাশ হৈছে, মানৱ সম্পদ গঢ় লৈ উঠিছে। তাত থকা সময় খিনিত অনুভৱ কৰিছিলো গাওঁৰ প্ৰতিগৰাকী লোকেই অৰণ্যখনক নিস্বাৰ্থ ভাৱে ভাল পাই আৰু তাৰ সংৰক্ষণৰ দিশটোৰ প্ৰতি সদায় সজাগ। নেচাৰ্চ বেকনৰ চক্ৰশীলাৰ ওচৰে পাজৰে থকা প্ৰতিগৰাকী লোকেই হোজা, কিন্তু চক্ৰশীলাৰ প্ৰতিটো কোণৰ খবৰ তেওঁলোকে ৰাখে।
বন্যপ্ৰাণী আৰু অৰণ্যৰ জ্ঞানেৰে তেওঁলোক ভৰপুৰ। আমাৰ অসমত ইকো টুৰিজিমৰ মাধ্যমেৰে স্বাৱলম্বী হোৱাৰ যথেষ্ঠ থল আছে। অসমৰ প্ৰতিখন অৰণ্য আৰু ইয়াৰ ওচৰ পাজৰৰ গাওঁসমূহ কেৱল ইকো টুৰিজিমৰ মাধ্যমেৰেই নিজৰ অৰ্থনৈতিক দিশ টনকীয়াল কৰি তুলিব পাৰে। উপযুক্ত মানৱ সম্পদৰ বিকাশ এই ক্ষেত্ৰত যথেষ্ঠ গুৰুত্বপূৰ্ণ আৰু নেচাৰ্চ বেকনে অহৰহ এই কামটো চলাই আহিছে। বৰ্তমান নেচাৰ্চ বেকনে জোৰনাগৰা গাঁৱত এই ইকো টুৰিজিমৰ দ্ৰুতবিকাশৰ প্ৰচেষ্টা চলাই আছে। ইকো টুৰিজিম হ’ল এনে এক ব্যৱস্থা য’ত প্ৰকৃতি বা পৰিৱেশৰ কোনো ক্ষতি নকৰাকৈ উপযুক্ত মূল্যৰ বিনিময়ত অঞ্চলটোৰ সৌন্দৰ্য্য উপভোগ কৰিব পাৰি। জোৰনাগৰাৰ মানুহ খিনিয়ে বহু কষ্টৰ বিনিময়ত এই অভয়াৰণ্যক সংৰক্ষিত কৰি ৰাখিছে। অৰণ্য খনৰ কোনো ক্ষতি নকৰাকৈ স্থানীয় লোকসকলে পৰ্যটনৰ মাধ্যমেৰে নিজৰ অৰ্থনৈতিক দিশৰ বিকাশ কৰিব পাৰে। বৰ্তমান উন্নত প্ৰতিখন ৰাজ্য আৰু দেশেই ইকো টুৰিজিমৰ ধাৰণাটোক প্ৰাধান্য দিছে, গতিকে অসমো এই ক্ষেত্ৰত পিছ পৰি থকাটো উচিত নহয়। চক্ৰশীলাৰ জোৰনাগৰাও অতি পৰিষ্কাৰ পৰিচ্ছন্ন এখন গাওঁ, এয়াও টুৰিজিমৰ এক গুৰুত্বপূৰ্ণ সমল হ’ব পাৰে। মুঠতে চক্ৰশীলাৰ পৰিৱেশত পৰ্যটকক মোহাছন্ন কৰি ৰাখিব পৰা সকলো খিনি সমল আছে। আমি বিচাৰো নেচাৰ্চ বেকনৰ দৰে অসমৰ অইন অইন সংগঠন সমূহেও নেতৃত্ব লৈ আমাৰ বন্যপ্ৰাণীৰ বাসস্থান সমূহ সুৰক্ষিত কৰি ৰাখিবলৈ অভয়াৰণ্য, ৰাষ্ট্ৰীয় উদ্যান গঠনৰ আন্দোলন গঢ়ি তোলক। অৰণ্যৰ দাঁতিকাষৰীয়া গাওঁ সমূহত ইকো টুৰিজিমৰ উপযোগী পৰিৱেশ গঢ়ি তুলি অসম আৰু অসমীয়া ৰাইজক পৰ্যটনৰ ক্ষেত্ৰৰে স্বাৱলম্বী কৰি তোলক।