• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, June 7, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

চক্ৰশীলা অভয়াৰণ্য

-সৌম্যদ্বীপ দত্ত

by Anjan Sarma
June 21, 2021
in National, Special Report
Reading Time: 2 mins read
0
Share on FacebookShare on TwitterShare on LinkedIn

-সৌম্যদ্বীপ দত্ত |

এতিয়ালৈকে অবিভক্ত গোৱালপাৰা জিলাত চক্ৰশীলা অভয়াৰণ্য একমাত্ৰ অভয়াৰণ্য। পশ্চিম অসমৰ এই অভয়াৰণ্য প্ৰথমতে ধুবুৰী জিলাৰ অভ্যন্তৰত থকা বুলি গণ্য হৈছিল। যেতিয়া অভয়াৰণ্য ঘোষণা হৈছিল, তেতিয়া ই আছিল ধুবুৰী জিলাত। পৰৱৰ্তী সময়ত কোকৰাঝাৰ জিলা গঠন হোৱাত এই অঞ্চল কোকৰাঝাৰৰ অন্তৰ্ভুক্ত হয়। বৰ্তমান চক্ৰশীলা অভয়াৰণ্য বড়োলেণ্ড টেৰিটৰিয়াল কাউঞ্চিলৰ অন্তৰ্গত কোকৰাঝাৰ জিলাত অৱস্থিত।

    পশ্চিম অসমৰ এই অপূৰ্ব ধুনীয়া অৰণ্য অঞ্চল মূলতঃ পাহাৰীয়া অঞ্চল। পাহাৰ সিমান ওখ নহয় ঠিকেই, কিন্তু বয়সৰ ফালৰ পৰা এইবোৰ পাহাৰৰ বয়স হিমালয় পৰ্বততকৈও অধিক। চক্ৰশীলা অভয়াৰণ্যৰ অৰণ্য, মূলতঃ পৰ্ণপাতী বৃক্ষৰ অৰণ্য। পাহাৰৰ পাদদেশত শাল অৰণ্যৰ প্ৰাধান্য পৰিলক্ষিত হয়। এই অৰণ্যৰ মাজে মাজে কিছুমান জুৰি আৰু নিজৰা প্ৰৱাহিত হৈ আছে। এই জুৰি আৰু নিজৰাৰ কাষে কাষে কিন্তু চিৰহৰিৎ বৃক্ষৰ সমাহাৰ দৃষ্টিগোচৰ হয়। চক্ৰশীলা অভয়াৰণ্যৰ দক্ষিণ ফালে দুটা উল্লেখযোগ্য জুৰি দেখিবলৈ পোৱা যায়। স্থানীয়ভাৱে এই জুৰি বা নিজৰাবোৰক কোৱা হয় ‘ঝোৰা’। চক্ৰশীলাৰ দুটা উল্লেখযোগ্য ঝোৰাৰ নাম হাউ হউয়ি ঝোৰা আৰু বামুণী ঝোৰা।

    চক্ৰশীলা অভয়াৰণ্য কিছুমান শাৰীবদ্ধ পাহাৰৰ শৃংখল। পাহাৰৰ ওপৰত পৰ্ণপাতী বৃক্ষৰ প্ৰাচুৰ্য অধিক হ’লেও ঠায়ে ঠায়ে কিছুমান চিৰহৰিৎ বৃক্ষ, বাঁহৰ অৰণ্য, লতা আৰু বেতৰ অৰণ্য পৰিলক্ষিত হয়। এই অভয়াৰণ্যৰ দক্ষিণৰ ফালে চক্ৰশীলাৰ পূব আৰু পশ্চিম সীমাত দুখন বিখ্যাত বিল আছে। তাৰে পূব ফালৰ বিলখনৰ নাম ধীৰ বিল আৰু পশ্চিমৰ ফালৰ বিলখনৰ নাম ডিপলাই বিল। জাৰকালি এই দুখন বিলত হাজাৰ হাজাৰ পৰিভ্ৰমী চৰাই আহি উপস্থিত হয়। ঘনত্ব, অৰ্থাৎ সংখ্যাত আৰু প্ৰজাতিৰ বৈচিত্ৰ্যত এই দুখন বিলত যিমান চৰাই আহি আলহী হয়, সেয়া ভাৰতৰ উল্লেখযোগ্য প্ৰব্ৰজনকাৰী চৰাইৰ আবাসৰ সমতুল্য। জলচৰ চৰাইৰ বাবে এই দুখন বিল অতি বিখ্যাত।

    চক্ৰশীলা নামটো অতি পুৰণি। আমি সকলোৱে জানো যে প্ৰাচীন কালত সমগ্ৰ কামৰূপৰ লোকসকল বৌদ্ধ ধৰ্মাৱলম্বী আছিল। কামৰূপৰ সকলো কিৰাত জনগোষ্ঠী বৌদ্ধ আছিল আৰু কামৰূপৰ সকলো পাহাৰ আৰু পানীৰ উৎস অঞ্চলত আছিল মহাযান বৌদ্ধসকলৰ মন্দিৰ। চক্ৰশীলা নামটো বৌদ্ধ ধৰ্মৰ লগত সংপৃক্ত। এসময়ত চক্ৰশীলা পাহাৰৰ মাজতে আছিল বৌদ্ধ তীৰ্থ তথা বৌদ্ধসকলৰ আৰাধনাৰ ঠাই। চক্ৰশীলা পাহাৰৰ এটা পাহাৰৰ চূড়াত প্ৰকাণ্ড শিলত এটা বুদ্ধ চক্ৰৰ চিন আছে। এই স্থানটোত বৰ্তমানেও বছৰৰ বিশেষ দিনত স্থানীয়সকলে পূজা দিয়ে। এই শিলত বুদ্ধচক্ৰ বা ধৰ্মচক্ৰ থকাৰ বাবে স্থানীয়সকলে এই পাহাৰক কয় ‘চক্ৰশীলা’। চক্ৰশীলা নামটো কামৰূপৰ বৌদ্ধ যুগৰ পৰাই পৰম্পৰাগতভাৱে চলি আহিছে। ‘শীলা’ কথাটো বৌদ্ধসকলৰ শীল পালনৰ পৰাও হ’ব পাৰে। বৌদ্ধ যুগৰ স্থানৰ নাম যেনে ‘তক্ষশীলা’, তেনেকৈ ‘চক্ৰশীলা’ দুটা নামেই বৌদ্ধজাত। পূৰ্বতে সাধাৰণভাৱে এই পাহাৰ শ্ৰেণীক স্থানীয়সকলে ‘বড় পাহাৰ’ বুলি কৈছিল।

    চক্ৰশীলা অভয়াৰণ্যৰ চাৰিওপিনে আছে কিছুমান জনগোষ্ঠীয় গাঁও। বিশেষকৈ ৰাভা, বড়ো, কোচ ৰাজবংশী, কাৰো, চাওতাল আৰু স্থানীয় অসমীয়া মানুহৰ গাঁও আছে তাত। চক্ৰশীলা অভয়াৰণ্যৰ জন্মৰ এটা শক্তিশালী সংৰক্ষণ ইতিহাস আছে।

    চক্ৰশীলাৰ অৰণ্যত নেচাৰ্চ বেকনৰ সদস্যসকলে আপুৰুগীয়া সোণালী বান্দৰৰ সন্ধান পায়। চক্ৰশীলাত সোণালী বান্দৰৰ অস্তিত্বৰ কথা পূৰ্বতে বিজ্ঞানীসকলে জনা নাছিল। ভাৰত চৰকাৰৰ একমাত্ৰ বৈজ্ঞানিক সংগঠন ‘জুওলজিকেল চাৰ্ভে অব ইণ্ডিয়া’ৰ ফালৰ পৰা নেচাৰ্চ বেকনৰ চক্ৰশীলাত সোণালী বান্দৰ বিচাৰি পোৱাৰ ঘটনাটোক আনুষ্ঠানিকভাৱে তথা লিখিত ৰূপত সমৰ্থন জনোৱা হয়। নেচাৰ্চ বেকনৰ নেতৃত্বত আৰম্ভ হয় সোণালী বান্দৰ আৰু তাৰ বাসস্থানক বচোৱাৰ আন্তৰিক প্ৰয়াস।

    চক্ৰশীলা অৰণ্যৰ দাঁতিকাষৰীয়া গাঁৱৰ মানুহবোৰক সংগঠিত কৰি, প্ৰশিক্ষিত কৰি আৰম্ভ হয় নেচাৰ্চ বেকনৰ চক্ৰশীলা বচোৱাৰ আন্দোলন। গাঁৱৰ মানুহৰ প্ৰচেষ্টাত সোণালী বান্দৰৰ বাসস্থান সংৰক্ষিত হয়। নেচাৰ্চ বেকনে প্ৰথম চক্ৰশীলাক অভয়াৰণ্য কৰাৰ বাবে দাবী উত্থাপন কৰে আৰু নিৰন্তৰভাৱে এই কামটোৰ প্ৰতি সমৰ্পিত হৈ থাকে। প্ৰাথমিক পৰ্যায়ৰ বন্যপ্ৰাণীৰ জৰীপৰ পৰা আৰম্ভ কৰি চক্ৰশীলা অৰণ্যৰ অভ্যন্তৰত থকা লোকসকলক পুনৰ সংস্থাপনৰ কাম সম্পন্ন কৰে নেচাৰ্চ বেকনে। ১৯৮২ চনৰ পৰা ক্ৰমাগত ১২ বছৰৰ প্ৰচেষ্টাৰ অন্তত ১৯৯৪ চনৰ ১৪ জুলাইত অসম চৰকাৰে চক্ৰশীলাৰ অৰণ্যক অভয়াৰণ্যৰূপে ঘোষণা কৰে। চক্ৰশীলা অভয়াৰণ্য ভাৰতৰ ভিতৰত একমাত্ৰ অভয়াৰণ্য য’ত সোণালী বান্দৰৰ বাসস্থানক পূৰ্ণ মৰ্যাদাৰে অভয়াৰণ্যৰূপে সংৰক্ষণ কৰা হৈছে। চক্ৰশীলা অভয়াৰণ্য অসমৰ প্ৰথম আৰু অবিভক্ত গোৱালপাৰা জিলাৰ একমাত্ৰ অভয়াৰণ্য, য’ত স্থানীয় জনগোষ্ঠী আৰু বেচৰকাৰী সংগঠনৰ যৌথ প্ৰচেষ্টাত Community Conservation কৃতকাৰ্যতাৰে সম্পন্ন হৈছে। অসমত প্ৰথম বান্দৰ জাতীয় বন্যপ্ৰাণী সংৰক্ষণৰ কাম আৰম্ভ হয় চক্ৰশীলাক কেন্দ্ৰ কৰি—নেচাৰ্চ বেকনৰ নেতৃত্বত। পৰৱৰ্তী সময়ত অসমৰ বিভিন্ন প্ৰান্তত বান্দৰ জাতীয় বন্য প্ৰাণী সংৰক্ষণৰ কাম আৰম্ভ হয়। নেচাৰ্চ বেকনৰদ্বাৰা চক্ৰশীলাত সোণালী বান্দৰ সংৰক্ষণৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ফলস্বৰূপে, বিভিন্ন স্থানত বিচ্ছিন্ন ৰূপত যিবোৰ সোণালী বান্দৰৰ সৰু সৰু দল অৰণ্যত আবদ্ধ হৈ আছিল, সেইবোৰো স্থানীয় ৰাইজৰদ্বাৰা সংৰক্ষিত হয়। বহুত স্থানীয় ক্লাব, গ্ৰামীণ সংগঠন, গাঁওবুঢ়া, যুৱ সংঘ আদিও সোণালী বান্দৰ সংৰক্ষণৰ কামত আগ বাঢ়ি আহে। সোণালী বান্দৰ বিশ্বৰ বিৰল প্ৰজাতিৰ বান্দৰবোৰৰ অন্যতম।

    সোণালী বান্দৰৰ গাটো সোণালী ঘিউ বৰণীয়া বা ক্ৰিম হালধীয়া—বগা হ’ব পাৰে। বছৰৰ বিভিন্ন সময়ত ইহঁতৰ গাৰ বৰণৰ অলপ তাৰতম্য হোৱা পৰিলক্ষিত হয়। সোণালী বান্দৰৰ মতাটোতকৈ মাইকী বান্দৰৰ গাৰ বৰণ অলপ বেছি ডাঠ। সোণালী বান্দৰৰ মুখ ক’লা আৰু তাত নোম নাথাকে। মূৰৰ নোমবোৰ অলপ আগফালে বহল কপালৰ দুই কাষৰ পৰা অলপমান ক’লা নোম পৰিলক্ষিত হয়। ইহঁতৰ ভৰি আৰু হাতৰ তলুৱা ক’লা। সোণালী বান্দৰৰ মতাটোৰ ওজন হয় প্ৰায় ১০.৯ কেজি আৰু মাইকীৰ ওজন হয় ৯.৫ কেজি। ইহঁতৰ শৰীৰৰ দৈৰ্ঘ্য মতাটোৰ ৬৪০ ৰ পৰা ৭২০ মিলিমিটাৰ আৰু মাইকীৰ প্ৰায় ৪৮৫ মিলিমিটাৰ। সোণালী বান্দৰৰ নেজ শৰীৰতকৈ দীঘল, নেজৰ দৈৰ্ঘ্য মাইকী বান্দৰৰ ৭১৩ মিলিমিটাৰ আৰু মতা বান্দৰৰ ৭৮০ৰ পৰা ৯৪০ মিলিমিটাৰলৈকে হ’ব পাৰে। সোণালী বান্দৰৰ দলত এজন পূৰ্ণবয়স্ক মতা বান্দৰে দলক পৰিচালিত কৰে। অৰণ্যত এই প্ৰজাতিটোৱে ৬ টাৰ পৰা ১৮ টালৈকে একত্ৰ হৈ ঘূৰি ফুৰে। এটা দলৰ গৃহ অঞ্চল বা Home Range ২০০-ৰ পৰা ৬০০ হেক্টৰলৈকে হয়। সোণালী বান্দৰৰ মতাবোৰ প্ৰায় ছয় বছৰ আৰু মাইকীবোৰে পাঁচ বছৰ বয়সৰ পৰা প্ৰজননক্ষম হৈ উঠে। ইহঁতৰ প্ৰজনন ঋতু নৱেম্বৰৰ পৰা মাৰ্চলৈকে। অধিকাংশ সোণালী বান্দৰক জুনৰ পৰা অক্টোবৰৰ ভিতৰত সন্তান প্ৰসৱ কৰা দেখা যায়। দুশ দিন গৰ্ভধাৰণ কৰাৰ পাছত বছৰত এবাৰকৈ, এটাকৈ পোৱালি প্ৰসৱ কৰে। সোণালী বান্দৰ ওখ ওখ গছত থকা বান্দৰ, ওখ গছৰ হাবি সিহঁতে পছন্দ কৰে। মতা সোণালী বান্দৰৰ নেজৰ মূৰত অলপ জোপোহা নোম থাকে। সেয়েহে নেজৰ আগটোক অলপ ফুলি থকা যেন দেখি।

    এটা সময়ত ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰত সোণকোষ নদীৰ পূবৰ পৰা মানাহ নদীৰ পশ্চিম পাৰৰ মধ্যৱৰ্তী সমগ্ৰ অল্চলতে, অৰ্থাৎ সমগ্ৰ অৰণ্য অঞ্চলত সোণালী বান্দৰ বিচৰণ কৰিছিল। কিন্তু অৰণ্য ধ্বংসৰ ফলত বৰ্তমান সোণালী বান্দৰৰ বাসস্থান সংকুচিত হৈ আহিছে। সংৰক্ষণৰ প্ৰচেষ্টা হাতত নল’লে হয়তো সোণালী বান্দৰ অসমত লুপ্ত হৈ গ’লহেঁতেন। চক্ৰশীলাৰ চাৰিওকাষৰ গাঁওবোৰৰ ভিতৰত প্ৰথমতে বিশেষকৈ যোৰণাগৰা গাঁৱতে প্ৰথম সোণালী বান্দৰ সংৰক্ষণৰ কাম আৰম্ভ হয়। লাহে লাহে অভয়কুটি, বান্দৰপাৰা, কালজানি, চক্ৰশীলা, দামোদৰপূৰ, শালবাড়ি, নাকাৰ গাঁও ইত্যাদি গাঁৱৰ লোকসকলেও সোণালী বান্দৰ আৰু তাৰ বাসস্থানৰ কাম আৰম্ভ কৰে। ৰাজ্য, ৰাষ্ট্ৰীয় আৰু আন্তৰ্জাতিক মহলতো সোণালী বান্দৰ সংৰক্ষণৰ বাবে প্ৰবল জনমত গঢ়ি তোলা হয়। ভাৰতীয় প্ৰামীবিজ্ঞান জৰীপৰ (Zoological Survey of India) সেই সময়ৰ সঞ্চালক ড০ আশিস ঘোষে সোণালী বান্দৰৰ সংৰক্ষণৰ বাবে পূৰ্ণ সহযোগিতা আগ বঢ়াইছিল। ড০ আশিস ঘোষ ডাঙৰীয়াই নেচাৰ্চ বেকনৰ সফলতাক ভাৰতৰ বেচৰকাৰী সংগঠনবোৰৰ সফলতা বুলি অভিহিত কৰিছিল। বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা বহু সংগঠনে সোণালী বান্দৰৰ সংৰক্ষণৰ সফলতাক স্বাগতম জনাইছে। নেচাৰ্চ বেকনৰ এই সংৰক্ষণমূলক কামৰ সফলতাৰ পৰা যাতে পৰৱৰ্তী প্ৰজন্মই অভিজ্ঞতা সঞ্চয় কৰিব পাৰে, সেই উদ্দেশ্যক আগত ৰাখি পাঠ্যপুথিত সংযোজিত হৈছে সোণালী বান্দৰৰ সংৰক্ষণৰ কাহিনী। লণ্ডন আৰু নিউয়ৰ্কৰ পৰা প্ৰকাশিত Forest for the Future নামৰ কিতাপত ৫৮ নং পৃষ্ঠাৰ পৰা ৬৫ নং পৃষ্ঠালৈকে বিস্তাৰিতভাৱে লিপিবদ্ধ হৈছে এই সফল সংৰক্ষণৰ প্ৰক্ৰিয়া, যাক সমগ্ৰ দক্ষিণ-পূব এছিয়াৰ উল্লেখযোগ্য সংৰক্ষণ পদক্ষেপ বুলি বিবেচনা কৰা হৈছে। Communities and Conservation নামৰ মূল্যৱান কিতাপত লিপিবদ্ধ কৰা হৈছে নেচাৰ্চ বেকনৰ সোণালী বান্দৰ সংৰক্ষণৰ প্ৰক্ৰিয়া, যাক অনুমোদন জনাইছে—United Nations Educational, Scientific and Cultural Organization (UNESCO)ই। চক্ৰশীলৰ সোণালী বান্দৰৰ বিষয়ে এখন ৬০ মিনিটৰ সম্পূৰ্ণ তথ্যচিত্ৰ দূৰদৰ্শনৰ বাবে প্ৰস্তুত কৰা হৈছে। বিখ্যাত তথ্যচিত্ৰ নিৰ্মাতা তথা পৰিচালক গৌতম বৰা ডাঙৰীয়াই চক্ৰশীলৰ সোণালী বান্দৰৰ সম্পৰ্কত তথ্যচিত্ৰ নিৰ্মাণ কৰিছে। উল্লেখযোগ্য যে চক্ৰশীলাত লোৱা এটা সোণালী বান্দৰৰ ছবি BBC-ৰ আলোকচিত্ৰ প্ৰতিযোগিতাত পুৰস্কৃত হৈছে। পৰৱৰ্তী সময়ত সেই ছবিৰ প’ষ্টাৰ নিৰ্মাণ কৰি বিবিচি-এ সোণালী বান্দৰ আৰু তাৰ বাসস্থান সংৰক্ষণৰ বাবে সমগ্ৰ বিশ্বতে প্ৰচাৰ চলোৱাৰ কাম কৰিছিল। সোণালী বান্দৰৰ ছবি লোৱা এই আলোকচিত্ৰশিল্পীজনৰ নাম ইলিঅ’ ডেলা ফেৰেৰা। তেওঁ এজন বিশ্ববিখ্যাত আলোকচিত্ৰশিল্পী আৰু ইটালি দেশৰ নাগৰিক। বৰ্তমান সোণালী বান্দৰৰ লগে লগে অসমৰ সকলো বান্দৰ প্ৰজাতিৰ সংৰক্ষণৰ বাবে আমি কাম কৰি আছোঁ। আন্তৰ্জাতিক পৰ্যায়ত এই সংৰক্ষণ প্ৰক্ৰিয়াক সহযোগিতা কৰিছে International Primate Protection Leauge সংক্ষেপে IPPL। বৰ্তমানেও চক্ৰশীলাক কেন্দ্ৰ কৰি সোণালী বান্দৰ সংৰক্ষণৰ কাম অব্যাহত আছে।

    সোণালী বান্দৰে প্ৰধানতঃ গছৰ পাত খাই জীৱন ধাৰণ কৰে। গছৰ পাত, ফুল, ফল আৰু গছৰ কুমলীয়া ঠাৰি ইহঁতে ভক্ষণ কৰে। শাল অৰণ্যত শাল গছক অৱলম্বন কৰি বগাই উঠা কিছুমান লতা জাতীয় উদ্ভিদৰ পাত ইহঁতে ভক্ষণ কৰে। চক্ৰশীলা অভয়াৰণ্যত কাঠআলু জাতীয় কিছুমান উদ্ভিদ আছে। এই লতাজাতীয় উদ্ভিদবোৰৰ পাতো ইহঁতে আহাৰ হিচাপে গ্ৰহণ কৰে। ক’লাজামু আৰু গমাৰী গছৰ ফল এই সোণালী বান্দৰবোৰৰ বৰ প্ৰিয়। বাঁহ গছৰ কোমল অংশ, ডিমৰু গছৰ ঠাৰি, শিমলু গছৰ কোমল অংশ, কাঞ্চন গছৰ কোমল পাত আৰু ফুল সিহঁতে ভক্ষণ কৰে। ‘ডং-ডি-ঙা’ নামৰ এক ধৰণৰ গছৰ পাত খাবলৈ ইহঁতে বৰ ভাল পায়। চক্ৰশীলা অভয়াৰণ্যত যিবোৰ নিজৰা আছে, তাৰ কাষে কাষে যে কিছুমান চিৰহৰিৎ বৃক্ষ আছে, সেই কথা আগতেই উল্লেখ কৰিছো, শীতকালত চক্ৰশীলাৰ সোণালী বান্দৰবোৰে এইবোৰ চিৰহৰিৎ বৃক্ষৰ অৰণ্যৰ ওপৰত বিশেষভাৱে নিৰ্ভৰ কৰে। সোণালী বান্দৰৰ উপৰি মলুৱা বান্দৰক চক্ৰশীলাত দেখিবলৈ পোৱা যায়। মলুৱা বান্দৰবোৰে (Macaca mulatta) সাধাৰণতে ডাঙৰ ডাঙৰ দলত অৰণ্যৰ দাঁতিত বিচৰণ কৰে।

    যদিও মূলতঃ সোণালী বান্দৰক সুৰক্ষা দিয়াৰ বাবে চক্ৰশীলাৰ অৰণ্যক অভয়াৰণ্য ঘোষণা কৰা হৈছে, কিন্তু চক্ৰশীলাৰ অৰণ্যত বিভিন্ন প্ৰজাতিৰ স্তন্যপায়ী প্ৰাণীয়ে বসবাস কৰে। পশ্চিম অসমৰ এই ধুনীয়া পৰ্ণপাতী বৃক্ষৰ অৰণ্য বিভিন্ন বন্যপ্ৰাণীৰ আৱাসস্থল। স্তন্যপায়ী বন্যপ্ৰাণী, বনৰীয়া চৰাই, উভচৰ আৰু সৰীসৃপ সকলোতেই চক্ৰশীলা সমৃদ্ধ।

    বান্দৰ গোষ্ঠীৰ বাহিৰে চক্ৰশীলাত পোৱা উল্লেখযোগ্য স্তন্যপায়ী বন্যপ্ৰাণীবোৰ হ’ল—নাহৰফুটুকী, হাপা, লতামাকৰি, সুগৰী পহু, শৰ পহু, শহা পহু, বনৰৌ, নেউল, জহামাল, কেঁকোৰখোৱা নেউল, বৰবাদুলি, গৌৰ আৰু ঢেঁকীয়াপতীয়া বাঘ।

    বনৰীয়া চৰাইৰ ক্ষেত্ৰত চক্ৰশীলা অভয়াৰণ্য অত্যন্ত সমৃদ্ধ। চক্ৰশীলাত যেনেকুৱা কাঠনিৰ চৰাইবোৰক দেখিবলৈ পোৱা যায়, তেনেকৈ ধীৰ আৰু ডিপলাই বিলত যথেষ্ট জলচৰ চৰাই পোৱা যায়।

    কাঠনিৰ চৰাইবোৰৰ ভিতৰত ঘিলা কাঠৰোকা (Speckled Plculet), মুগা কাঠৰোকা (Rufous Woodpecker), বৰছাইয়া বাঢ়ৈটোকা (Great Slaty Woodpecker), বৰ হালধীয়া বাঢ়ৈটোকা (Greater Yellownape), ঘুংকুলুং (Limeated Barbet), পাকৈঢ়োঁৰা (Oriental Pied Hornbill), কাও চৰাই (Indian Roller), বৰ কুকুহা (Greater Coucal), পাত দিনকণা (Grey Nightjar), হালধীয়া ঠেঙৰ হাইঠা (Yellow Footed Green Pigeon), মচুৱা বটেৰ (Blue-Breasted Quail), ৰঙা ডিঙিৰ শেন (Red-Necked Falcon), কোকলোঙা (Rufous Treepie), নাচনী চৰাই (White throated Fantail), বনকুকুৰা (Red Jungle Fowl) ইত্যাদি বিশেষভাৱে উল্লেখযোগ্য।

    জলচৰ চৰাইবোৰৰ ভিতৰত বিভিন্ন প্ৰজাতিৰ বনৰীয়া হাঁহ, যেনে—শৰালি হাঁহ (Lesser Whistling Duck), কিকি হাঁহ (Cotton Pygmy Goose), টিকনি হাঁহ (Tufted Duck), কাজলবুলীয়া (Garganey), আমৰলি হাঁহ (Malard) ইত্যাদি। তাৰ বাহিৰেও বিভিন্ন প্ৰজাতিৰ জলচৰ চৰাই, যেনে—হালখেদা (Grey Heron), ইটাগুড়ীয়া (Cinnamon Billern), পানী ডুবি (Little Grebe), পানী কুকুৰা (Watercock), সৰু মুচৰি (Little Heron), ৰঙা জিকৰ (Ruddy Breasted Crake) ইত্যাদি উল্লেখযোগ্য। চৰাই পৰ্যবেক্ষকসকলে চক্ৰশীলা অভয়াৰণ্যত এতিয়ালৈকে ২৯৬ প্ৰজাতিৰ চৰাইক নথিভুক্ত কৰিছে। চক্ৰশীলা অভয়াৰণ্যত নেচাৰ্চ বেকনৰ ফালৰ পৰা বন্যপ্ৰাণীৰ প্ৰাথমিক তথ্য সংগ্ৰহৰ কাম কৰা হয়। ১৯৯৮ চনত নেচাৰ্চ বেকনে অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদৰ (Assam Science, Technology and Environment Council-ASTEC) আৰ্থিক সহায়ত এই তথ্যখিনি ছপা কৰি প্ৰকাশ কৰিছিল। এই সৰু বৈজ্ঞানিক প্ৰকাশখনৰ নাম Chakrashila Wildlife Sanctuary—A Documentation of its Biodiversity। এই তথ্য অনুযায়ী চক্ৰশীলা অভয়াৰণ্যত ১০৭ প্ৰজাতিৰ উদ্ভিদ তথা গছ-গছনি, ৩২ প্ৰজাতিৰ ঢেঁকীয়া জাতীয় উদ্ভিদ, ৩৪ প্ৰজাতিৰ স্তন্যপায়ী বন্যপ্ৰাণী, ২৭৩ প্ৰজাতিৰ চৰাই, ২৬ প্ৰজাতিৰ সৰীসৃপ আৰু উভচৰ, ৪৩ প্ৰজাতিৰ পখিলা আৰু ৬০ প্ৰজাতিৰ মাছ আছে। এয়া ১৯৯৮ চনৰ তথ্য, বৰ্তমান স্বাভাৱিকভাৱেই ইয়াৰ লগত আৰু নতুন তথ্য সংযোজিত হৈছে।

    চক্ৰশীলা অবয়াৰণ্যৰ অভ্যন্তৰত কিছুমান ঝোৰা বা নিজৰা থকাৰ কথা পূৰ্বতে উল্লেখ কৰিছো। এই নিজৰা বা ঝোৰাবোৰৰ কাষে কাষে যি সেমেকা অঞ্চল আছে, তাত এবিধ বিশেষ প্ৰজাতিৰ কাছ পৰিলক্ষিত হয়। এইবিধ কাছৰ নাম হালধীয়া কাছ Yellow Tortoise। বাৰিষাকালত ইহঁতক অধিক দেখিবলৈ পোৱা যায়। আৰু এবিধ কাছ চক্ৰশীলাৰ নিজৰাবোৰত পোৱা যায়, যাৰ নাম চেপেটা দুৰা। ইংৰাজী নাম—Oldham’s Leaf Turtle। এইবিধ দুৰা যথেষ্ট দুষ্প্ৰাপ্য। নিজৰাৰ মাজত পানীৰ তলত যিবোৰ শিল থাকে, চেপেটা দুৰাবোৰক তাতে দেখিবলৈ পোৱা যায়। স্থানীয়ভাৱে এইবিধ দুৰাৰ নাম পাত কাছ। পানীত থাকিলে ইহঁতক শালগছৰ পাত পৰি থকা যেন লাগে। চক্ৰশীলাত বিভিন্ন প্ৰজাতিৰ সাপ, যেনে—অজগৰ (Burmese Python), মচোৱা গোম (Indian Rat Snake), ধুন্দুলি ফেঁটী (Copperheaded Trinket Snake), শংখচূড় (Banded Krait) ইত্যাদিক দেখিবলৈ পোৱা যায়।

    পশ্চিম অসমৰ প্ৰায় অধিকাংশ পাহাৰীয়া অৰণ্য আজি ধ্বংসপ্ৰাপ্ত হৈছে। চক্ৰশীলা অভয়াৰণ্যই যেন বৰ্তমানেও অতীতৰ পশ্চিম অসমৰ অৰণ্যক প্ৰতিনিধিত্ব কৰি আছে। এই গুৰুত্বপূৰ্ণ বন্য প্ৰাণীৰ আৱাস পশ্চিম অসমৰ বন্য প্ৰাণীবোৰৰ শেষ প্ৰতিনিধিত্বমূলক অৰণ্য বুলি বিবেচিত হৈছে।

চক্ৰশীলা অভয়াৰণ্যত পৰ্যটনঃ

    অৰণ্য ভ্ৰমণকাৰী, প্ৰকৃতিপ্ৰেমী, বন্যপ্ৰাণী প্ৰিয় পৰ্যটকসকলৰ বাবে চক্ৰশীলা অভয়াৰণ্য ভ্ৰমণৰ আনন্দ অলপমান সুকীয়া। চক্ৰশীলা অভয়াৰণ্যত আপুনি খোজ কাঢ়িয়েই ভ্ৰমণ কৰিব লাগিব। অৰণ্যত খোজ কাঢ়ি ভ্ৰমণৰ আনন্দ সম্পূৰ্ণ বেলেগ এটা অভিজ্ঞতা। অসমৰ অধিকাংশ অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যানত যিটো সুবিধা নাই, চক্ৰশীলাত সেইটো আছে। চক্ৰশীলাৰ মাজেৰে অপূৰ্ব ধুনীয়া ট্ৰেকিঙৰ সুবিধা আছে। গাড়ীৰে যে চক্ৰশীলা ভ্ৰমণ কৰিব নোৱাৰিব, তেনেকুৱা নহয়, ইচ্ছা কৰিলে আপুনি গাড়ীৰেও চক্ৰশীলা অৰণ্য চাব পাৰে।

    চক্ৰশীলা অভয়াৰণ্য পৃথিৱীৰ ভিতৰত একমাত্ৰ অভয়াৰণ্য, য’ত সহজতে সোণালী বান্দৰ প্ৰত্যক্ষ কৰা যায়। ইয়াত বৰ ওচৰৰ পৰা সোণালী বান্দৰ পৰ্যবেক্ষণ আৰু তাৰ ছবি ল’বৰ বাবে পৰ্যটকে সুবিধা গ্ৰহণ কৰিব পাৰে।

    চক্ৰশীলাৰ প্ৰাকৃতিক সৌন্দৰ্য অনন্য। পাহাৰ, অৰণ্য আৰু বিলৰ যেন অসাধাৰণ সংমিশ্ৰণ ঘটিছে চক্ৰশীলাত। পশ্চিম অসমৰ গ্ৰাম্য সংস্কৃতি আৰু জনগোষ্ঠীয় সংস্কৃতি প্ৰত্যক্ষ কৰাৰ বাবে চক্ৰশীলাৰ দাঁতি কাষৰীয়া গাঁওবোৰ আদৰ্শ। ৰাভা, বড়ো, গাৰো, কোচ ৰাজবংশী, চাওতাল আদি জনগোষ্ঠীৰ গাঁও আছে ইয়াত। পৰ্যটকসকলে এই গাঁও ভ্ৰমণৰ সুবিধা ল’ব পাৰে।

    চৰাই পৰ্যবেক্ষণৰ বাবে চক্ৰশীলা অভয়াৰণ্য আদৰ্শ। পৰ্যটকে ধীৰ আৰু ডিপলাই বিলত নাৱত উঠি পৰিভ্ৰমণ কৰিব পাৰে। ডিপলাই আৰু ধীৰ বিলত জলচৰ চৰাই চোৱাৰ অভিজ্ঞতা প্ৰত্যেকজন পৰ্যটকৰ সুকীয়া অনুভৱ বুলি বিবেচিত হ’ব। চক্ৰশীলা অভয়াৰণ্যত অৰণ্যৰ মাজত শিৱিৰ স্থাপন কৰি, অৰণ্যৰ আমেজ লোৱাৰ সুবিধা আছে। চক্ৰশীলা অভয়াৰণ্যৰ কাষতে আছে পশ্চিম অসমৰ বিখ্যাত গাঁও ‘শালকোচা’। চক্ৰশীলাৰ পৰা পৰ্যটকে শালকোচা গাঁও পৰিভ্ৰমণ কৰিব পাৰে।

    চক্ৰশীলা অভয়াৰণ্যত মানুহে শীতকাল আৰু বাৰিষা কাল—দুয়োটা সময়তেই যাব পাৰে। বাৰিষাৰ সময়ত চক্ৰশীলাৰ ৰূপ হৈ উঠে অধিক অৰণ্যময়। বামুণী নিজৰা আৰু হাউ-হাউয়ি ঝোৰাত প্ৰাকৃতিক স্নান চক্ৰশীলাৰ অন্য এক আকৰ্ষণ।
চক্ৰশীলা অভয়াৰণ্যৰ গাতে লাগি থকা এখন গাঁও হ’ল যোৰনাগৰা গাঁও। যোৰনাগৰা গাঁৱত আছে চক্ৰশীলা জাংগল কেম্প (Chakrashila Jungle Camp)। এই কেম্পত থকা-মেলাৰ সুবিধা আছে। এই কেম্পৰ পৰা অৰণ্য ভ্ৰমণ, চৰাই পৰ্যবেক্ষণ, ট্ৰেকিং, অৰণ্য শিৱিৰ, ধীৰ আৰু ডিপলাই বিল ভ্ৰমণ, গাঁও ভ্ৰমণ ইত্যাদি বিভিন্ন কাৰ্যসূচী সম্পন্ন কৰা হয়।

চক্ৰশীলা অভয়াৰণ্যলৈ কেনেকৈ যাব?
দুই ধৰণেৰে চক্ৰশীলা অভয়াৰণ্যলৈ যাব পাৰে। প্ৰথম—আপুনি বাছত বা ৰেইলত প্ৰথমতে কোকৰাজাৰলৈ আহক। অসমৰ পৰা নামনিমুৱা প্ৰতিখন ট্ৰেইন কোকৰাঝাৰ ৰেইল ষ্টেশ্বনত ৰয়। কোকৰাঝাৰৰ পৰা শ্বেয়াৰ টেক্সি বা গাড়ী ভাড়া কৰি বাঁহবাৰী নামৰ স্থান হৈ দামোদৰপুৰ হৈ যোৰনাগৰা গাঁৱলৈ আহক। অৰ্থাৎ, কোকৰাঝাৰ—বাঁহ বাৰী হৈ দামোদৰপুৰ হৈ যোৰনাগৰা গাঁও। নহ’লে কোকৰাঝাৰৰ পৰা শিলগাৰা নামৰ স্থান হৈ শালকোচা গাঁও, তাৰ পৰা যোৰনাগৰা গাঁৱলৈ আহক। অৰ্থাৎ, কোকৰাঝাৰ—শিলগাৰা হৈ—শালকোচা হৈ—যোৰনাগৰা গাঁও। দুটা বাটেৰেই টেম্প’, মেজিক, শ্বেয়াৰ টেক্সি ইত্যাদি চলে, নিজৰ গাড়ী লৈও আহিব পাৰে, গাড়ী ভাড়া লৈও আহিব পাৰে। দ্বিতীয়তে—আপুনি ধুবুৰীৰ পৰা চক্ৰশীলা অভয়াৰণ্যলৈ আহিব পাৰে। ধুবুৰীৰ পৰা বিলাসীপাৰা পাৰ হৈ, শালকোচা বাংলা নামৰ ঠাইডোখৰত নামক। শালকোচা বাংলাৰ পৰা শালকোচা গাঁও হৈ চিধা যোৰনাগৰা গাঁৱলৈ আহক। যিসকলে গুৱাহাটীৰ ফালৰ পৰা আহি আছে, তেওঁলোক ধুবুৰী চহৰলৈ যোৱাৰ প্ৰয়োজন নাই। ধুবুৰী চহৰ পোৱাৰ ৬০ কিল’মিটাৰ আগতেই (চাপৰ পাৰ হৈ) শালকোচা বাংলা নামৰ ঠাইডোখৰ পায়। শালকোচা বাংলাৰ পৰা যোৰনাগৰা গাঁৱলৈ আহক। যোৰনাগৰা গাঁৱতে আছে চক্ৰশীলা জাংগল কেম্প্। শালকোচা বাংলাৰ পৰা যোৰনাগৰা গাঁৱলৈ অহাৰ বাবে বহুত টেম্প’, মেজিক ইত্যাদি গাড়ী পাব। শালকোচা বাংলাৰ পৰা যোৰনাগৰা গাঁৱলৈ ভাড়া ৫০ টকা, সময় লাগিব ৩০ মিনিট। কোকৰাঝাৰৰ পৰা যোৰনাগৰা গাঁৱলৈ আহিবলৈ সময় লাগিব প্ৰায় ৪০ মিনিট, ভাড়া জনেপ্ৰতি ৫০ টকা। •তত্ত্বাৱধায়ক বনবিভাগৰ ঠিকনা:
Divisional Forest Officer (D.F.O.)
Kokrajhar Wildlife Division
Kokrajhar. (B.T.C.) Assam

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: চক্ৰশীলা অভয়াৰণ্য
Anjan Sarma

Anjan Sarma

Related Posts

নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…
Health

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

by Sanghamitra Kashyap
June 6, 2026
0

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা সংঘমিত্ৰা কাশ্যপ আমাৰ সমাজখন বিজ্ঞান প্ৰযুক্তি আৰু স্বাস্থ্য সম্বন্ধীয় বহু ক্ষেত্ৰত আজি আগবাঢ়ি গৈছে।...

Read moreDetails
backview of sad child waiting on a glass window

শিশু সকলৰ মানসিক অৱস্থাৰ খবৰ ৰাখিছোনে? 

June 4, 2026
Legal profession takes a heavier toll on Female Advocates

Legal profession takes a heavier toll on Female Advocates

May 31, 2026
পাৰ্কিনছন ৰোগ

পাৰ্কিনছন ৰোগ

May 31, 2026
Indigenous people and their web of apathies

Indigenous people and their web of apathies

May 28, 2026
Making Mindfulness a Part of the Contemporary Age

Making Mindfulness a Part of the Contemporary Age

May 24, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Geography and Geopolitics: How Location, Resources, Climate, and Trade Routes Shape Global Power

Geography and Geopolitics: How Location, Resources, Climate, and Trade Routes Shape Global Power

June 7, 2026
Heat, Hunger, and Survival: Why India’s Climate Cooling Summit Cannot Wait?

Heat, Hunger, and Survival: Why India’s Climate Cooling Summit Cannot Wait?

June 7, 2026
From universities to influence networks: Russia’s long-term strategy for India

From universities to influence networks: Russia’s long-term strategy for India

June 7, 2026
বজালী আৰু বজেইলা ৰাজনৈতিক ফুটবল নহয়!

Building a Climate-Resilient Future: World Environment Day 2026 and the Rise of a Green Campus Revolution

June 6, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    34013 shares
    Share 13605 Tweet 8503
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    15189 shares
    Share 6076 Tweet 3797
  • বিশ্ব পৰিৱেশ দিৱস ২০২৬: এক সংকটজনক সন্ধিক্ষণত পূৰ্ব হিমালয়

    644 shares
    Share 258 Tweet 161
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    552 shares
    Share 221 Tweet 138
  • NEHU Shillong Hosts Historic Global Plant Humanities Summit as Scholars from Across the World Reimagine Humanity’s Bond with Nature

    290 shares
    Share 116 Tweet 73
  • পৰিৱেশ সুৰক্ষা আৰু আমাৰ দায়িত্ব 

    3508 shares
    Share 1403 Tweet 877
  • মাধৱদেৱৰ সাহিত্যকৃতি

    694 shares
    Share 278 Tweet 174
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

    1012 shares
    Share 405 Tweet 253
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3802 shares
    Share 1521 Tweet 951
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6594 shares
    Share 2638 Tweet 1649
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d