ৰামৰ মোমায়েকৰ গৃহ
দিলীপ দৈমাৰী
কোনো যায় ডালে ডালে, কোনো যায় পাতে পাতে! অথবা, এনেদৰেও ক’ব পাৰি, এটাতকৈ অইনটো চৰা!
হয়, এই বছৰতেই, অৰ্থাৎ ২০২২ চনৰ ভিতৰতেই চট্টিশগড়ত কংগ্ৰেছ চৰকাৰৰ বহু প্ৰতীক্ষিত ‘ৰাম বন গমন টুৰিজিম চাৰ্কিট‘ প্ৰকল্পৰ উদ্বোধন কৰা হ’ব বুলি ঘোষণা কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল-এ।
তেওঁ জনাইছে, আজি চট্টিশগড় হৈ পৰা অঞ্চলৰ যিছোৱা পথেৰে ৰাম আৰু লক্ষ্মণে ১৪ বছৰৰ বাবে বনবাসলৈ গৈছিল, সেইছোৱা পথৰ য’ত য’ত ৰামৰ ‘স্বৰ্গীয় পদৰেণু‘ পৰিছিল, ‘পুৰাণ বিশাৰদ‘ সকলৰ সৈতে আলোচনা কৰি তেনে ৯ টা এলেকা চিহ্নিত কৰা হৈছিল আৰু সেই ৯ টা অঞ্চল সামৰি তৈয়াৰ কৰা হৈছে ‘ৰাম বন গমন পথ‘। ইতিমধ্যে সমগ্ৰ অঞ্চল ধৰি বিশাল পৰ্যটন কেন্দ্ৰ গঢ়ি উঠিছে।
প্ৰকল্পৰ গুৰুত্ব বুজাবলৈ চট্টিশগড়ৰ মুখ্যমন্ত্ৰী বাঘেল-এ কৈছে, ‘চৰকাৰৰ মূল উদ্দেশ্য হৈছে অযোধ্যাৰ পৰা বনবাসলৈ যোৱাৰ পৰ্বটোত ৰামে ভালে কেইদিনমানৰ বাবে ভাতৃ লক্ষ্মণ আৰু পত্নী সীতাক লগত লৈ চান্দখুৰিত মোমায়েকৰ ঘৰত আছিল। আমি সেই পথছোৱা স্মৰণীয় কৰিবলৈ আৰু পূণ্যৰ্থী পৰ্যটকৰ বাবে আকৰ্ষণীয় কৰিবলৈ প্ৰকল্পটো হাতত লৈছো। ইয়াৰ ফলত ৰাজ্যখনৰ পৰ্যটন শিল্পৰ উন্নতি হোৱাৰ বাদেও ৰাজ্যখনৰ সুপ্ৰাচীন সংস্কৃতিৰ বিষয়েও ভালকৈ ডাঙি ধৰা হ’ব।’
বিজেপিৰ ‘হিন্দুত্ব’ৰ সমান্তৰালকৈ এক নতুন কৰ্মসূচী হিচাপে এনে প্ৰকল্প হাতত লোৱা হৈছে নেকি বুলি তেওঁক প্ৰশ্ন কৰাত তেওঁ কয়, ‘আঠৰ দশকৰ আৰম্ভণিতে বিজেপিৰ জন্ম। তেওঁলোকৰ পূৰ্বসূৰী ভাৰতীয় জনসংঘৰ এজেন্ডাত কাহানিও প্ৰভু ৰামচন্দ্ৰ নাছিল। বিজেপিয়ে মাথো ৰামৰ নাম লৈ ভোট ভিক্ষা কৰে, কিন্তু আমাৰ ( কংগ্ৰেছৰ) উদ্দেশ্য হৈছে – ৰামচন্দ্ৰৰ দৰ্শন আৰু ঐতিহ্যক মানুহৰ চকুৰ সন্মুখত ডাঙি ধৰা।’ এই প্ৰকল্পত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে বহু মানুহৰ সংস্থাপন হ’ব বুলিও তেওঁ উল্লেখ কৰে।
মূলতঃ চট্টিশগড়ৰ মুখ্যমন্ত্ৰী বাঘেল-এ দেখুৱাবলৈ বিচাৰিছে যে শ্ৰীৰামচন্দ্ৰ যদি অযোধ্যাৰ বীৰ সন্তান আছিল, তেনেহ’লে চট্টিশগড়ৰ চাঁন্দখুৰিও ৰামৰ ১৪ বছৰীয়া বনবাসৰ সাক্ষী। তুলসীদাসৰ ৰামায়ণতো বৰ্ণিত হৈছে চাঁন্দখুৰি ৰামৰ মোমায়েকৰ ঘৰ হিচাপে। তাকেই কেন্দ্ৰ কৰি প্ৰকল্পটো গঢ়ি তোলা হৈছে। ‘ৰাম বন গমন পথ যোজনা’ নামৰ প্ৰকল্পটো দুবছৰমান আগতে হাতত লৈছিল চট্টিশগড়ৰ চৰকাৰে।
তুলসীদাসৰ ৰামায়ণত আছে, এই পথেৰেই বনবাসলৈ গৈছিল ৰামচন্দ্ৰ। তাৰোপৰি, চাঁন্দখুৰিত জন্মিছিল ৰামৰ মাতৃ কৌশল্যা। সেইবাবে চাঁন্দখুৰিত কৌশল্যাৰ প্ৰাচীন যন্দিৰো আছে। ধৰ্মীয় পৰ্যটন কেন্দ্ৰৰ অঙ্গ হিচাবে সেই মন্দিৰ এতিয়া ৰমক-জমক কৰি তোলা হৈছে। মন্দিৰৰ সাজোন- কাচোনৰ বাবেই ১৬ কোটি টকা খৰছ কৰা হৈছে। সেই স্থানৰ নামাকৰণ কৰা হৈছে আস্থা কেন্দ্ৰ‘(ভক্তি কেন্দ্ৰ)।
ভৌগোলিক ভাবে চট্টিশগড়ৰ ৰাজধানী ৰায়পুৰৰ পৰা চাঁন্দখুৰিলৈ দূৰত্ব মাথো ২৮ কিলোমিটাৰ। মনোৰম স্থান চাঁন্দখুৰি। চাৰিওফালে ঘন সেউজ অৰণ্য। ওখ চাপৰ পাহাৰ। তাতেই আছে এক বিশাল হ্ৰদ। তাৰে মাজতেই কৌশল্যামাতা মন্দিৰ। আগতে নাওত উঠি মন্দিৰলৈ ভক্তসকল গৈছিল। এতিয়া মন্দিৰলৈ যাবলৈ গঢ়ি তোলা হৈছে কংক্ৰিটৰ দলং। সূৰ্য অস্তাচললৈ যোৱাৰ পিছতেই হ্ৰদৰ পানীত খেলা খেলিব মায়াবী আলোকসজ্জাই। চাৰিওদিশৰ পৰা ক্ষীণ কন্ঠৰে ভাঁহি আহিব ৰামৰ ভজন, ভক্তি সঙ্গীত।
প্ৰশ্ন উত্থাপন হৈছে, হঠাৎ কিয় এনে উদ্যোগ?
বহুতৰে মতে, ৰাম যে কেৱল বিজেপিৰেই নহয় – তেনে এক শক্তিশালী বাৰ্তা চট্টিশগড়ৰ কংগ্ৰেছ দলৰ চৰকাৰে গেৰুৱা শিৱিৰক দিবলৈ তৎপৰ হৈ পৰিছে আৰু এইবছৰ সেইহেতুকেই সেই গুৰুত্বপূৰ্ণ প্ৰকল্প উদ্বোধন কৰা হব।
১৩-০৬-২০২২ [ Images: Collected from different sources]
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)