–তনয় চক্ৰৱৰ্তী |
ৰাছিয়াৰ সংসদৰ নিৰ্বাচনত এইবাৰো বৃহৎ জয়লাভৰ পথলৈ অগ্ৰসৰ হৈছে ভ্লাডিমিৰ পুতিন। অনুমান কৰা হৈছে যে পুটিনৰ দলটোৱে দুই-তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা অৰ্জন কৰিবলৈ সক্ষম হ’ব। ভোটকেন্দ্ৰসমূহত ৩০% ভোট গণনাৰ পটভূমিত ‘ইউনাইটেড ৰাছিয়া’ৰ পক্ষৰ পৰা এনেদৰে দাবী কৰা হৈছে বুলি সংবাদ সংস্থা ‘এ-এফ-পি’-এ প্ৰচাৰ কৰিছে। তিনিদিন ধৰি হোৱা এই নিৰ্বাচনত যোৱা শুক্ৰবাৰে( ১৭/০৯/২০২১) ভোটগ্ৰহণ আৰম্ভ হয় আৰু দেওবাৰে (১৯/০৯/২০২১) স্থানীয় সময় অনুসৰি নিশা ৮ বজাত সমাপ্ত হয়। নিৰ্বাচনত ‘ৰাছিয়াৰ পাৰ্লিয়ামেন্ট’, অৰ্থাৎ ক্ৰেমলিনৰ বেছিভাগ সমালোচককে অংশ ল’বলৈ দিয়া নহ’ল বুলি অভিযোগ কৰা হৈছে আৰু পুতিনক দেশে-বিদেশেও সমালোচনা কৰা হৈছে।
ৰাছিয়াৰ নিৰ্বাচন কমিশ্যন-এ প্ৰাথমিক ফলাফল সম্পৰ্কে কৈছে যে শতকৰা ৬৪ ভাগ ভোট গণনাৰ কাম শেষ হৈছে আৰু ইয়াৰ মাজতেই পুতিনৰ দল ‘ইউনাইটেড ৰাছিয়া পাৰ্টি’য়ে শতকৰা ৪৮ ভাগ ভোট লাভ কৰিছে। ইয়াৰ পিছত আছে কমিউনিষ্ট পাৰ্টি, তেওঁলোকে পাইছে শতকৰা প্ৰায় ২১ ভাগ ভোট। দেওবাৰে সন্ধিয়া ভোটগ্ৰহণ সমাপ্ত হোৱাৰ কেইঘন্টামানৰ পিছতেই বিজয় হোৱা বুলি দাবী কৰিছে পুতিনৰ দলটোৱে। ৰাছিয়াৰ চৰকাৰী টেলিভিছনৰ পৰ্দাত দেখা গৈছে যে ইউনাইটেড ৰাছিয়া পাৰ্টিৰ কৰ্মকৰ্তা আঁন্দ্ৰেই তুৰছাক-এ মস্কোত এদল সমৰ্থকক অভিনন্দন জনাইছে আৰু দাবী কৰিছে যে এইবাৰো তেওঁলোকৰ দলে ক্ষমতা দখল কৰিবলৈ আগবাঢ়িছে।
বি-বি-চি-ৰ এক বিশেষ বুলেটিনত কোৱা হৈছে যে ‘নিৰ্বাচনৰ আংশিক ফলাফলত দেখা গৈছে যে ৰাষ্ট্ৰপতি পুতিনৰ দলেই খুব সহজে পাৰ্লিয়ামেন্টৰ সংখ্যাগৰিষ্ঠতা লাভ কৰিব। কিন্তু পুতিনৰ দলৰ জনপ্ৰিয়তা হ্ৰাস হৈছে এক-পঞ্চমাংশ। ২০১৬ চনৰ নিৰ্বাচনত পুতিনৰ দলৰ প্ৰতি সমৰ্থন আছিল শতকৰা ৫৪ ভাগ। আনহাতে এইবাৰ কমিউনিষ্ট পাৰ্টিৰ প্ৰতি জনসমৰ্থন বৃদ্ধি পাইছে শতকৰা ৮ ভাগ। এইক্ষেত্ৰত পুতিনৰ দুৰ্নীতিৰ তীব্ৰ সমালোচক তথা জীৱনৰ মানদণ্ড সম্পৰ্কে উদ্বিগ্ন এলেক্সি নাভালনিক জেলত বন্দী কৰি ৰখাৰ বাবে পুতিনৰ দলৰ প্ৰতি জনসমৰ্থন পূৰ্বতকৈ হ্ৰাস পাইছে বুলি অনুমান কৰিছে ৰাজনৈতিক বিশেষজ্ঞসকলে।
ৰয়টাৰ্চৰ তৰফৰ পৰা কোৱা হৈছে, ‘ৰাছিয়াত মাৰাথন নিৰ্বাচন সম্পন্ন হৈছে, কিন্তু প্ৰথমখন বেলট গণনা কৰাৰ আগতেই অনুমান কৰা হৈছিল যে নিৰ্বাচন সুস্থ নহ’ব।’ বিৰোধী দলৰ বহুত ৰাজনৈতিক নেতা আৰু মানৱাধিকাৰ কৰ্মীক নিৰ্বাচনটোৰ ক্ষেত্ৰত নিষিদ্ধ ঘোষণা কৰা হৈছে। এইসকলৰ মাজত, জেলত বন্দী হৈ থকা এলেক্সি নাভালনিৰ সমৰ্থক সকল হ’ল পুতিনৰ প্ৰধান লক্ষ্য। কৰ’না মহামাৰীৰ পটভূমিত ৰাছিয়াত এইবাৰ নিৰ্বাচন তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা হয়। এইবাৰেই প্ৰথমবাৰৰ বাবে ৰাছিয়াত একেলেথাৰিয়ে ৭২ ঘন্টা নিৰ্বাচন অনুষ্ঠিত হ’ল।
কিন্তু সমালোচক সকলে কৈছে যে তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা এই নিৰ্বাচন মুঠেও স্বচ্ছ নাছিল। প্ৰকাশ্যে নিয়ম-নীতি উলংঘা কৰা বিভিন্ন অভিযোগ ৰাছিয়াৰ বিভিন্ন স্থানৰ পৰাই আহি আছে। কিন্তু নিৰ্বাচন কমিশ্যন-এ এনে অভিযোগক একেবাৰে গুৰুত্ব দিয়া নাই, বৰং কৈছে -‘এনে অভিযোগ পৰিকল্পিত।’ ক্ৰেমলিনৰ মতেও এনে অভিযোগ ৰাছিয়াৰ শত্ৰুসকলৰ, ষড়যন্ত্ৰকাৰী বিদেশীসকলৰ!