চন্দ্ৰকান্ত সিংহ আৰু শিখ – হিন্দুস্তানী সৈনিক সকল
দিগন্ত কুমাৰ গগৈ
উনবিংশ শতিকাৰ দ্বিতীয় দশকত আহোম ৰাজবিষয়া সকলৰ অন্তৰ্কলহ আৰু বিবাদৰ ফলত অসম নিজৰ চুবুৰীয়া দেশ ম্যানমাৰ পৰা তিনিবাৰ আক্ৰমণৰ বলি হৈছিল।মানৰ উগ্ৰ আক্ৰমণত ৰজা প্ৰজা সকলো জৰ্জৰিত হৈ পৰিছিল।
ইয়াৰ পিছত সংঘটিত হোৱা প্ৰথম ইংগ – বাৰ্মিজ যুদ্ধত, বৃটিছ সামৰিক বাহিনীয়ে, মান সৈন্য বাহিনীক পৰাস্ত কৰিলে আৰু ২৪ ফেব্ৰুৱাৰী, ১৮২৬ চনত বৃটিছ সাম্ৰাজ্য আৰু ব্ৰহ্ম দেশৰ( বৰ্তমান কালৰ ম্যানমাৰ), মাজত স্থাপন হোৱা ইয়াণ্ডাবু সন্ধিৰ ফলস্বৰূপে অসমত আহোম ৰাজবংশৰ শাসন আৰু স্বাধীন ৰাজ্য ৰূপে অসমৰ অস্তিত্ব সমাপ্ত হয়।
মানৰ এই উগ্ৰ আক্ৰমণৰ সময়ত, ৬০০ বছৰীয়া আহোম ৰাজত্বৰ প্ৰতিনিধি আৰু ৰজা, স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহই নিজৰ উপৰি পুৰুষ সকলে গঢ়া ৰাজ্য খন, যাক তেওঁৰ উপৰিপুৰুষ চাওলুং চুকাফাই ‘মুং ডুন চুন খাম অৰ্থাৎ সোণালী বাগিচাৰ দেশ’ বুলি উল্লেখ কৰিছিল তাক ৰক্ষা কৰিবলৈ অহোপুৰুষাৰ্থ কৰিছিল।
১৮২১ খৃঃত, আহোম ৰজা স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহই, মানৰ তৃতীয় আক্ৰমণৰ সময়ত, ৰাজধানী যোৰহাটৰ পৰা পিছুৱাই আহি গুৱাহাটীত বাহৰ পাতিলে। আক্ৰমণকাৰী মানৰ পৰা দেশ উদ্ধাৰৰ অৰ্থে সেই সময়ত চন্দ্ৰকান্ত সিংহক, বৰ্তমান কালৰ বৰপেটা জিলাৰ বাউসী পৰগনাৰ অতিৰাম চৌধুৰী প্ৰমুখ্যে কামৰূপ ও পশ্চিম অসমৰ বৰুৱা – চৌধুৰীসকলে অৰ্থ সংগ্ৰহ কৰি সহযোগ কৰিলে। এই অৰ্থৰ জৰিয়তে চন্দ্ৰকান্ত সিংহই চুবুৰীয়া বৃটিছ শাসনাধীন গোৱালপাৰা জিলা আৰু বংগৰ পৰা শিখ আৰু হিন্দুস্তানী ভেৰোণীয়া গোটাবলৈ সক্ষম হৈছিল।
চন্দ্ৰকান্ত সিংহৰ এই সৈন্য বাহিনীত প্ৰায় ৩০০ পৰা ৫০০ জনকৈ শিখ সৈন্য আছিল বুলি বিভিন্ন তথ্যত প্ৰকাশ। জনপ্ৰিয় লোকশ্ৰুতি মতে এই শিখ সৈন্য পঞ্জাৱৰ ৰজা ৰঞ্জিত সিংহই চন্দ্ৰকান্তৰ অনুৰোধত পঠাইছিল। কিন্তু সেই সময়ৰ ভাৰতবৰ্ষৰ ইতিহাস অধ্যয়ন কৰিলে আৰু ভৌগলিক ভাৱে অসম আৰু পঞ্জাৱৰ দূৰত্ব চালে, এই কথা বাস্তৱ সন্মত যেন নালাগে।
বৰঞ্চ শিখসকলৰ নৱম গুৰু টেগ বাহাদুৰে বংগ, বিহাৰ আৰু অসম ভ্ৰমণ কৰি শিখ ধৰ্ম প্ৰচাৰ কৰাৰ ঐতিহাসিক তথ্য আৰু অসমৰ ধুবুৰীত গুৰু টেগ বাহাদুৰৰ দিনৰ গুৰুদ্বাৰা স্থাপন কৰাৰ তথ্য বিশ্লেষণ কৰিলে, এই শিখ সৈনিক সকল অসমৰ ধুবুৰী, বংগ দেশ আৰু বিহাৰত বসবাস কৰা শিখ লোকৰ পৰা অহা যেন অনুমান হয়।
সমকালীন বৃটিছ সামৰিক বিষয়া আৰু প্ৰশাসক মেজৰ আডাম হোৱাইটৰ লিখনিত আৰু গুণাভিৰাম বৰুৱাৰ দ্বাৰা বিৰচিত ‘আসাম বুৰঞ্জীত’ উল্লেখ থকা চন্দ্ৰকান্ত সিংহৰ সৈন্য বাহিনীত থকা কেইগৰাকীমান শিখ – হিন্দুস্তানী সেনানায়ক আছিল চৈতন্য সিং চুবেদাৰ, গোপাল সিং আৰু চুবেদাৰ যাদিৰ বক্স।
বৃটিছ সামৰিক বিষয়া আৰু প্ৰশাসক মেজৰ আডাম হোৱাইটৰ লিখনিত উল্লেখ আছে যে ১৮২১ চনৰ আষাৰ মাহত স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহই মান সেনাই গুৱাহাটী অভিমুখে আগবাঢ়ি অহাৰ বাৰ্তা লাভ কৰে। স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহই নিজৰ সৈন্য বাহিনী সৈতে পিছুৱাই হাদিৰাচকীত বাহৰ পাতিলে। মান সেনাই গুৱাহাটী অধিকাৰ কৰি হাদিৰাচকীৰ ফালে আগবাঢ়িলে।
চন্দ্ৰকান্ত সিংহৰ সেনাপতি সকলে, ৰজাক ব্ৰহ্মপুত্ৰ নদী পাৰ কৰি গোৱালপাৰা লৈ পঠিয়াই আৰু ৰজাৰ সেনাপতি সকলে আৰু সৈন্যবাহিনীয়ে মান সেনাক লহাবল্লা নামৰ ঠাইত প্ৰতিৰোধ কৰিলে। ৰণত চন্দ্ৰকান্ত সিংহৰ সৈন্যবাহিনীৰ হাতত মান সেনা পৰাস্ত হৈ, গুৱাহাটীলৈ পিছুৱাই যায়।
ইয়াৰ কিছুদিনৰ পিছতে চন্দ্ৰকান্ত সিংহই শিখ, হিন্দুস্তানী, স্থানীয় অসমীয়া লোকৰ, আদি বাৰে বৰণীয়া লোকৰে গঠিত প্ৰায় ২০০০ সৈন্যৰ এক বাহিনী লৈ ভোলা পানীফুকন, চিৰিং ফৈদৰ ৰাধানাথ বৰবৰুৱা, আৰু তেওঁৰ শিখ – হিন্দুস্তানী চুবেদাৰ কেইজন লগত লৈ গুৱাহাটী স্থিত মান সেনাক আক্ৰমণ কৰে।
মানৰ লগত হোৱা তুমুল যুদ্ধত, চুবেদাৰ যাদিৰ বক্স আৰু কেইবাজনো চিপাহী বীৰগতি প্ৰাপ্ত কৰে, কিন্তু অৱশেষত স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহ বিজয়ী হৈ, গুৱাহাটী মানৰ পৰা উদ্ধাৰ কৰিলে। ইয়াৰ পিছত চন্দ্ৰকান্ত সিংহ আৰু তেওঁৰ সৈন্যবাহিনীয়ে মান সেনাক খেদি, ৰাজধানী যোৰহাটৰ ওচৰত মহগড়ত (বৰ্তমানৰ যোৰহাট জিলাৰ কোকিলামুখ) কোঠ পাতিলে।
ইতিমধ্যে মান ৰজা বাগ্যিদাওয়ে, অসমত মান সেনাৰ পৰাজয়ৰ খবৰ পালে আৰু প্ৰতিকাৰ স্বৰূপে সেই কালৰ মানৰ সৰ্বশ্ৰেষ্ঠ সেনাপতি মিঙ্গিমহা বন্দুলাৰ নেতৃত্বত এক বিশাল মান সেনাবাহিনী চন্দ্ৰকান্ত সিংহক আক্ৰমণ কৰিবলৈ পঠিয়ায়। ১৮২২ চনৰ এপ্ৰিল মাহত, চন্দ্ৰকান্ত সিংহ আৰু তেওঁৰ সৈন্যবাহিনীয়ে মহগড়ত প্ৰবল পৰাক্ৰমেৰে মানৰ বিশাল সেনাবাহিনীৰ লগত অতি সাহসেৰে ৰণত অৱতীৰ্ণ হয়।
বৃটিছ মেজৰ আডাম হোৱাইটৰ লিখনি, গুণাভিৰাম বৰুৱাৰ আসাম বুৰঞ্জী, হিতেশ্বৰ বৰবৰুৱাৰ ‘আহোমৰ দিন’ আৰু এডৱাৰ্ড গেইটৰ ‘হিষ্ট্ৰী অৱ আসাম’ মতে ৰণক্ষেত্ৰত চন্দ্ৰকান্ত সিংহই অপৰিসীম সাহসৰ পৰিচয় দি, শত্ৰুৰ লগত হতাহতি যুদ্ধত নিজ হাতে কেইবাজনো শত্ৰু সৈনিকক বধ কৰিছিল। তেওঁৰ শিখ – হিন্দুস্তানী সৈনিক সকলেও তৰোৱালেৰে আঘাত কৰি অনেক মান সৈনিক বধ কৰিলে। কিন্তু ৰণৰ মাজতে চন্দ্ৰকান্ত সিংহৰ পক্ষৰ গোলা বাৰুদ শেষ হয়। ইয়াৰ পিছত সংখ্যাগৰিষ্ঠ মান সেনাৰ প্ৰচণ্ড আক্ৰমণত চন্দ্ৰকান্ত সিংহৰ অনেক ক্ষয়-ক্ষতি হয়। চন্দ্ৰকান্ত সিংহৰ পক্ষৰ প্ৰায় ১৫০০ সৈনিক নিহত হ’ল, আৰু অৱশেষত ৰণত তেওঁ পৰাজিত হয়। নিজৰ অৱশিষ্ট সৈন্য বাহিনী লৈ চন্দ্ৰকান্ত সিংহ পিছ হুহকি আহি প্ৰথমে গুৱাহাটী আৰু পিছলৈ হাদিৰাচকীত নিজৰ ঘাটি পাতিছিল।
২১ জুন ১৮২২ চনত, স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহই অন্তিম বাৰ মান সেনাৰ বিৰুদ্ধে হাদীৰাচকীত যুদ্ধত অবতীৰ্ণ হৈছিল। হিতেশ্বৰ বৰবৰুৱাৰ দ্বাৰা লিখিত গ্ৰন্থ “আহোমৰ দিন” ত উল্লেখ আছে যে সেই কালত হাদীৰাচকীত তিনিশ শিখ সৈনিকে আহোম ৰাজ্যৰ পশ্চিম সীমান্ত ৰক্ষী ৰূপে আছিল। মান সেনাই হাদীৰাচকীত আক্ৰমণৰ সময়ত এই শিখ সৈনিক সকলে সাহসেৰে শত্ৰুৰ সন্মুখীন হয়।
ৰণত পৰাজয় অৱশ্যম্ভাৱী যেন গম পাই, স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহ, হলিৰাম ঢেকিয়াল ফুকন, যজ্ঞৰাম খাৰঘৰীয়া ফুকন, আদি ঘাই মানুহ কেইগৰাকী, পৰিয়াল সহ নাওত উঠিবলৈ ললে। মানুহবোৰে নাওত উঠি থকা কালছোৱাত চুবেদাৰ চৈতন্য সিং আৰু শিখ সৈন্যসকলে আক্ৰমণকাৰী মান সেনাক বাধা দি থাকিল। অৱশেষত মান সেনাই শিখ সৈন্যসকলক চাৰিওফালৰ পৰা ঘেৰি আক্ৰমণ কৰে। ৰণত শেষ লৈকে যুঁজি চুবেদাৰ চৈতন্য সিং আৰু শিখ সৈন্যসকল বীৰগতি লাভ কৰে।

হাদীৰাচকীত চন্দ্ৰকান্ত সিংহৰ পৰাজয়ৰ ফলস্বৰূপে অসমত আহোম ৰাজ্যৰ পতন হ’ল, আৰু অসম পোনপতীয়াকৈ মানৰ অধীনত আহিল। বিশিষ্ট বুৰঞ্জীবিদ ডঃ সূৰ্য কুমাৰ ভূঞা দেৱে উল্লেখ কৰিছে যে হাদীৰাচকী ৰণত স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহৰ পৰাজয়ৰ পিছত স্বাধীন অসমৰ সূৰ্য ডুব গ’ল আৰু ইংৰাজী ২১ জুন ১৮২২ চনৰ সেই দিনটো স্বাধীন অসমৰ অন্তিম দিন আছিল ।
হাদিৰাচকীৰ ৰণত শিখ সৈনিকসকলে আহোম ৰজাৰ হৈ আক্ৰমণকাৰী মানক যুদ্ধ কৰা কথা গুণাভিৰাম বৰুৱাৰ দ্বাৰা বিৰচিত ‘আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱনী’ আৰু ‘আসাম বুৰঞ্জী’ ত উল্লেখ আছে।
জনশ্ৰুতিৰ মতেই হাদীৰাচকীৰ ৰণত অংশগ্ৰহণ কৰা শিখ সৈনিকসকলৰ বংশধৰসকলে নগাঁও জিলাৰ বৰকলা গাঁৱখনত থিতাপি লৈছিল, আৰু পিচলৈ তেওঁলোকে অসমীয়া শিখ বুলি পৰিচয় দি, বৃহত্তৰ অসমীয়া জাতিৰ অংশ হৈ পৰিল।
দিগন্ত কুমাৰ গগৈ , দাৰ্জিলিং , ৯৮৫৪৩ ৭৯৭১৩
ৰেখাংকন: হানিদ ৰঞ্জন ভূঞা ; শিৰোনামৰ চিত্ৰ: হানিদ ৰঞ্জন ভূঞাৰ ৰেখাংকনৰ আধাৰত AIৰ দ্বাৰা কল্পিত ৰঙীন চিত্ৰ
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.


















