চন্দ্ৰকুমাৰৰ অসমীয়া : অসমীয়াৰ চাৰি দশকৰ ইতিহাস

175+ Years of Media in Assam & Beyond

চন্দ্ৰকুমাৰৰ অসমীয়া : অসমীয়াৰ চাৰি দশকৰ ইতিহাস (১৯১৮১৯৫৮)

ৰাধিকামোহন ভাগৱতী

Radhika Mohan Bhagawati
ৰাধিকামোহন ভাগৱতী

চন্দ্ৰকুমাৰ আগৰৱালাই প্ৰতিষ্ঠা কৰা ডিব্ৰুগড়ৰ পৰা ১৯১৮ চনত প্রকাশ পোৱা “অসমীয়া” অসমীয়াৰ জাতি-সত্তা দৃট়ীকৰণ আৰু জাতীয়তাৰ উত্তৰণৰ এক বলিষ্ঠ পদক্ষেপ।

অসমীয়া জাতিৰ পট্টন হোৱা উজনিৰ ডিব্ৰুগড় চহৰৰ পৰা ওলোৱা “অসমীয়া”ই ক্ৰমান্বয়ে স্বাভাৱিকতে জাতিৰ ইতিহাসৰ খচৰা ৰূপ ধাৰণ কৰে। উনবিংশ শতিকাৰ শেহভাগত ডিব্ৰুগড় অসমৰ ভিতৰতে অন্যতম মুখ্য চহৰ আছিল। ডিব্ৰুগড় জিলাৰ সদৰো আছিল। গেইটে তেওঁৰ প্ৰতিৱেদনত লিখিছিল যে ১৮৭২ চনত ডিব্ৰুগড় এখন গাওঁহে আছিল।

কিন্তু ১৮৯১ চনত চহৰখন অভূতপূৰ্বভাৱে সকলোপিনে সমৃদ্ধ হৈ পৰে; ইয়াৰ জনসংখ্যাও বাঢ়ি যায়। ইয়াৰ মূলতে যে চাহ উদ্যোগৰ প্ৰসাৰ, ইয়াত মুঠেই সন্দেহ নাই। ১৮৮৯ চনত ডিগবৈত তেল আৰু কয়লা উৎপাদন ব্যৱস্থা আৰম্ভ হোৱাত অঞ্চলটোৰ গুৰুত্ব বাঢ়ি যায়। কাঠ-তেল-কয়লা আদি উজনিৰ প্ৰাকৃতিক সম্পদবিলাক বাহিৰলৈ প্ৰেৰণ কৰাৰ বাবে ডিব্ৰুগড়েই ঘাই ঘাটি হৈ পৰিছিল।

RelatedPosts

ডিব্ৰুগডতে উজনিৰ জাহাজ ঘাটো আছিল। ৰেলপথ (১৮৮২ চনত ইয়াত প্ৰথম ৰেল লাইন বহুওৱা হয়) আৰু জলপথৰ (১৮৫৬ চনত) সুবিধা থকাত ডিব্ৰুগড় বাহিৰৰ মাৰোৱাৰী, বিহাৰী আদি বিভিন্ন সম্প্ৰদায়ৰ বসতিস্থল হল। সুদূৰ ঢাকাৰপৰাও লোক আহি ইয়াত বসতি কৰিবলৈ লয়। এইবিলাক বাসিন্দাই ডিব্ৰুগড়ৰ পূৰ্বৰ চৰিত্ৰ সলনি কৰি দিয়ে।

যদিও ইয়াৰ ঐতিহ্য তুলনামূলকভাৱে সিমান উল্লেখযোগ্য নাছিল, তথাপি আধুনিক চহৰৰ বিশেষত্ব বহন কৰি ডিব্ৰুগড় অসমীয়া সংস্কৃতিৰ পথ প্ৰদৰ্শক হ’ল আৰু ইয়াৰ অসমীয়া ব্যৱসায়ী আৰু অন্যান্য মহলক কেন্দ্ৰ কৰি নতুন মধ্যবিত্ত শ্ৰেণীৰ সৃষ্টি হ’ল।

ইতিমধ্যে “আলোচনী’’ নামৰ মাহেকীয়া আলোচনীখনৰ যোগেদি উঠি অহা অসমীয়া মধ্যবিত্ত শ্ৰেণীটোৱে মনৰ ভাৱ প্ৰকাশ কৰাৰ মাধ্যম এটা পাইছিল। ‘‘আসাম বান্ধৱ”আলোচনীয়ে অসমীয়া ভাষা লিখাৰ ধৰণ-কৰণ সম্পৰ্কত নতুন ৰীতিৰে বেলেগ মত প্ৰচলন কৰি আলোড়নৰ সৃষ্টি কৰিছিল। “আসাম বান্ধৱে”মহাপুৰুষীয়া সংস্কৃতিৰ বিপৰীতে দুৰ্গোৎসৱক অসমীয়াৰ জাতীয় উৎসৱ বুলি সাব্যস্ত কৰিবলৈও প্রয়াস পাইছিল।

চাহ উদ্যোগপতিৰ মুখপত্ৰস্বৰূপ “টাইম্ছ অৱ আছাম’’ৰ লগতে “আসাম বান্ধৱ”গোষ্ঠীয়ে অসমীয়া ঐতিহ্যৰ ওপৰত আঘাত কৰাটো লক্ষ্য কৰি চন্দ্ৰকুমাৰ আগৰৱালাৰ দৰে অসমীয়া-প্ৰাণ ভৱিষ্যৎ-দ্ৰষ্টা অসমীয়াই তাহানিৰ “জোনাকী’’ৰ আদৰ্শেৰে প্রতিবাদী মাধ্যম প্রতিষ্ঠা কৰিবলৈ তৎপৰ হৈ পৰাটো অনিবাৰ্য হ’ল৷ “অসমীয়া” ওলোৱাৰ সময়ত বঙালী কাকত “সঞ্জীৱনী’’, “হিতবাদী’’, “বংগবাসী”আদিয়ে অসম ঢৌৱাই পেলাইছিল।

এইবিলাকৰ প্ৰভাৱৰ পৰা অসমীয়া শিক্ষিতসকলক মুক্ত কৰাৰ উপৰি অশিক্ষিত আৰু অৰ্ধশিক্ষিত শ্ৰেণীৰ অসমীয়াক পোহৰ দেখুৱাবৰ বাবে এখন মুখপত্ৰৰ অভাৱ চন্দ্ৰকুমাৰ আগৰৱালাক কেন্দ্ৰ কৰি গঢ়ি উঠা অসমহিতৈষী মধ্যবিত্ত সমাজে অনুভৱ কৰাৰ ফলত “অসমীয়া”ই আত্মপ্ৰকাশ কৰিব পাৰিলে।

বৃটিছ চৰকাৰৰ বাণিজ্যিক চাহিদা পূৰণৰ মাধ্যম হিচাপে ৰাধানাথ চাংকাকতীৰ ইংৰাজী সাপ্তাহিসক “টাইমছ অৱ আছাম”ৰ (১৮৯৫-১৯৪৮) জন্ম হোৱাটো আৰু ইয়াৰ “পলিচী’ ইংৰাজে–চাহখেতি কৰা আৰু ৰজাঘৰীয়া কাম কৰা ইংৰাজে নিৰ্ধাৰণ কৰি দিয়াটোত সময়ৰ পটভূমিত একো আচৰিত কথা নাছিল। সাংবাদিকতাৰ ইতিহাসত এনে দৃষ্টান্ত সৰহ।

আনকি ভাৰতবৰ্ষৰ প্ৰথমখন ইংৰাজী সংবাদ-পত্ৰ ‘হিঙ্কীৰ গেজেট’ৰো পোনতে উদ্দেশ্য আছিল ভাৰতলৈ অহা বণিকসকলৰ ব্যৱহাৰত অহাকৈ সংবাদ আদিৰ পৰিৱেশন কৰা। আমাৰ প্রথম সংবাদপত্ৰ “অৰুনোদই’’ত জন্মৰ মূল কথাও পাদুৰীসকলৰ স্বাৰ্থৰ লগত জড়িত থকাটো স্পষ্ট।

বিংশ শতাব্দীৰ প্ৰথমভাগত ডিব্ৰুগড়ত ইংৰাজী সাপ্তাহিক জন্ম হোৱাৰ পিছত আৰু কাকতখনৰ নীতিৰ জনাজনি হ’লত স্বাভাৱিকতে অসমীয়া সমাজখনৰ বাবে উপযোগী এখন অসমীয়া কাকতৰ অভাৱে দেখা দিয়ে। সেই সময়ৰ বিখ্যাত চাহ খেতিয়ক চন্দ্ৰকুমাৰ আগৰৱালাৰ ধন আৰু বিদ্যা দুয়োটা থকা বাবে অসমীয়া বাতৰিকাকত এখন উলিয়াবলৈ বহুতে কুটুৰি আছিল।

বেণুধৰ ৰাজখোৱাই ‘মোৰ জীৱন দাপোণ’ত লিখিছে :‘শেষত ইশ্বৰৰ ইচ্ছা খাটনিৰ ফল ধৰিলে৷’ ৰাজখোৱাই চন্দ্ৰকুমাৰক কলিকতাৰ পৰা প্ৰকাশিত “The Bengali” কাকতৰ দৰে “The Assamese” নাম দি এখন ইংৰাজী দৈনিক কাকত উলিয়াবলৈ কৈছিল।২ কিন্তু চন্দ্ৰকুমাৰে এইটো নকৰি “যি কৰিলে (সাদিনীয়া অসমীয়া) তাৰ বাবে আমি অসমীয়া মাত্ৰেই চিৰ ধৰুৱা৷”কাকতখনৰ নাম “অসমীয়া”ৰখাৰ পিছফালে কলিকতাৰ ‘বেংগলী’ৰ প্ৰেৰণা থকা বুলি ভাব হ’লেও কাকতখনৰ পটভূমিটো যে বৰ বহন আৰু বৰ অসমেই কাকতখনৰ মূল লক্ষ্য, তাক বুজা টান নহয়।

Chandrakumar Agarwalla
চন্দ্ৰকুমাৰ আগৰৱালা

জোনাকী’’ৰ তিক্ত অভিজ্ঞতা লৈও চন্দ্ৰকুমাৰে পুনৰ সংবাদ-পত্ৰৰ ব্যৱসায়ত হাত দিওঁতে তেওঁৰ প্ৰেৰণা সম্পূৰ্ণ আন্তৰিক আৰু এই প্রয়াসো যে তেওঁৰ ব্যক্তি মনৰ বা তেওঁৰ ব্যক্তিত্বৰেই সম্প্ৰসাৰণহে, তাক অকল কাকতখনেই নহয়, কাকতৰ ব্যৱসায়টোৰ পৰিচালনাৰ ৰীতি-প্ৰকৃতি আদিয়ে দেখুৱাই দিছিল। বোধহয় অসমীয়া কাকতৰ কামে সকলো পিনে অসমীয়াৰ কৰি তুলিবলৈ গুৰিৰে পৰা তৎপৰ হৈছিল আৰু ইয়াৰ ফলত কাকতখনৰ মাধ্যমত অসমীয়া জাতীয় মনটো বিকশিত হৈ পৰাৰ সুযোগ ওলাইছিল।

ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিচাৰ (তামোলবাৰীৰ তামোল নহয়, তামোলবাৰীৰ চাহ খাই সকলোৱে কৰে আঃ আঃ আঃ : “অসমীয়া’’ত প্রকাশিত বিজ্ঞাপন) সাফল্যৰ পিছতে অসমীয়া মানুহক সমূহীয়া ব্যৱসায়ৰ যোগেদি আৰু সংবাদপত্ৰৰ দৰে আপোনাৰ মাধ্যমটোৰ যোগে সকলোকে জড়িত কৰি লোৱাৰ প্ৰাণপণ প্রয়াস হিচাপে চন্দ্ৰকুমাৰে মাত্ৰ ৫০ হেজাৰ টকাৰ মূলধনেৰে আসাম প্ৰিণ্টাৰ্ছ এণ্ড পাব্লিছাৰ্ছ লিমিটেড্‌ স্থাপন কৰে আৰু ইয়াৰ পৰাই “সাদিনীয়া অসমীয়া”প্রকাশ কৰে।

ব্যৱসায়ী চন্দ্ৰকুমাৰৰ বিষয়ে পৰিচয় দাঙি ধৰি বিৱেকানন্দ আগৰৱালাই লিখিছে, “অসমীয়া মানুহক আৰ্থিক হিচাপে টনকিয়াল কৰিবৰ বাবে তেওঁৰ বহুমুখী প্ৰতিভাৰ চানেকি বহু অনুষ্ঠানত পোৱা যায়। চাহ বাগিচাখন (তামোলবাৰী) গজগজীয়াকৈ প্রতিষ্ঠা কৰাৰ পিছত চিৰগতিশীল চন্দ্ৰকুমাৰৰ সাহিত্যানুৰাগী মনটোৱে ঢাপলি মেলিলে তেখেতৰ আদৰ্শৰ সপোন বাস্তৱত ৰূপায়িত কৰিবলৈ৷ ১৯১৮ চনত স্বৰ্গীয় সদানন্দ দুৱৰা, নীলমণি ফুকন প্ৰমুখ্যে গণ্যমান্য লিখকসকলক অংশীদাৰস্বৰূপে লৈ যৌথ কাৰবাৰী সংস্থা আসাম প্ৰিণ্টাৰ্ছ এণ্ড পাব্লিছাৰ্ছ লিমিটেড নাম দি এটা ছপাশাল প্ৰতিষ্ঠা কৰে।

উল্লেখযোগ্য যে প্ৰতিষ্ঠানটোৰ প্ৰতিনিধিসকলক দূৰ-দূৰণিৰ গাঁৱলৈ পঠিয়াই অংশীদাৰ সংগ্ৰহ কৰা হৈছিল। অমিয়কুমাৰ দাস আৰু লক্ষ্মীনাথ ফুকনে বিভিন্ন অঞ্চলৰ পৰা অংশীদাৰ গোটাইছিল৷ অমিয়কুমাৰ দাসক ১৯২৩ চনত সম্পাদকৰ দায়িত্ব দিয়াত প্ৰতি মাহে ৯০ টকাকৈ আৰু কোম্পানীৰ প্ৰচাৰৰ লগতে অন্যান্য কাম-কাজ চলাই নিয়াৰ বাবে মাহে নিৰ্ধাৰিত ভ্ৰমণ বানচ ৫০ টকাকৈ মাননী দিয়া হৈছিল।

পিছত পৰিচালনা বোৰ্ডৰ ২৫/৬/২৪ তাৰিখৰ সিদ্ধান্তমৰ্মে দ্বিতীয়জন সম্পাদক মহেশ্বৰ বৰুৱাই পদত্যাগ কৰাত অমিয়কুমাৰ দাস ‘‘অসমীয়া’’ৰ সম্পাদক হয়। দাসে এবছৰৰ বাবে ছুটী লোৱাত লক্ষ্মীনাথ ফুকনক কাকতখনৰ সম্পাদকৰ দায়িত্ব দিয়া হয়। (১৯২৮ চনৰ ৩০ জুন তাৰিখে পৰিচালনা বোৰ্ডে এই মৰ্মে সিদ্ধান্ত গ্ৰহণ কৰে।) ইয়াৰ আগতে প্ৰেছটোৰ মেনেজাৰ হৈ থকা জ্যোতিপ্ৰসাদ আগৰৱালাক অজৰাই দি দক্ষৰাম বৰুৱাক এই ভাৰ অৰ্পণ কৰা হৈছিল।

কোম্পানীৰ প্রথম বৈঠকত ৰায়বাহাদুৰ পৰশুৰাম খাউণ্ডৰ সভাপতিত্বত কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছিল। জনামতে কোম্পানীৰ ১০০ টকীয়া অংশ আছিল আৰু অংশ পাবলৈ সন্মত হোৱা অংশীদাৰী সংখ্যা পোনতে চন্দ্ৰকুমাৰকে ধৰি ১৯ জন আছিল। প্ৰত্যেকৰে এটা বা দুটাকৈ অংশ আছিল।তেওঁলোক তিনিচুকীয়া, ডিব্ৰুগড়, যোৰহাটৰ নামন্্বলা বাসিন্দা আছিল।

পিছলৈ অসমজোৰা অংশীদাৰী হৈছিল৷ প্ৰথমজন সম্পাদক সদানন্দ দুৱৰাৰ দুটা অংশ আছিল। তেওঁ পৰিচালনা বৰ্ডৰো সভ্য আছিল। কোম্পানীৰ প্ৰথম বৈঠকতে সদানন্দ দুৱৰা বি এলক “অসমীয়া’’ কাকতৰ সম্পাদক হিচাপে নিযুক্তি দিয়া হৈছিল। তেওঁ কোম্পানীৰ চৰ্ত মানি ল’ব বুলি সন্মত হৈছিল। সম্পাদকৰ দায়িত্বৰ বাবে তেওঁ দৰ্মহা লোৱা নাছিল।

প্ৰথম বৈঠকত চন্দ্ৰকুমাৰে কোম্পানীৰ বাবদ কোম্পানী গঠনৰ পূৰ্বে খৰচ কৰা ১৮৬ টকা ৫ অনা ৬ পইচা আদায় দিয়াৰ উপৰি লক্ষ্মীনাথ ফুকনক কোম্পানীৰ সচিব আৰু মেনেজাৰৰ দায়িত্ব দি কাকতৰ ঘোষণা (Declaration) পঞ্জীভুক্ত কৰা আৰু বিজ্ঞাপন আদিৰ ব্যৱস্থা কৰাৰ বাবে নিৰ্দেশ দিছিল৷

অসমীয়াৰ বিজ্ঞাপন

‘‘অসমীয়া’’ৰ আবিৰ্ভাৱ হয় মাধৱদেৱৰ তিথিৰ দিনা৷

তিথি সম্পৰ্কে প্ৰথম সংখ্যাটোত এনেদৰে লিখা হৈছিল :

‘‘আজি ভাদৰ কৃষ্ণা পঞ্চমী- শ্ৰীমাধৱদেৱৰ তিৰোভাৱৰ দিন৷ শ্ৰীশঙ্কৰদেৱৰ ‘‘একাত্ম”শিষ্য, তেওঁৰ ধৰ্মৰ ধাৰক, পৰিপালক, প্ৰচাৰক, গুৰুগত-প্রাণ শ্ৰীমাধৱদেৱে ৩২২ বছৰৰ পূৰ্বে নশ্বৰদেহ এৰি অমৰত্ব লভিলে। শঙ্কৰ-মাধৱৰ অমৰ শক্তি অসমৰ প্ৰাণে প্ৰাণে নিহিত হৈ আছে। যুগল-মূৰ্তি শ্ৰীশঙ্কৰ-মাধৱৰ প্ৰাণেৰে অসম মাতৃ অনুপ্ৰাণিত আজি বিশেষভাৱে সেই প্ৰাণৰ সোঁৱৰণৰ দিন– সেই শক্তিৰ বোধনৰ দিন৷ সেই প্ৰাণ জগাই তোলা, হে অসমীয়া, নিজ প্ৰাণত সেই শক্তি অনুভৱ কৰা, দুৰ্বলী হৈও বল পাবা। আকৌ শঙ্কৰ-মাধৱৰ আবিৰ্ভাৱ হওক৷’’

শঙ্কৰ-মাধৱৰ সোৱৰণী দিনত জন্মলাভ কৰি “অসমীয়া’’ই তেওঁলোকৰ শক্তিৰ বোধনৰ বাবে সংকল্প গ্রহণ কৰাৰ ঘাই উদ্দেশ্য কাকতখনৰ প্ৰথম সংখ্যাত প্ৰকাশ কৰা বিজ্ঞাপনতে ওলাই পৰিছে।

175 Years Of Media SpEd
175+ Years of Media in Assam & Beyond

চন্দ্ৰকুমাৰ আগৰৱালা, সদানন্দ দুৱৰা আৰু গংগাৰাম চৌধুৰীৰ নামত প্ৰকাশিত বিজ্ঞাপনটো এনে ধৰণৰ আছিল:

নতুন সাদিনীয়া বাতৰি কাকত

“অসমীয়া”

অহা ভাদ মাহৰ পৰা নিয়ম মতে ওলাব

এই জাননীৰ আকাৰৰ ৮ পিঠি

বেছ বছৰি ডাক মাচুলে সৈতে ৩ টকা;

ভি-পিত ৩৬ টকা ১ অনা মাথোন ৷

‘‘অসমীয়া’’ৰ মূলমন্ত্ৰ

সকলো সম্প্ৰদায়কে সামৰি ধৰি সমূহ অসমীয়াৰ সেৱা আৰু মংগল কামনা অসমীয়াৰ দুখ, দুৰ্দশা, অভাৱ, অসুবিধা বুজিবলৈ বুজাবলৈ মুখ লাগে। ভয়, সংশয়, ভ্ৰান্তি, দুৰ্বলতা গুচাই প্ৰীতি, প্ৰত্যয়, বিশ্বাস, বল বান্ধিবলৈ সংকল্প লাগে৷ অসমীয়া জনসাধাৰণৰ মত প্ৰকাশৰ সুইধা লগাই দি একমত সৃষ্টি কৰিব লাগে। এনেবিলাক কামলৈকে “অসমীয়া’’ৰ জন্ম৷

অসমীয়া ৰাইজ

আগবাঢ়ক। নিয়ে নিজৰ কাম কৰিবলৈ দৃঢ় সংকল্প কৰি অসমীয়া ৰাইজ আগবাঢ়ক! যি যেনেভাৱে পাৰে “অসমীয়া”ৰ সহায় হওক!

ধনেৰে

সহায় কৰিবলৈ সকলো গ্ৰাহকে আগধৰি বেচ পঠাই সহায় কৰক। প্ৰত্যেক লিখা-পঢ়া জনা অসমীয়া মানুহ “অসমীয়া”ৰ গ্ৰাহক হওক।

প্ৰৱন্ধেৰে

সহায় কৰাসকলে প্ৰৱন্ধেৰে সহায় কৰক। বিশেষ বিষয়ত পাৰ্গতালি থকাসকলে নিজ নিজ বিষয়ৰ লিখা সোনকালে পঠাই দিয়ক ৷ অভাৱ-অভিযোগৰ কথা সকলোৱে লিখক৷ দেশত নতুন উদ্যম, নতুন উৎসাহ জাগি উঠক।

এজেণ্ট স্বৰূপে

সহায় কৰিব পৰাসকলে সেই বাব লওক। যাৰ হাতত এই জাননী পৰিব, মন কৰিলে, প্ৰত্যেকে অন্ততঃ এজনকৈ গ্ৰাহক অনায়াসে বিচাৰি দিব পাৰিব। প্রতি অসমীয়াই কায় বাক্য মন “অসমীয়া’’ৰ উপকাৰ চিন্তিলে সমূহৰ উপকাৰ ওচৰ চাপিব।

‘‘অসমীয়া’’ৰ গুৰি

কাকত কৰিবৰ অৰ্থে ৫০,০০০ টকা মূলধনেৰে “আসাম প্ৰিণ্টাৰ্চ এণ্ড পার্লিশ্যৰ্চ লিমিটেড” নামে এটি প্ৰাইভেট লিমিটেড কোম্পানী ৰেজেন্ট্ৰী হৈছে। সেই কোম্পানীৰ “অসমীয়া”প্ৰেছ নামৰ নিজৰ প্ৰেছত এই কাকত ছপা হ’ব। ইয়াত কাম বহু পৰিমাণে সুচল হৈ উঠিব।

‘‘অসমীয়া”

চিৰঞ্জীবী হৈ নিজৰ কৰ্তব্য সাধন কৰিবলৈ হ’লে অসমীয়া ৰাইজৰ আশীৰ্বাদ লাগিব। ৰাইজৰ সহায় নেপালে এনে কামত কৃতকাৰ্য্য হোৱা অসম্ভৱ

‘‘অসমীয়া’’ৰ আশা

অসমীয়া মানুহৰ আদৰ-চেনেহ পাই দিনে দিনে ডাঙৰ-দীঘল হ’ব- সেৱা ধৰ্ম গ্ৰহণ কৰি অসম মাতৃৰ সেৱাত মগ্ন থাকি নিজকে নিজে ধন্য মানিব।

‘‘অসমীয়া’’ৰ প্ৰতিষ্ঠা

সদৌ অসমীয়া ৰাইজৰ আন্তৰিক সহানুভূতিৰ ওপৰত৷ “অসমীয়া’’ৰ গধুৰ ভাৰ পাতলাবলৈ গ্ৰাহকসকলৰ সহানুভূতি লাগে৷ চাওঁতাসকলৰ বিশেষ সুবিধালৈ   চাই, কাকতৰ বেচ ফেৰা আগধৰি পঠিয়াই গ্ৰাহক শ্ৰেণীত ভুক্ত হওক—‘‘অসমীয়া’’ৰ কল্যাণ সাধক।”

কাকতৰ বেচ পঠাবৰ ঠিকনা–

মেনেজাৰ “অসমীয়া”                                                      এজেণ্টৰ নিয়ম জানিবলৈ চিঠি লিখক–

ডিব্ৰুগড়

অধ্যয়নৰ দৃষ্টিভংগী

ভাৰতৰ আন আন ৰাজ্যৰ তুলনাত সংবাদ পত্ৰৰ জন্মৰ সময় আৰু প্রসাৰত অসম পিছপৰা হ’লেও জনসাধাৰণৰ ওপৰত এইবিলাক গণ-মাধ্যমৰ প্রভাৱ কেতিয়াও উলাই কৰিব পৰা বিধৰ নহয়। প্ৰকৃতপক্ষে এইবিলাকৰ প্রভাৱৰ বিষয়ে আলোচনা নকৰিলে অসমীয়া জাতীয় জীৱন বুজিবই পৰা নহ’ব। অৰ্থাৎ সংবাদপত্ৰ সামাজিক সৃষ্টি (social product) বুলি ধৰি ল’বই লাগিব।

সমাজ অধ্যয়নৰ বিশেষ দৃষ্টিভংগী থকাৰ দৰেই এই সমাজখনৰ সৃষ্টি সাহিত্য-আলোচনী, সংবাদপত্ৰ আদি ছপা মাধ্যমৰ অধ্যয়নৰ ভিত্তি কি হ’ব এই বিষয়ে সুবিস্তৃত আলোচনা হৈছে। দেখা যায়, সংবাদ মাধ্যমৰ সামাজিক ভিত্তি লক্ষ্য কৰি সমাজ বিজ্ঞানীৰ দৃষ্টিৰেই অইবিলাকৰ পৰ্যালোচনা কৰাত গুৰুত্ব দিয়া হৈছে। তাকে কৰিবলৈ যাওঁতে অৱশ্যে নিয়ম- পদ্ধতিমূলক বিতৰ্কৰো সূত্ৰপাত হৈছে।

Raymond Williams, Barnard Barlson, A.C.H. Smithৰ ‘Paper Voice’ আদি এই প্ৰসংগত উল্লেখযোগ্য। আমাৰ ইয়াত এই বিষয়টোৰ সন্দৰ্ভত আলোকপাত হোৱা নাই। এই বিষয়ৰ আলোচনা তেনেই নগণ্য বাবে সাহিত্য ইতিহাসত সন্নিবিষ্ট হোৱা ধৰণে সংবাদপত্ৰৰ তালিকাভিত্তিক বিৱৰণেই সংবাদপত্ৰৰ ইতিহাস হৈ পৰিছে। অমুক কাকতৰ জন্ম অমুক চন, সম্পাদক অমুক আৰু চলিছিল ইমান চনলৈ–এয়ে সংবাদপত্ৰৰ ইতিহাস ৷

কিন্তু ইতিপূৰ্বে ডঃ বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্য, মুনীন বৰকটকী আৰু তিলক হাজৰিকাই কোনো কোনো প্ৰবন্ধত সংবাদপত্ৰৰ সমাজতাত্ত্বিক ভিত্তিৰ ওপৰত আলোকপাত কৰি গৈছে। ডঃ ভট্টাচাৰ্যই ১৯৭৫ চনত তিতাবৰত বহা অসম সাহিত্য সভা অধিৱেশনৰ সংবাদপত্ৰ সম্বন্ধীয় আলোচনাচক্ৰত আধুনিক সমাজৰ বিশ্লেষণমূলক সংবাদপত্ৰৰ ইতিহাস ৰচনাত গুৰুত্ব দিছিল।

সমাজ পৰিৱৰ্তনৰ ঐতিহাসিক পদ্ধতিটোৰ বিশেষ অংগ হিচাপে সংবাদপত্ৰ অধ্যয়নৰ ক্ষেত্ৰত সামাজিক পৰিৱৰ্তনৰ বিভিন্ন দিশৰ লগতে সমাজ অধ্যয়নৰ বিভিন্ন সূত্ৰৰ দ্বন্বাত্বক সম্বন্ধ তথা সেই বিলাকৰ ব্যৱহাৰিক দিশৰ বিষয়েও গৱেষণা নকৰিলে সংবাদবিলাকৰ দৃশ্যৰূপৰ (যিটো সংবাদপত্ৰত প্ৰকাশ পায়) উপৰি সেইবিলাকৰ পটভূমিত লুকাই থকা সংবাদক বিশেষভাৱে পৰ্যবেক্ষণৰ বিষয় কৰি ল’ব নোৱাৰিলে এনে মাধ্যমৰ বৌদ্ধিক আৰু সামাজিক পটভূমি বুজিব পৰা নহ’ব। সেই বাবে এইবিলাকৰ গৱেষণা হাতত ল’লেই কোনো প্ৰকাৰৰ আহিলা বা সঁজুলি (tools)ৰ আশ্ৰয় ল’ব লগা হয়।

তাকে নকৰি ওপৰে ওপৰে অধ্যয়ন কৰিলে অধ্যয়ন অসম্পূৰ্ণ হোৱাই স্বাভাৱিক। সমাজবিজ্ঞানী অধ্যাপক ভিনচেণ্ট মোছকোৱে (Prof. Vincent Mosco) উল্লেখ কৰা এনে অধ্যয়নত ব্যৱহাৰ কৰিব পৰা তিনিটা সঁজুলি হ’ল : commodification, spatialization, structuration-পণ্যদ্ৰব্য, স্থানিক বা স্থানগত বৈশিষ্ট্যৰে হোৱা সৃষ্টি, গঠন প্রণালী বা সংস্কৃতি সম্বন্ধীয় অধ্যয়ন৷ এইকেইটাক সঁজুলি কৰি সমাজ বিজ্ঞানীজনে ছপা মাধ্যমে আনি দিয়া পৰিৱৰ্তনৰ বাবে অধ্যয়নৰ political-economy ৰাজনৈতিক-অর্থনৈতিক দৃষ্টিভংগী গ্ৰহণ কৰা উচিত বুলি মত দিছে।

কিন্তু আমাৰ বোধেৰে তেওঁ কোৱা ধৰণে সংবাদ-পত্ৰক পণ্যদ্ৰব্য হিচাপে লৈ অধ্যয়ন কৰিব লাগিলে সংবাদপত্ৰৰূপী বৌদ্ধিক দ্রব্যৰ বাণিজ্যিক প্রক্ৰিয়াৰ অধ্যয়ন হৈ পৰিব। সেই অৰ্থত জনসাধাৰণক নগণ্য ক্ৰয়কাৰীৰ পৰ্যায়লৈ নমাই নিয়া হ’ব যেন লগাত আৰু আমাৰ অধ্যয়নৰ সংবাদপত্ৰখনৰ সাৰ্থক সঁজুলি তথা অসমীয়া জাতীয় জীৱনৰ ইতিহাসৰ খচৰা হিচাপে অধ্যয়ন কৰিব খোজাত বিশেষ ধৰণৰ দৃষ্টিভংগী ল’বৰ প্ৰয়াস পোৱা হৈছে ৷

আমাৰ পক্ষে সময়গত বা স্থানিক বৈশিষ্ট্যটো (spatiatlization) অতিশয় লাগতিয়াল বিষয়। আমাৰ অধ্যয়নত সংবাদ-পত্ৰক অকল বাণিজ্যিক সামগ্ৰী বুলি আৰু তেতিয়াৰ জনসাধাৰণক ভোক্তাৰ পৰ্যায়ত ধৰি ল’ব খোজা নাই। তেওঁলোকৰ অৰ্থনৈতিক দিশতো আলোকপাত কৰা হৈছে- যাতে ই বহলভাৱে সামাজিক অধ্যয়ন হৈ পৰে।

এইখিনিতে উল্লেখ কৰা উচিত হ’ব, আমি ইতিপূৰ্বে সাহিত্য সভাৰ পত্ৰিকাত (অক্টোবৰ-ডিচেম্বৰ ১৯৯৩ চন) সমাজ পত্ৰৰ সামাজিক ইতিহাস সন্দৰ্ভত যৎকিঞ্চিৎ নামৰ প্ৰবন্ধত লিখিছিলো : “আমি সাংবাদিকতাৰ ইতিহাস ৰচনা কৰিবলৈ যাওঁতে একোখন আলোচনীৰ নামত একোটাহঁত যুগ বিভাজন (সাহিত্যৰ যুগ বিভাজন হ’ব পাৰে) কৰাটো বিষয় আৰু ব্যাপক অধ্যয়ন উপযোগী আধুনিক ব্যৱস্থা নহয়। এনে প্ৰথাৰ বিপৰীতে সি (ইতিহাস) হ’ব লাগিব-সমাজৰ ৰাজনৈতিক চিন্তা, গঠন আৰু বিৱৰ্তন অনুকূলে সংবাদপত্ৰই গঢ় দিয়া সময় তথা সমাজৰ একোটাহঁত অদ্যায় যাৰ ইতিহাসেই জাতীয় ইতিহাস৷’’

সদায় সকলো ঠাইতে সংবাদপত্ৰৰ পঢ়ুৱৈ হিচাপে মধ্যবিত্ৰ শ্ৰেণী এটা গঢ় লৈ উঠে। এইটো সাধাৰণ ঘটনা। তেওঁলোকে একোখন সংবাদপত্ৰক status Symbol কৰিও লয়। কিন্তু অসমত চন্দ্ৰকুমাৰ আগৰৱালাৰ “অসমীয়া’’ই এটা ব্যতিক্ৰমী ধাৰাৰ প্ৰৱৰ্তন কৰা দেখা যায়। “অসমীয়া’’ত জাতিৰ প্রতিৰূপ দেখাতকৈ জাতীয় আত্মাসাক্ষাৎ হোৱা দেখি বৃহত্তৰ অসমৰ সকলো শ্ৰেণীৰ লোকে “অসমীয়া’’ক আদৰি লোৱা বুলি ক’ব পাৰি।

Press in Assam

অৱশ্যে আজিৰ দৰে ‘‘অসমীয়া”গণভোগ্য সামগ্ৰী হৈ পৰা নাছিল যদিও “অৰুনোদই” আৰু ডিব্ৰুগড়ৰ পৰা প্রকাশ পোৱা মাহেকীয়া “আলোচনী’’ৰ পিছত অসমীয়া মানুহে নিজস্ব অস্তিত্বৰ ধাৰণাও সলনি কৰে আৰু সমাজখনৰ পটভূমিত তেওঁলোকৰ গুৰুত্ব উপলব্ধি কৰিবলৈ লোৱা “অসমীয়া’’ৰ আৰম্ভণি বছৰতে আভাস পোৱা যায়। “অসমীয়া’’ৰ মেনেজাৰলৈ এজনে লিখা এখন চিঠিত কোৱা হৈছে:

          ‘‘মহোদয়,

‘‘আপুনি জাননী দিছে যে দেশৰ শিক্ষিত জনা বুজা সকলোলৈকে আপুনি আপোনাৰ কাকত পঠাইছে। কিন্তু শিক্ষিত জনা বুজা কথা কেইষাৰৰ আপুনি কি অৰ্থ কৰিছে আমি সেইটো বুজিব পৰা নাই। আপুনি আমাৰ গাঁৱৰ চাবেক মৌজাদাৰ শ্ৰীযুত বৰুৱালৈ কাকত পঠাইছে। অথচ মোলৈ পঠোৱা নাই৷ মই যে লম্বাই মোহনতকৈ কত ওপৰত সেইটো এই অঞ্চলত কোনে নেজানে?

‘‘আপুনি খবৰ কাকত চলাবলৈ আগবাঢ়িছে, অথচ এইটো কথাকে নেজানে৷ আপুনি মোৰ নামে কাগজ নপঠোৱাৰ পৰা মই সমাজৰ আগত অপদস্থ হৈছো চহা মানুহবিলাকৰ ভিতৰত এনে এটা বিশ্বাস সোমাইছে যে যাৰ ‘অসমীয়া’ কাকত নাহে, তেওঁ অসমীয়া ভদ্ৰলোকেই নহয়। আপোনাৰ কাগজ নোলাল, আমাৰ অপযশ হ’বৰ এটা বাটহে মুকলি হ’ল৷’’ (১৯১৮, ১৪ অক্টোবৰ সংখ্যা)

স্বাধীনতা সংগ্ৰামত ভূমিকা

ঔপনিৱেশিক শাসন সন্দৰ্ভত “অসমীয়া’’ৰ মত অতিশয় স্পষ্ট আৰু নিৰ্ভীক আছিল। দৰাচলতে কাকতখনৰ প্ৰতিবাদী স্থিতিটো দেখুৱাই সেই সময়ত এক দৃষ্টান্ত হৈ পৰিছিল। সমাজখনক অফুৰন্ত প্ৰেৰণা দিছিল। কাকতখনৰ মতৰ দৃঢ়তা দ্ৰোহৰ পৰ্যায় বুলি তেতিয়াৰ প্ৰশাসনে গণ্য কৰিলেও কাকতখনে তালৈ কেৰেপ নকৰাটো তাহানিৰ মণিৰাম-পিয়ালি-বাহাদূৰ গাওঁবুঢ়াৰ দৰে প্ৰকৃততে বিদ্ৰোহী অসমীয়া মনটোৰেই এক নতুন ৰূপ আছিল। “আলহী গৱৰ্ণমেণ্ট’’ শীৰ্ষক সম্পাদকীয় “অসমীয়া” কাকতৰ ইতিহাসৰ এক একক সম্পদ।

সম্পাদকীয়টোত লিখা হৈছিল :

‘‘অসমত ইংৰাজ গৱৰ্ণমেণ্টক আলহী গৱৰ্ণমেণ্টহে বুলিব লাগে। এশ বছৰৰ আগতে যেতিয়া মানে অসম দেশত অমানুষিক অত্যাচাৰ কৰি দেশ গোটেই উজাৰ কৰিছিল, তেতিয়া অসম ৰজাই ওচৰ-চুবুৰীয়া বুলি ইংৰাজ কোম্পানীৰ সহায় খোজাত তেওঁলোকে একে আষাৰে কৈ পেলাইছিল–“লোকৰ ৰাজ্যৰ ঘৰুৱা কথাত যোগ দিবলৈ বৰছাহাবসকলে মানা কৰি পঠিয়াইছে, এতেকে বেয়া নেপাব, যাব নোৱাৰিম’’ এই কথামতে ইংৰাজ থকাহেতেন কথাই নাছিল।

কিন্তু যেতিয়া পোহাৰী ইংৰাজে দেখিলে যে আহোম ৰাজ্যৰ কাৰেং ঘৰৰ পকা ভেটি মানে ভাঙি গুৰি কৰিলে তেতিয়া পৰৰ ৰাজ্যত হস্তক্ষেপ নকৰা নীতি কেনিবা উৰাই পঠিয়ালে আৰু চট্টগ্ৰামত নিজৰ ৰাজ্যত মান সোমাইছে বুলি চেলু লৈ অসম দখল কৰি গজগজীয়া হৈ বহিলহি। পৰৰ ৰাজ্যত হস্তক্ষেপ নকৰা নীতি কেনিবা উৰাই ইংৰাজে মানক নিজ ৰাজ্যৰ পৰা খেদিয়েই সন্তুষ্ট থাকিব লাগিছিল। ইয়াণ্ডাবু সন্ধিমতে অসম ইংৰাজৰ হাতলৈ যাব লাগে বুলি হিতা-হিত জ্ঞান থকা মানুহে নকয়।

ইংৰাজে মান দেশৰ ৰজাৰে সন্ধি কৰি অসম দেশ লোৱাটো নিশ্চয় নীতি বিগহীত কাম হৈছিল। মান ৰজাই অসম ইংৰাজক দিবৰ অধিকাৰ নাই৷ সেই কথা ইংৰাজে বেছকৈ জানে। সেই দেখি নিজৰ গাৰ পৰা দোষ এৰুৱাবৰ নিমিত্তে ইংৰাজে পুৰন্দৰ সিংহ ৰজাক ৰাজ্য দি চালে। পুৰন্দৰ সিংহৰজাই বংগৰ নবাবৰ নিছিনাকৈ প্ৰজাৰ ওপৰত পাশৱিক অত্যাচাৰ কৰিব জনাহেঁতেন তেওঁৰ ওপৰত চাৰ্জ কৰা খাজনাৰ টকা যেনে-তেনে আদায় দি ৰজাহৈ থাকিবলৈ ইচ্ছা কৰিলেহেঁতেন৷ কিন্তু যি প্ৰজাব্যসল ৰাজপৰিয়ালে প্ৰজাৰ নিমিত্তে নিজৰ নিজৰ সকলো ত্যাগ কৰি প্ৰজা পালন কৰিলে সেই ৰাজ পৰিয়ালৰ বংশ মৰ্য্যাদাই শেষ স্বৰ্গদেৱৰ অন্তৰত এই অনুমতি নিদিলে।

এই ছলতেই ইংৰাজে দেশখন নিজৰ কৰি ল’লে। হোজা অসমীয়াৰ মনত ডাঠ হৈ বহি যোৱা বৰটী চাহাবে দেশ লোৱা উপাখ্যানটোৰ প্ৰকৃত অর্থলৈ চালে মিছা বুলি উৰাই দিব নোৱাৰি৷ ৰঘুমলাই “মাহী আই মোকো ঠাই এডোখৰ দিয়া’’ বুলি ঠাই লৈ ঘাই গছৰ ওপৰত উঠি ঘাইগছ বোলোৱাৰ দৰে বণিয়া ইংৰাজেও দেশখন শুহি গিলি পেলালে৷ তেওঁলোকৰ গাত দোষ নাই, দোষ আমাৰ গাত হে। এনেকুৱা সুবিধা যদি আমি পাওঁ, আমিও সতকাই এৰি দিয়া বিধৰ ভকত নহওঁ৷

এতিয়া অসমীয়া ৰাইজৰ কৰ্তব্য আলহী গৱৰ্ণমেণ্টক বিদায় দি নিজৰ ঘৰ নিজে চম্ভালি খাবলৈ কাৰবাৰ কৰা৷ ইয়াকে কৰিবলৈ হ’লে আলহীক অসমীয়া ৰাইজে খোলাখোলিকৈ কৈ দিয়া উচিত, ‘তোমালোকে আহোম ৰাজ্যৰ বেলি পৰাৰ পিছত গধুলি বেলিকা আহি ওলাইছিলাহি৷ গধূলিৰ অতিথি সাক্ষাৎ ইশ্বৰ বুলি ভাবি লৈ তোমালোকক আমি যোৱা এশবছৰে ইশ্বৰ দেখাৰ দৰে দেখিলো৷ তোমালোকে অসময়ত আহি ওলালাহি৷ সময়ত অহা হ’লে আমাৰ কিজানি বহুত উপকাৰ হ’লহেঁতেন। তোমালোকে অৱতৰত আহি যিখিনি কৰিলা তাৰ বাবে আমি যোৱা এশ বছৰত যিমান খুৱালো, যিমান পিন্ধালো, আৰু সকলো সময়তে যেনেকৈ যি সেৱা কৰিলো, তাৰ উপৰি তোমালোকক তোমালোকৰ অহা বাট-খৰচ বুলি দিবলৈ একো বাকী নাই৷ আমাক নামুৱাকৈ যদি ভালে ভালে গ’লাহেঁতেন, তেনেহ’লে যোৱা খৰচ ফেৰাকে দিলোহেঁতেন, এতিয়া আকৌ দিবলৈ নাই। মানে-মৰাণে যিমান চুছিলে তোমালোকে তাতকৈ কম চোছা নাই। এতিয়া বিদায় হে দিব খোজো, যোৱা যদি ৰসতে নাম ৰাখি ভালে ভালে যোৱা, আমাৰ আৰু খুৱাব-বুৱাবলৈ নাই৷

অসমৰ ইতিহাস অসমৰ স্বাধীনতাৰ ওপৰত প্ৰতিষ্ঠিত। যোৱা এশ বছৰত অসম পৰাধীন হৈ যিমান তললৈ নামিল আৰু কোনোকালে সিমান নমা নাই। এই এশ বছৰত যশ-মান, ধন-বিত, সকলো গ’ল। ৰক্ষাকৰ্তা, মা-বাপ গৱৰ্ণমেণ্টৰ অনুগ্ৰহত বিদেশীয়ে অসমৰ প্ৰাকৃতিক সম্পদ সকলোকে অসমীয়াৰ হ’কে মাৰি, শুহি, গিলি ল’লেহি৷ অসমীয়া আজি নিজৰ দেশত নিজে বিদেশী। দেশ কেউপিনে কঙাল হ’ল। এনে অৱস্থাত আজি অসমীয়া ৰাইজে মহাত্মা গান্ধীয়ে দেখুৱা শান্তিপূৰ্ণ অহিংস আন্দোলনৰ নিচিনা মুকলি বাটেদি গৈ নিজৰ ৰাজ্য নিজে চলাবলৈ ল’বৰ নিমিত্তে চেষ্টা কৰাটোৱেই তেওঁলোকৰ সকলোতকৈ আগ কাম। অসমীয়াৰ মুখে মুখে থকা “ৰাইজেই ৰজা”বোলা কথাষাৰৰ প্ৰকৃত অর্থ প্ৰকাশ কৰাকৈ কাৰ্য্য হাতত ল’বৰ নিমিত্তে এয়েই সময়। গোটেই ভাৰতে স্বাধীনতা লাভৰ নিমিত্তে সাজু হৈছে—অসমে নিজৰ ন্যায়সংগত দাবী কৰিবলৈ পাছ হোহঁকা কেতিয়াও উচিত নহয়।’’ (“অসমীয়া’’ ২ মাৰ্চ, ১৯৩০)

১৯৩০ চনত প্ৰকাশিত এই সম্পাদকীয় প্ৰবন্ধটোত ব্ৰিটিছ চৰকাৰক আলহী চৰকাৰ বুলি কোৱা হৈছিল। মানৰ আক্ৰমণত জুৰুলা হৈ অসমে ব্ৰিটিছৰ সহায় ভিক্ষা কৰাত অসমত ব্ৰিটিছ ঘৰ-গিৰিহঁত হ’ল। সম্পাদকীয়টোৰ কথা হ’ল এই আলহী ব্ৰিটিছ চৰকাৰে অসম এৰি গুচি যাব লাগে আৰু গিৰিহঁতক অৰ্থাৎ অসমবাসী ৰাইজক অসম গতাই দিব লাগে। প্ৰবন্ধটো লিখিছিল মোহন মহন্ত ডাঙৰীয়াই, সম্পাদক আছিল লক্ষ্মীনাথ ফুকন৷

ফুকনে এইটো “অসমীয়া’’ৰ সম্পাদকীয় হিচাপে ছপাই দিছিল। প্ৰবন্ধটো ৰাজদ্ৰোহৰ অপৰাধত পেলাবলৈ তেতিয়াৰ আমোলাই চেষ্টা কৰিছিল, কিন্তু পাকত পেলাব নোৱাৰি ‘অসমীয়া’ জাতিৰ মুখবন্ধ কৰিবলৈ ‘অসমীয়া’ৰ কণ্ঠৰোধ কৰিবলৈ অৰডিনেস্স (অধ্যাদেশ) জাৰি কৰিবলগা হ’ল। আৰু “অসমীয়া’’ লৈ হুকুম আহিল যে ২৫০০ টকা জামিন নিদিলে “অসমীয়া’’ প্ৰকাশ কৰিব নোৱাৰিব ৷

এনে অৰডিনেন্সৰ কাৰণে ‘‘অসমীয়া’’ কাকতৰ প্ৰকাশ বন্ধ কৰিব লগা হৈছিল যদিও অসমীয়াৰ পৰিচালক মণ্ডলীয়ে জাতীয় আন্দোলনৰ সময়ত অসমৰ একমাত্ৰ জাতীয়তাবাদী কাকত ‘‘অসমীয়া’’ বন্ধ নাৰাখিলে, অন্যায়ৰ প্ৰতিবাদ কৰিলে৷ জৰুৰী প্ৰেছ আইন মতে বিদ্ৰোহৰ প্রতিনিধিত্ব কৰিছিল।

ইয়াৰ আগেয়েও অসহযোগৰ আন্দোলনৰ সময়তে (১৯২২ চনত) আমোলাতন্ত্ৰৰ দমন নীতিৰ পয়োভৰ কালত উচ্চপদস্থ চৰকাৰী কৰ্মচাৰীয়ে দলে-বলে গৈ “উৎপাত কৰা আৰু জোতাৰে বৰপেটাৰ কীৰ্তন ঘৰ সোমাই তাক অপবিত্ৰ’’ কৰা বুলি প্ৰকাশ কৰা বাতৰি আৰু সেই সম্পৰ্কীয় চোকা আৰু নিৰ্ভীক সম্পাদকীয় মন্তব্যৰ কাৰণে কৰ্তৃপক্ষই সেইবিলাক কথা মিছা বুলি “অসমীয়া’’ৰ ওপৰত মানহানিৰ মকৰ্দমা কৰে।

175 B 2

সুদীৰ্ঘকাল এই মকৰ্দমা চলে আৰু অসংখ্য সাক্ষ্য প্ৰমাণ সংগ্ৰহ, অসমৰ স্থানীয় বহুত বিশিষ্ট আইনজ্ঞৰ নিয়োগ কৰাৰ উপৰিও কুমিল্লাৰ বিখ্যাত এডভোকেট শ্ৰীযুত অখিল চন্দ্ৰ দত্ত (ভাৰতীয় ব্যৱস্থা পৰিষদৰ ডেপুটি প্ৰেছিডেণ্ট আৰু জাতীয় দলৰ নেতা) প্ৰভৃতি আইনজ্ঞসকলক নিয়োগ কৰা ইত্যাদি কামত “অসমীয়া’’ৰ গুৰিয়ালসকলৰ আৰু অনুষ্ঠানৰ বহুত হাজাৰ টকা খৰচ হয়।

অন্তত ১৯২২ চনৰ মাজভাগত মকৰ্দমাৰ ওৰ পৰে আৰু “অসমীয়া’’ৰ সম্পাদকৰ ১০০০, এহেজাৰ আৰু প্ৰিণ্টাৰৰ ২৫০ টকা অৰ্থদণ্ড আৰু নিদিলে কাৰাদণ্ডৰ আদেশ হয়। “অসমীয়া’’ৰ পৰিচালক মণ্ডলীয়ে অভিজ্ঞ সম্পাদক আৰু প্ৰিণ্টাৰক জেললৈ পঠিওৱাতকৈ জৰিমনাকে দি দুগুণ উৎসাহেৰে জাতীয় সংগ্ৰামত “অসমীয়া’’ক লিপ্ত ৰখাৰ স্থিৰ কৰিলে।

‘‘অসমীয়া’’ৰ বিৰুদ্ধে তোলা মানহানি গোচৰ আৰু ইয়াৰ ৰায়ৰ সবিশেষ পৰিশিষ্টত প্রকাশ কৰা হৈছে। উল্লেখযোগ্য যে স্বাধীনতা সংগ্ৰামত নিগৃহীত হৈ “অসমীয়া”ই জাতীয় আন্দোলনৰ গুৰি ধৰি আহিছিল। কাকতখন নহ’লে অসমত স্বাধীনতা আন্দোলন ইমান ব্যাপক হৈ নপৰিলহেঁতেন বুলি দিয়া মন্তব্যৰ যথাৰ্থতা বুজিব পাৰি। স্বাধীনতা আন্দোলনত কাকতখনৰ বৰঙণি অসমৰ জাতীয় ইতিহাসত স্মৰণীয় হৈ থাকিব।

“অসমীয়া’’ই “এহাতে অসম আৰু অসমীয়াৰ আৰ্থিক অৱস্থা, কৃষ্টি আৰু জাতীয় স্বাতন্ত্যৰ উন্নতি সাধন কৰা আৰু আনহাতে বৃহত্তৰ সৰ্বভাৰতীয় জাতীয় ক্ষেত্ৰত তেওঁলোকক উপযুক্ত স্থান আৰু ভাগ দিয়াৰ কাৰণে কাকতৰ জন্মাৱধি চেষ্টা কৰি’’ অহাত অসমীয়া জাতি আৰু ‘‘অসমীয়া’’ কাকত একাত্ম হৈ পৰে। “অসমীয়া’’ৰ বিৱৰ্তন অসমীয়া জাতিৰ বিৱৰ্তনৰ ইতিহাস।

জন্মৰ সময়ত “অসমীয়া”ই ভাৰতক দিব খোজা মণ্টেণ্ড চেমছ ফোৰ্ড শাসন সংস্কাৰৰ দিনৰ পৰা মহাত্মা গান্ধীৰ নেতৃত্বত আৰু পঞ্জাব কেশৰী লালা লাজপত্ৰায়ৰ সভাপতিত্বত কংগ্ৰেছে সেই শাসন বৰ্জন কৰিবলৈ লোৱা আন্দোলনৰ সিদ্ধান্তত সহযোগ কৰি কাকতখনে অসমীয়া জাতিৰ স্বাধীন চেতনাৰ ধ্বজা ধৰি আহিছিল। এনে গুৰুত্বপূৰ্ণ ভূমিকা কাকতখন বন্ধ হোৱাদিনলৈকে (১৯৪৮ চন) চলি অহাত কাকতখনৰ প্ৰতিষ্ঠাতা চন্দ্ৰকুমাৰ আগৰৱালাৰ প্রাণ প্ৰতিমাৰ সাকাৰ ৰূপ হিচাপে “অসমীয়া’’ কাকতখনক অসমীয়াই গণ্য নকৰি নোৱাৰিব।

“অসমীয়া’’ৰ বিৰুদ্ধে তৰা মানহানিৰ গোচৰৰ সময়ত কাকতখনে অসমবাসী ৰাইজৰ পৰা অভূতপূৰ্ব সঁহাৰি আৰু সহায় পাইছিল। কাকতখনে এনেদৰে ৰাইজলৈ গোহাৰি জনাইছিল :

‘‘ৰাইজে নখ জোকাৰিলে নৈ বয়

অসমবাসী ৰাইজৰ ওচৰত হাত পাতিছে। আশা আছে আপোনালোকে “অসমীয়া’’ক শুদা হাতে ওলোটাই নপঠিয়াব৷

‘‘আজি প্ৰায় চাৰি বছৰকাল আপোনালোকৰ পৰা “অসমীয়া”ই যথেষ্ট আদৰ-সমাদৰ পাই আহিছে। কিন্তু সেই অনুপাতে “অসমীয়া”ই আপোনালোকৰ কামত লাগিব পাৰিছেনে নাই সন্দেহ চেষ্টাৰ হ’লে ক্ৰুটি কেতিয়াও কৰা নাই। দেশৰ আৰু সমাজৰ সেৱাত বিপদ-আপদলৈও “অসমীয়া”ই ভ্ৰক্ষেপ কৰা নাই। এই বাবেই আজি “অসমীয়া’’ৰ একৰকম মহা দুৰ্দিন বুলিব লাগে। দহজনৰ হাতলৈ চাওঁতে এজন দুজনৰ জেঙা লাগিবৰে কথা৷ সঁচাকৈয়ে সেয়ে হ’ল। তাৰ ফলস্বৰূপে বৰ্তমান “অসমীয়া’’ৰ ওপৰত যি গোচৰ চলিছিল তাত এতিয়ালৈকে 8,০০০ মান টকা যে ভগন হ’লেই, আৰু যে কিমান হয় তাৰে বা ঠিক কি? কিন্তু সেই বুলি ইমানতে “অসমীয়া”ই কঁকাল পেলাব বুলি কোনেও যেন স্বপ্নটো মনত ঠাই নিদিয়ে।

এনেকৈ ডাঠি কোৱাৰ কাৰণ এয়ে যে- “আপোনালোকৰ সহায় আশীৰ্বাদ এই সময়ত “অসমীয়া’’ই কেতিয়াও নোপোৱাকৈ নাথাকে। এনে বিপদত পৰিলেও চহকী দেশৰ চহকী কাকতেও কেতিয়াবা ৰাইজৰ পৰা পইচা তুলিহে তৰমী পায়। সেইদেখি আপোনালোকৰ ওচৰত “অসমীয়া’’ৰ এয়ে নিৱেদন যেন আপোনালোকৰ প্ৰত্যেকেই দুই-চাৰিজনকৈ গ্ৰাহক দি যথাসাধ্যে আৰ্থিক দানেৰে “অসমীয়া’’ক সহায় কৰে৷ আমাৰ মানুহে কয়–তেজ ধুলে উটে কিন্তু মঙহ ধুলে নুটে–এই কথাফাকিৰ একো মূল্য নাইনেকি? আপোনালোকেইটো ‘‘অসমীয়া’’ৰ সকলো–আপোনালোকত বাজে ‘অসমীয়া’ৰ আৰু কেৱোঁ নাই। আমাৰ দুখীয়া দেশৰ একেখন মাথো বাতৰি কাকত। তাক পোহপাল দিয়াটো আপোনালোকৰ সকলোৰে এটা কৰিবলগীয়া কাম নহয় জানো?

‘‘আপোনালোকৰ বল পালে অসমীয়াক আৰু একো নালাগে৷ “অসমীয়া’’ আগেয়েও লক্ষ্য ভ্ৰষ্ট হোৱা নাই, আগলৈও যে নহয় এই কথা ধুৰূপ৷”

চন্দ্ৰকুমাৰ আগৰৱালা                                              ধীৰেন্দ্ৰ নাথ আগৰৱালা

গংগাৰাম চৌধুৰী                                                   ডাইৰেক্টৰ সকল

মহীন্দ্ৰ ৰাম খাউণ্ড                                                  আসাম প্ৰিণ্টাৰ্ছ এণ্ড পাব্লিচাৰ্ছ লিমিটেড

‘‘অসমীয়া’’ ২৮ জুন, ১৯২২ চন, ডিব্ৰুগড়৷

ৰাইজে দিয়া বৰঙণিৰ স্বীকৃতি দিয়া হৈছিল :

‘‘অসমীয়ালৈ দান’’

‘‘আমাৰ ওপৰত অলপতে যি মানহানিৰ গোচৰ হৈ গ’ল তাৰ লেঠা এতিয়াও ছিগা নাই। এই গোচৰত আমাৰ যে ভালেমান ধন ভগন হ’ব, এই কথা ধুৰূপ, কিন্তু আশা আছে এনে সময়ত আমাৰ সদাশয়-গ্ৰাহক, পাঠকসকলে আমাক শক্তি অনুসৰি টকা কড়িৰে সহায় নকৰাকৈ নাথাকে৷ ইয়াকে ভাবি এই অৰ্থে এটি পুঁজি খোলা হৈছে–এই পুঁজিলৈ যি দান পোৱা যাব তাক স্বীকাৰ কৰি আমি দাতাসকলৰ নাম যথা নিয়মে কাকতত প্ৰকাশ কৰিম।”

(“অসমীয়া’’, ৬ আগষ্ট, দেওবাৰ ১৯২২ চন, পৃষ্ঠা-৩)

ইতি

আগৰ জমা–৬১,

শ্ৰীউত কেৰেট চন্দ্ৰ বৰা, চেলেংহাট–১,

সৰ্বমুঠ-৬২।

175 Years Of Media SpEd

শ্রমিক সংগ্ৰামেই স্বাধীনতাৰ সংগ্ৰাম

প্ৰথম মহাযুদ্ধৰ শেষ নোহোৱা পৰ্যন্ত কংগ্ৰেছে প্ৰকৃতপক্ষে শ্ৰমিকসকলৰ সামাজিক অৰ্থনৈতিক সংস্কাৰমূলক কাৰ্যপন্থাৰ ওপৰত গুৰুত্ব দিয়া নাছিল। কিন্তু সুৰমা উপত্যকা ৰাজনৈতিক সন্মিলনে (১৯২০ চনৰ ১৯-২০ ছেপ্টেম্বৰ) কংগ্ৰেছৰ ঘোষিত নীতিৰ বিপৰীতে প্ৰস্তাৱ গ্ৰহণ কৰে যে চাহ শ্ৰমিকসকলে ইউৰোপীয় মালিকৰ লগত অসহযোগিতাৰ কাৰ্যসূচী গ্ৰহণ কৰিব লাগে।

পিছত কংগ্ৰেছৰ নিখিল ভাৰত ট্ৰেড ইউনিয়ন কংগ্ৰেছ স্থাপন কৰা হৈছিল যদিও চাহ শ্রমিকৰ মাজত ইয়াৰ কাৰ্যসূচীয়ে বিস্তাৰ লাভ কৰিব পৰা নাছিল। কিন্তু কংগ্ৰেছী নেতাসকলে শ্রমিকসকলৰ সমস্যাৰ প্ৰতি আগ্ৰহী হৈ পৰিছিল আৰু সুৰমা উপত্যকা প্ৰস্তাৱে তেওঁলোকক প্ৰভাৱান্বিত কৰা বুলি ক’ব পাৰি। পিছলৈ চাহবাগিছাবিলাকৰ একাংশ শ্রমিকৰ অভাৱ সম্বন্ধীয় দাবীত ধৰ্মঘট আদি হৈছিল আৰু সেইবিলাক সফলো হৈছিল।

পিছত ১৯২১-১৯২২ চনৰ গান্ধীজীৰ অসহযোগ আন্দোলনে চাহ বাগিছাবিলাকৰ ওপৰত বিশেষ প্ৰভাৱ পেলাইছিল।কিন্তু অসমত ত্ৰিছ দশক পৰ্য্যন্ত কোনো ধৰণৰ ট্ৰেড ইউনিয়ন সংগঠন পঞ্জীভূত নোহোৱাটো আৰু তৎসবত্ত্বেও শ্রমিকৰ দাবী পূৰণৰ আন্দোলন অব্যাহত থকাটো মন কৰিবলগীয়া বিষয়৷ পিছলৈ চাহ শ্রমিকসকলৰ আন্দোলনে সংগঠিত ৰূপ ধাৰণ কৰে। “অসমীয়া’’ই সম্পূৰ্ণ নিৰপেক্ষভাৱে চাহ শ্রমিকসকলৰ অভাৱ-অভিযোগৰ ওপৰত আলোকপাত কৰি আহিছিল। ‘Planters Raj’ ৰ দৰে শব্দ ‘‘অসমীয়া’’ই সণ্ঢালনি কৰিছিল।

ঔদ্যোগিক বিকাশ নোহোৱাত উপনিৱেশিক সীমাবদ্ধতাৰ মাজত চাহ শ্ৰমিকসকলে দাসবিলাকৰ দৰেই কাম কৰি যাবলৈ বাধ্য হৈছিল। কিন্তু তেওঁলোকৰ সংগ্ৰামৰ বাণীয়ে তেওঁলোকৰ ক্ষেত্ৰৰ অবধি চেৰাই সৰ্বত্ৰ বিয়পি পৰিছিল। লেনিনৰ কথাষাৰ আমাৰ ইয়াত সত্য বুলি প্রতিপন্ন হৈছিল।

লেনিনে কৈছিল, “Only the Economists of sad memory believed that workers party slogan’s are advanced only for the workers.These slogans are advance for the whole working population, for the whole population.” চাহ শ্রমিকসকলৰ উপৰি ৰেল, ধুবুৰীৰ মেচ তথা শৃংখল মুক্তিৰ আন্দোলনে স্বাধীনতা সংগ্ৰামক অৰ্থবহ কৰি তুলিছিল।

অসমৰ ধুবুৰীত থকা ছুইডেনৰ পুঁজিপতিৰ মেচ ফেক্টৰীৰ সংগঠিত বনুৱাৰ ধৰ্মঘট (১৯৩৬ চনৰ ১৪ ডিচেম্বৰ) সম্পৰ্কত “অসমীয়া”ই লিখিছিল :

‘‘আমাৰ অসমত যে আজি ৫ পাঁচমাহ ধুবুৰীৰ মেচ ফেক্টৰীৰ প্রায় চাৰিশ দুৰ্ভগীয়া বনুৱাৰ কাৰখানাৰ মালিকসকলৰ ওপৰত নানান উৎপীড়নমূলক অভিযোগ কৰি ধৰ্মঘট কৰি আছে, অসমৰ প্ৰধানমন্ত্ৰী ছাৰ শ্বাদুল্ল ছাহাবে তাৰ কিবা গম পায় নে আৰু তাৰ প্ৰতিকাৰৰ কথা কিবা ভাবিছেনে? কিম্বা তেওঁ তেওঁৰ মন্ত্ৰীসভা স্থায়ী কৰাৰ উপায় উদ্ভাৱনতে ব্যস্ত? অসমত আন প্ৰদেশৰ দৰে কোনো শক্তিশালী শ্রমিকপ্রতিষ্ঠান বা ট্রেড ইউনিয়ন নাই। হ’বৰ সুবিধা নাই। যিবা অসম লেবাৰ এছচিয়েছন নামে শ্রমিক প্ৰতিষ্ঠান এটা পতা হৈছিল, তাৰ ওপৰতো গৱৰ্নমেণ্ট ৰুষ্ট। অসমৰ জনসাধাৰণ আৰু নেতৃস্থানীয় লোকসকল অসমৰ এই বিৰাট শ্রমিক সমস্যাৰ প্ৰতি উদাসীন। এনেস্থলত এই দুৰ্ভগীয়া শ্রমিকসকলৰ উপায় কি? আমাৰ কাউলিলাৰসকল আৰু অন্যান্য নেতৃস্থানীয়সকলে এই বিষয়ে অলপ চকু মেলি চাব নে?”

ডিগবৈৰ ধৰ্মঘটত ১০ হাজাৰ শ্রমিকৰ ভৱিষ্যৎ জড়িত হৈ পৰিছিল। জৱাহৰলাল নেহৰুৱে অসম অয়ল কোম্পানীৰ বনুৱা শোষণ নীতিৰ কঠোৰ সমালোচনা কৰিছিল। অসম ৰাইফল বাহিনীয়ে গুলী চনাই ৩ জন শ্রমিকক হত্যা কৰাত পৰিস্থিতি জটিল হৈ পৰে। এই হত্যাকাণ্ডৰ বিষয়ে দণ্ডাধীশ বাবু পৱিত্ৰ নাথ দাসৰ তদন্তৰ প্রতিৱেদন সম্পৰ্কত ঘোৰ সন্দেহ প্রকাশ কৰি ‘‘অসমীয়া’’ই কৈছিল যে এনে পক্ষপাতিতামূলক প্ৰতিৱেদন গ্রহণ কৰি থ’লে দেশবাসীৰ বিক্ষোভ আৰু শংকা কেতিয়াও দূৰীভূত নহ’ব বুলি আমি জোৰেৰে কওঁ। (“অসমীয়া’’ ২৭ মে’, ১৯৩৯ চন)

সুদীৰ্ঘ দিন ধৰি চলা এই আন্দোলন সম্পৰ্কত “অসমীয়া’’ই বিভিন্ন পৰ্যায়ত সম্পাদকীয় মন্তব্য কৰাৰ উপৰি এই বিষয়ে সকলো ধৰণৰ বা-বাতৰি চকুত পৰাকৈ পৰিৱেশন কৰি ইয়াৰ সপক্ষে জনমত গঢ়ি তুলিছিল বাবেই আন্দোলনত সকলো জড়িত হোৱা যেন হৈছিল। এই বনুৱাসকলৰ সাহায্য সমিতিত বিভিন্ন পৰ্যায়ৰ লোক জড়িত হৈছিল আৰু তেওঁলোকে “অসমীয়া’’ৰ যোগেদি আৰ্থিক সাহায্যৰ বাবে আৱেদন কৰিছিল।

বিশজন বিশিষ্ট নেতা কৰ্মীৰ নামত“অসমীয়া’’ত প্ৰকাশ পোৱা গোহাৰিত শংকৰ চন্দ্ৰ বৰুৱা, সম্পাদক হেমচন্দ্ৰ বৰুৱা (সভাপতি প্ৰাদেশিক কংগ্ৰেছ কমিটী) আদি জড়িত আছিল। ইয়াত তেতিয়া কংগ্ৰেছী নেতা হিচাপে পৰিচিত কেদাৰনাথ গোস্বামী আছিল। পিছত তেওঁ বনুৱা নেতা বুলি পৰিগণিত হৈছিল। “অসমীয়া”ই ডিগবৈৰ সংগ্ৰামক প্ৰকৃত স্বাধীনতাৰ সংগ্ৰাম বুলি গণ্য কৰাটো অসমীয়া সাংবাদিকতা দৃষ্টিভংগীৰ এক পৰিপক্কতাৰ পৰিচায়ক। বিদেশী পুঁজিৰ পৰা মুক্তি পোৱাৰ সংগ্ৰামক কাকতখনে স্বাধীনতা সংগ্ৰাম বুলি ধৰি লৈ যথেষ্ট গুৰুত্ব সহকাৰে মৰ্যাদা দিছিল।

কাকতখনত এনে বাতৰিয়ে প্ৰাধান্য পাইছিল, “আমি ইমান দিনে যি স্বাধীনতাৰ কথা শুনি আহিছিলো, তাৰ এখন সংগ্ৰাম অসমত আৰম্ভ হৈছে। ই আমাৰ মুক্তিৰ সংগ্ৰাম৷ এই সংগ্ৰামত জয়ী হ’লে আমি মুক্তিৰ পথত আৰু এখোজ আগ বাঢ়িম।’’ বনুৱাসকলৰ সাহায্যাৰ্থে কলিকতাত বহা বিৰাট ৰাজহুৱা সভাৰ বাতৰি (‘অসমীয়া’ ১০ জুন, ১৯৩৯ চন)  প্রকাশ কৰাটো আছিল অসমবাসীৰ পক্ষে সবাতোকৈ ‘ৰঙৰ বাতৰি’ । যোৰহাট নগৰৰ পৰা আঠ মাইল নিলগত থকা ৰায়বাহাদুৰ শিৱ প্ৰসাদ বৰুৱাৰ জন্ম ঠাই ঠেঙালৰ পৰা ১৮৫৭ শকৰ ২৭ ফাগুন সোমবাৰে (১৯৩৫ চনৰ ১২ আগষ্ট তাৰিখে) অসমৰ প্ৰথমখন নিয়মীয়া দৈনিক সংবাদপত্ৰ প্ৰকাশ পোৱাটো অসমৰ সাংবাদিকতাৰ ইতিহাসত স্মৰণীয় দিন নিশ্চয়।

ইয়াৰ আগতে ১৯৩৫ চনৰ ২০ জুলাই তাৰিখত যোৰহাটৰ পৰা ‘দৈনিক নগৰৰ কথা’ মফজল হোসেনৰ সম্পাদনাত ওলাইছিল। লক্ষ্মীনাথ ফুকনে এইখনক বুলেটিন বুলি আখ্যা দিছে। নামে-গাৱে আৰু কথাই-বতৰাই দৈনিক বাতৰিকাকত হিচাপে অসমবাসীয়ে সমাদৰ জনোৱা সত্ত্বেও ‘বাতৰি’ মাত্ৰ এবছৰ চলি বন্ধ (১৯৩৬ চন) হোৱাত অসম অসমীয়া দৈনিক মুখপত্ৰৰ পুনৰ অভাৱৰ স্থলী হ’ল।

কোৱাই বাহুল্য, কাকতখনৰ কমসংখ্যক প্ৰচলন (চাৰ্কুলেছন) আছিল যদিও (আঢ়ৈ হাজাৰৰো বেছি নহয় বুলি কোৱা হৈছে) ভাৰতীয় ৰাজনীতিত নৰমপন্থীসকলে গ্রহণ কৰা দৃষ্টিভংগীৰ দৰেই কাকতখনে তেনে মত লৈ সেই অনুসাৰে চলিছিল। কিন্তু কাকতখনে অসমীয়া ডেকাশক্তিৰ দেশাত্মবোধ পুনৰ্জীৱিত কৰি তোলাত বৰঙণি যোগোৱা বুলি কাকতৰ লগত জড়িত থকা বেণুধৰ শৰ্মাই দিয়া মন্তব্য উল্লেখযোগ্য।

সেই দৃষ্টিকোণৰ পৰাই কাকতখন কম সময়তে বন্ধ হৈ যোৱাটো অসমৰ বাবে ডাঙৰ ক্ষতি। উজনিৰ গাওঁ অঞ্চলৰ পৰা এখন দৈনিক কাকত সেই সময়ত প্ৰকাশ কৰাৰ সাহসৰ কথা ভাবিলে আৰু লগতে তেতিয়াই এছোছিয়েটেড প্ৰেছ (এপি.) আৰু ৰয়টাৰ নামৰ ইংৰাজী প্ৰতিষ্ঠানৰ বাতৰি কৃতিত্বৰ বাবে প্রয়াস পোৱা দৃষ্টান্তলৈ মন কৰিলে আজিও বুকু ডাঠ হৈ যায়। ক’ব পাৰি অসমীয়াই ই বাতৰিকাকতক ব্যৱসায়ত জনসেৱাৰ সফল মাধ্যম কৰি গঢ়ি তুলিবলৈ যত্নৰ ত্ৰুটি কৰা নাছিল।

তথাপিতো কাকতখন সৰহকাল চলিব নোৱাৰিলে। কাকতৰ স্বত্বাধিকাৰী ৰায়বাহাদুৰ শিৱ প্ৰসাদ বৰুৱাৰ অকাল বিয়োগো অন্যতম কাৰণ হোৱা সম্ভৱ৷ ‘বাতৰি’ৰ পিছত দুই-চাৰিখন সাদিনীয়া, মাহেকীয়া আলোচনী চলি থাকিলেও এইবিলাকে পূৰ্ণাংগ সাপ্তাহিক বা দৈনিক সংবাদপত্ৰৰ অভাৱ পূৰ কৰিব নোৱাৰাই স্বাভাৱিক। সেই বাবে এখন সময়োপযোগী দৈনিক সংবাদপত্ৰ প্ৰকাশৰ ব্যৱস্থা কৰাটো অসমবাসীৰ পক্ষে ডাঙৰ প্ৰত্যাহ্বানস্বৰূপ হ’ল।

দৈনিক সংবাদপত্ৰৰ লগতে অসমৰ এখন বিশ্ববিদ্যালয় নোহোৱাটো অস্তিত্ব ৰক্ষাৰ ক্ষেত্ৰত একে পৰ্যায়ৰ অভাৱ যেন হৈ পৰিল। সেই সময়ছোৱাত চন্দ্ৰকুমাৰ আগৰৱালাই প্ৰতিষ্ঠা কৰা আৰু জাতি গঠনত গুৰুত্বপূৰ্ণ বৰঙণি যোগাই সমগ্ৰ অসমবাসীৰ আপোন হৈ পৰা সাদিনীয়া “অসমীয়া’’নো যুদ্ধৰ সমস্যাত পেপুৱা লাগি বন্ধ কৰি দিব লগা হোৱাত লেখৰ সংবাদপত্ৰ নোহোৱাই হ’ল।

বিশ্ববিদ্যালয়ৰ অভাৱ দূৰ কৰিবলৈ পৰিকল্পনা গ্ৰহণ কৰি ইয়াৰ সমৰ্থনত লুইতৰ পাৰত ঢৌৱে আফালি যোৱা পৰিৱেশ ৰচনা কৰাৰ ক্ষেত্ৰত অন্যতম কাণ্ডাৰী হৈ পৰা মাধৱচন্দ্ৰ বেজবৰুৱাই (ডেকাবেজ) সংবাদপত্ৰৰ অভাৱ দূৰ কৰাৰ বাবেও পৰিকল্পনা কৰিছিল।

এই প্ৰচেষ্টাত শ্ৰীশ্ৰীদক্ষিণপাটীয় আৰু শ্ৰীশ্ৰীআউনীআটীয় সত্ৰাধিকাৰসকলৰ আশীৰ্বাদ পোৱা বুলি ডেকাবেজে সাদিনীয়া ‘বাঁহী’ত ‘ৰাইজলৈ একেষাৰ’ শিতানত এই বুলি লিখিছিল–“অসমত এখনি দৈনিক অসমীয়া স্থাপনৰ সংকল্পত ব্ৰতী হৈ আৰু যোৱা বছৰটো প্ৰস্তাৱিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভেটি বন্ধাৰ বাবদ নিজৰ শৰীৰ-স্বাস্থ্যলৈ অলপো লক্ষ্য নকৰি সাধ্যাতীতভাৱে গা এৰি দিয়াত বৰ্তমান আমাৰ স্বাস্থ্য একেবাৰে ভাগি পৰিছে আৰু আমি শয্যাশায়ী হৈ পৰিছো। শ্ৰীশ্ৰীদক্ষিণপাটীয় আৰু শ্ৰীশ্ৰীআউনীআটীয় সত্ৰাধিকাৰসকলৰ পৰা আশীষ-নিৰ্মালী লাভ কৰিও দৈনিক কাকতৰ সেই পৰিকল্পনা এৰি দিবলৈ বাধ্য হৈছো।’’ (বাঁহী, ১৮৬৭, ২১ ভাদ সংখ্যা)

orunodoi

সাদিনীয়া বাঁহীৰ ‘বিশেষ ঘোষণা’তো সম্পাদক মাধৱ বেজবৰুৱাই অসমীয়া ৰাইজৰ কেইবাটাও অভাৱ আমাৰ চকুত পেলায় আৰু ‘এটা-এটাকৈ সকলোখিনি মোচন কৰিবলৈ আমি মন মেলো’ বুলি কৈ দিনেকীয়া কাকতৰ পৰিকল্পনা এৰি সাদিনীয়া ‘বাঁহী’কে সুন্দৰকৈ উলিয়াবলৈ লয়।

কিন্তু তেওঁ উল্লেখ কৰা অভাৱ আৰু জাতীয় গ্লানি থিতাতে দূৰ নোহোৱা দেখি তেওঁ সাদিনীয়া বাঁহীৰ পাতত ‘দৈনিক বাতৰি কাকত’ শীৰ্ষক এটা সম্পাদকীয় লিখিছিল৷ ইতিপূৰ্বে সাংবাদিক সন্মিলনৰ যোগেদি অসমৰ সাংবাদিকসকলেও সংবাদপত্ৰৰ দাবী উত্থাপন কৰিছিল। স্বৰ্গীয় গোপীনাথ বৰদলৈয়ে তেতিয়া এক বিবৃতিযোগে এই মৰ্মে খেদ প্রকাশ কৰিছিল।

ডেকাবেজৰ সাদিনীয়া বাঁহীৰ ১৮ জেঠ সংখ্যাত এই বিবৃতি আৰু উক্ত সম্পাদকীয়ত তাৰ উল্লেখ আছে। গোপীনাথ বৰদলৈয়ে কৈছিল—‘‘অসমত দৈনিক কাকতৰ অভাৱ মোৰ দৰে কোনোৱে অনুভৱ কৰা নাই। মই আত্মনিৰ্ভৰশীলতাত বিশ্বাস কৰো। অসমৰ সমস্যাবোৰৰ সমালোচনা আৰু সমাধানৰ কাৰণে আন প্ৰদেশৰ বাতৰিকাকতৰ ওপৰত নির্ভৰ কৰিবলগীয়া হোৱাটো অসহনীয় কথা৷ অসমত দৈনিক বাতৰিকাকত এখন প্ৰতিষ্ঠাৰ কাৰণে মই যথাসাধ্য সহায় কৰিবলৈ সাজু আছো। কিন্তু বাতৰিকাকতৰ উদ্দেশ্য ব্যৱসায় কৰি ধন ঘটা হ’ব নালাগে—হ’ব লাগে ৰাইজৰ সেৱা৷ তাৰ বাবে আৱশ্যক হ’লে কষ্ট স্বীকাৰ কৰিবলৈকো সাংবাদিকসকলৰ সাহ হ’ব লাগে৷’’

বাঁহীৰ সম্পাদকীয়ত বেজবৰুৱাই লিখিছিল এনেদৰে : “অসমৰ এখন দৈনিক বাতৰি কাকত নাই–এই অভাৱ লৈ আমি সদায় দুখ-বেজাৰ কৰি আহিছো, বিদেশত মুখ উলিয়াব নোৱাৰা হৈছো আৰু লগে লগে আমাৰ সুকীয়া সমস্যাবোৰৰ আলমতে আন্দোলন গঢ়ি তুলিবলৈ আমাৰ ডাঙৰ অস্ত্ৰ এখনৰ অভাৱ প্ৰতিক্ষণে অনুভৱ কৰি আহিছো। সিদিনা গুৱাহাটীত বহা সাংবাদিক সন্মিলনে এই বিষয়ে যি প্রস্তাৱ লৈছে সি সময়োপযোগীয়েই হৈছে। এতিয়া দেশবাসীয়ে সেই কাম হাতত লোৱাৰহে কথা। দেশনেতা শ্ৰীযুত গোপীনাথ বৰদলৈ ডাঙৰীয়াই সেই উপলক্ষে যিটো বক্তৃতা দিলে সিয়ো বিশেষকৈ লক্ষ্য কৰিবলগীয়া৷

‘‘আমাক এখন দৈনিক কাকত লাগ–সেই বুলি সেই দৈনিক কাগজ কেইখনমান বা কোনো ব্যক্তি বিশেষৰ ধন ঘটাৰ থলি সুবিধা কৰি দিবলৈ বা সেই বাতৰিকাকতৰ যোগেদি গভৰ্ণমেণ্টৰ ওচৰত প্ৰতিপত্ত ৰাখি তাৰ যোগেদি বিশেষ সুবিধা লাভ কৰিবলৈ এটা ব্যৱস্থা কৰা সকলৰ দ্বাৰা স্থাপিত হ’লে দেশৰ প্ৰকৃত কল্যাণ নহ’ব। সি হ’ব লাগিব ৰাইজৰ সেৱাৰ কাৰণে। দেশৰ স্বাৰ্থ, জাতিৰ স্বাৰ্থ আগ কৰি যি আগবাঢ়িব তেনে বাতৰিকাকতেহে আমাৰ প্রকৃত অভাৱ মোচন কৰিব৷ শ্ৰীযুত বৰদলৈ ডাঙৰীয়াই ঠিকেই কৈছে যে বাতৰিকাকতৰ উদ্দেশ্য ব্যৱসায় কৰি ধন ঘটা হ’ব নালাগে—হ’ব লাগে ৰাইজৰ সেৱা৷ উদ্বোধনী বক্তৃতাত ফকৰুদ্দিন আহমদে তেনে ভাৱতেই কৈছে : ‘মোৰ বোধেৰে বাতৰিকাকতৰ পৰিচালনাৰ উদ্দেশ্য হ’ব লাগে দলগত ৰাজনীতিৰ পৰা মুক্ত হৈ দেশ আৰু দহৰ সেৱা কৰা৷”

অসমত দৈনিক বাতৰিকাকত নোহোৱা কথাটোলৈ লক্ষ্য কৰি সবল জনমত গঢ়ি তোলাৰ স্বাৰ্থত ‘জয়ন্তী’ মাহেকীয়া আলোচনীত সম্পাদকীয় মন্তব্যযোগে এনেদৰে কোৱা হৈছিল :

“যোৱা ১৪ মে’ তাৰিখে গুৱাহাটীত বহা অসম বাতৰিজীৱী সংঘই এটা অতি আৱশ্যকীয় বিষয় লৈ ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিছে। অসমত এখন দৈনিক বাতৰিকাকত নথকাটো এটা দুখ লগা জাতীয় দৈন্য। অসমৰ জাতীয় জীৱনৰ বৰ্তমান সন্ধিক্ষণত যেতিয়া প্ৰতিমুহূৰ্তেই অসমীয়া ৰাইজ সতৰ্ক হৈ থাকিব লগা হৈছে সেই সময়ত অসমৰ নিচিনা এখন প্ৰদেশত দৈনিক বাতৰিকাকত এখন নথকাটো কিমান শোচনীয় তাক কোনে অনুভৱ নকৰি পাৰে! তদুপৰি অসমৰ চুবুৰীয়া বংগদেশৰ এচাম নেতাৰ স্বাৰ্থ অসমৰ জাতীয় জীৱনৰ প্ৰতিকুলে যোৱাত এই অভাৱ আৰু মাৰাত্মক হৈ দেখা দিছে। এতেকে এই সময়ত আমাৰ জনমতৰ প্ৰতিধ্বনি তুলিবলৈ অন্ততঃ এখন জাতীয় দৈনিক নহ’লে অসমৰ ভালেখিনি জাতীয় স্বাৰ্থ প্ৰৱঞ্চিত হ’ব। অসম বাতৰিজীৱী সংঘই অচিৰতে অন্ততঃ দুখন দৈনিক কাকত, এখন ইংৰাজী আনখন অসমীয়া প্রকাশ কৰাৰ উদ্দেশ্যে প্ৰস্তাৱ গ্ৰহণ কৰি দেশবাসীৰ ওচৰত যি গোহাৰি জনাইছে আমি তাক সৰ্বান্তঃকৰণে সমৰ্থন কৰো৷ আমি ঘুনুক-ঘানাককৈ শুনিবলৈ পাইছো অসমীয়া দুই-এগৰাকী ব্যৱসায়ীয়ে হেনো এই বিষয়ে ইতিমধ্যে কথাটো অলপ সক্ৰিয়ভাৱে আলোচনা কৰিবলৈ লাগি গৈছে। অতি সুখৰ খবৰ৷

‘‘অসমত প্ৰথমতে দৈনিক কাকত প্ৰকাশ কৰিলে হয়তো কিছু দিনলৈ লাভ নহ’বও পাৰে৷ সেই বাবে ব্যৱসায়ৰ ফালৰ পৰা বাতৰিকাকত বৰ লাভজনক যেন নালাগিব পাৰে। কিন্তু অসমৰ জাতীয় অস্তিত্ব, অসমীয়া ৰাইজৰ আশা অকল ব্যৱসায় বুদ্ধিৰ গাতে শোধাই থৈয়ে জানো চিৰদিন চলি থাকিব? সেই বাবে আমাৰ বোধেৰে অসমত দৈনিক কাকত চলাবলৈ হ’লে প্ৰথমতে এটা ৰাইজৰ আস্থাভাজন ট্ৰীষ্টবোৰ্ড গঠন কৰি লোৱা যুগুত। তাৰ পিছত লিমিটেড কোম্পানীৰ আদৰ্শেৰে অন্ততঃ তিনি লাখ টকাৰ অংশ সদ্যহতে বেচাৰ বন্দৱস্ত কৰা উচিত। অসমীয়া ৰাইজৰ কিনা শক্তিৰ অনুপাতে অংশৰ নিৰিখ যিমান কমাই ধৰিব পাৰি তালৈ লক্ষ্য ৰখা এই ট্ৰীষ্ট বোৰ্ডৰ উচিত হ’ব। আমি ভাবো অসমীয়া ৰাইজে এনে দৰৰ কোনো আঁচনিত অতি আনন্দেৰে সহযোগ দিব। তেতিয়া এনেকুৱা কাকতখনো ৰাইজৰ আপোন হৈ পৰিব আৰু সি কোনো দিনে ৰাজহুৱা স্বাৰ্থৰ প্রতি ধনিষ্ঠামানো উদাসীন হৈ থাকিব নোৱাৰিব অসমত দৈনিক বাতৰিকাকত এখন লাগে ই এটা জাতীয় দাবী আৰু সি যে অসমীয়া ৰাইজৰ হে হ’ব লাগিব সিও তেনেই ফটফটীয়া কথা৷’’ (‘জয়ন্তী’ ৭ম বছৰ, ২য় সংখ্যা, জেঠ, ১৮৬৭ শক)

এইখিনিতে উল্লেখ কৰিব পাৰি যে অসমৰ সম্পাদক আৰু সাংবাদিকসকলেও দৈনিক সংবাদপত্ৰ নোহোৱাত গভীৰ উদ্বেগ প্রকাশ কৰিছিল আৰু শীঘ্বে এখন দৈনিক সংবাদপত্ৰ প্ৰকাশ কৰিবলৈয়ে অসমবাসীৰ প্ৰতি আহ্বান কৰিছিল। এই মৰ্মে গুৱাহাটী কামৰূপ একাডেমীত বহা সম্পাদক আৰু সাংবাদিক সন্মিলনে এনে সংবাদ প্ৰকাশ কৰিবলৈ আহ্বান জনাই প্ৰস্তাৱ গ্ৰহণ কৰিছিল৷ সন্মিলনখনৰ সভাপতি আছিল শ্ৰীহৰেন্দ্ৰনাথ বৰুৱা আৰু সন্মিলন মুকলি কৰিছিল ফখৰুদ্দিন আলী আহমদে, দেবকান্ত বৰুৱা এই সন্মিলনৰ অভ্যৰ্থনা সমিতিৰ সভাপতি আছিল।

Assam Bilasini
১৯৪৫ চনৰ ১৮ মে’ তাৰিখে আছাম ট্ৰিবিউন কাকতত সন্মিলনৰ বাতৰিটো এনেদৰে প্রকাশ পাইছে:

Assam Editors in conference/Stress on need of a Daily.

Guahati, May 15—

The Assam Editors and Journalists Conference met yesterday in the Kamrup Academy Hall. Mr. Harendranath Baruah, former Editor of ‘Assaimya’ presided. Mr. Fakharuddin Ali Ahmed, ex-minister, performed the opening ceremony.

In opening the conference Mr. Ahmed urged the Newspaper to function boldly without consideration to party politics in the best interests of the people by expressing freely the real conditions in the country. Stressed the need of a daily newspaper in Assam immediately and hoped that such a paper which must come sooner or later, must be guided by the above cardinal principle of free press.

Mr. Baruah in his presidential address dwelt on the various restrictions imposed by Government on the press in India and criticized the manner in which the provincial press Advisory Committee in Assam worked and hoped for immediate leaders of public opinion and the public in Assam to start a daily paper in the province without further delay.

Mr. Devakanta Baruah, Chairman, reception committee, welcomed the journalists and visitors and referred to the conditions of the press in Assam, where severe restrictions were still operating on the news papers.

Mr. Gopinath Bordaloi, ex-premier, Dr. Harikrishna Das, Dr. G.S. Das and others also addressed the conference (Friday, May 18, 1945)

অসমত দৈনিক কাকতৰ আৱশ্যকতাৰ সম্পৰ্কত সাদিনীয়া অসমীয়া কাকতত সম্পাদক দেৱকান্ত বৰুৱাই অসমীয়া ৰাইজৰ সন্মিলি ত যত্নত অসমত সুকীয়া বিশ্ববিদ্যালয় স্থাপনৰ সম্ভাৱনা হোৱা দৰেই দৈনিক বাতৰিকাকত নহ’বনে বুলি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। ১৯৪৫ চনৰ, ১৯ মে’ ৫ম সংখ্যাত –

‘অসমীয়াই’ লিখিছিল এনেদৰে :

অসমত দৈনিক কাকতৰ আৱশ্যকতা

১৪ মে’ তাৰিখে গুৱাহাটীত হৈ যোৱা অসম সম্পাদক আৰু সাংবাদিক সন্মিলনৰ প্ৰথম অধিৱেশনত গৃহীত হোৱা প্রস্তাৱবিলাকৰ ভিতৰত সকলোতকৈ সকলোৰে মনোযোগ আকৰ্ষণ কৰিছিল অসমত দুখন দৈনিক বাতৰি কাকত– এখন ইংৰাজী আৰু আনখন অসমীয়া প্ৰতিষ্ঠা কৰিবলৈ অসমৰ নেতৃস্থানীয় লোকসকলক অনুৰোধ কৰা প্রস্তাৱটোৱে৷ ভূতপূৰ্ব অর্থমন্ত্ৰী ফখৰুদ্দিন আলী আহমদ চাহাবৰ উদ্বোধনী বক্তৃতাৰ পৰা ভূতপূৰ্ব প্ৰধানমন্ত্ৰী শ্ৰীযুত গোপীনাথ বৰদলৈ ডাঙৰীয়ালৈকে সকলো বক্তাই অসমত দৈনিক বাতৰিকাকতৰ অভাৱৰ কথা কৈ দুখ কৰিছিল।

অসমত দৈনিক কাকত নোহোৱাত অসমীয়া জাতিৰ যি অপূৰণীয় ক্ষতি হৈছে, আৰু হ’ব তাক দোহাৰিবৰ সকাম নাই। আজিকালি গণতন্ত্ৰৰ যুগ; আত্মপ্ৰতিষ্ঠাৰ যুগ। প্ৰত্যেক দেশ আৰু জাতিৰ বৰ্তমান আৰু ভৱিষ্যৎ নিৰ্ভৰ কৰে জনসাধাৰণৰ মতামতৰ ওপৰত৷ অসমীয়া জাতিৰ অস্তিত্ব লৈ আজি টনা-আঁজোৰা লাগিছে। শিক্ষা-দীক্ষা আৰু ব্যৱসায়-বাণিজ্যত অসমীয়া নিচেই পিছপৰা; অসমৰ সাৰুৱা মাটিৰ এটা ডাঙৰ ভাগ আজি পমুৱাৰ হাতত, এতিয়া আকৌ পাকিস্তানৰ গৰাহত অসমৰ সুকীয়া অস্তিত্বও যাওঁ যাওঁ।

এনে সময়ত অসমীয়া ৰাইজে মাত নেমাতিলে অসমীয়াৰ সোঁৱৰণী মাথোন বুৰঞ্জীৰ পাততহে ৰ’বগৈ।৷ কিন্তু জনমতৰ একমাত্ৰ বাহন বাতৰিকাকত।৷ ৰাইজৰ সুখ-দুখ, অভাৱ-অভিযোগ, আশা-আকাংক্ষা প্ৰকাশ কৰিবৰ আলম মাথোন বাতৰিকাকতৰ পৃষ্ঠাকেইটা। অসমীয়া জাতিয়ে সন্মুখীন হোৱা সমস্যাবোৰৰ ৰাইজৰ আগত দাঙি ধৰিবলৈ সাদিনীয়া বাতৰিকাকতে নাটে।

‘‘অসমৰ ৰাজনীতিৰ পিছপৰা অৱস্থাৰ কাৰণ যে দৈনিক বাতৰিকাকতৰ অভাৱ সেইটো ফখৰুদ্দিন আলী আহমদ চাহাবে দেখুৱাই দিছে। উৰিষ্যাই সুকীয়া প্ৰদেশৰ মৰ্যাদা পালে নতুন শাসন সংস্কাৰ হোৱাৰ পৰা মাথোন৷ এতিয়া উৰিষ্যাত তিনিখন দৈনিক বাতৰিকাকত চলে।

‘‘দৈনিক বাতৰিকাকত চলোৱা জটিল কাম; খৰচো বহুত লাগে। ইয়াৰ আগেয়ে ওলোৱা ‘দৈনিক বাতৰি’ বন্ধ হ’বলগীয়া হৈছিল আয়তকৈ ব্যয় সৰহ হোৱাত। অসমত বাতৰিকাকতৰ ব্যৱসায়ৰ পৰা ধন ঘটিবলৈ আশা কৰা মিছা হ’লেও অন্তত পক্ষে খৰচ চলি থাকিব লাগিব। গতিকে ৰাইজৰ কামে-কাজে সহানুভূতিৰ ধন দি বাতৰিকাকত কিনি পঢ়াৰ অভ্যাসৰ ওপৰত অসমীয়া দৈনিক বাতৰিকাকতৰ প্ৰতিষ্ঠা আৰু প্ৰচলনৰ সৰহখিনি নিৰ্ভৰ কৰিছে।

“বৰদলৈ ডাঙৰীয়াই দুখেৰে সৈতে কৈছে, ‘অসমৰ সমস্যাবোৰৰ আলোচনা আৰু সমাধানৰ কাৰণে আন প্ৰদেশৰ বাতৰিকাকতৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হোৱাটো অসহনীয় কথা৷’ অকল অসহনীয় নহয়, অসম্ভৱো৷ অসমৰ আৰু অসমীয়াৰ স্বাৰ্থৰ লগত বহুতো ক্ষেত্ৰত আন প্ৰদেশৰ বিশেষকৈ বংগদেশৰ স্বাৰ্থ খাপ নেখায়। এনে অৱস্থাত কলিকতীয়া কাকতৰ মৰ্লজিৰ ওপৰত আমাৰ অভাৱ-অভিযোগৰ প্ৰকাশৰ বাবে আৰু অসমীয়া ৰাইজৰ ৰাজনৈতিক শিক্ষাৰ কাৰণে আশাপালি থকাটো কলিকতা বিশ্ববিদ্যালয়ৰ যোগেদি অসমীয়া সাহিত্য আৰু সংস্কৃতিৰ উন্নতি কৰিবলৈ যোৱাৰ দৰে নিষ্ফল।

‘‘অসমীয়া ৰাইজৰ সন্মিলিত যত্নত সুকীয়া বিশ্ববিদ্যালয় স্থাপনৰ সম্ভাৱনা হৈছে;

‘‘দৈনিক বাতৰিকাকত নহ’বনে?”

এই প্ৰসংগত খেদেৰে উল্লেখ কৰিব লগা কথাটো হ’ল- ১৯১৮ চনতে ডিব্ৰুগড়ৰপৰা সাদিনীয়া ৰূপত নিয়মীয়াকৈ ওলাই “অসমীয়া”ই জাতি গঠনত ভূমিকা লৈছিল হয়, কিন্তু কাকতখনক পূৰ্ণাংগ ৰূপ দি দিনেকীয়া নকৰালৈকে আগৰৱালাৰ ‘মানসী প্রতিমা’ই প্ৰকৃত গঢ় পোৱা নাছিল। অসমবাসীৰ বাতৰিকাকত বুলি গণ্য কৰিব পৰা অসমীয়া বাতৰিকাকতৰ অভাৱ পূৰণৰ যি প্ৰথম আৰু প্ৰধান উদ্দেশ্য আছিল তাৰ ফলৱতী কৰাৰ বাবে আগৰৱালাই পোৱাৰ তিনি বছৰ পিছত ১৯২১ চনত৷ “অসমীয়া”ই আৰম্ভণিৰে পৰা সুনিপুণ ‘ৰাজনীতিজ্ঞ আৰু উগ্ৰপন্থী’ হৈ বাট বুলাই গৈছিল বুলি বেণুধৰ শৰ্মাই কোৱা কথাষাৰৰ তাৎপৰ্য অসমীয়াৰ পাতে পাতে স্পষ্ট হৈ আছে। কিন্তু চন্দ্ৰকুমাৰৰ দৰে বাতৰিকাকতৰ ‘কাজুৱা গুৰিয়াল’ৰো “অসমীয়া’’ক পূৰ্ণাংগ ৰূপ দি (দৈনিক) অসমীয়াৰ ‘অভাৱ আৰু গ্লানি’ দূৰ কৰালৈ ২৮ বছৰ লাগিল। অৰ্থাৎ ১৯৪৬ চনৰ ২৬ জানুৱাৰী তাৰিখে “অসমীয়া’’ই দিনেকীয়া ৰূপেৰে জাতীয় জীৱনত চন্দ্ৰকুমাৰৰ ‘প্ৰতিমা’ৰ প্ৰাণ প্ৰতিষ্ঠা কৰাৰ সোণালী সুযোগটো পালে।

অসমীয়া

‘‘অসমীয়া’’ৰ দিনেকীয়া নতুন জীৱন অসমীয়া জাতিৰো নতুন জীৱনৰ পাতনি–স্বাধীনতাৰ দোকমোকালি।

কিন্তু ইতিপূৰ্বে ১৯৩৮ চনৰ ২ মাৰ্চত কাজুৱা গুৰিয়াল আগৰৱালা ইহ সংসাৰৰ পৰা আঁতৰি গ’ল যদিও জাতিৰ জীৱনত তেওঁ যি অমিয় জোকাৰণি তুলিবলৈ সক্ষম হৈছিল, তাৰ অৱশেষ ৰৈ গ’ল ৷ তাৰ সাকাৰ ৰূপেই “অসমীয়া’’। ‘অসম-সুষমা-কামৰূপা’ৰ কাণ্ডাৰীস্বৰূপ চন্দ্ৰকুমাৰে সাংবাদিকতাৰ কীৰ্তিস্তম্ভ ‘‘অসমীয়া’’ উলিওৱা দেখি লক্ষ্মীনাথ বেজবৰুৱাই কৈছিল– “অসমীয়া’’ৰ গুৰিত হাতত ‘গুৰিবঠা’ লৈ সেই আমাৰ ‘জোনাকী’ৰ গুৰিয়াল। অসমীয়া! ভয় নাই, পাৰি দিয়া৷ তোমাৰ গুৰিত পৈণত মাঝী।’’

সন্দেহ নাই, চন্দ্ৰকুমাৰৰ নেতৃত্বত ৰাইজৰ সেৱাক ‘মিশ্যন’ কৰি লোৱা সাংবাদিক পৰিয়ালটো ‘অসমীয়া’ৰ আশ্ৰয়তে গঢ় লৈ উঠিছিল। এইসকলৰ মূল প্ৰেৰণা আছিল চন্দ্ৰকুমাৰ ৷ ‘জোনাকী’ৰ গুৰিয়ালজনে ‘পৰাধীন জাতিৰ ৰাজনীতি নাই’ বুলি ‘জোনাকী’ত ঘোষণা কৰিছিল। কিন্তু পিছত সকলো ওলট-পালট হ’ল। ব্ৰিটিছৰ শাসনৰ তলতে থাকি নিজা শাসনৰ চিন্তাৰ ভেটিত নতুন জাতীয়তা গঢ় দি ল’বৰ আকাংক্ষাৰ সাৰ্থক ৰূপ দিয়াৰ বাবে জনমত সৃষ্টি কৰাটো অত্যাৱশ্যকীয় হৈ পৰিল। তাৰ বাবেই মাধ্যমৰ প্রয়োজনীয়তা বুজিয়ে‘অসমীয়া’ৰ জন্ম দিয়া কথাটো ইয়াৰ গুৰি থকাসকলৰ মনৰ পৰা আঁতৰি নোযোৱা বাবেই নানান বিপৰ্যয়ৰ মাজতো ‘অসমীয়া’ক দিনেকীয়া কৰিব লগা হ’ল। সেই পৈণত ‘মাঝী’১০ জনৰ অবিহনেও তেওঁৰ মানসিকতাৰ প্ৰভাৱেই ‘স্বৰ্গতো অধিক জনমভূমি’ৰ সেৱা কৰালৈ শক্তি প্ৰদান কৰাটো সহজে বোধগম্য।

এই পৈণত মাঝিয়ে মানুহেই দেৱ, মানুহেই সেৱ, মানুহবিনে নাই কেৱ বুলি মানৱতন্ত্ৰৰ মহাবাণীৰে অসমৰ নৱজাগৰণক আদৰণি জনাইছিল। সেই নৱজাগৰণ পথত অসমবাসীক আগুৱাই নিবলৈ তেওঁ সংকল্প গ্ৰহণ কৰিছিল। তাৰ আৰম্ভণি অৱশ্যে ‘জোনাকী’তে হৈছিল। সাংবাদিক জীৱনৰ সেই চন্দ্ৰোদয়ৰ সময়তে চন্দ্ৰকুমাৰে ‘আত্মকথাত’ সাব্যস্ত কৰিছিল যে ‘আমি নিজকে নিজে যোগ্য নকৰিলে অন্যে বাট নিদিয়েহি ৷

এই সংসাৰেই হৈছে যোগ্যৰ ঘৰ, অযোগ্য অধঃপাতলৈ যাব–survival of the fittest’ জগত অতি জটিল, ইয়াত বিচাৰ-বুদ্ধিৰেই সাহস সহকাৰে নিজৰ অস্তিত্ব ৰক্ষা কৰিব লাগিব| জাতিটোক ‘তুহঁৰ জুইৰ দৰে’ অসমীয়াৰ ‘তেজ’ আৰু ‘উৎসাহ’ এতিয়া ভাগ্যৰ জাপৰ তলত লুকাই আছে, এবাৰ ভমকাই উঠিবই উঠিব। (আত্মকথা-জোনাকী) এনে আত্মবিশ্বাসেৰে জাতি গঠন কৰিবলৈ সংকল্প লোৱা ‘মাঝী’জনহে পৈণত আৰু তেওঁহে জাতি গঠনত সকলো বিপদ-বিঘিনি অতিক্ৰম কৰিবলৈ প্ৰেৰণা আৰু বৌদ্ধিক নেতৃত্ব দিব পাৰে–ইয়াত তিলমানো সন্দেহ কৰিব লগা নাই৷ মানসিক দাসত্বৰ পৰা মুক্ত হৈ ‘অসমীয়া’ই সেই বাটকটীয়াৰ ভূমিকাৰে জাতিটো গঢ়াৰ ধাৰণাক সক্ৰিয় কৰি তোলাত বৰঙণি যোগাই অসমীয়া জাতীয় জীৱনত উজ্জ্বল অধ্যায় ৰচনা কৰিলে।

দৈনিক কাকত হিচাপে আত্মপ্ৰকাশ কৰি ‘আমাৰ দুআষাৰ’ত দৈনিক অসমীয়াই ‘চন্দ্ৰকুমাৰৰ পবিত্ৰ আদৰ্শ অক্ষুণ্ণ ৰাখি চলিবলৈ সমৰ্থ হোৱাৰ বাবে প্ৰাৰ্থনা জনালো।

দৰাচলতে চন্দ্ৰকুমাৰৰ নৱজাগৰণমুখী ধ্যান-ধাৰণাক বাস্তৱ ৰূপ দিয়াৰ আকাংক্ষাৰ ক্ৰমান্বয়িতা ৰক্ষাৰ ব্ৰত প্রকাশ কৰাটো স্পষ্ট হ’ল। এইবাৰ ‘অসমীয়া’ৰ ব্ৰতৰ বহল আধাৰ প্ৰকট হৈ পৰিল; লগতে অসমলৈ জোনাক নমাই আনিব খোজা চন্দ্ৰকুমাৰৰ আদৰ্শৰো বাস্তৱ ৰূপ দিব খোজা হ’ল। ইয়াত কোৱা হৈছে : “সদৌ অসমবাসীৰ উমৈহতীয়া মংগল সাধন দৈনিক ‘অসমীয়া’ৰ ব্ৰত ৷ বিশেষকৈ অনুন্নত সম্প্ৰদায়, ভৈয়াম আৰু পৰ্বতৰ ট্ৰাইবেল আৰু বনুৱাসকলৰ সৰ্বাংগীন উন্নতিলৈ ‘অসমীয়া’ই সদায় চকু দি আহিছে, যাতে বিভিন্ন শ্ৰেণী আৰু সম্প্ৰদায়ৰ বিভিন্নতা মাৰ গৈ স্বাধীন ভাৰতবৰ্ষত অসমীয়া জাতিয়ে সন্মানজনক ঠাই ল’ব পাৰে।’’

গণতান্ত্ৰিক আকাংক্ষা :

অসমৰ সাংবাদিকতাৰ ঐতিহ্য

১৯৪৬ চনৰ ২৬ জানুৱাৰীত আত্মপ্রকাশ কৰা ‘দৈনিক অসমীয়া’ই অসমৰ বহু বৰ্ণিলন সমাজখনৰ সকলো লোকৰে উন্নতিৰ বাবে স্বাধীন ভাৰতৰ বা-বতাহ বলাৰ সময়ত প্ৰথমে গণতান্ত্ৰিক আকাংক্ষা প্ৰকাশ কৰে। উল্লেখযোগ্য যে এনে আকাংক্ষাৰ কথা উল্লেখ কৰোতেও চন্দ্ৰকুমাৰ আগৰৱালাৰ নাম আৰু আদৰ্শৰ কথা স্মৰণ কৰা হৈছে। সদৌ অসমবাসীৰ উমৈহতীয়া মংগলসাধন কৰাৰ ব্ৰত লৈ ‘অসমীয়া’ই নিজৰ উদ্দেশ্য সম্পাদকীয়ভাৱে এনেদৰে ব্যক্ত কৰিছে:

‘‘দৈনিক বাতৰিকাকত চলোৱা বৰ ব্যয়সাধ্য আৰু আমাৰ দৰে পিছপৰা প্ৰদেশত কষ্টসাধ্য কাম৷ এশ এটা আহুকাল কাতিকৈ থৈ এই তুৰূহ কাম আমি হাতত লৈছো মাথোন জাতীয় জীৱনৰ এই সন্ধিক্ষণত অসমীয়া ৰাইজক সেৱা কৰিবলৈ৷ এই একেটা উদ্দেশ্য লৈয়ে স্বৰ্গীয় চন্দুকুমাৰ আগৰৱালাদেৱে একুৰি আঠ বছৰ আগেয়ে সাদিনীয়া অসমীয়া প্ৰতিষ্ঠা কৰিছিল। ভগৱানৰ ওচৰত আমাৰ প্ৰাৰ্থনা যাতে ‘দৈনিক অসমীয়া’ই তেখেতৰ পৱিত্ৰ আদৰ্শ অক্ষুণ্ণ ৰাখি চলিবলৈ সমৰ্থ হয়।

‘‘অসমৰ সমুখত আজি বিপদৰ জাউৰি। অসম আৰু অসমীয়াৰ নাম নুমাবলৈ ব্ৰিটিছ সাম্রাজ্যবাদ আৰু তাৰ সমৰ্থকবিলাকৰ তৎপৰতাৰ সীমা নাই। বিভেদজনিত বিবিধ আওপকীয়া সমস্যাই আমাৰ আত্মৰক্ষাৰ শক্তি দুৰ্বল কৰিছে। অসমৰ জাতীয় জীৱনীশক্তিৰ এই দুৰ্বলতাৰ মূল ভাৰতবৰ্ষৰ পৰাধীনতা৷ স্বাধীনতাৰ বেলিৰ পোহৰত পৰাধীনতাৰ চেচুকত গজা এই বিহ গছৰ পুলিবোৰ জঁয় পৰি যাব বুলি আমাৰ বিশ্বাস। স্বাধীনতাৰ এই আহ্বান অসমৰ পৰ্বতে-ভৈয়ামে প্ৰতিধ্বনি ত কৰিবলৈ ‘সাদিনীয়া অসমীয়াৰ’ দৰে ‘দৈনিক অসমীয়া’য়ো আপ্ৰাণ যত্ন কৰিব।

‘‘সদৌ অসমবাসীৰ উমৈহতীয়া মংগল সাধন দৈনিক অসমীয়াৰ ব্ৰত। সৰ্বাংগীন উন্নতিলৈ ‘অসমীয়া’ই সদায় চকু দি আহিছে যাতে বিভিন্ন শ্ৰেণী আৰু সম্প্ৰদায়ৰ বিভিন্নতা মাৰ গৈ স্বাধীন ভাৰতবৰ্ষত অসমীয়া জাতিয়ে সন্মানজনক ঠাই ল’ব পাৰে।

‘‘আমাৰ সাধ্য অনুসৰি দৈনিক অসমীয়াখন ভালকৈ উলিয়াবলৈ আমি যত্নৰ ক্ৰটি কৰা নাই। কিন্তু ভাৰত গৱৰ্ণমেণ্টে বহুতো টনা-আঁজোৰাৰ পিছত যিমানখিনি বাতৰিকাকতৰ ছপা কাগজ (News Print) আমাৰ ভাগত দিলে তাৰে কাকতখনৰ আকাৰ বঢ়োৱা সম্ভৱপৰ নহয়। কাগজৰ নাটনি গুছিলেই কাকতৰ আকাৰ ডাঙৰ কৰিবলৈ আমি চেষ্টা কৰিম।

‘‘অসমীয়া ৰাইজে তপতে তপতে বাতৰি পাবলৈ আমি ৰয়টাৰ, এচোচিয়েটেড প্ৰেছ আৰু ইউনাইটেড প্ৰেছ এই তিনিটা বিখ্যাত বাতৰি যোগনীয়া কোম্পানীৰ পৰা টেলিগ্ৰাফেৰে বাতৰি আনিবলৈ বন্দৱস্ত কৰিছো। কিন্তু টেলিগ্ৰাফৰ খৰচে সৈতে সমুদায় ধন আগধৰি দিয়া সত্ত্বেও টেলিগ্ৰাফৰ বেমেজালিত ৰয়টাৰ আৰু এছোচিয়েটেড প্ৰেছে আজি বাতৰি পঠাব নোৱাৰিলে৷ দুই-এদিনতে এই আহুকাল আঁতৰিব বুলি আশা কৰো। তেতিয়ালৈকে সহৃদয় পাঠক-পাঠিকাসকলক আমাৰ এই অসম্পূৰ্ণতা ক্ষমা কৰিবলৈ নিৱেদন জনালো।

‘‘আজি স্বাধীনতা দিৱস। ত্ৰিবৰ্ণৰঞ্জিত জাতীয় পতাকাৰ তলত অসমীয়া ৰাইজে বাৰে বাৰে হাঁহিমুখে কঠোৰ নিৰ্যাতন ভোগ কৰিছে। অসমীয়া নৰ-নাৰীয়ে দেশ জননীৰ আহ্বানত ‘ডিঙি পাতি তেজেৰে বলিশাল বোলাই গৈছে।’ আমাৰ স্বাধীনতাৰ ৰণৰ ওৰ নৌপৰে এথোন৷ ভাৰতৰ অগণন উৎপীড়িত জনসাধাৰণৰ মুক্তিৰ শেহ সংগ্ৰাম আহিব লাগিছে৷ অসমীয়া ডেকা-গাভৰুসকলক তাৰ কাৰণে সাজু হোৱাত এফেৰি সহায় কৰিব পাৰিলেও দৈনিক অসমীয়া প্রকাশ কৰা সাৰ্থক হ’ব। জয়হিন্দ৷’’১১

‘অসমীয়াই’ খণ্ডিত জাতিসত্তাৰ ৰক্ষাৰ বাবে কলম চলোৱা নাছিল। দৈনিক বাতৰি পৰিৱেশন, উপস্থাপন আৰু গুৰুত্বৰ দিশলৈ লক্ষ্য কৰিলে ‘অসমীয়া’ই দিনেকীয়া অৱস্থাতো গোষণা কৰা ব্ৰত কাৰ্য কৰি কৰাৰ বাবে তৎপৰ হৈ থকা প্রমাণ পোৱা যায়। অসমীয়া জাতি যদি এটি ‘পদুম’ বুলি ধৰা হয়, শতপাহে যিদৰে পদুম সম্পূৰ্ণ কৰে, সেইদৰে প্ৰতি পাহৰ পূৰ্ণতাৰো প্রয়োজন হৈ পৰে। খণ্ডিত জাতীয়তা অসমীয়াৰ লক্ষ্য নাছিল বাবে সেই সময়ৰ একমাত্ৰ দৈনিক হিচাপে কাকতখন সদৌ অসমবাসীৰ আপোনাৰ হৈ পৰিছিল।

Orunodoi 1

কাকতখনৰ সম্পাদকীয় মতামতেও এনে নিৰ্দশন স্পষ্টভাৱে দাঙি ধৰিছিল। সাম্প্ৰদায়িকতাৰ বিৰোধিতা কাকতখনৰ অন্যতম উদ্দেশ্য থকাটো ভালদৰে বুজিব পাৰি। ১৯৪৭ চনৰ ১৬ আগষ্ট তাৰিখৰ সম্পাদকীয়ত স্বাধীনতাই জাতিলৈ নতুন জাগৰণ মুছলমানৰ সম্প্ৰীতি কামনা কৰি মন্তব্য দিয়া হৈছিল যে ‘অসমবাসী হিন্দু-মুছলমানৰ সন্মিলিত উদ্যমৰ অসম অদূৰ ভৱিষ্যতত সোণৰ অসম হ’ব ৷’

ইয়াত লিখা হৈছিল এনেদৰে :

‘‘বংগদেশৰ ওচৰ চুবুৰীয়া দেশ হিচাপে আৰু শিক্ষা, বাণিজ্য, শিল্প সকলো বিষয়তে কলিকতাৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হোৱাত অসমৰ ওপৰত বংগদেশৰ ভাল-বেয়া দুয়ো বিধৰে প্রভাৱ স্বাভাৱিকতে পৰিছে। বংগদেশৰ ওচৰত বিশেষকৈ কলিকতা বিশ্ববিদ্যালয়ৰ ওচৰত আমি আমাৰ শিক্ষা বিস্তাৰৰ কাৰণে খাণী। সেইদৰে আমাৰ ৰাজনৈতিক চেতনাত “‘বন্দেমাতৰম্‌’ ধ্বনি আৰু ‘জনগণ মন অধিনায়ক’ সংগীতে কম প্রভাৱ বিস্তাৰ কৰা নাই। কিন্তু শিক্ষা আৰু জাতীয়তাবাদৰ লগতে বংগদেশৰ পৰা বিহ মেটেকাৰ দৰে যে সাম্প্ৰদায়িকতাও আহিছে তাক অস্বীকাৰ কৰিব নোৱাৰি৷ অসমীয়া মানুহৰ দোষ ভালেমান আছে; কিন্তু সাম্প্ৰদায়িক মনোবৃত্তি তাৰ ভিতৰৰ এটা নহয়। আগৰে পৰা অসমত বিভিন্ন ধৰ্ম আৰু সম্প্ৰদায়ৰ মানুহে মিলা-প্ৰীতিৰে বসতি কৰি আহিছে; কোনেও কাৰো ধৰ্মমতৰ ওপৰত হকাবধা কৰা নাই বা তাৰ বাবে কাকো কোনো ন্যায্য অধিকাৰৰ পৰা বঞ্চিত কৰা নাই। প্ৰাক্‌ ব্ৰিটিছ যুগৰ কথা নেলাগে, ইংৰাজৰ আমোলতো অসমীয়া হিন্দু-মুছলমানে সদায়ে একে ভাই-ককাই বুলি অনুভৱ কৰি আহিছে। আহোম স্বৰ্গদেৱ কন্দৰ্পেশ্বৰ সিংহক অসমৰ ৰাজপাটত বহুৱাবলৈ কলিতা মণিৰাম দেৱান আৰু বামুণ পিয়ালী বৰুৱাৰ সহকৰ্মীসকলৰ ভিতৰত ফৰ্মুদ আলি আৰু বাহাদুৰ নামৰ দুজন মুছলমান দেশপ্ৰেমিকো আছিল। দুয়োজনে দেশপ্ৰেমৰ অপৰাধত দ্বীপান্তৰ নিকাৰ ভুঞ্জিবলগীয়া হৈছিল। ১৮৯৩ খ্ৰীষ্টাব্দত নামনি অসমজুৰি হোৱা প্ৰজা বিদ্ৰোহত ব্ৰিটিছৰ বন্দুকৰ গুলীত প্ৰাণ দিছিল পাথৰি ঘাটত দৰঙী মুছলমানে। ১৯২১ চনতো অসহযোগ আন্দোলনত অসমীয়া মুছলমানে জঁপিয়াই পৰিছিল। ৰাজনৈতিক আন্দোলনৰ বাহিৰেও ঘৰুৱা জীৱনত অসমীয়া হিন্দু আৰু মুছলমানে ধৰ্মত আৰু আচাৰগত পাৰ্থক্য সত্ত্বেও ইটোৱে-সিটোক একে তেজ-মঙহ বুলি ভাবিছিল৷ অসমীয়া হিন্দু আৰু মুছলমানে কেনেকৈ একে মাক-বাপেকৰ সন্তান হৈ আছিল তাৰ কিছুমান নিদৰ্শন এতিয়াও পুৰণি গুদামৰ দৰে গাঁৱত পোৱা যায়। আনকি অসমীয়া হিন্দু-মুছলমানৰ এই মিলা-প্ৰীতিয়ে পমুৱাবিলাকৰ ওপৰতো সাঁচ বহুৱাইছিল। পোন পহিলাতে অসমলৈ অহা পমুৱা মুছলমানবিলাকে অসমৰ গৱৰ্ণৰক অসমীয়া পঢ়িবলৈ সুযোগ দিবৰ বাবে আৱেদন জনাইছিল আৰু তেওঁলোকৰ মাজত অসমীয়া ভাষা শিকিবলৈ যথেষ্ট আগ্ৰহ দেখা গৈছিল।

‘‘দুখৰ কথা যে বংগদেশৰ লগত পমুৱাবিলাক অহাৰ লগে লগে আমাৰ সম্পৰ্ক ঘনিষ্ঠ হ’ল আৰু লাহে লাহে বংগদেশৰ পাৰ্থক্য জৰ্জৰিত জীৱনৰ প্ৰভাৱ অসমলৈকো বিয়পিলে৷ প্ৰথমতে তাৰ কুফল দেখা গ’ল পমুৱাবিলাকৰ মাজত। বৃহত্তৰ বংগ স্থাপনৰ বাবে অসম প্রবাসী বঙালী হিন্দুসকলে ‘ডমিচাইল্ড এণ্ড চেটলাৰ্চ এছোচিয়েশ্যন’ পাতি অসমীয়া বিদ্বেষৰ যি ব্যাপক প্ৰচাৰ চলাইছিল পমুৱা মুছলমানবিলাকৰ মাজতো সি শিপোৱাৰ ফলত তেওংলোকেও অসমীয়া ভাষা এৰি বঙালী পঢ়িবলৈ কাছিপৰি ওলাল৷ যি পমুৱা মুখিয়ালসকলে অসমীয়া স্কুল লাগে বুলি গৱৰ্ণৰৰ ওচৰলৈ সঁজাতী দল আৰু আৱেদন-পত্ৰ পঠাইছিল, তেওঁলোকেই বৰঙণি তুলি বঙালী স্কুল গঢ়াত আগৰণুৱা হ’ল৷ বংগ-প্ৰীতিৰ এই বানপানী নামি নৌ যাওঁতেই আহিল মুছলিম লীগৰ সাম্প্ৰদায়িকতাৰ ঢৌ।

“পাকিস্তানৰ চমকপ্ৰদ আদৰ্শই ভাৰতৰ অন্যান্য প্ৰদেশৰ মুছলমানসকলৰ দৰে অসমৰ মুছলমানসকলৰো মন আকৰ্ষণ কৰাত অৱশ্যে একো আচৰিত হ’বলগীয়া নাছিল৷ মুছলিম সংখ্যাগৰিষ্ঠ অঞ্চলবোৰত সাৰ্বভৌম ৰাষ্ট্ৰ স্থাপনৰ এই আদৰ্শ অসম মুছলিম লীগৰ পমুৱা ছিলেটীয়াৰ নেতাসকলৰ চক্ৰান্তত পৰি মুছলমান প্রধান অসমকো গ্ৰাস কৰাৰ বলিয়ালিত পৰিণত হ’ল। যুক্তপ্ৰদেশ আৰু বোম্বাই প্ৰদেশৰ মুছলমানে পঞ্জাব আৰু বংগদেশৰ দৰে সমানে পাকিস্তানৰ আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল; সেই বুলি কায়দে আজম জিন্নাই তেওঁৰ নিজা প্ৰদেশ বোম্বাইক বা চৌধুৰী মালিকুজ্জামানে যুক্তপ্ৰদেশক কেতিয়াও পাকিস্তানৰ অন্তৰ্ভুক্ত কৰিবলৈ বিচৰা নাছিল। দুখৰ বিষয় যে পমুৱাবিলাকৰ মাটিৰ খঁকে পাকিস্তানৰ গণতান্ত্ৰিক আদৰ্শক অসমত দিন-ডকাইতিৰ খাপলৈ নমালে আৰু মঙলদৈ, তেজপুৰ, বৰপেটা, গুৱাহাটী আৰু নগাঁৱত গাৰ বলেৰে অসমীয়া ৰায়তৰ পট্টাৰ মাটি আৰু চৰকাৰী ৰিজাৰ্ভ দখল কৰি, দেশত অৰাজকতাৰ সৃষ্টি কৰি সেই আদৰ্শত কালিমা সানিলে। তাতোকৈ দুখৰ কথা যে অসমীয়া মুছলমানে পমুৱাবিলাকৰ চলাহ দিয়া কথাত ভোল গৈ আৰু পাকিস্তানৰ প্ৰকৃত তাৎপৰ্য নুবুজি অসমক পমুৱাস্থান কৰাত লাগি গ’ল।

‘‘আমি সেই ভুল শুধৰাবৰ হ’ল। মুছলমানসকল য’ত সংখ্যাগৰিষ্ঠ তেনে অঞ্চলবোৰত পাকিস্তান ৰাষ্ট্ৰ স্থাপিত হৈছে আৰু কায়দে আজম জিন্নাই তাতে সন্তুষ্ট হৈ পাকিস্তান ৰাষ্ট্ৰৰ কৃতকাৰ্যতাৰ বাবে যত্নৱান হৈছে৷ ভাৰতীয় ইউনিয়নত থকা মুছলমানসকলে ভাৰতীয় নাগৰিকত্ব মানি লৈ ত্ৰিৰংগা পতাকাক নিজৰ জাতীয় পতাকা বুলি গ্ৰহণ কৰিছে। গতিকে অসমৰ মুছলমানসকলৰো মনত কোনো প্ৰকাৰৰ অসন্তোষ বা ভিনভাৱ থাকিব নেলাগে। পাকিস্তানৰ হিন্দু-মুছলমানে তেওঁলোকৰ ভাগ্য নিজে নিৰ্ণয় কৰক; ভাৰতৰ তথা অসমৰ হিন্দু-মুছলমানে একেলগে আমাৰ ভৱিষ্যৎ নিজে গঢ়োহঁক। বিশেষকৈ আমি হিন্দু আৰু মুছলমানৰ কাৰণে সেই দায়িত্ব বৰ গধুৰ হৈ পৰিছে। বিৰাট ভাৰতবৰ্ষত আমি এমুঠি মানুহ; ভাষা, সাহিত্য, শিল্প, বাণিজ্য সকলোতে আমি পিছপৰা। গতিকে আমি স্বাধীন ভাৰতৰ এটা স্বায়ত্তসীসিত আৰু সুকীয়া সমষ্টি হিচাপে জীয়াই থাকিবলৈ হ’লে সকলো অসমীয়া মুঠ বান্ধিব লাগিব। আমাৰ এই সন্মিলনলৈ পমুৱা মুছলমানসকলকো আমি আদৰি আনি তেওঁলোকক আপোন কৰি ল’ব লাগিব। তেহে অসমত অসমীয়াৰ আত্মপ্রতিষ্ঠা সম্ভৱ হ’ব। অসমীয়া মুছলমানসকলৰ মাজত এনে এটা মানসিক পৰিৱৰ্তন আমি দেখি সন্তোষ পাইছো।’’

হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ উপৰি বৃহ ত্তৰ অসমীয়াৰ জাতীয় সত্তাৰ অন্যতম অংশীদাৰ জনজাতিসকলৰ উন্নতি আৰু সামাজিক ন্যায়ৰ ওপৰত সমানে ‘অসমীয়া’ই গুৰুত্ব আৰোপ কৰিছিল। ১৯৪৬ চনৰ জুলাই মাহত অসম কংগ্ৰেছ আৰু ট্ৰাইবেল লীগৰ মাজত অসম কংগ্ৰেছত স্থান পোৱা অসমৰ প্রভাৱশালী ভূতপূৰ্ব মন্ত্ৰী আৰু ট্ৰাইবেল বিশিষ্ট নেতা ভীমবৰ দেউৰীৰ পৰলোক প্ৰাপ্তিৰ বাতৰিটো গুৰুত্ব সহকাৰে প্রকাশ কৰা হৈছিল আৰু ইয়াৰ প্ৰথম ছেদটো বৰ হৰফেৰে উপস্থাপন কৰা হৈছিল। তদুপৰি ১৯৪৭ চনৰ ৬ ডিচেম্বৰত প্ৰকাশ পোৱা মৃত্যু বাতৰিৰ পৰৱৰ্তী সংখ্যাৰ ‘অসমীয়া’ত কেইবাজনো বিশিষ্ট লোকে ভীমবৰ দেউৰীৰ জীৱনৰ ওপৰত আলোকপাত কৰিছিল।

অসমৰ চাহ বনুৱাবিলাকৰ উন্নতিৰ সাধন অবিহনে অসমীয়াৰ উন্নতি সম্পূৰ্ণ হ’ব নোৱাৰে৷ তেওঁলোকো অসমীয়া জাতিসত্তাৰ অন্তৰ্ভুক্ত হৈ পৰিছে। তেওঁলোকৰ দুৰৱস্থাৰ বিষয়ে ১৯৪৬ চনত কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া বিশেষজ্ঞ কমিটীক সমাদৰ জনাই ‘অসমীয়া’ৰ সম্পাদকীয় স্তম্ভত এই বিষয়ে পৰ্যালোচনা দাঙি ধৰি অসমতো তেওঁলোকৰ অৱস্থাৰ বিষয়ে অনুসন্ধান চলাই পৰামৰ্শ দিবলৈ কমিটী গঠন কৰিবলৈ অসম মন্ত্ৰীসভালৈ আহ্বান জনাইছিল। দেৱকান্ত বৰুৱাৰ সম্পাদনাত প্ৰকাশিত অসমীয়াৰ ১৯৪৬ চনৰ ২৭ এপ্ৰিল সংখ্যাত লিখা হৈছিল এনেদৰে :

“আমাৰ ঘৰতে চাহ বাগিচাবিলাকত আৰু কয়লাৰ খনিত বনুৱাবিলাকৰ কি দুৰৱস্থা তাৰ প্ৰকৃত খবৰ কেইজনে জানিবলৈ যত্ন কৰিছে বা যত্ন কৰিলেও কি উপায় আছে? ইয়াত দিন চিভিল ছাৰ্ভিচ আৰু ‘হয় হুজুৰ’ বিলাকৰ সহায়ত অসমত ‘প্লেণ্টাৰ ৰাজ’ চলি আছিল। গতিকে বাগিচাৰ বনুৱাবিলাকো মানুহৰ দৰে জীয়াই থাকিবৰ অধিকাৰৰ পৰা বঞ্চিত হৈ আছিল৷ এতিয়া আমাৰ দুৰ্ভগীয়া ভাই-ককাইবিলাকৰ এই দুৰ্গতিৰ ওৰ পেলাবলৈ ৰাইজৰ প্ৰতিনিধিৰে গঠিত গৱৰ্ণমেণ্টে যথাসাধ্যে কৰিব লাগিব। তাৰ প্ৰথম খাপ হ’ব বাগিচাৰ আৰু খনিৰ বনুৱাবিলাকৰ অৱস্থাৰ বিষয়ে তদন্ত কৰিবলৈ এটা যোগ্যতাসম্পন্ন মানুহৰে গঠিত কমিটী বহুওৱা ৷ আশা কৰো মন্ত্ৰীসভাই অনতিপলমে এই বিষয়ে আগবাঢ়িব।’’

175 B 1

গ্ৰুপিং প্রস্তাৱ : অসমীয়াৰ প্ৰথম এঁক্যবদ্ধ প্ৰতিবাদ

১৯৪৫ চনত বিশ্ব মহাযুদ্ধ শেষ হ’লত ব্ৰিটেইন কেউপিনৰ জৰ্জৰিত অৱস্থাৰ সন্মুখীন হৈছিল। প্ৰকৃততে বিশ্ব যুদ্ধত ব্ৰিটেইন বিধ্বস্তহে হ’ল। এই অৱস্থাত ব্ৰিটেইনৰ অপৰাজেয় শক্তিৰ অর্থ নোহোৱা হৈ পৰিল। আনহাতে ঔপনিৱেশ ৰাজ্যবিলাক ধৰি ৰখাৰ শক্তিও ব্ৰিটেইনে হেৰুৱাই পেলালে। সেয়ে তেওঁলোকৰ স্বাৰ্থ ৰক্ষাৰ বাবেই ঔপনিৱেশ ৰাজ্যৰ আন্দোলনৰ পৰিপ্ৰেক্ষিতত এটা সন্তোষজনক মীমাংসালৈ অহাটো তেওঁলোকৰ পক্ষে অপৰিহাৰ্য হৈ পৰিল। ভাৰতবৰ্ষত পূৰ্বৰ গণ আন্দোলনৰ জোৰ চলি থকা অৱস্থাত ১৯৪৬ চনৰ ফেব্ৰুৱাৰিত বোম্বাইত থকা ব্ৰিটিছ নৌবাহিনীয়ে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছিল। সেই বিদ্ৰোহ কলিকতা আৰু কৰাচীলৈ বিয়পি পৰিছিল।

বিদ্ৰোহৰ গতি-গোত্ৰ দেখি প্ৰতিৰক্ষাৰ ক্ষেত্ৰত হোৱা এনে কাৰ্যৰ প্ৰতিক্ৰিয়া ভাবি সাম্ৰাজ্যবাদী প্ৰশাসন বিমোৰত পৰাই স্বাভাৱিক আছিল৷ পিছলৈ বল্লভভাই পেটেলৰ মধ্যস্থতাত বিদ্ৰোহ শেষ কৰালে যদিও প্ৰশাসনৰ ওপৰত ইয়াৰ আঘাত গভীৰ হৈ ৰ’ল। নৌবিদ্ৰোহীসকলৰ অন্যান্য শ্রমিকেও সমৰ্থন জনোৱাত বিদ্ৰোহীৰ পতন অধিক গভীৰলৈ সোমাই পৰিছিল।

এই অৱস্থাত ভাৰতৰ স্বাধীনতা সম্পৰ্কত নতুনকৈ চিন্তা কৰিবলগীয়া হৈ পৰাত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী এট্লীয়ে কেবিনেট মিছন গঠনৰ ঘোষণা কৰে। ১৯৪৬ চনৰ ১৫ মাৰ্চত তেওঁ কমল্স সভাত দিয়া ঘোষণা এটা তাৎপৰ্যপূৰ্ণ৷

তেওঁ কৈছিল : “ভাৰতত ১৯৪৬ চনৰ জ্বৰৰ তাপ ১৯২০, ১৯৩০ বা ১৯৪২ চনৰ দৰে নহয়। ভাৰতৰ স্বাধীনতা হস্তান্তৰ যিমান পাৰি সোনকালে সম্ভৱ কৰি তুলিবৰ বাবে সাহায্য কৰাৰ উদ্দেশ্য লৈয়েই তেওঁৰ সতীৰ্থসকলক ভাৰতলৈ নিছে৷’’ মিছনে ১৯৪৬ চনৰ ২৪ মাৰ্চ তাৰিখে ভাৰত পদাৰ্পণ কৰে। মিছনৰ এগৰাকী সদস্যই প্ৰেছ বিজ্ঞপ্তিত জনাইছিল যে “স্বাধীনতা আৰু স্বায়ত্ত শাসন নীতিগতভাৱে স্বীকাৰ কৰি লোৱা হৈছে। এতিয়া ঘাই সমস্যাটো হ’ল– ভাৰতবাসীসকলক কিদৰে হস্তান্তৰ কৰা হয়, তাৰ পদ্ধতি নিৰ্ধাৰণ কৰাটো ৷”

১৯৪৬ চনৰ ১৬ মে’ তাৰিখে দিল্লীত কেবিনেট মিছনে ব্ৰিটিছ চৰকাৰৰ এই অনিষ্টকাৰী আঁচনিৰ কথা প্ৰকাশ কৰে৷ আঁচনিক গ্ৰুপিং আঁচনি বুলি কোৱা হৈছিল। “বেনামা পাকিস্তান ৰাজ্য’’১২ ৰ পৰা অসম কেনেকৈ মুক্ত হৈছিল আৰু কেনেকৈ অসম তথা ভাৰতৰ ৰাজনৈতিক আৰু শাসনমূলক ইতিহাসৰ আৰম্ভ হৈছিল; ইয়াত গান্ধীজীৰ সমৰ্থন কেনে আছিল–এইবিলাক অসমৰ জাতীয় ইতিহাসত সোণালী অধ্যায়।

উল্লেখযোগ্য যে ইতিপূৰ্বে ১৯৪০ চনত মুছলিম লীগে ভাৰতৰ মুছলমানসকলক বেলেগ জাতি বুলি ধৰি লৈ পৃথক পাকিস্তান ৰাষ্ট্ৰৰ দাবী তুলিছিল। কংগ্ৰেছে এনে দাবীৰ অসাৰতা-অৰ্থাৎ ভাৰতক বিভাজন কৰাৰ প্রয়াস স্বৰূপে সম্প্ৰতি মুছলিম লীগক সৈমান কৰিব নোৱাৰিলে কেবিনেট মিছনে ভাৰতক ভাগ কৰাৰ পৰিৱৰ্তে গ্ৰুপিং (সমষ্টিকৰণ) আঁচনি আগবঢ়াব বুলি মত দাঙি ধৰিছিল। এনে আঁচনি অনুসৰি ভাৰতৰ প্ৰদেশবিলাক আৰু দেশীয় ৰাজ্যবিলাক লগ লগাই এখন ফেডাৰেল (সন্মিলিত) ৰাষ্ট্ৰ গঢ়ি তোলা হ’ব। এখন কেন্দ্ৰীয় চৰকাৰ থাকিব। এই চৰকাৰৰ অধীনত প্ৰতিৰক্ষা, বিত্ত, বৈদেশিক নীতি আৰু যোগাযোগ ব্যৱস্থা থাকিব। আঁচনিত দেশখন তিনিটা খণ্ডত বা শাখাত বিভক্ত কৰিব খোজা হৈছিল।

‘ক’ শাখাত উত্তৰ প্ৰদেশ, বিহাৰ, উৰিষ্যা, মধ্যপ্ৰদেশ, বোম্বাই আৰু মাদ্ৰাজ প্ৰদেশ থাকিব; ‘খ’ শাখাত পঞ্জাব, উত্তৰ-পশ্চিম সীমান্ত প্ৰদেশ, সিন্দু প্ৰদেশ আৰু ‘গ’ শাখাত বংগ আৰু অসম থাকিব।১৩ ভাৰতৰ সংবিধান ৰচনা কৰাৰ বাবে গণ পৰিষদ (ConstituentAssembly) গঠনৰ প্ৰস্তাৱো আছিল। মুছলিম লীগে ‘খ’ আৰু ‘গ’ শাখাটিক লগ লগাই সুকীয়া পাকিস্তান স্থাপনৰ প্রস্তাৱ লৈছিল। ইয়াৰ আগতে এপ্ৰিল মাহত বিভিন্ন প্ৰাদেশিক আইন সভাত থকা মুছলমান সদস্যসকলক লৈ লীগৰ এখন সভাত ছুৰাৱদীয়ে সাৰ্বভৌম পাকিস্তানৰ প্ৰস্তাৱ কৰে। ইয়াত থাকিব বংগদেশ, অসম, পঞ্জাব, উত্তৰ-পশ্চিম সীমান্ত অঞ্চল, সিন্দু আৰু বেলুচিস্তান। গণ পৰিষদ দুখন হ’ব লাগিব৷ দুখন বেলেগ সংবিধান ৰচনা কৰিব লাগিব৷ সংখ্যালঘুসকলৰ স্বাৰ্থ ৰক্ষা কৰিব লাগিব। তেতিয়াহে তেওঁলোকে অন্তৱতা চৰকাৰত যোগদান কৰিব পাৰে৷১৪

সমষ্টিকৰণ (গ্ৰুপিং) আঁচনিয়ে অসমক জটিল সমস্যাৰ মাজত পেলাই দিছিল আৰু অস্তিত্ব ৰক্ষাৰ প্ৰশ্নটো সাধাৰণতে গুৰুত্বপূৰ্ণ হৈ পৰিছিল। পঞ্জাবৰ শিখসকলৰ দৰেই অসমেও এনে সৰ্বনশীয়া আঁচনিক মাৰবান্ধি বিৰোধিতা কৰে। সমষ্টিকৰণত অসমবাসীৰ ক্ষোভ এনে পৰ্যায় পাইছিল যে অসমক স্বতন্ত্ৰ স্বাধীন ৰাষ্ট্ৰ ঠন কৰিব লাগে বুলি ৰাজহুৱা সভাত আলোচনা কৰা হৈছিল৷

শিখসকলে মত প্ৰকাশ কৰিছিল যে তেওঁলোকে অখণ্ড ভাৰত বিচাৰে। ভাৰতক যদি বিভাগ কৰিব লগা হয়, তেতিয়া তেওঁলোকক স্বতন্ত্ৰ ৰাষ্ট্ৰ লাগিব। ইচ্ছা সাপেক্ষে তেওঁলোকে ভাৰত বা পাকিস্তানত যোগদান কৰিব। তেতিয়াই ‘খালিস্তান’ৰ প্রস্তাৱৰো উত্থাপন কৰা হৈছিল।

অসম মুছলমান প্ৰধান প্ৰদেশ নোহোৱা সত্বেও বংগদেশৰ লগত চামিল কৰি ‘গ’ সমষ্টি কৰাৰ প্রস্তাৱে অসমত জনমত যিদৰে একগোট কৰি তুলিলে তাকো অকল ’৪২ চনৰ জাগৰণৰ লগতহে তুলনা কৰিব পাৰি৷ স্বদেশী, বিদেশী সামগ্ৰী বৰ্জন কৰা বংগ বিভাজনৰ প্ৰস্তাৱে ১৯০৫ চনত যিদৰে বংগবাসীক জাগ্ৰত কৰি তুলিছিল আৰু জাতীয় জীৱনৰ সজাগতা বঢ়াই তুলিছিল, গ্ৰুপিং প্ৰস্তাৱেও অসমবাসীক জাতীয় অস্তিত্ব ৰক্ষাৰ বাবে সক্ষম হ’বলৈ সকীয়াই একমুঠ কৰি তুলিলে। বিয়াল্লিছৰ গণ আন্দোলনৰ পিছত ইয়াৰ প্ৰভাৱ সুদূৰপ্ৰসাৰী হৈ পৰিল। দৈনিক অসমীয়াই এই বিষয়ত মত দি জনমত সৃষ্টি উপৰি অসমীয়া জাতীয় জীৱনৰ অপৰিহাৰ্য অংগ হৈ পৰিল।

অসমীয়া

‘দৈনিক অসমীয়া’ৰ এনে সৰ্বব্যাপী প্ৰভাৱৰ গুণেই অসমৰ জনমত পুনৰ তুলনাবিহীনভাৱে প্ৰতিবাদী হৈ উঠিল। ’8৭ চনৰ কাকতখনৰ পাত লুটিয়ালে এই কথাৰ সত্যতা ওলাই পৰে।

‘দৈনিক অসমীয়া’ৰ ৩ মে’ৰ (১৯৪৭ চন) সংখ্যাৰ কাকতত এনে বাতৰি প্রকাশ পাইছিল; বৰ বৰ হৰফেৰে প্রথম পৃষ্ঠাত প্রকাশিত বাতৰিটো মন কৰিবলগীয়া :
পঁইত্ৰিশ হেজাৰ গুৰ্খা অসমৰ হকে মৰিবলৈ সাজু
ট্ৰাইবেল সকলো পবিত্ৰ অসম ভূমি ৰক্ষাৰ্থে দৃঢ় প্ৰতিজ্ঞ
মিঃ জিন্নাৰ শেহতীয়া বলিয়ালিৰ প্ৰতিক্ৰিয়া

(আমাৰ শ্বিলং অফিচৰ পৰা)

শ্বিলং, ১ মে’ই — অসমকো তথাকথিত পাকিস্তানৰ ভিতৰত সুমাই ল’বৰ কাৰণে দাবী কৰি মিঃ জিন্নাই দিয়া শেহতীয়া বিবৃতিটো শুনি শ্বিলঙৰ ৰাজনৈতিক মহলে বিদ্ৰূপসূচক মন্তব্য প্ৰকাশ কৰে আৰু কয় যে এই দাবী ঘৃণাৰ চকুৰেহে চাব লাগিব। গুৰ্খা হেড কোৱাৰ্টাৰৰ পৰা লীগৰ দাবীৰ প্ৰতি গভীৰ উৎকণ্ঠা প্ৰকাশ কৰা হৈছে আৰু স্পষ্ট ঘোষণা কৰা হৈছে যে যদি মুছলিম লীগৰ বাঢ়ি অহা আক্ৰোশৰ পৰা অসমক ৰক্ষা কৰিবৰ প্রয়োজন হয়, তেনেহ’লে ৩৫ হেজাৰ গুৰ্খাই আগৰণুৱা হৈ নিজৰ জীৱন উছৰ্গা কৰিব।

মণিপুৰ আৰু আন আন জাতিসকলে ইতিমধ্যেই সময়ৰ সলনিছোৱাত যি বিপদে দেখা দিব পাৰে তাৰ কাৰণে সাজু হৈ আছে, আৰু যিকোনো উপায়েৰে পবিত্ৰ অসম ভূমিক ৰক্ষা কৰিবৰ কাৰণে দৃঢ় সংকল্প প্রকাশ কৰিছে। বহিৰাক্ৰমণৰ পৰা অসমৰ আশংকা দূৰ নোহোৱালৈকে জিৰণিৰ সময় নাই বুলিয়েই তেওঁলোকে ভাবে|

সন্দেহ নাই, অসমবাসীৰ এনে অভূতপূৰ্ব একমুঠীয়া প্ৰতিবাদৰ গুৰিতে ‘দৈনিক অসমীয়া’ই লোৱা ভূমিকা৷ কাকতখনত প্ৰকাশ পোৱা মততেই জনমতৰ প্রতিফলন ঘটিছিল৷ জাতীয় সমস্যাৰ লগত কাকতখনৰ একাত্মীয়তাই অসমীয়া সাংবাদিকতাৰ মহৎ পৰম্পৰা পট্টন কৰিলে।

গ্ৰুপিং কি, ইয়াৰ পৰা ভৱিষ্যতে অসমৰ লোকচান কি হ’ব, এই বিষয়ে ব্যাখ্যা দাঙি ধৰা হৰেন্দ্ৰনাথ বৰুৱাই লিখা প্ৰবন্ধটোৰ পৰাই বুজিব পাৰি, অসমৰ জনমতৰ কাণ্ডাৰীসকলে সমস্যাটোৰ গুৰুত্ব কিদৰে উপলব্ধি কৰিছিল আৰু তাৰ বিৰুদ্ধে সকীয়াই তেওঁলোকে জাতিৰ জাগ্ৰত প্ৰহৰীৰ ভূমিকা অৱলম্বন কৰিছিল।

হৰেন্দ্ৰনাথ বৰুৱাৰ বিস্তৃত প্ৰবন্ধত কিয় অসমবাসীয়ে অকল কংগ্ৰেছৰ কথাতে নিৰ্ভৰ নকৰি সকলোৱে মাৰবান্ধি প্ৰতিবাদ কৰা উচিত, তাৰ ব্যাখ্যা ইয়াত প্ৰাঞ্জলভাৱে দাঙি ধৰি ১৯৪৬ চনৰ ৬ জুলাইৰ ‘দৈনিক অসমীয়া’ত এনেদৰে লিখা হৈছিল :

‘‘নতুন শাসন তন্ত্ৰত অসমক বংগদেশৰ লগ লগাই এখন সমষ্টি ৰাজ্য (গ-সমষ্টি) আৰু সমষ্টি গৱৰ্মমেণ্টে প্ৰতিষ্ঠা কৰাৰ প্ৰস্তাৱৰ অসমবাসীয়ে দুৰ্ঘোৰ প্ৰতিবাদ কৰি আহিছে। অসম প্ৰাদেশিক কংগ্ৰেছৰ প্ৰতিনিধি দলে গৈ এই প্ৰস্তাৱৰ বিৰুদ্ধে ভাৰতৰ কেইবাখনো প্ৰদেশত বহুল প্ৰচাৰ কৰি সেইবিলাক ঠাইৰ সংবাদপত্ৰ আৰু নেতৃস্থানীয় লোকসকলৰ সমৰ্থন লাভ কৰিলে৷ কংগ্ৰেছ ৱৰ্কিং কমিটীয়ে আমাক আশ্বাস দিলে যে কংগ্ৰেছ বাধ্যতামূলক সমষ্টি গঠন প্ৰস্তাৱৰ ঘোৰ বিৰোধী। ৱৰ্কিং কমিটীয়ে তথা কংগ্ৰেছ কমিটীয়ে এই সমষ্টি গঠনৰ বিৰোধিতা কৰিব৷ অৱশ্যে কোনো প্ৰদেশ বিশেষে স্ব-ইচ্ছাই এটা সমষ্টি গঠন কৰিব খুজিলে সেইটো বেলেগ কথা। তেওঁলোকে প্ৰতিশ্ৰুতি দিলে যে কংগ্ৰেছে অসমৰ সমষ্টি বৰ্জন সিদ্ধান্ত আৰু আত্ম নিয়ন্ত্ৰণৰ দাবী সম্পূৰ্ণৰূপে সমৰ্থন কৰিব। কিন্তু আমি ইয়াতেই আশ্বস্ত কিম্বা নিশ্চেষ্ট হ’ব পৰা হ’লোনে? কেতিয়াও হোৱা নাই। আমাৰ পথত এতিয়াও যথেষ্ট অন্তৰায় আছে আৰু সেইবিলাকৰ বিষয়ে সজাগ হৈ আমি আমাৰ কৰ্তব্য কৰি যাব লাগিব।

‘‘প্ৰথম কথা, অসম যে সমষ্টিৰ ভিতৰত নোসোমায়, এই কথা সুৰমা উপত্যকা সমন্বিতে সদৌ অসমৰ প্ৰতিনিধিমূলকভাৱে আৰু স্পষ্টভাৱে প্রকাশ কৰাৰ আৱশ্যক। “অসম সমষ্টিত নোসোমায়’’ বোলোতে সুৰমা উপত্যকা বাদ দি অকল খাচ অসমক বেলেগে সমৰ্থন কৰাটো বৰ্তমান অৱস্থাত ৱৰ্কিং কমিটীৰ পক্ষে যে অসুবিধাজনক, সেই কথা তেওঁলোকে আমাক জনাইছে। তেওঁলোকে আমাক কৈছে যে অকল খাচ অসমৰ প্ৰতিনিধিমূলক আন প্ৰাদেশিক কংগ্ৰেছ অসম সমষ্টিত নোসোমায় বুলি ক’লে সেই মত বেছি সবল আৰু যুক্তিসংগত হয়। এই প্ৰসংগত আমি ছিলেটৰ কেইজনমান কংগ্ৰেছী বন্ধুৱে বে-সুৰে মত দিয়াৰ বিষয়ে কিছু আলোচনা কৰিছিলো৷ ৱৰ্কিং কমিটীয়ে যেতিয়া এই অভিমত প্রকাশ কৰিছিল যে– কোনো কংগ্ৰেছী মানুহে সমষ্টি সমৰ্থন কৰাটো উচিত নহয়। বঙালী হিচাপে ছিলেটাসকলে বংগদেশৰ লগত চামিল হ’বলৈ বিচৰাটো স্বাভাৱিক৷ কিন্তু সেইটো হৈছে প্ৰদেশ বিলাকৰ সীমা সংশোধনৰ বিষয়ক কথা৷ সীমা সংশোধনৰ প্ৰশ্নৰ লগত ব্ৰিটিছ গৱৰ্ণমেণ্টৰ প্ৰস্তাৱিত সমষ্টি গঠনৰ প্রশ্ন সানমিহলি কৰা উচিত নহয়। ছিলেটীয়া কংগ্ৰেছী বন্ধুসকলে যাতে এনে ভুল নকৰে, সেই বিষয়ে তেওঁলোকে (ৱৰ্কিং কমিটায়ে) চকু দিব বুলি আমাক কয়।

‘‘সি যি নহওক, আমি এই কাম (অসম ব্যৱস্থা পৰিষদত অসম কোনো সমষ্টিত নোসোমায় বুলি প্রস্তাৱ গৃহীত কৰা) কৰিব লগা হৈ আছে।

‘‘দ্বিতীয় কথা কংগ্ৰেছে প্ৰদেশবিলাকৰ সমষ্টি গনৰ বিৰোধিতা ঠিক কোন অৱস্থাত কৰিব, সেই কথা এতিয়াও স্পষ্টৰূপে কোৱা নাই। আমি দেখিবলৈ পাওঁ যে ব্ৰিটছ মন্ত্ৰী প্ৰতিনিধিবৰ্গৰ আঁচনিত সমষ্টি কিম্বা গ্ৰুপৰ বাহিৰেও শাখা বা ‘ছেক্সন’ বুলি এটা পৰিকল্পনা আছে। মন্ত্ৰী প্ৰতিনিধি দলৰ ঘোষণাৰ ১৯ ধাৰাৰ (৩), (৪) আৰু (৫) উপধাৰাত কোৱা হৈছে যে প্ৰদেশসমূহৰ পৰা নিৰ্বাচিত গণ পৰিষদৰ সকলো সদস্য নতুন দিল্লীত এখন সভাত সমবেত হৈ গণ পৰিষদৰ সভাপতিজন আৰু অন্যান্য কৰ্মচাৰী কেইজন আৰু সংখ্যালঘিষ্ঠ সম্প্ৰদায়সমূহ আৰু শাসনতন্ত্ৰ বহিৰ্ভূত অঞ্চল বিষয়ত উপদেষ্টা কমিটা এখন নিৰ্বাচিত কৰি দিয়েই ‘ক’, ‘খ’ আৰু ‘গ’, তিনিখন শাখা পৰিষদত বিভক্ত হ’ব। (এই শাখা পৰিষদ তিনিখনত অন্তৰ্ভুক্ত কৰা প্ৰদেশ আৰু প্ৰস্তাৱিত ‘ক’, ‘খ’, ‘গ’ সমষ্টিৰ অন্তৰ্ভুক্ত কৰা প্ৰদেশৰ তালিকা অৱশ্যে সম্পূৰ্ণ ৰূপে একে৷) এই প্রতিখন শাখা পৰিষদে তাৰ অন্তৰ্ভুক্ত প্ৰদেশকেইখনৰ প্ৰাদেশিক শাসনতন্ত্ৰ ৰচনা কৰিব আৰু সেই প্ৰদেশকেইখনলৈ এটা সমষ্টি গঠন কৰিবনে—এই বিষয়ে সিদ্ধান্ত কৰিব আৰু সমষ্টি গঠন কৰাটো স্থিৰ হ’লে সেই “সমষ্টি-গৱৰ্ণমেণ্টে’’ কি কি বিষয়ত শাসন কাৰ্য চলাব, তাকো স্থিৰ কৰিব।

‘‘গতিকে দেখা যায় যে মন্ত্ৰী প্ৰতিনিধিবৰ্গৰ আঁচনিমতে সমষ্টিতকৈ ‘ছেক্সন’ বা ‘শাখা’ পৰিষদ গঠন বাধ্যতামূলক অথচ কংগ্ৰেছ ৱৰ্কিং কমিটীয়ে এতিয়ালৈকে সমষ্টিৰহে বিৰোধিতা কৰিছে, ছেক্সনৰ বিৰোধিতা কৰা নাই। মন্ত্ৰী প্ৰতিনিধিৰ ঘোষণাৰ ১৫ ধাৰাৰ (৫) উপধাৰাত কোৱা হৈছে যে প্ৰদেশবিলাকে তেওঁলোকৰ ভিতৰত কোনো সমষ্টি গঠন কৰিব নে নকৰে, এই বিচাৰ কৰিবলৈ প্ৰদেশসমূহৰ স্বাধীনতা থাকিব। (“province will be free to form “groups” with executives and legislatives and each “groups” could determine the provincial subjects to be taken in common.”)

‘‘কংগ্ৰেছ ৱৰ্কিং কমিটীয়ে এই ধাৰাৰ মৰ্মানুসাৰে (১৯ ধাৰাৰ উপৰোক্ত উপধাৰাৰ মৰ্মানুসাৰে নহয়) সমষ্টি বা গ্ৰুপ গঠনৰ বিৰোধিতা কৰিছে আৰু এই বিষয়ত প্ৰদেশ বিলাকৰ অধিকাৰ মানি লৈছে। কিন্তু শাখা পৰিষদক ‘ছেক্সন’ গঠনৰ কোনো স্পষ্ট বিৰোধিতা কৰা নাই৷ অথচ মন্ত্ৰী, প্ৰতিনিধিবৰ্গৰ পৰিকল্পিত ‘গ’ শাখা পৰিষদে অসমৰ প্ৰাদেশিক শাসনতন্ত্ৰ ৰচনা কৰিব লগা হ’লে আমাৰ কি বিপদ, সেই কথা বহলাই নকলেও হ’ব৷ সেই শাখা পৰিষদত মুঠ ৭০ জন সদস্যৰ ভিতৰত অসমৰ সদস্য থাকিব মাত্ৰ ১০ জন৷ তাৰ ভিতৰতো অসমীয়া ৫ জনৰ সৰহ হ’বৰ সম্ভাৱনা নাই। গতিকে এই ৬৫ জন অনা-অসমীয়াই কৰা অসমৰ শাসনতন্ত্ৰৰ ৰূপ কি হ’ব, তাক সহজে অনুমান কৰিব পাৰি। সেই কাৰণেই আমি অসমৰ শাসনতন্ত্ৰ অসমৰ প্ৰতিনিধিকেইজনে (গণ পৰিষদ) ৰচনা কৰাৰ দাবী কৰিছো। ছেক্সন বা শাখা পৰিষদৰো বিৰোধিতা কৰিছো। কংগ্ৰেছ ৱৰ্কিং কমিটীয়ে আমাৰ এই দাবী যুক্তিসংগত বুলি স্বীকাৰ কৰিছে আৰু সমৰ্থন কৰিবলৈ গাত লৈছে। কিন্তু সমষ্টি বা বিৰোধিতা কৰাৰ দৰেই তেওঁলোকে ছেক্সন বা শাখা পৰিষদৰো মূলতে বিৰোধিতা কৰা হ’লে ভাল আছিল। আৰু এতিয়াও তেওঁলোকক তাকে কৰাবৰ কাৰণে আমাৰ চেষ্টা হ’ব লাগে৷

Press in Assam

‘‘তৃতীয়ত : লক্ষ্য কৰিব লগা কথা এই যে, ছেক্সন বা শাখা পৰিষদত অসমৰ শাসন তন্ত্ৰ ৰচনা কৰাত আমাৰ যি বিপদ, গণ পৰিষদৰ অসমৰ প্রতিনিধিকেইজনে অসমৰ শাসন তন্ত্ৰ ৰচনা কৰাটো তাতোকৈ আমাৰ বিপদ কম নহয়। অসমৰ ১০ জন প্ৰতিনিধিৰ ভিতৰত তিনিজন মুছলিম লীগৰ৷ সেই তিনিজনৰ ভিতৰত এজন অসমীয়া মুছলমান হ’ব পাৰে যদিও অসমৰ স্বাতন্ত্য আৰু বৈশিষ্ট্য ৰক্ষা কৰাৰ বিষয়ত তেওঁৰ কোনো আগ্ৰহ হয়তো নহ’ব।

‘‘দুজন হ’ব সুৰমা উপত্যকাৰ হিন্দু। গতিকে এই ৫ জন সদস্য অসম আৰু অসমীয়াৰ স্বাৰ্থৰ অনুকূল নহ’ব বুলি ধৰিব পাৰি। বাকী ৫ জন সদস্যৰো আটাইকেইজনেই বহলমনা দূৰদশী আৰু অসমৰ স্বাৰ্থৰ পৰিপোষক সুদক্ষ অসমীয়া সদস্য হ’ব বুলি আমি আশা কৰিব পাৰোনে? কথাটো সিমান সহজ নহয়। আৰু এই কথাটোৰ ওপৰতে অসমৰ ভৱিষ্যৎ শাসন তন্ত্ৰৰ ৰূপ বহু পৰিমাণে নিৰ্ভৰ কৰিছে। গতিকে গণ পৰিষদৰ অসমীয়া প্রতিনিধিকেইজনৰ নিৰ্বাচন বিষয়ত আমাৰ নিৰ্বাচন সমিতি আৰু নিৰ্বাচক মণ্ডলীয়ে অতিশয় সাৱধানতাৰে কাম কৰিব লাগিব।

‘‘চতুৰ্থত : এই নতুন শাসনতন্ত্ৰ ৰচনা কৰোতেই অসমৰ এটা প্ৰধান সমস্যা চিলেট জিলাক অসমৰ পৰা পৃথক কৰাৰ চেষ্টা কৰিব লাগে৷ এই বঙালী জিলাখন অসমৰ লগত অস্বাভাৱিকভাৱে সংলগ্ন থকাৰ কাৰণে অসমৰ ৰাজনৈতিক, সেই বিষয়ে আলোচনা নিষ্পরয়োজন৷ এই ছিলেট জিলাকে গয়না লৈ অসমত বঙালীসকলে কেনেকৈ অন্যায় প্ৰাদুৰ্ভাৱৰ প্ৰয়াস পাইছে, সেই কথাও অসমবাসী মাত্ৰেই হাড়ে হাড়ে বুজিছে। এই অৱস্থাৰ পৰা অসমীয়া কিম্বা ছিলেটীয়া কোনো পক্ষৰে শান্তি হোৱা নাই। গতিকে উভয় পক্ষৰে মাজত শান্তি আৰু সদ্ভাৱ স্থাপনৰ কাৰণেও ছিলেটৰ বংগভুক্তিৰ আৱশ্যক। এই নতুন শাসনতন্ত্ৰতে এই কাম কৰিব নোৱাৰিলে ইয়াৰ পিছত বেগতে এই কাম কৰা সম্ভৱ নহ’ব আৰু ইতিমধ্যে অসমীয়া জাতিৰ অৱস্থা বহু পৰিমাণে ক্ষীণতৰ আৰু ছিলেটীয়াসকলৰোবংগভুক্তিৰ আগ্ৰহ হাস হ’ব পাৰে। বংগদেশেও ছিলেটক নিবলৈ ইচ্ছা নকৰা হ’ব পাৰে। এতিয়াই বংগদেশৰ মুছলমানসকলৰ সৰহভাগৰ উপৰি এদল হিন্দুৱেও। আনকি ভাষা আৰু কৃষ্টিৰ ভিত্তিত প্ৰদেশবিলাকৰ সীমা নিৰ্ধাৰণ নীতি অৱলম্বনকাৰী কংগ্ৰেছৰ ভিতৰতো এদল এই বিষয়ত বিমুখ হোৱা দেখা গৈছে। সিদিনা কংগ্ৰেছ ৱৰ্কিং কমিটাৰ সদস্য ডাঃ প্ৰফুল্ল চন্দ্ৰ ঘোষ বাবুৱেও আলোচনা প্ৰসংগত এনে মন্তব্য কৰি আমাক বিস্মিত কৰিছে। তেখেতৰ মতে ভাষা আৰু কৃষ্টিৰ ভিত্তিত প্ৰদেশসমূহৰ সীমা নিৰ্ধাৰণ কৰা কংগ্ৰেছৰ নীতিটো চিৰস্থায়ী কিম্বা অপৰিৱৰ্তনীয় নীতি হ’ব নোৱাৰে।

‘‘গতিকে এই শাসন তন্ত্ৰ ৰচনাৰ লগে লগেই ছিলেটৰ বংগভুক্তিৰ ব্যৱস্থা কৰা আৱশ্যক। এই ব্যৱস্থা নিয়ম-সংগতভাৱে কৰিব পাৰে সদৌ ভাৰতীয় গণ পৰিষদে৷ আমি কংগ্ৰেছ ৱৰ্কিং কমিটীৰ কেইবাজনো সদস্যৰ আগত এই কথা উত্থাপন কৰিছিলো আৰু তেওঁলোকৰ ভিতৰত ডঃ ৰাজেন্দ্ৰ প্ৰসাদে আমাৰ প্রস্তাৱ সম্পূৰ্ণৰূপে অনুমোদন কৰিছিল আৰু এই বিষয়ত যথাসাধ্য কৰিব বুলি আশ্বাস দিছিল। ৱৰ্কিং কমিটা ততা গণ পৰিষদে যাতে এই কাম হাতত লয়, এই বিষয়ে আমি চেষ্টা কৰা উচিত৷’’

হৰেন্দ্ৰনাথ বৰুৱাই দেখুৱাই দিছিল :

(১) কংগ্ৰেছে সমষ্টিকৰণৰহে বিৰোধিতা কৰিছে, কিন্তু ছেক্সন গঠন কৰাৰ বিৰোধিতা কৰা নাই, কিম্বা স্পষ্ট মত দিয়া নাই;

(২) শাসন পৰিষদে ভৱিষ্যৎ শাসনতন্ত্ৰ ৰচনা কৰিলে অসমীয়াৰ বিপদ হ’ব;

(৩) ছেক্সন বা গণ পৰিষদত থকা অসমৰ প্ৰতিনিধিসকলে শাসনতন্ত্ৰ ৰচনা কৰিলেও একে বিপদেই হ’ব। কিয়নো ১০ জন প্ৰতিনিধিৰ তিনিজন মুছলিম লীগৰ দুজন সুৰমা উপত্যকাৰ হিন্দু। এই ৫ জন অসমীয়া থাকিব। গতিকে শাসন পৰিষদৰ মুঠ ৭০ জন সদস্যৰ ভিতৰত ৬০ জনেই অনা-অসমীয়া৷ এইসকলে প্রস্তুত কৰা শাসনতন্ত্ৰৰ ৰূপ কি হ’বগৈ, তাক সহজে বুজিব পাৰিব;

(৪) অসমৰ শাসনতনস্ত্ৰ গণ পৰিষদৰ অসমৰ সদস্য কেইগৰাকীয়ে ৰচনা কৰাৰ পোষকতা কৰা হৈছে;

(৫) গণ পৰিষদত থকা মুছলিমৰ ৩ জন সদস্যৰ ভিতৰত এজন অসমীয়া মুছলমান হ’ব পাৰে যদিও তেওঁ অকলে অসমৰ স্বতন্ত্ৰ আৰু বৈশিষ্ট্য কিমান দূৰ ৰক্ষা কৰিবলৈ সক্ষম হয়, ভাবিব লগীয়া;

(৬) এইবিলাক সমস্যালৈ দূৰদৰ্শিতাসহকাৰে অসমৰ ভৱিষ্যৎ স্বাৰ্থত উনুকিয়াই অসমীয়া সাংবাদিকতাৰ গুৰি ধৰি নথকা অৱস্থাতো (তেতিয়া তেওঁ কাকতৰ সম্পাদনাৰ লগত জড়িত নাছিল) হৰেন্দ্ৰনাথ বৰুৱাই সজাগ জনমত সৃষ্টি কৰিবলৈ প্ৰয়াস পাইছিল। তেতিয়াই তেওঁৰ দূৰদৃষ্টি আৰু অসমপ্ৰাণতাৰ পৰিচয় স্পষ্ট হৈ পৰে। সকলো ক্ষেত্ৰত কংগ্ৰেছৰ কৰ্তব্যত ভৰষা নকৰি প্ৰদেশ আৰু জাতিৰ স্বাৰ্থত সেই সংগঠনৰ অভিমতৰ বিৰোধিতা কৰি হ’লেও জাতিৰ হিতেষণা অটুট ৰাখিবলৈ তন্নিষ্ঠ জাতি প্ৰেমেই এইসকল জনমত সৃষ্টিকাৰীক চিৰস্মৰণীয় কৰিলে আৰু ফলস্বৰূপে জাতিৰ অস্তিত্ব ৰ’ল। অসমীয়া জাতীয় সংগ্ৰামৰ তাতেই শেষ নোহোৱাটো বেলেগ বিষয়৷ হৰেন্দ্ৰ নাথ বৰুৱাৰ বিস্তৃত পৰ্যালোচনাৰ পূৰ্বে “অসমীয়া”ই ১৯৪৬ চনৰ ১৫ জুন তাৰিখে ‘অসমৰ ৰায়’ শিতানত স্পষ্টভাৱে উল্লেখ কৰিছিল যে অসমে নিখিল ভাৰত কংগ্ৰেছ মহাসভাৰ পৰা সমৰ্থন পাইছে যেতিয়া ব্ৰিটিছ কুটনীতিক ভৰিৰে মোহাৰি পেলাবলৈ সক্ষম৷ কোৱাই বাহুল্য এইটো অসমৰ এক্যবদ্ধ ৰূপ আছিল–অৰ্থাৎ অসমে সৰ্বনশীয়া বাধ্যতামূলক সমষ্টিকৰণ আঁচনি গ্ৰহণ নকৰে।

অসমৰ ৰায় : জাতিৰ উদাত্ত কণ্ঠ

মন্ত্ৰী মিছনৰ তথাকথিত সদইচ্ছাৰ জোলোঙাৰ পৰা অসমৰ কাৰণে কি অৱদান ওলাল তাৰ নঙঠা ৰূপটো কেৱল আজি অসমৰে নহয় সমগ্ৰ ভাৰতৰ আগত ফটফটীয়াকৈ ওলাই পৰিছে। অসমৰ চহৰে-নগৰে গাঁৱে-ভূঞে, পৰ্বতে-ভৈয়ামে বিভিন্ন কণ্ঠৰ পৰা বিভিন্ন ধাৰাত এই অপূৰ্ব অৱদানৰ প্ৰতিবাদ প্ৰতিধ্বনিত হৈছে। নিজৰ ক্ষমতাৰ ভিতৰত থকা সকলোখিনি শক্তি প্ৰয়োগ কৰিও আৰু চৰম ত্যাগলৈকে আগবাঢ়ি গৈ হ’লেও অসমে ব্ৰিটিছ কূটনীতিৰ সৰ্বনশীয়া মায়াজাল স্বৰূপ বাধ্যতামূলক সমষ্টি গঠন পৰিকল্পনা মানি নলয়– এয়ে হল অসমৰ এক্যবদ্ধ ৰায়।

মাত্র কেইজনমান প্ৰতিক্ৰিয়াশীল স্বাৰ্থান্ধ ক্ষমতালোভী ৰাজনৈতিক আৰু তেওঁবিলাকৰ প্ৰৰোচনা আৰু প্রলোভনত বিপথচালিত হোৱা এমুঠি বিজতৰীয়া মানুহৰ বাহিৰে সমগ্ৰ অসম নিজৰ স্বতন্ত্ৰ জাতীয়তা ভাষা, সংস্কৃতি, এঁতিহ্য ৰক্ষা কৰিবৰ কাৰণে দৃঢ় পৰিকৰ। আনকি সুৰমা উপত্যকাৰ ছিলেট জিলা আৰু পশ্চিম কাছাৰৰ বঙালী জনসাধাৰণেও অসমৰ এই সমষ্টিবিৰোধী আন্দোলন সমৰ্থন কৰিছে।

ভাৰতীয় ইউনিয়নৰ অন্তৰ্ভুক্ত এটা স্বতন্ত্ৰ সমষ্টি হিচাপে অসমে নিজে অসমৰ ভৱিষ্যৎ শাসনতন্ত্ৰৰ ৰচনা কৰিব। অসমৰ এই প্ৰাণৰ ভাষাৰ উত্তৰত ৱৰ্কিং কমিটাৰ হৈ মৌলনা আজাদে অসমৰ এই জন্মস্বত্ব কংগ্ৰেছে মানি ল’ব বুলি স্পষ্টভাৱে ঘোষণা কৰিলে। অসমৰ জয় হ’ল। মৌলনা আজাদৰ এই কথাষাৰেই অসমৰ কাৰণে অসমীয়া জাতিৰ কাৰণে মেগ্নাকাৰ্টা।

কোনো কাগজত লিখা নাথাকিলেও এইকেইটা শব্দ প্ৰত্যেক অসমীয়াৰ প্ৰাণৰ ফলিত চিৰকালৰ কাৰণে অংকিত থাকিব। এই চনদৰ চৰ্তভংগ অসমে কেতিয়াও সহ্য নকৰে আৰু কৰিব নোৱাৰে। ব্ৰিটিছ কৰ্তৃপক্ষৰ পৰা আমাক প্ৰতিশ্ৰুতিৰ অনুগ্ৰহ নালাগে৷ ব্ৰিটিছ প্ৰতিশ্ৰুতিৰ মূল্য কিমানখিনি ইঙ্গ-ভাৰতীয় ইতিহাসৰ প্রত্যেক পাতে পাতে তাৰ প্রমাণ আছে। অসমে নিখিল ভাৰত কংগ্ৰেছ মহাসভাৰ পৰা সমৰ্থন পাইছে যেতিয়া ব্ৰিটিছ কূুটনীতিকো ভৰিৰে মোহাৰি পেলাবলৈ আজি সক্ষম। বাধ্যতামূলক সমষ্টি গঠনৰ বলি শালত কেৱল যে অসমৰ স্বাৰ্থকে বলি দিয়া হৈছে এনে নহয়, এই ঘৃণনীয় প্ৰস্তাৱে গণতন্ত্ৰৰ উচ্চতম নীতি- জাতিৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰটোকে খৰ্ব কৰি বিশ্বৰ প্ৰগতিবাদী ৰাজনীতিৰ ধাৰাটো প্ৰতিক্ৰিয়াশীলতাৰ ফাললৈ ঘূৰাই নিবৰ চেষ্টা কৰিছিল। অসমেই প্ৰথমে এই হীন প্ৰচেষ্টাৰ মূৰত পদাঘাত কৰি আনৰো পথ-প্ৰদৰ্শক হ’ল “অসমীয়া’’।

Assam Tribune
‘প্রথমে অসমীয়া পাছতহে অইন’’

কোণে সকলোৰে এই জাতীয় সমস্যা সম্পৰ্কে সজাগ কৰি তুলিছিল, তাৰ প্রমাণ কাকতখনত সহজে পাব পাৰি। লীগৰ অনিষ্টকাৰী প্ৰস্তাৱৰ বিৰুদ্ধে অসমবাসী মুছলমানসকলেও আদৰ্শমূলকভাৱে প্ৰতিবাদ সাব্যস্তৰে অসমীয়াৰ পানী নসৰকা সামাজিক মাৰ-একতাৰ প্রমাণ জগতবাসীক দেখুৱাই অসমৰ এঁতিহ্য নিহিত শক্তিৰ পুনৰ সঞ্জীৱিত কৰি তুলিছিল। সৰহ কি, লীগে অসমক কৰা আক্ৰমণৰ বিৰূদ্ধে প্ৰতিবাদ জনাই তেতিয়াৰ লোকেল বোৰ্ডৰ ভাইচ চেয়াৰমেন আৰু প্রাক্তন লীগ নেতা ডাঃ মহবুব আলীয়ে মুছলিম লীগৰ পৰা পদত্যাগ কৰিছিল।

অসমীয়া’ৰ ২৬ এপ্ৰিল সংখ্যাত মংগলদৈৰ পৰা পৰিৱেশন কৰা বাতৰিত কোৱা হৈছে:

লীগৰ আক্ৰমণ প্রতিৰোধ প্ৰত্যেক অসমীয়াৰ পবিত্ৰ কৰ্তব্য

মংগলদৈ, ১৯ এপ্ৰিল : “মুছলমান হ’লেও বা হিন্দু হ’লেও প্ৰথমতে আমি অসমীয়া। মুছলিম লীগে অসম ধ্বংস কৰি যি ব্যাপক অভিযান কৰিছে, তাক প্ৰতিৰোধ কৰা প্ৰত্যেক হিন্দু-মুছলমানৰে পবিত্ৰ কৰ্তব্য৷’’ এই বুলি ১৩ এপ্ৰিলৰ দিনা বঙলাগড় শিবিৰ প্ৰাংগণত জাতীয় সপ্তাহৰ শেষ দিন উপলক্ষে বহা এখন সভাত বজক্ততা প্ৰসংগত মংগলদৈ লোকেল বোৰ্ডৰ ভাইচ্‌ চেয়াৰমেন আৰু প্রাক্তন লীগ নেতা ডাঃ মহবুব আলীয়ে কয়।

১৯৪৭ চনৰ ৩ মে’ তাৰিখে “অসমীয়া’’ত প্ৰকাশ পোৱা আন এক বাতৰি ;

‘‘লীগৰ আক্ৰমণ অসমীয়া মুছলমানৰ কাৰণে বেছি অনিষ্টকৰ’’ : অসমীয়া মুছলমান নেতাৰ উক্তি “আমি প্ৰথমে অসমীয়া পাছতহে অইন’’ (স্থানীয় বাতৰি দিওঁতা)

ৰহা, ২৭ এপ্ৰিল : যোৱা বুধবাৰে ৰহা মজলীয়া স্কুলত মহম্মদ জুবেদাৰ ৰহমান ডাঙৰীয়াৰ সভাপতিত্বত দেশৰ বৰ্তমান পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিবৰ নিমিত্তে ৰহা অঞ্চলৰ সমূহ হিন্দু-মুছলমান ৰাইজৰ এখন সভা বহে। সভাত ভালেমান অসমীয়া মুছলমান উপস্থিত আছিল। মহম্মদ ৰহিমুদ্দিন ডাঙৰীয়াই সভাত বক্তৃতা দিওঁতে কয় যে মুছলিম লীগে যি পাকিস্তানৰ নাম লৈ আমাৰ অসম দেশত অশান্তিৰ সৃষ্টি কৰিছে তেনে পাকিস্তানৰ এনে অশান্তিমূলক নীতি কেতিয়াও প্ৰতিষ্ঠিত হ’ব নোৱাৰে। বৰং সেই নীতি প্ৰকৃত পাকিস্তানৰ সম্পূৰ্ণ বিৰোধীহে৷ তেওঁ আৰু কয়, লীগৰ এই আক্ৰমণ হিন্দুতকৈ অসমীয়া মুছলমানৰ পক্ষেহে বেছি অনিষ্টকৰ। লীগে ভ্ৰান্ত কল্পনাত আতুৰ হৈ অসমীয়া মুছলমানৰ মূৰত কঁঠাল ভাঙি বিদেশী শাসনৰ প্ৰতিষ্ঠা কৰিব খুজিছে। অসমীয়া মুছলমানসকল এনে প্ৰৰোচনাত বোল গ’ল’ স্বদেশৰ প্ৰতি ঘোৰ অন্যায় কৰা হ’ব। বিদেশীৰ কবলৰ পৰা আমি অসমীয়াই অসমক ৰক্ষা কৰিবই লাগিব। তাৰ বাবে অসমীয়া হিন্দু-মুছলমান এবঁক্যবদ্ধ হৈ লীগৰ এই আক্ৰমণ প্রতিৰোধ কৰা উচিত। প্ৰথমে আমি অসমীয়া পাছতহে অইন।”

‘অসমীয়া’ৰ ১৭ মে’ তাৰিখ সংখ্যাৰ ৫ পৃষ্ঠাত প্ৰকাশিত বাতৰিৰ পৰাই ভালদৰে বুজিব পাৰি লীগৰ অনিষ্টকাৰী আঁচনিৰ বিৰুদ্ধে অসমীয়া সমাজৰ সকলো স্তৰৰ ৰাইজে সংঘবদ্ধ হৈ পৰিছিল। তাৰে নমুনা স্বৰূপ এটা বাতৰি ;

অসমৰ কৃষক শ্ৰেণীক সংঘবদ্ধ হ’বলৈ আলোচাওখাট মৌজাৰ কৃষক সন্মিলনত বাগ্মীবৰ ফুকনদেৱৰ বক্তৃতা “অসমীয়া মুছলমানে লীগৰ কথা কিয় শুনিব?” “মহম্মদ চালেহৰ উদ্দীপনাময়ী বক্তৃতাত লীগ আন্দোলনৰ স্বৰূপ উদঘাটন ৷”

কাকজান, তিনিচুকীয়া, ৮ মে’: সময় থাকোতেই কৃষকসকল যদি সংঘবদ্ধ নহয়, তেনেহ’লে আমাৰ দেশ স্বাধীন হোৱাৰ পিছতো তেওঁলোকে ধনিক শ্ৰেণীৰ শোষণৰ পৰা মুক্তি নাপায়। চাওখাট মৌজাৰ কৃষক সন্মিলনৰ সভাপতি বাগ্মীবৰ শ্ৰীযুত নীলমণি ফুকনদেৱে এই বুলি কয়। বক্তৃতা প্ৰসংগত মহম্মদ চালেহ ডাঙৰীয়াই কয়, “আমি প্ৰথমতে অসমীয়া পাছতহে মুছলমান৷’’ অসমত হিন্দু-মুছলমানৰ বহুকলীয়া মিলাপ্ৰীতি ভাবৰ উল্লেখ কৰি কয়, “অসমত হিন্দুস্থান-পাকিস্তানৰ প্ৰশ্ন উঠিব নোৱাৰে, আমি বিচাৰো স্বাধীনতা৷’’ তেখেতে আৰু কয়, ‘‘অসমীয়া মুছলমান গতিকে মুছলিম লীগৰ কথা কিয় শুনিব? লীগে বিচাৰিছে অসমীয়া মুছলমান কেতিয়কক সৰ্বহাৰা কৰিবলৈ৷ অসমক পাকিস্তানত পৰিণত কৰাটোৱে হৈছে লীগৰ উদ্দেশ্য আৰু ব্যৱসায়। পমুৱাৰ শতকৰা ৪৫ জনেই অমুছলমান। গতিকে অসম চৰকাৰৰ বিৰুদ্ধে অসম-বংগ যুটীয়া লীগ পৰিষদৰে অভিযানৰ মূল্য ক’ত ভাবি চাওক৷”

গ্ৰুপিং আঁচনিয়ে অকল অসমবাসীৰ প্ৰামত খলকনি তুলিছিল বুলি ধৰিব নালাগে৷ ইয়াৰ ঢৌৱে অসমৰ বাহিৰত থকা প্ৰবাসী অসমীয়াৰ লগত প্ৰবাসী ভাৰতীয় মাত্ৰকে স্পৰ্শ কৰিছিল। এই সমস্যা সম্পৰ্কত বিলাতী কাকততো গুৰুত্বসহকাৰে বাতৰি প্ৰকাশ পাইছিল:

মুছলিম লীগৰ অসম অভিযানৰ বাতৰিত লণ্ডনত উৎকণ্ঠা, কঠোৰ হাতেৰে আক্ৰমণ প্ৰতিৰোধ কৰিবলৈ অনুৰোধ কৰি বিভিন্ন ব্যক্তিৰ চিঠি-পত্ৰ বিলাতী কাকতত অসমৰ বাতৰিৰ প্ৰতি গুৰুত্ব আৰোপ…

(আমাৰ শ্বিলং অফিচৰ পৰা)

২৪ এপ্ৰিল : “মুছলীম লীগৰ অসম অভিযানৰ বাতৰি সম্পৰ্কে বাতৰিকাকতত পঢ়িবলৈ পাই লণ্ডনত থকা ভাৰতীয়সকল বৰ চিন্তিত হৈ পৰিছে আৰু তেওঁলোকৰ বহুতে এই বিষয়ে সবিশেষ জনাবলৈ আৰু লগতে অভিযান প্ৰতিৰোধৰ কাৰণে কঠোৰ ব্যৱস্থা ল’বলৈ অনুৰোধ জনাই অসম চৰকাৰলৈ চিঠি দিছে বুলি ‘অসমীয়া’ই জানিব পাৰিছো।” লণ্ডনত থকা এই ভাৰতীয়সকলৰ সংস্পৰ্শত অহা ইংৰাজসকলে মুছলিম লীগৰ প্ৰতিক্ৰিয়াশীল আৰু ধ্বংসমূলক নীতিৰ তীব্ৰ নিন্দা কৰিছে বুলি কেতবোৰ বাতৰিত উল্লেখ কৰা হৈছে। লণ্ডনৰ বাতৰি কাকতবিলাকতো মুছলিম লীগে অসমত পাকিস্তান স্থাপনৰ বাবে যো-জা কৰা বাতৰিবিলাকত বিশেষ গুৰুত্ব দিছে আৰু সেইবোৰ বাতৰি ডাঙৰ ডাঙৰ আখৰেৰে প্ৰকাশ কৰিছে। লণ্ডনত উচ্চ শিক্ষা ল’বলৈ যোৱা অসমীয়াসকলেও এই পৰিস্থিতিলৈ লক্ষ্য ৰাখি অসম চৰকাৰলৈ চিঠি-পত্ৰ দিছে। সিদিনা লণ্ডনৰ পৰা ডাঃ পদ্মনাথ হাজৰিকা এ ডি পি এইচ আৰু শ্ৰীযুত আৰ কে চৌধুৰীয়ে অসম চৰকাৰৰ স্বৰাস্ত্ৰ সচিব শ্ৰীবসম্ত কুমাৰ দাসলৈ দিয়া চিঠিত গভীৰ উৎকণ্ঠা প্রকাশ কৰিছে। লগতে কঠোৰ হাতেৰে এই পৰিস্থিতিৰ সন্মুখীন হ’বলৈ অনুৰোধ জনাইছে। অসমত ব্যৱসায় বাণিজ্য কৰা ইংৰাজসকলে অসমত থকা তেওঁলোকৰ ইংৰাজ এজেণ্টসকলক এই সময়ত অসম চৰকাৰক সকলো প্ৰকাৰে সহায়, সমৰ্থন কৰিবলৈ চিঠিত উল্লেখ কৰিছে।

তেওঁলোকে স্বৰাস্ত্ৰ সচিবলৈ দিয়া চিঠিখনৰ লগতে “লণ্ডন টাইমছে’’ কাকতত ডাঙৰ ডাঙৰ আখৰেৰে ওলোৱা বাতৰি এটাও কাটি দি পঠাইছে। সেই বাতৰিটো হৈছে–অসম-বংগ সীমান্তত অসম অভিযানৰ বাবে মুছলীম লীগে মুছলিম লীগ জাতীয় ৰক্ষী বাহিনী সমাবেশ কৰা বিষয়ে কেন্দ্ৰায় পৰিষদত শ্ৰীযুত ৰোহিণী কুমাৰ চৌধুৰীৰ প্ৰশ্ন আৰু দেশ ৰক্ষা বিভাগৰ চেক্ৰেটাৰী মিঃ ভালজাৰৰ উত্তৰৰ বিৱৰণী৷ ‘লণ্ডন টাইমছ’ত এই বাতৰিটোৱে বিশেষ প্ৰাধান্য লাভ কৰিছে। লীগৰ আন্দোলনে চূড়ান্ত ৰূপ ধাৰণ কৰি হিংস্রবাদী হৈ পৰিছিল। বুজিব পাৰি, প্ৰবাসী অসমীয়াই এনে হিংস্ৰ কাৰ্য-কলাপৰ বিৰুদ্ধে সৰৱ হৈ পৰিছিল আৰু ভাৰতৰ বাহিৰত বিশেষকৈ লণ্ডনত প্রভাৱ পৰাকৈ তেওঁলোকে কাৰ্যসূচী লৈ জনমত সৃষ্টি কৰাৰ প্ৰয়াস পাইছিল।

পূব পাকিস্তানৰ মুছলিম নেছনেল গাৰ্ডৰ লোক অসম সোমাই প্ৰচাৰ তথা উগ্র কাৰ্যকলাপলৈ প্ৰৰোচিত কৰাৰ বাতৰিত “অসমীয়া’’ত প্ৰকাশ পাইছিল। এটা বাতৰি ;

175 book launch

(স্থানীয় বাতৰি দিওঁতা)

হাউলি, ২৮ মাৰ্চ : পূব পাকিস্তানৰ পৰা মুছলিম নেশ্যনেল গাৰ্ড আহি অসমৰ ঠায়ে ঠায়ে সোমাইছেহি বুলি বাতৰি পোৱা গৈছে৷ হাউলি অঞ্চলত আজি তিনি-চাৰিদিন মান ঘূৰি ফুৰা এজন আচহুৱা মানুহৰ লগত কথা-বতৰা মতে মানুহজনে স্বীকাৰ কৰে যে তেওঁ পাকিস্তান মুছলিম নেশ্যনেল গাৰ্ড ইত্যাদি। ৩ এপ্ৰিল ১৯৪৭ চন।

লীগপন্থাসকলে তেতিয়া থানা, ডাকঘৰ, জেলখানা, স্কুল আদি আক্ৰমণ কৰিছিল৷ ‘অসমীয়া’ত তেতিয়া ৰাজহমন্ত্ৰী আৰু গৃহমন্ত্ৰী বিষ্ণুৰাম মেধিয়ে এনে হিংস্ৰ আন্দোলন পৰিহাৰ কৰিবলৈ আৱেদন কৰা বাতৰি প্ৰকাশ পাইছে। (২৭ এপ্ৰিল, ১৯৪৭ চন) কাকতত প্ৰকাশ পোৱা তেওঁ দিয়া বিৱৰণ মতে :

কৰিমগঞ্জত লীগৰ কাৰ্য্যকলাপ

লীগ শোভাযাত্ৰাকাৰীসকলে ১৮ এপ্ৰিলৰ দিনা কৰিমগঞ্জত আদালত, ডাকঘৰ, স্কুল, হিন্দু ছাত্ৰাবাস, টাউনপৰীয়া ঘৰ আদি আক্ৰমণ কৰে। এই অবৈধ জনতাই বিদ্বেষমূলক ধ্বনি কৰি পুলিচ-কনিষ্টবলক খেদি দোকান বজাৰ লুট কৰিবলৈ চেষ্টা কৰিছিল।

জেলখানা আৰু থানা আক্ৰমণ

১৮ এপ্ৰিলৰ দিনা ছিলেটৰ দায়িত্বশীল লীগ নেতাৰ পৰিচালনাত এটা সমদলে জেলখানাৰফালে গৈ জেলৰ দুৱাৰ মুখত “মৰকে লেংগে পাকিস্তান’’ আদি ধ্বনি দি জেলখানা আক্ৰমণ কৰি এজন পৰীয়াক আহত কৰে আৰু লীগ পতাকা উত্তোলন কৰে৷ ২৩ তাৰিখে গ্ৰেপ্তাৰ কৰি ৰখা মহম্মদ আব্দুল ৱাবিকক তেওঁলোকে পুলিচৰ হাতৰ পৰা বলেৰে মুক্ত কৰি নিয়ে। পুনৰ ২০ তাৰিখে একে ঠাইতে প্ৰায় ২০০ লীগ আক্ৰমণকাৰীয়ে নগৰৰ পুলিচ থানা আক্ৰমণ কৰি ইটা দলিয়াবলৈ ধৰে। পুলিচে আক্ৰমণকাৰীৰ ইটা আৰু শিল বৰ্ষণৰ পৰা ৰক্ষা পাবলৈ প্ৰথমে লাঠী চলাই আৰু তাৰ পিছত উদ্যত হৈ গুলী বৰ্ষণ কৰে।

বজাৰ কৰি থাকোতে সৈন্য আহত

যোৱা ২২ এপ্ৰিলৰ দিনা মানকাছাৰত এদল ৰাইফলধাৰীয়ে বজাৰ কৰি থাকোতে এটা লীগ জনতাই তেওঁলোকক বেঢ়ি লৈ শিল দলিয়াই এজন জোৱানক আহত কৰে। সৈন্যৰ দলটো পিছলৈ হুহকাত লীগ জনতাই হিংস্ৰ হৈ খেদি কেদি শিল দলিয়াবলৈ ধৰাত সৈন্য দলে উপায়ান্ত হৈ জনতাৰ ওপৰত গুলীবৰ্ষণ কৰে।

সশস্ত্ৰ পমুৱাৰদ্বাৰা পুলিচ বাহিনী আক্ৰান্ত

(আমাৰ নিজা প্ৰতিনিধিৰ পৰা)

তেজপুৰ, ১৫ মে’ : কালি কুমলীয়া ৰিজাৰ্ভত ক্ষিপ্ত আৰু উচ্ছৃংখল পমুৱা কিছুমানে পুলিচ বাহিনীক আক্ৰমণ কৰাত পুলিচে গুলী চলাবলৈ বাধ্য হয়। পুলিচৰ গুলীত এজন পমুৱা নিহত হয়। আন এজনক চিকিৎসালয়লৈ আনোতে বাটতে মৃত্যু হয়। কুমলীয়া আৰু বাঘমাৰী ৰিজাৰ্ভত পমুৱাসকলে প্ৰচণ্ড সংগ্ৰামৰ কাৰণে বিৰাট আয়োজন কৰিছে বুলি প্ৰকাশ। ‘অসমীয়া’ ১৭ মে’, ১৯৪৭৷

উল্লেখযোগ্য, ১৭৪৬ চনৰ জুলাইত বোম্বাইত বহা মুছলিম লীগৰ কাউলিলৰ এক বৈঠকত কেবিনেট মিছনৰ আঁচনি প্ৰত্যাখ্যান কৰা হয় আৰু তেওঁলোকৰ পাকিস্তানৰ দাবী প্রতিপন্ন কৰিবলৈ প্ৰত্যক্ষ কৰ্মসূচী (Direct Action) গ্রহণ কৰা সিদ্ধান্ত লোৱা হয়। জিন্নাৰ পাকিস্তানৰ প্রস্তাৱ সম্পৰ্কত তেতিয়াৰ কংগ্ৰেছ সভাপতি তৈয়বউল্লাই “কাৰাগাৰ চিঠিত’’ দিনক দিনে লীগৰ উপদ্ৰব উদ্ভণ্ডালি Gangstarism) বাঢ়ি গৈছিল, তাৰে অসমত হোৱা ঘটনাবিলাকৰ তেওঁ বৰ্ণনা দিছে।১৭

তেওঁ লিখিছে, মিঃ জিন্নাই ভালদৰে জানে যে আজাদী আৰু ৰুছিৰ আদৰ্শত অনুপ্ৰাণিত কৰিব লাগিলে পাকিস্তান ৰূপ ভুৱা ইছলাম ৰাষ্ট্ৰৰ (পাকিস্তান শব্দৰ অৰ্থ পাক- পবিত্ৰ ভূমি) ছবি মুছলমানসমূহৰ সন্মুখত ধৰিব লাগিব। সৰল, অজ্ঞান, অতি পিছপৰা ধৰ্মপ্ৰাণ মুছলিমক জিন্নাৰ জালত ক্ৰমে ল’লে বাছি। আজাদী আৰু ৰুছিৰ আদৰ্শ নিশ্চয় মহান। উদ্দেশ্য আৰু পৰিণামো (End) মহৎ। মিঃ জিন্নাৰ ৰাজনৈতিক বিশ্বাস কিন্তু এইটো পন্থা (Means) যেনেকুৱাই নহওক, উদ্দেশ্য (End) সফল হ’লেই হ’ল।১৮

উদ্দেশ্য আৰু উপায়ৰ সামঞ্জস্য নোহোৱাৰ বাবে জিন্নাৰ নেতৃত্বাধীন লীগে ৰাজ্যখনত ১৯৪৫-৪৬ চনত সাম্প্ৰদায়িকতাৰ মনোভাৱ বিয়পাই দিবৰ সৰ্বাত্মক প্রচেষ্টা লোৱাটো স্পষ্ট হৈ পৰিছিল। লীগপন্থীসকলৰ প্ৰৰোচনাত ৰাজ্যখনত চৰ অঞ্চলত নতুনকৈ বসতি কৰা পমুৱা মৈমনছিংগীয়া বিলাকৰ দৌৰাত্মই ইয়াৰ আশে-পাশে থকা অঞ্চলত বৰকৈ অশান্তিৰ সৃষ্টি কৰিছিল। কিন্তু এই বিলাকে অসমবাসী একত্ৰিত হোৱাত বাধা দিব পৰা নাছিল বৰং সকলোৱে একমুঠ হৈ অসমৰ সমষ্টিকৰণৰ প্রস্তাৱ প্ৰতিহত কৰিছিল। লীগপন্থীসকলৰ প্ৰৰোচনাত মনলৈ প্ৰতিশোধৰ ভাব জগাই তুলিব নোৱৰাৰ কাৰণ বিচাৰি চাবলগীয়া। এই প্ৰসংগত অসমীয়া সংবাদপত্ৰৰ সৰ্বব্যাপী ভূমিকা স্মৰণীয় দৃষ্টান্ত। ‘অসমীয়া’ ই আগভাগ লৈ অসমীয়া জাতীয়তাৰ দৃঢ় ভিত্তি ব্যাপক আৰু দৃঢ় কৰি তুলিছিল।

গুণ্ডাৰ হাতত “অসমীয়া’’ৰ সম্পাদক দেৱকান্ত বৰুৱা আহত হৈছিল। এই কাকতখনৰ বিৰুদ্ধে কিছুমান লোক অসহিষ্ণু হৈ পৰাৰ কাৰণ সহজে বোধগম্য। লগতে কাকতখনৰ ভূমিকাৰ পৰিচয়ো এই ঘটনাই সদৰি কৰি দিয়ে। এনে গুণ্ডাৰ কাৰ্যকলাপ এনেকৈ বিয়পি পৰিছিল যে সেই সময়ৰ ছাত্ৰ নেতাক অৰক্ষিত অৱস্থাত লীগ পন্থীয়ে আক্ৰমণ কৰিছিল।

১৯৪৬ চনৰ ২ জুন তাৰিখে “দৈনিক অসমীয়া’’ত প্ৰকাশ ;:

ছাত্ৰনেতাক লীগপন্থী সমদলৰ আক্ৰমণ

কটন কলেজৰ ছাত্ৰ শ্ৰীচন্দ্ৰপ্ৰসাদ শইকীয়া আবেলি খোজকাঢ়ি ভৰলুৰ ফালে গৈ থকা অৱস্থাত বিপৰীত ফালৰ পৰা অহা মুছলিম লীগপন্থীসকলৰ আন্দোলনকাৰীৰে ভৰ্তি এখন বাছৰ পৰা কেইজনমান লীগ নেতা নামি আহি শইকীয়াক অপমান কৰাৰ উপৰিও শইকীয়াৰ গাত আঘাত কৰি লগে লগে পুনৰ বাছখনত গুচি যায়। আহত শ্ৰীচন্দ্ৰপ্ৰসাদ শইকীয়া বৰ্তমান চিকিৎসাধীন হৈ আছে।

উল্লেখযোগ্য এই সমষ্টিকৰণ বিৰোধী প্ৰবল আন্দোলনৰ সময়ছোৱাত অসম জাতীয় মহাসভাৰ সম্পাদক শ্ৰীঅম্বিকাগিৰী ৰায় চৌধুৰীয়ে “অসম আত্মৰক্ষা ফৌজ’’ গঠন কৰাৰ প্রয়াস পাইছিল। কিন্তু এইবিলাকেও ৰাজ্যখনত প্রতিশোধমূলক হিংসাত্মক কাৰ্যকলাপ সংঘটিত কৰাত কোনো প্ৰকাৰে ইন্ধন যোগোৱা নাছিল৷ সাম্ৰাজ্যবাদী ব্ৰিটিছ আৰু লীগৰ সাম্প্ৰদায়িকতাবাদী প্ৰৰোচনা সত্ত্বেও ৰাজ্যখনৰ প্ৰতি আক্ৰমণাত্মক ঘটনাৰ যোগেদি কেনিও ৰক্তপাতৰ সৃষ্টি নোহোৱাটো সেই সময়ৰ নেতৃত্ব আৰু জনমত সৃষ্টিকাৰী সংবাদ-পত্ৰৰ ভূমিকা– বিশেষকৈ সম্পাদকীয়ৰ ভূমিকা অগ্ৰগণ্য হৈ পৰাটো স্বাভাৱিক। সংবাদ-পত্ৰৰ এনে ভূমিকা আৰু ডঃ হীৰেন গোহাঁয়ে কোৱাৰদৰে নেতাসকলৰ গণতান্ত্ৰিক দেশপ্ৰেম১৯ আদৰ্শ স্থায়ী হৈ ৰ’ব। এই দুয়োটাই অসমক আত্মৰক্ষাৰ সংগ্ৰামত বিজয়ী কৰি তুলিছিল। দৰাচলতে অসমীয়াৰ সন্মিলিত প্ৰয়াসত মহাত্মা গান্ধীজীয়ে অসমৰ নেতাসকলক সকীয়াই দিয়া কথাষাৰ সাৰ্থক হৈ পৰিছিল; তেওঁ কৈছিল : “If you cannot act correctly and now, Assam will be finished. Assam must not lose its soul. It must uphold it against the whole world.”

অসমক ৰক্ষা কৰাৰ সাৰ্থক পথৰ নিৰ্দেশ “অসমীয়া’’ৰ পাতত স্পষ্ট হৈ ওলাই পৰিছিল বাবেই ভয়ানক প্ৰৰোচনাৰ মাজতো অসমীয়াই অগণতান্ত্ৰিক আসুৰিক ৰূপ গ্ৰহণ কৰিব নোৱাৰাৰ অনুকূল পৰিস্থিতি গঢ় লৈ উঠিছিল। ইয়াৰ বাবে ঘাই কৃতিত্ব “অসমীয়া’’ই দাবী কৰিব পাৰে৷ গণতান্ত্ৰিক আৰু দূৰদৃষ্টিসম্পন্ন দৃষ্টিভংগী গ্ৰহণকাৰী তেতিয়া “অসমীয়া’’ কাকতে ’৪২ চনৰ গণ বিপ্লৱৰ পিছত স্বাধীনতাৰ দোকমোকালিত যি আদৰ্শস্থানীয় ভূমিকা অৱলম্বন কৰিবলৈ সক্ষম হৈছিল পিছৰ কালত হোৱা বিদেশী বহিষ্কাৰৰ সুদীৰ্ঘ আন্দোলনত (১৯৭৯-১৯৮৫ চন) অসমৰ সংবাদ-পত্ৰই তেনে ভূমিকা সামগ্ৰিকভাৱে গ্ৰহণ কৰিব স্বাভাৱিক হৈ পৰিল। অথচ এই গ্ৰুপিং আন্দোলন যেতিয়া সমগ্ৰ অসমত বিয়পি পৰিছিল তাৰ শীৰ্ষ পৰ্যায়ত লীগ নেতা ‘জিন্না’ অসম ভ্ৰমণলৈ আহিছিল আৰু গুৱাহাটীৰ উপৰি শ্বিলং আৰু ছিলেটলৈ গৈছিল। তেওঁ গুৱাহাটীৰ জুবিলী পথাৰত বহা ৰাজহুৱা সভাত ভাষণ দিছিল আৰু অসমত এসপ্তাহ থকাৰ পিছত এটা দীঘলীয়া বিবৃতি দিছিল। “অসমীয়া’’ই এইবিলাক বাতৰি সমান গুৰুত্বসহকাৰে স্থান দি গণতান্ত্ৰিক আদৰ্শ দাঙি ধৰিছিল।

jinnah
মিঃ জিন্না

গুৱাহাটীত মিঃ জিন্নাৰ বক্তৃতা

গুৱাহাটী, ৬ মাৰ্চ : আজি ৩ বজাত স্থানীয় জুবিলী পথাৰত হোৱা এখন সভাত নিখিল ভাৰত মুছলিম লীগৰ সভাপতি–মিঃ জিন্নাই বক্তৃতা দিয়ে৷ বক্তৃতা প্ৰসংগত তেওঁ কয়, “আমি পাকিস্তান অৰ্জন কৰিমেই ৷ আমি বিচাৰো হিন্দুস্থানত

হিন্দু আৰু পাকিস্তানত মুছলমান ৰাজত্ব। স্বাধীন হৈ হিন্দুৰ তলত গোলামী কৰিবলৈ আমি নিবিচাৰো৷’’ তেওঁ আৰু কয় যে, “সকলো মুছলমান এক হোৱা। দহ কোটি মুছলমান এক হ’লে দুনিয়াত কোনেও আমাক ৰোধ কৰিব নোৱাৰে৷’’ মিঃ জিন্নাই প্ৰায় ৮ মিনিট সময় বক্তৃতা দিছিল। মৌলনা হামিদ খানে সভাপতিত্ব কৰা সভাত মুছলমান ছাত্ৰ, ৰাইজ আৰু মহিলাসকলৰ ফালৰ পৰা তেওঁক অভিনন্দন আৰু টকাৰ টোপোলা উপহাৰ দিছিল।

(দৈনিক অসমীয়া : ৭ মাৰ্চ, ১৯৪৬ চন, ৪১ শ সংখ্যা৷)

কিন্তু ইয়াৰ বিপৰীতে গ্ৰুপিং বিৰোধী একোখন ৰাজহুৱা সভাত দিয়া জননেতাসকলৰ ভাষণেই সেই সময়ত নেতা তথা অসমীয়া সমাজখনৰ আত্মৰক্ষাৰ পণ সঁচাকৈয়ে কোন পথে তাক দেখুৱাই দিছিল। ১৯৪৬ চনৰ ১৬ মে’ তাৰিখে “অসমীয়াত’’ এনে এখন ৰাজহুৱা সভাৰ বাতৰি বৰ বৰ হৰফেৰে এনেদৰে প্ৰকাশ পাইছিল :

বাগিচাৰ বনুৱা আৰু পাহাৰীসকল অসমীয়া জাতিৰ অংগ

জামুগুৰিহাট, ১১ মে’ : কালি শ্ৰীযুত অমিয় কুমাৰ দাস, এম এল এৰ সভাপতিত্বত ইয়াত এখন ৰাজহুৱা সভা হয়। অত্যাচাৰ তদন্ত কমিটাৰ অন্যতম সদস্য খ্ৰীযুত হৰেশ্বৰ গোস্বামী বৰা, এট্‌, ল, ই সভাত বক্তৃতা দিওঁতে কয় যে ’৪২ চনৰ আন্দোলন আমাৰ শেষ আন্দোলন নহয়। স্বাধীনতা নোপোৱালৈকে আমাৰ আন্দোলন শেষ হ’ব নোৱাৰে৷ ছাত্ৰসকলক তেওঁ সম্বোধন কৰি কয় যে ’৪২ চনৰ আন্দোলনত ছাত্ৰসকলৰ বৰঙণি কম নহয়। শ্ৰীযুত বিজয়চন্দ্ৰ ভাগৱতীয়ে বক্তৃতা প্ৰসংগত কয় যে নতুন শাসনতন্ত্ৰ ৰচনাত ছিলেটক বাদ দি অসম প্ৰদেশ গঠন কৰাটো আমাৰ দাবী৷ ইংৰাজে ১৮৭৪ চনত ছিলেট জিলা অসমৰ লগত জাপি দিয়ে। তেতিয়া ছিলেটৰ ৰাইজে ইয়াৰ দুৰ্ঘোৰ আপত্তি কৰিছিল। ইয়াৰ পিছত পাহাৰী জাতি, বাগিচাৰ বনুৱা, অসমত থকা নেপালী আৰু আন আন পিছপৰা জাতিসকলক লৈ বিৰাট অসমীয়া জাতি গঠনৰ কথা উল্লেখ কৰি শ্ৰীযুত ভাগৱতীয়ে কয় যে পাহাৰীয়া জাতি, বাগিচাৰ বনুৱা নেপালীসকল অসমীয়া জাতিৰ একোটা অংশ। তেওঁলোকক বাদ দি আমি জাতীয় জীৱন প্ৰতিষ্ঠা কৰিব নোৱাৰো। তেওঁলোক সকলোকে আমি বুকুত সাৱটি ল’ব লাগিব। পুৰণি সমাজৰ মলি-মাকতি ধুই-পখালি আমি আজি নতুন যুগৰ লগত খোজ মিলাই আহিব লাগিব।

নতুন যুগৰ বাৰ্তাবাহক

সংবাদ-পত্ৰই সদায় জাতিৰ নৱজাগৰণত আহিলা যোগাই আহিছে। অসমৰ সংবাদপত্ৰৰ এই ভূমিকাৰ কথা বেলেগে কোৱাৰ সকাম নাই। ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ কালত অসমত চলোৱা প্ৰশাসন সংক্ৰান্তীয় সমস্যা আৰু সেইবিলাকৰ পৰা মুক্ত হ’ব বাবে সমগ্ৰ ভাৰতবাসীৰ লগত সমানে আৰু বহুতো সংবাদপত্ৰৰ দৰেই অসমৰ সংবাদ-পত্ৰৰ বিৱৰ্তনৰ ইতিহাস।২১ “অসমীয়া’’ই তাৰ স্বাক্ষৰ বহন কৰি ভাৰতীয় সংবাদ পত্ৰৰ মহান ইতিহাসৰ অংশ হৈ পৰিছে।

এটা দিশৰ পৰা চালে ১৯২১ চনত অসমত প্ৰাদেশিক কংগ্ৰেছ কমিটী গঠন হোৱাৰ পিছৰে পৰা সৰ্বভাৰতীয় কাৰ্যক্ৰমত অসম জড়িত হৈ পৰিল। কংগ্ৰেছ সেই যোগসূত্ৰ হ’ল, গান্ধীজীৰ প্ৰভাৱ বিস্তাৰ হ’লত অসমত স্বাধীনতা আন্দোলনৰ তেজ বাঢ়িল আৰু এটা নতুন যুগৰ সূচনা হ’ল “অসমীয়া’’ কাকতৰ এগৰাকী সম্পাদক মোহন চন্দ্ৰ মহন্তই কোৱা দৰে–এই নতুন যুগৰ বাৰ্তাবাহী হৈছিল তেতিয়াদিনৰ একমাত্ৰ জাতীয়তাবাদী সাপ্তাহিক কাকত “অসমীয়া’’। এই কাকতখনৰ অভাৱত এই জাতীয় আন্দোলনৰ মুক্তিবাণী অসমৰ গাঁৱে-ভূঞে প্ৰচাৰিত হৈ সমগ্ৰ ৰাজ্যত এক অভিনৱ জাগৰণ তুলিব নোৱাৰিলেহেঁতেন৷২২

অসমত মৌখিক শিক্ষাৰ পৰম্পৰা আগৰে পৰা চলি আহিছে, “চৰিত তোলা’’ৰ দৰে অনুষ্ঠানৰ কথা পাহৰিব নোৱাৰি। আখৰৰ চাৰি চুক নিচিনিও কীৰ্তন, দশম কণ্ঠস্থ কৰাৰ সবল পৰম্পৰাই এতিয়াও অসমীয়াক এৰা দিয়া নাই৷ এনে অৱস্থাত সাক্ষৰতা আৰু অন্যান্য প্ৰভাৱৰ গুণত গণ মাধ্যম সংবাদ-পত্ৰই অসমীয়া সমাজত জনমত গঢ় দিয়াত বলিষ্ঠ ভূমিকা লোৱাই স্বাভাৱিক। জাতীয় আন্দোলনৰ সময়ত প্ৰচলিত একমাত্ৰ শক্তিশালী গণ মাধ্যম “অসমীয়া’’ই পূৰ্বৰ অসমীয়া সমাজৰ মধ্যবিত্ত শ্ৰেণীৰ “ষ্টেটাছ চিম্বল’’ৰ সীমা ভংগ কৰিলে আৰু কাকতখনে পাঠকৰ সীমিত সংখ্যাৰ পৰা ওপৰলৈ উঠি জনসাধাৰণৰ অন্তৰত প্ৰৱেশ কৰাটো অস্বীকাৰ কৰিব নোৱাৰি৷ তাৰ উপৰি ‘অসমীয়া’খন হৈ পৰিল জনসাধাৰণৰ কাকত। সেই বাবে মোহন চন্দ্ৰ মহন্ত ডাঙৰীয়াই কোৱা দৰে “অসমীয়া’’ৰ অবিহনে অসমৰ জাতীয় আন্দোলনৰ কল্পনাকে কৰিব নোৱাৰি ৷২৩ সাক্ষৰ লোকসকলৰ উপৰি নিৰক্ষৰ লোকৰ মাজত সংবাদ-পত্ৰ নোহোৱা অৱস্থাত কংগ্ৰেছ দলে প্ৰচাৰৰ কাম হাতে লিখা বুলেটিনবিলাকৰ প্ৰভাৱৰ দৃষ্টান্ত মনলৈ আনিলেই সমাজত সংবাদ-পত্ৰ প্ৰভাৱৰ উমান পোৱা যায়। “অসমীয়া’’ কাকতখন বন্ধ হোৱাত লুকাই-চুৰকৈ ‘কংগ্ৰেছ’ নামৰ হাতে লিখা বুলেটিন প্ৰচাৰৰ যোগেদি কংগ্ৰেছৰ বাতৰি প্রকাশ পোৱা জনা হৈছিল। (পৰিশিষ্ট ৪২ চনত ‘হাতেলিখা’ হাতে হাতে বিলাই দিয়া বুলেটিনৰ নমুনা দিয়া ‘‘অসমীয়া’’নে বুলি সোধা প্রশ্নৰ পৰাই কাকতখনৰ সমাজত স্থানৰ কথা বুজিব পাৰি। অসমত সকলো কাকতকে “অসমীয়া’’ বোলা ৰীতি চলিছিল। যিদৰে আলোচনী বুলিলে এসময়ত “আৱাহন’’ বুজাইছিল।

আন্দোলনৰ সময়ত এই কাকতৰ প্রচাৰ সংখ্যা আজিৰ কাকতৰ দৰে হোৱা নাছিল; কিন্তু ‘পাঠক সমাজ’ বুলিলে যাক বুজায় তাৰ সংখ্যা আজিৰ তুলনাতো বৰ কম নাছিল।

ৰবীন কাকতী ডাঙৰীয়াই স্বাধীনতা যুঁজৰ সোঁৱৰণ কৰি লিখিছে: “অসংখ্য অজ্ঞাত কৰ্মীয়েই এদিন স্বাধীনতা আন্দোলনত যথাসৰ্বস্ব দি দুখ-কষ্ট ভোগ কৰি মৰি গ’ল৷ ঘৰুৱা কাম-বন সকলো বাদ দি দিনৰ পাছত দিন ধৰি বলিয়াৰ দৰে

ঘূৰি স্বাধীনতা আন্দোলনৰ জয়-গান গাই ফুৰিছিল, এনে নিস্বাৰ্থ কৰ্মীসকলেই৷ দেশত বোৱাইছিল স্বাধীনতাৰ চিন্তা আৰু গঢ়ি তুলিছিল গাঁৱে-ভূঞে জনতাৰ মাজত আলোড়ন।

‘‘কুন্দাই সাউদে পঢ়িব নেজানে; কিন্তু খবৰ কাগজখন দেখিলেই হাতত তুলি লৈ একান্ত মনে ঘূৰাই-পকাই চাব। হয়তো ওভোতা কৰিয়েই লৈছে। হাতত কাগজৰ টোপোলা। ক’ৰবাত হয়তো কাৰোবাৰ ঘৰত স্কুলৰ ল’ৰাকে ক’ব–এই পঢ়াচোন, কি লিখিছে? একান্তমনে শুনিব। বাটত স্কুলৰ ল’ৰা লগ পালেই মাতি নিব ঘৰলৈ কাগজ পঢ়াই শুনিব।’’২৫

অসম মুছলমানপ্ৰধান ৰাষ্ট্ৰ নোহোৱা সত্ত্বেও পাকিস্তানত অন্তৰ্ভুক্ত কৰাৰ প্রস্তাৱিত সমষ্টিকৰণ আঁচনি নীতিগতভাৱে কংগ্ৰেছ (মহাত্মা গান্ধীয়ে অসম ভ্ৰমণ কৰিছিল, তাৰ প্রৰেৰণাতে অসমত মৰণ-পণ প্রথম প্ৰতিবাদী আন্দোলন সফল হৈছিল) আৰু মুছলিম লীগে আমনি দিয়া সত্ত্বেও পঞ্জাৱ আৰু অসমৰ প্ৰবল বিৰোধিতাৰ বাবেই কেবিনেট মিছনে সমষ্টিকৰণ (গ্ৰুপিং) আঁচনি পৰিহাৰ কৰে৷ স্বাধীনতাৰ প্ৰাক ভাগত অসমবাসীৰ এনে প্রতিবাদত কেইটামান কথা ঐতিহাসিক হৈ পৰে। অসমবাসীৰ এক মুঠ প্ৰতিবাদৰে সবল ভিত্তি গঢ় লৈ উঠে। আচলতে অসমৰ সু-প্ৰাচীন ঐতিহ্যৰে আধুনিক সম্প্ৰসাৰণহে। পুৰণিৰ ভিত্তিত নতুনকৈ গঢ়ি উঠা এই ৰাজনৈতিক জাগৰণৰ পুৰোধা হিচাপে সংবাদ-পত্ৰৰ ভূমিকা স্মৰণীয় হৈ পৰে- বিশেষকৈ ১৯১৮ চনত জন্মলভা “অসমীয়া’’ই অবিচ্ছিন্নভাৱে অসমৰ গণ তান্ত্ৰিক দেশপ্ৰেমিক নেতাসকলৰ লগতে যথাৰ্থভাৱে দেশ সেৱা কৰি অসমীয়াৰ জাতীয় জীৱনৰ নতুন যুগৰ সূচনা কৰে।২৬

অসমীয়াৰ নতুন যুগৰ উপযোগী হোৱাকৈ অসমীয়া কোন, বঙাল কোন আদিৰ প্ৰশ্নৰে সময়োচিত ব্যাখ্যা দাঙি ধৰিবলগীয়া হৈছিল- বিশেষকৈ স্বাধীনতাৰ পিছৰ অসমত এনে প্রশ্ন উঠাও স্বাভাৱিক-যাৰ প্ৰাসংগিকতা আজিও আছে। স্বাধীনতা যুঁজৰ আৰম্ভণিৰে পৰা অসম ৰায়ত সভাৰ দিনবোৰ “অসম অসমীয়াৰ’’ ধ্বনিৰে সৰবৰহী হৈ পৰিছিল। নতুন আৰু প্ৰগতিশীল সময় গঢ়ি তোলাৰ প্ৰয়োজনীয়তা অনুভৱ কৰাই স্বাভাৱিক। ইতিমধ্যে অম্বিকাগিৰী ৰায়চৌধুৰীৰ অসমীয়া সংৰক্ষণী সভাই অসমীয়া কোন ইয়াৰ এক সংজ্ঞা সণ্ডালনি কৰাৰ জাতিৰ মূলমন্ত্ৰ বুলি কেউপিনে চলন্তি হোৱা সময়ত অসমীয়াৰ প্ৰগতিশীল আৰু যুক্তিগ্রাহ্য ব্যাখ্যাৰে সকলো অসমবাসীৰ মাজত জাগৰণ আনিব পৰাকৈ জনমত সৃষ্টিৰ দায়িত্ব লোৱাটো জনপ্রিয় কাকত “অসমীয়া’’ৰ পক্ষে অপৰিহাৰ্য হৈ পৰিল।

Dev Kant Baruah
দেৱকান্ত বৰুৱা

দেৱকান্ত বৰুৱাৰ সম্পাদনাত “দৈনিক অসমীয়া’’ই বক্স যোগে সকলো পাঠকৰে চকুত পৰাকৈ পৰিৱেশিত কৰা “বঙাল কোন’’ সংজ্ঞাটো এই প্ৰসংগত উল্লেখযোগ্য…

বঙাল কোন?

অসমৰ পুৰণি বুৰঞ্জীত বিদেশী আক্ৰমণকাৰী মাত্ৰকে বঙাল বোলা হৈছিল। বঙাল-বঙালী দুয়োটা শব্দ একে অর্থত ব্যৱহাৰ কৰিলে ভুল কৰা হ’ব। বংগ দেশত বাস কৰক বা অসমতে বাস কৰক বঙালীৰ বিৰুদ্ধে কোনো শত্ৰুতা নাই। কিন্তু অসমৰ ভিতৰৰে হওক বা বাহিৰৰে হওক অসমবাসীৰ স্বাৰ্থৰ বিৰুদ্ধে যেয়ে তিয় দিয়ে সেয়ে বঙাল৷ বংগ ভাষীয়েই হওক বা অন্য ভাষীয়েই হওক, অসমলৈ আহি অসমীয়াৰ সৈতে ককাই-ভাইৰ দৰে যিসকলে অসমীয়াৰ স্বাৰ্থৰ বিৰুদ্ধে নগৈ অসমত বাস কৰিছে, তেওঁলোকক “অসমীয়া’’ই বঙাল বোলা নাই। ছিলেটৰো বসন্ত কুমাৰ দাস, বৈদ্যনাথ মুখাৰ্জী আদি যিসকল মাননীয় নেতাই অসমীয়াৰ ন্যায্য স্বাৰ্থৰ হকে মাত মাতিছে বঙাল ভাষাত কথা ক’লেও তেওঁলোক অসমীয়াৰ ককাই-ভাই। কিন্তু ইংলেণ্ডৰ পৰাই আহক, বংগ দেশতে থাকক, ছিলেটতে থাকক বা গুৱাহাটীতে থাকক অসমৰ এই জাতীয় সংকটৰ সময়ত যেয়ে অসমৰ ওপৰত অযথা আক্ৰমণ চলাব সেয়ে বঙাল– সেয়ে বিদেশী আক্ৰমণকাৰী তেওঁলোকক নিৰ্মূল কৰিবৰ বাবে মুক্ত কৰাটো অসমীয়াৰ ঐতিহাসিক ধৰ্ম।

সম্পাদক

দৈনিক ‘অসমীয়া’

‘‘দৈনিক অসমীয়া’’ই প্রচাৰ কৰা এই সংজ্ঞাটো ইয়াৰ আগতে “দৈনিক বাতৰি’’য়ে ‘বৰ্তমান আমাৰ কৰ্তব্য’ শিতানত লিখা সম্পাদকীয়ৰ অসমীয়াৰ সংজ্ঞাৰ লগত ৰিজনি কৰি লোৱাটো সময়ৰ পৰিপ্ৰেক্ষিত মূল্যবান। নীলমণি ফুকনৰ সম্পাদনাত প্ৰকাশ পোৱা “দৈনিক বাতৰি’’ৰ ১৯৩৫ চনৰ ২ অক্টোবৰ সংখ্যাত লিখা হৈছিল; “আমি অসমীয়া সংজ্ঞাত কোনো ধৰ্ম সম্প্ৰদায়, জাত-কুল বিশেষভাৱে নিবিচাৰো, যেয়ে অসমীয়া ভাষা মাতৃ ভাষা বুলি গ্রহণ কৰিব যেয়ে অসমৰ বাহিৰ আৰু এজন স্থায়ীবেৰ প্ৰকাৰান্তৰেও ৰাখি নিজক ইয়াৰ স্থায়ী আলহী যেন বিবেচনা নকৰে, যাৰ অর্থনৈতিক স্বাৰ্থ অসমত ঘাইকৈ থাকিব, স্থূলভাৱে তেওঁকেই আমি অসমীয়া বুলি গ্ৰহণ কৰিম।” — দৈনিক বাতৰি, ২ অক্টোবৰ, ১৯৩৫ চন।

কোৱাই বাহুল্য “অসমীয়া” কাকতে ক্ৰমান্বয়ি তাৰে গঢ় দিয়া জনমতৰ স্বৰূপ “অসমীয়া’’ই দাঙি ধৰা “অসমীয়াৰ’’ সংজ্ঞাত প্রকট হৈ পৰিছে। ‘‘অসমীয়া’’ৰ এনে মহান আৰু প্রগতিশীল প্ৰেৰণাৰ ফলতেই অসমবাসীয়ে গ্ৰুপিংবিৰোধী প্ৰতিবাদ সৰ্বাত্মক কৰি তোলাই নহয় সমষ্টি চৰকাৰৰ দাসত্বৰ শিকলিৰে বান্ধ খোৱাতকৈ মৰণেই ভাল প্ৰতিজ্ঞাৰে সকলো একমুঠ হৈ অসমীয়া জাতিৰ নিহিত শক্তিৰ তুলনাহীন পৰিচয় সদৰি কৰিবলৈ সক্ষম হৈছিল। কোচৰজা পৰীক্ষিত নাৰায়ণৰ এষাৰ বাণীক “অসমীয়া’’ই বক্স বাতৰি হিচাপে পৰিৱেশন কৰি অসমবাসীক নিজৰ অন্তৰৰ কথাকে জনাই দিছিল মাথোন ৷

‘তেঞোৰ মোৰ শত্ৰুতা ভাব, প্ৰাণ গেলেও সেৱা নকৰোঁ’’ কোচৰজা পৰিক্ষীত নাৰায়ণ৷

মীৰজুমলাৰ হাতত পৰাস্ত হোৱাত আহোম ৰজা স্বৰ্গদেৱ জয়ধ্বজ সিংহলৈ মোগল বাদচাহ চিৰপাত দি দোৰবেগ, ৰোস্তমবেগ দুই উকীলক পঠালে। পাৎশ্যাৰ দুই উকীলক গুৱাহাটীতে থৈ বাঁহবৰীয়া এ এদগা আহি বকথাত ঁদেৱত জনালেহি, বোলে–‘পাৎশ্যাৰ চিৰপাত দি দোৰবেগ, ৰোস্তমবেগ দুই উকীল পঠাইছে।’ এই কথা ঁদেৱে শুনি বোলে- ‘মোৰ বুপা পুখাৱে পুলিনেৰ বংগালৰ পাতৎশ্যাৰ কাপৰ পিন্ধা নাই। এতিয়া যে মই পিন্ধি ল’ব লাগিব তাত কৰি মৰণেসে ভাল৷’ বিজয় পৰ্বত মদগৰবী মোগলে আহোম স্বৰ্গদেৱক পৰাজিত হোৱাৰ চিন স্বৰূপে তেওঁ দিয়া পোষক পিন্ধাব খুজিছিল। কিন্তু আজি বীৰদৰ্প ব্ৰিটিছ সাম্ৰাজ্যবাদীয়ে অসমীয়াক অকল পৰাধীনতাৰ বস্ত্ৰ পিন্ধাবলৈকে ধৰা নাই; সমষ্ট চৰকাৰৰ দাসত্ব শিকলিৰে অসমক চিৰকাললৈ বান্ধি থব খুজিছে। স্বৰ্গদেৱৰ ভাষাতে ক’বলৈ গ’লে সেই বিলাকত পাক খোৱাতকৈ “মৰণেহে ভাল’’।

(দৈঃ অঃ–২১ ৷৪ জুন, ১৯৪৬, ১২৮ সংখ্যা)

সমষ্টিকৰণৰ প্ৰস্তাৱে অসমবাসীৰ সমূহীয়া প্ৰতিবাদ আৰু জাতীয় সংহতিক বিশেষ স্তৰলৈ নিয়াৰ একমাত্ৰ কাণ্ডাৰী আছিল “অসমীয়া’’৷ অসমীয়াই অসমীয়াৰ জাতিৰ আত্মৰক্ষাৰ সঠিক পথ দেখুৱাই সেই অনুসাৰে সুদৃঢ় জনমত গঢ়ি তুলিছিল আৰু “অসমীয়া জাতীয় জীৱন গঢ়াত অসমত জাতীয় স্বাৰ্থ ৰক্ষা কৰাত অসমীয়াৰ নিভীক ভূমিকা’’ এনেকৈয়ে সাৰ্থক হৈ পৰে।

দেখা গ’ল “অসমীয়া’’ই সাৰ্থকভাৱে অসমীয়াৰ প্রতিনিধিত্ব কৰিবলৈ সক্ষম হ’ল। ইয়াৰ ৰিজনি দৰাচলতে ১৮৭৮ চনত প্ৰকাশ পোৱা ইংৰাজী সাণ্ডাহিক ‘‘হিন্দু’’ কাকতৰ লগতহে পোৱা যায়। সেই সময়ত “হিন্দু’’ মানেই ভাৰতীয়ক বুজাইছিল। মহম্মদ ইকবালে সেই ভাৰতীয়ৰ পৰিচয় দাঙি ধৰিছিল তেওঁৰ ‘‘চাৰে জাহা ছে আচ্ছা’’ কবিতাৰ যোগেদি। “হিন্দু’’ প্ৰতিষ্ঠাৰ গুৰিতে আছিল নবাৱ হুমায়ুন শ্বাহ বাহাদুৰ। তেওঁ টিপু চুলতানৰ নাতি। ইয়াৰ প্ৰথম সম্পাদক আছিল এগৰাকী সুবিখ্যাত খ্ৰীষ্টধৰ্মী ব্যক্তি। তেওঁক এবাৰ হিন্দু নামটোৰ সম্পৰ্কে প্ৰশ্ন সোধা হৈছিল–তেওঁৰ দৰে অহিন্দু লোকে কেনেকৈ হিন্দু নাম সমৰ্থন কৰিব পাৰে। তাৰ উত্তৰত তেওঁ কৈছিল : It is the best name because it expressed the national sentiment best.২৮

অসমীয়া”ইও নামে-কামে অসমীয়া জাতীয়তাৰ সম্যক পৰিচয় লৈ অসমীয়াৰ লগত একাত্ম হৈ পৰিছিল–“অসমীয়া’’ই অসমীয়া হৈছিল।

নৱজাগৰণৰ কাণ্ডাৰী

ৰাষ্ট্ৰীয় কংগ্ৰেছৰ লগত অসমৰ যোগদানে অকল মহাভাৰতীয় (Pan Indian) যোগসূত্ৰ স্থাপন কৰাই নহয় নতুনকৈ উত্থান হোৱা মধ্যবিত্ত শ্ৰেণীৰ নেতৃত্বক নিজা অৱস্থিতি সম্বন্ধৰ সাবহিত হ’বলৈও সকীয়াই দিছিল। গণতান্ত্ৰিক নেতৃত্বই প্রবলভাৱে সুকীয়া জাতীয় সত্তাৰ সংবর্ধনৰ প্ৰয়োজনীয়তাৰ লগে লগে অনুভৱ কৰিবলৈ লৈছিল বাবে ওঁপনিৱেশিক শোষণ-শাসনৰ বিৰুদ্ধে হোৱা সংগ্ৰামে জাতীয় সত্তাৰ প্ৰতিও তেওঁলোকক একেদৰে সজাগ-সচেতন কৰি তুলিছিল–বিশেষকৈ ৰাষ্ট্ৰীয় কংগ্ৰেছক ধৰি থাকিলেই সম্পূৰ্ণ জাতীয় হিতসাধন নহ’বগৈ, সেই সজাগতা নেতৃত্বৰ পৰা জনসাধাৰণলৈ সঞ্চাৰিত হোৱাত গ্ৰুপিঙৰ দৰে সৰ্বনশীয়া পৰিকল্পনাৰ পৰা অসম মুক্ত হ’বলৈ সমৰ্থ হ’ল৷ এনে সজাগতাৰ ভিত্তি একেদিনাই হোৱা নাই।

জাতীয় লুইতৰ পাৰ জিলিকাই তুলিবলৈ প্ৰতিষ্ঠা কৰিব খোজা সুকীয়া বিশ্ববিদ্যালয়ৰ আন্দোলনৰ ব্যাপ্তিৰ মাজত তেনে সজাগতাৰ প্ৰমাণ ওলাই পৰিছিল। কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ওলাই আহি অসমত নিজাকৈ সুকীয়া বিশ্ববিদ্যালয় এখন স্থাপন কৰাৰ বাবে অসমবাসীয়ে তিনি দশক জোৰা যি আন্দোলন কৰিছিল তাৰ গতিবেগেই জাতিৰ নৱজাগৰণৰ আকাংক্ষাক সাকাৰ কৰি তুলিছিল। “অসমীয়া’’ই এনে আন্দোলনৰ গুৰিৰে পৰা গুৰি ধৰি জাতীয় আকাংক্ষাৰ লগত এক হৈ পৰিছিল৷ কাকতখনে বিশ্ববিদ্যালয়ক ‘‘অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ মণিকূট- অসমীয়া জাতিৰ আত্মপ্রতিষ্ঠাৰ সোণালী পতাকা’’ বুলি গণ্য কৰিছিল।

১৯৪৭ চনৰ ২১ ডিচেম্বৰ সংখ্যাৰ সম্পাদকীয়ত “অসমীয়া’’ই বিশ্ববিদ্যালয় সম্বন্ধত লিখিছিল :

‘‘পৰহি অসমৰ কলেজৰ অধ্যক্ষ, অধ্যাপক আৰু বিদ্বানসকলৰ সভাত সবাতোকৈ সুখী মানুহ আছিল প্ৰধানমন্ত্ৰী শ্ৰীগোপীনাথ বৰদলৈ ডাঙৰীয়া। কথা এষাৰ আছে–মনে খন্দা পুখুৰীৰ পানী খোৱাৰ কপাল সৰহ মানুহৰে নাই; বৰদলৈ ডাঙৰীয়াৰ ভাগ্যত হ’লে তেওঁ পাতিব খোজা আৰু তাৰ বাবে অক্লান্ত পৰিশ্ৰম কৰা গুৱাহাটী বিশ্ববিদ্যালয় সপোনৰ পৰা দিঠকত পৰিণত হোৱাটো ঘটিল। গুৱাহাটী বিশ্ববিদ্যালয়ৰ কাৰণে অসমৰ সুধী সমাজে যোৱা পোন্ধৰ, ষোল্ল বছৰ ধৰি আন্দোলন কৰি আহিছে; বাতৰি কাকত আৰু আলোচনীৰ পাতত, কলেজীয়া অধ্যাপকৰ কোঠাত, বাৰ লাইবেৰীৰ মেলত আৰু নগৰৰ ড্ৰয়িং ৰুমত অসমৰ কাৰণে যে এখন সুকীয়া বিশ্ববিদ্যালয় লাগে আৰু সেইখন যে গুৱাহাটীতে পাতিব লাগে সেইটো বহলকৈ আলোচনা হৈছে। এবাৰ শিক্ষা বিভাগৰ ডাইৰেক্টৰ মিঃ কাৰ্নিংহামে আৰু তাৰ পিছত অসম অছ’চিয়েশ্যনে আৰু ছাদুল্লা চৰকাৰে তাৰ আঁচনিও তৈয়াৰ কৰিছিল; কিন্তু বৰদলৈ ডাঙৰীয়াই দেশনেতা হিচাপে প্ৰথমেই তাক নগৰৰ ড্ৰয়িং ৰুমৰ পৰা গাঁৱৰ জুহালৰ গুৰিলৈ নি এমুঠি শিক্ষিত মানুহৰ সীমাবদ্ধ আন্দোলনৰ পৰা বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ যত্নক এটা জাতীয় কৰ্তব্যৰ মৰ্যাদা দিলে। গুৱাহাটী বিশ্ববিদ্যালয়ে বৰদলৈ ডাঙৰীয়াৰ নেতৃত্বত অসমৰ জাতীয় সংস্কৃতিৰ প্ৰতীকৰ ৰূপ ল’লে।

‘‘আজি তিনি বছৰৰ আগেয়ে গুৱাহাটী চহৰতে বৰদলৈ দেৱৰ সভাপতিত্বত গুৱাহাটী বিশ্ববিদ্যালয়ৰ কনভেনশ্যন বহিছিল। তেতিয়া আছিল যুদ্ধৰ সোঁমাজ; কংগ্ৰেছ নেতা আৰু কমীসকলৰ আছিল বন্দীশালত আৰু বাহিৰত সামৰিক সাজ-সজ্জাৰ হেঁচাত অসমবাসীৰ জীৱন অতিষ্ঠ হৈ উঠিছিল। বৰদলৈ ডাঙৰীয়া নিজেও অন্তৰীণ হৈ আছিল। লগতে তেওঁৰ স্বাস্থ্যও আছিল ঘূণীয়া। শিক্ষাৰ কাৰণে এনে প্ৰতিকূল সময় আৰু অৱস্থা আৰু কোনো কোনো জাতীয়তাবাদী উগ্ৰপন্থীৰ অৱজ্ঞা স্বত্বেও অসমীয়া ৰাইজৰ আশা আকাংক্ষা পূৰণৰ বাবে বৰদলৈ ডাঙৰীয়াৰ ঘূণীয়া দেহাৰে ৰাজৰোষত হাত-ভৰি বন্ধা অৱস্থাত বিশ্ববিদ্যালয় পতাৰ গধুৰ-বৰ গধুৰ-ভাৰখন কান্থ পাতি ল’লে। আৰু লৈয়ে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ভিক্ষা পাত্ৰ লৈ কেবা লাখো টকা বিশ্ববিদ্যালয় পুঁজিলৈ গোটালে। চহকী ব্যৱসায়ীৰ পৰা কেতিয়কলৈকে সকলো শ্ৰেণীৰ অসমীয়া ৰাইজে মুকলি হাতে বৰদলৈদেৱৰ আহ্বানত এই পুঁজিলৈ দান দি প্ৰমাণ কৰিলে যে গুৱাহাটী বিশ্ববিদ্যালয় অন্যান্য বালেমান বিশ্ববিদ্যালয়ৰ দৰে কেৱল পৰীক্ষা সাগৰ পাৰ সংস্কৃতিৰ মণিকূট; অসমীয়া জাতিৰ আত্মপ্ৰতিষ্ঠাৰ সোণালী পতাকা।

‘‘তিনি বছৰৰ ভিতৰতে গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন হোৱা সামান্য কথা নহয়। সিদিনাখন হোৱা বিশ্ববিদ্যালয় কনভেনশ্যনত উপস্থিত থকা কেইজনে ভাবিছিল যে ৰাইজৰ নখ জোকাৰিলে এই দৰে নৈ বোৱাব পাৰিব; যিমানে আশা কৰিব পাৰিছিল যে বিদেশী সাসনৰ পৰিসমাপ্তি হৈ আমাৰ আত্ম প্ৰতিষ্ঠা আৰু আত্ম বিকাশৰ সুযোগ ইমান সোনকালে আহিব। আমি বৰদলৈদেৱৰ আমোলত হোৱা শাসন ব্যৱস্থাৰ অন্ধ সমৰ্থক নহয়, অসমীয়া ৰাইজে সেইটো জানে; শাসন কাৰ্যৰ নানা দোষ ক্ৰটি আমি ৰাইজৰ আৰু গৱৰ্ণমেণ্টৰ আগত সংশোধনৰ বাবে দাঙি ধৰিছো। কিন্তু এইটো বৰদলৈ ডাঙৰীয়াৰ সাত শতৰুৱে স্বীকাৰ কৰিব লাগিব যে তেওঁ বিশ্ববিদ্যালয় প্ৰতিষ্ঠাত দেশ নেতা আৰু প্ৰধানমন্ত্ৰী হিচাপে যি সফলতা লাভ কৰিছে, সি তেওঁৰ নাম অসমীয়াৰ মনত চিৰস্মৰণীয় কৰি ৰাখিব। বিশ্ববিদ্যালয়ৰ বাবে ধন তোলা আৰু আইন প্ৰণয়ন কৰা কাম টান; কিন্তু বিশ্ববিদ্যালয়ৰ প্ৰাণ প্ৰতিষ্ঠা কৰা, তাক প্ৰকৃত জ্ঞান-বিজ্ঞানৰ কেন্দ্ৰস্থল কৰি তোলা তাতোকৈ টান। বিশ্ববিদ্যালয়ৰ পুঁজি ঘৰ-দুৱাৰ সকলো জড়| অধ্যাপক, ছাত্ৰ আৰু পৰিচালকসকল চেতন। চেতনে চলালেহে জড় চলে। অধ্যাপক, ছাত্ৰ আৰু পৰিচালকসকলৰ জ্ঞান, স্পৃহা আৰু একনিষ্ঠতা থাকিলেহে গুৱাহাটী বিশ্ববিদ্যালয় প্ৰকৃত বিশ্ববিদ্যালয় হ’ব পাৰিব। উচ্চ শিক্ষাৰ এটা ঐতিহ্য সৃষ্টি কৰা সহজ নহয়; গুৰিৰে পৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিয়ম-কানুন কটকটীয়া; পঢ়া-শুনাৰ পদ্ধতি ওখ ধৰণৰ নহ’লে আৰু তাৰ পৰিচালনাত যোগ্যতাতকৈ দলা-দলিৰ প্ৰাদুৰ্ভাৱ বেছি হ’লে আমাৰ বিশ্ববিদ্যালয়খন আমাৰ গৌৰৱৰ বস্তু নহৈ অপযশৰ কাৰণ হোৱা আশংকা আছে। বৰদলৈ ডাঙৰীয়াই কৈ দিছে যে এতিয়াৰ পৰা কেৱল ধন আৰু হিচাপৰ বাহিৰে বিশ্ববিদ্যালয়ৰ পৰিচালনাত চৰকাৰৰ হাত নাথাকে। অসমৰ শিক্ষাবিদসকলে তাক চলাব। আমি তেওঁৰ মত আৰম্ভণিৰে পৰা সমৰ্থন কৰি আহিছোহঁক; আমি আশা কৰো আমাৰ শিক্ষাবিদসকলে অসমীয়া ৰাইজৰ এই পৱিত্ৰ দায়িত্ব পালন কৰোতে যত্নৰ অকণো ত্ৰুটি নকৰিব। বৰদলৈ ডাঙৰীয়া ৰাজনৈতিক দলৰ নেতা হৈয়ো যি সৰ্বদলীয় আৰু দল নিৰপেক্ষভাৱে বিশ্ববিদ্যালয়ৰ ভেটি পাতিলে, তাৰ পৰিচালনাতো কৰ্তৃপক্ষই একে আদৰ্শ মানি চলিলে গুৱাহাটী বিশ্ববিদ্যালয় অসমীয়াৰ অতি মৰমৰ আৰু অসমৰ গৌৰৱৰ বস্তু হ’ব।’’

অসমীয়া

উল্লেখযোগ্য, ১৯৪৮ চনৰ ১ জানুৱাৰীত গুৱাহাটী বিশ্ববিদ্যালয় আৰম্ভ হয়। অসমবাসীৰ কেবা দশকজোৰা আন্দোলনৰ মুখ্য প্ৰতিবিম্ব বিশ্ববিদ্যালয় আৰম্ভ হোৱাৰ বাতৰি “অসমীয়া”ই দুই স্তম্ভ জোৰা বৰ বৰ হৰফেৰে এনেদৰে প্ৰকাশ কৰিছিল ;

‘‘১৯৪৮ চনৰ প্ৰথম জানুৱাৰীৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয় আৰম্ভ। শিক্ষাবিদসকলৰ সন্মিলনত সাময়িক পৰীক্ষা ব’ৰ্ড গঠনৰ দিহা। বিশ্ববিদ্যালয় আন্দোলনৰ ইতিহাস বৰ্ণাই বৰদলৈ ডাঙৰীয়াৰ বক্তৃতা”

গুৱাহাটী, ২০ ডিচেম্বৰ : ১৯৪৮ চনৰ প্রথম জানুৱাৰীৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয় আইনখন বলবৎ কৰাৰ লগে লগে অসমত বিশ্ববিদ্যালয় লাগে বুলি আজি তিনি দশককাল কৰি অসমৰ ৰাজহুৱা দাবীটি দিঠকত পৰিমত হ’ব। সেইদিনাখনৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ জীৱনকাল আৰম্ভ হ’ব।

কালি গধূলি ছুদমাৰ্ছন হলত বহা স্থানীয় আৰু প্ৰাদেশিক শিক্ষাবিদসকলৰ সভাত এই সিদ্ধান্ত লোৱা হয়। অসমৰ প্ৰধান আৰু শিক্ষামন্ত্ৰী শ্ৰীযুত গোপীনাথ বৰদলৈয়ে সভাপতি আসনৰ পৰা বিশ্ববিদ্যালয়ৰ আন্দোলনৰ চমু চিনাকি, বৰ্তমান কৰ্তব্য আৰু বিশ্ববিদ্যালয়ৰ পুঁজিৰ আৰ্থিক অৱস্থাৰ কথা বৰ্ণাই এটি বক্তৃতা দিয়ে। তেওঁৰ বক্তৃতাৰ পৰা জনা গৈছে যে বিশ্ববিদ্যালয়ৰ ট্ৰাষ্ট ব’ৰ্ডৰ পুঁজিত প্ৰায় ৫৭০,০০০ টকা জমা আছে, এই টকাখিনি এতিয়া বিশ্ববিদ্যালয়ৰ হাতলৈ যাব।

উক্ত সভাতে বিশ্ববিদ্যালয়ৰ পৰীক্ষাবোৰ চলাবৰ নিমিত্তে প্ৰকৃত অনুষ্ঠান গঢ়ি নুঠা পৰ্যন্ত, এখন সাময়িক পৰীক্ষা ব’ৰ্ড গঠন কৰা হয় আৰু তাৰ বাবে কিছুমান মানুহৰ নামো বাছি দিয়া হয়৷ কিন্তু বাছনিৰ ক্ষমতা প্ৰাদেশিক চৰকাৰৰ হাতত থকা বাবে, আচল বাছনি কৰাৰ কাম পিছুৱাই থোৱা হয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইনৰ ৩৮ ধাৰা অনুসৰি গৱৰ্ণমেণ্টে পাছত উক্ত নামৰ তালিকাৰ পৰা নাম বাছি ব’ৰ্ডখন গঠন কৰিব। বিশ্ববিদ্যালয় আন্দোলনৰ চমু বুৰঞ্জী বৰ্ণাওতে শ্ৰীযুত বৰদলৈয়ে স্বৰ্গীয় শৰৎ চন্দ্ৰ গোস্বামী আৰু মাধৱচন্দ্ৰ বেজবৰুৱাৰ সেৱাৰ শলাগ লৈ তেওঁলোকৰ স্মৃতিৰ উদ্দেশ্যে শ্ৰদ্ধাঞ্জলি আগবঢ়ায়৷

জয়জয়তে সভাই গোট খোৱা শিক্ষাবিদসকলক প্ৰদেশত এটি নিখুঁত শিক্ষা প্ৰণালী গঢ়ি তুলিবলৈ আহ্বান জনাই শ্ৰীযুত বৰদলৈয়ে দিয়া বক্তৃতাটি তলত দিয়া হ’ল ;

‘‘১৯১৭ চনতে বিখ্যাত শিক্ষাবিদ চাৰ মাইকেল ছিদ্ৰলীয়ে কৈছিল যে গুৱাহাটীখনত এটি সৰু অথচ আদৰ্শ ৰেছিডেলিয়েল বিশ্ববিদ্যালয় পাতিব পৰা যায়। এনে এটা বিশ্ববিদ্যালয় সোনকালে গুৱাহাটীতে পাতিবৰ বাবে স্বৰ্গীয় নবীনচন্দ্ৰ বৰদলৈকে আদি কৰি অসমৰ নেতাসকলে একেৰাহে বাতৰিকাকত, সভামঞ্চ আৰু শেষত আইন পৰিষদৰ যোগেদিও দাবী জনাই আহিছিল। তেনে অৱস্থাত অসম গৱৰ্ণৰ মাইকেল কীনে ১৯৩৩-৩৫ চনৰ শিক্ষা বিভাগৰ ভূতপূৰ্ব ডাইৰেক্তৰ কাৰ্মিংহামৰ হতুৱাই গোটেই প্ৰশ্নটো বিবেচনা কৰি চাবলৈ ঠিক কৰি দিয়া হয়। চাৰি নে পাঁচ মাহৰ যত্নৰ পাছত তেওঁ অসমত বিশ্ববিদ্যালয় পাতিবৰ বাবে এখন আঁচনি ৰচনা কৰে৷ কিন্তু এই আঁচনিখন উপত্যকাৰ মানুহৰ মনঃপুত নহ’ল। ৰাইজৰ তৰফৰ পৰা অসম এছ’চিয়েশ্যনে গুৱাহাটীৰ কটন কলেজটোকে ৰেছিডেলিয়েল বিশ্ববিদ্যালয়ৰ কেন্দ্ৰ হিচাপে ধৰি কাম আৰম্ভ কৰিবলৈ এখন সম্ভৱপৰ আঁচনি দাখিল কৰে। পিছত দেখা গ’ল যে যি কোনো কাৰণতেই নহওক গৱৰ্ণমেণ্টে এই বিষয়ে কাণষাৰ নকৰিলে আৰু শেষত প্রস্তাৱটোকে বাদ দি থ’লে ৷ ১৯৩৫ চনৰ আইনৰ বলত শাসন সংস্কাৰ হোৱাৰ পিছতে আন্দোলনৰ মাত্ৰা চৰি আহিল৷ ১৯৪০ চনতে মহম্মদ ছাদুল্লাই চলোৱা চৰকাৰে অসমত বিশ্ববিদ্যালয় পাতিবৰ বাবে এখন বিল গ্ৰহণ কৰিবলৈ বাধ্য হয়। উক্ত বিলৰ বিষয়ে উপদেশ দিবৰ বাবে অসমৰ বাহিৰৰ পৰা শ্ৰীযুত শ্যামাপ্ৰসাদ মুখাৰ্জীকে আদি কৰি কেবাজনো শিক্ষাবিদক শ্বিলঙলৈ অনা হয়। সেই সময়ৰ শিক্ষামন্ত্ৰী শ্ৰীযুত ৰোহিণী কুমাৰ চৌধুৰীয়ে বিলখন চিলেক্ট কমিটীলৈ পঠিওৱাৰ পিছত আইন পৰিষদত উঠাব খোজোতেই মন্ত্ৰীসভাই ইস্তফা দিব লগা হয়।

‘‘যুদ্ধ যোৱাৰ পাছতে গৱৰ্ণমেণ্টে নিজে পাতিব পাৰক-নোৱাৰক ৰাইজে নিজেই এটি বিশ্ববিদ্যালয় পাতিবৰ বাবে কাম হাতত ল’লে। ১৯৪৫ চনত এই অভাজনক সভাপতি পাতি লৈ এখন ট্ৰীষ্ট ব’ৰ্ড গঠন হয়। তাৰ পাছতে পুঁজি সংগ্ৰহৰ বাবে চেষ্টা কৰা হয়। উক্ত চেষ্টাত ধনী আৰু দুখীয়া নিৰ্বিশেষে এই উপত্যকাৰ ৰাইজে সহযোগ কৰে। প্ৰদেশৰ ৰাইজৰ সহযোগে এনে ৰূপ ধাৰণ কৰিলেগৈ যে এই আন্দোলনত সকলো মানুহৰ সমৰ্থন আছেনে? সেই বিষয়ে আৰু অকণো সন্দেহ নৰ’ল। তিনি আৰু চাৰিমাহ মানৰ ভিতৰতে চাৰে পাঁচ লাখমান টকা উঠিল আৰু প্ৰায় দুগুণ মানৰ প্ৰতিশ্ৰুতি আদায় কৰা হ’ল। ১ মাইল দীঘল আৰু ১ মাইল বহল এটুকুৰা মাটি ল’বৰো বন্দৱস্ত কৰা হয়।

‘‘এই চৰকাৰে এই জনপ্রিয় দাবী স্বাভাৱিকতে মানি চলিব লাগিব৷ তদুপৰি দেখা গ’ল আমাৰ উঠি অহা ডেকাসকলৰ উচ্চ শিক্ষা আৰু গৱেষণাৰ বাবে এটি দৰকাৰ অনুসৰি সুবিধা পোৱাৰ অসুবিধা হৈছে, তেতিয়া এনে এটা অনুষ্ঠানৰ আৱশ্যকতা বৰকৈ অনুভৱ কৰা হ’ল।’’

বিশ্ববিদ্যালয় আইনখনৰ যোগেদি গুৱাহাটী বিশ্ববিদ্যালয়খনক সম্পূৰ্ণৰূপে স্বায়ত্ত শাসিত অনুষ্ঠান হিচাপে পাতিবলৈ দিহা কৰা হৈছে বুলি কৈ শ্ৰীযুত বৰদলৈ ডাঙৰীয়াই কয় যে বিশ্ববিদ্যালয়ৰ পৰিচালনাত কোনো প্ৰকাৰৰ বাহিৰা হস্তক্ষেপ নপৰে। এই কথা অনুষ্ঠানবোৰৰ সদস্যসকলক চালেই ধৰা পৰি যাব। তেওঁ কয় যে প্ৰদেশৰ শিক্ষাবিদসকলৰ হাততেই বিশ্ববিদ্যালয় পৰিচালনাৰ ভাৰ থাকিব। ছাত্ৰৰ শিক্ষা, তেওঁলোকৰ শিক্ষা জীৱন আৰু কলেজৰ অন্তৰ্ভুক্তিৰ দিহা আদি বহুত বিষয়ে এওঁলোকৰ গাত দায়িত্ব থাকিব। তেওঁৰ মতে কেৱল গৱৰ্ণমেণ্টৰ হাতত ধন ভৰালী আৰু অডিটৰ নিয়োগ কৰা ক্ষমতাহে থাকিব।

১৯৪৮ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ কাম-কাজ আৰম্ভ হৈছিল যদিও বিশ্ববিদ্যালয়খনৰ প্ৰতিষ্ঠাৰ দিনলৈকে অসমবাসীয়ে মাৰ বান্ধি যি আন্দোলন আলোড়ন কৰিছিল, তাৰ তুলনা পোৱা টান। অসমীয়াৰ স্বাধিকাৰ স্থাপনৰ বাবে হোৱা এনে আন্দোলনত অসমবাসীৰ সঁহাৰি চিৰস্মৰণীয় হৈ ৰ’ব। জাগ্ৰত জনমতৰ পৰ্বতীত সবল অসমীয়া নেতৃত্বৰ আত্মত্যাগে বিশ্ববিদ্যালয়খন স্থাপনৰ ক্ষেত্ৰত দেখা দিয়া সকলো ধৰণৰ ‘অন্তৰায়’ হেলাৰঙে অতিক্ৰম কৰিবলৈ সক্ষম হৈছিল, বিশ্ববিদ্যালয়ৰ স্থাপনৰ বাণীয়ে সকলোকে জোকাৰি দিছিল আৰু সেই অনুসাৰে ধনে-জনে সকলোৱে বৰঙণি যোগাইছিল ৷ চাহ বাগিচাৰ কৰ্মচাৰীসকলেও ঘৰে ঘৰে নিজে ঢোল, পেঁপা, তাল, তকা আদি লৈ হুছৰি গাই সংগ্ৰহ কৰা পুঁজি গুৱাহাটী বিশ্ববিদ্যালয় পুঁজিলৈ দান দিছিল। (বাতৰি ১৯৪৬ চন, ৩ মে’)

কিন্তু অসমবাসীৰ এনে বিপুল সঁহাৰি আৰু আকাংক্ষাৰ বিপৰীতে বিশ্ববিদ্যালয় বিৰোধী মহলো কম সক্ৰিয় হোৱা নাছিল। জনসাধাৰণে সেই বিলাকৰ বিৰুদ্ধে থিয় দিছিল, “অসমীয়া’’ই ইয়াৰ গুৰি ধৰিছিল—বিশেষকৈ চৰকাৰী, ছিলেটীয়া মহল আৰু তেওঁলোকৰ প্ৰভাৱপুষ্ট বিৰুদ্ধবাদী মহলৰ বিৰুদ্ধে “অসমীয়া’’ই তীব্ৰ ভাষাৰে প্ৰতি বাদ কৰি জনমতৰ নেতৃত্ব দিছিল। ১৯৩৫ চনত বিশ্ববিদ্যালয় সম্পৰ্কে বিশেষজ্ঞ কমিটী গঠনৰ বিষয়ে মন্তব্য দি “অসমীয়া’’ই ‘কথা-প্ৰসংগ’ শিতানত বিশ্ববিদ্যালয়ৰ সম্পৰ্ত ন্যস্তস্বাৰ্থৰ কাৰছাজি উদঙাই দিছিল আৰু বিশ্ববিদ্যালয়ৰ উপৰি হাইকোৰ্ট স্থাপন কৰি অসমৰ নতুন যুগৰ কেনেকৈ সূচনা কৰিব পৰা হ’ব, সেই বিষয়ে কাকতখনে সবল মন্তব্য দাঙি ধৰিছিল :

“অসম বিশ্ববিদ্যালয় স্থাপন সম্পৰ্কে আৱশ্যকীয় তথ্য সংগ্ৰহ কৰিবৰ কাৰণে অসম গৱৰ্ণমেণ্টে ভূতপূৰ্ব প্ৰিন্সিপাল মিঃ ৰবাৰ্টছ ক নিয়োগ কৰা বুলি ইতিপূৰ্বে ওলোৱা বাতৰি সঁচা বুলি এখন ছিলেটী কাকতে বোলে খাটাং খবৰ পাইছে। তাতোকৈ আৱশ্যকীয় কথা, উক্ত কাৰ্যৰ কাৰণে অসম গৱৰ্ণমেণ্টে বোলে ৩৫ হাজাৰৰ পৰা ৪০ হাজাৰ টকা মঞ্জুৰ কৰিছে। এখন বিশ্ববিদ্যালয় স্থাপন সম্পৰ্কে আৱশ্যকীয় তথ্য সংগ্ৰহৰ কাৰণে ইমান টকা খৰচ কৰাৰ কথা আমি কোনো বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰত শুনা নাই। বিশ্ববিদ্যালয় সম্পৰ্কে তথ্য সংগ্ৰহ কৰাত ৩০/৪০ হাজাৰ টকা খৰচ, তেন্তে সেই বিশ্ববিদ্যালয় স্থাপনৰ কাৰণে যে কত টকাৰ আৱস্যকতা দেখুৱাব পাৰে, সেইটো সহজে অনুমেয়। তথ্য সংগ্ৰহ কৰিবৰ কাৰণে যি জনক নিয়োগ কৰা হৈছে আৰু যেনে ভাৱে তেওঁক তথ্য সংগ্ৰহ কৰিবলৈ দিয়া হৈছে —সেই বিষয়ে আমাৰ আপত্তিৰ কথা আমি ইতিপূৰ্বেই কৈছো। মুঠতে আমি ক’ব খোজো যে এই বিষয়ত শিক্ষা মন্ত্ৰী অসম গৱৰ্মেণ্টে যুক্তি সংগত আৰু খোলা-খুলি ভাৱে কাৰ্য কৰা নাই।’’

“অসম হাইকোৰ্ট’

“বিশ্ববিদ্যালয় সম্পৰ্কে সেয়েই। অসমৰ হাইকোৰ্টৰ বিষয়ে কি? অসমত বিশ্ববিদ্যালয়, হাইকোৰ্ট, ইঞ্জিনিয়াৰিং, মেডিকেল ইত্যাদিৰ কলেজ প্ৰভৃতি এখন স্বতন্ত্ৰ প্ৰদেশৰ কাৰণে আৱশ্যকীয় সকলো অনুষ্ঠানৰ কাৰণে ব্যৱস্থা কৰাটো গৱৰ্ণমেণ্টৰ কৰ্তব্য। বিশেষতঃ এই সকলোবোৰ স্থাপনৰ ভিত্তিত গৱৰ্ণমেণ্টে এটা হিচাপ কৰি অহা চবভেনশ্যন্ কমিটীৰ আগত অসমৰ কাৰণে উপযুক্ত চবভেনশ্যনৰ দাবী উপস্থিত কৰা উচিত। কিন্তু আমি অহুৰ কাণে-পহুৰ কাণে শুনিবলৈ পাইছো যে অলপতে অসম গৱৰ্ণমেণ্টৰ শাসন পৰিষদে নতুন শাসনতন্ত্ৰত অসমৰ কাৰণে সুকীয়া হাইকোৰ্ট নালাগে বুলিয়ে ই সিদ্ধান্ত কৰিলে আৰু তাৰ কাৰণে চবভেনশ্যন্‌ নিবিচাৰিবলৈ স্থিৰ কৰিলে৷ ই সঁচা হ’লে ঘোৰ আপত্তিজনক কথা। নতুন শাসনতন্ত্ৰত সঁচাই-মিচাই “প্রভিলিয়েল অটনমি’’ৰ দিনত স্বতন্ত্ৰ অসমক এটা সুকীয়া হাইকোৰ্ট নালাগিব কিয়? আৰু তাৰ কাৰণে টকা দাবী কৰা নহ’ব নেকি? হ’ব পাৰে হাইকোৰ্টৰ কাৰণে অসমৰ কাম কম; পিছে সেই হিচাপে তাৰ দামো কম হ’ব। কিন্তু তাৰ ব্যৱস্থা হ’লে হ’বই লাগিব। অসমৰ কাউলিলাৰসকলে এই বিষয়ে মন কৰে যেন।’’

(অসমীয়া, ৩ আগষ্ট ১৯৩৫ চন)

Chandrakumar Agarwalla

তাহানি “বাঁহীৰ’’ দিনৰ পৰা অসমত সুকীয়া বিশ্ববিদ্যালয় স্থাপনৰ দাবীয়ে অসমীয়া জাতিক সমগ্ৰভাৱে আলোড়িত কৰি আহিছে। বিভিন্ন আলোচনী, কাকত আদি গণমাধ্যমে শিক্ষা বিষয়ত অসমক বংগ দেশৰ তললৈ টানি নিয়াত ঘোৰ আপত্তি কৰি আহিছে। ১৯১৭ চনত বেজবৰুৱা সম্পাদিত “বাঁহী’’য়ে লিখিছিল :

‘‘যদি কলিকতা বিশ্ববিদ্যালয় বংগীয় গভৰ্ণমেণ্টৰ তললৈ যাব লাগিব, তেন্তে বিহাৰৰ নিচিনাকৈ অসমকো সুকীয়া বিশ্ববিদ্যালয় দিয়ক, নতুবা আমাৰ ক্ষতি বিস্তৰ আৰু অসমীয়াই মৰ্মান্তিক বেজাৰ পাব।… কলিকতা বিশ্ববিদ্যালয়ত এতিয়াই কাৰ্য্যতঃ অসমৰ মাত নাই বুলিলেই হয়; আৰু তেতিয়া যে কি হ’ব সেইটো ভালদৰে অনুমান কৰিবলৈ টান নহয়।… আমাক সুকীয়া বিশ্ববিদ্যালয় দিলে, তেতিয়া কলিকতা বিশ্ববিদ্যালয় যাৰ তলতে থাওক-তাত আমাৰ একো ক’বলৈ নাথাকে।’’ শিক্ষা বিষয়ত কলিকতা বিশ্ববিদ্যালয়ৰ তলত অসমৰ উপৰিও বিহাৰ আৰু ব্ৰহ্মদেশ আছিল৷ অসমতকৈ আগেয়ে বিহাৰে বিশ্ববিদ্যালয় পায় আৰু ব্ৰহ্মদেশ আঁতৰি যায়। গতিকে অসম সম্পূৰ্ণৰূপে শিক্ষা বিষয়ত বংগৰ অধীন হৈ থাকিবলগীয়া হয় ৷ “বাঁহী’’ কাকতে বিহাৰৰ নিচিনাকৈ অসমকো সুকীয়া বিশ্ববিদ্যালয় দিবলৈ আৰু অসমৰ বিস্তৰ ক্ষতি সাধন নকৰিবলৈ অসমীয়াক মৰ্মান্তিক বেজাৰ নিদিবলৈ দাবী জনাই আহিছিল। এই দাবীটো অতিশয় পুৰণি যদিও অসমবাসীয়ে “বাঁহী’’য়ে এই আন্দোলনটোৰ গুৰি ধৰিছিল যদিও পিছলৈ এই গোটেই আন্দোলনটোৱে জাতীয়ৰূপ লয়। ১৯৩৫ চনত অসমৰ সুকীয়া বিশ্ববিদ্যালয়ৰ দাবীক আৰু এই বিষয়ৰ আন্দোলন কলিকতাৰ পৰা চলাওঁতে “বাঁহী’’ৰ সম্পাদক বেজবৰুৱাই এনেদৰে কৈছিল;

‘‘অসমত আমাক যে এটা সুকীয়া বিশ্ববিদ্যালয় লাগে এইটো নিশ্চয় কথা… অসম এখন সুকীয়া প্ৰদেশ তাত এটা বিশ্ববিদ্যালয় নাই, এইটো বৰ দুখৰ কথা।… নিজৰ মাক আৰু মাইমাকৰ ভিতৰত যেনে প্ৰভেদ, নিজৰ দেশৰ বিশ্ববিদ্যালয় আৰু বিদেশী বিশ্ববিদ্যালয়ৰ ভিতৰত তেনে প্রভেদ। মই বুকু ফিন্দাই ভৱিষ্যৎ বামী কৰিব পাৰোঁ যে সুকীয়াকৈ নিজৰ বিশ্ববিদ্যালয় পালে পাঁচ বছৰৰ ভিতৰতে অসমে আশাতীতৰূপে উন্নতিৰ বাটত আগুৱাব। অসমত সুকীয়াকৈ হোৱা কটন কলেজেই ইয়াৰ উদাহৰণ৷’’

পৰ্যায় পাৰ হৈ যায়। অসম বিশ্ববিদ্যালয় দাবীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্থাপনৰ দাবীলৈ পৰিণত হয়। ১৯৪৫ চনত এই উদ্দেশ্যে প্ৰয়োজনীয় ব্যৱস্থা ল’বলৈ অৰ্থ সংগ্ৰহকে ধৰি এখনি জ্টৰাষ্ট ব’ৰ্ড’ বা ন্যাসিক সভা গঠন কৰা হয়। ইয়াত ১৮ জন সদস্য আছিল। ইয়াৰ উদ্দেশ্য আছিল অসমৰ বাবে সুকীয়াকৈ গুৱাহাটী চহৰৰ আশেপাশে কোনো উপযোগী ঠাইত গুৱাহাটী বিশ্ববিদ্যালয় নামেৰে এখনি বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰাৰ অৰ্থে অর্থ সংগ্ৰহ কৰাটো৷ এই ন্যাসৰ অধীনত আঠখন কেন্দ্ৰ। সংগ্ৰহ সমিতি আৰু অনেক উপসমিতিয়ে অৰ্থ সংগ্ৰহৰ কাম চলাই যায়। ‘অসমীয়া’ই বিশ্ববিদ্যালয়ৰ বা-বাতৰি নিয়মীয়াকৈ প্ৰকাশ কৰি গৈছিল আৰু ১৯৪৬ চনৰ ৪ মাৰ্চ তাৰিখৰ দৈনিক ‘অসমীয়া’খনত ন্যাসৰ কাৰ্যকলাপ সম্পৰ্কীয় বাতৰিত কোৱা হৈছিল যে:

‘‘প্রায় প্ৰত্যেকখনি সমিতিয়ে ৰাহ লগাই তিনি, চাৰি মাহতকৈ অধিককাল কামত লাগি থাকিব পৰা নাই। ইয়াৰ ঘাই কাৰণ ইমানেই যে সমিতিবিলাকৰ কাৰ্যকাৰকসকল অবৈতনিক; এই মহৎ জাতীয় অনুষ্ঠানৰ বাবে লাগিছে বুলিয়েইহে তেখেতসকলে ইমান কষ্ট স্বীকাৰ কৰিব পাৰিছে। এই হেতুকে তেখেতসকল সমগ্ৰ জাতিৰ প্ৰশংসাৰ পাত্ৰ ।

‘‘১৯৪৪ চনত সুকীয়া বিশ্ববিদ্যালয় আন্দোলনে অসমৰ বাহিৰে-ভিতৰে বিশেষ গুৰুত্ব আৰু প্ৰসাৰ লাভ কৰে। কলিকতাত থকা অম্বিকা নাথ বৰা ডাঙৰীয়াৰ ঘৰত বহা এই সময়তে কলিকতাৰ প্ৰবাসী আৰু কলিকতালৈ অহা অসমীয়া ভদ্ৰলোকসকলৰ এখনি ঘৰুৱা আলোচনা সভাত অসমৰ প্ৰস্তাৱিত বিশ্ববিদ্যালয়ৰ নাম গুৱাহাটী বিশ্ববিদ্যালয় ৰাখিবলৈ স্থিৰ কৰি ইয়াতে গুৱাহাটী বিশ্ববিদ্যালয় ট্ৰাষ্ট বোৰ্ড গঠন কৰি ৰেজিষ্টাৰ কৰিবলৈ সিদ্ধান্ত লোৱা হয়। তদুপৰি ইয়াতে সিদ্ধান্ত কৰা হয় যে গুৱাহাটী বিশ্ববিদ্যালয় প্রচাৰ কাৰ্য কলিকতাৰ পৰাই চলাই নিবৰ বাবে ‘বাঁহী’ৰ তেতিয়াৰ সম্পাদক মাধৱচন্দ্ৰ যাৱতীয় কাম হাতত ল’বলৈ ১৯৪৪ চনৰে ডিচেম্বৰ মাহত বিশ্ববিদ্যালয় সন্মিলন এখন অনুষ্ঠিত কৰিবলৈ ট্ৰাষ্ট বোৰ্ডক ভাৰ দিয়া হয়। উক্ত সন্মিলনতে ৩০ ডিচেম্বৰ ১৯৪৪ চনৰ সন্মিলনত প্ৰস্তাৱ কৰা হয় যে অসমৰ বিশ্ববিদ্যালয়খন এনে হ’ব লাগিব যে ইয়াৰ সহায়েৰে যেন আমি কৃষ্টিমূলক, ভাষামূলক আৰু ৰাজনীতিমূলক জাতীয় সত্তা উপলব্ধি কৰিব পাৰো। এই সন্মিলনৰ (convention) পূৰ্বে অসমত সূকীয়া বিশ্ববিদ্যালয় সম্পৰ্কত অন্যান্য অনুষ্ঠান প্রতিষ্ঠানবিলাকে প্ৰচেষ্টা চলাই আহিছিল। ১৯৩৫ চনত অসম এছ’চিয়েশ্যনে বিশ্ববিদ্যালয়ৰ আঁচনি তৈয়াৰ সম্পৰ্কে প্রচেষ্টা হাতত লোৱা দেখা যায়। ‘অসমীয়া’ই এনে বাতৰি পৰিৱেশন কৰি জনসজাগতা বঢ়াই তুলিছিল।

‘‘অসমৰ কাৰণে এটা সুকীয়া বিশ্ববিদ্যালয়ৰ দাবী আজি দেশৰ চুকে-কোণে বিয়পি পৰিছে। অসম এছ’চিয়েশ্যনে প্ৰায় দুবছৰৰ আগতে এই প্রস্তাৱ সমৰ্থন কৰি সম্প্ৰতি এখন বিশ্ববিদ্যালয় আঁচনি তৈয়াৰ কৰিবৰ কাৰণে আৱশ্যকীয় তথ্যসম্বল গোটোৱাত ৰত হৈ আছে।

‘‘আমি অসমৰ কাৰণে সুকীয়া বিশ্ববিদ্যালয়ৰ দাবী কৰিছো—কলিকতা বিশ্ববিদ্যালয়ৰ শিক্ষা পদ্ধতি বেয়া বুলি কিম্বা কলিকতা বিশ্ববিদ্যালয়ৰ পৰা আমি একো উপকাৰ পোৱা নাই বুলি নহয়। আমি মাত্ৰ সম্পূৰ্ণ যুক্তিসংগতভাৱে কওঁ যে না না কাৰণ আৰু প্ৰতিকূল অৱস্থাৰ কাৰণে কলিকতা বিশ্ববিদ্যালয়ে শিক্ষা বিষয়ত অসমৰ বিশেষ অভাৱ আৰু আৱশ্যকতাবিলাক পূৰণ কৰিব নোৱাৰে। কলিকতা বিশ্ববিদ্যালয়ৰ শ্ৰেষ্ঠ আৰু সুধীবৃন্দয়ো এই কথা সমৰ্থন কৰিছে। কলিকতাৰ ‘আছামীজ ষ্টুডেণ্টছ ৱেলফেয়াৰ লীগে’ অলপতে অসমত বিশ্ববিদ্যালয় পতা সম্পৰ্কে মতামত সংগ্ৰহ কৰে৷’’ ১০ আগষ্ট, ১৯৩৫ চন৷

এনে ধৰণৰ বাতৰিৰ পৰা বুজিব পাৰি, অসমত সূকীয়া বিশ্ববিদ্যালয়ৰ স্থাপনৰ দাবীয়ে কেবা দশকো ধৰি অসমবাসীক প্ৰৱলভাৱে জোকাৰি দিছিল আৰু এই জোকাৰণিৰ আভাস ‘অসমীয়া’ৰ পাতে পাতে পোৱা যায় বাবে ‘অসমীয়া’খন অসমীয়াৰ জাতীয় জীৱনৰ বিৱৰ্তনৰ ইতিহাসত খচৰা হৈ পৰে।

বিশ্ববিদ্যালয়ৰ হৈ পৰা বিলম্বই স্বাভাৱিকতে অসমবাসীৰ প্রৰামত আঘাত দিছিল৷ ‘অসমীয়া’ই অসমবাসীৰ এনে উদ্বিগ্নতা প্ৰকাশ কৰি মন্তব্য দিছিল—‘‘বিশ্ববিদ্যালয় লাগে এতিয়াই৷’’

১৯৪৬ চনৰ ১৯ এপ্ৰিল তাৰিখৰ সংখ্যা ‘অসমীয়া’ৰ সম্পাদকীয় শিতানতো আছিল বিশ্ববিদ্যালয় লাগে এতিয়াই৷ ইয়াত লিখা হৈছিল ;

দুবছৰ তিনি মাহৰ পূৰ্বে গুৱাহাটী নগৰত গুৱাহাটী বিশ্ববিদ্যালয় সন্মিলনীৰ প্রথম অধিৱেশন বহে। দেশত তেতিয়া ঘোৰ দুৰ্দিন। ৰণুৱাৰ দোপদোপনিত, সামৰিক যান-বাহনৰ হুলস্থূল ভাত-কাপোৰৰ চিন্তা এই সকলোবোৰে অসমবাসীক অতিষ্ঠ কৰি তুলিছিল। সৰহভাগ দেশসেৱক তেতিয়া বন্দীশালৰ ভিতৰত-যিকেইজন মুকলি হৈ বাহিৰ ওলাইছিল পুলিচ ৰাজৰ উপদ্ৰৱত তেওঁলোকৰো প্ৰায়খিনিৰ ওপৰত অন্তৰীণৰ আদেশ জাৰী আছিল। আনৰ কথাকে নেলাগে শ্ৰীযুত গোপীনাথ বৰদলৈ ডাঙৰীয়াও গুৱাহাটীৰ মিউনিচিপালটীৰ চাৰি সীমাৰ বাহিৰ ওলাবৰ অধিকাৰৰ পৰা বঞ্চিত আছিল। এনে আহুকলীয়া সময়তে স্বৰ্গীয় শৰৎচন্দ্ৰ গোস্বামীদেৱৰ উদ্যোগত কেইবাজনো উৎসাহী শিক্ষিত ডেকাই অসমত এখন সুকীয়া বিশ্ববিদ্যালয় পাতিবলৈ ওলায় আৰু তেওঁলোকে বৰদলৈ ডাঙৰীয়াৰ ওচৰ চাপে। বিদ্যুৎসাহী বৰদলৈ দেৱেও ডেকাসকলৰ এই সজ উদ্যমৰ শলাগ লৈ নিজেও অসমৰ এই জাতীয় অভাৱ দূৰ কৰিবলৈ আগবাঢ়ি আহে। সেই উদ্দেশ্যেই ধন তোলা আদি যাৱতীয় কাম কৰিবৰ কাৰণে অসমৰ প্রত্যেক মহকুমাৰ প্ৰতিনিধিসকলৰ এখন বিশ্ববিদ্যালয় সন্মিলনী পাতিবলৈ স্থিৰ কৰা হয়। কিন্তু বিনামেঘে বজপাত হোৱাৰ দৰে তাৰ কেইদিনমান আগতে সন্মিলনীৰ গুৰিধৰোতা স্বৰ্গীয় শৰৎ চন্দ্ৰ গোস্বামীদেৱৰ দিল্লী নগৰত আকস্মিক মৃত্যুৰ সংবাদে সকলোৰে মনত বিষাদৰ ছাঁ পেলায়৷

‘‘বৰদলৈ ডাঙৰীয়াৰ মনৰ দৃঢ়তাই সেইখিনি সময়ত কৰ্মীসকলৰ মন ভাঙি যোৱাৰ পৰা ৰক্ষা কৰে। অহা-যোৱাৰ ঘোৰ অসুবিধাৰ মাজতো অসমৰ প্ৰায় ঠাইৰ পৰা প্রতিনিধি আৰু দৰ্শকৰ উপস্থিতিত সমাৰোহেৰে বিশ্ববিদ্যালয় সন্মিলনী হৈ যায় আৰু বৰদলৈ ডাঙৰীয়াৰ সভাপতিত্বত গঠিত ট্ৰীষ্ট বোৰ্ডক গুৱাহাটী বিশ্ববিদ্যালয় পাতিবৰ কাৰণে ধন তোলা আৰু সকলো আৱশ্যকীয় ব্যৱস্থা ল’বলৈ দায়িত্ব আৰু ক্ষমতা দিয়া হয়।’’

গুৱাহাটীত অনুষ্ঠিত প্ৰস্তাৱিত বিশ্ববিদ্যালয় সম্পৰ্কীয় অভিৱৰ্তনৰ দুবছৰৰ পিছত ‘অসমীয়াত লিখা দেৱকান্ত বৰুৱাৰ ‘বিশ্ববিদ্যালয় এতিয়াই লাগে’ সম্পাদকীয়ৰ দুই বছৰৰ পিছত গুৱাহাটী বিশ্ববিদ্যালয় আৰম্ভ হ’ল। অসমবাসীৰ সুদীৰ্ঘ আন্দোলনৰ সামৰণি পৰিল। এই বিশ্ববিদ্যালয়খনৰ সহায়েৰে অসমীয়াৰ কৃষ্টিমূলক, ভাষামূলক আৰু ৰাজনীতিমূলক জাতীয় সত্তা উপলব্ধি কৰাৰ আকাংক্ষা সফল হৈছে নে নাই, কিম্বা ই যথাৰ্থতে অসমীয়া জাতিৰ ভাষা, সাহিত্য, সংস্কৃতিৰ মণিকূট হৈছে নে নাই–সেইটো বেলেগ কথা৷

অসমৰ অতবোৰ মানুহে মহাত্মা গান্ধীয়ে কোৱা দৰে মানুহ নামত কিবা ক্ষুদ্ৰ জন্ত (মেনিকিং)। নোহোৱাটো সাব্যস্ত কৰা বাবে ক্ৰিপছৰ মহা অনিষ্টকাৰী গ্ৰুপিং আঁচনি ব্যৰ্থ হ’ল। ঠিক সেইদৰে অসমৰ বিশ্ববিদ্যালয় আন্দোলনৰ নোযোৱা-নুপুওৱা দিনবোৰ ১৯১৭ চনত কলিকতা বিশ্ববিদ্যালয়ৰ ছেদলাৰ আয়োগৰ কণ্ঠত প্ৰথমে উচ্চাৰিত হোৱা অসমৰ বিশ্ববিদ্যালয় প্ৰস্তাৱৰ যোগে আৰম্ভ হৈ ক্ৰমান্বয়ে ১৯৪৮ চনৰ বিভিন্ন আন্দোলনৰ মাজেদি পৰিসমাপ্তি ঘটে– গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হয়। অসমীয়াৰ স্বপ্ন দিঠকত পৰিণত হ’ল আৰু কিছুমানৰ বিশেষকৈ ছিলেটায়াসকলৰ কুতৰ্ক আৰু ষড়যন্ত্ৰ সামৰণি পৰিল।৷ বিশ্ববিদ্যালয় সমিতিৰ সম্পাদক গোপীনাথ বৰদলৈয়ে স্পষ্ট কৰি দিছিল আৰু তেওঁ কৈছিল, “অসমত বিশ্ববিদ্যালয় স্থাপনৰ যিখন আঁচনি তৈয়াৰ কৰিছিল, তাত অসমীয়াৰ লগতে বঙলা আৰু হিন্দীৰো শিক্ষণৰ ব্যৱস্থা সামৰি লৈছিল, কাৰণ ‘ডক্টৰ টেগোৰ, বংকিম চেটাৰ্জি, ডি এল ৰায় আৰু আনসকলৰ লেখনীৰ দ্বাৰা সমৃদ্ধ হোৱা সাহিত্যৰ পৰা আমি আঁতৰি থাকিব নোৱাৰো।’’২৯

গ্ৰুপিঙৰ সময়ত অসমীয়া কোন স্পষ্ট হৈ পৰাৰ দৰেই গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমত বিশ্ববিদ্যালয় বিচৰা আন্দোলনে অসমীয়াৰ সংজ্ঞাটো স্পষ্ট হৈছিল ‘বাঁহী’ত। শৰৎচন্দ্ৰ গোস্বামীয়ে লিখিছিল : “যি লোকে অসমীয়া ভাষাক নিজৰ ভাষা বুলি স্বীকাৰ কৰিছে, আৰু অসমীয়াৰ কৃষ্টিক নিজা কৰি লৈ তাৰ প্রতি আদৰ কৰিব পাৰিছে, তেৱেঁই অসমীয়া ৷ অসম উপত্যকাৰ আৰু দাঁতি কাষৰীয়া পৰ্বতীয়া আৰু সীমান্ত জিলাসমূহৰ অধিবাসীসকল অসমীয়া। এইসকল মানুহৰ কাৰণে এখন বিশ্ববিদ্যালয় লাগে। …সত্তৰ লক্ষ অসমীয়া মানুহৰ কাৰণে এখন বিশ্ববিদ্যালয়ৰ নিতান্ত আৱশ্যক।’’৩০

‘বাঁহী’ৰ সম্পাদক ডেকাবেজে ১৯৪৪ চনৰ মে’ মাহত লিখিছিল : “এতিয়া অসমীয়াৰ কৰ্তব্য কি? অসমীয়াৰ কৰ্তব্য এটাৰ বাহিৰে দুটা নাই। বৰ্তমান অসমীয়াৰ কৰ্তব্য হৈছে লোকৰ লেজুত ধৰি বল দিবলৈ নগৈ নিজে নিজে নিজাকৈ বিশ্ববিদ্যালয়টো পাতি লোৱা। …অসম দেশখন যাতে বংগদেশৰ এই কলুষিত হাৱাত পৰিবলৈ নাপায়, তাৰ ব্যৱস্থা ল’বলৈ সাজু হৈ অসম বিশ্ববিদ্যালয় আন্দোলন পুনৰ আৰম্ভ কৰিম।’’৩১

সাদিনীয়া ‘অসমীয়া’ৰ তেতিয়াৰ সম্পাদক জ্যোতিপ্ৰসাদ আগৰৱালাই ১৯৪৪ চনত অসমৰ বিশ্ববিদ্যালয় সম্পৰ্কে লিখিছিল : “আজিৰ দিনত সভ্য জগতত উপযুক্ত স্থান বিচৰা এটা জাতিৰ কাৰণে এটা নিজস্ব বিশ্ববিদ্যালয় যে অপৰিহাৰ্য, এই কথাটো প্ৰতিক্ৰিয়াশীল গৱৰ্ণমেণ্টে নুবুজিলে বুলিয়েই যে অসমীয়া ৰাইজে উপলব্ধি নকৰাকৈ আছে, এনে নহয়। অসমীয়া চহৰীয়াৰ পৰা গাঁৱলীয়ালৈকে, পণ্ডিতৰ পৰা ছাত্ৰলৈকে সকলোৱেই বুজিব পাৰিছে যে আজি আমাৰ এটা বিশ্ববিদ্যালয় পাতি যদি অসমীয়াৰ চিন্তা শক্তি কেন্দ্ৰীভূত কৰিব নোৱাৰি, তেন্তে আমাৰ জাতীয় সংস্কৃতি বিপন্ন হ’ব৷’’৩২

আমাৰ জাতীয় সংস্কৃতি বিপন্ন হোৱাৰ পথ কেনি–এই বিষয়ে জ্যোতিপ্ৰসাদ আগৰৱালাই যি সঁকীয়নি দিছিল সি আজিও সত্য হৈ আছে।

immigrants

বিদেশী পমুৱা সমস্যা

অসমীয়াৰ উন্নতিৰ পথত ডাঙৰ অন্তৰায়ৰূপে থিয় দিয়া বিদেশী পমুৱাবিলাকে গ্ৰেজিং ৰিজাৰ্ভৰ বেদখল কৰাৰ সমস্যা সন্দৰ্ভত ‘অসমীয়া’ই যুক্তিসংগত ভূমিকা অৱলম্বন কৰি সজাগ জনমত সৃষ্টি কৰি তুলিছিল৷ অসমীয়া সাংবাদিকতাৰো এই ভূমিকা এক বলিষ্ঠ আৰু আদৰ্শ স্থানীয় এঁতিহ্য। পমুৱাৰিলাকে ৰাজ্যখনৰ অ’ত ত’ত থকা পতিত মাটিবিলাক দখল কৰি লৈছিল চৰকাৰী পতিত মাটি আৰু ৰিজাৰ্ভৰ পৰা পমুৱাক উচ্ছেদ কৰাৰ ব্যৱস্থা, সেই বিলাকক স্থায়ী পটন দি গোজকে গজ-গজীয়া কৰিবলৈ লোৱা ব্যৱস্থা- অৰ্থাৎ তেতিয়াৰ ছাদুল্লা চৰকাৰে এনে মাটি বন্দোবসন্তি নীতি গ্ৰহণ কৰি পেলোৱা হ’ল। ‘অসমীয়া’ই অতীজৰে পৰা চৰকাৰৰ এনে ঘোৰ অননিষ্টকাৰী নীতি সম্পৰ্কত চৰকাৰক সতৰ্ক কৰি দিছিল আৰু এইটোক জাতীয় প্ৰতিবাদ সাব্যস্ত কৰিবলৈ প্রয়াস পাইছিল। চৰকাৰী মাটি পট্টন নীতিৰ অনিষ্টকাৰিতাৰ বিভিন্ন দিশ পৰ্যালোচনা কৰাৰ লগতে ‘অসমীয়া’ই ছাদুল্লা মন্ত্ৰীসভাৰ দৃষ্টিভংগী আৰু কাৰ্যকলাপৰ বিৰুদ্ধে তীৱ সমালোচনা কৰি আহিছে। প্ৰধানমন্ত্ৰী ছাদুল্লা চৰকাৰৰ বিভিন্ন প্ৰকাৰৰ ‘চালাকি’ৰ বিৰুদ্ধে (সম্পাদকীয় ১৯৩৮ চন, ৮ ফেব্ৰুৱাৰি) মত প্রকাশ কৰে৷ ছাদুল্লা মন্ত্ৰীসভাত নতুনকৈ স্থান পোৱা আব্দুল মতিন চৌধুৰীয়েহে মন্ত্ৰীসভা ছাদুল্লাৰ নহয় বুলি মন্তব্য কৰি এহাতে তেতিয়াৰ গৱৰ্ণৰগৰাকীয়ে কংগ্ৰেছক চৰকাৰ গঠনৰ সুবিধা নিদি ছাদুল্লাক দ্বিতীয়বাৰ চৰকাৰ গঠন কৰিবলৈ দিয়াটো পৰিষদৰ সৰ্বপ্ৰধান দল কংগ্ৰেছৰ প্ৰতি থকা ঘৃণাৰ চিন (সম্পাদকীয় ১৯৩৮, ৮ ফেব্ৰুৱাৰি) বুলি অভিহিত কৰিছিল; আনহাতে প্ৰধানমন্ত্ৰী ছাদুল্লাৰ দুৰ্বলতা দেখুৱাই দিছিল। ‘অসমীয়া’ই এই প্ৰসংগত প্রশ্ন তুলিছিল– আন কোন প্ৰদেশত গৱৰ্ণৰে এনে দায়িত্বহীনতাৰ পৰিচয় দিছে? দেশবাসীয়ে ইয়াৰ সমিধান দিব বুলি জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰাটো মন কৰিবলগীয়া৷ ছাদুল্লা মন্ত্ৰীভাত যোগদান কৰা ৰোহিণী কুমাৰ চৌধুৰীকো কঠোৰভাৱে সমালোচনা কৰি সম্পাদক হৰেন্দ্ৰ নাথ বৰুৱাই ‘পূৰা সাম্প্ৰদায়িকতাবাদী মন্ত্ৰীসভাৰ অংশীদাৰ হৈ’ তেওঁৰ অৱস্থা ‘শোচনীয়’ কৰি তোলাৰ কথাটো স্পষ্ট কৰি দিছিল৷ লাইন প্ৰথা উঠাই দিবৰ বাবে প্ৰাণপণে চেষ্টা কৰি অহা মন্ত্ৰী মতিন চৌধুৰীৰ সৈতে মন্ত্ৰিত্বৰ বোজা বহন কৰাত ৰোহিণী কুমাৰ চৌধুৰীয়ে তেওঁৰ নিঃস্বাৰ্থতা, নিভীকতা আৰু দেশপ্ৰেম ভুৱা বুলি প্ৰমাণিত কৰা নাইনে বুলিও প্ৰশ্ন কৰিছে।

নতুন মন্ত্ৰীসভা গঠনৰ বাতৰিটো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰি (৫ ফেব্ৰুৱাৰি) ‘নতুন মন্ত্ৰীসভাত চৌধুৰী ডাঙৰীয়াৰ ক্ষমতা হাস’ শিৰোনামা দিছিল। বাতৰিত কোৱা হৈছিল : শাসনতান্ত্ৰিক বিধান অনুসাৰে অনাস্থা বা অক্ষমতা হেতু পদত্যাগ কৰা এই (ছাদুল্লা) মন্ত্ৰীসভাৰ মুৰব্বীক (ছাদুল্লাক) পুনৰ নতুন মন্ত্ৰীসভা গঠন কৰিবলৈ আহ্বান নকৰি পৰিষদৰ সৰ্বপ্ৰধান দল কংগ্ৰেছ দলৰ নেতাকহে গৱৰ্ণৰে নতুন মন্ত্ৰীভা গঠন কৰিবলৈ আহ্বান কৰাটো উচিত আছিল। উল্লেখযোগ্য সম্প্ৰতি ছাৰকাৰিয়া আয়োগৰ প্ৰতিৱেদনত এনে পৰামৰ্শ আগবঢ়োৱা হৈছে। ‘অসমীয়া’ই ১৯৩৮ চনতে এই বিষয়ে অভিমত দাঙি ধৰি দূৰদশী ৰাজনৈতিক চিন্তাৰ পৰিচয় সদৰি কৰিছিল। ছাদুল্লা মন্ত্ৰীসভাৰখনৰ ছজন সদস্যৰ দপ্তৰবিলাক ভাগ কৰোতে মন্ত্ৰীসভাৰ দ্বিতীয় স্থানত থকা ৰোহিণী কুমাৰ চৌধুৰী আৰু পুৰণি মন্ত্ৰী ৰেভাৰেণ্ড নিকলছ্‌ ৰয়ক কম গুৰুত্বপূৰ্ণ দপ্তৰ দিয়াত বিশেষকৈ চৌধুৰীৰ হাতৰ পৰা বিচাৰ বিভাগ এৰুৱাই ‘জংঘলী’ (বন) বিভাগৰ দায়িত্ব দিয়াটো বহুতে চৌধুৰীৰ ক্ষমতা খৰ্ব কৰা বুলি ভবাৰ বাতৰিও দিছিল। কাকতখনে পৰ্যালোচনামূলক ৰাজনৈতিক বাতৰি পৰিৱেশনৰ দিশ মকলি কৰে৷

ৰাজ্যৰ স্বাৰ্থত আঘাত কৰা সকলো দিশৰ সমস্যাৰ প্রতি ‘অসমীয়া’ সজাগ হৈ প্ৰকৃতাৰ্থত জাতিৰ প্ৰহৰীলৈ (watch dog) পৰিণত হৈছিল। ইয়াৰ গুৰিত থকা দেশপ্ৰেমিক সম্পাদকসকলৰ ব্যক্তিত্বৰেই সুস্থ প্ৰতিফলন কাকতখনত ঘটিছিল ৷ সেই অৰ্থত ‘অসমীয়া’ যুক্তিনিষ্ঠ জাতীয়তাবাদী ব্যক্তিত্বৰ সম্প্ৰসাৰণস্বৰূপ হৈছিল। জাতীয় স্বাৰ্থৰ বিঘিনিকাৰক বিষয় সন্দৰ্ভত কাকতখনৰ মত স্পষ্ট আছিল। নিভীকতা অসমীয়াৰ ব্যক্তিত্ব। সম্পূৰ্ণ নিঃস্বাৰ্থ হ’লে আৰু দূৰদৃষ্টি থাকিলেহে এনেদৰে নিভাক হ’ব পাৰি৷ ই সাংবাদিকতাৰ বাবেও এক শিকনি। ১৯৪১ চনৰ ৩ মাৰ্চ তাৰিখে অসমৰ তৃতীয় ছাদুল্লা মন্ত্ৰীসভাৰ বাজেট সন্দৰ্ভত বিশেষকৈ আগৰ ছাদুল্লাৰ অর্থ মন্ত্ৰিত্বৰ বিপৰীতে খানবাহাদুৰ ছৈয়দুৰ ৰহমান চাহাবৰ বাজেটৰ বিষয়ে লিখা কাকতখনৰ মন্তব্য মন কৰিবলগীয়া ৷ ১৯৪১ চনৰ ৭ মাৰ্চ তাৰিখৰ সম্পাদকীয়ত সেই বছৰৰ বাজেটত ১১ লাখতকৈও অধিক টকা ধাৰ্য কৰাত আশ্চৰ্য প্ৰকাশ কৰা হৈছে। লগতে বাজেটৰ আন ক্ষতিকাৰক দিশৰো স্পষ্ট ভাষাত সমালোচনা দাঙি ধৰি কোৱা হৈছে:

‘‘সৰু-বৰ অসংখ্য নতুনকৈ সৃষ্টি কৰা চাকৰিয়াল পদৰ কাৰণে কৰা ব্যৱস্থাৰে এই বাজেট পৰিপূৰ্ণ ৷ ইয়াৰ সৰহভাগ পদেই অস্পষ্ট অনাৱশ্যক আৰু মন্ত্ৰীসভাৰ নিজ স্বাৰ্থ সিদ্ধিৰ কাৰণে সৃষ্টি বুলি ডাঠি কওঁ। কি চিভিল ছাৰ্ভিছ, কি শিক্ষা বিভাগ, কি তথাকথিত প্ৰায় উন্নতি কোনো ক্ষেত্ৰতে ইমানবিলাক নতুন মানুহ ল’বৰ আৱশ্যক নাই।’’

175 Years

দেশ বিক্ৰীৰ স্কীম

বিংশ শতাব্দীৰ আৰম্ভণিৰে পৰা পূব বংগৰ পৰা অসমলৈ বিপুলসংখ্যক লোকৰ প্ৰব্ৰজন ঘটে। সেইবিলাকক তেতিয়া পমুৱা বোলা হৈছিল। পাকিস্তান সৃষ্টি হোৱাৰ পিছত এই সোঁতক বিদেশীৰ প্ৰব্ৰজন বোলা হয়। পমুৱাবিলাকৰ চৰ-চাপৰি সংশোধিত গ্ৰেজিং দখল কৰি বসতি কৰিবলৈ লয়। শতাব্দীৰ আৰম্ভণিৰ প্রায় ২৫ বছৰৰ ভিতৰতে পমুৱাবিলাকৰ সংখ্যা ১০ লাখৰ অধিক হোৱা বুলি কোৱা হৈছিল। এই বিষয়ৰ প্ৰামাণিক নথি হিচাপে ১৯৩১ চনৰ লোকপিয়ল উল্লেখযোগ্য। ইয়াত বিদেশী আই চি এছ ছুপাৰিণ্টেণ্ডেণ্ট (অসমৰ) মিঃ চি এছ মুলানে পমুৱাৰ সোংতৰ পৰিণতিলৈ লক্ষ্য কৰি তেতিয়াই সকীয়াই দিছিল যে এই প্ৰব্ৰজনৰ সোঁত অব্যাহত থাকিলে–অৰ্থাৎ তেতিয়াৰ পূববংগৰ পৰা অসমলৈ পমুৱা আহি থাকিলে অহা ৩০ বছৰৰ ভিতৰত উজনি অসমৰ শিৱসাগৰ জিলাৰ বাহিৰে সমগ্ৰ অসম এইবিলাকৰ কৱলত পৰিব। ইয়াৰ পিছত গঠিত মুছলিম লীগৰ মন্ত্ৰীসভাই পূববংগৰ পমুৱা প্রত্ৰজনক প্ৰত্যক্ষভাৱেই পোষকতা কৰি আহে।

ছাদুল্লা মন্ত্ৰীসভাই ১৯৪১ চনত ডেভেলপমেণ্ট স্কীম নামৰ ব্যৱস্থালৈ ইতিপূৰ্বে বলৱৎ হৈ থকা লাইন প্ৰথা আৰু পতিত মাটি বন্দৱন্তি নীতি উলাই কৰি পমুৱাবিলাকক উৎসাহ প্ৰদান কৰে। ছাদুল্লা মন্ত্ৰীসভাই গ্ৰহণ কৰা এনে দৃষ্টিভংগীৰ ঘোৰ বিৰোধিতা কৰি ‘অসমীয়া’ই ১৯৪১ চনৰ ৮ আগষ্ট সংখ্যাৰ কাকতত এনেদৰে সকীয়াই দিছিল : ছাদুল্লা মন্ত্ৰীসভাই লাইন প্রথা আৰু পতিত মাটিৰ বন্দৱস্তিৰ সম্পৰ্কে গোপনে কিম্বা উদাসীনভাৱে যিমানে পাৰে অসমীয়াৰ অন্যায় আৰু অনিষ্ট কৰাৰ পিছত ১৯৪০ চনৰ ২৬ জুন কাকতত এই অন্যায় প্ৰকাশ্যে যি মনোভাৱ প্রকাশ আৰু যি মনোভাৱকে ভিত্তি কৰি ১৯৪০ চনৰ ৪ ডিচেম্বৰৰ অসম গেজেটত যি ঘোৰ অমংগলজনক তথাকথিত ডেভেলপমেণ্ট স্কীম ঘোষণা কৰিছিল, ইতিপূৰ্বে আমি সেই মনোভাৱ আৰু আঁচনিৰ বাহুল্য সমালোচনা কৰি আহিছো আৰু সেই ‘ডেভেলপমেণ্ট স্কীম’ক দেশ বিক্ৰীৰ স্কীম বুলি অভিহিত কৰি অসমীয়া ৰাইজক সেই বিষয়ে সতৰ্ক কৰি দিছিলো।৷ সম্প্ৰতি সেই তথাকথিত ‘ডেভেলপমেণ্ট স্কীম’ কাৰ্যকৰি কৰিবৰ কাৰণে ছাদুল্লা মন্ত্ৰীসভাই নিযুক্ত কৰা ডেভেলপমেণ্ট স্কীম অফিচাৰ মৌঃ চুধুৰীয়ে সেই স্কীম কাৰ্যকৰি কৰিবৰ বাবে যি ৰিপ’ৰ্ট দিছে, সেই ৰিপ’ৰ্টে আমাৰ উক্ত বক্তব্যৰ সত্যতা ভালকৈ প্ৰমাণ কৰিছে।’’ (সম্পাদকীয়- ‘অসমীয়া’ ১৯৪১ চন, ৮ আগষ্ট)

ছাদুল্লাই মন্ত্ৰীৰ পমুৱা নীতিৰ কঠোৰ সমালোচনা কৰি ইয়াৰ জাতীয় স্বাৰ্থবিৰোধী দৃষ্টিভংগীক উদঙাই দিয়াৰ দৰেই ‘অসমীয়া’ই ছাদুল্লাৰ শিক্ষা, ট্ৰাইবেল জনসাধাৰণৰ স্বাৰ্থহানিৰ কাৰ্যকলাপ সম্পৰ্কত স্পষ্ট মত দিছিল। ছাদুল্লাৰ শিক্ষা নীতিৰ বিৰোধিতা কৰি তেতিয়াৰ শিক্ষা বিভাগৰ ডাইৰেক্টৰ মিঃ স্মলে পদত্যাগ কৰিব লগা হৈছিল যদিও অৱশ্যে অৱসৰ গ্রহণ কৰে বুলিহে বাতৰি ওলাইছিল কিন্তু মিঃ স্মলৰ অৱসৰ গ্ৰহণ কৰা আঁৰৰ কথা কলিকতাৰ এখন কাকতত প্ৰকাশ পোৱা চিঠিত প্ৰকাশ পাইছিল৷ ‘অসমীয়া’ই নিভীকভাৱে ছাদুল্লা মন্ত্ৰীসভাৰ কেলেংকাৰী শিতানত লিখা সম্পাদকীয়ত কথাবিলাক জনসাধাৰণৰ দৃষ্টিলৈ আনিবলৈ সক্ষম হৈছিল।

ইয়াত উল্লেখ কৰা হয়, “মিঃ স্মলৰ এই চিঠিৰ পৰা দেখা যায় যে ছাদুল্লা মন্ত্ৰীসভাই শিক্ষা বিভাগৰ নিয়োগ, বদলি, প্ৰমোচন আদি সৰু-বৰ অসংখ্য কামত ডাইৰেক্টৰ মিঃ স্মল আৰু তেওঁৰ সহকাৰী ইঙ্গপেক্টৰ কাৰ্যত পদে পদে হস্তক্ষেপ কৰি শিক্ষাৰ লগত কোনো সম্বন্ধ নথকা স্বাৰ্থ পূৰণৰ উদ্দেশ্যে নিজৰ মইমতীয়া ক্ষমতা চলাইছিল। অনেক ক্ষেত্ৰত শিক্ষা বিভাগৰ মুৰব্বী ডিৰেক্টৰ ডাঙৰীয়াৰ কোনো পৰামৰ্শকে বিচৰা হোৱা নাছিল। শেহত সুৰমা উপত্যকা বিভাগৰ স্কুল ইলপেক্টৰ নিয়োগ কৰাৰ নিচিনা গুৰুত্বপূৰ্ণ কাৰ্য এটাতো যেতিয়া তেওঁৰ কোনো অভিমতকে বিচৰা নহ’ল আৰু সম্পূৰ্ণ অ-শিক্ষামূলক উদ্দেশ্যে এজন সুযোগ্য কৰ্মচাৰী মিঃ আবু লেইছক শিক্ষামন্ত্ৰী মহোদয়ে ভৰ্তি কৰিলে তেতিয়া আৰু তেওঁৰ (মিঃ স্মলৰ) পক্ষে অসহ্য হৈ উঠিল আৰু এই মন্ত্ৰীসভাৰ তলত কাম কৰিবলৈ অসন্মত হৈ ছুটী বিচাৰিলে৷’’ (অসমীয়া–২৬ আগষ্ট ১৯৪১ চন)।

ছাদুল্লা মন্ত্ৰীসভাৰ ট্ৰাইবেলৰ স্বাৰ্থ ৰক্ষাৰ নমুনা শীৰ্ষক সম্পাদকীয়ত ‘অসমীয়া’ই লিখিছিল :

‘‘ছাদুল্লা মন্ত্ৰীসভাৰ আমোলত ট্ৰাইবেল জনসাধাৰণৰ স্বাৰ্থ কেনেকৈ পদে পদে হানি হ’ব লাগিছে, সেই কথা আমি বহুবাৰ আলোচনা কৰি দেখুৱাই আহিছো আৰু ট্ৰাইবেল সম্প্ৰদায়ৰ বহুত ভুক্তভোগী লোকেও এই কাকতৰ যোগেই প্ৰকাশ কৰি আহিছে। ছাদুল্লা মন্ত্ৰীসভাই তেওঁলোকৰ মন্ত্ৰিত্ব ৰক্ষা কৰিবৰ কাৰণে অসমৰ হিন্দুৰ সংখ্যা কৃত্ৰিমভাৱে হ্ৰাস কৰিবৰ কাৰণে আৰু বংগদেশৰ পৰা মুছলমান পমুৱা আমদানি কৰি অসম প্রদেশ মুছলমান সংখ্যাগৰিষ্ঠ প্ৰদেশত পৰিণত কৰি ভৱিষ্যতে বংগৰ সৈতে সংযুক্ত কৰি মিঃ জিন্নাৰ কল্পিত পূব পাকিস্তান মুছলিম ৰাজ্যত পৰিণত কৰিবৰ উদ্দেশ্যে ট্ৰাইবেল সম্প্ৰদায়ৰ এম এল এ আৰু এম এল চি কেইজনক কিছুমান ভুৱা দি কিম্বা ব্যক্তিগতভাৱে অলপ পুৰস্কাৰ দি কেনেকৈ হাত কৰিছে আৰু তেওঁলোকৰ সহায়ত ছাদুল্লা চাহাবে কেনেকৈ তেওঁৰ পাকিস্তান স্থাপনৰ পথত অগ্ৰসৰ হৈছে, সেই কথা আৰু চকু থকা লোক মাত্ৰেই বুজিছে আৰু দেখিছে।’’ (অসমীয়া, সম্পাদকীয় ১৯৪১, ৫ ছেপ্টেম্বৰ)

১৯৪১ চনৰ শেহ ভাগত ছাদুল্লা মন্ত্ৰীসভাৰ অপ্ৰত্যাশিতভাৱে পতন হোৱাত ‘অসমীয়া’ই কৰা মন্তব্য মন কৰিবলগীয়া : “তৃতীয় ছাদুল্লা মন্ত্ৰীসভাৰ পতন হৈছে। কথাতে কয় বোলে তিনিবাৰেহে নিবাৰ। গতিকে আমি আশা কৰো তৃতীয়বাৰ পতন হোৱাৰ পিছত আৰু এই অবাঞ্ছনীয় মন্ত্ৰীসভাৰ পুনৰুদ্ভৱ নহ’ব-ই চিৰকাললৈ লুপ্ত হ’ব৷’’

উল্লেখযোগ্য, কাকতখন মুছলিম লীগৰ লগতে কংগ্ৰেছ দলৰ উথত্থান-পতনৰ ক্ষেত্ৰতো সততে সজাগ আছিল আৰু ৰাজ্যখনৰ ভৱিষ্যৎ কাম হাতত নিৰাপদ হ’বগৈ যে পাৰে–সেই কথাত কাকতখনে এনেকৈ স্পষ্ট দৃষ্টিভংগী গ্ৰহণ কৰি আহিছিল। প্ৰগতিশীল জাতীয়তাবাদী ধাৰাটো কাকতখনত অব্যাহত আছিল।

একেই সজাগতাৰ বাবেই পমুৱাৰ সোঁত তথা লাইন প্ৰথা সন্দৰ্ভত কাকতখনে অসমীয়া ৰাইজৰ ক্ষতিকাৰক চৰকাৰী নীতিৰ সমালোচনা কৰি গৈছিল। আনকি কংগ্ৰেছ দলে এই ক্ষেত্ৰত দেখুৱা উদাসীনতা কাকতখনে সকীয়াই দি নিৰপেক্ষতা অৱলম্বন কৰিছিল।

উল্লেখযোগ্য, পমুৱাবিলাকে অসমীয়া ৰাইজে বসতি কৰা বা ভোগ দখলত থকা মাটিত বেদখল কৰিবলৈ আবদ্ধ কৰাত ১৯১৬ চনত নগাওঁ জিলাৰ বৰকলা কৰ্তংপক্ষই লাইন ছিষ্টেম (লাইন প্ৰথা) নামৰ এক ব্যৱস্থা উডাৱন কৰে। ১৯২০ চনৰ পৰা জিলাখনত প্ৰয়োগ কৰা হয় আৰু পিছলৈ কামৰূপ জিলাৰ বৰপেটা মহকুমাতো এই প্ৰথা বলৱৎ কৰা হয়। প্ৰথা মতে মাটিবিলাক বিভাগ কৰি পেলোৱা হয়। (১) কিছুমান মাটিত পমুৱাবিলাক নিৰ্বিবাদে বসতি কৰিব পাৰিব; (২) যিবিলাকত পমুৱাৰ বসতি গ্ৰাহ্য কৰা নহয়; (৩) য’ত লাইন থাকিব তাৰ বাহিৰতহে এইবিলাকে বসতি কৰিব পাৰিব।৩৩ পমুৱাৰ বসতিৰ বিৰুদ্ধে লাইন প্রথা উপযুক্ত প্ৰতিবিধান নাছিল। বিভাগীয় কৰ্মচাৰীৰ অৱহেলা আৰু স্বাৰ্থপৰ কাৰ্যকলাপৰ বাবে পমুৱাই সুবিধা উলিয়াই লৈছিল আৰু গ্ৰেজিংবিলাক পমুৱাৰ স্থায়ী বসতিলৈ পৰিণত হৈছিল। উচ্ছেদ কৰা যদিও হৈছিল, তেনে উচ্ছেদেও মূৰকত কোনো ফল ধৰা নাছিল। ভেটাৰ ব্যৱহাৰ হৈছিল।

‘অসমীয়া’ই তেনে বাতৰিও চকুত পৰাকৈ পৰিৱেশন কৰিছিল; কেবাজনো পমুৱা মুখীয়াল গ্ৰেপ্তাৰৰটিকা খোৱাৰ অভিযোগ/বৰপেটাৰ গ্ৰেজিঙত পমুৱা বহুওৱা ফিকিৰ/গ্ৰেজিং ৰিজাৰ্ভ আৰু পতিত মাটিত নতুন মানুহ বহুৱাই অজস্ৰ টকা লোৱাত এই মহকুমাৰ কেবাজনো দেৱানী আৰু পমুৱা মুখীয়াল মানুহক মাটি দি টকা লোৱা সংক্ৰান্তত গ্ৰেপ্তাৰ কৰা হৈছে। (অসমীয়া, ১২ মে’ ১৯৪৪ চন) বিভিন্ন অঞ্চলত পমুৱা আৰু স্থানীয় লোকৰ মাজত অকল তিক্ততাই নহয়, সংঘৰ্ষৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। সংঘৰ্ষত আহত হোৱাৰ উপৰিও পুলিচে শান্তি ৰক্ষাৰ্থে গুলীবৰ্ষণ কৰিবলগীয়া ঘটনাও হৈছিল :

নগাঁৱত পমুৱা গ্ৰেজিয়াৰ সংঘৰ্ষ; এজন নেপালী জখম সিন্ধুখোৰ ৰিজাৰ্ভত মৈমনছিঙীয়াৰ বেদখল৷

…১০ হেজাৰ বিঘা মাটি ট্ৰাইবেল সিন্ধুখোৰ মৌজাৰ পৰা মৈমনছিঙীয়াক দিবলৈ স্থিৰ কৰে৷ নগাঁৱৰ উপায়ুক্তক আপত্তি জনাই পমুৱাসকলে দৰ্খাস্ত দিয়াত কোনো ফল নধৰাত মৈমনছিঙীয়া পমুৱাই সুবিধা পাই অত্যাচাৰ আৰম্ভ কৰে। এজন নেপালী মানুহক নিজৰ গৰুৰ খুঁটিতে দাৰে ঘপিয়াই জখম কৰে।

কাৱৈমাৰী ৰিজাৰ্ভত নপমুৱাৰ ওপৰত গুলীবৰ্ষণ, বৰপেটাৰ কাৱৈমাৰী ৰিজাৰ্ভত কিছুমান নপমুৱাই আইন অমান্য কৰি জোৰ কৈ মাটি দখল কৰি ঘৰ-বাৰী সাজি থকাত মহকুমাধিপতিয়ে তেওঁলোকক উচ্ছেদ কৰিব লগা হোৱাত তেওঁলোকৰ শান্তিভংগৰ কাৰণে উদ্যত হৈছিল আৰু সেই দেখি পুলিচে গুলী কৰিবলৈ বাধ্য হৈছিল। (অসমীয়া, ১০ মাৰ্চ, ১৯৪৫ চন)

বাংলাভাষী পমুৱাসকল ডাঙৰ সমস্যা বুলি ‘অসমীয়া’ত প্ৰবন্ধপাতি প্ৰকাশ পোৱাটো মন কৰিবলগীয়া–বিশেষকৈ হৰেন্দ্ৰ নাথ বৰুৱাই ‘অসমৰ ভৱিষ্যৎ’ শীৰ্ষক এলানি প্রবন্ধযোগে এই জটিল সমস্যাবোৰ আতিণগুৰি বিশ্লেষণ কৰি জনমতৰ ওপৰত বিশেষ প্রভাৱ বিস্তাৰ কৰাটো বুজিব পাৰি ৷ অসমীয়াৰ প্ৰাক্তন সম্পাদকগৰাকীয়ে ১৯৪০ চনৰ ৩ মাৰ্চ তাৰিখৰ ‘অসমৰ ভৱিষ্যৎ’, পমুৱাৰ বে-দখল আৰু অন্যান্য আনুষংগিক বিপদৰ বিষয়ে এনেদৰে লিখিছিল :

‘‘আটাইতকৈ বিপদৰ কাৰণ হৈ উঠিছে বঙালী পমুৱাসকল আৰু তেওঁলোকৰ সমৰ্থক স্থানীয় বঙালীসকল। চাহ বাগিচাৰ বনুৱাসকল যি নহওক কিস্তিবন্দী হিচাপে অসমলৈ আহিছে। তেওঁলোকৰ সৰহভাগেই আহি আছে গৈ আছে; অসমত কোনো স্থায়ী খুঁটি পুতিবলৈ বা অসমীয়া মানুহৰ লগত তেওঁলোকৰ বিশেষ অৰিয়াঅৰিও নাই। তেওঁলোকৰ যিসকলে চাহ বাগানৰ পৰা ওলাই নিজ প্ৰদেশলৈ ঘূৰি নগৈ অসমত বসতি কৰিছে তেওঁলোকে অসমীয়া মানুহৰ লগত মিলেৰেই আছে, অসমীয়া ভাষা লৈছে আৰু আন নীতি-নিয়মো গ্রহণ কৰি সময়ত অসমীয়াৰ লগত একেবাৰে মিলি যাবলৈ আশা কৰিছে। কিন্তু বঙালী পমুৱাসকল আহিছে ইয়াত নিগাজীভাৱে বসতি কৰিবলৈ ৷ এই শতিকাৰ কেইবছৰমানৰ পিছৰ পৰাই তেওঁলোকে দলে দলে এই প্ৰদেশলৈ আহিবলৈ ধৰিছে। মোটামুটিভাৱে যোৱা ৪০ বছৰৰ ভিতৰত তেওঁলোকৰ সংখ্যা ইমান বেছি (৮ লাখৰো অধিক) হৈছে গৈ যে তেওঁলোকে দলে দলে আহি অসমৰ ভাল ভাল, পতিত মাটিবিলাকতো দখল কৰিছেই বহুমূলীয়া চৰকাৰী ৰিজাৰ্ভবিলাক আৰু বহুত অসমীয়া মানুহৰ (বিশেষকৈ ট্ৰাইবেল আৰু অনুন্নত সম্প্ৰদায়ৰ) দখল ভুক্ত মাটিও অসমীয়াক খেদি বলেৰে দখল কৰিছে। ১৯৩৫ চনৰ শাসনতন্ত্ৰ আইনৰ শাসন প্ৰৱৰ্তিত হোৱাৰ আগতে অসম গৱৰ্ণমেণ্টে বংগদেশীয় পমুৱাৰ এনে উৎপাতত কিছু বাধা দিছিল; ১৯৩৭ চনত উক্ত নতুন শাসনতন্ত্ৰ প্ৰৱৰ্তিত হ’বৰ পিছৰ পৰাই মাজতে মাত্ৰ এবছৰ কংগ্ৰেছীযুক্ত মন্ত্ৰীসভাৰ শাসনৰ বাহিৰে সাম্প্ৰদায়িকতাবাদী ছাদুল্লা মন্ত্ৰীভাৰেই শাসন বাহাল থকাৰ সুবিধা লৈ বংগদেশীয় মুছলমান পমুৱাই প্ৰায় অবাধে দিগ্বিজয় কৰিব লাগিছে। সাম্প্ৰদায়িকতাবাদী ছাদুল্লা মন্ত্ৰীসভাই তেওঁলোকক বাধা দিয়াটো দূৰৰ কথা, প্ৰশ্ৰয়হে দিছে। পমুৱাসকলে বেআইনীভাৱে দখল কৰা নানান চৰকাৰী পতিত আৰু ৰিজাৰ্ভ মাটিৰ পৰা তেওঁলোকক উচ্ছেদ কৰাটো দূৰতে থাওক তেওঁলোকক সেইবিলাক মাটিৰ পট্টাহে দিয়া হৈছে আৰু এই পদ্ধতিক ছাদুল্লা গৱৰ্ণমেণ্টে নিৰ্লজ্গভাৱে ‘Regularization of Settlement’– অৰ্থাৎ অশুদ্ধ দখলৰ শুদ্ধিকৰণ বুলি অভিহিত কৰিছে। তদুপৰি কেইটামান ফৰেষ্ট আৰু গ্ৰেজিং ৰিজাৰ্ভ নতুনকৈ বিদেশী পমুৱাক পট্টা দিবৰ কাৰণে খুলি দিয়াৰ প্রস্তাৱ কৰিছে। হাজাৰ হাজাৰ মাটি নোহোৱা অসমীয়াক মাটি দি বহুৱাই অন্ন সংস্থানৰ পথ দিবলৈ অসম গৱৰ্ণমেণ্টে মনোযোগ দিয়া নাই। গ্ৰেজিং ৰিজাৰ্ভবিলাকত বঙালী পমুৱা বহাৰ পৰা গৰু, ম’হৰ চৰমীয়া পথাৰৰ অভাৱত হাজাৰ-বিজাৰ অসমীয়া খেতিয়কৰ আৰু শ শ ব্যৱসায়ী গ্ৰেজিয়াৰৰ কি মহা বিপদ হৈছে, তালৈ গৱৰ্মমেণ্টে ভ্ৰক্ষেপ কৰা নাই৷ গৱৰ্ণমেণ্টৰ নিজা হিচাপ মতেই অসম উপত্যকাত অৱশিষ্ট থকা মাত্ৰ কেইলাখমান বিঘা পতিত মাটি এইদৰে সমুদায় বিদেশীক দি দিলে বৰ্তমান মাটি নোহোৱা অসমীয়া মানুহবিলাকৰ আৰু ভৱিষ্যতে সংখ্যা বৃদ্ধি পোৱা অসমৰ মানুহ ক’ত থাকিব, তেওঁলোকৰ কি বিলাই হ’ব, সেই বিষয়ে গৱৰ্ণমেণ্টৰ ভ্ৰক্ষেপ নাই৷ মৈমনছিঙীয়া পমুৱাই মাটি-বাৰী কাঢ়ি লোৱা মানুহবিলাকক ছাদুল্লা গৱৰ্ণমেণ্টে আশ্বাস দিছে যে তেওঁলোকক পৰ্বতৰ কাষত একোখণ্ড আছুতীয়া ঠাইত মাটি বন্দবস্তি দিয়া হ’ব৷ ভৈয়ামৰ সমতল সাৰুৱা ভূমিখিনি মৈমনছিঙীয়াক দি খাঁচ অসমীয়া হোজা ট্ৰাইবেলসকলক পৰ্বতৰ গৱৰ্ণমেণ্টে কেনে সুবিচাৰৰ পৰিচয় দিছে!!”… মাটি বন্দৱস্তি দিয়া নীতি সম্পৰ্কে গৱৰ্ণমেণ্টৰ নতুন সিদ্ধান্ত আৰু কমিশ্যনাৰলৈ দিয়া চিঠিয়ে যেনিবা মথাউৰি ভাঙি বানপানীৰ বাট মুকলি কৰি দিলে। পমুৱাবোৰে যোৱা কেইসপ্তাহত চুৱাগুৰিৰ পশ্চিমে থকা ভোজমাৰি, কুমলীয়া, চিপৰিয়াল ৰিজাৰ্ভত আক্ৰমণ কৰিছে। মি নিজেই চিপৰিয়ালত নতুন পামৰ ঘৰবোৰ দেখি আহিছো। মই শুনিছো, সিহঁতে আঁতৰত থকা চুৱাগুৰিৰ পৰা জাকে জাকে আহি ঘৰ সাজে আৰু খেতি আৰম্ভ কৰে। স্থানীয় মুষ্টিমেয় গ্ৰেজিয়াৰে তাৰ প্ৰতিবাদ কৰাৰ আৰু চৰকাৰী বিষয়াসকলৰ শৰণাপন্ন হোৱাৰ বাহিৰে একো কৰিব নোৱাৰে। স্থানীয় বিষয়াসকলৰ হাত-ভৰি চৰকাৰী হুকুমে বান্ধি থৈছে।… বেদখলকাৰী পমুৱাৰ কাৰণে অসমলেণ্ড আৰু ৰেভিনিউৰেণ্ডলেশ্যন নাই বুলিলেও হয়। … ‘চুৰি-ডকাইত, পাশৱিক অত্যাচাৰ আদি অসমীয়া ৰাইজৰ ওপৰত এই পমুৱাবিলাকৰ উপদ্ৰৱৰ কথা কোৱা বাহুল্য মাতোন। অসমৰ এজন ভূতপূৰ্ব পুলিচ ইল্পেক্টৰ জেনেৰেল আৰু কেবাজনো ডেপুটি কমিশ্যনাৰৰ পৰা আৰম্ভ কৰি অনেক চৰকাৰী বিষয়াৰ মুখেই সেইবিলাক কথা প্রকাশ পাইছে।”

১৯৪০ চনত লীগে তথা মিঃ জিন্নাই পাকিস্তানৰ আঁচনি গ্ৰহণ কৰাৰ পূৰ্বে অসমলৈ অহা বঙালী পমুৱাবিলাকক মাটি দিয়া নিয়ম সম্পৰ্কত দুটা মতৰ সৃষ্টি হৈছিল। এটা মতে অসমক পৰিকল্পিতভাৱে পাকিস্তানত সুমুৱাৰ কাৰণেই পমুৱাবিলাক আহিছে। সেইবিলাকক মাটিৰ বন্দৱস্তি দিয়াত অসমীয়া ৰাইজৰ অনিষ্ট হয় বুলি ভাবিছিল। আনহাতে আনটো মতে বিশেষকৈ কমিউনিষ্টসকলে ১৯৪০ চনৰ আগেয়ে অহাসকলক পতিত মাটিত বহিবলৈ দিব লাগে বুলি দৃষ্টিভংগী গ্ৰহণ কৰিছিল। ‘অসমীয়া’ই সকলো পমুৱাৰ উচ্ছেদৰ ওপৰত গুৰুত্ব দিছিল আৰু ইয়াত সকলোৰে সহযোগিতা কামনা কৰিছিল-কিয়নো অসমীয়া ৰাইজৰ ভৱিষ্যতে সুৰমাৰ বাবেই এনে সোঁতত বাধা দিয়া আৱশ্যক বাবে ইয়াৰ বিৰোধিতা কৰাসকলক অসমহিতৈষী বুলি পৰিগণিত কৰা নাছিল। ‘অসমীয়া’ই অসমীয়া ৰাইজ কোন–ইয়াৰ সূত্ৰ বান্ধি ব্যাখ্যা নকৰিলেও অসমবাসীৰ সকলোৰে হিতৰ বাবে জোৰ দিছিল। কিন্তু ইয়াৰ ভিতৰতে ‘দৈনিক বাতৰি’য়ে ১৯৩৫ চনত অসমৰ প্ৰব্ৰজন সমস্যা সন্দৰ্ভত স্পষ্ট মত দি পৰিস্থিতিৰ পটভূমি ব্যাখ্যা কৰি দিছিল।

immigrants

অসমত ইমিগ্ৰেণ্টছ

‘‘অসমত বিদেশীৰ অহা-যোৱা প্ৰথমৰ পৰাই অধিক। তাৰ কাৰণ, অসম দেশৰ স্বাভাৱিক সম্পদ বহুত আৰু যথেষ্ট মাটি পৰি আছিল আৰু চাকৰি-ব্যৱসায়ত অসমীয়া মানুহ সিমান আগবঢ়া নাছিল আৰু এতিয়া আগবাঢ়িব খুজিলেও বিদেশীক ঠেলি যাবলগীয়া হৈছে। কাজেই খুন্দা খাই ফুৰিছে; সুবিধা পোৱা নাই। অতচ অসমত দৰকাৰ পৰা নাছিল কাৰণেও বিদেশী অহা-যোৱা সম্বন্ধে কোনো নিয়ন্ত্ৰণ কৰা আইনো নাছিল। অসমত স্থায়ীভাৱে বসবাস কৰিবলৈ ধৰে প্ৰথমতে চাহ বাগিচাৰ বনুৱাবিলাক৷ তাৰ পাছত লগে ভাগে অহা সৰু-সৰু দোকানীবিলাকো গাৱেঁ-ভূঞে সোমাই সোমাই মাটিবাৰী লৈ, খেতি-পথাৰো কৰি, বিশেষকৈ খেতিৰ উৎপন্ন শস্যবিলাক কিনি লৈ ব্যৱসায় চলাই বহিবলৈ ধৰে। কেঞা মহাজনৰ বহুতেও এই পন্থা অৱলম্বন কৰে। এইদৰে সানমিহলি হৈ বিদেশীয়ে ঠায়ে ঠায়ে স্থায়ীভাৱে বহিবলৈ ধৰে।

‘‘ইয়াৰ পাছত ছিলেটীয়াসকলৰ যথেষ্ট লোক আহি বিশেষকৈ ধোদৰ আলিটো জুৰিয়েই বহিবলৈ ধৰে। অন্য ঠাইতো বহে।

‘‘নেপালীবিলাকেও প্ৰথমতে গাখীৰৰ কাৰবাৰ কৰিবলৈ ম’হৰ খুঁটি পাতি ঠায়ে ঠায়ে বহে। লাহে লাহে খেতি-বাতি কৰিও বহি যায়। তেওঁলোকে খেতিৰ ভিতৰত কুঁহিয়াৰ কেতিয়েই ঘাইকৈ ধৰে। এই সকলোবিলাক বিদেশী চেটলাৰ্ছৰ কথা মাতি একৰকম অসমীয়া হৈ গৈছে। ছিলটীয়াসকলৰ ভিতৰতো অসমীয়া ছিলটায়া গাঁও এখনেই গোলাঘাট অঞ্চলত হৈ গৈছে। ইয়াৰ ভিতৰত নগাঁৱৰ অসমীয়া শিখবিলাকৰ কথা আমি ধৰাই নাই। কাৰণ তেওঁলোক আজি খাচ অসমীয়া।

‘‘শেহত আহে পৰুৱাৰ লানিৰে মৈমনছিঙীয়াসকল; এওঁলোকৰ আগমনত প্রথম ইমিগ্ৰেণ্টসকলৰ ওপৰত আমাৰ মানুহৰ চকু পৰে৷ তাৰ কাৰণো আছিল। এওঁবিলাকৰ কিছুমান আমাৰ মানুহৰ মাজত শান্তিৰে বসবাস কৰাবিধৰ লোক নাছিল। এতিয়াও বহুত ক্ষেত্ৰত নহয়। বেছিভাগ মুছলমান ৷ কাজেই, হিন্দুপ্ৰধান ঠাইবিলাকত, আচাৰ-ব্যৱহাৰ বেলেগ হোৱাত তাতে highest sentiment অৰ্থাৎ, মনৰ উৎকৰ্ষতা নথকা স্বভাৱতে কথাই কথাই মিলতকৈ অমিলৰ ভাববিলাক বেছিকৈ ওলাই পৰিছিল। সেই কাৰণে প্ৰথম ছোৱাত গোলমালো বহুত হৈ গ’ল। যি হওক, এই মৈমনছিঙীয়া লোকবিলাকক বেলেগ বেলেগ ঠাই নিৰ্দেশ কৰি বহুৱাবৰ ব্যৱস্থা কিছুদূৰ হ’ল।

‘‘এতিয়া এই বিদেশী ছেটলাৰ্ছবিলাক অতিশীঘ্ৰে সম্পূৰ্ণ অসমীয়া ভাৱাপন্ন হৈ গ’লে তেওঁলোকৰো মংগল, অসমীয়া জাতিৰো, বিশেষ আপত্তিৰ কাৰণ নেথাকিব। আৰু এই কাম বঙালী ছেটলাৰ্ছসকলৰ বাহিৰে আপোনা-আপুনি একৰকম হৈ আহিছে। বঙালী চেটলাৰ্ছসকলো সেই ভাবতেই পেটে পেটে থাকিলেও শিক্ষিত অসম প্ৰবাসী বঙালীসকলে (Race arrogance) বঙালী জাতি উন্নত জাতি ভাবি অসমীয়া হৈ সেইবিলাক লোক আমাৰ মাজত জাহ যোৱা কথাটো পছন্দ নকৰে৷ আজি সকলো জাতি সংঘৰ গুৰিতেই বঙালীসকলৰ এই অহংকাৰৰ ভাবে বাধা দিছে। ইমানেই প্ৰকৃত ঘটনা।

‘‘এতিয়া মৈমনছিঙীয়াসকলে সেই কথা বুজি উঠিছে যেন আমাৰ বিশ্বাস। কাৰণ, তেওঁবিলাকৰ ভিতৰত খেতি-বাতি কৰি খোৱা অথচ শিক্ষিত সোমাই শান্তিৰে নিজে আনকো থাকিবলৈ দিয়াটোহে নিজৰো স্বাৰ্থ সিদ্ধি কৰাৰ একমাত্ৰ উপায় বুলি ভাবিছে। যদিও কৰ্ণপিশাচসকলে তেওঁলোকক আনদৰে বুজাই দিব খোজে।

‘‘আমি মুছলিম কনফাৰেঞ্চৰ অভ্যৰ্থনা সমিতিৰ সভাপতিয়ে এই বিষয়ে যিখিনি কথা কৈছে মূলতঃ সমৰ্থন কৰো। তেওঁ কৈছে, “অসম উপত্যকাৰ মুছলমানৰ ভিতৰতেই বংগদেশৰ পৰা অহা ইমিগ্ৰেণ্টসকলে ক্ৰমে ত্ৰমে অসমীয়া হৈ পৰিছে। আমাৰ অৱশ্যে কৰ্তব্য হৈ পৰিছে তেওঁবিলাকৰ উন্নতি আৰু হিতাৰ্থে কাৰ্য কৰা। অসমীয়া ভাষাৰ জৰিয়তে প্ৰাথমিক শিক্ষা ইমিথ্ৰেণ্ট অঞ্চলত বাধ্যতামূলক কৰা উচিত। আৰু তাৰ কাৰণে অসম গৱৰ্ণমেণ্টে বাজেটত বিশেষকৈ টকা মঞ্জ্ৰ কৰিব লাগিব। আগলৈ আহিবলগীয়া ইমিথ্ৰেণ্জসকলক অসমত মাটি-ভেটি দিয়াত এনেকুৱা নীতি গৱৰ্ণমেণ্টে অৱলম্বন কৰিব লাগিব যাতে অসমৰ নিজ সন্তানসকলৰ কাৰণে প্ৰচুৰ পৰিমাণে মাটি সংৰক্ষিত কৰি থোৱা হয়। ইমিগ্ৰেণ্টসকলৰ বৰ্তমানে থকা বিশেষ অসুবিধাবোৰ ক্ৰমে তুলি দিয়া উচিত।’’

মোৰ বিবেচনাত এই কনফাৰেঞ্চত এটা যুগমীয়া ‘অসম মুছলিম ইমিগ্ৰেণ্ট ছেটলাৰ্ছ উন্নতি সাধিনী কমিটী’ নিযুক্ত কৰি দিয়া উচিত, যি কমিটীয়ে তেওঁবিলাকৰ অভাৱ-অভিযোগ আদি জানি সেইবোৰ দুৰীভূত কৰিবলৈ আৰু তেওঁবিলাকৰ উন্নতি আৰু হিতাৰ্থে কাৰ্য কৰিবলৈ উপযুক্ত ব্যৱস্থা কৰিব পাৰে। অলপতে গঠিত হোৱা ‘অসম প্ৰৱাসী আৰু ছেটলাৰ্ছ এছোচিয়েশ্যনে’ অসমৰ মুছলিম ইমিপ্ৰেণ্টসকলৰ প্ৰতিনিধিত্ব কৰিব নোৱাৰে৷

‘‘আমি নিজেও বিশ্বাস কৰি আহিছো মৈমনছিঙীয়া ইমিগ্ৰেণ্টসকল প্ৰকৃততে অসমীয়া হ’বলৈ ইচ্ছুক আৰু নহ’লে তেওঁবিলাক কেতিয়াও আমাৰ বুকুত এখন সুকীয়া মৈমনসিং পাতি সুখে-শান্তিৰে খাই-বৈ থাকিবলৈ সুবিধা নেপাব। তাৰ ফলত তেওঁবিলাকৰ নাতি-পুতিয়ে শেহত শাও দিবলৈ বাধ্য হ’ব। যিসকলে ‘জাত ভাই’ বুলিয়েই (Unrestricted iigration) বিদেশীৰ আগমনৰ কোনো নিয়ন্ত্ৰণ হোৱা উচিত বুলি বিবেচনা নকৰে আৰু এই বাবে হিন্দু সম্প্ৰদায়ে তেনে কথা উলিয়ালেই অন্যভাব পোষণ কৰে তেওঁবিলাকে আজি মৌলৱী তৈয়বুল্লা চাহাবৰ এই বিষয়ে যুক্তিপূৰ্ণ কথাখিনি ভালদৰে কাণপাতি শুনক। এখন দেশৰ হাৱাপানী-অন্নেৰে বৰ্ধিত হ’ব লাগিলে সেই হাৱাপানী আৰু অন্ন নিজৰ জোখাৰে হ’বই লাগিব। নিজে উশাহ নলৈ আনক জীওৱা টান।

‘‘আমি শেহত আজি ইমানকে ক’ব খোজো, অসমত বিদেশী বুলি কথা এটা স্বীকাৰ কৰা নেযাব৷ যিসকলে ইয়াত বসবাস কৰি নিগাজী হৈছে বা হ’বৰ ইচ্ছা কৰে তেওঁলোকে মাতৃভাষা অসমীয়া বুলি মুখেৰে নহয়, কাৰ্যত গ্ৰহণ কৰি দেখুৱাব লাগিব। আৰু কুৰি বছৰো ইয়াত থাকক সেই কথাই যথেষ্ট নহ’ব, যদিহে দেশতো ঘৰ বুলি এখন গৃহস্থালি ৰাখিবলৈ নেৰে। তেনে লোকৰ সুবিধাবাদক আমি সন্দেহ কৰিম দুই নাৱত দুই ভৰি হ’লে আমাৰ কোনো কামত নাহিব। নিজলৈকে টান। লগতে ইমিগ্ৰেণ্টসকলক মৌলব তৈয়বুল্লা চাহাবৰ লগত আমিও কওঁ, “অসম প্ৰৱাসী আৰু ছেটলাৰ্ছ এছোচিয়েশ্যনে যি বৰশী চিপ পেলাইছিল তাত যেন নপৰে। ‘প্রৱাসী’ সকলকো কওঁ—এনেখন চেটলাৰ্ছ এছোচিয়েশ্যন যেন তেওঁবিলাকে সোনকালে (Settle-up) শেষ কৰি পেলায়৷’’৩৪ (২৬ ভাদ, ১৮৬৭ || ১২ ছেপ্টেম্বৰ, ১৯৩৫)

‘‘দৈনিক বাতৰি’ৰ সম্পাদকীয়টিত খাঁচ অসমীয়া ৰাইজ কোনখিনি– অসমত থকা আৰু থাকিবলৈ অহাখিনিৰ ভিতৰত কোনখিনি আচল অসমীয়া ৰাইজ হ’ব পাৰে-তাৰ ব্যাখ্যা ফৰিংফুটা হৈ পৰিছে। এই বিষয়ত কোনো ধৰণৰ বিভ্ৰান্তিৰ থল নাই। অৱশ্যে ইয়াৰ পটভূমি “অসমীয়া’’ই কেতিয়াবাই পৰিষ্কাৰ কৰি থৈছে। ১৯২৯ চনৰ ২০ জুলাই তাৰিখৰ লক্ষ্মীনাথ ফুকনৰ সম্পাদনাত ওলোৱা “অসমীয়া” কাকতে “অসমীয়া আৰু মৈমনছিঙীয়া” শিতানত গোটেই অসমৰ পৰিস্থিতি দি ব্যাখ্যা কৰিছে। ইয়াত লিখা হৈছিল এনেদৰে :

‘‘আজি নগাওঁ জিলাৰ ঢিং অঞ্চলত মৈমনছিঙীয়াৰ পৰা অসমীয়া ৰাইজৰ বিলৈ কুলাই-পাচিয়ে নধৰা হৈছে। অসমৰ আন আন ঠাইতো মৈমনছিঙীয়াৰ প্রতাপত অসমীয়া মানুহ তিষ্ঠিব নোৱৰা হৈছে, কিন্তু নগাঁৱৰ ঢিং অঞ্চলত তাৰে কোব সকলোতকৈ চৰা। ঢিং অঞ্চলত গৱৰ্ণমেণ্টে মৈমনছিঙীয়াবিলাকক সুমুৱাই দি অসমীয়া ৰাইজক জোলোকা-জোলোকে যি ত্যক্ত দিব লাগিছে তাক ব্যক্ত কৰিবৰ ভাষা বিচাৰি পোৱা টান। মৈমনছিঙীয়াবিলাক সচৰাচৰ মৈমনসিঙত জমিদাৰসকলৰ তলত থাকি ঘেটা খাই না না অত্যাচাৰ ভুঞ্জি ত্যক্ত পাই অসম দেশলৈ আহি সম্পূৰ্ণ স্বাধীন হোৱাদি হ’ল৷ মাটিৰ লগত ক’ত কি যে কটা-কটি মৰা-মৰি হৈছে তাৰ ইয়ত্বা নাই। এই মাটি খকুৱা মানুহবিলাকে সময়ে সময়ে গৱৰ্ণমেণ্টৰ আইনো উলংঘা কৰিবলৈ উপেক্ষা কৰা নাই৷ কোনো কোনো ক্ষেত্ৰত গৱৰ্ণমেণ্টৰহে পৰাজয় হোৱা দেখা গৈছে। তাৰ প্রমাণস্বৰূপে ঢিং চাৰ্কেলৰ চহৰি পাম, শলগুৰি পথাৰ, দাঁতিয়ালবাৰী, কালিকাজাৰি, বোৱালমাৰি, হালধিবাৰী, বৰখাবল, ওঁতলাবৰী আদি প্ৰায় বহুতো লাইনৰ নক্সা যেতিয়া সম্পূৰ্ণ অসমীয়া লাইন হৈ আছিল তেতিয়া মৈমনছিঙীয়াবিলাকে এই লাইনবিলাক বলেৰে দখল কৰাতো দুই-তিনিবাৰ জৰিমনা কৰিও তুলিব নোৱাৰি শেষত সান-মিহলি লাইন দিবলৈ গৱৰ্ণমেণ্ট বাধ্য হৈছিল। এই বিষয়ে আগেয়ে কেইবাবাৰো বিস্তৃত বিৱৰণ ‘অসমীয়া’ত ওলাই গৈছে। গৱৰ্ণমেণ্টে চল্লিশ-পঞ্চাশটামান অসমীয়া লাইন সান-মিহলি লাইন কৰি দিয়াৰ পাছতো অন্ততঃ এই চাৰ্কেলত পঞ্চাশ-ষাঠিটা ব্লক সম্পূৰ্ণ অসমীয়া লাইন হৈ আছিল। তাকো গৱৰ্ণমেণ্টে খাজনা পোৱাৰ আশাতেই নে কি ক’ব নোৱাৰি উনত্ৰিশটা লাইন সম্পূৰ্ণ মৈমনছিঙীয়া লাইন কৰি বিঘাই প্ৰতি ২৫ টকাকৈ ছাৰ্ভে ফি আদায় কৰি মৈমনছিঙীয়াবিলাকক বহিবলৈ দি ধন ঘটিবলৈ উজু উপায় উলিয়াই লৈ ভৱিষ্যৎ অসমীয়াসকলৰ মূৰত টাঙোন মাৰি মাটি-খকুৱাবিলাকৰ অশেষ পূণ্যৰ ভাগী হ’ল।

‘‘বৰ্তমানে শুনিবলৈ পোৱা গৈছে যে যিবিলাক অসমীয়া লাইন খুলি দিয়া হৈছে তাৰ কোনো কোনো লাইনত অসমীয়া ৰায়তে ভাঙি খেতি কৰা মাটি বহুতো আছে আৰু বৰ্তমানেও খেতি কৰি খাই আছে, তেনে মাটিকো অসমীয়াসকলক বঞ্চিত কৰি মৈমনছিঙীয়াবিলাকক দি ছাৰ্ভে ফি আদায় কৰা হৈছে। যদি প্ৰকৃততে এই কথা সঁচা হয় তেন্তে অসমীয়াসকলৰ যে কি অৱস্থা হৈছে তাক ভাবিলেও গা বেজবেজাই যায়। তাত যিগৰাকী লোকক মাটি ভাগ কৰি বাটি দিবলৈ গৱৰ্ণমেণ্টে পঠাইছে তেওঁ হ’ল ছিলটীয়া মুছলমান৷ তেওঁনো অসমীয়া ৰায়তৰ দুখ-দুৰ্গতিলৈ চাই স্বজাতিসকলৰ অপকাৰ কৰিবনে? এই বিষয়ে অসমীয়াসকলে বহুতো কৰিও বোলে চৰকাৰৰ পৰা কোনো সমিধান পোৱা নাই। এই লাইনবিলাক খুলি দিয়াৰ ফলত তঅত্যাচাৰপ্রিয় মৈমনছিঙীয়াবিলাকৰ মাজত সোমাই নিৰীহ অসমীয়া ৰায়ত ল’ৰা-তিৰোতা লৈ থকাটো অতি সাংঘাতিক কথা হৈ পৰিছে। তাৰে ওপৰত আকৌ বজ্ৰপাত, — অসমীয়াৰ একসনীয়া মাটি কাঢ়ি কাঢ়ি লৈ বিলাই-বিপত্তি নোহোৱা কৰি অসমীয়াক সাতাম পুৰুষীয়া মাটি ভেটিৰ পৰা যে বঞ্চিত কৰি পৰ্বতে-পাহাৰে নেখেদিব তাত কোনো সন্দেহ নাই। গৱৰ্ণমেণ্টে অন্ততঃ এইখিনি ভাবি চোৱা উচিত যে অসমীয়া ৰায়ত নিৰীহ শান্তিপ্ৰিয়, কাঁজিয়া-পেঁচালৰ পৰা আঁতৰত থাকিবলৈ তেওঁলোকে ভাল পায় আৰু মৈমনছিঙীয়াবিলাক ঠিক তাৰ বিপৰীত৷ মৈমনছিঙীয়াই কটা-কটি, কাঁজিয়া, পেঁচাল, গোচৰ-মোকৰ্দমা নকৰাকৈ থাকিবই নোৱাৰে৷ এনে স্থলত অসমীয়া ৰাইজ যাতে সাতামপুৰুষীয়া মাটি-ভেটিৰ পৰা বঞ্চিত নহয়, তাৰ অৰ্থে ম্যাদি পট্টা দিয়া নিতান্ত উচিত।

‘‘ইয়াৰ উপৰিও আৰু এটা কথা অতিশয় দুখ লগা। অসমীয়া ৰায়ত অসমৰে খাচ বাসিন্দা মৈমনছিঙীয়াবিলাকক মাটি আধি দিব নোৱাৰে, অথচ মৈমনছিঙীয়াই মৈমনছিঙীয়াক দিব পাৰে। এই সুযোগতে কতবিলাক সামান্য লিখা-পঢ়া জনা মানুহে নিজ দেশত কোনো প্ৰকাৰে অন্নসংস্থান কৰিব নোৱাৰি অসমলৈ আহি এশ-দুশ পুৰাকৈ মাটি ৰাখি মাতব্বৰ নাম ধাৰণ কৰি যে জমিদাৰী খিতাপ আৰম্ভ কৰিছে তাৰ লেখ-জোখ নাই। অথচ কত মধ্যবিত্ত শ্ৰেণীৰ অসমীয়াই হালোৱা-পথৰুৱাৰ অভাৱত খণগ্রস্ত হ’ব লাগিছে তাৰ ইয়ত্বা নাই। দুখীয়া অসমীয়া ৰায়ত মৈমনছিঙীয়াবিলাকৰ প্ৰতাপত থাকিব নোৱাৰি অইন ঠাইলৈ ভাগি যোৱাৰ ফলত মাজ মূৰত মধ্যবিত্তসকলৰ মৰণ হৈছে। তেনেস্থলত মৈমনছিঙীয়াবিলাকক আধি নিদিলে এই শ্ৰেণীৰ মানুহ তৰে কেনেকৈ তাক এবাৰ গৱৰ্ণমেণ্টে ভাবি চোৱা উচিত৷ আকৌ মৈমনছিঙীয়াবিলাকে পাঁচ পুৰাতকৈ বেছি মাটি পাব নোৱৰাৰ আইন থকাতো একো একোজনক এশ-দুশ পুৰাকৈ মাটি দি এনেকৈ প্ৰচণ্ড প্ৰতাপ কৰিবলৈ দিয়াটো যুক্তিসংগত হোৱা নাই। মুঠৰ ওপৰত গৱৰ্ণমেণ্টে একেজনকে ইমান মাটি নিদি তাৰ কিছুমান মাটি কাটি অইন মাটি নোহোৱা মানুহক দিব পাৰে দেখোন৷ তেতিয়াহ’লে অসমীয়াৰ লগত কাঁজিয়া কৰাটোৰ কিছু শাম কটাৰ সম্ভৱ, আৰু কিছুমান অসমীয়া লাইনো ৰক্ষা পাবৰ সম্ভৱ। এতিয়াই কত অসমীয়াই যে মাটিৰ নিমিত্তে হাহাকাৰ কৰি ফুৰিছে তাৰ অন্ত নাই। একো একোজন মৈমনছিঙীয়াক এনেভাৱে প্রচণ্ড প্ৰতাপ কৰিবলৈ দিয়াৰ ফলত অসমীয়া জাতিক হেঁচা মাৰি ধ্বংস কৰিবলৈ সুবিধা দিয়াহে হৈছে মাথোন৷”

অসমীয়া জাতিৰ ভৱিষ্যৎ ৰক্ষাৰ বাবেই চৰ-পতিত মাটিত বেপৰোৱাভাৱে কৰি চৰকাৰৰ উদাসীনতাৰ পক্ষে সমালোচনা কৰা দেখা যায় ‘অসমীয়া’ত লিখিছিল :

immigrants

বেদখলকাৰীবিলাকক উচ্ছেদ কৰক

‘‘অবাধে পতিত মাটি পোৱাৰ উপৰিও অসম প্ৰাদেশিক মুছলিম লীগৰ পমুৱা সভাপতি আৰু আন আন লীগ নেতাৰ উচটনিত পমুৱাবিলাকে গ্রেজিং ৰিজাৰ্ভত বেদখল কৰি যি অৰাজকতাৰ সৃষ্টি কৰিছিল আৰু লীগপন্থী মন্ত্ৰীসভাই সেই বেদখলবোৰ আইন মতে সিদ্ধ (regularise) কৰি আৰু বাকীবোৰ ৰিজাৰ্ভ পমুৱাক বিলাই দি অসমক পাকিস্তানত পৰিণত কৰিবৰ যি চক্ৰান্ত কৰিছিল, তাক বাধা দিবলৈ অসম ব্যৱস্থা পৰিষদৰ প্ৰায় সকলোবোৰ সদস্যই থিয় দিছিল। শ্বাদুল্লা-চোধুৰী-বৰদলৈ চুক্তি তাৰে ফল আৰু লীগ ট্ৰাইবেল আদি সকলোবোৰ দৰে তাক মানি লোৱাত ছাৰ মহম্মদ ছাদুল্লাৰ নেতৃত্বত কংগ্ৰেছ সমৰ্থিত মন্ত্ৰীসভাৰ গঠন হয়। এই চুক্তিৰ এটা ঘাই চৰ্ত আছিল ১৯৩৮ চনৰ পহিলা জানুৱাৰীৰ আগেয়ে অহা বা নৈয়ে মাটি খহাই নিয়াত বাধ্য হৈ বসতি কৰা মানুহবিলাকৰ বাহিৰে গ্ৰেজিং ৰিজাৰ্ভত বেদখল কৰা আন মানুহবিলাকক ততালিকে উচ্ছেদ কৰা হ’ব। মন্ত্ৰীসভাই শাসনভাৰ লোৱাৰ দুমাহৰো সৰহকাল হ’ল। কিন্তু এতিয়াও বেদখলকাৰীবিলাকে নিৰ্বিবাদে ৰিজাৰ্ভত মাটি খাই আছে। কোনো কোনো ঠাইত সিহঁতক উচ্ছেদ কৰিবৰ যি যত্ন হৈছে, সি নামমাত্ৰ মাথোন৷ বৰপেটা মহকুমাৰ ফুলৰা, মন্দিয়া, পকাবেতবাৰী আৰু কাৱৈমাৰী– কেৱল এই চাৰিখন ৰিজাৰ্ভতে ষোলশতকৈ সৰহঘৰ নতুনকৈ বহা বেদখলকাৰী আছে। তাৰ ভিতৰত মাথোন ২৯০ ঘৰ মানুহক উচ্ছেদ কৰা হৈছে। আমি জানিব পাৰিছো যে মঙলদৈ মহকুমাৰ এহেজাৰ ঘৰতকৈও সৰহঘৰ, তেনে বেদখলকাৰী মাথোন আঢ়ৈ কুৰিঘৰ মানুহকহে তুলি দিয়া হৈছে। গুৱাহাটী মহকুমাৰো অকল পুখুৰীপাৰ আৰু অঙনামাৰী ৰিজাৰ্ভত মাথোন বেদখলকাৰীবিলাকক উচ্ছেদ কৰিবলৈ চেষ্টা চলিছে। আইন ভংগকাৰী বেদখল কৰা মানুহবিলাকক উচ্ছেদ কৰিবলৈ গৱৰ্ণমেণ্টৰ উৎসাহৰ অভাৱৰ কাৰণ কি? স্বাভাৱিকতে এই প্ৰশ্নই মানুহৰ মনত খুন্দিয়াই। শ্বিলঙত এটা খবৰ ওলাইছে যে ৰাজহ মন্ত্ৰী শ্ৰীযুত ৰোহিনী কুমাৰ চৌধুৰী ডাঙৰীয়াই চুক্তি মতে বেদখলকাৰীবিলাকক উচ্ছেদ কৰিবলৈ নিৰ্দেশ দিছিল কিন্তু উপ্রপন্থা মন্ত্ৰীকেইজনৰ প্ৰৰোচনাত প্ৰধানমন্ত্ৰীয়ে চৌধুৰী ডাঙৰীয়াক বৰ্তমানে কাম কৰাত হকা-বাধা কৰিছে। তাৰ কাৰণ দেখুৱা হৈছে যে বাৰিষা উচ্ছেদ কৰিলে বেদখলকাৰীবিলাকৰ বৰ কষ্ট হ’ব আৰু খেতি-বাতিও নষ্ট হ’ব৷ গৱৰ্ণৰেও হেনো বংগ দেশৰ গৱৰ্ণৰৰ অনুৰোধত একে কাৰণেই উচ্ছেদ সম্প্ৰতি স্থগিত ৰাখিবলৈ কৈছে।’’ (অসমীয়া ২ জুন, ১৯৪৫ চন)।

কিন্তু প্ৰকৃত বেদখলকাৰীক উচ্ছেদ নকৰি ৰাজনৈতিক স্বাৰ্থত সেই কামলৈ আওকাণ কৰা হৈছিল আৰু বনুৱা লোকক নিৰ্বিচাৰে উচ্ছেদ কৰা তেওংলোকৰ প্রতি অন্যায় আচৰণ আৰু দৌৰাত্ম্য কৰা হৈছিল। চৰকাৰী বিষয়াৰ এনে কাণ্ডৰ বাতৰি দুই জোৰাকৈ প্রকাশ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল :

‘‘তিনিশ মিকিৰ পৰিয়ালৰ ঘৰত অগ্নিসংযোগ || গৱৰ্ণমেণ্ট কৰ্মচাৰীৰ চাঞ্চল্যকৰ কাণ্ড || গৱৰ্ণমেণ্টলৈ জ্ৰীযুত অমিয়কুমাৰ দাস এম এল এৰ চিঠি||

(আমাৰ নিজা বাতৰি দিওঁতা)

তেজপুৰ, ২৫ ছেপ্টেম্বৰ : “গৱৰ্ণমেণ্টে বেদখলকাৰী পমুৱাসকলক গৱৰ্ণমেণ্ট ৰিজাৰ্ভলেণ্ডৰ পৰা অনক ক্ষেত্ৰত উঠাই দিব নোৱাৰি হাৰ মনাৰ কথা সকলোৱে জানিলেও অসমৰ স্থায়ী বাসিন্দাসকলৰ ওপত নিষ্ঠুৰ আৰু বে-আইনীভাৱে অত্যাচাৰ-উৎপীড়ন কৰাত আমাৰ গৱৰ্ণমেণ্ট কি মান পকা,–তাৰ এটি দৃষ্টান্ত সিদিনা শ্ৰীযুত অমিয় কুমাৰ দাস, এম এল এ দেৱে শাকোমঠা অনুৰোধ জনাই অসম গৱৰ্ণমেণ্টলৈ লিখা এখন চিঠিত ভালদৰে প্ৰকাশ পাইছে। শ্ৰীযুত দাসে লিখিছে–মিকিৰবিলাক মাটিবিহীনভাৱে দৰং জিলাৰ পৰ্বতৰ দাঁতিয়ে-কাষৰেই পুৰুষানুক্ৰমে বসতি কৰি আহিছে। চাহ বাগানবিলাক বহাৰ লগে লগে তেওঁলোকে ৰিজাৰ্ভবিলাকত তলতীয়া হিচাপে থাকি বাগানত কুলি কাম কৰি জীৱিকা নিৰ্বাহ কৰিব লগাত পৰে। মই এতিয়া সাকোমঠা মৌজাৰ ৩০০ মিকিৰ পৰিয়ালৰ দুৰ্দশাৰ প্রতি দৃষ্টি আকৰ্ষণ কৰো। এই মিকিৰবিলাক বৰপুখুৰী, ধূলি আৰু মাজুলিগড় বাগানত কুলি কাম কৰি অন্য মহাজনৰ মাটিত তলতীয়া ৰায়ত হিচাপে খেতি-বাতি কৰি কোনো মতে জীৱিকা নিৰ্বাহ কৰিছিল।’’ (অসমীয়া, ৬ অক্টোবৰ, ১৯৪৫ চন)।

উচ্ছেদৰ নামত এনেকৈ হোৱা ধেমালিৰো তীব্ৰ সমালোচনা কৰা হৈছিল। ‘অসমীয়া’ই ১৯৪৫ চনৰ ৩০ জুন তাৰিখে সম্পাদকীয়ত ‘উচ্ছেদৰ ল’ৰা-ধেমালি’ শিতানত চৰকাৰৰ এনে কাৰ্যক কটু সমালোচনা কৰা হ’ল :

‘‘বিয়াল্লিছ চনৰ উৎপীড়নত অসমীয়া ৰাইজৰ দুৰ্দশাৰ সুযোগ লৈ পমুৱাবিলাকে অসম দখলৰ যি আয়োজন কৰিছিল তাৰ পৰা অসম আৰু অসমীয়া জাতিক ৰক্ষা কৰিবলৈ এছেম্থলীৰ কংগ্ৰেছ সদস্যসকলে বৰদলৈ-শ্বাদুল্লা-চৌধুৰী চুক্তি মতে নতুন শ্বাদুল্লা মন্ত্ৰীসভাক সমৰ্থন কৰে। কিন্তু আজি তিনি মাহ পাৰ হৈ যোৱাতো ৰিজাৰ্ভত বেদখলকাৰী পমুৱাবিলাকক উচ্ছেদ কৰা নহ’ল; যি অলপ কুৰুং কাৰাং কৰাৰ যত্ন দেখা গৈছিল সিও ভেকোভাওনাতহে পৰিমত হৈছে। ‘অসমীয়া’ৰ পঢ়ুৱৈসকলে জানিব পাৰিছে কি দৰে উচ্ছেদৰ নামত নামনি অসমৰ গ্ৰেজিং ৰিজাৰ্ভবোৰত ল’ৰা-ধেমালি পতা হৈছে।’’ (অসমীয়া, ১৯৪৫ চন, ৩০ জুন)

‘অসমীয়া‘ই অসমীয়া জাতিক ৰক্ষা কৰিবলৈ চৰকাৰলৈ এনেকৈ ১৯৪৫ চনতে সকীয়াই দিছিল। তেতিয়া পমুৱাৰ বেদখল উচ্ছেদ সম্পৰ্কত ল’ৰা-ধেমালি বন্ধ কৰিবলৈ আহ্বান কৰি সময়ৰ দাবী তুলিছিল ‘অসমীয়া’ই। ই জাতীয় দাবী আছিল। কিন্তু অতি পৰিতাপৰ বিষয়, এনে দাবীৰ প্ৰতি জাতীয় চৰকাৰক সঁহাৰি দিবলৈ বাধ্য কৰোৱাৰ বাবে অৰ্ধ-শতিকাজোৰা আন্দোলন কৰিব লগা হ’ল। ১৯৮৫ চন (১৫ আগষ্ট)ত ‘অসম চুক্তি’ হ’ল, কিন্তু ইয়াৰ অস্পষ্টতা আৰু অসম্পূৰ্ণতাই সমস্যাটোৰ স্থায়ী সমাধান কৰিব নোৱাৰিলে। সমস্যা–সমস্যা হৈয়ে থাকিল, অসম চুক্তিৰ নিকৃষ্টতা চৰকাৰৰ কপটতাৰ সাক্ষী হৈ ৰ’ল।

জাতীয় পূৰ্ণ বিপ্লৱলৈ বৰঙণি

জাতিৰ উন্নতিৰ পথত অন্তৰায়ৰূপে দেখা দিয়া সকলো সমস্যা নিৰ্মূল কৰিবৰ বাবে জনসাধাৰণক সজাগ, স্পষ্ট কৰি তুলিব নোৱাৰিলে কোনো জাতিৰেই জাতীয় আন্দোলন সম্পূৰ্ণ হ’ব নোৱাৰে৷ ‘অসমীয়া’ই গুৰিৰে পৰা এই পূৰ্ণ বিপ্লৱৰ সূচনা কৰি আহি ইয়াক এক সমাপ্তিৰ পিনে নিবৰ বাবে তৎপৰ হোৱাটো বুজিব পাৰি। অসমীয়া সমাজৰবৰবিহস্বৰূপ তাহানিৰ কানি বৰ্জনৰ সৰ্বাত্মক আন্দোলনৰ দিনৰে পৰা গান্ধীজীৰ গঠনমূলক ‘কাৰ্যসূচীৰ প্ৰেৰণাত অসমত গঢ়ি উঠা আন্দোলনৰ বাহক হৈ পৰিছিল আৰু জাগ্ৰত অসমীয়াৰ আধুনিক প্ৰগতিশীল সমাজ গঠনত বৰঙণি যোগাইছিল। বিধৱা বিবাহ প্ৰচলন, কম বয়সীয়া ছোৱালীক ‘গৌৰী’দান, যৌতুক প্ৰথা আদিৰ দৰে সামাজিক কু-সংস্কাৰৰ বিৰুদ্ধে অবিৰতভাৱে অসমীয়া সমাজক সকীয়াই আহিছিল ‘অসমীয়া’ কাকতে। পুৰণিকালৰ ‘ৰাইজমেল’ৰ আধুনিক আৰু প্ৰাতিষ্ঠানিক ৰূপ অসম ৰায়ত সভাবিলাকে গ্রহণ কৰা সামাজিক সংস্কাৰমূলক কাৰ্যসূচীবিলাক ‘অসমীয়া’ত স্থান দি সমাজ পৰিৱৰ্তনৰ গতি ত্বৰান্বিত কৰিছিল।

মহেশ্বৰ বৰুৱাৰ সম্পাদিত ‘অসমীয়া’ ১৯২৪ চনৰ কাকতত ‘অসমীয়া বিধৱা বিবাহ’ সম্পৰ্কীয় বিতৰ্কৰ পৰাই ওলাই পৰিছে যে কাকতখনে এই বিষয়ত স্পষ্ট মত পোষণ কৰে। ইয়াৰ পিছতো এই কাকতে বিধৱা বিবাহৰ সপক্ষে মত দাঙি ধৰা দেখা যায়। ১৯৪৫ চনৰ ৫ মে’ তাৰিখে প্ৰকাশ পোৱা এই সম্পৰ্কত সম্পাদকলৈ লিখা আৰু সম্পাদকে (দেৱকান্ত বৰুৱাই) সকলো দায়িত্ব লোৱা এখন চিঠি মন কৰিবলগীয়া ;

|| ব্ৰাহ্মণ বিধৱা কন্যাৰ পুনৰ বিবাহ||

কামৰূপ জিলাৰ অসমীয়া উচ্চ বংশৰ গৃহকৰ্মনিপুণা শিক্ষিতা ১৬ বছৰ বয়সৰ শান্তি বিয়া হোৱাৰ আগেয়ে বিধৱা হোৱা ব্ৰাহ্মণ কন্যা এগৰাকীৰ বিবাহৰ প্রস্তাৱ উঠিছে।…

আশা কৰো সৎসাহযুক্ত আত্মনিৰ্ভৰশীল কোনো শিক্ষিত ব্ৰাহ্মণ যুৱকে এই মহৎ সমাজ সংস্কাৰ কাৰ্যত অগ্ৰণী হৈ নিজৰ আৰু সমাজৰ হিত সাধিবলৈ কুণ্ঠিত নহ’ব।

গুৱাহাটী বিধৱা বিবাহ সহায়ক সমাজ

মাৰফৎ সম্পাদক, ‘অসমীয়া’৷

অসমীয়া সমাজত বিয়া সম্পৰ্কীয় কুসংস্কাৰবিলাক ক্ৰমান্বয়ে বাহিৰৰ পৰা অহা আৰু পিছত ইয়াত থিতাপি লোৱাটো স্পষ্ট হৈ পৰে। কিন্তু বিশেষত্ব এয়ে যে অসমীয়া সমাজে পণ বা যৌতুক প্ৰথা আৰু অন্যান্য কুপ্ৰথাৰ সম্পৰ্কত এক সজাগ দৃষ্টিভংগী গ্ৰহণ কৰি আহিছে। সমাজৰ এই মনোভাৱ ‘অসমীয়া’ত আদ্যন্ত ৰক্ষা কৰি চলে। পিছলৈ ই পূৰ্ণতা লাভ কৰে আৰু সমাজৰ বিভিন্ন শাখা-প্ৰশাখালৈ প্ৰসাৰিত হয়। বিংশ শতাব্দীৰ ত্ৰিশ দশকত সমাজৰ এইবিলাক কু-সংস্কাৰৰ বিৰুদ্ধে প্ৰৱল জনমত সৃষ্টি কৰাত ‘অসমীয়া’ই বিশেষ ভূমিকা গ্ৰহণ কৰে আৰু সেইটো অসমীয়া সমাজৰ আকাংক্ষাৰ অনুগামী মাত্ৰ হয়।– অৰ্থাৎ অসমীয়াৰ সমাজ মনটো ‘অসমীয়া’ত প্ৰতিফলিত হোৱা দেখা যায়। ‘অসমীয়া’ই প্ৰথম বছৰতে অসমীয়া সমাজৰ এনে গুৰুত্বপূৰ্ণ সামাজিক সংস্কাৰত আগভাগ লৈ আহিছিল ৷ ‘অসমীয়া’ কাকতখনৰ প্ৰথম বছৰৰ ২৭ সংখ্যা কাকতত (১৯১৯ চনৰ ৭ ফেব্ৰুৱাৰি) ‘মুকলি চ’ৰা’ শিতানত অসমীয়া সমাজৰ পণ প্রথা সম্পৰ্কে পৰ্যালোচনা আগবঢ়াই এই বিষয়ৰ জনমত গঢ়াৰ পথ মুকলি কৰিছিল।

ইয়াত লেখা হৈছিল ;

|| অসমীয়া সমাজত পণ প্রথা ||

‘‘লুকাই চুৰকৈ কোনোৱে টকা-কড়ি পণস্বৰূপে, অথবা বিয়াৰ খৰচপাতি স্বৰূপে লৈ বিয়া কৰালেও প্ৰকাশ্যে পণ লৈ বিয়া কৰোৱা প্ৰথা আজিলৈকে শিক্ষিত অসমীয়া সমাজত সোমোৱা নাছিল। অশিক্ষিত তল শ্ৰেণীৰ লোকৰ ভিতৰত কন্যাপক্ষৰ পৰা লোৱাহে ৰীতি কোনো কোনো ঠাইত আছে। কিন্তু সিও লাহে লাহে নোহোৱা হৈ আহিছে। বহুত দুখীয়া উচ্চ শিক্ষাৰ্থী ছাত্ৰই পঢ়াৰ সমাজত এই কুদস্তৰৰ চলতি হয় বুলিয়েই আগধৰি তাৰ পকা লিখিত বন্দৱস্ত কৰি চোৱালী ধৰা আমি শুনা নাই। দুখীয়া আৰু শিক্ষাধীন ডেকালৈ ছোৱালী বিয়া দি শিক্ষাত খৰচ কৰা উদাহৰণ দুই-এটি আছে, তাক নিতান্ত বেয়া বুলিব নোৱাৰি৷ কিন্তু আমাৰ সমাজত শিক্ষিত লোকৰ সংখ্যা বাঢ়ি অসমীয়া সমাজত এই অত্যন্ত অনিষ্টকৰ অন্যায় আৰু নীচ প্রথা সুমুৱাবলৈ দুই-এজনৰ চেষ্টা আৰু ইচ্ছা দেখি আমি অত্যন্ত ব্যথিত হৈছো আৰু স্বদেশৰ দোহাই দি আমি সিবিলাকক কওঁ যে সিবিলাকে এনে কাম কৰি স্বদেশদ্ৰোহী নহ’ব। এই বিষয়ে পণ লওঁতা আৰু পণ দিওঁতা উভয়ে দোষী। ধনীসকলে ধন আছে বুলিয়েইহে সমাজৰ অমংগলকৰ কাৰ্যত সেই ধন নিয়োগ কৰি সমাজত বিষবৃক্ষ ৰোপণ কৰিব লাগে এনে নহয় আৰু শিক্ষিত দৰাৰ নিমিত্তে পণ দাবী কৰাটো যে কিমান অন্যায় আৰু নীচ তাক আমি নক’লেও হ’ব। সম্প্ৰতি এই পণলৈ কৰাব খোজা বিয়া এখনৰ কথা আমি শুনিছো । এশ টকাত গৱৰ্ণমেণ্টৰ ভাল চাকৰি কৰা এজন গ্ৰেজুৱেটে এজন ধনী প্রভাৱশালী লোকৰ পৰা ১০০০ টকা ধাৰে লৈ ছোৱালী বিয়া কৰাবৰ বন্দৱস্ত কৰিছে। ধাৰৰ নামত হ’লেও এই হাজাৰ টকা পণ বুলি ধৰিবলৈ বাধ্য হৈছো দুটা কাৰণত- প্ৰথম ডেকা গ্ৰেজুৱেটজনৰ অৱস্থা স্বচ্ছল; আৰু নিতান্তই ধাৰ কৰিবলগীয়া হ’লে তেওঁৰ শহুৰেকৰ ওচৰত হাত নপতাকৈও ৫০০০ হাজাৰ টকা ধাৰ কৰিব পাৰে। দ্বিতীয়তে, তেওঁৰ ধনী শহুৰেকে জীয়েকৰ জীৱন্ত কালত সেই টকা সাধিব বুলি বিশ্বাস কৰা টান৷ গতিকে সেই ডেকাজনে আজি প্ৰায় দুবছৰ ঘূৰাই-পকাই অন্ততঃ এনে এটা ঘিণ লগা ব্যৱস্থা কৰি বিয়া কৰাবলৈ ৰাজী হোৱাত পণৰ ‘পাটী মুতুৰা মাছ’টো তেওঁ মাছ বুলি নেখাই জিজি বুলি খাব খুজিছে বুলি আমি বুজিছো৷ আমি উভয়পক্ষক সাৱধান কৰি দিওঁ তেওঁলোকে যাতে এতিয়াই ক্ষান্ত হয়। নহ’লে এনে মানুহ সমাজট্যুত হোৱা নিতান্তই উচিত৷’’

পণ প্রথাৰ ঘোৰ বিৰোধিতাই অসমীয়া সমাজক এক বেলেগ স্থিতি আৰু সজাগতা প্ৰদান কৰাৰ বাবেই মহিলা সমাজত পুৰুষসকলে সুমাই দিয়া কিছুমান সু-সংস্কাৰমূলক প্ৰথাৰ বিৰুদ্ধেও অসমীয়া মহিলা সমাজত আলোড়ন হোৱাটো মন কৰিবলগীয়া৷ স্বাৱলম্বিতাৰ বাবে খাদী কাপোৰ নিজে বৈ লৈ ব্যৱহাৰ কৰাৰ আদৰ্শক সাংগঠনিকভাৱে প্ৰচাৰৰ ব্যৱস্থাটো সণ্ডালনি হোৱাত গান্ধীজীৰ গঠনমূলক কাৰ্যসূচীৰ প্ৰেৰণা থাকিলেও- ই অসমীয়া সমাজৰ আগৰে পৰা চলি অহা প্ৰথা- অসমীয়া মহিলাই নিজা কাপোৰখিনি নিজে বৈ লৈ পিন্ধে৷ কিন্তু সেই ব্যৱস্থাটোৰ ক্ৰমান্বয়ে কেণা লগাত আৰু কাল-গতিত তাৰ প্ৰচলন কমি যোৱাত সমাজত পুনৰজাগৰণ ঘটোৱাৰ প্ৰয়োজন হৈছিল। বিলাতী বস্তু বৰ্জন কৰাৰ বাবে যি আন্দোলনৰ সূত্ৰপাত হৈছিল সি অসমীয়া মহিলা সমাজক পুনৰ সজাগ কৰি তোলে। ‘অসমীয়া’ কাকতত এনে মত প্ৰকাশ পোৱা দেখা যায় যে অসমীয়া মহিলাই দিনৌ এঘণ্টাকৈ তাঁত বয় তেনেহ’লে নিজৰ দৈনিক ব্যৱহাৰ্য লাগতিয়াল ৰিহা-মেখেলা, চুৰিয়া-চেলেং আদি বস্তুবিলাক বৈ ল’বলৈ একো নথকা নহয়। সেয়ে হ’লে আৰু দোকানৰ পৰা চুৰিয়া-চেলেং আদি কিনি পইচা ভাঙিব নালাগে৷ বৰ দুখৰ বিষয় যে আমাৰ মানুহে নিজে বৈ ল’ব পৰা সত্বেও বৈ ন’লৈ দোকানৰ পৰা আমাক গামোচাও কিনি আনি ব্যৱহাৰ কৰা দেখা যায়। ইয়াতকৈ আৰু বেজাৰৰ কথা কিবা আছে নে? (আইসকলৰ বৰ্তমান কৰ্তব্য-দেৱেশ্বৰ ঠাকুৰ, অসমীয়া, ১৯২৯ চন)

স্বাৱলম্বিতাৰ আদৰ্শ পুনৰায় সমাজত ভালদৰে শিপাই অহাটো সহজে অনুমান কৰিব পাৰি। সৰহ কি, অসমীয়া কইনাই দৰা ঘৰৰ পৰা দিয়া ৰংচঙীয়া বিলাতী কাপোৰ পৰিধান নকৰি নিজ হাতে কটা সূতাৰে বৈ লোৱা ৰিহা-মেখেলাৰে সৈতে বিয়াত বহি যাৱতীয় সংস্কাৰ কাৰ্য সম্পাদন কৰাৰ বাতৰি ‘অসমীয়া’ৰ পাতত পোৱা যায়। বাতৰিটোৰ মতে দেৰগাঁৱৰ গংগাৰাম মেধিৰ জীয়েকে এনেকৈ বোৱা কাপোৰ পিন্ধি বিবাহৰ কাৰ্য সমাপ্ত কৰিছিল। (ঐ প্ৰবন্ধ অসমীয়া ১৯২৯, জুলাই)

অসমৰ সংবাদ মাধ্যম 8 এশ পয়সত্তৰ বছৰীয়া বৰ্ণিল ইতিহাস আৰু বহিঃ প্ৰেক্ষাপট  এনে প্ৰথাৰ বহল প্ৰচাৰ কাৰণে কাকতখনে কাচি-পাৰি লগা দেখা যায়। মহাত্মা গান্ধীজীৰ অভিজ্ঞতাৰ কথা উল্লেখ কৰি মহিলা আন্দোলনৰ গতিবেগ বঢ়াই তোলাৰ প্ৰয়োগৰ পৰিণতি অসমীয়া সমাজত ফৰিংফুটা হৈ পৰিছিল। ১৯৪২ চনৰ পণ আন্দোলনেই ইয়াৰ ঘাই সাক্ষী। অসমলৈ আহি গান্ধীজীয়ে কৈছিল–‘মই ইমান ঠাই ঘূৰিলোঁ, তথাপি আসামৰ আইসকলৰ দৰে তাঁতবোৱা আৰু সূতাকটা কাৰ্য জনা কোনো ঠাইতে নেদেখিলো ৷ যদি কোনোবাই সোনকালে স্বৰাজ লাভ কৰিব পাৰে, তেনেহ’লে প্ৰথমে অসমেহে পাৰিব।’’ (অসমীয়া, ১৯২৯ চন)

Press in Assam

অসমীয়া মহিলা সমাজৰ আন্দোলনৰ এক ৰকমৰ পূৰ্ণতা প্ৰাপ্তি গণ বিপ্লৱত স্পষ্ট হৈ পৰিছিল যদিও সমাজখনৰ কু-সংস্কাৰ আৰু অন্তৰায়বিলাক দূৰ কৰি সকলো থানথিত কৰি সংগঠিত কৰাটো বৰ সহজ নাছিল। কিন্তু চন্দ্ৰপ্ৰভা শইকীয়ানীৰ দৰে বিপ্লৱী মহিলাই, এনে আন্দোলনৰ গুৰি ধৰিছিল বাবেই ইয়াৰ গতি অপ্ৰতিৰোধ্য হৈ পৰিছিল ৷ বিহু গীত, নাচ অন্নীল বুলি সেই সময়ত একাংশ লোকে ইয়াৰ নাম শুনিলেই নাক কোচাই দিয়াৰ দৰে সংৰক্ষণী মনোভাৱাপন্ন লোকে মহিলা সমাজৰ সংস্কাৰৰ বেলিকাত ওলোটা মত দিয়াটো একো আচৰিত কথা নাছিল। কমলা ৰায় কাকতী আৰু কনকলতা চলিহাৰ সম্পাদিত ‘তিৰুতা সমাজৰ মুখপাত’ ‘ঘৰ জেউতি’ অসম প্ৰাদেশিক মহিলা সমিতিৰ পত্ৰিকা হৈ পৰাৰ লগতে অসমৰ নাৰী আন্দোলনৰ বাৰ্তাবাহক হৈ পৰিছিল যদিও ‘অসমীয়া’ই দিকদৰ্শন দেখুৱাই দিয়াটো সহজে বোধগম্য। মহিলা সমাজৰ বা-বাতৰিৰ উপৰি গোটেই আন্দোলনৰ প্ৰাণস্বৰূপ চন্দ্ৰপ্ৰভা শইকীয়াৰ প্রৱন্ধসপাতিক অসমীয়াই বিশেষ প্ৰাধান্য দিয়া দেখা যায়। ‘অসম সাহিত্য সভা পত্ৰিকা’ত ‘তিৰী জাগৰণ’ নাম দি বুদ্ধীন্দ্ৰনাথ ভট্টাচাৰ্যই লিখা প্ৰৱন্ধৰ বিৰোধিতামূলক প্ৰতিবাদ প্ৰবন্ধকো ‘অসমীয়া’ই স্থান দিছিল৷ ইয়াত চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে লিখিছিল :

বুদ্ধীন্দ্ৰনাথ ভট্টাচাৰ্যই কৈছে যে প্ৰকৃততে আমাৰ সমাজত হেনো পৰ্দা নাই, আৰু যি আছে তাৰ পৰা কোনো অনিষ্টও হোৱা নাই, বৰং ইংৰাজী ধৰণেৰে ফুৰিবলৈ ওলোৱাসকলে হৈ চৈ কৰি কথাটো বঢ়াই পেলাইছে। বৰ বঢ়িয়া কথা৷ কিন্তু সোধোং, এই যে এঘাৰ-বাৰ বছৰীয়া হ’লেই ‘ডাঙৰ’ হ’ল বুলি ছোৱালীজনীক স্কুললৈ নপঠিয়ায়, বাটে-ঘাটে ওলাবলৈ নিদিয়ে, ঘৰৰ তিৰোতাসকলক এনেকি বুঢ়া মাকজনাকো যান-বাহন নহ’লে আলিবাটত মুখ আৰু ভৰি উলিয়াই খোজ এটাকে কাঢ়িবলৈ নিদিয়ে, আৰু কোনোবাই কাঢ়িলেও হৈ চৈ লগাই প্ৰকৃততে ইউৰোপীয়ান ষ্টাইলৰ হওকেই বা নহওকেই ইউৰোপীয়ান মেমৰ দৰে হৈছে বুলি কিৰিলি পাৰিবলৈ ধৰে, ই কিহৰ চিন? এয়ে যদি পৰ্দা বা অৱৰোধ প্ৰথা নহয় তেন্তে ইয়াক কি বোলে? ইয়াতকৈও আৰু কিবা ডাঙৰ ৰকমৰ অৱৰোধ আছেনে? তেওঁলোকে ক’ব ই ডাঙৰ মানুহৰ চিন,-ডাঙৰ বংশৰ গৌৰৱ। কিন্তু আমি কওঁ সি সঁচা নহয়- ই মাথোন এটা সংকীৰ্ণ মনৰ স্বাৰ্থজড়িত কুসংস্কাৰ মাথোন। বহুতে আকৌ ক’ব খোজে নগৰত নানা মানুহৰ সমাগমৰ কাৰণেহে এইখিনি নিয়ম কৰা হৈছে, গাঁৱত যেতিয়া অৱৰোধ নাই, এইখিনিয়ে কি কৰিব পাৰে? কিন্তু ক্ৰমেই যে গাঁৱৰ মাজতো এই সংক্ৰামক ব্যাধিৰ বীজ সোমাই জাতিটোকে সুঁচৰিব ধৰিছো তাৰ তৎ পাইছেনে নাই? গাঁৱৰ তিৰোতাৰ অৱৰোধ নাছিল সঁচা, আৰু আজিও বহু ঠাইত যদিও নাই তথাপি ক্ৰমেই দেখা গৈছে যে অলপ ধনী-মানী হ’লেই তিৰোতাসকলক আৰু বাহিৰলৈ ওলাবলৈ নিদিয়ে, সচৰাচৰ সকলো ছোৱালীকে এঘাৰ-বাৰ বছৰ হ’লেই ‘ডাঙৰ’ হ’ল বুলি আৰু স্কুললৈ যাবলৈ নিদিয়ে ৷… এনে অৱস্থাত অসমীয়া নাৰী সমাজো সংঘবদ্ধ হৈ শক্তি আৰু ক্ষমতা উপাৰ্জন কৰি নিজৰ আৰু পুৰুষৰ মনকো সংস্কাৰ কৰিবৰ দিন আহি পৰিছে। আমি পশ্চিমীয়া তিৰোতা নালাগে, আমাৰ পুৰুষসকলৰ সমানেই স্বাধীনতা বিচৰা নাই, আমি কেৱল বিচাৰিছো পুৰুষৰ মনৰ উচ্চতা, উদাৰতা- আমি বিচাৰিছো শিক্ষাত আমাৰ ভাগ আমি পাব লাগে, তিৰোতাৰ ওপৰত থকা পুৰুষৰ অনুচিত কৰ্তৃত্বভাৰ আৰু তাচ্ছিল্যতা দূৰ হ’ব লাগে,-পৰ্দাপ্ৰথা সামাজিক ৰীতি হৈ থাকিব নালাগে৷”…

          তেওঁ কৈছে, “মুঠতে দেখা গৈছে, পৰ্দা প্ৰথা এই দেশৰ বস্তু নহয়, আৰু ই সমাজৰ অশেষ ক্ষতিজনকৰ বাহিৰে অ