• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Tuesday, September 8, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

চমু টোকাঃ আসামবাসী সম্পৰ্কে

আসামবাসী

by Anjan Sarma
August 9, 2023
in Special Report
Reading Time: 8 mins read
0
চমু টোকাঃ আসামবাসী সম্পৰ্কে
Share on FacebookShare on TwitterShare on LinkedIn

 চমু টোকাঃ আসামবাসী সম্পৰ্কে

অঞ্জন শৰ্মা

Anjan Sarma
অঞ্জন শৰ্মা

আসামবাসী:

সময় সাপেক্ষে অসমত বিভিন্ন ধৰণৰ ঢৌ আহি থাকে আৰু সেই ঢৌবোৰ ব্ৰহ্মপুত্ৰ উপত্যকাত আছাৰ খাই পৰি থাকে। কেতিয়াবা সেই ঢৌ ফেনে- ফোটোকাৰে আহে, অলেখজনক ঢৌৱাই লৈ যায়; কেতিয়াবা বেলেগ ধৰণে আহে, সেইবোৰেও শৰীৰ তিয়ায়।

ঢৌৰ ছন্দে ছন্দে উপত্যকাৰ  বাসিন্দাই চিৎকাৰ কৰিবলৈ ধৰে।

এনেদৰেই প্ৰায় চাৰিটা – পাঁচটা দশক আমাৰ চকুৰ সন্মুখতেই পাৰ হ’ল।
আমি যিসকল হাইস্কুলৰ ছাত্ৰ আছিলো, সেইসকল জ্যেষ্ঠ নাগৰিক হৈ পৰিলো, আৰু আমাৰ লগৰীয়াসকলৰ যিসকলে চাকৰিত যোগদান কৰিছিল – তেওঁলোকৰ বহুতেই অৱসৰ ল’লে তথা কিছুমানে ল’বলৈ আগবাঢ়িছে।

আমাৰ সেই কৈশোৰৰ দিন, যৌৱনকাল অসমৰ সমস্যা আৰু বিভিন্ন আন্দোলনৰ মাজেৰেই অতিবাহিত হ’ল।

কিন্তু মূল সমস্যালৈ লক্ষ্য কৰি তাৰে মৰ্ম বুজিবলৈ প্ৰয়াস কৰোতেই কি নৌ-কৰোতেই, অসম আন্দোলনৰ সূত্ৰপাত, এক বিশাল অধ্যায়, কংগ্ৰেছ চৰকাৰৰ দিনত সেই বৰ্বৰ দিনবোৰৰ মনে নেপাহৰা তেজ-গুলী- হত্যা- অত্যাচাৰ…, অৱশেষত আপোচমূলক অসম চুক্তি, অগপ, অগপ চৰকাৰ, আই-এম-ডি-টি, সৰ্বা-সমুজ্জ্বলৰ শত শত বিবৃতি, আই-এম-ডি-টি বাতিল, জাতীয় নায়ক, দিল্লীৰ আলোচনা, … অৱশেষত ‘সৰ্বাৰ চৰকাৰ’, ( গায়কেও কিবা গীত গাইছিল, পাহৰিছো), ‘কেব’, ‘কা’…, অসম চুক্তিৰ ৬ নং দফা, …!!

মূল সমস্যা বাদেই, বিদেশী নাগৰিকৰ সমস্যা সমাধানৰ প্ৰশ্নটোৱেই এতিয়া বুঢ়ী আইৰ সাধু, গতিকে ‘খা কঠালৰ বাদু’!

আৰু এইবোৰ পাহৰিবলৈ হঠাৎ উদ্দেশ্য প্ৰণোদিতভাবে কবৰ খান্দি উলিয়াই অনা হয় ছৈয়দ আব্দুল মালিকৰ দৰে বৰেণ্য অসমীয়াক, কেতিয়াবা কৈ দিয়া হয় মহাৰাজ নৰনাৰায়ণ বঙালী আছিল, হঠাৎ উপত্যকাৰ মানুহ ব্যস্ত হৈ পৰে ৰুমী নাথৰ বিয়াক লৈ, কেতিয়াবা হেমন্ত হিল্লোল, ক’ত এতিয়া সুবোধ বিশ্বাস!?

চাওঁতে চাওঁতে আমাৰ লগৰীয়াসকল জ্যেষ্ঠ নাগৰিক হ’ল আৰু ককাঁলৰ বিষ, মধুমেহ, ইউৰিক এচিড, কৰ’নাভীতি, হৃদপিণ্ডৰ দুৰ্বলতা, চকুৰ দৃষ্টিশক্তি হ্ৰাস, ইত্যাদি আদিয়েও নতুন নতুন সমস্যাৰ সৃষ্টি কৰাৰ পটভূমিত অসমৰ সমস্যাবোৰ নো কি কি আছিল – সেইবোৰ লাহে লাহে বহুতৰে বিস্মৃত হ’বলৈ আৰম্ভ কৰিছে ( এক প্ৰকাৰৰ এলজাইমাৰ বুলিও কৈ দিব পাৰি) বাবে তেনেবোৰ কথাই আজিকালি বহুতকে আমনি কৰে বাবে লগ-বন্ধুবোৰৰ লগত আলোচনা কৰিবলৈ এৰাৰ দৰেই হৈছে !

তাতে আকৌ মাহৰ পিছত মাহ ধৰি ‘লক-ডাউন’ৰ জ্বালা, কৰ্মহীনতা (আমিও ভুক্তভোগী) !!

চমু টোকাঃ আসামবাসী সম্পৰ্কে

গতিকে সেইবোৰ সমস্যাৰ কথা আলোচনা কৰিলেই বহুত বন্ধু-বান্ধৱ বিৰক্ত হয়, কিছুমান বুধিয়ক বন্ধুৱে আকৌ তেনে আলোচনাৰ জৰিয়তে ‘টাইম-পাছ’ কৰে – চৰিত্ৰহননৰ পৰা আৰম্ভ কৰি ইন্দ্ৰৰ ৰাজসভাৰ উৰ্বশী,ৰম্ভাৰ প্ৰসঙ্গকে ধৰি অসম আন্দোলনৰ সময়ত খানাপাৰাত ছাত্ৰসকলক বৰ্বৰ অত্যাচাৰ কৰা- চাউলত কেৰাচিন ঢালি দিয়া  পুলিচ বিষয়াগৰাকী এতিয়া অৱসৰ লৈ কিদৰে হঠাৎ আঞ্চলিকতাবাদী হৈ পৰিব পাৰে ( টাইম পাছ); ..

এনে বিভিন্ন আলোচনা হবলৈ ধৰে – যিবোৰৰ সৈতে অসমৰ সমস্যা সমাধানৰ কোনো উপায় নিহিত হৈ  নাথাকে ! গতিকে তেওঁলোকৰ লগত আলোচনা কৰি লাভেই বা কি! বা, এই মুলুকত, আলোচনা কৰি লাভেই বা কি!!

    এনে এক পৰিস্থিতিত হঠাৎ সকলো তল পেলাই আৰম্ভ হৈছে ‘অসমীয়া’ আৰু ‘খিলঞ্জীয়া’ৰ সংজ্ঞাজনিত ঢৌ, কিছুদিন এনেদৰেই পাৰ হ’ব। তাৰপিছত সৰু সুৰা ঢৌ কিছুমান আহি থাকিব, আৰু  নিৰ্বাচনৰ ডাঙৰ ঢৌ আহি সকলোকে ঢৌৱাই লৈ যাব, সকলো তল পৰিব – কৰ’না, কা, ৬ নং, চুক্তি, বিদেশী, দেশী… অভিজ্ঞতাৰ ভেটিত থিয় হৈ সেই ভাব নিশ্চিতভাবে হৈছে।

aasu3

আজি অগপৰ ফালে লক্ষ্য কৰিলে যিদৰে লাজ লাগে, বিজেপিৰ বহু মন্ত্ৰী-বিধায়কে যে বছৰ বছৰ ধৰি ৰাজীৱ ভৱনত গান্ধীটুপী পিন্ধি ছোনিয়া-ৰাহুল-তৰুণ গগৈৰ বন্দনা কৰি আছিল – সেইবিষয়েও তেওঁলোকে গেৰুৱা হৈ এনেদৰে পাহৰি পেলাইছে যে মনত পৰিলে নিজৰেই লাজ লাগে..; কিন্তু এইবোৰেই হৈ থাকিব, সমস্যাবোৰ বাঢ়ি যাব, নকমে, যেতিয়ালৈ নতুন প্ৰজন্মই আগবাঢ়ি আহি নতুন ধ্যান-ধাৰণাক সাৰথি কৰি লেকাম নধৰে।

সম্প্ৰতি যি যি নতুন ঢৌ আৰম্ভ হৈছে – এই ঢৌ কিমান ওপৰলৈ উঠিব পাৰে আৰু কিমান ব্যাপক হৈ পৰে নাজানো, কিন্তু হঠাৎ, হয়, হঠাৎ আজি হাতত পৰিল ইংৰাজী ১৮৮৫ চনৰ জানুৱাৰী মাহত ( মাঘ) মাহত প্ৰকাশিত প্ৰথম সংখ্যাৰ ‘আসাম- বন্ধু‘ আলোচনীত ভোলানাথ দাসৰ কবিতা “আসামবাসী” !

আজিৰ পৰা ১৩৮ বছৰ আগতে ভোলানাথ দাসে ৰচনা কৰা সেই কবিতাটোৰ জৰিয়তে যিসকলক তেওঁ সচেতন কৰিবলৈ বিচাৰিছিল, সেই ‘আসামবাসী‘ সকল নো কেনেধৰণৰ আছিল বা কোনসকলক তেওঁ ‘আসামবাসী‘ বুলি কৈছিল, সেয়া বুজি পালে ‘অসমীয়া‘ বা ‘খিলঞ্জীয়া‘ৰ সংজ্ঞা ‘বিশেষজ্ঞ’সকলে এই নতুন নতুন ঢৌৰ পটভূমিত ‘টক-শ্বো’ৰ জৰিয়তে নিৰূপণ কৰিবলৈ সুবিধা হ’ব ( লগতে অসমীয়াৰ জাতীয় চৰিত্ৰৰ ‘ব্ৰেন্ড এম্বেছাদৰ’ৰ সংজ্ঞাও) বুলি ধাৰণা কৰি আৰু নতুন প্ৰজন্মৰ সচাকৈয়ে কামত আহিব বুলি ভাবি কবিতাটো ‘টাইপ’ কৰি আগবঢ়ালো। যদি কামত আহে, কৃতাৰ্থ হ’ম।

আহক, লগে ভাগে পঢ়োঃ

                  || আসামবাসী ||

                           • ভোলানাথ দাস

         ( ৰচনাকালঃ ইংৰাজী ১৮৮৫ চন)

                         [১]

হে আসামবাসি! মিনতি আমাৰ,

নয়ন উন্মিলি দেখা একবাৰ ;

সদাই নিদ্ৰিত, অতি অনুচিত,

দেখা একবাৰ নয়ন মেলি।

তোমা সব সম কোন্ হেন জাতি,

আলস্যৰ বশ; উলটি পালটি

কোন হেন জাতি, চিৰ শয্যা পাতি

শুইয়াছে ; দেখা মস্তক তুলি ।

                        [ ২ ]

কোন হেন জাতি অন্ধকাৰে পড়ি,

আলোক এড়িয়া কৰে ধড়ফড়ি ?

কোনো নোহে এনে, সবেও যতনে

ধাইছে পোহৰে আন্ধাৰ ত্যাজি।

সবে সচেতন এড়িয়া আলস্য ;

সবেও আনন্দে মুখে কৰি হাস্য

আত্মোন্নতি-ৰত, দেশোন্নতি- ৰত ;

আসাম কেৱল নিদ্ৰিত আজি।

                         [ ৩ ]

আসাম কেৱল আজিও নিদ্ৰিত,

আসাম কেৱল আজিও ঘৃণিত ;

জড় বস্তু প্ৰায়, কিম্বা মৃত-কায়

স্বৰূপ, আজিও আসামবাসী।

নাই পৰিশ্ৰম নাই কোনো চেষ্টা,

ভাবিছে আলস্য পৰম দেৱতা ;

নাহিকে উন্নতি, মাত্ৰ অধোগতি ;

বদন বিমৰ্ষ, নাহিকে হাঁসি।

                       [ ৪ ]

মুখে ‘নাই হাঁসি’ ই কথাও‌ নোহে,

পৰৰ দুখত সবে কিন্তু হাঁহে ;

একৰ অনিষ্ট , আন জন হৃষ্ট ;

আনৰ বিপদে অসীম হাঁসি।

অসমীয়া সবে যতেক হাঁসয়

আনৰ কষ্টত , চিত্ত হৰ্ষময়,

এনে কোনো জাতি, নাই ত্ৰিজগতী;

মিছা কথা মাত্ৰ ‘নাহিকে হাঁসি।’

                      [ ৫ ]

দেশোন্নতি যাত, নাই তাত মন ;

কৃষি শিল্প বাণিজ্যক বিসৰ্জন

দিয়াছে ; মিস্তিৰী, হালোৱা বেপাৰী

কিৰূপে বা হুব, লাজৰ কথা !

“হালোৱা বাঢ়ই বেপাৰী নহয়ে

“বোপা – ককা মৰি গ’ল এনেকৈয়ে”

এড়ি নিজ মান, সামান্য সমান

কিৰূপে ধৰিব নতুন প্ৰথা !

                     [ ৬ ]

হে আসাম বাসি !

“বোপা – ককা মৰি গ’ল এই মতে”

এনে কথা আৰু নানিবা মুখতে ;

তেনে বাক্যোচিত , কৰিছা ৰক্ষিত

আন কোন ৰীতি ? কহিও মোক ।

চুলি কাটি ফালা ” আল্বাৰ্ট ” সেওঁতা,

পিন্ধা বেদেশীয় বস্ত্ৰ মোজা জোতা ,

ব্যভিচাৰ ৰাতি, মদো নাই বাকি ;

আৰু কত কথা, কলে পাবা শোক।

                      [ ৭ ]

এড়া তেনে কথা, হোৱা সচেতন,

কৃষি শিল্প হেতু কৰিও যতন ;

স্বাধীন ব্যৱসা, হেতু কৰা আশা,

আলস্য – পিশাচ কৰিও দূৰ।

স্বদেশ বিদেশ কৰিও ভ্ৰমণ

বাণিজ্যৰ হেতু ; উন্নতি সাধন

কৰিও নিজৰ , কৰিও দেশৰ ;

হওক দেশৰ সৰ্বাঙ্গ পূৰ।

                        [ ৮ ]

“বোপা – ককা মৰি গ’ল এই মতে”

এই কথা ধৰি নমৰা তেমতে ;

মেলিয়া নয়ন, কাৰ্য্যে দিয়া মন

নাথাকা নাথাকা একেটা ভাবে।

চক্ষুৰ ওচৰে কৰা দৰশন,

জড় হিমাদ্ৰিৰো পৰিবৰ্তন

আছয় ; ভূধৰ হোৱে শোভাকৰ

ঋতুএ ঋতুএ নবীনভাবে।

                      [ ৯ ]

ব্ৰহ্মপুত্ৰ নদো সদা যত্নবান

নিজ কাৰ্য্যে ; দেখা সদা ধাৱমান,

বাঢ়িছে টুটিছে ভাঙ্গিছে গঢ়িছে ;

কোনেও নাথাকে একেটা ভাৱে !

কিয় তবে হায় ! তোমালোকে সবে

ধৰণীৰভাৰ মাত্ৰ হুই ভবে

থাকিবা সদাই ? পৰমুখ চাই

কিয়নো থাকিবা একেটা ভাবে ?

                     [ ১০ ]

বিবেচনা কৰি দেখা মনে মনে

অলঙ্কৃত তোমাসব কোন গুণে ?

নাই বিদ্যা-গুণ, শিল্পে অনিপুণ,

নাম মাত্ৰ কৃষি, বাণিজ্য নাই ।

নাই উদাৰতা, নাই সহিষ্ণুতা

নাহিকে মমতা, পৰোপকাৰিতা,

নাই সজনীতি, অনীতিত প্ৰীতি ;

কিবা আছে তোমাসবাৰ ভাই ?

                   [ ১১ ]

থকাৰ ভিতৰে মূৰ্খতা – আন্ধাৰ ;

আছে মাত্ৰ হায় কুৰীতি অপাৰ;

আছে হিংসা-ভাব, অমিল স্বভাৱ,

স্ব-অৰ্থপৰতা উন্নতি – হুল।

আছে অহিফেণ, চিৰ দৰিদ্ৰতা,

আছে অহংকাৰ, “ফেশনে” মমতা,

বৃথা গম্ভীৰতা, অবাচ্যে পটুতা,

আছয়ে আলস্য দাৰিদ্ৰ্য-মূল।

                  [ ১২ ]

ছি ছি অসমীয়া ! উঠা উঠা উঠা,

চিৰ নিদ্ৰা এড়ি মেলা চকু দুটা ;

হোৱা সচেতন , নাথাকা মগন

আলস্য – পিশাচ – ক্ৰোড়ে একতিল।

অনৰ্থৰ মূল অহিফেণ বিষে,

গোমাংস ভাবিয়া মনৰ হৰিষে

এড়া সৰ্ব্বজনে ; কাৰ্য্যে দিয়া মন ;

কৰিও স্বদেশ উন্নতিশীল।

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: ব্ৰহ্মপুত্ৰ উপত্যকা
Anjan Sarma

Anjan Sarma

Related Posts

Soliloquy of a Song: The birth of Buku hom hom kore…
Special Report

ভূপেন হাজৰিকা: মই বিধানসভাৰ সদস্য কিয় হৈছিলো ?

by Editor
September 6, 2026
0

ভূপেন হাজৰিকা : মই বিধানসভাৰ সদস্য কিয় হৈছিলো ? ড° ভূপেন হাজৰিকা সক্রিয় ৰাজনীতি অর্থাৎ বিধান সভাৰ সদস্য হৈ মন্ত্রী...

Read moreDetails
ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

September 6, 2026
silhouette of four person with flag of united states background

CIA Regime Change Exposed: How U.S. Interventions in 15 Nations Killed Millions and Destabilized the World

September 3, 2026
flood

Guwahati Is Sinking: 70 Years of Floods, No Lessons Learned!

September 2, 2026
Khanikar Puthi

Khanikar Puthi

September 1, 2026
চিংগাপুৰ: অসম্ভৱক সম্ভৱ কৰি তোলা এখন দেশ

চিংগাপুৰ: অসম্ভৱক সম্ভৱ কৰি তোলা এখন দেশ

August 29, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
COP 29 – Baku’s Role in Global Climate Action: A Model for the Future

COP 29 IN AZERBAIJAN

1
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

ক্ষত্ৰিয় ৰাজবংশী আৰু ক্ষত্ৰিয় আন্দোলন

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation

Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation

September 7, 2026
Heat, Hunger, and Survival: Why India’s Climate Cooling Summit Cannot Wait?

What ‘natural’ calamities in 2026 indicate about Climate Change

September 7, 2026
NEPAL: What if the mud is already here?

NEPAL: What if the mud is already here?

September 7, 2026
The River That Sang Through Bhupen Hazarika

The River That Sang Through Bhupen Hazarika

September 7, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    40591 shares
    Share 16236 Tweet 10148
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18865 shares
    Share 7546 Tweet 4716
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    3994 shares
    Share 1598 Tweet 999
  • সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ব্যক্তিত্ব

    950 shares
    Share 380 Tweet 238
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    319 shares
    Share 128 Tweet 80
  • Kaziranga’s Eco-Sensitive Zone Debate: The Real Question Is Not 1 Kilometre or 10

    151 shares
    Share 60 Tweet 38
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    129 shares
    Share 52 Tweet 32
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    4079 shares
    Share 1632 Tweet 1020
  • Attending RAI’S Class

    100 shares
    Share 40 Tweet 25
  • Afghanistan Five Years under the Taliban: Economic Collapse at the Household Level and a Deepening Human Crisis

    92 shares
    Share 37 Tweet 23
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d