–মানস প্ৰতিম কলিতা |
চাইকেল !
অসম আৰু ভাৰতত এতিয়া পূৰাদমে চাইকেল চলিছে। চাইকেল মানে মান্ধাতা যুগত চলাখন নহয়। আধুনিক। বহুজাতিক নিগমৰ অনুগ্ৰহত সৰ্বত্ৰে প্ৰচলন ঘটা, সন্মুখলৈ হাউলি চলোৱা, আটকধুনীয়া চাইকেল এতিয়া চহৰৰ অলিয়ে গলিয়ে, গাঁৱৰ বাটে পথে দেখি থকা যায়। চাইকেল চলোৱা ভাল কথা। স্বাস্থ্য আটিল হয়। পেটৰ চৰ্বী কমে। ভৰিৰ মাংসপেশী সবল হয়। বহল প্ৰেক্ষাপটত চাবলৈ গ’লে কাৰ্বন নিৰ্গমন হ্ৰাস, অনৱীকৰণীয় শক্তিৰ অপচয় আৰু অজ’ন স্তৰৰ অৱক্ষয় ৰোধ ইত্যাদি ইত্যাদি । পিছে, ভাৰতত চাইকেল চলোৱা কাৰবাৰটো য়ুৰোপৰ নিচিনা নে? ভাৰতত চাইকেল চলাব লাগেনে? সম্ভৱনে?
আচলতে, চাইকেল চলাবলৈ কোৱা কথাটোৱেই বিশুদ্ধ ভণ্ডামি। ধাপ্পাবাজী। ফাং ফুং। খাবলৈ নোপোৱা মানুহক যোগ দিৱসত হাত ভৰি পাক খুৱাই বহি থাকিবলৈ উৎসাহ দিয়াৰ নিচিনা কথা। মালিয়াই লুটি নিয়া মালৰ (টকা বুলিবলৈ মন নগ’ল) ক্ষতিপূৰণ বেলবুং জনতাই পকেটৰ পৰা ভৰি অৰ্থনীতি পুনৰোদ্ধাৰ কৰিবলৈ হাত উজান দিয়াৰ নিচিনা কথা। অপুষ্টিত ভোগা শিশুক কোল্ড ড্ৰিংক্স পিওৱা আৰু ভিডিও গেইম উপহাৰ দিয়াৰ নিচিনা কথা। বেইমানী, চালবাজী আৰু আত্মপ্ৰৱঞ্চনাৰে পৰিপূৰ্ণ কাণ্ড এটা।
য়ুৰোপত বা অন্যান্য উন্নত দেশত চাইকেল চলোৱাৰ বাবে এটা বেলেগ ৰাস্তা থাকে। ৰাস্তাবিলাকত প্ৰকাণ্ড গাঁত নাথাকে, শিলগুটি ওলাই নাথাকে। পকী, ধুনীয়া ৰাস্তা। হেলমেট, গীয়েৰ পিন্ধি মানুহে সেইবোৰত মানুহৰ দৰে চাইক্লিঙ কৰে। চাইকেলখন এঠাইত তলা মাৰি থোৱাৰ বাবে চাইকেল ষ্টেণ্ড একোটা থাকে। সেই ষ্টেণ্ডটো চিচিটিভিৰ নিৰীক্ষণত থাকে। চাইকেল ষ্টেণ্ড য’ত থাকে তাৰ নিচেই ওচৰতে মেট্ৰ’ষ্টেশ্যন থাকে। তাৰমানে এজন মানুহে ইচ্ছা কৰিলে নিজৰ গাড়ী মটৰ নচলোৱাকৈ নিজৰ কাৰ্যালয় বা গন্তব্যস্থান পাবলৈ চাইকেল আৰু অন্যান্য ৰাজহুৱা পৰিবহণ ব্যৱস্থা সুন্দৰকৈ ব্যৱহাৰ কৰিব পাৰে। দেৰি হোৱাৰ কোনো সকাম নাই, বছে চৰিয়াই কাণ ফালি দিয়াৰ কথাও আহি নপৰে।
আৰু ইয়াত? চাইকেল চলে মহানগৰত, ব্যস্ত ৰাস্তাত। গাঁত, শিলগুটি, গৰু, ম’হ, ছাগলী, কুকুৰ, মুৰ্গী আৰু হাঁহৰ সৈতে সমান্তৰালভাৱে চাৰিচকীয়া, দহচকীয়া, ষোল্লচকীয়া গাড়ীৰ আগে পিছে চাইকেল চলে। প্ৰায়ে ৰাতি এনে গাড়ীৰ তলত সোমাই চাইকেলৱালা পাপৰ বনে ( কিছুমানক কোৰেৰে উঠাবলগীয়া হয় হেনো)। ইয়াত চাইকেল ষ্টেণ্ডত দোভাগ ৰাতি চাইকেল থকাটো বাদ দিলোঁ, মানুহকেই দিন দুপৰত উঠাই নিয়ে। ইয়াত মেট্ৰ’ বাদ দিলোঁ, ৰাজহুৱা পৰিবহণ বুলি এটা সূচল ব্যৱস্থা নাই। চিটি বাছত পাৰিলে পুৰুষ মহিলাই ইটোৱে সিটোক আলিংগনবদ্ধ হৈ যাত্ৰা কৰিবলগীয়া হয়। য়ুৰোপত বাছত কিতাপ পঢ়ি যায়। ইয়াত ভিৰৰ কোবত নিজৰ পকেটৰ পৰা ভাড়া উলিয়াবলৈ চালে কেতিয়াবা আনৰ পকেট খেপিয়ৱাৰ নিচিনা কাণ্ড ঘটে। চাইকেল চলাই কৰ্মস্থলীলৈ গ’লে ৰাতিপুৱা ওলোৱা মানুহজন দুপৰীয়া বা সূৰ্যাস্তৰ সময়তহে গৈ পোৱাৰ সম্ভাৱনা থাকে। য়ুৰোপত ঠাণ্ডা থাকে বাবে চাইকেল চলালে গৰম লাগে। ভাল লগা কথা। আমাৰ ইয়াত জুলাই, আগষ্টত 40-42 ডিগ্ৰী গৰমত, ট্ৰেফিক জামত ফচি ফচি চাইকেল চলালে আধা মানুহ হাইপ্ৰেচাৰ হৈ বাটতে ইহলীলা সামৰিব। বাকী থকাকেইটাই চাইকেলৰ পিছফালে বিছ লিটাৰৰ একোটাকৈ গেলনত চাৰে সোঁতৰ পেকেট গ্লুকোনডি গুলি পি গৈ থাকিব লাগিব। শেষত চাইকেল ষ্টেণ্ড কৰিয়েই মাটিত লেবেজান হৈ ঢলি পৰিব।
এইবোৰ বাজে যুক্তি। এইবোৰ আচল কথা নহয়। আচল কথাটো অলপ বেলেগ।
ব্যৱস্থাগত ত্ৰুটি সম্পৰ্কে একো নজনা আৰু ত্ৰুটি উৎপাদনকাৰী মূল অভিযুক্তৰ প্ৰতি একো ব্যৱস্থা নোলোৱাকৈয়ে চাইকেল চলায়েই অ’জ’ন স্তৰক অনুকূলে ৰাখিবৰ চেষ্টা কৰি থকা হয়। ভাৰতত চাইকেল চলোৱাৰ বাবে চৰকাৰ বাহাদুৰে ৰাস্তাকেইটা প্ৰথমে বনাওকচোন। চাইকেলৰ ৰাস্তা বনোৱাৰ আগতে গাড়ী মটৰ চলা ৰাস্তাকেইটাকেই বান্ধকচোন। নাই, সেইবোৰত এক্তিভিজম চেলাবলৈ গ’লে জেইল খাব লাগিব। Establishment ৰ লগত confrontation ত আহিব লাগিব। টান কথা। য়ুৰোপ, এমেৰিকাই ভাৰতত বা অইন দুখীয়া দেশত মুখ্য প্ৰদূষণকাৰী উদ্যোগ স্থাপন কৰে, হাবি জংঘল কাটি তহিলং কৰে, তেলখাদ বিচাৰি পাতাললৈকে খান্দে আৰু আমাক চাইকেল চলাবলৈ কৈ থাকে, কোৱাই থাকে। চাইকেল কেইখনো সিহঁতেই বিক্ৰী কৰি থাকে। পৰিবেশ ধ্বংস কৰি ট্ৰিলিয়ন ডলাৰৰ মুনাফা সিহঁতে আর্জে আৰু ইয়াৰ সন্তুলনৰ দায়িত্বভাৰ পৰে ভোলা জনতাৰ কান্ধত। ভাৰতৰ নিচিনা পংকিলতম ব্যৱস্থাসম্বলিত দেশ এখনত চাইকেল চলোৱা সম্ভৱ নহয়। উচ্চআয়সম্পন্ন মানুহে কৰ্তব্যৰ খাতিৰত যেনেদৰে গাড়ী মটৰ ব্যৱহাৰ কৰিবলৈ বাধ্য, ঠিক তেনেদৰে নিম্নআয়ৰ মানুহেও আজিকালি মটৰ চাইকেল নহ’লে দুবেলা দুমুঠি আৰ্জিব পৰাটো টান হৈ পৰিছে। ব্যৱহাৰিক দিশটো লক্ষ্য কৰিলেই গম পোৱা যাব। বেংকৰ কৰ্মচাৰী, মাইক্ৰফাইনেন্সৰ কিস্তি উঠাবলৈ যোৱা ল’ৰা ছোৱালী, গাঁৱৰ পৰা চহৰলৈ যোৱা কাঠমিস্ত্রী, ৰাজমিস্ত্রী কোনেও আজিকালি চাইকেল মাৰি সময় মিলোৱাতো সম্ভৱ নহয়। পংকিল উৎপাদন ব্যৱস্থা এটাই মানুহক চৌব্বিছ ঘণ্টাই দৌৰিবলৈ বাধ্য কৰিছে আৰু সেয়েহে অন্ততঃ ভাৰতত চাইকেল মৰাৰ কোনো আশা নাই। ধনী মানুহে ৱিকেণ্ড বা ভাটিবেলা চাইকেল মাৰি চৰ্বী কমাবলৈ যোৱাটো বেলেগ কথা।
মংগল গ্ৰহলৈ যান পঠিওৱা দেশত নৰ্দমা চাফা কৰিবলৈ গৈ শিশু মৰি যায়, উশাহ বন্ধ হৈ। এই গোটেই ভাৰসাম্যহীন ব্যৱস্থাটোৰ ত্ৰুটি নেদেখি চাইকেল, যোগ ইত্যাদিৰ গুণগান গাই থাকিব পৰাটোকেই ভাল ভাষাত আত্মপ্ৰৱঞ্চনা আৰু চালু ভাষাত ফাং ফুং, ধাপ্পাবাজী বোলা হয়।