-অৰবিন্দ ৰাভা |
নিউ জাৰ্চিৰ খবৰ। মানুহৰ জীৱনত যে কিমান ধৰণৰ লক্ষ্য! অধিকাংশ মানুহৰ লক্ষ্য হ’ল সাফল্যৰ চূড়ান্ত শিখৰলৈ যাত্ৰা। কিন্তু এই ব্যক্তিজনে সিদ্ধান্ত লৈছিল যে এদিন গোপনে নিজে উপাৰ্জন কৰা সমস্ত ধন- সম্পত্তি দান কৰি দিব। ঐই কৰ্মৰ ক্ষেত্ৰত তেওঁ একেবাৰেই ব্যতিক্ৰমী। বহুতেই দান কৰোতে মাইক বজাই ভাল পায়, কিন্তু এই ব্যক্তিজনে যোৱা পোন্ধৰ বছৰ ধৰি নীৰৱে নীৰৱে তথা গোপনে দান কৰি গৈছে।
যেতিয়ালৈ কৰ্মক্ষম হৈ আছিল, তেতিয়ালৈ তেওঁ দুহাতেৰে অলেখ ডলাৰ উপাৰ্জন কৰিছিল। এহাতে কোটি কোটি ডলাৰ উপাৰ্জন কৰিছিল, অইনহাতে সেই ধন তেওঁৰ নিজস্ব শৈলীৰে দান কৰিও গৈছিল। জীৱনৰ অপৰাহ্নত উপনীত হৈ তেওঁ জীৱনৰ সমস্ত অৰ্জিত সঞ্চয়, সমস্ত সম্পদ, নীৰৱে, নিভৃতে দান কৰি দিলে এই ব্যক্তিজনে। তেওঁ এলাউলা ব্যক্তি নহয়, তেওঁ ‘বিলিয়নিয়াৰ’! আমেৰিকাৰ অনলাইন সংবাদ মাধ্যম ‘গুড নিউজ নেটৱৰ্ক’ৰ দ্বাৰা সম্প্ৰতি এই খবৰ পোহৰলৈ আহিছে।
আমেৰিকাৰ নিউ জাৰ্চিৰ বাসিন্দা এই ব্যক্তিৰ নাম ‘চাক ফিনি’। তেওঁ শিল্পপতি আছিল। জীৱনৰ ৮৯ বছৰ বয়সত গোপনে সমস্ত ধন-সম্পত্তি তেওঁ দান কৰিছে। দান কৰা ধশ-সম্পত্তিৰ মূল্য শুনিলে মূৰ ঘুৰাই যায়। ৮০০ কোটি আমেৰিকান ডলাৰ! এক ডলাৰ মানে কিমান গুগুলালেই হ’ল! আগৰে পৰাই দান-দক্ষিণা কৰি চাক ফিনিয়ে ভাল পাইছিল। ১৯৮২ চনত যেতিয়া তেওঁৰ ব্যৱসায় তুঙ্গত আছিল, তেতিয়াই তেওঁ গোপনে দান-দক্ষিণা কৰিবলৈ এক দাতব্য সংস্থা খুলিছিল আৰু ঘনিষ্ঠ সকলক কৈছিল যে ‘আজি জীৱনৰ লক্ষ্য স্থিৰ হৈ পৰিল’! বন্ধুসকলে জানিবলৈ আগ্ৰহ কৰাত তেওঁ কৈছিল যে এই সংস্থাৰ দ্বাৰাই এদিন তেওঁ জীৱনৰ সকলো উপাৰ্জন দান কৰি দিব। ইয়াৰ পিছত বিগত ৩৮ বছৰে তেওঁ গোপনে, নীৰৱে দান কৰি গৈছে। তেওঁ কৈছে যে ৮৯ বছৰ বয়সত মই জীৱনৰ লক্ষ্য পূৰণ কৰিবলৈ পাই অতিশয় সুখী হৈছো। ফিনিৰ মতে সম্পদৰ লগে লগে আহে দায়িত্বশীলতা। সম্পদশালীজনেই থিক কৰিব লাগিব – দায়িত্বৰ অনুধাৱন কিদৰে কৰিব পাৰি। বুজিব লাগিব যে তেওঁৰ সম্পদে অইনৰ জীৱন কিদৰে উন্নত মানদণ্ডৰ কৰি তুলিব পাৰে।’ তেওঁ জনাইছে যে জীৱনত তেওঁ বহুত ব্যৱসায়ত লিপ্ত হৈছে। কিন্তু মূল ব্যৱসায় আছিল ‘ডিউটি ফ্ৰি শ্বপাৰ্চ’। সেই ব্যৱসায়ৰ পৰাই তেওঁৰ সিংহভাগ উপাৰ্জন। নিজৰ নম্ৰ ব্যৱহাৰ আৰু সংযমৰ বাবে বিশ্বৰ শিল্পমহলত এইগৰাকী আইৰিছ-আমেৰিকান শিল্পপতি বিশেষ ভাবে পৰিচিত আছিল। নিজে বিপুল সম্পত্তিৰ অধিকাৰী হৈও অতি সাধাৰণ জীৱন যাপন কৰিছিল। শুনিবলৈ আচহুৱা যদিও এয়া সত্য যে তেওঁৰ নিজাকৈ এখন গাড়ীও নাছিল। কোম্পানীৰ গাড়ীত উঠি অহা-যোৱা কৰিছিল। এটা সৰু ঘৰত তেওঁ বাস কৰিছিল। বিমানত ভ্ৰমণ কৰিছিল ‘ইকোনমি ক্লাছ’ত। ইয়াতোকৈ আচৰিত কথা এয়ে যে জীৱনত তেওঁৰ দুযোৰ জোতা কাহানিও নাছিল। এযোৰ ছিঙি গ’লে অইন এযোৰ নতুন জোতা কিনিছিল। চাক ফিনিৰ জীৱনী লিখি আছে কনৰ অ’ ক্লেৰিয়ে। বৃটিছ সংবাদ মাধ্যম ‘দ্যা গাৰ্জিয়ান’ক তেওঁ কৈছে যে ‘মই সকলোবোৰ ধনী ব্যক্তিকেই জনাব বিচাৰিছো যে নিজৰ সম্পদ জীৱদ্দশাতেই বিলাই দিয়া উচিত, মৃত্যু পৰ্যন্ত অপেক্ষা কৰা উচিত নহয়। তেনে অভিজ্ঞতা সকলোৱে উপভোগ কৰা উচিত।