-দিলীপ দৈমাৰী |
এতিয়া অসমত এপিনে কৰ’নাৰ ঢল , আৰু আনপিনে নতুন ৰাজনৈতিক দল খোলাৰ প্ৰতিযোগিতাৰ দৃশ্যপট, ‘অসমপ্ৰেমী’ তথাকথিত ৰাজনৈতিক নেতাৰ ‘চাবধান – বিশ্ৰাম – কদমতল’ৰ আৱাজ, কিছুমানৰ অদৰকাৰী ব্যস্ততা, মুখচুপতি, শব্দ আৰু বাষ্প-উদগীৰণ, মুখা পিন্ধি দিয়া ‘জয় আই অসম’ ধ্বনি , ইত্যাদি দেখি শুনি মানুহ বিতত হৈছে! সৌ সিদিনাৰ কথা – ছাত্ৰ সন্হাৰ সাধাৰণ সম্পাদক তপন গগৈ, কি উদাত্ত ভাষণ ! ফুচ্!! অসম আন্দোলনৰ পিঠিত উঠি কণজঁহা ভক্ষণ কৰা বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য? ফুচ্! ছোনিয়া- ৰাহুলৰ পুতলা তৰুণ গগৈ – তেতিয়া আৰু এতিয়া? মোডীক ৰিক্সাৱালা- ঠেলাৱালাই চৰিয়াব বুলি কোৱা, গুজৰাটৰ পাইপেৰে মুছলমানৰ তেজ যায় বুলি কোৱা হিমন্তবিশ্ব শৰ্মা? মোডীয়ে কৰি পেলালে ‘গেৰুৱা’! ফুচ্! অসমৰ ‘জাতীয় নায়ক’? শ্বহীদ দিৱসৰ পিছদিনাই তেওঁ ‘কা’ বিৰোধিতা কৰা ৫ জনক হত্যা কৰি কি বুজাই দিলে? তেওঁ ছাত্ৰ সন্হাৰ সভাপতি আছিল! অতুল বৰা, কেশৱ মহন্ত? ছাত্ৰ সন্থাৰেই আছিল! শংকৰ প্ৰসাদ ৰায় ? ছাত্ৰ সন্থাৰেই আছিল! প্ৰফুল্ল কুমাৰ মহন্তও ছাত্ৰ সন্হাৰ সভাপতি আছিল, ‘কেব’ আৰু ‘কা’ বিৰোধিতা কৰা অসম আন্দোলন সংগ্ৰামী মঞ্চৰ মুখ্য ব্যক্তি কুমাৰ দীপক দাসো ছাত্ৰ সন্হাৰ আছিল , আজিৰ তাৰিখত কংগ্ৰেছ, অগপ, বিজেপি, ইউ-ডি-এফ কাৰো গুণগত পাৰ্থক্য নাই। আৰু এসময়ৰ অসমত ফটোষ্টেট, পি-চি-অ’, ভিডিঅ’ পাৰ্লাৰ খোলাৰ দৰে এতিয়া নতুন নতুন দল খোলাৰ যি এক চমৎকাৰী প্ৰতিযোগিতা, সেইবোৰো ফুচ্! সেইবোৰ আলোচনা এতিয়া নকৰো, কাৰণ অগপ-ই ইতিমধ্যে সকলো প্ৰমাণ কৰি থৈছে আৰু মুখাপিন্ধি থকা বহুতৰে ‘এম-আৰ-আই’ৰ প্ৰতিবেদন ৰাইজৰ মাজৰ বহুতৰে হাতত আছে। সেইবাবে অলপ বেলেগ কথাহে পাতো।
‘গণশত্ৰু’ হিতেশ্বৰ শইকীয়াৰ কাৰ্যকালৰ কথা বাদ দিলো, তেওঁ স্বাভাবিকতে ‘গণশত্ৰু’! কিন্তু ১০ বছৰ ‘গণমিত্ৰ’ তথা ছাত্ৰ সন্হাৰ অবিসম্বাদী দীৰ্ঘকালীন সভাপতি প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত অগপ-ই অইন দুটামান দলৰ সহযোগত অসমত চৰকাৰ চলালে, তাৰপিছত ১৫ বছৰ চৰকাৰ চলালে শৰীৰত লাচিতৰ তেজ থকা তৰুণ গগৈয়ে – ৰকিবুল হুছেইন আৰু হিমন্ত বিশ্ব শৰ্মাক সোঁৱে- বাওঁৱে লৈ ( দুয়োজন আছিল তেওঁৰ উলাহৰ মাদুলী); তাৰপিছত ৫ বছৰ সম্পূৰ্ণ কৰাৰ পথত ‘জাতীয় নায়ক’ সৰ্বানন্দ সোণোৱাল! এই সময়ছোৱাত ইউ-ডি-এফ, চিপিএম, বিপিএফ, ইত্যাদিও মঞ্চত আছিল আৰু আছে। যোৱা ৩০ বছৰে এই সমস্ত ‘অসমপ্ৰেমিক’ ৰাজনৈতিক নেতা/ বিধায়কক স্পৰ্শ কৰি দিশপুৰত চৰকাৰ চলি থাকিল; যদিও বিভিন্ন সময়ত বিভিন্ন জনে অসমৰ উন্নতি সাধন কৰাৰ স্বাৰ্থত দল সলালে!
যোৱা ৩০ বছৰে ( গণশত্ৰু শইকীয়াক বাদ দিছো) এই সকলো বিধায়কে বিভিন্ন সময়ত কৈছে বা মৌনভাৱে সমৰ্থন কৰিছে যে অসমৰ ইতিহাসত শ্ৰীমন্ত শংকৰদেৱ, শ্ৰীমন্ত মাধৱদেৱ, শ্ৰীমন্ত দামোদৰদেৱ আদি অত্যন্ত বৰণীয় ঐতিহাসিক চৰিত্ৰ। অৰ্থাৎ, অসমক এইসকল মন্ত্ৰী/বিধায়কে যিদৰে ‘প্ৰেম’ কৰে, একেদৰে শ্ৰীমন্ত শংকৰদেৱ, শ্ৰীমন্ত মাধৱদেৱ আদিকো একেদৰেই সন্মান কৰে, গুৰুত্ব দিয়ে। সঁচা হয় নে?
চৰুৰ এটা চাউল টিপিলে সিজিছে নে সিজা নাই – যিদৰে গম পোৱা যায়, একেদৰে আমিও অসমৰ এগাল সমস্যা ( সমস্ত চাউল)ক লৈ বাক-বিতন্ডা কৰি থকাতকৈ এটা সমস্যাহে এতিয়া ডাঙি ধৰিম ( এটা চাউল)! কাৰণ নতুন প্ৰজন্মই কথাটো জানিব লাগে বুলি ভাবো। কথা হ’ল, শ্ৰীমন্ত শংকৰদেৱ, শ্ৰীমন্ত মাধৱদেৱ, শ্ৰীমন্ত দামোদৰদেৱ, শ্ৰীমন্ত হৰিদেৱ আদিৰ সৈতে অসমৰ সত্ৰসমূহৰ এৰাব নোৱাৰা সম্পৰ্ক আছে। ছাত্ৰ সন্হাৰ প্ৰাক্তন সভাপতি তথা অসম আন্দোলনৰ অন্যতম কান্ডাৰী আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ একান্ত ভক্ত প্ৰফুল্ল কুমাৰ মহন্ত আৰু ‘সোণৰ অসম’ৰ বাবে ছাত্ৰ সন্হাৰ ঔৰষত জন্ম লোৱা অগপ নামৰ দলটোৰ সোণাৰীসকল ১০ বছৰ অসমৰ শাসনত থাকিল; তাৰপিছত শৰীৰত লাচিতৰ তেজ থকা বুলি কৈ গৌৰৱান্বিত হোৱা তৰুণ গগৈ আৰু কংগ্ৰেছ দল তথা তেওঁলোকৰ মিত্ৰসকলৰ চৰকাৰ থাকিল ১৫ বছৰ; জাতীয় নায়ক তথা ছাত্ৰ সন্হাৰ প্ৰাক্তন সভাপতি আৰু একালৰ সোণৰ অসম নিৰ্মাণ কৰিবলৈ সোণাৰী হোৱা সোণোৱাল চৰকাৰ থাকিল ৪+ বছৰ; কিন্তু সত্ৰসমূহৰ অৱস্থা কি হৈ আছে? কিদৰে হাজাৰ হাজাৰ বিঘা মাটি আজিও দখল হৈ আছে? ন্যায্য আন্দোলনকাৰীক নিৰ্মম অত্যাচাৰ কৰি ৰাজপথত তেজ বোৱাই দিব পৰা ক্ষমতা থকা এই চৰকাৰসমূহৰ চকুৰ আগত সত্ৰসমূহৰ মাটি কিদৰে দখল হৈছে – নতুন প্ৰজন্মই এবাৰ চাই লওকঃ
ধুবুৰীৰ ৰামৰায় কুঠীৰ ১২ বিঘা, ধুবুৰীৰ শিমলাবাৰীৰ ১৯৫ বিঘা, বৰপেটাৰ বৰপেটা সত্ৰৰ ৪৬০ বিঘা, বৰপেটাৰ কালজাৰৰ ১৩৬ বিঘা, বৰপেটাৰ হৰিপুৰৰ ৪৮ বিঘা, বৰপেটাৰ পাটবাউসীৰ ৮১ বিঘা, বৰপেটাৰ ভৱানীপুৰৰ ১১৭ বিঘা, বৰপেটাৰ বহৰীৰ ১৯০ বিঘা, বৰপেটাৰ জনিয়াৰ ১৬০ বিঘা, বৰপেটাৰ ধূপৰঢলৰ ১৮২ বিঘা, মৰিগাওঁৰ কোবাইকটাৰ ৪৬ বিঘা, মৰিগাওঁৰ পাটেকীবাৰী( আলিপুখুৰী)ৰ ৭৭ বিঘা, নগাঁওৰ বৰদোৱাল ২৮৩ বিঘা, নগাঁওৰ বালিসত্ৰৰ ৪৬২ বিঘা, নগাঁওৰ ৰামপুৰৰ ৫৮৪ বিঘা, নগাঁওৰ ছলাগুৰি সত্ৰ(ধিং)ৰ ৪ বিঘা, লক্ষিমপুৰৰ আদি-এলেঙিৰ ১৯০০ বিঘা, লক্ষিমপুৰৰ বৰ-এলেঙিৰ ১০৫ বিঘা, লক্ষিমপুৰৰ খাতপুৰ (নাওবৈছা)ৰ ৪৮ বিঘা, লক্ষিমপুৰৰ ছিপ’হাৰ ৩৪ বিঘা, শোণিতপুৰৰ নিকামুলৰ ১০ বিঘা, গোৱালপাৰাৰ বাপুপাৰাৰ ১১০ বিঘা, গোৱালপাৰাৰ দামোদৰৰ ৪৬ বিঘা, গোৱালপাৰাৰ বিষ্ণুপুৰৰ ১৬১ বিঘা, কামৰূপৰ ছমৰিয়াৰ ৫০ বিঘা, কামৰূপৰ মালঞ্চৰ ৪৮ বিঘা; অৰ্থাৎ ২৬ খন সত্ৰৰ ৫৫৪৮ বিঘা মাটি বেদখলকাৰীৰ হাতত আছে!! কাৰো কিয় দম নাই বেদখলকাৰীৰ হাতৰ পৰা মাটি আজুৰি আনিবলৈ ?
অৰ্থাৎ, কথাই কথাই ছাদুল্লাক গালি দি লাভ নাই; যোৱা ৩০ বছৰে সত্ৰসমূহ মুক্ত কৰিব নোৱৰাসকলো ছাদুল্লাৰেই সুযোগ্য উত্তৰাধিকাৰী! ৫৫৪৮ বিঘা মাটি বেদখলকাৰীৰ হাতত @ জাতি-মাটি-ভেটি; সোণৰ অসম; বিকশিত অসম!
এতিয়াও কাণ পাতিলেই শুনি -“জয় আই অসম“!
ফুচ্!!
বিঃদ্ৰঃ ওপৰোক্ত তালিকাখনত থকা মাটিৰ বাহিৰেও মন্দিৰসমূহৰ বেদখল হৈ থকা মাটি, বনাঞ্চলৰ বেদখল হৈ থকা মাটি, ৱাকফ্ বোৰ্ডৰ বেদখল হৈ থকা মাটি, পৃথানী-লোহিয়া আদিৰ হাতত তুলি দিয়া মাটি, ইত্যাদিক লৈ অসমৰ বহুকেইখন বিশ্ববিদ্যালয়ৰ কোনোবা এখনে গৱেষণা কৰিলে ভাল হয়!