চাহত ৰাসায়নিক বিষ
অৰবিন্দ ৰাভা
আঃ, চাহ!
সমগ্ৰ দিনটো সতেজ কৰি ৰাখিব পৰা চাহ, আঃ, চাহ!
মাত্ৰাধিক কীটনাশক আৰু ৰাসায়নিক ব্যৱহাৰ কৰা হেতুকে গুৰুতৰ অভিযোগ উত্থাপন কৰি ভাৰতৰ বিখ্যাত চাহৰ বুজন পৰিমাণৰ ‘অৰ্ডাৰ’ সম্প্ৰতি আন্তৰ্জাতিক আৰু উপমহাদেশীয় বজাৰত বাতিল হৈছে। এই সম্পৰ্কে সদৰি কৰিছে স্বয়ং ইন্ডিয়ান টি এক্সপোৰ্টাৰ্চ এচোছিয়েশ্যন( ITEA)ৰ চেয়াৰমেন অংশুমান কানোৰিয়াই।
আমেৰিকাৰ পৰা ১ লাখ ২৩ হাজাৰ মেট্ৰিক টন শুকান চাহেৰে ভৰপূৰ কন্টেইনাৰ উভতি আহিছে ভাৰতলৈ। আমেৰিকাই অভিযোগ কৰিছে, কেঁচা বা কুমলীয়া ব্যৱহাৰযোগ্য চাহপাতৰ পৰা চাহ প্ৰস্তুত কৰাৰ আগতে ভালকৈ ধুই পৰিষ্কাৰ কৰা হোৱা নাছিল আৰু পাতবোৰত কীটনাশক বিদ্যমান হৈ আছিল হেতুকে তেনে বিষাক্ত চাহ ব্যৱহাৰৰ বাবে উপযোগী নহয়। আমেৰিকাৰ মতে কীটনাশকৰ পৰা ভাৰতৰ তথাকথিত অৰ্গেনিক চাহো মুক্ত নহয়!
শ্ৰীলংকাৰ সংকটৰ বাবে সমগ্ৰ বিশ্বতে চাহৰ বাবে এক বিৰাট শূণ্যতা সৃষ্টি হৈছিল আৰু সেই শূণ্যতা পূৰণ কৰিবলৈ ভাৰতৰ টি – বোৰ্ডে উদ্যোগ লৈছিল; কিন্তু সেই আশাত চেঁচা পানী পৰিল। অংশুমান কানোৰিয়াই কৈছে, অস্বাভাৱিকভাবে উচ্চহাৰত ৰাসায়নিক মিহলি হৈ থকা চাহ সৰহভাগ ক্ৰেতাই কিনিবলৈ অস্বীকাৰ কৰিছে। পৰিসংখ্যাৰ মতে, ২০২১ চনত ১৯ কোটি ৫৯ লাখ কিলোগ্ৰাম চাহপাত ভাৰতে ৰপ্তানি কৰিছিল আৰু সেই চাহৰ মূল্য আছিল ৫৩১১.১৫ কোটি টকা।
আনহাতে ইৰাণেও অভিযোগ উত্থাপন কৰি কৈছে, নানা তৰহৰ ফ্লেভাৰ থকা চাহ বুলি ভাৰতে নিম্ন মানদন্ডৰ সাধাৰণ চাহ ইৰাণলৈ পঠিয়াইছে। গতিকে সাতে- পাচে ভাৰতৰ চাহৰ বৰ্তমানৰ স্থিতি আশাব্যঞ্জক নহয়।
কেৱল এয়াই নহয়, তুৰ্কীয়েও ভাৰতৰ ৫৬৮৭৭ টন ঘেঁহু নিম্ন মানদন্ডৰ বুলি কোৱাৰ লগতে ঘেঁহুত ‘ৰূবেলা ভাইৰাছ’ থকা বুলি ওভোতাই পঠিয়াইছে।
১৩-০৬-২০২২
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)