-পল্লৱী দত্ত
অসমলৈ ব্ৰিটিছৰ ফুচুলনিত ভোল চাহ বাগিচাৰ কৰ্মসূত্ৰে অহা লোকসকলকে মূলতঃ চাহ জনগোষ্ঠী ৰূপে জনা যায়। প্ৰায় দুশ বছৰ পূৰ্বে এই লোকসকল ভাৰতৰ বিভিন্ন ৰাজ্য যেনে অন্ধ্ৰপ্ৰদেশ, মধ্যপ্ৰদেশ, উৰিষ্যা, বৰ্তমানৰ ঝাৰখণ্ড, ছত্ৰীশগড়, বিহাৰ, উত্তৰ প্ৰদেশ, পশ্চিমবংগ আদিৰ পৰা গীৰমিটীয়া বা অন্য বন্দোবস্তিত এই লোকসকলক অসমলৈ বনুৱা হিচাপে ইংৰাজসকলে আমদানি কৰিছিল। আৰম্ভনিতে এওঁলোকক বাগিচাৰ মালিকপক্ষই ব্যৱস্থা কৰি ঠাইতে ঘৰ সাজি বাস কৰিবলৈ সুবিধা কৰি দিছিল যদিও লাহে লাহে বাগিচাৰ চাৰিবেৰৰ পৰা ওলাই আহি অসমৰ বিভিন্ন ঠাইত, অৰ্থাৎ বাগিচাৰ আশে পাশে থকা পতিত ভূমি দখল কৰি স্বাধীনভাবে থাকিবলৈ লয়। বাগিচাত থকা লোকসকলক চাহ জনগোষ্ঠী আৰু বাগিচাৰ বাহিৰত থকা লোকসকলক প্ৰাক্তন চাহ জনগোষ্ঠী ৰূপে জনা যায়, এওঁলোকৰ মাজত প্ৰচলিত উৎসৱ – পাৰ্ৱণ, ৰীতি নীতিৰ মাজত বিশেষ তেনেধৰণৰ কোনো প্ৰভেদ দেখা নাযায়।
পৃথিৱীৰ আন আন মানৱ জাতিৰ যিদৰে নিজা নিজা সংস্কৃতি আৰু গীত মাত আছে ঠিক সেইদৰে ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা অসমলৈ আহি একগোট হৈ থাকি চাহ জনগোষ্ঠী নাম পোৱা লোকসকলৰো নিজা নিজা গীত মাত আছে।
চাহ জনগোষ্ঠীৰ সাংস্কৃতিক জীৱনত বিভিন্ন লোক উৎসৱত পৰিবেশিত লোকগীতসমূহে তেওঁলোকৰ জীৱনৰ বৰ্ণময়, উৎসৱমুখৰ কলাত্মক দিশটোক প্ৰতিফলিত কৰিছে। এনে লোক- উৎসৱৰ ভিতৰত কৰমপূজা, টুচুপৰব, সৰহাই পৰব, ফাগুণ পৰব, দুৰ্গাপূজা, গ্ৰাম্য পূজা, মনসা পূজা, ত্ৰিনাথ পূজা, আদি উল্লেখযোগ্য। চাহবনুৱাৰ মৌলিক অনুষ্ঠানসমূহৰ সৈতে অসমৰ অষ্ট্ৰ- মংগোলীয় সংস্কৃতিৰ মূল উপাদান —— আছে।
নৃত্য- গীতৰ প্ৰাধান্যৰ লগতে সাৰ্বজনীন মানৱীয় আবেদনৰ বাবে কৰম পৰব বা কৰম পূজাই চাহ জনগোষ্ঠীৰ বৰ্ণময় সাংস্কৃতিক জীৱনৰ প্ৰতিনিধিত্ব কৰিছে। ভাদমাহত অনুষ্ঠিত কৰমপূজাৰ সময়ত নিজৰ ঘৰত মৃতকৰ সকাম পতা, দেওধনি উঠা, কৰমপূজাৰ শস্য আগবঢ়োৱা, ঝুমেইৰৰ দৰে সমবেত নাচৰ আয়োজন অসমৰ বিভিন্ন অনুষ্ঠানৰ উপলক্ষতো দেখা যায়। বিহুনাচৰ যৌন আবেদন ঝুমুইৰ নাচতো আছে।
চাহ জনগোষ্ঠীৰ উমৈহতীয়া জীৱনৰ অভিজ্ঞতা আৰু সৃষ্টিশীল মনীষাৰ স্বৰূপ প্ৰতিফলিত হৈছে তেওঁলোকৰ লোকগীতসমূহত। ঝুমুইৰ, ঘেরা, দমকচ, সাদি, সহৰাই, তুচু, নিচুকনি, আৰু ওমলা গীত আদিৰ মাজেদি চাহ শ্ৰমিকসকলৰ সমাজৰ বহুমুখী বৈচিত্ৰ্যময় জীৱনৰ প্ৰতিফলন ঘটিছে।
ঝুমেইৰ গীত আৰু নৃত্যৰ সমাদৰ শ্ৰমজীৱী চাহ জনগোষ্ঠীৰ মাজত যথেষ্ট। স্থানভেদে এইবোৰ গীতৰ সুৰ, পৰিবেশন প্ৰণালী, আৰু নৃত্য ভঙ্গীমাৰ পাৰ্থক্য পৰিলক্ষিত হ’লেও গীতসমূহৰ মৌলিক গাথঁনিৰ মাজত বিশেষ পাৰ্থক্য দেখা নাযায়। কৰম পূজা উপলক্ষে অনুষ্ঠিত ঝুমুইৰ নাচ আৰু গীতত চাহ জনগোষ্ঠীৰ জাতীয় জীৱনৰ আশা,আকাংক্ষা, সুখ দুখ, ডেকা গাভৰুৰ প্ৰেম প্ৰীতি আৰু ইয়াৰ পৰিণতি স্বৰূপে মিলন বিৰহৰ এক বহুৰঙী চিত্ৰ অংকন কৰা হয়।
দেৱালী বা সহৰাই পৰব হৈছে চাহ জনগোষ্ঠীৰ লোকসকলৰ গৰখীয়া জীৱনৰ সৈতে পোনপটীয়াভাবে জড়িত আন এটি কৃষি উৎসৱ। এই পৰবৰ দিনকেইটাত গো পূজা কৰাৰ লগতে গৰখীয়াসকলে নিশা ৰাইজৰ ঘৰে ঘৰে গৈ ঢোল, মাদল, তাল আদি বাদ্য লৈ সহৰাই পৰবৰ গীত গাই গৃহস্থসকলক আর্শীবাদ দিয়ে।
মাঘবিহুৰ সমসাময়িকভাবে চাহ জনগোষ্ঠীৰ লোকসকলে তুচু পৰব বা তুচু পূজা অনুষ্ঠিত কৰে।এই পৰবত তুচু গীত গোৱা হয় আৰু মাঘবিহুৰ দৰেই পিঠা পনা খাই সমূহীয়াভাবে আনন্দ প্ৰকাশ কৰে। পুহ মাহত নিদিষ্ট এঘৰত নাৰীসকলে একত্ৰিত হৈ টুচুৰ থাপনা পাতি সেই থাপনাৰ ওচৰত ভক্তিভাবে গীত গাই তুচুৰ উপাসনা কৰে। জনবিশ্বাস অনুসৰি তুচু দেৱী সন্তুষ্ট হলে ধনলাভ আৰু নি:সন্তানৰ সন্তান লাভ হয়।
হোলী বা ফাকুৱা সৰ্বভাৰতীয় উৎসৱ যদিও চাহ জনগোষ্ঠীৰ মাজত উদযাপিত এই উৎসৱৰ কিছু সুকীয়া বিশেষত্ব আছে। এই উৎসৱ চাহ জনগোষ্ঠীৰ লোকসকলে হাতত দুফুটমান কাঠী লৈ ফাগুৱা বা ফাকুৱা উপলক্ষে ঢোল আৰু মাদলৰ ছেৱে ছেৱে ঘূৰি নৃত্য কৰে। এই নৃত্যৰ লগতে গীতসমূহৰ সৰহভাগেই কৃষ্ণবিষয়ক লোকগীত।
চাহজনগোষ্ঠীৰ লোকসকলে কৰমপূজা উপলক্ষে ঝুমুৰ গীত, তুচুপৰব উপলক্ষে তুচুগীত, চহৰাই পৰব উপলক্ষে জাহোলী গীত গাই আন্তৰিক আনন্দ প্ৰকাশ কৰে। নিচুকনি আৰু ওমলা গীতসমূহ সৰু লৰা ছোৱালীক ওমলাবৰ কাৰণে গোৱা হয়।তাহানিৰ অসমীয়া ডেকা গাভৰুৱে ‘ তোৰো মনে গলে মোৰো মনে গলে কি কৰিব অজাতি কুলে’ বুলি কোৱাৰ দৰেই চাহ বনুৱাৰ ডেকা গাভৰুসকলে তুচু দেৱীক সাক্ষী কৰি যুৰীয়া জীৱনৰ পাতনি মেলাৰ প্ৰয়াস কৰে।