• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, July 16, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

চাহ জনগোষ্ঠীয় গীত মাত, উৎসৱ-পাৰ্ৱণ, এটি পৰ্যালোচনা

-পল্লৱী দত্ত

by Anjan Sarma
June 16, 2021
in Special Report
Reading Time: 1 min read
0
Share on FacebookShare on TwitterShare on LinkedIn

-পল্লৱী দত্ত

অসমলৈ ব্ৰিটিছৰ ফুচুলনিত ভোল চাহ বাগিচাৰ কৰ্মসূত্ৰে অহা লোকসকলকে মূলতঃ চাহ জনগোষ্ঠী ৰূপে জনা যায়। প্ৰায় দুশ বছৰ পূৰ্বে এই লোকসকল ভাৰতৰ বিভিন্ন ৰাজ্য যেনে অন্ধ্ৰপ্ৰদেশ, মধ্যপ্ৰদেশ, উৰিষ্যা, বৰ্তমানৰ ঝাৰখণ্ড, ছত্ৰীশগড়, বিহাৰ, উত্তৰ প্ৰদেশ, পশ্চিমবংগ আদিৰ পৰা গীৰমিটীয়া বা অন্য বন্দোবস্তিত এই লোকসকলক অসমলৈ বনুৱা হিচাপে ইংৰাজসকলে আমদানি কৰিছিল। আৰম্ভনিতে এওঁলোকক বাগিচাৰ মালিকপক্ষই ব্যৱস্থা কৰি ঠাইতে ঘৰ সাজি বাস কৰিবলৈ সুবিধা কৰি দিছিল যদিও লাহে লাহে বাগিচাৰ চাৰিবেৰৰ পৰা ওলাই আহি অসমৰ বিভিন্ন ঠাইত, অৰ্থাৎ বাগিচাৰ আশে পাশে থকা পতিত ভূমি দখল কৰি স্বাধীনভাবে থাকিবলৈ লয়।  বাগিচাত থকা লোকসকলক চাহ জনগোষ্ঠী আৰু বাগিচাৰ বাহিৰত থকা লোকসকলক প্ৰাক্তন চাহ জনগোষ্ঠী ৰূপে জনা যায়, এওঁলোকৰ মাজত প্ৰচলিত উৎসৱ – পাৰ্ৱণ, ৰীতি নীতিৰ মাজত বিশেষ তেনেধৰণৰ কোনো প্ৰভেদ দেখা নাযায়।
পৃথিৱীৰ আন আন মানৱ জাতিৰ যিদৰে নিজা নিজা সংস্কৃতি আৰু গীত মাত আছে ঠিক সেইদৰে ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা অসমলৈ আহি একগোট হৈ থাকি চাহ জনগোষ্ঠী নাম পোৱা লোকসকলৰো নিজা নিজা গীত মাত আছে।
চাহ জনগোষ্ঠীৰ সাংস্কৃতিক জীৱনত বিভিন্ন লোক উৎসৱত পৰিবেশিত লোকগীতসমূহে তেওঁলোকৰ জীৱনৰ বৰ্ণময়, উৎসৱমুখৰ কলাত্মক দিশটোক প্ৰতিফলিত কৰিছে। এনে লোক- উৎসৱৰ ভিতৰত কৰমপূজা, টুচুপৰব, সৰহাই পৰব, ফাগুণ পৰব, দুৰ্গাপূজা, গ্ৰাম্য পূজা, মনসা পূজা, ত্ৰিনাথ পূজা, আদি উল্লেখযোগ্য। চাহবনুৱাৰ মৌলিক অনুষ্ঠানসমূহৰ সৈতে অসমৰ অষ্ট্ৰ- মংগোলীয় সংস্কৃতিৰ মূল উপাদান —— আছে।
নৃত্য- গীতৰ প্ৰাধান্যৰ লগতে সাৰ্বজনীন মানৱীয় আবেদনৰ বাবে কৰম পৰব বা কৰম পূজাই চাহ জনগোষ্ঠীৰ বৰ্ণময় সাংস্কৃতিক জীৱনৰ প্ৰতিনিধিত্ব কৰিছে। ভাদমাহত অনুষ্ঠিত কৰমপূজাৰ সময়ত নিজৰ ঘৰত মৃতকৰ সকাম পতা, দেওধনি উঠা, কৰমপূজাৰ শস্য আগবঢ়োৱা, ঝুমেইৰৰ দৰে সমবেত নাচৰ আয়োজন অসমৰ বিভিন্ন অনুষ্ঠানৰ উপলক্ষতো দেখা যায়। বিহুনাচৰ যৌন আবেদন ঝুমুইৰ নাচতো আছে।
চাহ জনগোষ্ঠীৰ উমৈহতীয়া জীৱনৰ অভিজ্ঞতা আৰু সৃষ্টিশীল মনীষাৰ স্বৰূপ প্ৰতিফলিত হৈছে তেওঁলোকৰ লোকগীতসমূহত। ঝুমুইৰ, ঘেরা, দমকচ, সাদি, সহৰাই, তুচু, নিচুকনি, আৰু ওমলা গীত আদিৰ মাজেদি চাহ শ্ৰমিকসকলৰ সমাজৰ বহুমুখী বৈচিত্ৰ্যময় জীৱনৰ প্ৰতিফলন ঘটিছে।
ঝুমেইৰ গীত আৰু নৃত্যৰ সমাদৰ শ্ৰমজীৱী চাহ জনগোষ্ঠীৰ মাজত যথেষ্ট। স্থানভেদে এইবোৰ গীতৰ সুৰ, পৰিবেশন প্ৰণালী, আৰু নৃত্য ভঙ্গীমাৰ পাৰ্থক্য পৰিলক্ষিত হ’লেও গীতসমূহৰ মৌলিক গাথঁনিৰ মাজত বিশেষ পাৰ্থক্য দেখা নাযায়। কৰম পূজা উপলক্ষে অনুষ্ঠিত ঝুমুইৰ নাচ আৰু গীতত চাহ জনগোষ্ঠীৰ জাতীয় জীৱনৰ আশা,আকাংক্ষা, সুখ দুখ, ডেকা গাভৰুৰ প্ৰেম প্ৰীতি আৰু ইয়াৰ পৰিণতি স্বৰূপে মিলন বিৰহৰ এক বহুৰঙী চিত্ৰ অংকন কৰা হয়।
দেৱালী বা সহৰাই পৰব হৈছে চাহ জনগোষ্ঠীৰ লোকসকলৰ গৰখীয়া জীৱনৰ সৈতে পোনপটীয়াভাবে জড়িত আন এটি কৃষি উৎসৱ। এই পৰবৰ দিনকেইটাত গো পূজা কৰাৰ লগতে গৰখীয়াসকলে নিশা ৰাইজৰ ঘৰে ঘৰে গৈ ঢোল, মাদল, তাল আদি বাদ্য লৈ সহৰাই পৰবৰ গীত গাই গৃহস্থসকলক আর্শীবাদ দিয়ে।
মাঘবিহুৰ সমসাময়িকভাবে চাহ জনগোষ্ঠীৰ লোকসকলে তুচু পৰব বা তুচু পূজা অনুষ্ঠিত কৰে।এই পৰবত তুচু গীত গোৱা হয় আৰু মাঘবিহুৰ দৰেই পিঠা পনা খাই সমূহীয়াভাবে আনন্দ প্ৰকাশ কৰে। পুহ মাহত নিদিষ্ট এঘৰত নাৰীসকলে একত্ৰিত হৈ টুচুৰ থাপনা পাতি সেই থাপনাৰ ওচৰত ভক্তিভাবে গীত গাই তুচুৰ উপাসনা কৰে। জনবিশ্বাস অনুসৰি তুচু দেৱী সন্তুষ্ট হলে ধনলাভ আৰু নি:সন্তানৰ সন্তান লাভ হয়।
হোলী বা ফাকুৱা সৰ্বভাৰতীয় উৎসৱ যদিও চাহ জনগোষ্ঠীৰ মাজত উদযাপিত এই উৎসৱৰ কিছু সুকীয়া বিশেষত্ব আছে। এই উৎসৱ চাহ জনগোষ্ঠীৰ লোকসকলে হাতত দুফুটমান কাঠী লৈ ফাগুৱা বা ফাকুৱা উপলক্ষে ঢোল আৰু মাদলৰ ছেৱে ছেৱে ঘূৰি নৃত্য কৰে। এই নৃত্যৰ লগতে গীতসমূহৰ সৰহভাগেই কৃষ্ণবিষয়ক লোকগীত।
চাহজনগোষ্ঠীৰ লোকসকলে কৰমপূজা উপলক্ষে ঝুমুৰ গীত, তুচুপৰব উপলক্ষে তুচুগীত, চহৰাই পৰব উপলক্ষে জাহোলী গীত গাই আন্তৰিক আনন্দ প্ৰকাশ কৰে। নিচুকনি আৰু ওমলা গীতসমূহ সৰু লৰা ছোৱালীক ওমলাবৰ কাৰণে গোৱা হয়।তাহানিৰ অসমীয়া ডেকা গাভৰুৱে ‘ তোৰো মনে গলে মোৰো মনে গলে কি কৰিব অজাতি কুলে’ বুলি কোৱাৰ দৰেই চাহ বনুৱাৰ ডেকা গাভৰুসকলে তুচু দেৱীক সাক্ষী কৰি যুৰীয়া জীৱনৰ পাতনি মেলাৰ প্ৰয়াস কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: চাহ জনগোষ্ঠীয় গীত মাত
Anjan Sarma

Anjan Sarma

Related Posts

Matcha from Japanese Ritual to Global Obsession
Special Report

Matcha from Japanese Ritual to Global Obsession

by Pradakshina Sarmah
July 15, 2026
0

Matcha from Japanese Ritual to Global Obsession PRADAKSHINA SARMAH Matcha is deeply rooted in Japanese Culture, as well as Zen...

Read moreDetails
The Dangote Effect and Nigeria’s Energy Transition

The Dangote Effect and Nigeria’s Energy Transition

July 15, 2026
group of people in public toilet using smartphones

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন!

July 6, 2026
In Between River and the Big Gates: How Sluice Gates are shaping floods in Assam’s Katigorah!

In Between River and the Big Gates: How Sluice Gates are shaping floods in Assam’s Katigorah!

July 5, 2026
The River That Became a Drain: Bharalu and the Death of a Memory

The River That Became a Drain: Bharalu and the Death of a Memory

July 4, 2026
India’s Progress Highlighted in SDG Report 2026

India’s Progress Highlighted in SDG Report 2026

July 2, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
অসমখন হ’ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ

অসমখন হ’ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ

July 16, 2026
Bhattadev University and the Mahabahu Climate Forum in Manas National Park

Bhattadev University: A Comprehensive Journey through the Climate Justice 101

July 15, 2026
Adaptation Without Agency Is Not Resilience

Adaptation Without Agency Is Not Resilience

July 15, 2026
Matcha from Japanese Ritual to Global Obsession

Matcha from Japanese Ritual to Global Obsession

July 15, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    37518 shares
    Share 15007 Tweet 9379
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    17015 shares
    Share 6806 Tweet 4254
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    2247 shares
    Share 899 Tweet 562
  • Vrindavani Vastra: Assam’s Spiritual Heritage Reunites with Roots

    241 shares
    Share 96 Tweet 60
  • বিষ্ণু প্ৰসাদ ৰাভাৰ সাংস্কৃতিক সৃষ্টিৰাজি

    391 shares
    Share 156 Tweet 98
  • Bhattadev University and the Mahabahu Climate Forum in Manas National Park

    144 shares
    Share 58 Tweet 36
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    1165 shares
    Share 466 Tweet 291
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6748 shares
    Share 2699 Tweet 1687
  • Bhattadev University and Climate Justice Classroom

    111 shares
    Share 44 Tweet 28
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3938 shares
    Share 1575 Tweet 985
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d