• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, August 13, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

চিংফৌসকলৰ ইতিহাস বৈচিত্ৰ্যতা আৰু স্বপং য়ং মানাউ পয়

-সঞ্জীব উলুপ

by Anjan Sarma
July 6, 2021
in Special Report
Reading Time: 1 min read
0
চিংফৌসকলৰ ইতিহাস বৈচিত্ৰ্যতা আৰু স্বপং য়ং মানাউ পয়
Share on FacebookShare on TwitterShare on LinkedIn

-সঞ্জীব উলুপ |

চিংফৌসকলৰ জনপ্ৰবাদ অনুসৰি মুজই চিংৰা বুম (তিৰ্বতৰ এক অচিন মালভূমি) হ’ল চিংফৌ জনগোষ্ঠীৰ উৎপত্তিৰ উৎস, এই মুজই চিংৰা বুমৰপৰা চিংফৌসকলে ইতিহাস আৰম্ভ কৰি বিশ্বৰ বিভিন্ন প্ৰান্তলৈ প্ৰব্ৰজন ঘটিছিল। আনহাতে চীন বুৰঞ্জী ‘চিংদুঃ নাবাও’ উল্লেখ কৰা মতে খ্ৰীষ্টপূৰ্ব ৩০০ (তিনিশ) বছৰৰ ভিতৰত যিসকলে চাসেপা নদীয়েদি ভটিয়াই লোহিত নদীৰ সৌমাৰত তিলাৰ নামে নদী মহাবাহু ব্ৰহ্মপুত্ৰ নদীৰ উজনিত বসতি স্থাপন কৰিছিল, তেওঁলোককে চিংফৌ বুলি কৈছিল।

চিংফৌসকলৰ ইতিহাস খুঁচৰিলে দেখা যায় ওপৰত উল্লিখিত মুজই চিংৰা বুম পৰ্বতৰ এই অচিন মালভূমিতে তেওঁলোকৰ ইতিহাস আৰম্ভণি হোৱা বুলি গভীৰ বিশ্বাস কৰি আহিছে। তিৰ্বতবৰ্মী ভাষা জনগোষ্ঠীৰ মংগোলীয় চিংফৌসকল পৰৱৰ্তী পৰ্যায়ত বিশ্বৰ বিভিন্ন প্ৰান্তলৈ বিয়পি পৰে। ভাৰতবৰ্ষৰ প্ৰথম আৰু অৰুণাচল প্ৰদেশ চিংফৌ জনগোষ্ঠীৰ বসতি কেন্দ্ৰ, ইয়াৰ উপৰি চীন, ম্যানমাৰ, থাইলেণ্ড, জাপান, আমেৰিকাত মূলতঃ চিংফৌসকলৰ বসতিৰ কেন্দ্ৰস্থল হিচাপে চিহ্নিত হৈ আহিছে। অসম আৰু অৰুণাচল প্ৰদেশৰ দুয়োখন ৰাজ্যৰ ভিতৰত চিংফৌসকলৰ আনুমানিক জনসংখ্যা প্ৰায় দহ হাজাৰ মানহে। অসমৰ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমা, শিৱসাগৰ জিলাত দুখন চিংফৌ গাঁৱৰ উপৰি অৰুণাচল প্ৰদেশৰ চাংলাং জিলা, নামচাই জিলা আৰু লোহিত জিলাত ভাৰতবৰ্ষৰ চিংফৌসকলৰ মূল বসতি কেন্দ্ৰ।

জনপ্ৰবাদ অনুসৰি অসমত আৰু অৰুণাচল প্ৰদেশত বাস কৰা চিংফৌ জনগোষ্ঠীসকল অষ্টাদশ শতিকাত বৰ্তমানৰ ম্যানমাৰৰ কাচিন অঞ্চলৰ হুকং উপত্যকাৰপৰা প্ৰব্ৰজন ঘটিছিল। বুৰঞ্জীয়ে বীৰ জাতি হিচাপে চিহ্নিত কৰা চিংফৌসকলে অসময়ত যুদ্ধ-বিগ্ৰহ কৰিয়ে নিজৰ প্ৰভাৱ বিস্তাৰ কৰিছিল, কালক্ৰমত দুয়োখন ৰাজ্যৰ চিংফৌ জনগোষ্ঠীৰ লোকসকল বৌদ্ধ ধৰ্মত দীক্ষিত হৈ বুদ্ধদেৱৰ পৰম অনুগামী হৈ পৰে। ম্যানমাৰত চিংফৌসকল কাচিন, চীনত জিংফৌ হিচাপে পৰিচিত আৰু সামগ্ৰিকভাৱে বিশ্বৰ বিভিন্ন প্ৰান্তৰ সকলো চিংফৌ জনগোষ্ঠীৰ লোকসকল উনপং হিচাপে পৰিচিত। চিংফৌ শব্দৰ অৰ্থ মানুহ, অৰ্থাৎ মানৱ সভ্যতাৰ প্ৰথম খোজ, সম্প্ৰতি বিশ্ব সম্প্ৰদায় আজি আৰ্থ-সামাজিক, ৰাজনৈতিক আৰু সাংস্কৃতিক দিশত বহু যোজন পক্ষত আগবাঢ়িল যদিও চিংফৌ জনগোষ্ঠী অৰ্থনৈতিক আৰু ৰাজনৈতিক দিশত দুখ লগাকৈ পিছপৰা তথাপিও সাংস্কৃতিক দিশত চিংফৌ জনগোষ্ঠী বহু ওপৰত।

“স্বপং য়ং মানাউ পয়” চিংফৌ জনগোষ্ঠীৰ আত্মপৰিচয় প্ৰতিষ্ঠা কৰা এটা জাতীয় অনুষ্ঠান অথবা চিংফৌ জনগোষ্ঠীৰ জাতীয় উৎসৱ। এই উৎসৱ প্ৰত্যেক বছৰত ১৩, ১৪ আৰু ১৫ ফেব্ৰুৱাৰিত অনুষ্ঠিত হয় আৰু এই উৎসৱ নৃত্য উৎসৱ হিচাপেও পৰিচিত। স্বপং য়ং মানাউ পয়ৰ বিষয়ে বহু বিদেশী পৰ্যটকে লিখা-মেলা কৰিছে কিন্তু ইয়াৰ অন্তৰ্নিহিত বহু চিংফৌ মানুহৰ প্ৰচেষ্টাত এই স্বপং য়ং মানাউ পয় আজি উজ্জীৱিত আৰু গৰিমাৰে উদ্বেলিত।

১৯৮৫ চনত অসম আৰু অৰুণাচল প্ৰদেশৰ কেইবাজনো পুৰোধা ব্যক্তিৰ প্ৰচেষ্টাত অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ মিয়াওত দুই প্ৰদেশৰ চিংফৌ জনগোষ্ঠীৰ ঐক্যবদ্ধ প্ৰচেষ্টাত প্ৰথমবাৰৰ বাবে এই স্বপং য়ং মানাই পয় (নৃত্য উৎসৱ) আনুষ্ঠানিকভাৱে জন্ম দি উদযাপন কৰিছিল। সম্প্ৰতি স্বপং য়ং মানাউ পয় আজি ৰূপালী জয়ন্তী অতিক্ৰম কৰি ৩৪ টা বৰ্ষত উপনীত হৈ গৌৰেৱেৰ চিংফৌ জনগোষ্ঠী সংস্কৃতিৰ বৰমজিয়া গৰকি অসম-অৰুণাচল প্ৰদেশৰ উপৰি ভাৰতবৰ্ষৰ সাংস্কৃতিক আন্দোলনৰ ভঁৰাল চহকী কৰাত এক ধনাত্মক দিশ উন্মোচন কৰিলে। মূলতঃ চিংফৌসকলৰ পিতৃপুৰুষ স্বপং য়ঙক কেন্দ্ৰ কৰিয়ে এই উৎসৱ পালন কৰা হয়, চিংফৌসকলৰ জনশ্ৰুতি অনুসৰি টিংলি য়াঙৰ পিতৃ আছিল স্বপং য়ট, পুত্ৰ টিংলি য়টে পিতৃ স্বপং য়ঙক বিশ্বৰ সৃষ্টিকৰ্তা মাঠুম মাঠাৰপৰা আশিস বিচাৰি চিকন গুন্দন পয় অৰ্থাৎ গুণানুকীৰ্তন উৎসৱ পালন কৰিছিল, স্বপং য়টৰ স্মৃতি ৰক্ষাৰ উদ্দেশ্যে পালন কৰা এই উৎসৱকে পৰৱৰ্তী সময়ত বিশ্বৰ চিংফৌ সমাজে স্বপং য়ং মানাউ পয় হিচাপে উদযাপন কৰি আহিছে।

স্বপং য়ং মানাউ পয়ৰ মূল প্ৰতীক হ’ল শ্বাদুং। শ্বাদুং হ’ল কেইটামান দণ্ডৰ সমষ্টি, মধ্যম স্থানত থিয় হৈ থকা দণ্ড দুজনক পুৰুষ আৰু প্ৰকৃতি হিচাপে চিহ্নিত কৰি দণ্ড দুটাৰ ওপৰত এটাৰ মূৰত সূৰ্য আৰু আনটোৰ মূৰত চন্দ্ৰ অংকিত থাকে। চিংফৌসকলে ধনেশ পক্ষীক জাতীয় পক্ষী হিচাপে গণ্য কৰে, আৰু সেইবাবেই শ্বাদুংৰূপী দণ্ডকেইডাল ধনেশ চৰাইৰ ওপৰত সৌগৰৱে থিয় হৈ চিংফৌ জনগোষ্ঠীৰ আত্মগৌৰৱ, আত্মস্বাভিমান, আত্মমৰ্যাদা ৰক্ষাৰ প্ৰতীক হিচাপে বিবেচিত হৈ আহিছে।

বৰ্তমান চিংফৌসকলে আনৰ সংস্কৃতিক সন্মান কৰাৰ উপৰি নিজৰ কলা-সংস্কৃতিক ৰক্ষা কৰাত অত্যন্ত সচেতন। বৰ্তমান স্বপং য়ং মানাউ পয় বিভিন্ন  জনগোষ্ঠীৰ মাজতো অতি জনপ্ৰিয়। অৰুণাচল প্ৰদেশ আৰু অসমত বাস কৰা উমৈহতীয়া জনসাধাৰণৰ এই উৎসৱে সমন্বয়ৰ বাৰ্তা প্ৰদান কৰিছে। শ্বাদুঙৰ চাৰিওফালে চিংফৌ জনগোষ্ঠীৰ উপৰি বিভিন্ন জনগোষ্ঠীৰ লোকে শৃংখলিতভাৱে নৃত্য কৰি পিতৃপুৰুষ স্বপং য়ঙক সন্মান জনাই ভাতৃত্ববোধৰ চানেকি দাঙি ধৰাটো সাম্প্ৰতিক সমাজ ব্যৱস্থাটোৰ বাবে আটাইতকৈ আদৰণীয়। আহক আমি সকলো খিলঞ্জীয়াই নিজস্ব সংস্কৃতিক জীপাল কৰি অহাৰ লগতে নিজৰ মাতৃভূমিক সংস্কৃতিৰ জৰিয়তে আগুৱাই নিয়াৰ এক সংকল্প লওঁ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: চিংফৌ
Anjan Sarma

Anjan Sarma

Related Posts

The River That Became a Drain: Bharalu and the Death of a Memory
Environment

The River That Became a Drain: Bharalu and the Death of a Memory

by RAHUL ROAHN PAUL
August 13, 2026
0

The River That Became a Drain: Bharalu and the Death of a Memory RAHUL ROHAN PAUL There is a photograph...

Read moreDetails
group of people in public toilet using smartphones

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন!

August 13, 2026
অসমৰ বানপানী আৰু গৰাখহনীয়া

অসমৰ বানপানী আৰু গৰাখহনীয়া

August 12, 2026
Politics of ethnicity and Sub-Nationalism of North East India

Politics of ethnicity and Sub-Nationalism of North East India

August 10, 2026
Food Safety in India: Why Stronger Standards Should Protect Indians Before Exports

Food Safety in India: Why Stronger Standards Should Protect Indians Before Exports

August 6, 2026
The Great Indian Obsession – Government Jobs

The Great Indian Obsession – Government Jobs

August 1, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
অষ্টাঙ্গ যোগ নে বিকলাঙ্গ যোগ?

The Art of Spiritual Evolution in Human Lives-A Modern Day Approach

August 13, 2026
The River That Became a Drain: Bharalu and the Death of a Memory

The River That Became a Drain: Bharalu and the Death of a Memory

August 13, 2026
group of people in public toilet using smartphones

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন!

August 13, 2026
How Climate Change Is Affecting Insects and Why It Threatens Life on Earth

How Climate Change Is Affecting Insects and Why It Threatens Life on Earth

August 13, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    39378 shares
    Share 15751 Tweet 9844
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18384 shares
    Share 7354 Tweet 4596
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    3542 shares
    Share 1417 Tweet 886
  • অসমৰ বানপানী আৰু গৰাখহনীয়া

    4177 shares
    Share 1671 Tweet 1044
  • From the Brahmaputra’s Wrath to Our Own: Assam’s Floods, 1988 to 2026

    134 shares
    Share 54 Tweet 34
  • Mahabahu Mirror: A Bold New Chapter in Climate Journalism

    101 shares
    Share 40 Tweet 25
  • FREEDOM FIGHTERS OF ASSAM

    5085 shares
    Share 2034 Tweet 1271
  • Cockroaches, Comedians, and Criminals

    99 shares
    Share 40 Tweet 25
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    98 shares
    Share 39 Tweet 25
  • How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

    96 shares
    Share 38 Tweet 24
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d