• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Saturday, March 7, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home ASSAMESE SECTION

চিনেমা, ধাৰাবাহিকত এতিয়াও হাস্যৰসৰ বিষয় তৃতীয় লিঙ্গ

ASSAMESE SECTION / CINEMA / Third Gender

by Chandasmita Kashyap
September 7, 2025
in ASSAMESE SECTION, Cinema, Movie, Opinion
Reading Time: 3 mins read
0
চিনেমা, ধাৰাবাহিকত এতিয়াও হাস্যৰসৰ বিষয় তৃতীয় লিঙ্গ
Share on FacebookShare on TwitterShare on LinkedIn

চিনেমা, ধাৰাবাহিকত এতিয়াও হাস্যৰসৰ বিষয় তৃতীয় লিঙ্গ

চিনেমা, ধাৰাবাহিকত এতিয়াও হাস্যৰসৰ বিষয় তৃতীয় লিঙ্গ

ছন্দাস্মিতা কাশ্যপ

Chandasmita Kashyap
ছন্দাস্মিতা কাশ্যপ

যোৱা কেইটামান বছৰৰ পৰা প্ৰতিটো ক্ষেত্ৰতে তৃতীয় লিঙ্গৰ প্ৰতিনিধিত্বক লৈ মুকলি আলোচনা হোৱা দেখা গৈছে যদিও আজিও তৃতীয় লিঙ্গৰ সন্মুখীন হৈ অহা সমস্যাৰ অন্ত পৰা নাই। সৰ্বোপৰি চিনেমা, ধাৰাবাহিক, ৱেব ছিৰিজকে ধৰি বিভিন্ন মাধ্যমত এতিয়াও তৃতীয় লিঙ্গৰ উপস্থাপন কমেডী, খলনায়ক আদিৰ মাজতে সীমাবদ্ধ হৈ থকা পৰিলক্ষিত হৈছে।

এই মাধ্যমসমূহৰ জৰিয়তে তেওঁলোকৰ অধিকাৰৰ সন্দৰ্ভত এক শক্তিশালী জনমত গঠনৰ অৱকাশ আছিল যদিও দুৰ্ভাগ্যজনকভাৱে সেয়া হৈ উঠা নাই। ফলত তৃতীয় লিঙ্গৰ প্ৰতি মানুহৰ মনত গঢ় লোৱা ভুল ধাৰণাসমূহ এতিয়াও দূৰ হোৱা নাই।
চিনেমা, ধাৰাবাহিকত এতিয়াও হাস্যৰসৰ বিষয় তৃতীয় লিঙ্গ

ভাৰতৰ আঞ্চলিক ভাষাৰ ছবিৰ উদ্যোগেই হওঁক বা, দক্ষিণৰ ছবি উদ্যোগেই হওঁক অথবা বলিউড, হলিউডেই হওঁক, সকলো ক্ষেত্ৰতে তৃতীয় লিঙ্গৰ উপস্থাপন কেৱল মনোৰঞ্জন কেন্দ্ৰিকহে। হলিউডৰ চিনেমা যেনে “দ্য ক্ৰায়িং গেম” আৰু “এছ ভেণ্টুৰা” ত তৃতীয় লিঙ্গৰ চৰিত্ৰ হাস্যকৰ ৰূপত উপস্থাপন কৰা দেখা গৈছে।

একেদৰে বলিউডৰো বহু কেইখন বিগবাজেটৰ জনপ্ৰিয় ছবিত তৃতীয় লিঙ্গৰ উপস্থাপন কৰা হৈছে খলনায়ক হিচাপে। বলিউডৰ প্ৰায়সমূহ চিনেমাতেই তৃতীয় লিঙ্গৰ উপস্থাপন যে হাস্যৰসৰ বাবেহে কৰা হয় সেয়া চিনেমাখন চালেই বুজি উঠা যায়।

RelatedPosts

Intersectionality and the Spectrum of Autonomy !

Intersectionality and the Spectrum of Autonomy !

March 7, 2026
স্কিজ’ফ্ৰেনিয়া : অবাস্তৱ পৃথিৱীৰ কথা

স্কিজ’ফ্ৰেনিয়া : অবাস্তৱ পৃথিৱীৰ কথা

March 7, 2026
Village Rockstars 2 : Rima Das’s Sequel is a Must Watch

Village Rockstars 2 : Rima Das’s Sequel is a Must Watch

March 6, 2026

আনহে নালাগে অসমৰ দৰে ৰাজ্যত য’ত এতিয়াও ছবি উদ্যোগে ঠন ধৰি উঠিব পৰা নাই, ইয়াতো তৃতীয় লিঙ্গৰ উপস্থাপন হাস্যৰসৰ বাবেই কৰাৰ উদাহৰণ কেইবাটাও আছে। চিনেমা, ধাৰাবাহিক আদিত এইদৰে উপস্থাপন কৰা তৃতীয় লিঙ্গৰ চৰিত্ৰত দেখা নাযায় তেওঁলোকৰ জীৱনৰ বাস্তৱ প্ৰতিফলন।

নাথাকে তেওঁলোকে সমাজত সন্মুখীন হোৱা পৰিস্থিতিৰ বাস্তৱ বিশ্লেষণ। সেইসমূহ চৰিত্ৰত ফুটি নুঠে তৃতীয় লিঙ্গৰ সংগ্ৰাম।

অৱশ্যে তাৰ মাজতো হলিউড, বলিউড, জলিউডত এনে দুই-এখন চিনেমা নিৰ্মাণ হোৱা দেখা গৈছে য’ত তৃতীয় লিঙ্গৰ লোকসকলৰ চৰিত্ৰক কিছু বাস্তৱিকভাৱে উপস্থাপন কৰিবলৈ পৰিচালক, প্ৰযোজকে পাৰ্যমানে চেষ্টা কৰিছে আৰু সফলো হৈছে।“চুপাৰ ডিলাক্স”,“নানু আভান্মালা..আভালু”  আদিৰ দৰে চিনেমাত দেখা গৈছে তৃতীয় লিঙ্গৰ বাস্তৱিত উপস্থাপন।

অ’ টি টি প্লেটফৰ্মসমূহৰ আগমণৰ সমান্তৰালকৈ সৃষ্টি হোৱা ৱেব ছিৰিজৰ ধাৰণাই বহু নতু সুযোগ সুবিধাৰো সৃষ্টি কৰিছে। সেই সুবিধা গ্ৰহণ কৰিয়েই ‘’অৰেঞ্জ ইজ দ্য নিউ ব্লেক’’ৰ দৰে ৱেব ছিৰিজ প্ৰচাৰ হৈছে। য’ত তৃতীয় লিঙ্গই অভিনয় কৰাৰ সুযোগ লাভ কৰিছে।

সামাজিক মাধ্যমতো তৃতীয় লিঙ্গই নিজা অভিজ্ঞতা মুকলিকৈ লিখিবলৈ সাহাস কৰাৰ এক পৰিবেশৰো সৃষ্টি হৈছে। অৱশ্যে অসমত এতিয়াও তৃতীয় লিঙ্গৰ সন্দৰ্ভত মুকলি চৰ্চা বৰ বেছি দেখা পোৱা নাযায়।

সামাজিক কাৰণতেই হওঁক অথবা পৰিয়াল কেন্দ্ৰিক কাৰণতেই হওঁক অথবা পৰিচয় কেন্দ্ৰিক কাৰণতেই হওঁক বহু তৃতীয় লিঙ্গই এতিয়াও বিভিন্ন নথিত তেওঁলোকৰ লিঙ্গ পৰিচয় লুকুৱাই ৰখাৰ উদাহৰণো যথেষ্ট আছে।

চিনেমা, ধাৰাবাহিকত এতিয়াও হাস্যৰসৰ বিষয় তৃতীয় লিঙ্গ

লিঙ্গভিত্তিক এনে চৰ্চাৰ প্ৰাসংগিকতা নিশ্চয়কৈ আছে। ২০১৯ ত মুক্তি লাভ কৰা প্ৰকাশ ডেকাৰ ‘ফায়াৰফ্লাইজ-জোনাকী’ পৰুৱা নামৰ অসমীয়া ছবিখনত এনে এক বিষয়েই তুলি ধৰা হৈছিল।

ছবিখনত ‘জাহ্ন’ শীৰ্ষক তৃতীয় লিঙ্গৰ মূল চৰিত্ৰত অভিনয় কৰিছিল বেনজামিন দৈমাৰীয়ে। এই চিনেমাখনৰ জৰিয়তে তৃতীয় লিঙ্গৰ জীৱন আৰু অভিজ্ঞতাক তুলি ধৰাৰ প্ৰয়াস কৰা হৈছিল।

কিন্তু চিনেমাখনৰ বিষয়ে যিধৰণে চৰ্চা হ’ব লাগিছিল সেই ধৰণে চৰ্চা হোৱা পৰিলক্ষিত নহ’ল। গুৱাহাটী মহানগৰীৰ দৰে ঠাইত তৃতীয় লিঙ্গই এতিয়া মুকলিকৈ নিজা পৰিচয় দিবলৈ সাহস কৰিছে যদিও গ্ৰামাঞ্চল বা সংখ্যালঘু অঞ্চলত এতিয়াও তৃতীয় লিঙ্গৰ লোকসকল বহুতৰ বাবে অস্পৃশ্য হৈয়ে আছে।

তাৰোপৰি তৃতীয় লিঙ্গৰ লোকসকলৰ শৈক্ষিক, সামাজিক অৱস্থাৰ সন্দৰ্ভত এতিয়াও যথাযথভাৱে পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই। কোনোবা যদি শৈক্ষিকভাৱে কিছু আগবাঢ়িছেও সেইসকলো কৰ্মস্থলীত নানান সমস্যাৰ সন্মুখীন হৈছে।

শিক্ষাৰ পৰা দূৰত থকা তৃতীয় লিঙ্গৰ লোকসকলৰ মাজত বৃদ্ধি হোৱা দেখা গৈছে অপৰাধ প্ৰৱণতাও। এইসকলৰ শৈক্ষিক উত্তৰণৰ সন্দৰ্ভত বহু কৰণীয় আছে যদিও সেয়া কিমানদূৰ আগবাঢ়িছে সেয়াও প্ৰশ্নৰ বিষয়।

সকলো ক্ষেত্ৰতে সকলো পক্ষৰে প্ৰতিনিধিত্বৰ প্ৰয়োজন। এনে হলেই সকলো ক্ষেত্ৰতে বৈষম্য হ্ৰাস পাই আৰু নতুন সুযোগৰ পথ মুকলি হয়। ৰাজনীতি, অৰ্থনীতি, সংস্কৃতি, সমাজ, শিক্ষা আদি সকলো ক্ষেত্ৰতে তৃতীয় লিঙ্গৰ যথাযথ প্ৰতিনিধিত্বই তেওঁলোকক মৰ্যাদাপূৰ্ণ এক জীৱন যাপনত যে সহায়ক কৰিব সেয়া নিশ্চিত।

চিনেমা, ধাৰাবাহিকত এতিয়াও হাস্যৰসৰ বিষয় তৃতীয় লিঙ্গ
Mahabahu Climate Forum

ছন্দাস্মিতা কাশ্যপ, চান্দমাৰী, গুৱাহাটী

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Chandasmita Kashyap

Chandasmita Kashyap

Related Posts

Intersectionality and the Spectrum of Autonomy !
Women

Intersectionality and the Spectrum of Autonomy !

by Dikumoni Hazarika
March 7, 2026
0

Intersectionality and the Spectrum of Autonomy ! Dikumoni Hazarika I’m not well-versed in feminist theory; I am just sharing what...

Read moreDetails
স্কিজ’ফ্ৰেনিয়া : অবাস্তৱ পৃথিৱীৰ কথা

স্কিজ’ফ্ৰেনিয়া : অবাস্তৱ পৃথিৱীৰ কথা

March 7, 2026
Village Rockstars 2 : Rima Das’s Sequel is a Must Watch

Village Rockstars 2 : Rima Das’s Sequel is a Must Watch

March 6, 2026
New Humanism: seeds of the future in a dystopian present

New Humanism: seeds of the future in a dystopian present

March 5, 2026
নাগা ভদ্ৰলোক, খাউণ্ড, মহৰ্ষি ভৃগু, তিৰুপতিৰ বালাজী আৰু ঋণগ্ৰস্ত অসম!

নাগা ভদ্ৰলোক, খাউণ্ড, মহৰ্ষি ভৃগু, তিৰুপতিৰ বালাজী আৰু ঋণগ্ৰস্ত অসম!

March 4, 2026
Rural Waste Management: The Silent Challenge in India’s Sustainability Journey

Rural Waste Management: The Silent Challenge in India’s Sustainability Journey

March 3, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
Intersectionality and the Spectrum of Autonomy !

Intersectionality and the Spectrum of Autonomy !

March 7, 2026
স্কিজ’ফ্ৰেনিয়া : অবাস্তৱ পৃথিৱীৰ কথা

স্কিজ’ফ্ৰেনিয়া : অবাস্তৱ পৃথিৱীৰ কথা

March 7, 2026
Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

March 7, 2026
Village Rockstars 2 : Rima Das’s Sequel is a Must Watch

Village Rockstars 2 : Rima Das’s Sequel is a Must Watch

March 6, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    27988 shares
    Share 11195 Tweet 6997
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    11053 shares
    Share 4421 Tweet 2763
  • অসমদেশৰ স্বাধীনতা লুপ্ত কৰা চক্ৰান্তমূলক ইয়াণ্ডাবু সন্ধিপত্ৰখন!!

    139 shares
    Share 56 Tweet 35
  • Khring Khring Baitho Puja: Faith, Folklore and Identity of the Sonowal Kacharis

    110 shares
    Share 44 Tweet 28
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3506 shares
    Share 1402 Tweet 877
  • ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ ইয়াণ্ডাবু সন্ধিঃ অসমীয়াই নীৰৱে স্বাধীনতা হেৰুওৱা দিনটো

    104 shares
    Share 42 Tweet 26
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    4148 shares
    Share 1659 Tweet 1037
  • Manipur Sees Fresh Ethnic Tensions: Prohibitory Orders in Ukhrul’s Litan

    91 shares
    Share 36 Tweet 23
  • মিচিং সমাজ আৰু সংস্কৃতি

    3492 shares
    Share 1397 Tweet 873
  • From the Brahmaputra to the Himalayas: How a Youth Climate Handbook Launched in Pune Carries the Voice of ASSAM

    75 shares
    Share 30 Tweet 19
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d