• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Tuesday, September 8, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Literature

চিন্তাকলি

-সত্যনাথ বৰা (১৮৮৩ চন)

by Anjan Sarma
June 25, 2021
in Literature, Special Report
Reading Time: 2 mins read
0
Share on FacebookShare on TwitterShare on LinkedIn

-সত্যনাথ বৰা (১৮৮৩ চন) |

বেচ ২ টকা মাথোন)

[Published by J. Borah

2, Earle Road, Gauhati.]

                                                            পাতনি

 ৰচোঁতাই এই পুথি মৃত্যুৰ বহুতদিন আগেয়ে যুগুত কৰি ৰাখিছিল। এই পুখি যুগুত কৰাৰ পাছতহে বহল ব্যাকৰণ ৰচনা কৰে। এই পুথি তেতিয়া কিয় প্ৰকাশ কৰা নাছিল ইয়াৰ কাৰণ আমি যিমানখিনি ধৰিব পাৰিছোঁ, সিজনাৰ আৰু কিছুমান এনে ধৰণৰ প্ৰৱন্ধ লিখি পুথিৰ আকাৰ বঢ়াবৰ মন আছিল, তেনে প্ৰৱন্ধ এটিৰ আঁচনিও এই হাতে লিখা পুথিৰ শেহত আমি পাইছোঁ । পুথিৰ নাম সিজনাই “চিন্তা-কলি” খৈছিল, কিন্তু নামটো সিজনাৰ মনত লগা নহল বুলি আমাক কৈছিল । নিজে এই পুথি প্ৰকাশ কৰিবলৈ পোৱাহেঁতেন কি জানি নাম সলালেইহেঁতেন। সি যি কি নহওক সিজনাই থোৱা নামেই পুথি প্ৰকাশ কৰা হল । পুথিৰ কেইটামান প্ৰৱন্ধ তাহানি জোনাকী আৰু বাঁহীত প্ৰকাশ হৈছিল । সিজনা স্বৰ্গী হবৰ আজি প্ৰায় দহ বছৰ হল নানা বেমেজালিত ইমান দিনে পুথি প্ৰকাশ কৰিব পৰা নহৈছিল, সেই বাবে ৰাইজৰ আগত ক্ষমা মগা হৈছে।

 ৰচোঁতাৰ অভাজন পুত্ৰদ্বয় ৷

১৮৭১ শঁক    শ্ৰীঅম্বিকানাথ বৰা ৷

                    শ্ৰীজ্ঞাননাথ বৰা ৷

*        *           *

                 চিন্তা-কলি।

সংসাৰ প্ৰবাহ। দূৰৈৰ পৰ্ব্বত বিতোপন। তাৰ অতল্‌পৰ্শী গহবৰ, বিকটাকৃতি কৃতি প্ৰস্তৰ, ভয়ঙ্কৰ সিংহ বাঘ আদি জন্তুচয়, সকলোৱে শৈলজ তৰু লতাৰ শ্যামল পল্লবৰাশিৰ মুখা লৈ মোহিনী মূৰ্ত্তি ধৰি থাকে। সংসাৰৰ বিপদৰাশিয়েও সেইৰূপে মনোৰম মুখা পিন্ধি, গাৰ আঁৰত সিহঁতৰ বিকট মুখ লুকাই থয়। এই নিমিত্তে দূৰৈৰ পৰা চালে সংসাৰো অতি বিতোপন দেখি। পূৰ্ব্বাপৰ পণ্ডিতবিলাকে সংসাৰক সাগৰেৰে সৈতে তুলনা কৰি গৈছে। কিন্তু সংসাৰৰ এই বিনন্দীয়া মূৰ্ত্তি দেখিলে তুলনাটি কেৱল বাতুল কবিৰ ভুল কল্পনা যেন বোধ হয়। কাৰণ, সংসাৰ আয়তনত সাগৰ সদৃশ হলেও তাত ভীষণ লহৰি নাই, খৰতৰ সোঁত নাই, গগনভেদী হুঙ্কাৰ নাই, ভয়ঙ্কৰ গ্ৰাহ বা বিকটাকৃতি কুন্তীৰ নাই, চাকনৈয়া নাই, ওভতনি নাই। সংসাৰ কেৱল সম্ভোগৰ উপবন, আনন্দৰ নন্দন[ ৬ ]

কানন, সুখৰ কোমল শয্যা যেন বোধ হয়। মুখাৰ গুণত তাৰ যথাৰ্থ ৰূপ দেখা নাযায় সংসাৰৰ লহৰি, সংসাৰৰ সোঁত, সংসাৰৰ গ্ৰাহ-কুম্ভীৰ আদি বৈৰীবোৰ সকলোৱে মুখা পিন্ধি মোহিনী ৰূপ ধৰি থাকে। তাত শত্ৰুৱে মিত্ৰৰ ভাও দিয়ে, সঙ্কটে সুচলৰ ভাও দিয়ে, বিপদে সম্পদৰ ভাও দিয়ে৷ সেই নিমিত্তে নতুন যাত্ৰীয়ে সংসাৰত ভয়ৰ কোনো কাৰণ দেখিবলৈ নাপায়; মোহিনী মুখাৰ ভাওনাত ভোল গৈ, হিতাহিত জ্ঞান হেৰুৱাই, সংসাৰৰ আচল স্বভাৱৰ প্ৰতি অন্ধ হৈ, উত্ৰাৱল চিত্তে, বিনা সম্বলে, তাত জপিয়াই পৰে, আৰু অমূৰ্ত্তক সোঁতত পৰি বায়ুবেগে সিপাৰলৈ যাবলৈ ধৰে। তেতিয়া তাৰ জ্ঞান-নেত্ৰ মেল খায়, আৰু দেখে যে, সংসাৰৰ সেই বিতোপন ৰূপ নাই, সংসাৰ আনন্দৰ নন্দন কানন নহয়, সাগৰৰ নিচিনা সিও সঙ্কটৰ চাকনৈয়া, বিপদৰ বেমেজালি। তাতে লক্ষ লক্ষ পৰ্ব্বত সদৃশ লহৰিয়ে ভৈৰব হুঙ্কাৰ ছাৰি, ইপাৰ-সিপাৰ বাগৰি খলকনি লগাইছে। তাত কুম্ভীৰ ঘঁৰিয়ালৰ লেখ নাই, সন্ধি সঙ্কটৰ সীমা নাই। তাত সুচল নাই, সম্পদ নাই। সুহৃদে মুখা পেলাই বৈৰীৰ মূৰ্ত্তি ধৰে, আৰু সুচলে অসুচল হৈ কদৰ্থনা কৰে।তেতিয়া যাত্ৰীৰ জ্ঞানৰ দীপ্তি জ্বলি উঠে। তেতিয়া সি মুখ আৰু মুখাৰ প্ৰভেদ দেখিবলৈ পায়। কিন্তু হাঁয়! তেতিয়া আৰু উপায় নাই, তেতিয়া জীৱনৰ গধূলি, আয়ুস-ৰবি ক্ৰমে অন্ত গৈ আহে, ভুল শুধৰাবৰ সময় নাই। তেতিয়া যাত্ৰী বিমোৰ হৈ চাৰিও[ ৭ ]

কাল আন্ধাৰ দেখে। শেষত যাতনাত জুৰুলা হৈ, বিষাদত বিমৰিষ হৈ, হেলাই-হেপাই, সি সিপাৰ উঠে, আৰু ক্ষীণ সুৰে ইপৰীয়াক ৰিঙ্গিয়াই কয়, “হে মানৱসকল! সাৱধান হবা, সংসাৰৰ মোহিনীত পৰি যেন ভোল নোযোৱা।’ কিন্তু ইপৰীয়াৰ কাণ গধুৰ। সংসাৰৰ মোহিনীত পৰি, চকু-কাণ বজ্জিত হৈ, সেই সতৰ্কবচন উপলঙ্ঘা কৰি, লাখে লাখে, জাকে জাকে, সংসাৰত জাপ দি বুৰ যাব লাগিছে। আৰু সেইদৰে ৰিঠা-গৰণি খাই যাতনা ভুঞ্জি সিপাৰ হৈ, ইপৰীয়াক ৰিণিকি-ৰিণিকি ৰিহেৰে ততোৱাল কৰিছে। সংসাৰৰ এইটো চিৰবাহী গৰল প্ৰবাহ।

 গৰল প্ৰবাহৰ যাত্ৰীবিলাক স্বভাৱত শিশুৰ নিচিনা। শিশুৱে সুন্দৰ দেখি ফেঁটীৰ ফেণাত হাত বুলায়, সুন্দৰ দেখিলে বিহ ফলতো মুখ দিয়ে। সেইদৰে এই শ্ৰেণীৰ যাত্ৰীবিলাকেও বাজৰ লাৱণ্যত মোহিত হৈ বস্তুৰ আচল প্ৰকৃতি চিনিব নোৱাৰে। ফলত সিহঁতে পৰম বৈৰীক সুহৃদ জ্ঞান কৰি অন্তত অনন্ত নিকাৰ ভুঞ্জে। কিন্তু সেইবাবে সংসাৰ কেৱল গৰলময় বুলি বিবেচনা কৰা উচিত নহয়। অময়া সুখৰ উপকৰণো তাত উপচি আছে। যদিচ এঠাইত দাৰিদ্ৰৰ হিয়া বিদাৰক জুৰুলা মূৰ্তি দেখিবলৈ পোৱা যায়, সেইদৰে আকৌ ঐশ্বৰ্যৰ মোহন মূৰ্ত্তিৰো তাত অভাৱ নাই। এঠাইত ৰুগীয়াৰ কৰুণ বিননি শুনিবলৈ পালেও, এঠাইত বলিষ্ঠ মল্লৰ আস্ফোট দম্ভালি দেখিবলৈ পোৱা যায়। সংসাৰ বহুৰূপী। [ ৮ ]তাত যেনে বিষাদৰ বিননি আছে, তেনে আনন্দৰ কিৰিলিও আছে, বিপদৰ কাঁইটনি আছে, সম্পদৰ ফুলনি আছে । ই উত্তম আৰু অধমৰ মিলন ভূমি, আনন্দৰ আৰু বিষাদৰ ওভতনি । ইয়াৰ এক দিশত হাঁহাঁকাৰ ৰোল, এক দিশত উৎস্বৱৰ জয়ঢোল শুনা যায় । দোষ কেৱল যাত্ৰীৰ । কোনো যাত্ৰীৰ জয়ঢোল মিলে, কোনো যাত্ৰীৰ হাঁহাঁকাৰ মিলে । যাত্ৰীৰ বিদ্যা বুদ্ধি বা প্ৰবৃত্তি অনুসৰি সংসাৰ অমৃতময় বা গলময় হয়। সংসাৰ যাত্ৰী এটাইবিলাক শিত্ৰ নিচিনা নিৰ্ব্বোধ নহয় । সকলোৱে সংসাৰৰ মোহিনী মূৰ্ত্তি দেখি তাৰ সন্ধি সঙ্কটৰ প্ৰতি অন্ধ নহয় । এভাগে যদিও উতনুৱা স্বভাৱৰ গুণত নিঃসম্বলে সংসাৰ প্ৰবেশ কৰি যাতনা জীয়াতু লাভ কৰে । এভাগে আকৌ সংসাৰৰ পাৰত বহি তাৰ আও-ভাওৰ ভূ-ভা লৈ, সাৱধানে সসম্বলে সংসাৰ প্ৰবেশ কৰে, আৰু জীয়াতুৰ সলনি অময়া সুখ সম্পদ লাভ কৰে । এই শ্ৰেণীৰো অলেখ যাত্ৰীয়ে জাকে জাকে সততে সংসাৰত খোৱা দিব লাগিছে, আৰু সুকলমে সংসাৰ তৰি ইপৰীয়াক জগৎভেদী সুৰে ৰিঙ্গিয়াই কব লাগিছে যে সংসাৰ সুখৰ আলয়, সাৱধানে চলিলে যাতনাৰ কোনো শঙ্কা নাই । এইটো সংসাৰৰ চিৰবাহী অমৃত প্ৰবাহ। অমৃত আৰু গৰল এই দুই প্ৰবাহেৰে সংসাৰ গঠিত হৈছে ।

 সংসাৰৰ গৰল ধাৰটো গুচাবলৈ অমৃত পথৰ মনুষ্যই আদিৰ পৰা পুৰুষাৰ্থ কৰিছে । কিন্তু ধাৰৰ ভ্ৰুভঙ্গি নাই । [ ৯ ]সি আদিৰ প্ৰতাপে, আদিৰ পৰাক্ৰমে, ফেনে ফোটোকাৰে এই পৰিমিত বৈ আছে। বেদ, উপনিষদ, শ্ৰুতি, স্মৃতি, ভাগৱত, পুৰাণ ইত্যাদি নানা বিধেৰে ভেটা দিয়াটো ধাৰৰ গতি ৰোধ নহল। শিক্ষাদাতা, দীক্ষাদাতা, সমাজ, সম্ৰাট সকলোৱে গৰল ধাৰৰ হাতত পৰাজয় মানিছে। সি বেদ বেদাঙ্গ, শিক্ষা দীক্ষা, সকলোকে তল পেলাই অমূৰ্ত্তক বেগে চলিব লাগিছে। গৰল প্ৰবাহৰ আচৰিত ক্ষমতা, অহোপুৰুষাৰ্থ কৰিও মানুহে তাৰ গৰলৰ হাত এৰাব পৰা নাই। জীৱনৰ উদয়ৰপৰা অস্তলৈকে মানুহে কেৱল তাৰেই মন্ত্ৰ শিক্ষা কৰে, তাৰেই বুদ্ধি পাঙে, শৈশৱ কালত অধ্যাপকে শিক্ষা দিয়ে, যৌৱনত গুৰুৱে দীক্ষা দিয়ে; তদুপৰি ৰজা আৰু সমাজ উভয়েই নানাবিধ কঠোৰ বিধি ব্যৱস্থা কৰি সততে শাসন কৰে। তদপি নিৰ্গত মানুহে গৰল নেৰে। বেদৰ বচন, ৰজাৰ শাসন, ভাগৱত পুৰাণৰ দৃষ্টান্ত একোৱে তাৰ প্ৰবৃত্তি লৰাব নোৱাৰে। হাজাৰ উপদেশ দিলেও, হাজাৰ শাস্তি পালেও, চোৰে কদাপি চুৰি নেৰে, হিংসকে হিংসা নেৰে, শঠে শঠালি নেৰে। সিহঁতে প্ৰবৃত্তিৰ চহনিত ভোল গৈ, শিকনি বুজনি ঠেলি থৈ, অমৃতক আওহেলা কৰি গৰলত মুখ দিয়ে।

 আগতে কোৱা হৈছে যে, যাত্ৰীৰ প্ৰবৃত্তি অনুসৰি সংসাৰ অমৃতময় বা গৰলময় হয়। যাত্ৰীৰ প্ৰবৃত্তি সজ হলে সি অমৃত লাভ কৰে, আৰু অসজ হলে গৰল লাভ কৰে। কিন্তু [ ১০ ]সংসাৰত অসজ প্ৰবৃত্তিৰ সেৱক সৰহ। অসজ প্ৰবৃত্তিক দুৰ্জ্জয় প্ৰতাপ। সি সমস্ত জীৱনৰ সঞ্চিত জ্ঞান একে মুহূৰ্ত্ততে লয় কৰে। অসজ প্ৰবৃত্তিয়ে অমৃতময় সংসাৰত গৰল ঢালিলে, সি সুখৰ স্বৰ্গত অসুৰৰ নিচিনা হৈ ঘৰ নিৰন্তৰে দুখ বিলালে, আনন্দৰ উপবনত জুই জ্বলালে। আদিৰপৰা অসজ প্ৰবৃত্তিয়ে মানুহৰ ওপৰত ইমান উপদ্ৰব উদ্ভণ্ডালি কৰিছে যে, তাক সমূলে ধ্বংস কৰিবলৈ অনেক মন্ত্ৰণা কৰা হৈছিল। সেই মন্ত্ৰণাৰ অনুষ্ঠানত অনেক মানুহে পিতৃ, মাতৃ, ভাই, বন্ধু, প্ৰিয়জন পৰিত্যাগ কৰি, গৃহৰ সলনি গিৰি গহ্বৰত বাস লৈ, কঠোৰ তপস্যাত মগ্ন হৈছিল, আৰু সাংসাৰিক সুখৰ আশাত জলাঞ্জলি দি, অৰণ্যত প্ৰাণ এৰিছিল। তেওঁলোকে ভোক, পিয়াহ, তাপ, শীত সকলোকে ইতিকিং কৰি, আত্ম-নিৰ্য্যাতন ব্ৰত ধৰি, কেৱল প্ৰবৃত্তি নাশনত প্ৰবৃত্ত হৈছিল। কিন্তু তদপি সেই কাৰ্যত নিখুঁতীয়াকৈ কৃতকৃত্য হব নোৱাৰিছিল। বৰ্ত্তমান কালতো এই পথৰ সেৱক নিচেই কম নহয়। কঁকালত বাকলি, মূৰত জটা, এনেকুৱা মানুহ এতিয়াও বহুত দেখা যায়। এওঁলোকে প্ৰবৃত্তিৰ দণ্ডি এৰাবলৈ এনেকুৱা ভেশ ধৰে। কিন্তু সকলো চেষ্টা নিস্ফল। প্ৰবৃত্তিৰ গতি, প্ৰবৃত্তিৰ শক্তি, পূৰ্বৰ সদৃশ আজিও অটুটভাৱে চলিব লাগিছে। ফলত জটা ধাৰীৰ জটা, আৰু বাকলিবসনৰ বাকলিয়েই সাৰ হৈছে। আচল কথা, অসজ প্ৰবৃত্তি সমূলে ধ্বংস কৰি সংসাৰৰপৰা গৰল প্ৰবাহ নিৰ্ম্মূল [ ১১ ]কৰি, কেৱল অমৃত ৰাজ্য বিস্তাৰ কৰা অসম্ভৱ। লোভ, মোহ, কাম, ক্ৰোধ আদি বৃত্তিবোৰ অসজ প্ৰবৃত্তিৰ আলু। এই আলু উভালি পেলোৱা অতিশয় দুষ্কৰ, আৰু সংসাৰ যাত্ৰীৰ পক্ষে নিতান্ত অনুচিত। যদিচ এই বৃত্তিবোৰ ৰিপু নামেৰে প্ৰখ্যাত, সংসাৰত সিহঁতৰ নিগূঢ় সকাম আছে, সকাম নাথাকিলে কদাপি সিহঁতৰ উদ্ভৱ নহলহেঁতেন। বিশ্বপতি পৰমেশ্বৰে বিশ্বত একপদো আলাগতীয়া বস্তু স্ৰজন কৰা নাই। সংসাৰ-সমৰত এই ৰিপুবোৰে মিত্ৰৰ পাল সাধে। শাসন কৰ্ম্মত ক্ৰোধৰ প্ৰয়োজন, আৰু আৰ্জ্জন কৰ্ম্মত লোভৰ প্ৰয়োজন হয়। এইদৰে বিবিধ কৰ্ম্মত সকলো বিধ বৃত্তিৰ প্ৰয়োজন আছে। সিহঁতক বিনাশ কৰিলে সেইসকল কৰ্ম্ম সাধিবলৈ অস্ত্ৰৰ অভাৱ হয়। সুকলমে জীৱন নিৰ্বাহ কৰিবলৈ যেনে হস্ত পদ আদি অঙ্গ- বোৰৰ প্ৰয়োজন, তেনে লোভ মোহ আদি বৃত্তিবোৰৰো প্ৰয়োজন। হস্ত, পদ শাৰীৰিক অঙ্গ, লোভ, মোহ মানসিক অঙ্গ, অৰ্থাৎ বৃত্ তি। পিচে কোনো সময়ত হাতে অযুগুত কৰি অপায় মিলালে, মানুহে হাত ছেদি নিহতুৱা নহয়। সেইদৰে কোনো এটা বৃত্তিয়ে অন্যায় কৰি আপদ আনিলে তাক নিৰ্ম্মূল কৰা উচিত নহয়। অসজ প্ৰবৃত্তি সম্বন্ধে যিৰূপ ব্যৱস্থা, গৰল প্ৰবাহ সম্বন্ধেও সেইৰূপ ব্যৱস্থা। সংসাৰ গৰল বিধাতাৰ সৃষ্ট বস্ তু। সি জল আৰু বায়ুৰ নিচিনা জগতৰ অবিনাশী উপকৰণ। গৰলেৰে সৈতে ৰিজাই নাচালে [ ১২ ]অমৃত-মাধুৰীৰ উপলব্ধি নহয়। দুখেৰে সৈতে ৰিজাই নাচালে সুখৰ সোৱাদ বুজিব নোৱাৰি। সেই দেখি মনুষ্যৰ মনত সুখ দুখৰ যথাৰ্থ জ্ঞান ওপজাবলৈ জগতৰ গৰাকীয়ে সংসাৰত গৰল আৰু অমৃত উভয়ৰে বিধান কৰিছে। এতেকে সংসাৰ গৰল একেবাৰে নিৰ্ম্মল কৰা অসাধ্য, আৰু তালৈ যত্ন কৰাও অনুচিত। এই নিমিত্তে জ্ঞানী সংসাৰ যাত্ৰীবিলাকে গৰল নিৰ্ম্মূল কৰিবলৈ চেষ্টা নকৰি তাৰ তেজ কমাবলৈ চেষ্টা কৰে, কিয়নো নিস্তেজ হলে গৰলে উপদ্ৰৱ কৰিব নোৱাৰে।

 অসজ বৃত্তিবোৰ শাসনৰ অধীনত ৰাখিব পাৰিলে গৰলৰ তেজ হ্ৰাস হয়। বৃত্তি নাশন যদিচ দুষ্কৰ, বৃত্তি শাসন দুষ্কৰ নহয়। অনেক মানুহে শাসনত কৃতকাৰ্য লাভ কৰি সংসাৰত সুখে সুকলমে জীৱন কটাইছে, আৰু অমৃত প্ৰবাহৰ বৃদ্ধি সাধন কৰিছে। পৰিমিত ব্যৱহাৰ বৃত্তি শাসনৰ গঢ় মন্ত্ৰ। পৰিমিত মথনত সমুদ্ৰৰপৰা অমৃত নিঃসাৰিত হৈছিল, কিন্তু উগ্ৰ মথনত গৰলৰ উৎপত্তি হল। কোনো বস্তুৰেই উগ্ৰ ব্যৱহাৰ কৰিব নোৱাৰি, কৰিলে তাৰ বিষময় ফল ফলে। বিশ্বৰ গৰাকীয়ে মনুষ্যক নানা তৰহৰ সামগ্ৰী দান কৰিছে, আৰু সামগ্ৰীবোৰৰ পৰিমাণ অক্ষয় অব্যয় কৰি দিছে। কিন্তু সিহঁতৰ ব্যৱহাৰ সম্বন্ধে এটা অলঙ্ঘ্য সীমা বান্ধি থৈছে। সেই সীমা ইচ্ছা বা অনিচ্ছা, ভুলত বা ভ্ৰান্তিত অতিক্ৰম কৰিলেই তদণ্ডে তাৰ দণ্ড মিলে। এই দণ্ডই সংসাৰৰ গৰল। বৃত্তিও ঈশ্বৰৰ দত্ত বস্তু, তাৰ ব্যৱহাৰ সম্বন্ধেও এটি [ ১৩ ]অপৰিবৰ্ত্তনীয় অখণ্ডনীয় সীমা নিৰ্ধাৰিত কৰি দিছে। সেই সীমাৰ ইপাৰত অমৃত, আৰু সিপাৰত গৰল প্ৰবাহ। যি সীমাৰ ভিতৰত থাকে, সি অমৃত পায়, আৰু যি সীমা উলঙ্ঘি যায়, সি গৰল প্ৰৱাহত পৰে। সীমাৰ ভিতৰত থাকিবৰ একমাত্ৰ উপায় জ্ঞান। অমৃত পথৰ মানুহে সংসাৰত পাৰি দিবৰ আগে জ্ঞান যতনাই লয়। জ্ঞান বুদ্ধি সংসাৰ যাত্ৰাৰ সম্বল, তাক যুগুত নকৰাকৈ সংসাৰত বাতুলৰ নিচিনা জাপ দিয়া উচিত নহয়। সংসাৰ ভ্ৰমণ মনুষ্যৰ অখণ্ডনীয় বাসনা। এতেকে তাক ধেমালিৰ কথা বুলি বিবেচনা কৰা অনুচিত। কোনো ডাঙ্গৰ কামত হাত দিবৰ আগেয়ে মানুহে নানাবিধ মঙ্গলাচৰণ কৰে, নানাবিধ আয়োজন কৰে। সংসাৰ প্ৰবেশ ৰবিৰ তলত এটা গুৰুতৰ কাম। উচিত আয়োজন নকৰাকৈ সেই কামত হাত দিলে অসংখ্য বিপদৰ মুখত পৰিব লাগে। তেনে মানুহক সংসাৰে মুখা পিন্ধি ছলিব পাৰে।

 ধন অমৃত প্ৰবাহৰ এটা ভূমুক। ধনেৰে সংসাৰসুলভ সকলো সম্পদ কিনি লব পাৰি। কিন্তু ধন গৰল প্ৰবাহৰো এটা প্ৰধান ভূমুক। ধনৰপৰা যেনে সম্পদৰ উদয় হয়, তেনে নানাবিধ বিপদৰো উদয় হয়। কুচিন্তা, কন্দল আৰু ভয় ধনৰ লগৰীয়া। অত্যাচাৰ, উৎপীড়ন ধনীৰ ধৰ্ম্ম। ধনে দৈন্য হৰণ কৰে সঁচা, কিন্তু অকল দৈন্যই সংসাৰৰ গৰল নহয়। সংসাৰ গৰল নানাবিধ আকটা উপাদানেৰে নিৰ্ম্মিত। গৰল প্ৰবাহ অসংখ্য সূঁতিৰ সমষ্টি। ধনে সেই সূঁতিবোৰৰ এটা [ ১৪ ]গুচাই, তাৰ থলত সহস্ৰটা যোগ দিয়ে। কিন্তু শাসিত বৃত্তিৰে সৈতে গোট খাই ধনে নিভাঁজ অমৃত উৎপাদন কৰিব পাৰে। ধনীৰ প্ৰবৃত্তি ভাল হলে সি নিজৰ আৰু আনৰ দুখ হৰণ কৰি অমৃত বিস্তাৰ কৰিবলৈ পাৰ্গত হয়। এতেকে ধনীৰ পক্ষেও বৃত্তি শাসন নিতান্ত প্ৰয়োজন। কেৱল ধন উপাৰ্জ্জনৰ উপায় শিক্ষা কৰিলেই অমৃত লাভ নহয়। অমৃত পথৰ লোকে অৰ্থকৰী বিদ্যা আৰু গৰলহাৰী জ্ঞান উভয়কে

যতনাই লৈহে সংসাৰত খোৱা মেলে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: চিন্তাকলি
Anjan Sarma

Anjan Sarma

Related Posts

Soliloquy of a Song: The birth of Buku hom hom kore…
Special Report

ভূপেন হাজৰিকা: মই বিধানসভাৰ সদস্য কিয় হৈছিলো ?

by Editor
September 6, 2026
0

ভূপেন হাজৰিকা : মই বিধানসভাৰ সদস্য কিয় হৈছিলো ? ড° ভূপেন হাজৰিকা সক্রিয় ৰাজনীতি অর্থাৎ বিধান সভাৰ সদস্য হৈ মন্ত্রী...

Read moreDetails
সুধাকন্ঠৰ জীৱন পৰিক্ৰমা : চমু অৱলোকন

ভূপেন হাজৰিকা আৰু লুইত

September 6, 2026
ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

September 6, 2026
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

কামতাপুৰ আন্দোলন

September 3, 2026
silhouette of four person with flag of united states background

CIA Regime Change Exposed: How U.S. Interventions in 15 Nations Killed Millions and Destabilized the World

September 3, 2026
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

September 2, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
COP 29 – Baku’s Role in Global Climate Action: A Model for the Future

COP 29 IN AZERBAIJAN

1
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

ক্ষত্ৰিয় ৰাজবংশী আৰু ক্ষত্ৰিয় আন্দোলন

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation

Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation

September 7, 2026
Heat, Hunger, and Survival: Why India’s Climate Cooling Summit Cannot Wait?

What ‘natural’ calamities in 2026 indicate about Climate Change

September 7, 2026
NEPAL: What if the mud is already here?

NEPAL: What if the mud is already here?

September 7, 2026
The River That Sang Through Bhupen Hazarika

The River That Sang Through Bhupen Hazarika

September 7, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    40591 shares
    Share 16236 Tweet 10148
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18865 shares
    Share 7546 Tweet 4716
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    3994 shares
    Share 1598 Tweet 999
  • সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ব্যক্তিত্ব

    950 shares
    Share 380 Tweet 238
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    319 shares
    Share 128 Tweet 80
  • Kaziranga’s Eco-Sensitive Zone Debate: The Real Question Is Not 1 Kilometre or 10

    151 shares
    Share 60 Tweet 38
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    129 shares
    Share 52 Tweet 32
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    4079 shares
    Share 1632 Tweet 1020
  • Attending RAI’S Class

    100 shares
    Share 40 Tweet 25
  • Afghanistan Five Years under the Taliban: Economic Collapse at the Household Level and a Deepening Human Crisis

    92 shares
    Share 37 Tweet 23
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d