• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Monday, July 20, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Literature History

চিলাৰায় ! চিলাৰায় নাছিল কি!!

ASSAMESE SECTION/ Inspiration

by Anjan Sarma
January 31, 2026
in History, ASSAMESE SECTION, Inspiration
Reading Time: 5 mins read
0
ভাৰতৰ বুৰঞ্জী আমাৰ দেশৰ বুৰঞ্জী নহয়
Share on FacebookShare on TwitterShare on LinkedIn

চিলাৰায় ! চিলাৰায় নাছিল কি!!

অঞ্জন শৰ্মা

Anjan Sarma
অঞ্জন শৰ্মা

চিলাৰায়!

আমি প্ৰাথমিক বিদ্যালয়ত পঢ়ি থকা সময়ছোৱাত প্ৰত‍্যক্ষ কৰা ঘটনা-পশ্চিমবঙ্গৰ পৰা কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ অহা ধৰ্মপ্ৰাণ ব‍্যক্তি এগৰাকীয়ে জনৈক কামাখ্যা পান্ডাৰ সহযোগত মন্দিৰৰ অভ‍্যন্তৰত প্ৰৱেশ কৰিলে।

দেৱীৰ মূল পীঠ দৰ্শন আৰু দেৱীৰ চলন্তা মূৰ্তিৰ সন্মুখতো সেৱা কৰোৱাৰ পিছত পান্ডা মহোদয়ে ভক্তগৰাকীক চিলাৰায়ৰ মূৰ্তিৰ সন্মুখতো থিয় কৰালে আৰু প্ৰণামী দি হাতযোৰ কৰিবলৈ দিলে। পান্ডা মহোদয়ৰ আদেশ শিৰোধাৰ্য কৰি ভক্তগৰাকীয়ে চিলাৰায়ৰ মূৰ্তিটোক উদ্দেশ‍্যি ১০ পইচাৰ মুদ্ৰা এটি দিয়াত পান্ডা মহোদয় গৰজি উঠিল-‘দশ পয়সা (!), উনি ৰাজা চিলেন’!!

     সেয়াই আছিল চিলাৰায়ৰ সৈতে মোৰ প্ৰথম পৰিচয়। কিন্তু তেতিয়াও জনা নাছিলো, চিলাৰায় দেৱতা নে ৰজা নে সেনাপতি নে কি?

বিঘ্নেশ্বৰ গণেশ, মহাবলী হনুমান আদিৰ মূৰ্তিৰ প্ৰতি যিদৰে স্বাভাৱিক কৌতুহল থাকে, ঠিক একেদৰেই নৰনাৰায়ণ আৰু চিলাৰায়ৰ মূৰ্তিৰ প্ৰতিও একেধৰণৰ কৌতুহলৰ উদ্ৰেক হৈছিল।

কিন্তু শৈশৱৰ কৌতুহলৰ সিমানতেই ইতি পৰিছিল।

   চিলাৰায়ৰ নামটো পিছলৈ পাঠ‍্যপুথিত পাবলৈ সক্ষম হ’লো যদিও পাঠ‍্যপুথিৰ চিলাৰায়ে আমাক এনে কোনোধৰণৰ দুৰ্বাৰ আকৰ্ষণ কৰিবলৈ সক্ষম নহ’ল- যাৰ ফলত আমি চিলাৰায় সম্পৰ্কে ভাবিব পাৰো, আলোচনা কৰিব পাৰো,কিতাপ-পত্ৰ যুগুতাই পঢ়িবলৈ প্ৰয়াস কৰিব পাৰো। চিলাৰায়, পাঠ‍্যপুথিৰ চিলাৰায়, আমাৰ বাবে হৈ থাকিল মাথো এক যান্ত্ৰিক অনুশীলনীৰ সমল।

kamakhya
কামাখ্যা মন্দিৰ

ক্ৰমাৎ, সময় অতিবাহিত হোৱাৰ লগে লগে প্ৰত‍্যক্ষ কৰিবলৈ আৰম্ভ কৰিলো যে বছৰৰ এক নিৰ্দিষ্ট সময়ত কুলিয়ে কুউ-কুউ কৰাৰ দৰেই এক নিৰ্দিষ্ট সময়ত শিল্পী দিৱস, ৰাভা দিৱস, চিলাৰায় দিৱস উদযাপিত হয় আৰু উক্ত দিনবোৰত নিয়মমাফিক যান্ত্ৰিকভাৱে তেওঁলোকৰ গুণানুকীৰ্তন কৰা হয়।

     কিন্তু শিল্পীদিৱসৰ মূল নায়ক ৰূপকোঁৱৰ জ‍্যোতিপ্ৰসাদ আগৰৱালা বা ৰাভা দিৱসৰ মূল নায়ক বিষ্ণুপ্ৰসাদ ৰাভাক আমি যিদৰে জানিবলৈ সক্ষম হৈছিলো, চিলাৰায়ৰ বিষয়ে পিছে সেইদৰে জানিবলৈ সক্ষম হোৱা নাছিলো।

যদিও ইতিমধ্যে লুইতৰ উত্তৰপাৰে আমিনগাৱঁত চিলাৰায়ৰ এটা প্ৰকান্ড মূৰ্তি স্থাপন কৰা হ’ল আৰু যদিও আমি প্ৰতিবাৰে শৰাইঘাট দলঙেৰে ব্ৰহ্মপুত্ৰ নদ পাৰ হওঁতে চিলাৰায়ৰ মূৰ্তিটো বাৰম্বাৰ প্ৰত‍্যক্ষ কৰিবলৈ সুযোগ লাভ কৰিলো, তদসত্বেও আমাৰ চিলাৰায় সম্পৰ্কে নহ’ল কোনো দুৰ্বাৰ আকৰ্ষণ।

দুখ পাইছিলো- যেতিয়া দেখিছিলো যে কেতিয়াবা চিলাৰায় বহি থকা ঘোঁৰাটোৰ নেজত এটা প্ৰকান্ড বৰলৰ বাহ তৈয়াৰ হৈছে; বেয়া লাগিছিল- যেতিয়া দেখিছিলো যে মূৰ্তিটো স্থাপন কৰা বেদীত লিপিৱদ্ধ হৈছে নিৰ্বাচনী শ্লোগান…..কিন্তু সেই দুখ, সেই বেয়া লগা- সেই সিমানেই। মাজে মাজে মনত পৰিছিল অতীতৰ সোঁৱৰণিৰ মনে নেপাহৰা কামাখ্যা পান্ডাৰ সেই বিখ্যাত উক্তি-‘দশ পয়সা!! উনি ৰাজা ছিলেন!!’

ইতিহাসে ৰিঙিয়ায়ঃ  চিলাৰায় ক'ত, চিলাৰায়?

      এতিয়া এই লেখাৰ মূল চৰিত্ৰ চিলাৰায়ক কিছু সময়ৰ বাবে এৰি এক বেলেগ প্ৰসংগ টানি আনিব বিচাৰিছো-এই লেখাটোৰ প্ৰয়োজনতেই।

প্ৰসংগটো এনেধৰণৰ: মাজতে আমি শুনিলো, ১৯৭১ চনৰ ছেপ্টেম্বৰ মাহত ৰাছিয়াৰ আৰ্মেনিয়াত এখন আন্তৰ্জাতিক সন্মিলনত বৈজ্ঞানিকসকলে সিদ্ধান্ত গ্ৰহণ কৰিলে যে বৰ্তমান মুহূৰ্তত বিশ্বৰ হাতীপটি অঞ্চলত এক লাখৰ পৰা এক নিযুত সংখ্যা পৰ্যন্ত বৈজ্ঞানিক সভ‍্যতা আছে আৰু এইবোৰ কেইবা শ আলোকবৰ্ষ দূৰে দূৰে অৱস্থিত তথা এওঁলোকে অনাতাঁৰ সংকেত প্ৰেৰণ কৰিবলৈ সক্ষম।

এই প্ৰসংগৰ স’তে সংগতি ৰাখি ‘মহাকাশত প্ৰাণৰ সন্ধান‘ গ্ৰন্হত শ্ৰদ্ধেয় সুৰেন্দ্ৰনাথ মেধি ছাৰে লিখিছে-“বিশ্বত আমি অকলশৰীয়া নহওঁ বুলি আমাৰ ধাৰণা বদ্ধমূল, কিন্তু আমাক কিবা এটা প্ৰমাণ লাগে। যিকোনো ধৰণৰ এটা প্ৰমাণ কিবাকৈ পালে আমাৰ জীৱন-দৰ্শন সলনি হৈ যাব, আমাৰ বিকাশ হয়তো দ্ৰুততৰ হ’ব, অধিকতৰ কল‍্যাণৰ পিনে দিশিত হ’ব। বহু চিন্তাশীল ব‍্যক্তিয়ে আঙুলিয়াই দেখুৱাইছে যে কোনো সভ‍্যতা অকল কাৰিকৰী দিশত আগুৱাই গৈ থাকিব নোৱাৰে, লগে লগে তাৰ নৈতিকতাৰ মানো ওখলৈ উঠিব লাগিব, অন‍্যথাই সেই সভ‍্যতা নি:শ্চিহ্ন হৈ যাব (যাৰ প্ৰমাণ আমাৰ পৃথিৱীত বহুতো)।….

“…. গতিকে আমাতকৈ উন্নত সভ‍্যতাৰ লগত যদি আমাৰ সংযোগ ঘটে, আমি দেখিম যে তেওঁলোক অকল বৈজ্ঞানিক-কাৰিকৰী দিশতেই নহয়, নৈতিকতাৰ পিনৰপৰাও আমাতকৈ বহু উচ্চত। এই সভ‍্যতাৰ সংষ্পৰ্শলৈ আহিলে আমি এতিয়াৰ দৰে বিশ্বজোৰা সংকটৰ পোঁতত পংগু হৈ নাথাকো, আমাৰ চিন্তাধাৰাই নতুন গতি ল’ব, যিবোৰ সমস্যাই আমাক অৱশ কৰি ৰাখিছে- যুদ্ধ, হিংসা, দুৰ্ভিক্ষ, বায়ুমণ্ডলৰ প্ৰদুষণ, জনসংখ্যাৰ চাপ ইত্যাদি- আমি দেখিম সেইবোৰ সমস্যা তেওঁলোকে কাহানিবাই নিৰ্মূল কৰিছে। আমি এটা ‘সাংস্কৃতিক শ্বক্’ পাম, যেনেকৈ পৃথিৱীৰ অসভ‍্য জাতিবোৰে সভ‍্য জাতিবোৰৰ সংস্পৰ্শলৈ আহি বৰ্বৰতাৰ পৰা ক্ৰমাৎ মুক্ত হৈছে।

“সেয়ে ‘তেওঁলোক’ য’তেই নাথাকক, যিমান দূৰতেই নাথাকক, মানুহে চেষ্টা এৰি দিয়া নাই। দূৰত্ববোৰ সচাঁকৈয়ে বৰ বিশাল: আমাৰ নিকটতম জ‍্যোতিষ্ক জোনটো মাত্ৰ ২৫০০০০ মাইল দূৰত, কিন্তু আমাৰ নিকটতম দৃশ্যমান তৰাটো (আলফা-চেণ্টাউৰি) ৪.৩ আলোকবৰ্ষ দূৰত(অৰ্থাৎ পোহৰৰ বেগত -ছেকেন্ডত ১৮৬০০০ মাইলকৈ – তালৈ যাবলৈ সময় লাগে ৪.৩ বছৰ)। মানুহৰ মহাকাশযানৰ বেগ পোহৰতকৈ বহু কম যদিও অপ্ৰতিহতভাৱে গৈ থাকিব পাৰে, মহাশূণ‍্যত, লক্ষ‍্যস্থান নোপোৱালৈকে। …

“….১৯৭২ চনৰ ২ মাৰ্চ তাৰিখে মাৰ্কিন মহাকাশযান ‘পাইঅ’নিয়াৰ-১০’এ পাৰি দিছে, ডিচেম্বৰৰ শেষতহে বৃহষ্পতি পাৰ হৈছে, ১৯৭৬ চনত শনিগ্ৰহ, শেষ গ্ৰহ প্লুট’ পাৰ হৈ আমাৰ সৌৰজগত এৰি গৈছে ১৯৮৭ চনত। হিচাপমতে, তাৰ ১১০ নিযুত বছৰৰ পাছত যানখনে ‘বৃষ’ তাৰকামন্ডলীত উপনীত হ’ব। ইতিমধ্যে যানখনে ক’ৰবাত বুদ্ধিমান প্ৰাণী কিজানিবা পায়, এই আশাত যানখনৰ গাত এখন ফলকত আঁকি দিয়া হৈছে এহাল নৰ-নাৰীৰ ছৱি আৰু পৃথিৱীখন ক’ত বিচাৰি পোৱা যাব তাৰে নিৰ্দেশ। এই প্ৰচেষ্টাই দেখুৱায় যে ধৈৰ্য আৰু আশা মানুহৰ এতিয়াও অফুৰন্ত। আমাৰ বাৰ্তাবোৰৰ ফল আমি আমাৰ জীৱনকালত নাপাব পাৰো, কিন্তু আমাৰ নাতিহঁতৰ নাতিহঁতে হ’লেও পাওক, তাৰপৰা তেওঁলোকৰ মংগল নহৈ নোৱাৰে।…..”

ইতিহাসে ৰিঙিয়ায়ঃ  চিলাৰায় ক'ত, চিলাৰায়?

        নৰনাৰায়ণ-চিলাৰায়ৰ নাম শুনিছিলো, চিলাৰায়ৰ প্ৰতিমূৰ্তি দেখিছিলো; কিন্তু নৰনাৰায়ণ-চিলাৰায় সম্পৰ্কে আমাৰ জ্ঞান আছিল উপৰুৱা, ঢৌতে খৰ মাৰা, নৰনাৰায়ণ-চিলাৰায় আছিল আমাৰ বাবে বহু আলোকবৰ্ষ দূৰত।

যি বিৰাট কৌতুহলেৰে আমি সম্ৰাট অশোক, ছত্ৰপতি শিৱাজী, লাচিত বৰফুকন, ৰাণাপ্ৰতাপ সিংহ, ৰাণী লক্ষ্মীবাই, আকবৰ, ছাহজাহান, ঔৰংজেৱ, নাপলেয়ঁ ব’নাপাৰ্ত, আডলফ হিটলাৰ, লেনিন, মাও, মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, জ‍্যোতিপ্ৰসাদ আগৰৱালা, শ্ৰীমন্ত শংকৰদেৱ, বিষ্ণুপ্ৰসাদ ৰাভা আদি বিভিন্ন ব‍্যক্তিৰ বিষয়ে পঢ়িছিলো, শুনিছিলো বা পৰীক্ষাৰ উত্তৰ-বহীত লিখাৰ বাবে মুখস্থ কৰিছিলো- সেই কৌতুহল নৰনাৰায়ণ-চিলাৰায়ৰ সম্পৰ্কে উদ্ৰেক হোৱা নাছিল বাবে আজি এই মুহূৰ্তত ব‍্যক্তিগতভাৱে মই অনুভৱ কৰিছো যে- দিখৌ, দিহিং, দিবং, বেকী, মানাহ, পুঠিমাৰী, পহুমাৰা, কলং, কালদিয়া আদি বিভিন্ন নৈ মই দেখিছিলো; কিন্তু মই যেন দেখিও দেখা নাছিলো বিশাল ব্ৰহ্মপুত্ৰ অথবা সিপাৰ মনিব নোৱাৰা বিৰাট বিশাল সাগৰ! কি বিশাল ব‍্যক্তিত্বই যে নাছিল নৰনাৰায়ণ-চিলাৰায়ৰ! কিন্তু আজিহে কিয় অনুভৱ কৰিছো?

1000069163

        পুনৰ টানি আনিবলৈ বাধ্য হৈছো যে ১১০ নিযুত বছৰৰ পিছত ‘বৃষ’ তাৰকামন্ডলীত উপনীত হ’ব পৰাকৈ ১৯৭২ চনৰ ২ মাৰ্চ তাৰিখে মহাকাশত পাৰি দিয়া ‘পাইঅ’নিয়াৰ-১০’এ ক’ৰবাত কেতিয়াবা বুদ্ধিমান প্ৰাণী কিজানিবা লগ পায় আৰু কিজানিবা আমাতকৈ উন্নত সভ‍্যতাৰ লগত আমাৰ সংযোগ ঘটিলে আমাৰ জীৱন-দৰ্শন সলনি হৈ যায়- এই আশাৰে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ‘নাছা’ত বহি থকা বিজ্ঞানীসকলৰ দৰেই, বিভিন্ন সমস্যা-সংকট-হত‍্যাকান্ড-সন্ত্ৰাস-অজ্ঞানতা-অনগ্ৰসৰতা-নিৰাপত্তাহীনতা আদিয়ে ধোঁৱাচ্ছন্ন পৰিৱেশ-পৰিস্থিতি সৃষ্টি কৰা আমাৰ আজিৰ এই অসমখনত ‘চিলাৰায়’ এনে এখন মহাকাশযান বা এনে এক দূৰৱীণ- যিয়ে আমাক পোহৰতকৈও অধিক গতিবেগেৰে লৈ যাব পাৰে অতীতৰ সেই সময়ছোৱালৈ- যি সময়ছোৱাৰ সভ‍্যতা আছিল আমাৰ আজিৰ এই সময়ছোৱাতকৈ বহু বেছি উন্নত স্তৰৰ।

Cooch Behar

আমাৰ চিন্তাধাৰাই যাতে নতুন গতি পায়, আমি যাতে এটা ‘সাংস্কৃতিক শ্বক্’ পাওঁ, আৰু যেন অবিলম্বে পাও(‘বৃষ’ তাৰকামন্ডলী ১১০ নিযুত বছৰ দূৰৈত; আৰু এই পৰ্যন্ত মহাকাশযানখনে বাটে-ঘাটে লগ পোৱা নাই কোনো উন্নত বা অনুন্নত জীৱ), তাৰেই প্ৰয়াস কৰি চিলাৰায় সম্পৰ্কে যেতিয়া অধ্যয়ন কৰিবলৈ আৰম্ভ কৰিছিলো-ক্ৰমাৎ আৱিষ্কাৰ কৰিছিলো যে যি নৰনাৰায়ণ-চিলাৰায় ইমানদিনে বহু আলোকবৰ্ষ দূৰৈৰ ব‍্যক্তিয়েই মাথোঁ নহয়, আমাৰ বাবে হৈ আছিল মাথো দুটি নাম, মাথো দুটি চৰিত্ৰ, মাথো দুটি প্ৰতীক, মাথো দুটি মূৰ্তি- সেই নৰনাৰায়ণ-চিলাৰায় প্ৰকৃততে আছিল বিৰাট বিশাল ব‍্যক্তিত্বৰ অধিকাৰী। বিস্ময়ত মই হতবাক। এয়া যেন অৰ্জুনৰ দৰে শ্ৰীকৃষ্ণৰ বিশ্বৰূপ দৰ্শন!

IMG 20181203 WA0011

চিলাৰায় নাছিল কি? চিলাৰায়ে কৰা নাছিল কি?

বিশ্ববিখ্যাত ঐতিহাসিক আৰ্নল্ড টয়নবীয়ে বিশ্বৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ তিনিগৰাকী সেনাপতি প্ৰধানৰ তালিকাভুক্ত কৰা (আন দুজন ক্ৰমে ছত্ৰপতি শিৱাজী আৰু নাপলেয়ঁ ব’নাপাৰ্ত) কেৱলমাত্ৰ তুলনাহীন মহাযোদ্ধাই নাছিল, তেখেত আছিল পৰম দয়ালু, ধাৰ্মিক, কলা-সাহিত্য, সংস্কৃত ভাষাতো বিৰাট দখল থকা পৰম জ্ঞানী পুৰুষ, তথা কোচদেশৰ প্ৰধানমন্ত্ৰী, ইত্যাদি। এক বিশাল সেনাবাহিনীক অনবদ্য নেতৃত্ব দিয়া সংযুক্ত সৈন‍্যবাহিনীৰ সৰ্বাধিনায়ক বীৰ চিলাৰায় কেৱল এজন বীৰেই নাছিল, তেখেত হৈ পৰিছিল এটা আন্দোলন, সমগ্ৰ দেশ আৰু দেশৰ জনসাধাৰণৰ মনৰ কোঁহে কোঁহে তেওঁ সোমাই আছিল। চিলাৰায় আছিল সকলোৰে বাবে নিৰাপত্তাৰ প্ৰতীক, আশাৰ প্ৰতীক।

চিলাৰায় আছিল এনে এক সামাজিক-সাংস্কৃতিক ‘শ্বক্’- যি ধৰণৰ ‘শ্বক’ৰ সন্ধানতেই মহাকাশত পাৰি দিয়ে মহাকাশযানে।সমাজ সংস্কাৰ, ভূমি সংস্কাৰ, শাসন, যুদ্ধক্ষেত্ৰ, ধৰ্মীয় ক্ষেত্ৰ, দেশপ্ৰেম, পান্ডিত‍্য আদিকে ধৰি এনে এখন ক্ষেত্ৰ নাই- য’ত তেওঁৰ প্ৰৱেশ ঘটা নাছিল। আকৌ, চিলাৰায়ৰ অবিহনে শ্ৰীমন্ত শংকৰদেৱে হয়তো বংগ, বিহাৰ, দাক্ষিণাত‍্যত বা পুৰীত আশ্ৰয় লব লাগিলহেতেন।

পৰম্পৰাগতভাৱে চলি অহা বিশ্বাস অনুসৰি এচটা সাধাৰণ শিলকো যদি ভক্তি সহকাৰে নিয়মিতভাৱে পূজা-অৰ্চনা কৰি থকা হয়, সেই শিলচটাতো ভগৱানে পদধূলি দি তাক দৈৱিক শিললৈ ৰূপান্তৰিত কৰে। গতিকে কামাখ্যা মন্দিৰৰ অভ‍্যন্তৰত থকা নৰনাৰায়ণ আৰু চিলাৰায়ৰ মূৰ্ত্তি দুটাও কোটি কোটি ভক্তৰ স্পৰ্শত কাহানিবাই দেৱতাৰ শাৰীলৈ উত্তীৰ্ণ হৈছে, আৰু এই দুজন দেৱতাৰ আশ্ৰয়- সহযোগিতা অবিহনে অসমীয়া ভাষা-সাহিত্যৰ কি অৱস্থা হ’লহেতেন, সেয়া কল্পনাতীত।

Kochbihar Palace

আহোম ৰজাই অসমৰ পৰা খেদি পঠিওৱা শ্ৰীমন্ত শংকৰদেৱক কোচদেশত আশ্ৰয় দিয়া নৰনাৰায়ণ-চিলাৰায় আজিও উপেক্ষিত অসম মুলুকত। কিন্তু উপেক্ষিত হ’লেও চিৰ অমৰ নৰনাৰায়ণ-চিলাৰায়ৰ দৰেই মহাপুৰুষৰ প্ৰয়োজন আমাৰ বৰ্তমানৰ এই ভূ-খন্ডত। আমি সকলোৱেই জানো যে মানুহেই গঢ়ি তোলে কালজয়ী পিৰামিড, সাগৰৰ বিশাল বক্ষত জপিয়াই পৰি মানুহেই মুকুতাৰ সন্ধান কৰে। মানুহেই মহাকাশলৈ পাৰি দিয়ে নতুনৰ সন্ধানত, মানুহেই সৃষ্টি কৰে অমৰ সাহিত্য আৰু মানুহেই মানৱ জীৱনক দিয়ে পথৰ সন্ধান।

নিৰৱধি চলি অহা এই কৃচ্ছ সাধনে যিদৰে আমাক সোঁৱৰায় অসীমৰ প্ৰতি মানুহৰ নিৰন্তৰ অন্তহীন আকুতি; একেদৰেই আমাৰ সন্মুখত স্পষ্ট হৈ উঠে মানুহৰ সীমাৱদ্ধতা- আৰু এই দুয়োৰে মাজতেই গঢ় লৈ উঠে জীৱন-জিজ্ঞাসা।    

 কল্পনা কৰা যাওক এনে এক ভূ-খন্ড, য’ত শৰাইঘাট দলং, কলীয়াভোমোৰা দলং, নৰনাৰায়ণ সেতু নাই, গড়কাপ্তানী বিভাগৰ পথ নাই, বিজুলী শক্তি নাই, টেলিফোন-দূৰদৰ্শন-কম্পিউটাৰ-ইন্টাৰনেট-ম’বাইল-কেৰাচিন-পেট্ৰ’ল-ডিজেল নাই, মহাবিদ্যালয়-বিশ্ববিদ্যালয়-‘দীনদয়াল শিক্ষানুষ্ঠান’ নাই, বাতৰি কাকত-ছপাশাল নাই, তেনে এক ভূখন্ডত বা তেনে এছোৱা সময়ত (ধৰি লওক আপুনিয়েই তেনে এক ভূখন্ডৰ শাসক) কিদৰে সাগৰৰ বক্ষত জপিয়াই পৰি মুকুতাৰ সন্ধান কৰিব পৰা অকল্পনীয় সাহস, ক্ষমতা আৰু প্ৰতিভাৰে বিভিন্ন ক্ষেত্ৰত সম্পন্ন কৰা অতুলনীয় কৰ্মাৱলীৰে দক্ষিণ এছিয়াৰ আকাশত চিলাৰায় সূৰ্যৰ দৰে জিলিকি উঠিছিল!!

IMG 20191221 WA0005 1

এয়াই হয়তো জীৱন জিজ্ঞাসা। সেয়ে চিন্তা কৰা প্ৰয়োজন- বিজ্ঞানৰ দানেৰে সমৃদ্ধ আজিৰ সময়ছোৱা চিলাৰায়ৰ সময়ছোৱাতকৈ কিয়ইবা হৈ আছে ইমান নিকৃষ্ট, আৰু প্ৰকৃততে কৰণীয় কি!?

কিয়ইবা চিলাৰায়ৰ কৰ্মাৱলীৰপৰা বা সেই বাৰেৰহণীয়া সময়ছোৱাৰ পৰা আজিও এই ভূ-খন্ডৰ ৰাজনৈতিক নেতাসকলে পোৱা নাই ‘ৰাজনৈতিক শ্বক্’- ‘সাংস্কৃতিক শ্বক্’-অন্ততঃ এই ভূ-খন্ডৰেই স্বাৰ্থত?

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: ইতিহাসে ৰিঙিয়াচিলাৰায়
Anjan Sarma

Anjan Sarma

Related Posts

দেশে দেশে ফুটবল
ASSAMESE SECTION

দেশে দেশে ফুটবল

by HANID R BHUYAN
July 19, 2026
0

দেশে দেশে ফুটবল HISTORY OF FOOTBALL হানিদ ৰঞ্জন ভূঞা বিশ্বৰ ক্ৰীড়াপ্ৰেমীসকলক যোৱা শতকজুৰি সন্মোহিত  কৰি ৰখা খেলবিধেই হৈছে ফুটবল। পৃথিৱীৰ ...

Read moreDetails
পৰিৱেশ সংৰক্ষণত নাৰী

পৰিৱেশ সংৰক্ষণত নাৰী

July 19, 2026
প্রভূ জগন্নাথ আৰু তেওঁৰ মুছলমান ভক্ত সালবেগ

প্রভূ জগন্নাথ আৰু তেওঁৰ মুছলমান ভক্ত সালবেগ

July 19, 2026
অসমখন হ’ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ

অসমখন হ’ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ

July 18, 2026
নাগৰিকৰ মগজু ‘হেক’ কৰা স্নায়ুৰাজনৈতিক বিশেষজ্ঞৰ এতিয়া জয়জয়াকাৰ!

নাগৰিকৰ মগজু ‘হেক’ কৰা স্নায়ুৰাজনৈতিক বিশেষজ্ঞৰ এতিয়া জয়জয়াকাৰ!

July 17, 2026
group of people in public toilet using smartphones

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন!

July 6, 2026
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d