অঞ্জন শৰ্মা
১২২৬ চনত বঙ্গৰ শাসক গিয়াছুদ্দিনে কামৰূপ আক্ৰমণ কৰিছিল আৰু কামৰূপৰ সৈন্যৰ হাতত গিয়াছুদ্দিনৰ বাহিনীৰ লজ্জাজনক পৰাজয় হৈছিল, ১২২৮ চনত দিল্লীৰ চুলতানৰ পুত্ৰ নাছিৰুদ্দিনে কামৰূপ আক্ৰমণ কৰিছিল আৰু ১২৫৭ চনত বঙ্গৰ শাসক তুঘ্ৰিল খাঁই কামৰূপ আক্ৰমণ কৰিছিল তথা প্ৰথম অৱস্থাত জয়ী হ’লেও কিছুদিন পিছতেই কামৰুপৰ সৈন্যৰ হাতত শোচনীয় পৰাজয় বৰণ কৰিছিল (তুঘ্ৰিল খাঁৰ আক্ৰমণৰ পিছতেই কামৰূপৰ পশ্চিম সীমান্ত কটকটীয়া কৰিবলৈ কামৰূপৰাজ সন্ধ্যাই আনুমানিক ১২৬০ চনত কামৰূপৰ ৰাজধানী পশ্চিম কমতাপুৰ, অৰ্থাৎ কোচবিহাৰলৈ স্থানান্তৰ কৰে), ১৫২৭ চনত বঙ্গৰ শাসকৰ সেনাপতি তুৰ্বকে অসম আক্ৰমণ কৰে আৰু প্ৰথম অৱস্থাত সফল হ’লেও পিছলৈ মূলাগাভৰুৰ দৰে বীৰাঙ্গনাইও যুদ্ধক্ষেত্ৰত অৱতীৰ্ণ হোৱাৰ ফলস্বৰূপে আৰু কনচেং বৰপাত্ৰগোহাঁয়ে তুৰ্বকৰ মূৰটোকে কাটি পেলোৱাত ১৫৩৩ চনত শোচনীয় ভাৱে কৰতোৱা পাৰ হৈ পলায়ন কৰে, ১৬৬২ চনৰ ,৪ জানুৱাৰী তাৰিখে মিৰজুমলাই ১২০০০ অশ্বাৰোহী-৩০০০০ পদাতিক-৩২৩ খন ৰণনৌকা লৈ অসম অভিযান আৰম্ভ কৰে আৰু বিভিন্ন ক্ষেত্ৰত ভালেমান যুদ্ধ-বিগ্ৰহৰ পিছত ঘিলাঝাৰি ঘাটৰ সন্ধি হোৱাত ১৬৬৩ চনৰ ৯ জানুৱাৰীত প্ৰত্যাৱৰ্তন কৰে, ১৬৬৫ চনত ইটাখুলিৰ ৰণত মোগলে পৰাজয় বৰণ কৰিছিল, ১৬৭১ চনত লাচিত বৰফুকনৰ হাতত মোগল সেনাপতি ৰামসিংহৰ শোচনীয় পৰাজয় হয়,……..!
# # #
আজিৰ পটভূমিত নতুন প্ৰজন্মই ওপৰোক্ত তথ্যখিনিৰ লগতে বহু বিষয় বিশ্লেষণ কৰিলেহে গম পাব- অসমৰ যে দিল্লী বা বঙ্গত কোনো ৰাজনৈতিক আত্মীয়-স্বজন নাই আৰু কোনোৱেই প্ৰকৃতাৰ্থত অসম তথা ‘উত্তৰ-পূৰ্বাঞ্চল’ক বুজিও নাপায়।
ৰামসিংহৰ বিশাল বাহিনীক পৰাস্ত কৰা বীৰ লাচিতৰ প্ৰতিমূৰ্তি ব্ৰহ্মপুত্ৰৰ বক্ষত স্থাপন কৰা হ’ল ঠিকেই, কিন্তু লাচিত বৰফুকনৰ মূৰ্তিটোৱে ফাচীবজাৰৰ বহিৰাগত বণিয়াসকলৰ দোকান-গুদাম-ঘৰবোৰলৈ চাই অসহায় হৈ আৰ্তনাদ কৰি থকা নাইনে!!?

আৰু আমিনগাওঁৰ চিলাৰায়ৰ মূৰ্তিটোৰ চাৰিওফালৰ ভূমিৰ অধিকাংশই বহিৰাগতৰ হাতলৈ যোৱা দেখি চিলাৰায়েও চকুলো টুকি থকা নাইনে !!?
অসমৰ খিলঞ্জীয়াই বিভিন্ন সমস্যাক লৈ আন্দোলনৰ নামত ‘ৰোড্-শ্বো’ কৰি থকাতকৈ ‘ৰোড্- মেপ’ তৈয়াৰ কৰি ঐক্যবদ্ধ হৈ আগবাঢ়িলেহে বিভিন্ন সময়ত প্ৰচন্ড যুজঁ দি এই ভূখণ্ড ৰক্ষা কৰা ইতিহাসৰ বীৰপুৰুষসকলক প্ৰকৃতাৰ্থত সন্মান জনোৱা হ’ব; অন্যথাই চিলাৰায়-লাচিতৰ চকুলো ওলায়েই থাকিব। নাথাকিবনে??
ReplyForward |