• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, September 9, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

চিয়াং নৈৰ পাৰৰ নষ্টাল’জিয়া

চিয়াং নৈ

by Anjan Sarma
April 7, 2023
in Special Report, Tourism, Travel
Reading Time: 3 mins read
0
চিয়াং নৈৰ পাৰৰ নষ্টাল’জিয়া
Share on FacebookShare on TwitterShare on LinkedIn

চিয়াং নৈ

গৌতম শৰ্মা

Gautam Sarma
গৌতম শৰ্মা

“চিয়াঙৰে গালং

লোহিতৰে খামটি

আৰু টিৰাপৰে ৱানচুৱে

মোক কিয় মাতিছে….

     সুধাকন্ঠ ড° ভূপেন হাজৰিকাই ১৯৬৯ চনত লিখি উলিয়াইছিল এই কালজয়ী গীতটি; যিটো গীতৰ যোগেদি আমি চিয়াঙৰ পাৰৰ বাৰেৰহণীয়া সভ্যতা, সংস্কৃতিৰ লগতে পাহাৰ-ভৈয়ামৰ ঐতিহাসিক মিলা-প্ৰীতি তথা এক ওতঃপ্ৰোত যোগসূত্ৰৰ উমান পাওঁ।

সঁচাই এই পাহাৰ-ভৈয়ামৰ সম্পৰ্ক অবিৰত, যুগে-যুগে অবিচ্ছিন্ন। যি সম্পৰ্কত নাই কোনো কৃত্ৰিমতা, যি সম্পৰ্ক গঢ়ি উঠিছে হিয়াৰ সৈতে হিয়াৰ; য’ত পোৱা যায় সদায় কেৱল কেঁচা মাটিৰ গোন্ধ। পাহাৰ-ভৈয়ামৰ মাজত থকা এই অবিৰত, অবিছিন্ন সম্পর্কক সদায় বহন কৰি আহিছে অৰুণাচলৰ বুকুৱেদি গহীন-গম্ভীৰকৈ বৈ থকা খৰস্ৰোতা চিয়াংখনে।

    উত্তৰ-পূব তথা অসমৰ সভ্যতা, সংস্কৃতি বিকাশৰ ক্ষেত্ৰত নদ-নদী, পৰ্বত-পাহাৰ, অৰণ্য আদি প্ৰাকৃতিক সম্পদসমূহৰ অৱদান তথা প্ৰভাৱ অতি প্ৰাচীন। আবহমান কালৰেপৰা বৈ অহা ব্ৰহ্মপুত্ৰ, বৰাক আৰু ইয়াৰ সৰু-বৰ উপনৈসমূহে এই ভূখণ্ডক বিশ্বৰ বুকুত এক সুকীয়া পৰিচয় দাঙি ধৰি আহিছে। এইক্ষেত্ৰত ব্ৰহ্মপুত্ৰ উপত্যকালৈ মন কৰিলে আমি দেখোঁ যে অসমৰ ইতিহাসত এই ব্ৰহ্মপুত্ৰৰ প্ৰভাৱ অলেখ।

যিখন নদী তিব্বতৰ কৈলাশ পৰ্বতৰ ৫১৫০ মিটাৰ উচ্চতাৰ চেমা-যুদুং নামৰ হিমবাহৰ পৰা উৎপত্তি হৈছে। তিব্বতত এই নদীৰ নাম হৈছে চাংপো, যাৰ অৰ্থ হৈছে প্ৰতিশোধক। এই চাংপো নৈখন পূবমুৱাকৈ কিছুদূৰ বৈ আহি দক্ষিণমুৱা হৈ চিয়াং, তাৰপিছত দিহাং নামেৰে অৰুণাচলৰ মাজেৰে বৈ আহি অসমত প্ৰৱেশ কৰি দিবাং আৰু লোহিতৰ সৈতে নিজৰ কলেবৰ বৃদ্ধি কৰি ব্ৰহ্মপুত্ৰ নাম লৈ শদিয়াৰ পৰা ধুবুৰীলৈকে অসমৰ মাজেৰে বৈ গৈ বাংলাদেশত সোমাই মেঘনা নাম লৈ বংগোপ সাগৰত পৰিছেগৈ।

চিয়াং নৈৰ পাৰৰ নষ্টাল'জিয়া

ব্ৰহ্মপুত্ৰক এই গতিপথত বহুবোৰ সৰু-বৰ নৈৰ সংযোগে ইয়াৰ শক্তিবৃদ্ধিত প্ৰভূত সহায় কৰিছে। উল্লেখযোগ্য যে, এই ব্ৰহ্মপুত্ৰ নৈখনক অৰুণাচলত চিয়াং নামেৰে জনা যায়, যিখন নদীয়ে প্ৰায় এক তৃতীয়াংশ অৰ্থাৎ ৩৩% মূল ব্ৰহ্মপুত্ৰ নৈখনৰ পানী পৰিবহণ কৰি আহিছে।

   ঐতিহাসিক দৃষ্টিভংগীৰে চিয়াঙৰ অৱস্থিতি পৰ্যবেক্ষণ কৰিলে আমি পাওঁ যে, মূলত চিয়াং অৰুণাচল প্ৰদেশৰ এখন নদী যদিও এই নদীখনক কেন্দ্ৰ কৰি ইয়াৰ বৃহৎ উপত্যকাটোকো নামকৰণ কৰা হৈছে। পূৰ্বৰ বৃহৎ চিয়াং জিলাখন পৰৱৰ্তী কালত পূব চিয়াং, পশ্চিম চিয়াং আৰু উজনি চিয়াঙত বিভক্ত হৈ পৰিছিল; আৰু ইয়াৰ পূব চিয়াং জিলাৰ সদৰ হ’ল পাচিঘাট।

এই পাচিঘাটেই আছিল তেতিয়াৰ ‘নেফা’ৰ (NEFA – North-East Frontier Agency) সদৰ ঠাই। উল্লেখ্য যে, এই নেফাই আছিল বৰ্তমান অৰুণাচল প্ৰদেশৰ পুৰণি নাম। অৱশ্যে এই নেফাৰ ঠাইত অৰুণাচল প্ৰদেশ হোৱাৰ পাছত ইটানগৰ ইয়াৰ ৰাজধানী হয়গৈ।

তৎস্বত্বেও, আগৰ নেফাৰ সদৰ ঠাই অৰ্থাৎ অৰুণাচল প্ৰদেশৰ এখন অতি উল্লেখযোগ্য ঠাই পাচিঘাটৰ গুৰুত্বতা অদ্যাপী কমি যোৱা নাই। মন কৰিবলগীয়া বিষয়টো হৈছে যে, সম্প্ৰতি অৰুণাচলৰ এই পাচিঘাটেই হৈছে এই চিয়াঙৰ পাৰত অৱস্থিত অসমৰ অতি নিকটৱৰ্তী চহৰ।

চিয়াং নৈৰ পাৰৰ নষ্টাল'জিয়া
source: Scroll.in

    ভূ-প্ৰাকৃতিক আৰু অৱস্থিতিগত দিশৰ পৰা ফালৰি কাটি আহি আমি যদি ব্ৰহ্মপুত্ৰৰ প্ৰধান অৱবাহিকাতন্ত্ৰ চিয়াঙৰ পাৰৰ সভ্যতা, সংস্কৃতি আৰু সমন্বয়ৰ দিশটোলৈ মন কৰোঁ তেতিয়া দেখিবলৈ পাওঁ যে এই চিয়াঙৰ সৈতে অৰুণাচল প্ৰদেশৰ এক বৃহত্তৰ অংশত বসবাস কৰা বহু পাহাৰীয়া জনগোষ্ঠীৰ বহু আশা-প্ৰত্যাশা জড়িত হৈ আছে।

চিয়াঙৰ পাৰত দেখিবলৈ পোৱা বাৰেৰহণীয়া কৃষ্টি-সংস্কৃতিসমূহ এই নদীৰ পাৰত বাস কৰা গালং, খামটি, ৱানচু, আপাটানি, মনপা, পদম, ইদু, নক্টে, চেৰদুকপেন, টাংছা, অঁকা, ডফলা, ব’ৰী আদি পাহাৰীয়া জনগোষ্ঠীসমূহৰ দৈনন্দিন জীৱনযাত্ৰাত, বিভিন্ন সময়ত, বিভিন্ন ক্ষেত্ৰত উদযাপিত উৎসৱ-পৰ্ব, সামাজিক অনুষ্ঠান ইত্যাদিসমূহত দেখিবলৈ পোৱা যায়। যিসমূহে সম্প্ৰতি বহু সংস্কৃতিপ্ৰেমীক এই অঞ্চলটোলৈ সদায় হাতবাউল দি মাতি আহিছে।

   অন্যহাতেদি, ইয়াৰ সমান্তৰালকৈ চিয়াঙৰ পাৰৰ নৈসৰ্গিক পৰিৱেশ চালে চকুৰোৱা; য’ত কেৱল চাৰিওফালে সেউজীয়া আৰু সেউজীয়া। কিয়নো অজস্ৰ প্ৰাকৃতিক সম্পদেৰে পূৰ্ণ চিয়াঙৰ দুটিপাৰ। খৰস্ৰোতা চিয়াঙৰ কল্লোল উপভোগ কৰি চিয়াঙৰ পাৰেদি পাৰি থোৱা সেউজীয়াৰে আবৃত ৰাজ আলিটোৱেদি গৈ থাকিলে এনে লাগে যেন আমি আমাৰ কল্পনাৰ স্বৰ্গৰ সেই ইন্দ্ৰপুৰীলৈহে গৈ আছোঁ।

চিয়াঙৰ পাৰত খোজ কঢ়া, বনভোজ খোৱা, চিয়াঙৰ বুকুত নৌকা ভ্ৰমণ কৰাৰ আমেজেই সুকীয়া। আজি চিয়াঙৰ অপৰূপ সৌন্দৰ্য্যই, বৈচিত্ৰ্যতাই অসমৰ বহু শিক্ষানুষ্ঠানক, দেশী-বিদেশী প্ৰকৃতিপ্ৰেমী আৰু পৰ্যটকসকলৰ লগতে বছৰৰ বিভিন্ন সময়ত বহু বনভোজপ্ৰেমীক চিয়াঙৰ পাৰলৈ সদায় আমন্ত্ৰণ জনাই আহিছে। যাৰ পৰিপ্ৰেক্ষিতত চিয়াংখন আজি প্ৰচুৰ সম্ভাৱনাময় থলীলৈ ৰূপান্তৰ হৈছে।

খৰস্ৰোতা, গহীন-গম্ভীৰ অপৰূপ সৌন্দৰ্য্যৰ গৰাকী চিয়াঙৰ ৰূপ-গুণ তথা সৌন্দৰ্য্যক বৰ্ণনা কৰি আমি অন্ত কৰিব নোৱাৰোঁ; আৰু আমাৰ বোধেৰে নিজ চকুৰে নেদেখালৈকে এই সৌন্দৰ্য্যক হয়তো কোনেও অনুধাৱন কৰিব নোৱাৰে।

চিয়াং নৈৰ পাৰৰ নষ্টাল'জিয়া

   আজি চিয়াঙৰ পাৰৰ এই বিপুল সৌন্দৰ্য্যক উপভোগ কৰিব পৰাকৈ ইয়ালৈ যাবলৈ বহুবোৰ উন্নত ব্যৱস্থা গঢ়ি উঠিছে। পূৰ্বে উল্লেখ কৰি অহা হৈছে যে চিয়াঙৰ পাৰত অৱস্থিত অসমৰ অতি নিকটৱৰ্তী চহৰখন হৈছে অৰুণাচলৰ পাচিঘাট।

এই পাচিঘাটত অনায়াসে উপস্থিত হ’ব পৰাকৈ বহুবোৰ সুচল সুবিধা সম্প্ৰতি গঢ়ি উঠিছে। অসম তথা উত্তৰ-পূবৰ দুৱাৰমুখ গুৱাহাটীৰপৰা পাচিঘাটলৈ সুচল বাছ সেৱা আছে, মুঠ ৪১৪ কিলোমিটাৰ এই পথচোৱাৰ যাত্ৰাপথত প্ৰায় বাৰ ঘণ্টাৰ অন্তত উপস্থিত হ’বগৈ পাৰি। পাচিঘাটলৈ ৰে’ল সেৱাৰো সুচল সুবিধা আছে।

পাচিঘাটৰ নিকটৱৰ্তী ৰে’ল ষ্টেচন হৈছে ধেমাজি জিলাৰ জোনাইৰ মুকংছেলেক ৰে’ল ষ্টেচন। যিটো ষ্টেচনলৈ বৰ্তমান গুৱাহাটীৰপৰা বহুকেইখন এক্সপ্ৰেছ নিতৌ অহা-যোৱা কৰে। এই মুকংছেলেক ষ্টেচনৰপৰা পাচিঘাটলৈ দূৰত্ব মাথোঁ ৩৬ কিলোমিটাৰ। অন্যহাতেদি, ডিব্ৰুগড়ৰ মোহনবাৰী আৰু লখিমপুৰৰ লীলাবাৰী বিমানবন্দৰ দুটা হৈছে পাচিঘাটৰ নিকটৱৰ্তী বিমানবন্দৰ।

    ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ মুখ্য চহৰ ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট গোলাঘাট, তিনিচুকীয়া আদিৰপৰা পাচিঘাটলৈ যাবলৈও বিশেষ একো অসুবিধাৰ সন্মুখীন হ’ব লগা নহয়। কিয়নো শেহতীয়াকৈ ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ আৰু পৰিবহণৰ কাৰ্যক্ষম হোৱা  বগীবিল দলঙেদি আজি উজনি অসমৰ দক্ষিণ পাৰৰ মুখ্য চহৰবোৰৰ পৰা ইয়ালৈ দূৰত্ব, ভ্ৰমণ কালত ব্যয় হোৱা সময়ো যথেষ্ট কম।

বৰ্তমান দেশী-বিদেশী পৰ্যটকসকলৰ আকৰ্ষণৰ, ভ্ৰমণৰ মূল ঠাই হিচাপে চিহ্নিত হোৱা চিয়াঙক লৈ অদূৰ ভৱিষ্যতে আৰু বহু সম্ভাৱনাই নকৈ গজি উঠক।

চিয়াঙৰ পাৰত বসবাস কৰা, ভূপেন দাই আমাক সেই তাহানিতেই চিনাকি কৰি দিয়া পাহাৰীয়া জাতি-জনগোষ্ঠীসমূহৰ বাৰেৰহণীয়া কৃষ্টি-সংস্কৃতিসমূহৰ লগতে পাহাৰ-ভৈয়ামৰ সেউজীয়া সম্পর্কবোৰো সদায় অটুট থাকক; চিয়াঙৰ পাৰত উপস্থিত হৈ আজি আমি ইয়াকে অন্তৰৰপৰা মনে-প্ৰাণে কামনা কৰিছোঁ ৷

(লেখক ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ শিক্ষক। ফোন: ৯৯৫৪০ ০০২০০)

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: চিয়াং নৈসুধাকন্ঠ ড° ভূপেন হাজৰিকা
Anjan Sarma

Anjan Sarma

Related Posts

Soliloquy of a Song: The birth of Buku hom hom kore…
Special Report

ভূপেন হাজৰিকা: মই বিধানসভাৰ সদস্য কিয় হৈছিলো ?

by Editor
September 6, 2026
0

ভূপেন হাজৰিকা : মই বিধানসভাৰ সদস্য কিয় হৈছিলো ? ড° ভূপেন হাজৰিকা সক্রিয় ৰাজনীতি অর্থাৎ বিধান সভাৰ সদস্য হৈ মন্ত্রী...

Read moreDetails
ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

September 6, 2026
Tilinga Mandir: Assam’s Sacred Temple of a Thousand Bells

Tilinga Mandir: Assam’s Sacred Temple of a Thousand Bells

September 5, 2026
silhouette of four person with flag of united states background

CIA Regime Change Exposed: How U.S. Interventions in 15 Nations Killed Millions and Destabilized the World

September 3, 2026
flood

Guwahati Is Sinking: 70 Years of Floods, No Lessons Learned!

September 2, 2026
Khanikar Puthi

Khanikar Puthi

September 1, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
COP 29 – Baku’s Role in Global Climate Action: A Model for the Future

COP 29 IN AZERBAIJAN

1
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

ক্ষত্ৰিয় ৰাজবংশী আৰু ক্ষত্ৰিয় আন্দোলন

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
Is India’s Economy in Trouble? What Rising Prices Are Telling Us About the Economy

Is India’s Economy in Trouble? What Rising Prices Are Telling Us About the Economy

September 9, 2026
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

September 9, 2026
Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation

Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation

September 7, 2026
Heat, Hunger, and Survival: Why India’s Climate Cooling Summit Cannot Wait?

What ‘natural’ calamities in 2026 indicate about Climate Change

September 7, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    40643 shares
    Share 16257 Tweet 10161
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18912 shares
    Share 7565 Tweet 4728
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    4039 shares
    Share 1616 Tweet 1010
  • সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ব্যক্তিত্ব

    951 shares
    Share 380 Tweet 238
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    319 shares
    Share 128 Tweet 80
  • Kaziranga’s Eco-Sensitive Zone Debate: The Real Question Is Not 1 Kilometre or 10

    152 shares
    Share 61 Tweet 38
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    129 shares
    Share 52 Tweet 32
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    4087 shares
    Share 1635 Tweet 1022
  • Attending RAI’S Class

    100 shares
    Share 40 Tweet 25
  • Neeb Karori Baba : An Avadhuta of the Highest Order

    384 shares
    Share 154 Tweet 96
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d