• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Monday, August 10, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle Inspiration

চিৰতৰুণ পৰেশ বৈশ্য

by Editor
May 27, 2024
in Inspiration, Special Report
Reading Time: 4 mins read
0
চিৰতৰুণ পৰেশ বৈশ্য
Share on FacebookShare on TwitterShare on LinkedIn

চিৰতৰুণ পৰেশ বৈশ্য

গংগাধৰ বৰ্মন

Gangadhar
গংগাধৰ বৰ্মন

এজন স্ব-নিৰ্মিত ব্যক্তিয়ে নিজৰ কৃচ্ছ সাধনা আৰু অধ্যাৱসায়ৰ জৰিয়তে কেনেকৈ এক অনুষ্ঠানত পৰিণত হ’ব পাৰে তাৰ এক উজ্বল নিদৰ্শন হ’ল বিশিষ্ট শিক্ষাবিদ,লেখক, সাংবাদিক আৰু সমাজহিতৈষী পৰেশ বৈশ্য।

কামৰূপ জিলাৰ ঐতিহ্যধন্য আলাবৈ ৰণ ক্ষেত্ৰত অৱস্থিত দলিবাৰী গাঁৱত ১৯৫৮ চনৰ ১৫ ছেপ্টেম্বৰত এটি অতি দৰিদ্ৰ কৃষক পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল বৈশ্যই। স্কুলীয়া জীৱনত লোকৰ ঘৰত থাকি কেৰাচিনৰ অভাৱত জোনাকৰ পোহৰত পৰীক্ষা দি মেট্ৰিক পাছ কৰা মেধাবী ছাত্ৰ বৈশ্যই বহু দিন কল- পচলাৰ লগত মাটি ডাইল সিজোৱা খাই স্কুললৈ যাব লগা হৈছিল।

চিৰতৰুণ পৰেশ বৈশ্য
পৰেশ বৈশ্য

আনকি আত্মীয়ৰ ঘৰৰ ল’ৰা- ছোৱালীৰ এৰেহা খাব লগাও হৈছিল। ছাত্ৰ অৱস্থাৰ পৰাই পৰিয়ালৰ সমৰ্থন অবিহনেই তেওঁ নিজৰ একাগ্ৰতা আৰু কষ্টৰ জৰিয়তে জীৱনটোক গঢ় দিবলৈ সক্ষম হৈছিল। এই গৰাকী ব্যক্তিয়ে নানা ঘাত- প্ৰতিঘাতৰ মাজেদি কলা, বিজ্ঞান, আইন আৰু শিক্ষকতাৰ( বিটি) স্নাতক ডিগ্ৰী লোৱাৰ উপৰিও অসমীয়া বিষয়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা প্ৰথম শ্ৰেণীৰ অষ্টম স্থান সহ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

অকল এয়ে নহয় তেওঁ সাংবাদিকতা, ফৰাচী ভাষা, পুথিভৰাল বিজ্ঞান আদি বিষয়তো অধ্যয়ন কৰিছিল। জীৱনত শিক্ষকতা আৰু সাংবাদিকতাকে ব্ৰত হিচাপে লোৱা বৈশ্যই অধুনালুপ্ত দলিবাৰী ছোৱালী এম. ই স্কুলৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক, কুলহাটী ছোৱালী হাইস্কুলৰ সহকাৰী শিক্ষক, গুৱাহাটীৰ গীতা নগৰ হাইস্কুলৰ প্ৰধান শিক্ষক, গুৱাহাটীৰ গান্ধী নগৰ ছোৱালী হাইস্কুলৰ সহকাৰী শিক্ষক, পাঁচগাও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক আৰু শেষত দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক হিচাপে সেৱা আগবঢ়াই চাকৰি জীৱনৰ শেষৰ চাৰে তিনিবছৰ কাল বিদ্যালয়খনৰ প্ৰথম গৰাকী নিয়মীয়া অধ্যক্ষ হিচাপে ২০২০ চনৰ ৩১ ডিচেম্বৰত অৱসৰ গ্ৰহণ কৰে।

শিক্ষকতাৰ চাকৰি কালতেই বৈশ্যই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়িক বিষয়াৰ প্ৰশিক্ষণৰ ফেকাল্টী হিচাপেও প্ৰায় দুবছৰ কাল সেৱা আগবঢ়ায়। এই সুবিধা লাভ কৰা বৈশ্যই হ’ল অসমৰ প্ৰথম গৰাকী শিক্ষক। পাছত অতিথি ফেকাল্টী হিচাপেও অসম জুডিছিয়েল একাডেমীত সেৱা আগবঢ়ায়। বৈশ্যৰ বৰ্ণাঢ্য শিক্ষকতা জীৱন অসমৰ শৈক্ষিক ক্ষেত্ৰখনলৈ এক অনুপ্ৰেৰণা স্বৰূপ।

শিক্ষক জীৱনত এদিনো পলমকৈ বিদ্যালয়ত উপস্থিত নোহোৱা, অধ্যক্ষ হিচাপে চাৰে তিনি বছৰত এদিনো বিদ্যালয় খতি নকৰাৰ আদৰ্শ দেখুৱাই তেখেতে নিজৰ শিক্ষকতা জীৱন ধন্য কৰি থৈ যায়। আনকি কোনোবা সংগঠনে বন্ধ ঘোষণা কৰিলে অধ্যক্ষ হিচাপে তেওঁ শেষ ৰাতিয়েই গৈ বিদ্যালয়ত উপস্থিত হোৱাৰো নজিৰ আছে।

দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰথম গৰাকী নিয়মীয়া অধ্যক্ষ হিচাপে বৈশ্যই প্ৰদৰ্শন কৰা শৈক্ষিক আৰু প্ৰশাসনিক অনুশীলনসমূহে বিদ্যালয়খনক অসমৰ এখন জাকত- জিলিকা বিদ্যালয় হিচাপে প্ৰতিষ্ঠা কৰিছিল। তেওঁৰ এই শ্ৰেষ্ঠ শৈক্ষিক আৰু প্ৰশাসনিক অনুশীলনসমূহ অসম চৰকাৰৰ শিক্ষা বিভাগে নতুন দিল্লীত বিভাগীয় সভাত প্ৰদৰ্শন কৰিছিল। যাৰ বিনিময়ত বিদ্যালয়খনলৈ সেইদিনাই আগবঢ়োৱা হৈছিল প্ৰায় ত্ৰিশ লাখ টকাৰ পুৰস্কাৰসূচক অনুদান।

আনকি বৈশ্যৰ অধ্যক্ষৰ কালছোৱাৰ সকলোবোৰ শ্ৰেষ্ঠ শৈক্ষিক আৰু প্ৰশাসনিক অনুশীলন কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ শিক্ষা বিষয়ক পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হৈছে। তেখেতৰ অধ্যক্ষৰ কাৰ্যকালত অসমৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰী, দুগৰাকীকৈ মুখ্য সচিবে বিদ্যালয়খন পৰ্যবেক্ষণ কৰিবলৈ আহি সন্তোষ প্ৰকাশ কৰিছিল।

এইগৰাকী কৃতী শিক্ষকে শিক্ষকৰ ৰাজ্যিক বঁটা পালেহেঁতেন যদিও আবেদন কৰি বঁটা লোৱাৰ তেখেত পক্ষপাতী নাছিল বাবেই শিক্ষকৰ বঁটাৰ পৰা বঞ্চিত হয়। বৰ্ণাঢ্য শিক্ষকতা জীৱনত শিক্ষা- সাংবাদিকতাৰ উত্তৰণ আৰু সামাজিক পৰিৱৰ্তনৰ হকে তেখেতে ২০০৮ চনত প্ৰতিষ্ঠা কৰে এটি দাতব্য ন্যাস’ পৰেশ বৈশ্য ফাউণ্ডেচন’ । সম্পূৰ্ণ ত্যাগৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ তেখেতে এই ন্যাস গঠন কৰে।

চিৰতৰুণ পৰেশ বৈশ্য
পৰেশ বৈশ্য

নিজৰ কষ্টোপাৰ্জিত ধনেৰে গঠিত এই ন্যাসে বিগত ষোল্ল বছৰে ভালেমান শৈক্ষিক আৰু সামাজিক পৰিৱৰ্তনৰ কাম কৰি আহিছে। সাধাৰণতে ন্যাস গঠন কৰি মানুহে দান- বৰঙণি বা চৰকাৰী অনুদানেৰে সমাজ সেৱা কৰে। কিন্তু বৈশ্যই নিজৰ ন্যাসৰ বাবে কোনো ব্যক্তিৰ পৰা দান বৰঙণি নলয় আৰু চৰকাৰী সাহায্যও নলয়। আগতে দৰমহাৰ ধন, এতিয়া পেঞ্চনৰ সাচতীয়া ধন আৰু কিতাপ লিখি পোৱা ধনেৰে এই ন্যাস চলাই আছে।

এই ন্যাসৰ জৰিয়তে শ্ৰেষ্ঠ বিদ্যালয় বটা, শ্ৰেষ্ঠ শিক্ষকৰ বঁটা, শ্ৰেষ্ঠ সাংবাদিক বঁটা, সন্তান আপডাল বিষয়ক কৰ্মশালা, দুখীয়া ছাত্ৰ- ছাত্ৰীক অধ্যয়নৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰাৰ লগতে বিদ্যালয় আৰু পুথিভঁৰাললৈ গ্ৰন্থ দান কৰি আহিছে। তেখেতে “পোহৰ বিদ্যালয়” নামৰ এটি অনুষ্ঠানৰ জন্ম দি ইয়াৰ জৰিয়তে বিদ্যালয় বিলাকত গণিত শিক্ষা, বিজ্ঞান শিক্ষাক জনপ্ৰিয় কৰাৰ লগতে আৰু অসমৰ ঐতিহ্যৰ প্ৰতি শিক্ষাৰ্থীক অনুপ্ৰাণিত কৰি আহিছে।

অৱসৰৰ পাছতো নিজৰ জেপৰ ধন ভাঙি অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে বিদ্যালয়ে বিদ্যালয়ে গৈ প্ৰায় ডেৰ হাজাৰ বিদ্যালয়ত শৈক্ষিক মাৰ্গদৰ্শন প্ৰদান কৰিছে। ছাত্ৰ- ছাত্ৰীৰ মাজত ভূগোল – বুৰঞ্জী জনপ্ৰিয় কৰিবলৈ বিদ্যালয়ত ভূগোল মেল, বুৰঞ্জী মেল অনুষ্ঠিত কৰি সকলোৰে আদৰ্শ হ’ব পাৰিছে।

তেখেতৰ সদ্য প্ৰকাশিত ডায়েৰী” সময় বালিত খোজ” ত প্ৰকাশ পোৱা মতে তেখেতে অৱসৰৰ পাছত বিদ্যালয় পৰিভ্ৰমণৰ নামত প্ৰায় ৭৮ হাজাৰ কিলোমিটাৰ ঘূৰিছে। তাৰ বিনিময়ত প্ৰায় পাঁচ লাখ টকাৰ তেল গাড়ীত খৰচ কৰিছে। পেঞ্চনৰ সাচতীয়া ধনৰ পৰা এইদৰে ৰাজ্যৰ শৈক্ষিক মানদণ্ড উত্তৰণৰ বাবে তেখেতে স্বেচ্ছাই এই সেৱা আগবঢ়ায় আছে। তেখেতে পেঞ্চনৰ প্ৰায় ৪৫ শতাংশ ধন এনেদৰে শৈক্ষিক কামত খৰচ কৰি সকলোৰে আদৰ্শ হৈছে।

চিৰতৰুণ পৰেশ বৈশ্য

আজিৰ বস্তুবাদী যুগত এনে আদৰ্শ দেখুওৱা শিক্ষক হয়তো নোলাব। বৈশ্যৰ শিক্ষকতা জীৱনৰ আন এক কৃতিস্তম্ভ হ’ল তেওঁ ৰচনা কৰা পাঠ্যপুথিসূহ। এতিয়ালৈকে তেখেতে শতাধিক পাঠ্যপুথি ৰচনা কৰি অভিলেখ ভংগ কৰিছে। কোনো অসমীয়াই এতিয়ালৈকে একক ভাৱে ইমান পাঠ্যপুথি লিখা নাই। তেখেতৰ এই পাঠ্যপুথিসমূহ এতিয়াও বিশেষকৈ বহু বেচৰকাৰী বিদ্যালয়ত জনপ্ৰিয় হৈ আছে।

স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে তেখেতে লিখা ” আমাৰ পাঠ” আৰু ” অসমীয়া সাহিত্য সুৰভি” নামৰ অসমীয়া ভাষাৰ চিৰিজ দুটা বিগত তিনিটা দশকত হাজাৰ হাজাৰ শিক্ষাৰ্থীয়ে পাঠ্যপুথি হিচাপে পঢ়িছে। তেখেতে হাইস্কুলীয়া ছাত্ৰ- ছাত্ৰীৰ বাবে লিখা ” ক্লাছমেট ইংলিছ গ্ৰামাৰ” ছাত্ৰ- শিক্ষকৰ দৃষ্টিত এক অনন্য ইংৰাজী ব্যাকৰণৰ পুথি।

নিজকে সমাজৰ হিতৰ বাবে নিয়োজিত কৰা বৈশ্য এগৰাকী আদৰ্শ পিতৃও। নিজৰ ল’ৰা- ছোৱালীহালক উপযুক্ত শিক্ষাৰে শিক্ষিত কৰিছে। ছোৱালীজনী এখন আগশাৰীৰ মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপিকা আৰু পুত্ৰ অসম চৰকাৰৰ এগৰাকী ৰাজপত্ৰিত বিষয়া। তেখেতৰ সহধৰ্মিনী পূৰ্ণিমা দাস বৈশ্য এগৰাকী শিক্ষিত আৰু অতিথি পৰায়ণ মহিলা। তেখেতো ‘ হাজোৰ বাতৰি‘ৰ সম্পাদনাৰ লগত জড়িত আছিল। তেওঁ হাজো অঞ্চলৰ প্ৰথম গৰাকী মহিলা সাংবাদিক। তেখেতেও ‘সাঁথৰৰ সুৰভি’ নামৰ এখনি মূল্যৱান গ্ৰন্থ লিখিছে।

চিৰ তৰুণ আৰু কৰ্মই ধৰ্মৰ আদৰ্শৰে পৰিচালিত বৈশ্যৰ সময় ব্যৱস্থাপনাৰ আদৰ্শ সকলোৰে বাবে অনুকৰণীয়। চল্লিশ বছৰীয়া শিক্ষকতা জীৱনত সময়ক অলপো অপচয় হ’বলৈ নিদি তেওঁ শিক্ষকতাৰ সমান্তৰাল ভাৱে অসমীয়া সাহিত্যৰ ক্ষেত্ৰখনলৈ অনবদ্য সেৱা আগবঢ়াইছে। এতিয়ালৈকে তেখেতে প্ৰায় ৩৫০ খন গ্ৰন্থ লিখি প্ৰকাশ কৰিছে। তেখেতৰ গ্ৰন্থ হিন্দী আৰু বড়ো ভাষালৈকেও অনুবাদ হৈছে।

Paresh Baishya8 1

তেখেতে যিদৰে শিক্ষকতাৰ বঁটাৰ বাবে আবেদনকাৰী হ’বলৈ বিচৰা নাছিল, সেইদৰে আবেদন কৰি সাহিত্যিক পেঞ্চন লোৱাৰো তেখেত পক্ষপাতী নহয়। তেখেতৰ মতে চাকৰিয়াল সাহিত্যিকক সাহিত্যিক পেঞ্চন দিব নালাগে, স্বীকৃতিহে দিব লাগে। এই আদৰ্শক সাৰোগত কৰি তেওঁ সাহিত্যিক পেঞ্চন বিচৰাৰ বাবে অকণো আগ্ৰহী নহয়। বৈশ্যই এতিয়ালৈকে দুকৰিৰো অধিক শিশু উপযোগী মূল্যৱান গ্ৰন্থ লিখি উপহাৰ দিছে।

অসমীয়া ভাষা ,সাহিত্য,সংস্কৃতি, ইতিহাস বিষয়ক তেখেতে কেবাখনো মূল্যৱান গ্ৰন্থ লিখিছে।তাৰ ভিতৰত আশাৰ পানচৈ( উপন্যাসিকা,১৯৮৮), তিনিখন কবিতা পুথি ক্ৰমে আঁউসীৰ ৰাতি,নিৰন্ন দিনৰ ডায়েৰী আৰু শব্দৰ সীৰলুত, সংবাদ সাহিত্যৰ ৰূপৰেখা ( ১৯৯০), হাজোৰ শিক্ষাৰ বুৰঞ্জী ( ১৯৯৬), অসমত নাওখেলৰ পৰম্পৰা(১৯৯২), ঐতিহাসিক আলাবৈ ৰণ( ১৯৯৫), অসমীয়া ফকৰা যোজনা ( ২০০৯), নৱ দম্পতীৰ যৌন শিক্ষা আৰু দাম্পত্য বিধান ( ২০০৯), তথ্য জনাৰ অধিকাৰ আইন( ২০০৯), অসম সাহিত্য সভাৰ বুৰঞ্জী ( ২০১০), অসমীয়া খণ্ডবাক্য আৰু প্ৰবাদ প্ৰবচন( ২০১৩), অসমৰ বাতৰি কাকত আলোচনীৰ ইতিহাস ( ২০১৪), অসমৰ সংসদীয় ৰাজনীতিৰ ইতিহাস ( ২০১৪), অসমীয়া নাটক অধ্যয়ন(২০১৪), শিক্ষকতাৰ আনন্দ ( ২০১৩), অসমীয়া সাহিত্য বৈচিত্ৰ্য (২০১৫), Makers of Assam ( ২০১৪), Freedom Fighters of Assam ( ২০১৪), Folk Culture of Assam ( ১৯৯৪), Jyoti Prasad Agarwal a( (২০১৭), Bhabendra Nath Saikia ( ২০১৭), আধুনিক সংক্ষিপ্ত অসম বুৰঞ্জী( ২০১৯), জ্যেষ্ঠ নাগৰিকৰ হাতপুথি(২০১৬), অসমৰ দেৱদাসী নৃত্যৰ ঐতিহ্য ( ২০১৭),ভাল বিদ্যালয়, ভাল শিক্ষক( ২০২২), সাংবাদিকতা আৰু অন্যান্য ( ২০২২), অধ্যয়ন বৈচিত্ৰ্য ( ২০২৩), কামৰূপৰ বিদ্যালয় সমূহৰ গুৰি কথা (২০২৩) আদি উল্লেখযোগ্য।

Paresh Baishya8 2

২০২২ চনত তেখেতৰ আত্মকথাৰ প্ৰথম খণ্ড” জীৱন অনুৰূপে” প্ৰকাশ পায়। তেখেতে ২০১৫ চনত প্ৰায় ত্ৰিশ হাজাৰৰো অধিক শব্দ সন্নিৱিষ্ট থকা ” অসমীয়া আধুনিক অভিধান” উপৰিও ” Learner’s Assamese English Dictionary ( ২০১৬) ৰচনা কৰে। তেখেতৰ সাহিত্য কৃতিৰ বাবে সাহিত্য অকাডেমিয়ে প্ৰকাশ কৰা সৰ্বভাৰতীয় লেখকৰ জীৱন- পঞ্জীতো বৈশ্যৰ জীৱন পঞ্জী প্ৰকাশ পাইছে। আনকি তেখেতে সাহিত্য অকাডেমিৰ গুৰুত্বপূৰ্ণ কামতো অংশ গ্ৰহণ কৰাৰ সুযোগ লাভ কৰিছে।

শিক্ষা সাহিত্য আৰু সমাজ সেৱাৰ উপৰিও সাংবাদিকতাৰ ক্ষেত্ৰখনলৈও বৈশ্যই বৰ্ণাঢ্য অৱদান আগবঢ়াইছে। ছাত্ৰাৱস্থাতেই সুদত টকা ধাৰে লৈ ” যুগধ্বনি” নামৰ সাহিত্য আলোচনী সম্পাদনা কৰা বৈশ্যই নিজৰ গাঁঠিৰ ধন ভাঙি দুই পৃষ্ঠাৰ পষেকীয়া ” হাজোৰ বাতৰি” খন পচিশ বছৰ উলিয়াই এক নজিৰ সৃষ্টি কৰিছে। অধুনালুপ্ত এই কাকতখনৰ সকলোবোৰ সংখ্যা কলকতাৰ ৰাষ্ট্ৰীয় পুথিভঁৰালে ডিজিটেল আৰ্কাইভত দুষ্প্ৰাপ্য কাকত হিচাপে সংৰক্ষণ কৰিছে।

বৈশ্যই হাজোৰ বাতৰিৰ পচিশ বছৰ কাল প্ৰতিষ্ঠাপক মুখ্য সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ উপৰিও গুৱাহাটী পৰা প্ৰকাশিত “আজিৰ সংবাদ” ( ১৯৯৩-৯৪) নামৰ অসমীয়া দৈনিক কাকতখনৰো প্ৰতিষ্ঠাপক সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। অসমীয়া দৈনিক বাতৰি কাকতৰ সম্পাদকৰ পদ অলংকৃত কৰা বৈশ্য হ’ল সম্ভৱতঃ নামনি অসমৰ প্ৰথমজন ব্যক্তি।

ইয়াৰ পূৰ্বে বৈশ্য ই মহাজাতি, সংহতি, পূৰ্বাঞ্চল বাতৰি, নতুন দৈনিক (১৯৮৮-১৯৯১), আজিৰ বাতৰি(১৯৯৩), আছাম ট্ৰিবিউন ( ১৯৯০-১৯৯৯), ৰংপুৰ(১৯৯২-৯৪) ত সংবাদদাতা হিচাপে সেৱা আগবঢ়াইছিল। আসাম ট্ৰিবিউনত হাজোৰ পৰা সাংবাদিকতা কৰা বৈশ্য হ’ল প্ৰথমজন সাংবাদিক।

Paresh Baishya8 3

তেখেত উত্তৰ পূৰ্বাঞ্চল মফচলীয় সাংবাদিক সন্থাৰ প্ৰতিষ্ঠাপক সম্পাদক (১৯৮৯), কামৰূপ জিলা সাংবাদিক সন্থাৰ সভাপতি আৰু তিনিটা কাৰ্যকাল উক্ত সংগঠনৰ সম্পাদক আৰু শৰাইঘাট জাৰ্ণেলিষ্ট ফৰামৰ ২০০৫ চনৰ পৰা বৰ্তমানলৈকে সভাপতিৰ পদ অলংকৃত কৰে। তেখেতৰ অসমৰ আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাকত- আলোচনীত কেবা শতাধিক নিবন্ধ প্ৰকাশ পাইছে আৰু তেখেতে বহু সংখ্যক আলোচনী, স্মৃতিগ্ৰন্থ আদি সম্পাদনা কৰিছে।

সমাজলৈ আগবঢ়োৱা বিশিষ্ট বৰঙণিৰ বাবে তেখেতে নবীন সূৰ্য বঁটা (১৯৯০), কমলা শইকীয়া বঁটা (১৯৯৪), ভাৰত উৎকৰ্ষ বঁটা ( ২০০৩), ৰমেন মেধি সোঁৱৰণী বঁটা (২০০৫), কবি ৰাম সৰস্বতী সাহিত্য বঁটা (২০১০),শিক্ষা গৌৰৱ বঁটা (২০১২), শ্ৰেষ্ঠ অধ্যক্ষ বঁটা (২০১৮) লাভ কৰিছে।

তেখেত অসমৰ কেবাটাও আগশাৰীৰ সামাজিক অনুষ্ঠান যেনে অসম সাহিত্য সভা, অসম ভাষা বিজ্ঞান সমিতি, কাজিৰঙা ৱাইল্ড লাইফ চোছাইটী, অসম বিজ্ঞান সমিতি, মধুপুৰ সত্ৰ আৰু অসম গণিত শিক্ষায়তনৰ আজীৱন সভ্য। অসমত তথ্য জনাৰ অধিকাৰ আইনক অসমৰ জনসাধাৰণৰ মাজত জনপ্ৰিয়কৰণতো বৈশ্যৰ অৱদান উল্লেখযোগ্য।

তেখেতৰ একক প্ৰচেষ্টাত উদযাপিত হৈছিল ‘সহস্ৰাব্দৰ হাজো’ আৰু ” হাজোত আধুনিক শিক্ষাৰ ডেৰশ বছৰীয়া জয়ন্তী”নামৰ দুটা অনন্য অনুষ্ঠান।অসমৰ ব্লক পৰ্যায়ত বিজ্ঞান কেন্দ্ৰ স্থাপন, দশম শ্ৰেণীৰ পাঠ্যক্ৰমৰ ভিত্তিত হাইস্কুল শিক্ষান্ত পৰীক্ষা পতা, মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৰেংক বিলুপ্তিৰ বাবে জনমত গঠনতো বৈশ্যৰ অৱদান উল্লেখযোগ্য।

তেখেতে ছপা মাধ্যমৰ উপৰিও আকাশবাণী, দূৰদৰ্শন আৰু বিভিন্ন চেটেলাইট চেনেলত আলোচনা বা বিতৰ্ক আদিত ভাগ লৈ অসমৰ শৈক্ষিক আৰু আৰ্থ -সামাজিক ক্ষেত্ৰখনলৈ পথ নিৰ্দেশনা দিয়াতো বৰঙণি যোগাইছে।

বৈশ্যই সদায় লোকক স্বীকৃতি দি বিমল আনন্দ পায়। প্ৰবীণ সাংবাদিক ৰাধিকামোহন ভাগৱতীয়ে ‘ দেশ হিতৈষী’ অভিধাৰে বিভূষিত কৰা তথা শৰাইঘাট জাৰ্ণেলিষ্ট ফৰামৰ জৰিয়তে ঐতিহাসিক আলাবৈ ৰণক বিশ্বৰ দৰবাৰলৈ উলিয়াই অনা এই গৰাকী ব্যক্তিৰ বৰ্ণাঢ্য জীৱন আমাৰ বহুতৰ বাবে সদায় প্ৰেৰণাৰ উৎস হৈ থাকিব।

Paresh Baishya5 2
পৰেশ বৈশ্য

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Editor

Editor

Related Posts

Politics of ethnicity and Sub-Nationalism of North East India
Politics

Politics of ethnicity and Sub-Nationalism of North East India

by Editor
August 10, 2026
0

Politics of ethnicity and Sub-Nationalism of North East India Anjashi Sarkar  A two part study comprising the initial stage of...

Read moreDetails
Food Safety in India: Why Stronger Standards Should Protect Indians Before Exports

Food Safety in India: Why Stronger Standards Should Protect Indians Before Exports

August 6, 2026
The Great Indian Obsession – Government Jobs

The Great Indian Obsession – Government Jobs

August 1, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

July 29, 2026
How India’s ‘Cockroach’ Movement Reclaimed Democracy

How India’s ‘Cockroach’ Movement Reclaimed Democracy

July 26, 2026
Youth-led Protest, Resilience and Humanity

Youth-led Protest, Resilience and Humanity

July 25, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Politics of ethnicity and Sub-Nationalism of North East India

Politics of ethnicity and Sub-Nationalism of North East India

August 10, 2026
When Ancient Wisdom Meets a Changing Climate: How Assam’s Indigenous Tribes Are Fighting the Battle ?

When Ancient Wisdom Meets a Changing Climate: How Assam’s Indigenous Tribes Are Fighting the Battle ?

August 9, 2026
Indigenous Leader in Jail on Indigenous Day: Pranab Doley Under NSA

Indigenous Leader in Jail on Indigenous Day: Pranab Doley Under NSA

August 9, 2026
Ajon Ukum: How Rekha and Ranjit Doley Are Preserving Mising Culture Through Community Tourism

Ajon Ukum: How Rekha and Ranjit Doley Are Preserving Mising Culture Through Community Tourism

August 9, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    39075 shares
    Share 15630 Tweet 9769
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18144 shares
    Share 7258 Tweet 4536
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    3316 shares
    Share 1326 Tweet 829
  • অসমৰ বানপানী আৰু গৰাখহনীয়া

    4158 shares
    Share 1663 Tweet 1040
  • From the Brahmaputra’s Wrath to Our Own: Assam’s Floods, 1988 to 2026

    129 shares
    Share 52 Tweet 32
  • Bhattadev University-Where Learning Met Purpose : ‘CLIMATE JUSTICE 101’ Internship Ends, A Responsibility Begins

    114 shares
    Share 46 Tweet 29
  • Adaptation Without Agency Is Not Resilience

    114 shares
    Share 46 Tweet 29
  • Mahabahu Mirror: A Bold New Chapter in Climate Journalism

    98 shares
    Share 39 Tweet 25
  • Cockroaches, Comedians, and Criminals

    97 shares
    Share 39 Tweet 24
  • How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

    92 shares
    Share 37 Tweet 23
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d