চিৰিয়াখানা
• অৰবিন্দ ৰাভা
ইৰাণৰ তেহৰাণৰ পৰা প্ৰকাশিত বাৰ্তা অনুসৰি চিৰিয়াখানাৰ এজন ৰক্ষীক বধ কৰি সঙ্গীক লৈ পলায়ন কৰিলে এজনী পূৰ্ণ বয়স্ক সিংহীয়ে। ২ ফেব্ৰুৱাৰী,২০২২ তাৰিখ বুধবাৰে সংঘটিত হোৱা সেই ঘটনাৰ পিছত ৰাতিপুৱাৰে পৰা ইৰাণৰ মাৰকাজি প্ৰদেশৰ আৰাক চহৰত সতৰ্কবাণী প্ৰচাৰ কৰা হৈছিল। দুপৰীয়াটো পাৰ হোৱাৰ পিছত আবেলিপৰত আৰাক চহৰৰ এক প্ৰান্তত সিংহ আৰু সিংহীৰ সন্ধান পোৱা যায়। চৰকাৰী ভাবে সন্ধিয়াপৰত ঘোষণা কৰা হয় যে দুয়োকে পিঞ্জৰাত বন্দী কৰা প্ৰয়াস সফল হৈছে।
বিগত চাৰি বছৰ পূৰ্বে ভাৰতৰ সৈতে বন্যপশু হস্তান্তৰৰ আইন মানি লৈ ইৰাণে আহমেদাবাদৰ চিৰিয়াখানাৰ পৰা এজনী সিংহী লৈ গৈছিল। সিংহীৰ বয়স তেতিয়া আছিল মাত্ৰ ৭ মাহ। ইৰাণৰ চিৰিয়াখানাত আগৰে পৰাই এটা সিংহ আছিল। সিংহটো সিংহীতকৈ মাত্ৰ দুমাহমান ডাঙৰ আছিল। যোৱা ছয়মাহমান ধৰি প্ৰজননৰ আশাত দুয়োকে ওচৰাওচৰিকৈ দুটা পিঞ্জৰাত ৰখা হৈছিল। সেয়াই আৰম্ভণি। সিংহীজনীয়ে কাষতে থকা সিংহটোৰ প্ৰেমত গদগদ্ হৈ পৰে। যোৱা বছৰ নৱেম্বৰ মাহত দুয়োকে একেটা পিঞ্জৰাত ৰখা হৈছিল আৰু দুয়ো অতি অন্তৰঙ্গভাৱে সযয় পাৰ কৰিছিল। কিন্তু পিঞ্জৰাত বন্দী হৈ থকা অৱস্থা কোনোমতেই মানি লব পৰা নাছিল সিংহীয়ে। শান্ত স্বভাৱৰ সিংহটোক বিভিন্ন ধৰণে উত্তেজিত কৰি গৈছিল সিংহীয়ে। তাতে আকৌ সিংহীজনীৰ টোপনিও অতি কম। গতিকে তৰ্জন গৰ্জনৰে সকলোকে ব্যতিব্যস্ত কৰিবলৈ ধৰিছিল বাবে পিঞ্জৰাৰ ওচৰত বিশেষভাৱে অতিৰিক্ত পহৰাৰ ব্যৱস্থা কৰা হৈছিল।
যোৱা সোমবাৰে, অৰ্থাৎ ৩১ জানুৱাৰী তাৰিখে মাজনিশা হঠাৎ গৰালৰ দুৱাৰ মুকলি কৰি সিংহীজনী ওলাই আহে আৰু তাকে দেখি দায়িত্ববাহী ৰক্ষীয়ে ট্ৰেংকুলাইজাৰৰ দ্বাৰা অচেতন কৰিবলৈ উদ্যত হোৱাৰ সময়তেই ৰক্ষীজনৰ ওপৰত জপিয়াই পৰে সিংহী। ঘটনাস্থলতেই মৃত্যু হয় ৰক্ষীজনৰ। চি.চি. টিভিৰ ফুটেজত দেখা গৈছে যে ৰক্ষীজনৰ ওপৰত আক্ৰমণ চলোৱা সময়লৈকে সিংহটো গৰালৰ পৰা ওলোৱা নাছিল। ৰক্ষীজনক বধ কৰাৰ পিছত সিংহীয়ে পুনৰ গৰালত প্ৰৱেশ কৰি সিংহটোক লগত লৈ পুনৰ বাহিৰলৈ ওলাই আহে। তাৰপিছত গৰালৰ সন্মুখত কিছুসময় ভীষণ তৰ্জন গৰ্জনৰে মুকলি আকাশৰ তলত এক ভয়াবহ পৰিৱেশৰ সৃষ্টি কৰি সিংহটোৰ সৈতে কিছু সময় অতি অন্তৰঙ্গভাৱে অতিবাহিত কৰে। তাৰপিছত দুয়ো নিৰুদ্দেশ হৈ পৰে। চি.চি. টিভিত একো নাই!
ৰাতিপুৱাই আৰাকৰ স্বয়ং ৰাজ্যপাল আমিৰ হাদিয়ে চহৰৰ বাসিন্দা সকলৰ উদ্দেশ্যে টেলিভিছনৰ দ্বাৰা সতৰ্কবাণী প্ৰচাৰ কৰে। তেওঁ কয় যে, ‘ প্ৰয়োজন নাথাকিলে আজি কোনেও ঘৰৰ পৰা বাহিৰলৈ ওলাই যাব নালাগে। আমাৰ বনকৰ্মী আৰু পুলিচে নিৰুদ্দেশ হোৱা সিংহ আৰু সিংহীৰ সন্ধান কৰি আছে। আশাকৰো দুয়োকে সুস্থ অৱস্থাত ধৰা পেলাব পৰা সম্ভৱ হ’ব।’ ৰাজ্যপালৰ ভাষণৰ পিছতেই সকলো বিদ্যালয়, মহাবিদ্যালয়, কৰ্মক্ষেত্ৰ বন্ধ কৰি দিয়া হয়। আতংকময় পৰিৱেশ বিৰাজ কৰে সমগ্ৰ চহৰখনত। কাৰণ, ইতিমধ্যে এজনক হত্যা কৰা সিংহী ভয়ানক হৈ পৰিব পাৰে। যিকোনো সময়তে পুনৰ অইন মানুহৰ প্ৰাণ কাঢ়িব পাৰে।

অৱশেষত চহৰৰ এক সীমান্তত দুয়োৰে সন্ধান পোৱা যায়। পশুৰাজৰ সৈতে তেতিয়া প্ৰেমত মত্ত হৈ আছিল ভাৰতৰ পৰা যোৱা সিংহীজনী। কিন্তু সেইসময়ত ট্ৰেংকুলাইজাৰ প্ৰয়োগ কৰি অচেতন কৰিবলৈ নিবিচাৰিলে বনকৰ্মীসকলে, কাৰণ সঙ্গমৰ সময়ত কোনো পশুক বিৰক্ত কৰিলে হিতে বিপৰীত হ’ব পাৰে বুলি তেওঁলোকে অভিজ্ঞতাৰ পৰা জানে। উপযুক্ত সময়ৰ অপেক্ষা কৰিছিল বনকৰ্মীসকলে। সময় পাৰ হোৱাৰ পিছত যেতিয়া পশুৰাজে প্ৰেমিকাক এৰি দি বিশ্ৰাম লৈছিল, তেতিয়াই আকাশপথৰ পৰা হেলিকপ্তাৰৰ সহায়ত জাল পেলাই দুয়োকে বন্দী কৰি চিৰিয়াখানাৰ চিকিৎসালয়লৈ লৈ অহা হয় আৰু প্ৰাথমিক পৰীক্ষা কৰি দুয়োকে সুস্থ বুলি জনোৱাৰ পিছত পুনৰ গৰালত বন্দী কৰা হয়।