চিৰ চেনেহী মোৰ ভাষা জননী– মাধ্যম আন্দোলন আৰু শ্বহীদ অনিল বৰা
যুগান্ত বায়ন

(৭ অক্টোবৰত শ্বহীদ অনিল বৰাৰ মৃত্যু বাৰ্ষিকী উপলক্ষ্যে)
১৯৭২ চনৰ জুন মাহৰ পৰা ১৯৭৩ৰ জানুৱাৰীলৈ অসমৰ ভৌগলিক চাৰিসীমাৰ ভিতৰত অসমীয়া ভাষাকে উচ্চশিক্ষাৰ একমাত্ৰ মাধ্যম হিচাপে স্বীকৃতি দিয়াৰ দাবীত চলা “ভাষিক তথা মাধ্যম আন্দোলন” অসমৰ জাতীয় সংগ্ৰামৰ এক কৰুণ অধ্যায়।
এই আন্দোলনৰ নেতৃত্ব দিছিল সদৌ অসম ছাত্ৰ সন্থা, গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰসন্থা আৰু গুৱাহাটী বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় ছাত্ৰ সন্থাই।

১৯৪৮-৪৯ চনতে বিশ্ববিদ্যালয় শৈক্ষিক পৰিষদে ত্ৰি-ভাষা নীতিৰ বাবে প্ৰথম পৰামৰ্শ আগবঢ়াইছিল। ১৯৬৪-৬৬ চনত শৈক্ষিক পৰিষদে সংশোধিত আৰু পৰিবৰ্দ্ধিত ত্ৰি-ভাষাৰ পৰামৰ্শ প্ৰদান কৰে। কিন্তু কিছু বিতৰ্কৰ অন্তত ১৯৬৮ চনত ভাৰতীয় সংসদত মূল ত্ৰি-ভাষা সূত্ৰ গৃহীত হয়। অন্যান্য ৰাজ্যবোৰৰ লগত অসমতো ত্ৰি-ভাষা সূত্ৰ কাৰ্যকৰী কৰা হয়।
অনা-হিন্দীভাষী ৰাজ্যবোৰৰ ক্ষেত্ৰত এই ত্ৰি-ভাষাত অন্তৰ্ভুক্ত হৈছিল- সংশ্লিষ্ট ৰাজ্যখনৰ মূল আঞ্চলিক ভাষাটোৰ লগতে হিন্দী আৰু ইংৰাজী। উচ্চশিক্ষাৰ মাধ্যমৰ ক্ষেত্ৰত গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়েও ত্ৰি-ভাষা সূত্ৰ গ্ৰহণ কৰে যদিও ১৯৭২ চনৰ ৬ জুনত গুৱাহাটী বিশ্ববিদ্যালয় শৈক্ষিক পৰিষদে সিদ্ধান্ত লয় যে, শিক্ষাৰ মাধ্যম ইংৰাজী আৰু অসমীয়াই থাকিব, কিন্তু প্ৰশ্নকাকততৰ উত্তৰ এই দুটা ভাষাৰ উপৰিও বঙালীতো লিখিব পাৰিব।
কিন্তু গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰসন্থাই শৈক্ষিক পৰিষদে গ্ৰহণ কৰা এই সিদ্ধান্ত বিৰোধিতা কৰি। ছাত্ৰ সন্থাৰ বিৰোধিতাৰ ফলত ১২ জুনত শৈক্ষিক পৰিষদে এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হয়।
অসম চৰকাৰে গুৱাহাটী বিশ্ববিদ্যালয় শৈক্ষিক পৰিষদৰ ১২ জুনৰ সিদ্ধান্তক সমৰ্থন কৰিবলৈ অস্বীকাৰ কৰে। এই সিদ্ধান্তৰ বিৰুদ্ধে বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যাকাৰো বঙালীভাষী লোকসকলেও বিৰোধিতা কৰে। ১৩ ছেপ্তেম্বৰত অসম বিধান সভাই প্ৰস্তাৱ গ্ৰহণ কৰে যে, ব্ৰহ্মপুত্ৰ উপত্যকাত অসমীয়া ভাষাই উচ্চশিক্ষাৰ মাধ্যম হ’ব, কিন্তু বৰাকৰ বাবে এখন সুকীয়া বিশ্ববিদ্যালয় স্থাপন কৰা হ’ব।
চৰকাৰৰ এই প্ৰস্তাৱৰ আঁৰৰ উদ্দেশ্য আছিল বৰাকত বঙালী ভাষাক উচ্চশিক্ষাৰ মাধ্যম হিচাপে প্ৰতিষ্ঠা কৰা। অসম বিধান সভাত গৃহীত প্ৰস্তাৱৰ বিৰোধিতা কৰি সদৌ অসম ছাত্ৰ সন্থাই ৫ অক্টোবৰত অসম বন্ধৰ আহ্বান জনায়৷ ব্ৰহ্মপুত্ৰ উপত্যাকাত বন্ধ সৰ্বাত্মক ৰূপত পালন কৰা হয়।
খাৰুপেটীয়াৰ কিছু হিন্দু বঙালীভাষী ব্যৱসায়ীয়ে বন্ধ পালন নকৰাৰ খবৰ পোৱাত মঙলদৈৰ পৰা এটা চেমনীয়া স্বেচ্ছাসেৱকৰ দলে এখন খোলা ট্ৰাকত উঠি খাৰুপেটীয়ালৈ যাত্ৰা কৰে। ছাত্ৰৰ দলটো গৈ পোৱাৰ পিছত তাত পূৰ্বৰে পৰা সস্তম হৈ থকা দুৰ্বৃত্তৰ দলে চোকা অস্ত্ৰ-শস্ত্ৰ, শিল-ইটাৰে আক্ৰমণ কৰাত স্বেচ্ছাসেৱকৰ দলটো চেদেলি-ভেদেলি হৈ পৰে। মোজাম্মিল হক নামৰ এজন অষ্টম শ্ৰেণীত পঢ়ি থকা ছাত্ৰ গুৰুতৰভাৱে আহত হোৱাত তেওঁক হাস্পাতালত ভৰ্তি কৰোঁৱা হয়।
পিছদিনা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত তেওঁৰ মৃত্যু হয়। ইফালে হোজাইত বন্ধ পালনৰ তদাৰক কৰিবলৈ যাওঁতে সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক অনিল বৰাক কোনো অচিনাক্ত দুৰ্বৃত্তই হত্যা কৰে।
মৃত্যুৰ তিনি-চাৰিদিন পিছত হোজাইৰ নীলবাগান অঞ্চলত পুতি থোৱা অৱস্থাত তেওঁৰ মৃতদেহ উদ্ধাৰ হয়। মাতৃ ভাষা মাধ্যম প্ৰতিষ্ঠাৰ কাৰণে হোৱা আন্দোলনত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা অনিল বৰাই ১৭ অক্টোবৰত গুৰুজনাৰ জন্মোৎসৱ উপলক্ষ্যে পলাশনিত আয়োজন কৰা ভাওনাত ভাও ল’বলৈ ওলাই যোৱা অনিল বৰাৰ সঁচাকৈয়ে ১৭ অক্টোবৰত হোজাইৰ ডিমৰু নদীৰ পাৰত বিচাৰি পোৱা গ’ল তেওঁৰ নিথৰ দেহ।
মাতৃ ভাষা মাধ্যমৰ বাবে শ্বহীদ হোৱা অনিল বৰাৰ মুৰটো কিন্তু আজিও নোলাল। নোলাল অনিল বৰাক হত্যা কৰা কোনো দুৰ্বৃত্তৰ সন্ধান।

আন্দোলনটোত মোজাম্মিল হক, অনিল বৰা আৰু নৰেন মহন্ত- তিনিজনকৈ লোক শ্বহীদ হোৱাৰ উপৰিও সমগ্ৰ অসমতে সাম্প্ৰদায়িক হিংসাত ত্ৰিশজনৰো অধিক লোকৰ প্ৰাণহানি হয়। চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে যদিও সাম্প্ৰদায়িক হিংসা থমকি নৰল। সেয়েহে অসম চৰকাৰ আছুৰ সৈতে আলোচনা কৰিবলৈ তৎপৰ হৈ পৰে। কিন্তু আছুৰ পৰা জনাই দিয়া হয় যে আলোচনা কৰিবলৈ একো নাই, মাথো ২৩ ছেপ্তেম্বৰত বিধানসভাত গ্ৰহণ কৰা প্ৰস্তাৱ প্ৰত্যাহাৰ কৰিলেই হ’ল। শেহত ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী মধ্যস্থতা কৰিবলৈ আগবাঢ়ি আহে।
১০ জানুৱাৰী ১৯৭৩ৰ দিনা শ্বিলঙৰ ৰাজভৱনত আছুৰ এটা ৮জনীয়া প্ৰতিনিধি দলৰ সৈতে ইন্দিৰা গান্ধীৰ দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত অসম চৰকাৰৰ কোনো প্ৰতিনিধি উপস্থিত নাছিল। আছুৰ প্ৰতিনিধি দলটোত আছিল- সম্পাদক প্ৰসন্ন নাৰায়ণ চৌধুৰী, অমৰেন্দ্ৰ শৰ্মা, সুশান্তধৰ ৰাজখোৱা, কৃষ্ণগোপাল ভট্টাচাৰ্য আৰু আন চাৰিজন। গান্ধীয়ে আছুৰ দাবী মানি লোৱাৰ আশ্বাস দিলে।
পিছদিনা ১১ জানুৱাৰীত চৰকাৰী প্ৰেছ টোকাত ঘোষণা কৰা হয় যে, ২৩ ছেপ্তেম্বৰত অসম বিধান সভাই লোৱা প্ৰস্তাৱ প্ৰত্যাহাৰ কৰা হ’ব। সেই বছৰৰে মাৰ্চ মাহত অনুষ্ঠিত হোৱা অসম বিধান সভাৰ বাজেট অধিৱেশনত ২৩ ছেপ্টেম্বৰত বিধান সভাই গ্ৰহণ কৰা প্ৰস্তাৱ প্ৰত্যাহাৰ কৰা হয়।
এই মাধ্যম আন্দোলনৰ অনিল বৰা আছিল এগৰাকী ছাত্ৰ যুৱনেতা আৰু আন্দোলনটোত তেওঁ প্ৰাণ আহুতি দি শ্বহীদ বৰণ কৰিছিল। জাতীয়তাবাদী ভাৱধাৰাৰে কম বয়সতে প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদ অনিল বৰা সম্পৰ্কত “আমাৰ প্ৰতিনিধি”ত সুধাকণ্ঠ ড⁰ ভূপেন হাজৰিকাই লিখিছিল, “শ্বহীদ অনিল বৰা পলাশনিৰ সবাতোকৈ ৰঙা পলাশ ফুল এপাহ আছিল,- যাৰ ৰহণে আমাৰ ভাষা আকাশত প্ৰভাতৰ ৰং সানিছে, সানি থাকিব লুইত বৈ থকা মানে, – ক’তা, অসমৰ বাহিৰৰ এখন ৰাজ্যৰ কোনোবা বাতৰি কাকতে কোৱাৰ দৰে “ডকাইত’’তো নেদেখিলোঁ- পলাশনি গাঁৱত৷’’
নগাঁৱ চহৰৰ নিকটৱৰ্তী পলাশনি নামৰ গাঁৱত জন্ম গ্ৰহণ কৰা অনিল বৰাৰ পিতৃৰ নাম আছিল চন্দ্ৰ চৰণ বৰা আৰু মাতৃৰ নাম মাণিকী বৰা৷ তেখেতেৰ পিতৃ-মাতৃ আছিল প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী। দেউতাক চন্দ্ৰ চৰণ বৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হৈছিল৷ অনিল বৰাৰ পিতৃয়ে ছাত্ৰৱস্থাৰ পৰাই মহাত্মা গান্ধীৰ অনুগামী হৈ স্বাধীনতা আন্দোলনৰ সংগ্ৰামী হৈছিল আৰু সুদীৰ্ঘ তিনিবছৰ কাৰাবৰণ কৰিছিল৷
১৯৫৬ চনত অনিল বৰাই কৰৈয়নী প্ৰাথমিক বিদ্যালয়ত নাম ভৰ্তি কৰে আৰু ১৯৬০ চনত সেই বিদ্যালয়ৰ পৰাই চতুৰ্থ শ্ৰেণীৰ বৃত্তি পৰীক্ষাত উত্তীৰ্ণ হৈ বৃত্তি লাভ কৰে৷ তাৰপিছত তেওঁ কৰৈয়নী হাইস্কুলত ১৯৬৪ চনলৈ পঢ়ি পিছত নগাঁও চৰকাৰী বালক বিদ্যালয়ত নাম ভৰ্তি কৰে আৰু তাৰপৰাই বিজ্ঞান বিভাগত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈ নগাঁও মহাবিদ্যালয়ত প্ৰাণীবিজ্ঞানত অনাৰ্ছ লৈ স্নাতক মহলাত নামভৰ্তি কৰে৷
মহাবিদ্যালয়ত প্ৰৱেশ কৰিয়েই ১৯৭১-৭২ বৰ্ষৰ বাবে তেওঁ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদকৰূপে নিৰ্বাচিত হয়৷
আজি ৭ অক্টোবৰ ২০২৪ শ্বহীদ অনিল বৰাৰ ৫২তম্ মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাৰে সোৱৰণ কৰাৰ লগতে তেওঁ অসমীয়া ভাষাৰ ৰক্ষাৰ বাবে সি লক্ষ্য আগত ৰাখি মৃত্যু বৰণ কৰিছিল সেই লক্ষ্যত যাতে আমি উপনীত হ’ব পাৰোঁ তাৰবাবে ব্যৱস্থা গ্ৰহণ কৰাটোয়ে হ’ব শ্বহীদগৰাকী লৈ সন্মান জনোৱাৰ একমাত্ৰ পথ।

07-10-2024
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.