• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, January 18, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Environment

চীনত কোটি কোটি ঘনচিৰিকা হত্যা কৰাটো ভুল আছিলঃ জিনপিং

দিলীপ দৈমাৰী

by Anjan Sarma
July 13, 2022
in Environment, food, History, Nature
Reading Time: 4 mins read
0
selective focus of two birds on concrete beam

Photo by Tejas Prajapati on Pexels.com

Share on FacebookShare on TwitterShare on LinkedIn

ঘনচিৰিকা হত্যা

দিলীপ দৈমাৰী

দ্যা গ্ৰেট স্পেৰো কেম্পেইন-অৰ বাবেই চীনত হৈছিল ভয়ংকৰ দুৰ্ভিক্ষ দ্যা গ্ৰেট চাইনিজ ফেমাইন!

১৯৫৮ চনৰ কথা।

RelatedPosts

“দ্যা গ্ৰেজুৱেট”ৰ পৰা বিশ্বব্যাপী সংকটলৈ: প্লাষ্টিক আৰু বিশ্ব পৰিৱেশ দিৱস

“দ্যা গ্ৰেজুৱেট”ৰ পৰা বিশ্বব্যাপী সংকটলৈ: প্লাষ্টিক আৰু বিশ্ব পৰিৱেশ দিৱস

January 17, 2026
Beyond Decarbonization: Why India Needs a Two-Track Climate Strategy

Can we really Carbon Offset our way to Climate Safety, or is it just Greenwashing?

January 17, 2026
Green Milestone: G.L. Choudhury College Joins Green Campus Programme

Green Milestone: G.L. Choudhury College Joins Green Campus Programme

January 16, 2026

চীনত খাদ্য-শস্যৰ অনাটন হোৱা সম্ভেদ লভি সমগ্ৰ চীনত এক সমীক্ষা চলাবলৈ হুকুম জাৰি কৰিছিল সেইসময়ৰ সৰ্বেসৰ্বা মাও চে তুঙে(পিচলৈ ‘মাও জে দং’)।

তাৰপিছত সমগ্ৰ অঞ্চলৰ পৰা প্ৰতিবেদনবোৰ আহি মাওৰ মেজত জমা হোৱাৰ পিছত এয়া গম পোৱা গ’ল যে খাদ্য-শস্যৰ অনাটনৰ বাবে মূলতঃ প্ৰধান দোষী হৈছে ঘনচিৰিকা; আৰু কিছু পৰিমাণে মহ, মাখি, এন্দুৰ আদিও। 

গতিকে সমস্যাৰ সমাধান কৰিবলৈ চীনৰ সমস্ত ঘনচিৰিকাক মাৰি পেলাবলৈ স্বয়ং মাও চে তুঙে কঠোৰ আদেশ জাৰি কৰিলে। ঘোষণা কৰা হ’ল, বিশেষকৈ অতি শীঘ্ৰে চীনৰ পৰা সকলো ঘনচিৰিকা নিঃশ্চিহ্ন কৰি পেলাব লাগে। কাৰণ, অইনবোৰতকৈ ঘনচিৰিকা বহু ভয়ংকৰ শত্ৰু – খাদ্য-শস্যৰ বাবে। অপাৰেশ্যনৰ নামাকৰণ কৰা হ’ল – ‘ দ্যা গ্ৰেট স্পেৰো কেম্পেইন‘! 

কিন্তু ৯৫৯৬৯৬০ বৰ্গকিলোমিটাৰ ( ৯.৫৯৭ নিযুত বৰ্গ কিলোমিটাৰ)ৰ বিশাল চীনত কিদৰে ‘অতি শীঘ্ৰে‘ কোটি কোটি ঘনচিৰিকাক হত্যা কৰা যায়! গতিকে বিদগ্ধ পণ্ডিত, বিশাৰদ আদিক মাও চে তুঙে মাতি পঠিয়ালে। তেতিয়া মাও চে তুং মানে যেন আকাশত জিলিকি থকা মহাশক্তিমান সূৰ্য, কাৰো লগত তুলনা নহয়। তেওঁ যি ভাবে, সেয়াই সত্য! গতিকে পন্ডিত, গৱেষকসকলে ( এতিয়াৰ ‘উপদেষ্টা’ সকলৰ দৰে) গৱেষণা আৰম্ভ কৰিলে – কিদৰে ঘনচিৰিকাক হত্যা কৰিব পৰা যায়! 

 চীনত কোটি কোটি ঘনচিৰিকা হত্যা কৰাটো ভুল আছিলঃ জিনপিং
মাও চে তুং

সেই গৱেষণাত লিপ্ত কিছুমান ‘মহাজ্ঞানী গৱেষক’ তথা পশু- চিকিৎসকে এক অদ্ভুত উপায় আৱিষ্কাৰ কৰিলে। সেই আৱিষ্কাৰ মাও চে তুঙৰ পছন্দ হ’ল ( মোগাম্বো খুচ্ হুৱা)! মাওৰ মুখত হাঁহি বিৰিঙি উঠিল। গতিকে আৰু কোনে পায়! আদেশ জাৰি হ’ল, আৰু ‘আৱিষ্কাৰ’ অনুসৰি হাতত থাল, কাঁহী, বাতি, কৰচ, খন্তি, টিলিঙা, পেঁপা, ঘন্টা আদি লৈ কোটি কোটি মানুহ বাহিৰলৈ ওলাই আহিল তথা ঘনচিৰিকা দেখা পালেই প্ৰচন্ড শব্দৰে বজাবলৈ ধৰিলে ( আমাৰ ইয়াত কৰ’নাৰ সময়ত বজোৱাৰ দৰেই)! 

সেই ভয়াবহ বিকট শব্দত আতংকিত হৈ ঘনচিৰিকাবোৰে দিকভ্ৰষ্ট হৈ এপিনৰ পৰা অইনপিনে ধৰফৰাই উৰিবলৈ ধৰিলে। ঘনচিৰিকাক হত্যা কৰিবলৈ সমগ্ৰ চীনত অঘোষিত যুদ্ধ আৰম্ভ কৰা হ’ল। স্কুল, কলেজৰ ছাত্ৰৰ পৰা চৰকাৰী কৰ্মচাৰী, কাৰখানাৰ শ্ৰমিক, কমিউনিষ্ট পাৰ্টিৰ নেতা- সদস্য, কৃষক, আনকি ‘পিপল’চ লিবাৰেশ্যন আৰ্মি’ – সকলোৱে নামি পৰিল যুদ্ধত। ঘনচিৰিকাক হত্যা কৰা মহাযুদ্ধত।

 চীনত কোটি কোটি ঘনচিৰিকা হত্যা কৰাটো ভুল আছিলঃ জিনপিং
চীনৰ সমস্ত ঘনচিৰিকাক মাৰি পেলাবলৈ স্বয়ং মাও চে তুঙে কঠোৰ আদেশ জাৰি কৰিলে

মূলতঃ কমবয়সীয়া ল’ৰা-ছোৱালীবোৰে জাল পাতি, চিটিকা পাতি, টোপ দি, গুলটি মাৰি ঘনচিৰিকাক হত্যা কৰিবলৈ ধৰিলে। কোনোবাই আকৌ খাদ্যত বিষ মিহলাই ঘনচিৰিকা হত্যা কৰিবলৈ ধৰিলে। কিছুমানে পহৰা দি থাকিল যাতে ঘনচিৰিকাই এটাও দানা ঠোঁটত তুলিব নোৱাৰে। কিছুমানে ঘনচিৰিকাৰ বাহ ধ্বংস কৰাত লাগিল আৰু ঘনচিৰিকাৰ কণীবোৰ নষ্ট কৰিবলৈ ধৰিলে। লক্ষ লক্ষ ঘনচিৰিকা প্ৰতিদিনে মৰিবলৈ ধৰিলে। চীনৰ বোৱাৰী- জীয়ৰী সকলে হাতত থাল, বাতি, কাঁহী, ঘন্টা, টিলিঙা আদি লৈ বাহিৰলৈ ওলাই আহি ঘনচিৰিকা দেখা পালেই বজাবলৈ ধৰিলে। সেই বিকট শব্দত বেচেৰা ঘনচিৰিকাবোৰৰ হৃদপিণ্ড স্তব্ধ হৈ মৰিবলৈ ধৰিলে। 

“চীনাসকলৰ ভয়ত প্ৰাণ ৰক্ষা কৰিবলৈ বহুত ঘনচিৰিকাই হেনো পিকিঙ( বেইজিং)ত থকা পোলেণ্ডৰ দূতাবাসত আশ্ৰয় লৈছিল। চীনৰ চৰকাৰৰ অনুৰোধ স্বত্বেও কেৱল মানৱীয়তাৰ তাগিদাত পোলেণ্ডৰ দূতাবাসৰ কৰ্তৃপক্ষই দূতাবাসৰ ভিতৰলৈ এজনো ঘনচিৰিকা- চিকাৰীক সোমাবলৈ নিদিলে। পোলেণ্ডৰ দূতাবাসৰ কৰ্তৃপক্ষৰ তেনে মনোভাবত প্ৰচন্ড ক্ষুব্ধ হৈ দূতাবাসৰ বাহিৰত হাজাৰ হাজাৰ চীনা লোকে একেলগে তাল মিলাই মিলাই দিনে-নিশাই থাল, বাটি, কাঁহী, ঘন্টা, ড্ৰাম ইত্যাদি বজাবলৈ ধৰিলে। একেৰাহে পাল পাতি পাতি দুদিন বজোৱাৰ পিছত হৃদপিণ্ডত আঘাত পাই প্ৰচুৰ ঘনচিৰিকা মৃত্যুৰ মুখত পৰে।”

এই ঘটনাৰ ৬ মাহ পিছত, ১৯৫৮ চনৰ ১৩ ডিচেম্বৰ তাৰিখে চীনৰ সকলো দৈনিক বাতৰি-কাকতৰ প্ৰথম পৃষ্ঠাত এই নিধনযজ্ঞৰ বাতৰি ডাঙৰ ডাঙৰ হৰফৰে প্ৰকাশ পাইছিল। সেই সূত্ৰে জনা গৈছিল যে নিধনযজ্ঞত হত্যা কৰা হৈছিল ৬৫ কোটি ঘনচিৰিকা!! 

 চীনত কোটি কোটি ঘনচিৰিকা হত্যা কৰাটো ভুল আছিলঃ জিনপিং
নিধনযজ্ঞ

এই কথাও শুনা যায় যে আক্ৰমণাত্মক চীনাসকলৰ ভয়ত প্ৰাণ ৰক্ষা কৰিবলৈ বহুত ঘনচিৰিকাই হেনো পিকিঙ( বেইজিং)ত থকা পোলেণ্ডৰ দূতাবাসত আশ্ৰয় লৈছিল। চীনৰ চৰকাৰৰ অনুৰোধ স্বত্বেও কেৱল মানৱীয়তাৰ তাগিদাত পোলেণ্ডৰ দূতাবাসৰ কৰ্তৃপক্ষই দূতাবাসৰ ভিতৰলৈ এজনো ঘনচিৰিকা- চিকাৰীক সোমাবলৈ নিদিলে। পোলেণ্ডৰ দূতাবাসৰ কৰ্তৃপক্ষৰ তেনে মনোভাবত প্ৰচন্ড ক্ষুব্ধ হৈ দূতাবাসৰ বাহিৰত হাজাৰ হাজাৰ চীনা লোকে একেলগে তাল মিলাই মিলাই দিনে-নিশাই থাল, বাটি, কাঁহী, ঘন্টা, ড্ৰাম ইত্যাদি বজাবলৈ ধৰিলে। একেৰাহে পাল পাতি পাতি দুদিন বজোৱাৰ পিছত হৃদপিণ্ডত আঘাত পাই প্ৰচুৰ ঘনচিৰিকা মৃত্যুৰ মুখত পৰে। ঘনচিৰিকা আক্ৰমণকাৰী সকলো লেবেজান হৈ ঘৰলৈ উভতি যায়।

তেওঁলোকে ইমান শব্দ কৰিছিল যে দূতাবাসৰ কৰ্মীসকলে কাণত তুলা ভৰাই, দুৱাৰ-খিৰিকী জপাই ভিতৰতে কিবাকৈ সোমাই আছিল। শব্দ কৰি থকা লোকসকল উভতি যোৱাৰ পিছত দূতাবাসৰ কৰ্মীসকল বাহিৰলৈ ওলাই আহি দেখে যে অলেখ ঘনচিৰিকাৰ নিথৰ দেহ দূতাবাসৰ সৰ্বত্ৰতে পৰি আছে। বাৰান্দাত ইমানেই ঘনচিৰিকা মৰি পৰি আছিল যে সেইবাৰ আতৰাবলৈ বেলচা ব্যৱহাৰ কৰা হৈছিল। 

 চীনত কোটি কোটি ঘনচিৰিকা হত্যা কৰাটো ভুল আছিলঃ জিনপিং
নিধনযজ্ঞ

মাও চে তুঙৰ সেই হঠকাৰী নিৰ্মম সিদ্ধান্তৰ বাবে পিছলৈ প্ৰকৃতিয়ে চীনৰ ওপৰত ভয়ংকৰ প্ৰতিশোধ লৈছিল। 

শস্য -খাদ্য খালেও ঘনচিৰিকাই একেসময়তে পথাৰত বিভিন্ন পোক-পতংগও ভক্ষণ কৰিছিল। চীনৰ পৰা ঘনচিৰিকা বিলুপ্ত হৈ যোৱাৰ পিছত স্বাভাৱিক ভাবেই পোক-পতংগৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰে। লাখ লাখ ফৰিং আৰু অইন পোক- পতংগই নিৰ্বিবাদে পথাৰৰ শইচ বকাসুৰৰ দৰে ভক্ষণ কৰিবলৈ ধৰে। ইমান শস্য সেইবোৰে খাই পেলাইছিল যে চীনৰ বছৰি মজুত হ’বলগীয়া খাদ্য-শস্যৰ নুন্যতম লক্ষ্য পূৰণ কৰা সম্ভৱ নহ’ল। ফলত চীনৰ শস্যভান্ডাৰ খালি হৈ পৰিল। খাদ্য সংকটৰ মুখত পৰিল চীনৰ কোটি কোটি মানুহ। ইতিহাসত এক নতুন অধ্যায় সংযোজিত হ’ল -‘ দ্যা গ্ৰেট চাইনিজ ফেমাইন‘( The Great Chinese Famine)!

 চীনত কোটি কোটি ঘনচিৰিকা হত্যা কৰাটো ভুল আছিলঃ জিনপিং
নিধনযজ্ঞ

দ্যা গ্ৰেট চাইনিজ ফেমাইন নামৰ দুৰ্ভিক্ষৰ কৱলত পৰি চীনৰ প্ৰায় ডেৰ কোটি মানুহৰ মৃত্যু হয় ( প্ৰকৃত সংখ্যা ঠাৱৰ কৰা সম্ভৱপৰ নহয়)। কিছুমানে কৈছে যে দুৰ্ভিক্ষত চীনৰ মানুহৰ মৃত্যুৰ সংখ্যা হেনো প্ৰায় ৪ কোটি ৫০ লাখৰ ওচৰে পাজৰে ( ”History is littered with environmental disasters, but few compare to one kicked off in 1958 in China. That was the year Mao Zedong, the founding father of the People’s Republic of China, decided that his country could do without pests like sparrows. The impact of this ill- conceived decision – along with many other policies he put in place – caused a domino effect of destruction. Three years later, as many as 45 million people were dead…… Numbers vary, of course, with the official number from the Chinese government placed at 15 million. Some scholars, however, estimate that the fatalities were as high as 45 million or even 78 million.”- ‘The Great Sparrow Campaign Was the Start of the Greatest Mass Starvation in History’ by John Platt, written in Treehugger, 30 July, 2019)!

 চীনত কোটি কোটি ঘনচিৰিকা হত্যা কৰাটো ভুল আছিলঃ জিনপিং
ঘনচিৰিকা

এই সম্পৰ্কে চীনৰ সাংবাদিক ইয়াং ঝিচেং-এও তেওঁৰ গ্ৰন্থ ‘Tombstone’-অত লিখিছে যে ঘনচিৰিকা হত্যা কৰা ঘটনাৰ পিছত চীনত হোৱা দুৰ্ভিক্ষত ৩৬ নিযুত বা ৩ কোটি ৬০ লাখ মানুহৰ মৃত্যু হৈছিল ( গ্ৰন্হখন ২০১৮ চনত আমেৰিকাত প্ৰকাশ হৈছিল আৰু চীনত ‘নিষিদ্ধ’ কৰা হৈছিল)।

ঘনচিৰিকা হত্যা কৰি কিমান ডাঙৰ ভুল হৈছিল, সেয়া বুজিব পাৰি অৱশেষত পোক-পতংগই শইচ নষ্ট কৰা কাৰ্য ৰোধ কৰিবলৈ ২ বছৰৰ ভিতৰত চোভিয়েট ইউনিয়নৰ পৰা কেইবালাখ ঘনচিৰিকা চীনে আমদানি কৰিবলৈ বাধ্য হৈ পৰে। সমগ্ৰ চীনদেশত ঘনচিৰিকাবোৰ বিতৰণ কৰি আদেশ জাৰি কৰা হয়, এতিয়াৰে পৰা সকলোৱে ঘনচিৰিকাক ৰক্ষণাবেক্ষণ দিব লাগিব আৰু যাতে কোনোপধ্যে এটা ঘনচিৰিকাৰো অকাল মৃত্যু নহয় – লক্ষ্য ৰাখিব লাগিব। 

 চীনত কোটি কোটি ঘনচিৰিকা হত্যা কৰাটো ভুল আছিলঃ জিনপিং
চীনত হোৱা দুৰ্ভিক্ষ

‘দ্যা গ্ৰেট স্পেৰো কেম্পেইন’-অৰ ৬৪ বছৰৰ পিছত এইবাৰ প্ৰথমবাৰৰ বাবে চীনৰ ৰাষ্ট্ৰপতি জিনপিঙে ঘনচিৰিকা নিধন যজ্ঞৰ দায় চৰকাৰৰ কান্ধত তুলি ল’লে। বিশ্ব পৰিৱেশ দিৱসৰ দিনা চীনৰ ৰাষ্ট্ৰপতি জিনপিঙে ক’বলৈ বাধ্য হ’ল, ‘এটা ভুলে কিমান ডাঙৰ বিপদ সৃষ্টি কৰিছিল, তাক অস্বীকাৰ কৰিব নোৱাৰি। সেই ভুলৰ বাবে ডেৰ কোটি সহ-নাগৰিকে খাদ্যৰ অভাৱত মৃত্যুৰ মুখত পৰিছিল। সেয়ে, যাতে তেনেধৰণৰ ভুলৰ পুনৰাবৃত্তি নহয়, লক্ষ্য ৰাখিব লাগিব। পৰিৱেশ ৰক্ষা কৰিহে এতিয়া শিল্পৰ উন্নয়ন কৰিব লাগিব।’

[ মনলৈ অহা ভাব: মাও চে তুঙ সৰ্বশক্তিমান আছিল বাবেই তেওঁৰ সকলো সিদ্ধান্ত সঠিক নাছিল বুলি প্ৰমাণিত হ’ল হেতুকে কোনোবা ক্ষমতাধিপতিয়ে কিবা ক’লেই হাতচাপৰি মাৰি সমৰ্থন জনাই থকাটো বা তৈলমৰ্দন কৰি থকাটো একেবাৰে সঠিক নহয়।]

[Images: Collected from different sources]

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to print (Opens in new window) Print
  • Click to email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Anjan Sarma

Anjan Sarma

Related Posts

“দ্যা গ্ৰেজুৱেট”ৰ পৰা বিশ্বব্যাপী সংকটলৈ: প্লাষ্টিক আৰু বিশ্ব পৰিৱেশ দিৱস
Climate Change

“দ্যা গ্ৰেজুৱেট”ৰ পৰা বিশ্বব্যাপী সংকটলৈ: প্লাষ্টিক আৰু বিশ্ব পৰিৱেশ দিৱস

by Anjan Sarma
January 17, 2026
0

"দ্যা গ্ৰেজুৱেট"ৰ পৰা বিশ্বব্যাপী সংকটলৈ: প্লাষ্টিক আৰু বিশ্ব পৰিৱেশ দিৱস প্লাষ্টিক - যিটো শব্দই এটা যুগক ডাঙি ধৰিছিল  অঞ্জন শৰ্মা ...

Read moreDetails
Beyond Decarbonization: Why India Needs a Two-Track Climate Strategy

Can we really Carbon Offset our way to Climate Safety, or is it just Greenwashing?

January 17, 2026
Green Milestone: G.L. Choudhury College Joins Green Campus Programme

Green Milestone: G.L. Choudhury College Joins Green Campus Programme

January 16, 2026
Is Biochar the Black Gold That Can Restore Soil Health and Fight Climate Change?

Is Biochar the Black Gold That Can Restore Soil Health and Fight Climate Change?

January 15, 2026
Is the Thar Desert Losing Its Identity to Climate Change?

Is the Thar Desert Losing Its Identity to Climate Change?

January 15, 2026
Is Climate Change Slowly Poisoning Our Brains and Fuelling Dementia?

Is Climate Change Slowly Poisoning Our Brains and Fuelling Dementia?

January 14, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
person holding vinyl record

Music: Not Just An Art Form But A Therapy For Life

January 18, 2026
selective focus photography of magazines

Ignorance is the real drug!

January 18, 2026
শুদ্ধ মৌ!

শুদ্ধ মৌ!

January 18, 2026
person holding clear plastic bottle

Media and its influence on issues related to climate change

January 18, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    20525 shares
    Share 8210 Tweet 5131
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    9734 shares
    Share 3894 Tweet 2434
  • Latest COVID data confirm infections have risen globally

    1760 shares
    Share 704 Tweet 440
  • জ্যোতিপ্ৰসাদৰ সাংস্কৃতিক,সাহিত্যিক আৰু ৰাজনৈতিক অৱদানসমূহ

    3045 shares
    Share 1218 Tweet 761
  • কামেশ্বৰ দাস: সাধু কথা যেন লগা অসাধাৰণ জীৱন পৰিক্ৰমা

    224 shares
    Share 90 Tweet 56
  • Jesus Christ: Looking through the Lens of History

    102 shares
    Share 41 Tweet 26
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3369 shares
    Share 1348 Tweet 842
  • Dr Purnima Devi Barman Among Mad Over Marketing’s Most Impactful Women of 2025

    90 shares
    Share 36 Tweet 23
  • Deliceto: a village as a living being

    84 shares
    Share 34 Tweet 21
  • আঞ্চলিকতাবাদ- কি, কিয় আৰু কেনেকৈ?

    3462 shares
    Share 1385 Tweet 866
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d