–তনয় চক্ৰৱৰ্তী |
লাডাখ অঞ্চলক লৈ বহুদিন ধৰি আগ্ৰাসী মনোভাৱ প্ৰকাশ কৰি আহিছে ৰঙা চীনে। সেই আগ্ৰাসী মনোভাৱ অধিক প্ৰকট হয় যোৱা বছৰৰ জুন মাহৰ মাজভাগত। পূৱ-লাডাখৰ বৰফাবৃত গালৱান উপত্যকাত ভাৰত আৰু চীনা সৈন্যৰ মুখামুখি সংঘৰ্ষ হয়। সাম্প্ৰতিক কালত ইও এক উল্লেখযোগ্য ঘটনা হিচাপে খ্যাত হয়। এই সংঘৰ্ষত দুয়ো দেশৰ সৈন্যৰ প্ৰাণহানি হৈছিল। এতিয়া সেই সংঘৰ্ষৰ ঘটনাই চীনৰ বিদ্যালয়ৰ বাবে প্ৰয়োজনীয় পাঠ্যক্ৰমত স্থান লাভ কৰিবলৈ আগবাঢ়িছে।
ভাৰত – চীন সীমান্তৰ এই উপত্যকাৰ ইতিহাস খুচৰিলে দেখা যায় যে এই উপত্যকাৰ নামাকৰণ হৈছে কাশ্মিৰী যাযাবৰ লুন্ঠনকাৰী সম্প্ৰদায় ‘গালৱান’ৰ নাম অনুসৰি। সেই সম্প্ৰদায়ৰ এজন অসম সাহসী অভিযাত্ৰী তথা ‘চাৰ্ভেন্টেচ্ অফ চাহিবচ্’ গ্ৰন্থৰ লেখক গোলাম ৰছুল গালৱানৰ নামৰ পৰা ‘গালৱান’ক লৈ আনি অঞ্চলটোৰ নামৰ সৈতে জড়িত কৰা হয়। ১৮৯৯ চনত বৃটিছ অভিযাত্ৰী সকলৰ সৈতে এইজন গোলাম ৰছুল গালৱানে অংশগ্ৰহণ কৰিছিল আৰু ভাৰত – চীন সীমান্তৰে বৈ থকা নৈখনৰ উৎস আৱিষ্কাৰ কৰিছিল। আৱিষ্কাৰক দলটোৰ নেতৃত্বত আছিল গোলাম ৰছুল গালৱান। সেইবাবে নদীখনৰ আৰু উপত্যকাৰ নামাকৰণ গালৱানৰ নামেৰেই কৰা হয়। বৃটিছ অভিযাত্ৰী সকলৰ দলটোক তেওঁ লৈ গৈছিল চ্যাং চেনমো উপত্যকাৰ উত্তৰৰ অঞ্চলবোৰৰ অভিযানলৈ। এইদৰেই সেই নদীখনৰ সন্ধান পোৱা গৈছিল।
গালৱান সম্প্ৰদায় মূলতঃ কাশ্মীৰি ঘোঁৰা ব্যৱসায়ী সম্প্ৰদায় ‘হিচলাব’ নামে পৰিচিত। কিন্তু স্থানীয় কিছুমান সমাজবিজ্ঞানীৰ মতে, তেওঁলোকে কেৱল যে ঘোঁৰাৰ ব্যৱসায় কৰিছিল তেনে নহয়, গালৱান উপত্যকাৰ মাজেৰে পাৰ হোৱা অন্যান্য ব্যৱসায়ী সকলক আগচি ধৰি তেওঁলোককো লুন্ঠন কৰিছিল। গোলাম ৰছুল গালৱানৰ কিতাপত তেঁওৰ পূৰ্বপুৰুষৰ তেনে লুট-পাটৰ বিৱৰণ সন্নিবিষ্ট কৰা হৈছে। কিন্তু তেওঁ ইয়াকো লিখিছে যে তেওঁলোকে ধনীসকলক লুন্ডন কৰি পোৱা ধন- সামগ্ৰী দুখীয়াৰ মাজত বিলাই দিছিল। ঐই উপত্যকাত তেওঁলোকে লুট-পাট চলাইছিল বাবেও অঞ্চলটোৰ নামাকৰণ ‘গালৱান’ শব্দৰে কৰা হয় বুলিও কোৱা হয়।
লাডাখ সীমান্তত ভাৰত – চীন দ্বন্দ সাম্প্ৰতিক ইতিহাসৰ এক চাঞ্চল্যকৰ ঘটনা। চীনৰ পিপলচ্ লিবাৰেশ্যন আৰ্মি-এ গালৱানৰ ঘটনাক দেশপ্ৰেমৰ উদাহৰণ হিচাপে চীনৰ স্কুলীয়া ল’ৰা-ছোৱালীক পঢ়ুৱাবলৈ সিদ্ধান্ত লৈছে। যোৱা সপ্তাহত ( ২০২১ চনৰ ছেপ্টেম্বৰৰ তৃতীয় সপ্তাহত) শ্বিনঝিয়াং অঞ্চলত সীমান্ত ৰক্ষাৰ দায়িত্ত্বত থকা এটা সামৰিক গোটৰ সৈতে হোৱা ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে যোগাযোগ কৰিছিল চীনৰ আনহুই প্ৰদেশৰ ছাত্ৰ-ছাত্ৰীসকলে। তেতিয়া দেখুওৱা হৈছিল, চীনৰ সৈন্যই কিদৰে সীমান্তৰ বাবে আত্মবলিদান দিবলৈও সাজু।
গালৱান সম্প্ৰদায়ৰ বিষয়ে ফৰাচী অভিযাত্ৰী ইয়ং হাচবুন্ডৰ লেখাতো পোৱা যায়। তেওঁৰ মতে, হিমালয়ৰ এই অঞ্চলৰ মানুহবোৰ অতি পৰিশ্ৰমী আৰু নিৰ্ভীক। জীৱনত প্ৰত্যাহ্বান লবলৈ তেওঁলোক সদায় সাজু হৈ থাকে। তাৰোপৰি তেওলোক অতি বুদ্ধিমান আৰু সাহসী। যিকোনো ঘৰৰ প্ৰাচীৰ তেওঁলোকে মেকুৰীৰ দৰেই বগাব পাৰে। কিন্তু একে ঠাইতে ঘৰ সাজি বসবাস কৰি থকাতো তেওঁলোকৰ স্বভাৱ নহয়। গোলাম ৰছুল গালৱানৰ লেখাত পোৱা যায় যে এবাৰ সেই অঞ্চলৰ জনৈক মহাৰাজে তেওঁলোকৰ পূৰ্বপুৰুষৰ এজন বিশ্বস্ত ব্যক্তিৰ সৈতে যোগাযোগ কৰি তেওঁৰ পিতৃৰ ককাকক বন্দী কৰিছিল। তেওঁক ৰাজদৰবাৰলৈ আনি ফান্দত পেলোৱা হৈছিল। তাৰপিছত তেওঁক ফাঁচী দিয়া হয়। তাৰপিছত এই গালৱান সম্প্ৰদায়ৰ বহু মানুহে নিজৰ প্ৰাণৰক্ষাৰ বাবে কাশ্মীৰলৈ পলাই গৈছিল। কাশ্মীৰৰ বুদগামত এতিয়াও গালৱানপোৰা নামেৰে এখন গাঁও আছে আৰু ইয়াত গালৱান সম্প্ৰদায়ৰ লোক বসবাস কৰে।