ভাৰতৰ সৈতে বাণিজ্যৰ ক্ষেত্ৰত চীন শীৰ্ষত
নেকিব আলি শইকীয়া
কিছুদিন আগতে ভাৰতৰ বাণিজ্য দপ্তৰৰ পৰিসংখ্যাই জনাইছিল যে চীনক পিচ পেলাই কৰি ভাৰতৰ সৈতে সবাতোকৈ বেছি বাণিজ্য কৰিছে আমেৰিকাই ( India – USA Trade)। এতিয়া সেই তথ্যক প্ৰত্যাহ্বান জনাই চীনে কৈছে যে আমেৰিকা নহয়, নিৰ্দিষ্ট সময়ছোৱাত ভাৰতৰ সৈতে চীনৰ বাণিজ্য অধিক হৈছে। চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ পৰা কোৱা হৈছে, আমেৰিকাতকৈ অধিক বাণিজ্য হৈছে ভাৰত আৰু চীনৰ মাজত।
ভাৰতৰ বাণিজ্য মন্ত্ৰালয়ৰ পৰিসংখ্যা অনুসৰি এবছৰত ভাৰত আৰু আমেৰিকাৰ আমদানি- ৰপ্তানীৰ পৰিমাণ প্ৰায় ৩ লাখ কোটি টকা বৃদ্ধি হৈছে, আৰু ২০২১-২২ আৰ্থিক বৰ্ষত ভাৰত-আমেৰিকাৰ মাজত প্ৰায় ৯ লাখ ২৬ হাজাৰ কোটি টকাৰ বাণিজ্য হৈছে। ভাৰতৰ পৰা আমেৰিকালৈ ৰপ্তানী আছিল প্ৰায় ৪ লাখ কোটি টকা, এবছৰত ৰপ্তানীৰ পৰিমাণ ৭৬০০ কোটি ডলাৰ বাঢ়িছে। আকৌ, আমেৰিকাৰ পৰা ভাৰতে কৰা আমদানি বাঢ়ি হৈছে ১৪০০ কোটি ডলাৰ।
কিন্তু চীনে কৈছে, ২০২১-২২ আৰ্থিক বৰ্ষত ৯ লাখ ৭৭ হাজাৰ কোটি টকাৰ বাণিজ্য হৈছে চীন- ভাৰতৰ মাজত ( India – China trade)। ভাৰতে অইন পদ্ধতিৰে হিচাব নিকাচ কৰা হেতুকে পৰিসংখ্যা সুকীয়া হৈছে বুলিও চীনে কৈছে।
চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ঝাও লিজিয়ানে কৈছে, ‘চীনৰ পৰিসংখ্যা অনুসৰি ভাৰতৰ সৈতে চীনৰ ৯ লাখ ৭৭ হাজাৰ কোটি টকাৰ বাণিজ্য হৈছে। গতিকে ভাৰতৰ সৈতে বৈদেশিক বাণিজ্যৰ ক্ষেত্ৰত চীন শীৰ্ষত আছে। ভাৰতৰ আৰু চীনৰ হিচাব কৰাৰ পদ্ধতি সুকীয়া হেতুকে হয়তো ভাৰতৰ পৰিসংখ্যাই দেখুওৱা তথ্য সুকীয়া হৈছে।’

মাজতে চীনৰ সামগ্ৰী বৰ্জন কৰিব লাগে বুলি চৌদিশে হুলস্থূলীয়া পৰিস্থিতি হ’লেও, সীমা সমস্যা হৈ থাকিলেও, চীনৰ সামগ্ৰীৰ জয়যাত্ৰা অব্যাহত আছে আৰু ২০২১ চনত কোভিডৰ দ্বিতীয় ঢৌৰ সময়ত চীনৰ চিকিৎসা সামগ্ৰীৰ চাহিদা ভাৰতত অত্যাধিক হৈ পৰে। চীনে কৈছে, ভাৰত – আমেৰিকাৰ মাজত হোৱা বাণিজ্যক লৈ চীনৰ মূৰৰ কামোৰণি নাই।
02-06-2022 [ Image: collected]
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.
![]() | ReplyForward |