চীন আমেৰিকাৰ প্ৰতিযোগিতাখনে নতুন আৰু অধিক বিপজ্জনক পৰ্যায়ত প্ৰৱেশ কৰিছে
মোহন খাউণ্ড

বহুতেই হয়তো আশা কৰিছিল যে যেতিয়া চীনৰ দুৱাৰ পুনৰ মুকলি হ’ব, চীনত মুক্ত পৰিৱেশ বিৰাজ কৰিব, আৰু ৰাজনীতিবিদ, কূটনীতিবিদ আৰু ব্যৱসায়ীৰ মাজত পোনপটীয়া যোগাযোগ পুনৰ আৰম্ভ হ’ব, আৰু তাৰফলত শীৰ্ষ সন্মিলন আৰু সৰু সৰু কথাৰ হুলস্থুলৰ দ্বাৰা হৈ থকা চীন-আমেৰিকাৰ উত্তেজনা লাঘৱ হ’ব।
কিন্তু বেইজিঙৰ এতিয়াৰ পৰিৱেশে প্ৰকাশ কৰিছে যে বিশ্বৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সম্পৰ্কটো পূৰ্বতকৈ অধিক তিক্ত আৰু শত্ৰুতাপূৰ্ণ হৈ পৰিছে।
চীনৰ চৰকাৰী কাৰ্যালয়বোৰত কমিউনিষ্ট পাৰ্টিৰ বিষয়াসকলে আমেৰিকাৰ ‘দাদাগিৰি‘ বুলি ভবা কথাটোক নিন্দা কৰে। তেওঁলোকে কয় যে ইয়াৰ উদ্দেশ্য হ’ল চীনক প্ৰহাৰ কৰি হত্যা কৰা। পশ্চিমীয়া কূটনীতিবিদসকলে ভয়-ভাবুকি আৰু মানসিক উন্মাদনাৰে ভৰা পৰিৱেশৰ বৰ্ণনা কৰিছে।
ডায়েওয়ুটাই ষ্টেট গেষ্টহাউচ ( Diaoyutai State Guesthouse)ত চীন উন্নয়ন মঞ্চত অংশগ্ৰহণ কৰা বহুজাতিক কাৰ্যবাহীসকলে চিন্তিত হৈ পৰিছিল যে গভীৰ বিচ্ছিন্নতাই তেওঁলোকৰ ব্যৱসায়ৰ বাবে কি কি অৰ্থ বহন কৰিব পাৰে! দুয়োপক্ষই একমত হোৱা একমাত্ৰ কথাটো হ’ল যে আটাইতকৈ ভাল ক্ষেত্ৰ হ’ল দশক দশক ধৰি দুয়োখন দেশৰ মাজত হৈ থকা বিচ্ছিন্নতা; আৰু আটাইতকৈ বেয়া কথাটো হ’ল- যুদ্ধৰ সম্ভাৱনা দিনক দিনে বাঢ়িছে।
প্ৰতিটো পক্ষই নিজৰ নিজৰ অদম্য যুক্তি অনুসৰণ কৰি আছে। আমেৰিকাই সংবৰন বা কণ্টেইনমেণ্টৰ নীতি গ্ৰহণ কৰিছে যদিও সেই শব্দটো ব্যৱহাৰ কৰিবলৈ অস্বীকাৰ কৰিছে। ইয়াত দেখা গৈছে এক দলীয় শাসনৰ পৰা এক পুৰুষৰ শাসনলৈ স্থানান্তৰিত হোৱা স্বৈৰাচাৰী চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং বছৰ বছৰ ধৰি ক্ষমতাত থকাৰ সম্ভাৱনা আছে আৰু তেওঁ পশ্চিমৰ প্ৰতি শত্ৰুতা প্ৰকাশ কৰিছে, আৰু পশ্চিমৰ অৱনতি ঘটিছে বুলি তেওঁ বিশ্বাস কৰে।
ঘৰত তেওঁ উদাৰ মূল্যবোধক অৱজ্ঞা কৰা দমনৰ নীতি অনুসৰণ কৰে। হংকঙৰ পৰা হিমালয়লৈকে, চীনৰ শক্তিক বাহিৰলৈ প্ৰক্ষেপ কৰাৰ সময়ত সংযম দেখুৱাবলৈ দিয়া প্ৰতিশ্ৰুতিও তেওঁ ভংগ কৰিছে। ৰাছিয়াৰ ভ্লাদিমিৰ পুটিনৰ সৈতে তেওঁৰ বৈঠকেও নিশ্চিত কৰিলে যে তেওঁৰ লক্ষ্য হৈছে স্বৈৰাচাৰীসকলৰ বাবে অধিক বন্ধুত্বপূৰ্ণ বিকল্প বিশ্বব্যৱস্থা গঢ়ি তোলা।
ইয়াৰ সন্মুখীন হৈ আমেৰিকাই এছিয়াত চীনক সামৰিকভাৱে নিয়ন্ত্ৰণ কৰাটো ত্বৰান্বিত কৰি পুৰণি মিত্ৰতাক সজীৱ কৰি তুলিছে আৰু নতুন মিত্ৰজোঁটৰ সৃষ্টি কৰিছে, যেনে অষ্ট্ৰেলিয়া আৰু ব্ৰিটেইনৰ সৈতে হোৱা অকুছ চুক্তি ( aukus pact)। বাণিজ্য আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত আমেৰিকাই অৰ্ধপৰিবাহী আৰু অন্যান্য সামগ্ৰীৰ ওপৰত কঠোৰ আৰু বহল নিষেধাজ্ঞা প্ৰণয়ন কৰিছে।

লক্ষ্য হৈছে চীনৰ উদ্ভাৱনক লেহেমীয়া কৰা যাতে পশ্চিমীয়া দেশসমূহে নিজৰ প্ৰযুক্তিগত আধিপত্য বজাই ৰাখিব পাৰে! কিন্তু আমেৰিকাই নিজৰ উদ্ভাৱনসমূহক শত্ৰুতাপূৰ্ণ শাসন ব্যৱস্থাক অধিক বিপজ্জনক কৰি তুলিবলৈ ব্যৱহাৰ কৰিবলৈ কিয় দিব লাগে?
চীনৰ নেতাসকলৰ বাবে এইটো হ’ল চীনক পংগু কৰাৰ আঁচনিৰ সমান। আমেৰিকাই তেওঁলোকৰ দৃষ্টিত ইয়াক ব্যতিক্ৰমী বুলি ভাবে। কোনো দেশ কমিউনিষ্ট হওক বা গণতান্ত্ৰিক যিয়েই নহওক কিয়, নিজৰ দৰে শক্তিশালী হ’ব পাৰে বুলি ই কেতিয়াও মানি নলয়। চীন বশীভূত হ’লেহে আমেৰিকাই সহ্য কৰিব, “নোদোকা মেকুৰী হৈ থাকক, কিন্তু বাঘ নহয় যেন”।
আমেৰিকাৰ এছিয়ান সামৰিক মিত্ৰতাৰ অৰ্থ হ’ল চীনে অনুভৱ কৰে যে চীনক নিজৰ স্বাভাৱিক প্ৰভাৱৰ ক্ষেত্ৰখনৰ ভিতৰতে ঘেৰি ৰখা হৈছে। ১৯৭০ চনত চুক্তিবদ্ধ হোৱা ৰঙা ৰেখাবোৰ, যেতিয়া দুয়োখন দেশৰ মাজত পুনৰ সম্পৰ্ক স্থাপন কৰা হৈছিল, যেনে টাইৱানৰ ওপৰত থকা সম্পৰ্কবোৰক অজ্ঞান আৰু অসাৱধান আমেৰিকাৰ ৰাজনীতিবিদসকলে ভৰিৰে গচকিছে। চীনৰ শাসকসকলে সামৰিক ব্যয় বৃদ্ধি কৰাটোহে বিবেচনাপূৰ্ণ বুলি ভাবে।
বাণিজ্যত তেওঁলোকে আমেৰিকাৰ সংবৰন( containment)ক অন্যায় বুলি ভাবে। যিখন দেশৰ প্ৰতিজনৰ জিডিপি আমেৰিকাৰ তুলনাত ৮৩% কম, সেইখন দেশ কিয় গুৰুত্বপূৰ্ণ প্ৰযুক্তিৰ পৰা বঞ্চিত হ’ব লাগে? চলিত মাহত আমেৰিকাৰ কংগ্ৰেছৰ শুনানিত চীনৰ এটা প্ৰতিষ্ঠানৰ সহযোগী প্ৰতিষ্ঠান ‘টিকটক’ক বাচি-কুটি-খুচি কেৰাহীত ভাজি থকাৰ দৃশ্য দেখি চীনৰ বিষয়া আৰু ব্যৱসায়ীসকল স্তম্ভিত হৈ পৰিছিল।
যদিও চীনৰ কিছুমান উদাৰবাদীয়ে প্ৰব্ৰজনৰ সপোন দেখে, আনকি লৌকিক, পশ্চিমীয়া শিক্ষাৰে শিক্ষিত টেকন’ক্ৰেটেও এতিয়া ধনৰ প্ৰদৰ্শনক আনুগত্যৰে নিন্দা কৰে, আত্মনিৰ্ভৰশীলতাক প্ৰসাৰিত কৰে আৰু বিশ্বায়নে কিয় ৰাষ্ট্ৰপতি ছিৰ ৰাজনৈতিক অগ্ৰাধিকাৰৰ সেৱা কৰিব লাগিব সেই কথা বুজাই দিয়ে।

এনে দুটা শিপাই থকা আৰু পৰস্পৰ বিৰোধী বিশ্বদৃষ্টিভংগীৰ প্ৰতি লক্ষ্য ৰাখিলে কেৱল অধিক কূটনীতিয়েই শান্তিৰ নিশ্চয়তা দিব পাৰে বুলি ভবাটো ধোঁৱাময়।
নৱেম্বৰ মাহত বালিত ৰাষ্ট্ৰপতি জো বাইডেন আৰু ৰাষ্ট্ৰপতি ছিৰ মাজত হোৱা বৈঠকে উত্তেজনা লাঘৱ কৰিছিল যদিও সংঘাতৰ গভীৰ যুক্তিয়ে অতি সোনকালেই নিজকে পুনৰ দৃঢ় কৰি তুলিছিল। চোৰাংচোৱা-বেলুন সংকটে দেখুৱাই দিলে যে ঘৰত দুয়োজন নেতাই কেনেকৈ নিজকে কঠোৰ যেন দেখুৱাব লাগিব।
আমেৰিকাই বিচাৰে চীনে প্ৰতিদ্বন্দ্বিতা নিয়ন্ত্ৰণৰ বাবে ‘গাৰ্ডৰেল’ গ্ৰহণ কৰক, য’ত হটলাইন আৰু পাৰমাণৱিক অস্ত্ৰৰ প্ৰট’কল আছে, কিন্তু চীনে নিজকে দুৰ্বল পক্ষ হিচাপে লৈ আমেৰিকাৰ দাদাগিৰিয়ে নিৰ্ধাৰণ কৰা নিয়মৰ সৈতে নিজকে বান্ধি ৰাখিব কিয়? শত্ৰুতা লাঘৱ হ’ব বুলি একোৱেই চকুত পৰা নাই।
২০২৪ চনৰ আমেৰিকাৰ নিৰ্বাচনে দেখুৱাব যে চীন-বেইজিং এক দ্বিপাক্ষিক খেল। ৰাষ্ট্ৰপতি ছিয়ে অৰ্থনীতিৰ গতি মন্থৰ হোৱাৰ সন্মুখীন হৈছে আৰু তেওঁ নিজৰ বৈধতাক পেশীবহুল আৰু “সজীৱ” জাতিৰ দৃষ্টিভংগীৰ সৈতে বান্ধি ৰাখিছে।
এনে বিৰোধীৰ সন্মুখীন হৈ আমেৰিকা আৰু অন্যান্য মুক্ত সমাজে তিনিটা নীতি মানি চলিব লাগে। প্ৰথমটো হ’ল অৰ্থনৈতিক বিচ্ছিন্নকৰণ সীমিত কৰা, যিটোৰ হিচাপত বিশ্বৰ জিডিপিৰ পৰিচালনাযোগ্য ০.২% আৰু ভয়ংকৰ ৭%ৰ ভিতৰত যিকোনো খৰচ হ’ব পাৰে।
অসংবেদনশীল খণ্ডৰ ব্যৱসায়েও হাজাৰ হাজাৰ প্ৰতিষ্ঠানৰ মাজত নিয়মীয়া যোগাযোগ বজাই ৰখাত সহায় কৰে, যাৰ ফলত ভূ-ৰাজনৈতিক বিভাজন সংকুচিত হয়।

চীন একচেটিয়া যোগানকাৰী হোৱাৰ বাবে স্পৰ্শকাতৰ খণ্ড বা অঞ্চলৰ বাবে নিষেধাজ্ঞা সংৰক্ষণ কৰা উচিত; কাৰণ এইবোৰে চীন-আমেৰিকাৰ বাণিজ্যৰ সংখ্যালঘু ক্ষেত্ৰৰ হৈ অংশ গ্ৰহণ কৰে।
সম্ভৱ হ’লে শীতল যুদ্ধৰ পটভূমিত দুয়োপক্ষৰ মাজত সোমাই থকা ব্যৱসায়ীক, যেনে টিকটক—চীনা ভুল তথ্য বিয়পোৱাৰ অভিযোগত অভিযুক্ত- এইবোৰক বন্ধ কৰিবলৈ বাধ্য কৰাব নালাগে, ‘ৰিং-ফেন্স‘ কৰা উচিত, বিক্ৰী কৰা বা ‘স্পিন অফ‘ কৰা উচিত।
দ্বিতীয় নীতি হ’ল যুদ্ধৰ সম্ভাৱনা কম কৰা। দুয়োপক্ষই “নিৰাপত্তাৰ দ্বিধাদ্বন্দ্ব”ত আবদ্ধ হৈ আছে য’ত আপোনাৰ স্থিতিটোক জোৰদাৰ কৰাটো যুক্তিসংগত, আনকি তাৰ ফলত আনটো পক্ষই ভাবুকি অনুভৱ কৰে। চীনৰ ক্ৰমবৰ্ধমান ভাবুকিৰ সন্মুখীন হ’বলৈ পশ্চিমীয়া দেশসমূহে সামৰিক প্ৰতিৰোধ বিচৰাটো সঠিক— বিকল্পটো হ’ল এছিয়াত আমেৰিকাৰ নেতৃত্বত চলা ব্যৱস্থাৰ পতন।
কিন্তু ‘ফ্লেছপইণ্ট’, বিশেষকৈ টাইৱানৰ চাৰিওফালে সামৰিক আধিপত্য বিচৰাটোৱে দুৰ্ঘটনা বা সংঘৰ্ষৰ সূচনা কৰিব পাৰে যিবোৰ নিয়ন্ত্ৰণৰ বাহিৰলৈ ঘূৰি যায়। আমেৰিকাই টাইৱানত চীনৰ আক্ৰমণক উচটনি নিদিয়াকৈ ৰোধ কৰাৰ লক্ষ্য লোৱা উচিত। ইয়াৰ বাবে ৱাশ্বিংটন আৰু বেইজিঙৰ এনে এটা প্ৰজন্মৰ ৰাজনীতিবিদৰ পৰা জ্ঞান আৰু সংযমৰ প্ৰয়োজন হ’ব যিসকলৰ ১৯৫০ চনৰ আমেৰিকা আৰু ছোভিয়েট ইউনিয়নৰ নেতাসকলৰ বিপৰীতে বিশ্বযুদ্ধৰ ভয়ানকতাৰ কোনো ব্যক্তিগত অভিজ্ঞতা নাই।

শেষৰ নীতিটো হ’ল আমেৰিকা আৰু ইয়াৰ মিত্ৰ দেশসমূহে এনে কৌশলৰ আশ্ৰয় লোৱাৰ প্ৰলোভনক প্ৰতিহত কৰিব লাগিব যিয়ে তেওঁলোকক নিজৰ স্বৈৰাচাৰী প্ৰতিদ্বন্দ্বীজনৰ দৰে কৰি তুলিব।
এই প্ৰতিদ্বন্দ্বিতাত উদাৰ সমাজ আৰু মুক্ত অৰ্থনীতিৰ ডাঙৰ সুবিধা আছে; ইয়াৰ দ্বাৰা উদ্ভাৱন আৰু ধন-সম্পত্তিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা বেছি আৰু দেশ-বিদেশত বৈধতাৰ আদেশ দিয়াৰ সম্ভাৱনা বেছি।
যদি আমেৰিকাই নিজৰ মুকলি মনৰ মূল্যবোধ, সকলোৰে প্ৰতি সম ব্যৱহাৰ আৰু আইনৰ শাসনৰ ওপৰত আঁঠু লৈ থাকে তেন্তে মিত্ৰ দেশসমূহৰ আনুগত্য বজাই ৰখাটো সহজ হ’ব।
আমেৰিকাই স্পষ্ট হ’ব লাগিব যে ইয়াৰ বিবাদ চীনৰ জনসাধাৰণৰ সৈতে নহয়, চীন চৰকাৰ আৰু ইয়াৰ দ্বাৰা সৃষ্টি হোৱা শান্তি আৰু মানৱ অধিকাৰৰ প্ৰতি ভাবুকিৰ সৈতেহে। একবিংশ শতিকাৰ সংজ্ঞায়িত প্ৰতিযোগিতাখন কেৱল অস্ত্ৰ-শস্ত্ৰ আৰু ‘চিপ’ৰ বিষয়ে নহয়—মূল্যবোধৰ ওপৰতো সংগ্ৰাম।
[Images from different sources]
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)