চুতীয়া ৰাজ্য আৰু সেনানায়ক মানিকচন্দ বৰুৱা
হানিদ ৰঞ্জন ভূঞা

অসমৰ ইতিহাসক অনেক বীৰ-বীৰাংগনাৰ জীৱনগাথাই মহীয়ান কৰি ৰাখিছে৷ তেওঁলোকৰ কৰ্মৰাজীয়ে যুগে যুগে উত্তৰসুৰীক স্বদেশপ্ৰেমৰ চেতনাৰে উদ্বুদ্ধ কৰি আহিছে ৷ কিন্তু অসমৰ ইতিহাসৰ পাতত এতিয়াও এনে কেতবোৰ ঐতিহাসিক চৰিত্ৰ সুপ্ত হৈ আছে; যাৰ সঠিক মূল্যায়ন আজিকোপতি হোৱা নাই ৷
তেনে এক চৰিত্ৰ হৈছে মধ্যযুগৰ চুতীয়া ৰাজ্যৰ এজন সেনানায়ক মানিকচন্দ বৰুৱা৷
এইজন বীৰ পুৰুষে পতনমুখী চুতীয়া ৰাজ্যৰ হৃত গৌৰৱ উদ্ধাৰৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল৷ পাহৰণিৰ বুকুত হেৰাই যোৱা অলেখ চুতীয়া ৰণুৱাৰ মাজৰে এজন মানিকচন্দ বৰুৱাৰ জীৱন-গাথাই আমাক অনুপ্ৰেৰণা যোগাব পাৰে৷

উল্লেখযোগ্য যে প্ৰাচীন কামৰূপৰ সৌমাৰখণ্ড বা সৌমাৰপীঠত চুতীয়া ৰজাসকলে এক দীঘলীয়া পৰিক্ৰমাৰে ৰাজত্ব কৰিছিল৷ সৌমাৰপীঠৰ পূবে দিক্কৰ নৈ, পশ্চিমে দুইমুনি শিলা সামৰি কামৰূপৰ এক বিশাল ভূ-খণ্ড৷ গৰিষ্ঠসংখ্যক পণ্ডিতে শদিয়াৰ কাষেৰে বৈ যোৱা ডিক্ৰং নৈখনকে দিক্কৰ নৈ বুলি মত পোষণ কৰে৷ আনহাতে, দুইমুনি শিলা বিশ্বনাথৰ বুঢ়ীগাং আৰু ব্ৰহ্মপুত্ৰৰ সংগমস্থলীত অৱস্থিত৷ বুৰঞ্জীবিদ সূৰ্য্যকুমাৰ ভূঞাই পুৰণি কামৰূপ চাৰিটা ভাগত বিভক্ত হৈ থকাৰ কথা উল্লেখ কৰিছিল৷
সেয়া ক্ৰমে সৌমাৰপৃষ্ঠ, কামপৃষ্ঠ, ভদ্ৰপৃষ্ঠ আৰু ৰত্নপৃষ্ঠ ৷ [১] এই সৌমাৰপীঠতে চুতীয়াসকলৰ আদিম ধৰ্মবিশ্বাসত প্ৰকৃতিৰ বিভিন্ন স্বৰূপে উপাসনাত স্থান পাইছিল৷ ড॰ প্ৰশান্ত কুমাৰ চুতীয়াই চুতীয়াসকলে একালত কিৰাট ধৰ্ম পালন কৰাৰ সাপেক্ষে যুক্তি দৰ্শাইছে৷ [২] চুতীয়া ৰজাসকলৰ ৰাজত্বকালত দেউৰী পুৰোহিতসকলে প্ৰাচীন শদিয়াৰ চাৰিখন শালত পূজা দিছিল৷ সেই চাৰিশাল ক্ৰমেঃ ১. বুঢ়া-বুঢ়ী শাল [কুন্দি-মামা বা গিৰাচী-গিৰা বা পুৰুষ-প্ৰকৃতি], ২. তাম্ৰেশ্বৰী বা কেঁচাইখাইটি [পিশ্বাচী], ৩. বলিয়াবাবা [পিশ্চাদেমা] আৰু ৪. পাটৰ শাল৷ [৩] চুতীয়া ৰাজ্যৰ পতনৰ পিছতো এই পৰম্পৰা বাহাল আছিল৷
চুতীয়া নৃপতিসকলে হিন্দু ধৰ্মত দীক্ষিত হোৱাৰেপৰা সম্ভৱতঃ চুতীয়াসকলৰ আদিপুৰুষ ভীৰ্মোকৰ কাহিনীৰ স’তে মহাভাৰতৰ ভীষ্মক ৰজাৰ আখ্যানসমূহ সাঙোৰ খাই পৰিছিল৷ যাৰ পৰিণতিত চুতীয়াসকলৰ জনবিশ্বাসত ভীষ্মক নন্দিনী ৰুক্মিণীৰ স’তে অৱতাৰী পুৰুষ৷ শ্ৰীকৃষ্ণৰ প্ৰেমবিবাহৰ কাহিনীয়ে চুতীয়াসকলৰ জনজীৱনত গভীৰভাৱে শিপাই গৈছিল৷
কালক্ৰমত চুতীয়া ৰজাসকলে নিজকে ভীষ্মকৰ বংশধৰ বুলি পৰিচয় দিছিল৷ চুতীয়া নৃপতিসকলৰ পৃষ্ঠপোষকতাত প্ৰকৃতিকেন্দ্ৰিক আদিম উপাসনাৰ সমান্তৰালভাৱে হিন্দু মতাদৰ্শৰ প্ৰভাৱত বৈষ্ণৱ, শৈৱ, শাক্ত আৰু শৌৰগাণপত্য লোকাচাৰে প্ৰসাৰ লাভ কৰিছিল৷ সূৰ্য্যকান্ত খনিকৰে চুতীয়াসকলৰ মাজত আৰ্য ধৰ্ম-সংস্কৃতি আৰু আদ্যধৰ্ম সংস্কৃতিৰ সমন্বয় পৰিলক্ষিত হোৱাৰ কথা উনুকিয়াইছিল৷ [৪]
চুতীয়া ৰজাসকলৰ ভিতৰত সপ্তম শতিকাৰ অসমভীন্ন নামৰ ৰজাজনে বেনাৰসৰপৰা অহা এজন ব্ৰাহ্মণ পুৰোহিতৰ ওচৰত হিন্দু ধৰ্মত দীক্ষিত হৈছিল৷ অসমভীন্নৰ পিছত ইন্দ্ৰদেৱ ৰজাকে প্ৰমুখ্য কৰি ৩১ জন চুতীয়া ৰজাই ৰাজত্ব কৰিছিল৷ এইলানি ৰজাৰ শেষৰজন ৰজা লেকৰইৰ মৃত্যুৰ পিছত ছাম-লুং-ফা নামৰ মোগাং ৰাজ্যৰ শ্বান সেনাপতিৰ আক্ৰমণত প্ৰাচীন চুতীয়া ৰাজ্যখন থানবান হৈছিল [নেই ইলিয়াছে ছাম-লুং-ফাৰ চুতীয়া ৰাজ্য আক্ৰমণৰ সময় ১২২৯ খ্ৰিষ্টাব্দ বুলি অনুমান কৰিছিল]৷
লেকৰয় ৰজাৰ এজন পুত্ৰ কোছিক তলতীয়া ৰজা নিয়োগ কৰি ছাম-লুং-ফাই মোগাঙৰ এক আভ্যন্তৰীণ বিদ্ৰোহৰ বাৰ্তা পাই প্ৰত্যাৱৰ্তন কৰে৷ এই ঘটনাৰ পিছত ছাম-লুং-ফাৰ পথেৰে মোগাঙৰ ৰাজ-পৰিয়ালৰ আন এজন ৰাজকোঁৱৰ ছাও-কা-ফাই এদল শ্বান সৈন্যবাহিনীক নেতৃত্ব দি উদয়গিৰি বা পাটকাই পৰ্বতলানি পাৰ হৈ সৌমাৰ খণ্ডত প্ৰৱেশ কৰে৷ শ্বান সেনাৰ আগমনত ভীতিগ্ৰস্ত হৈ কোছিয়ে কাছাৰলৈ পলায়ন কৰে৷ [৫] বুৰঞ্জীবিদ সৰ্বানন্দ ৰাজকুমাৰ আৰু ড॰ প্ৰশান্ত কুমাৰ চুতীয়াই এইজন শ্বান কোঁৱৰক চাওলুং চুকাফা হোৱাৰ ইংগিত দিছে৷ [৬], [৭]
তেৰ শতিকাত উদয়গিৰি বা পাটকাই গিৰিমালা পাৰ হৈ শ্বানমূলীয় টাইসকলে এক শক্তিশালী ৰাজ্যৰ পাতনি মেলিছিল৷ কালক্ৰমত তেওঁলোকে থলগিৰীৰ স’তে একাকাৰ হৈ ‘আসাম’ বা ‘আহোম’ নামেৰে জনাজাত হ’ল৷ সূৰ্য্যকুমাৰ ভূঞাৰ সম্পাদিত ‘সাতসৰী অসম বুৰঞ্জী’ত আহোম নামৰ উৎপত্তিৰ তথ্যসূত্ৰ এনেদৰে পোৱা যায়ঃ “আত অনন্তৰে বৰাহীয়ে শাকপাত খৰিৰ যোগান দিব ধৰিলে৷ বোলে, আনৰ বঙ্গহ নহয়৷ দেও-মানুহ বুলি ক’লেহি, স্বৰূপে হয়৷ ই আহম৷ তাক আনৰে সম নহয়৷ এইবুলি অহা যোৱাকৈ থাকে৷ মৰাণেয়ো খৰি ভাৰকৈ দিয়ে৷ তাৰপৰাহে আহোম বোলে৷” [৮]
দৈত্যাৰি ঠাকুৰ বিৰচিত [১৫৪২ শকাব্দ] ‘মহাপুৰুষ শ্ৰীশ্ৰী শঙ্কৰদেৱ মাধৱদেৱ চৰিত পুথি‘ত আহোম ৰাজ্যক বা আহোমসকলক বুজাবলৈ ‘আসাম’ বা ‘অসম’ শব্দৰ প্ৰয়োগ দেখা যায়৷ [৯]

চাওলুং চুকাফাৰ নেতৃত্বত শ্বান মূলীয় আহোমসকলে সমৰশক্তি আৰু কূটনৈতিক কৌশলেৰে পাহাৰীয়া নগা ফৈদসমূহৰ উপৰি ভৈয়ামৰ বৰাহী আৰু মৰাণসকলক পৰাভূত কৰিবলৈ সক্ষম হৈছিল৷ কিন্তু চুতীয়া আৰু ডিমাচা-কছাৰীসকলৰপৰা আহোমসকল অনেক প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ ফলত আহোমে এই দুটা পৰাক্ৰমী জাতিক বশ কৰিবলৈ ১৬ শতিকালৈকে অপেক্ষা কৰিবলগা হৈছিল৷ শ্বান বা তাই ভাষাত চুতীয়াসকলক ‘টিওৰা’ আৰু কছাৰীসকলক ‘টিমিছা’ জাতি বুলিছিল৷ [১০]
ইতিমধ্যে উল্লেখ কৰি অহা লেকৰয় ৰজাৰ মৃত্যুৰ পিছত শ্বানসকলৰ আক্ৰমণত প্ৰাচীন চুতীয়া ৰাজ্যখনৰ মূল ৰাজকীয় শক্তিৰ গৰিমা ম্লান পৰিছিল৷ বিশেষকৈ ব্ৰহ্মকুণ্ডৰপৰা আৰম্ভ কৰি নগা পাহাৰৰ নামনিৰ অঞ্চলসমূহত চুতীয়াৰ প্ৰভুত্ব শেষ হৈছিল৷ উল্লেখযোগ্য যে যিকোনো ৰাজ্যৰ কেন্দ্ৰীয় শক্তিৰ পতনে ইয়াৰ ৰাজনৈতিক পৰিৱেশ অস্থিৰ কৰি তোলে৷ ৰাজশাসনৰ অভাৱত বহিঃশত্ৰুৰ লগতে ৰাজ-বিষয়া বা জনগোষ্ঠীয় নেতাসমূহে মূৰ দাঙি উঠে৷ উদাহৰণস্বৰূপে, ১৩ আৰু ১৪ শতিকাত মধ্য আৰু নামনি অসমৰ কেতবোৰ ৰাজ্যবংশৰ পতনৰ পিছত কিছুমান স্বতন্তৰীয়া ভূঞা সামন্তৰ উত্থান ঘটিছিল৷ [১১]
অনুৰূপভাৱে সৌমাৰখণ্ডৰ চুতীয়া ৰাজ্যতো কেতবোৰ স্বতন্ত্ৰ নেতাৰ উত্থান হৈছিল৷ বুৰঞ্জীবিদ ড॰ স্বৰ্ণলতা বৰুৱাই লেকৰয় ৰজাৰ মৃত্যুৰ সময়ত চুতীয়া ৰাজ্যখন তিনিখণ্ডত বিভক্ত হোৱাৰ সম্ভৱনা ব্যক্ত কৰিছিল৷ মূল কোছি ৰজাৰ ৰাজ্যখনৰ সমান্তৰালভাৱে উত্তৰ-পূব কোণৰ পৰ্বৰ্তমালাৰ পাদদেশত [সোৱণশিৰি নৈৰ পাৰত] বীৰবৰ বা বীৰপালে [১১৮৯-১২১০ খ্ৰিষ্টাব্দ] আৰু তাৰ পশ্চিমে বিশ্বনাথ জিলাৰ পূব অংশত ভদ্ৰসেন নামৰ এজন নেতাই পৃথকে ৰাজ্য প্ৰতিষ্ঠা কৰিছিল৷
সচৰাচৰ বীৰপালকে মধ্যযুগৰ চুতীয়া ৰাজ্যৰ প্ৰতিস্থাপক হিচাপে গৰিষ্ঠসংখ্যক বুৰঞ্জীয়ে মান্যতা দিয়ে৷ বীৰপালৰ পিছত তেওৰ পুত্ৰ ৰত্নধ্বজ বা গৌৰীনাৰায়ণে [১২১০-১২৫০ খ্ৰিষ্টাব্দ] চুতীয়া ৰাজ্যৰ সীমা বহলাবলৈ সক্ষম হৈছিল৷ গৌৰীনাৰায়ণে চুবুৰীয়া পৰ্বতীয়া জাতিসমূহক বশ কৰি শ্বেতগিৰি পৰ্বতত ভদ্ৰসেনৰ ৰাজ্য জয় কৰিছিল৷ গৌৰীনাৰায়ণৰ বৰ্ধিত শক্তিলৈ দৃষ্টি ৰাখি ন্যায়পাল নামৰ আন এজন নৃপতি আৰু কমতাৰ ৰজা সান্ধ্যই চুতীয়া ৰাজ-পৰিয়ালৰ স’তে বৈবাহিক সম্বন্ধেৰে মিত্ৰতা গঢ়ি তুলিছিল৷ [১২]
গৌৰীনাৰায়ণে চুতীয়া ৰাজ্যৰ পশ্চিম সীমাত অৱস্থিত ভূঞা ৰাজ্যৰো এক অংশ নিজৰ ৰাজ্যৰ অধীনলৈ আনিবলৈ সক্ষম হৈছিল৷ [১৩] সমান্তৰালভাৱে চুকাফাই থলুৱা নগা, মৰাণ আৰু বৰাহীসকলৰ সতে মিত্ৰতা বৰ্তাই আহোম ৰাজ্যৰ ভেটি সুদৃঢ় কৰাত ব্যস্ত আছিল৷ চুকাফাই ক্ৰমে তিপাম, মুং-চে-খ্ৰু বা অভয়পুৰ, শালগুৰি বা শলগুৰি, হাবুং, লিগিৰী গাঁও বা চণ্টক আৰু শিমলুগুৰিত আহোম ৰাজ্যৰ অস্থায়ী ৰাজধানী পাতি, চৰাইদেওত ১২৫৩ খ্ৰিষ্টাব্দত এখন স্থায়ী ৰাজধানী স্থাপন কৰে৷ [১৪] এই সময়ছোৱাত চুতীয়া ৰাজ্যৰ সৈতে আহোম ৰাজ্যৰ সংঘাত হৈছিলনে নাই তাৰ নিশ্চিত তথ্য পোৱা নাযায়৷
কিন্তু চৈধ্য শতিকাৰ শেহৰ পিনে দুয়োখন শক্তিশালী ৰাজ্যই সৌমাৰখণ্ডত নিজৰ প্ৰতিপত্তি অটুত ৰাখিবলৈ সন্মুখ সমৰত লিপ্ত হৈছিল৷ চুতীয়া ৰজা নন্দিশ্বৰ [১৩৬০-১৩৭৮ খ্ৰিষ্টাব্দ]-ৰ দিনত আহোমৰ দিহিঙীয়া ফৈদৰ ৰজা চুতুফাই চুতীয়া ৰাজ্য আক্ৰমণ কৰিছিল৷ এই যুদ্ধৰ অন্ততঃ উভয় পক্ষই এক শান্তিপূৰ্ণ মীমাংসাৰ বাবে আগ বাঢ়িছিল৷ কিন্তু এই মিত্ৰতা স্থায়ী হোৱা নাছিল ৷ চফ্ৰাই নদীত আয়োজন কৰা এক প্ৰীতিমূলক নাওখেলত নন্দিশ্বৰৰ স’তে ভাগ লওঁতে চুতুফাৰ মৃত্যু হৈছিল৷ চুতুফাৰ মৃত্যুৰ বাবে নন্দীশ্বৰক জগৰীয়া কৰা হয়৷ এই ঘটনাই চুতীয়া আৰু আহোম ৰাজ্যৰ শত্ৰুতা বৃদ্ধি কৰে৷ [১৫]
বুৰঞ্জীবিদ সৰ্বানন্দ ৰাজকুমাৰৰ মতে, সেই ঘটনাৰ সময়ৰ চুতীয়া ৰজাৰ নাম গোলোকনাৰায়ণ৷ [১৬] আনহাতে, ড॰ প্ৰশান্ত কুমাৰ চুতীয়াই A History of Chutiyas গ্ৰন্থত নাওখেলৰ দূৰ্ঘটনাৰ পৰিণতিতহে চুতুফাৰ মৃত্যু হোৱাৰ আশংকা ব্যক্ত কৰিছে৷ [১৭] সেই সময়ৰ ৰাজনৈতিক প্ৰেক্ষাপটত যে এনেধৰণৰ বহু ষড়যন্ত্ৰ ঘটিছিল তাত কোনো সন্দেহ নাই৷ কিন্তু এই ঘটনাৰ লগত জড়িত [দেওধাই অসম বুৰঞ্জীত উল্লিখিত] চফ্ৰাই নৈৰ ভৌগোলিক অৱস্থিতিৰ বিষয়ে চকু ফুৰালে নাওখেলৰ আয়োজন কৰা অঞ্চলটো চুতীয়া ৰাজ্যৰ অধীনত আছিল বুলি নিশ্চিত হ’ব নোৱাৰি৷

ড॰ যোগেন্দ্ৰ নাথ শৰ্মাৰ ‘অসমৰ নদ-নদী’ নামৰ গ্ৰন্থত চফ্ৰাই নদীৰ ভৌগোলিক অৱস্থিতিৰ বিষয়ে সৱিশেষ বৰ্ণনা পোৱা যায়৷ যথাঃ “চফ্ৰাই শব্দটো নৈৰ লগত জড়িত, টাই ভাষাত চফ্ৰাই মানে মাথাউৰি মৰা নগৰ বা ঠাই৷ চফ্ৰাই নদীখন নগাপাহাৰৰ মন জিলাৰ ৱাকচিঙৰ ওচৰৰ ১২৯০ মিটাৰ ওখ পৰ্বতত ওলাই, উত্তৰ-পূবমুৱা হৈ বাটত তিৰু বা ছিছু নৈক লৈ ৩ কিলোমিটাৰ আহি অসমৰ শিৱসাগৰ জিলাৰ মাইবেলা চাহ বাগিচাত সোমায়৷ নৈখন তাৰপৰা প্ৰায় উত্তৰমুৱা হৈ এক সৰ্পিল পথেৰে বৈ আহি চফ্ৰাই ৰেলষ্টেচনৰ ২ কিলোমিটাৰ পশ্চিমে ৰেলপথ পাৰ হৈ গড়মূৰ ঘাটত দিচাঙত পৰে৷ চফ্ৰাই নৈৰ দীঘে ৪৫ কিলোমিটাৰ আৰু অৱবাহিকাৰ কালি ২৯৪ বৰ্গ কিলোমিটাৰ৷” [১৮]
ড॰ বীৰেন্দ্ৰ কুমাৰ গোহাঁয়ে ‘তাই আহোম জনগোষ্ঠী আৰু তাই পৰম্পৰা‘ নামৰ গ্ৰন্থত চফ্ৰাই নৈ মৰাণসকলৰ ৰাজ্যৰ পূব প্ৰান্তত অৱস্থিত হোৱাৰ ইংগিত দিছেঃ “মৰাণসকল তেতিয়া [চুকাফাৰ আগমনৰ সময়ত] উত্তৰে বুঢ়ীদিহিং, দক্ষিণে দিচাং, পূবে চফ্ৰাই আৰু পশ্চিমে ব্ৰহ্মপুত্ৰই আগুৰি থোৱা অঞ্চলটোত শাসন কৰিছিল৷” [১৯]
বৰ্তমান সোণাৰী অঞ্চলৰ ওচৰত চফ্ৰাই নামৰ এখন সৰু নৈ নগা পাহাৰৰপৰা নামি আহি দিচাং নৈত পৰিছে৷ যদিহে ইতিহাসত উল্লিখিত চফ্ৰাই নৈখন সেইখনেই তেন্তে এই অঞ্চলটো ১৪ শতিকালৈকে চুতীয়া ৰাজ্যৰ দখলত থকাৰ সম্ভাৱনা তেনেই তাকৰ৷ কিয়নো মৰাণ আৰু বৰাহী অধ্যূষিত এলেকাসমূহ ১৩ শতিকাতেই চাওলুং চুকাফাৰ অধীনলৈ আহিছিল৷ গতিকে চফ্ৰাই নৈত চুতীয়া ৰজাই নাওখেলৰ আয়োজন কৰাটো বিচাৰ্যৰ বিষয়৷
সি যি নহওক, চুতুফাৰ মৃত্যুৰ ঘটনাৰ পিছত আহোম আৰু চুতীয়া ৰাজ্যৰ মাজত বৈৰী ভাৱ বৃদ্ধি পায়৷ চাওফা তাওখামথি [১৩৮০-১৩৮৯ খ্ৰিষ্টাব্দ] বা চুতাওখাময়ে আহোম ৰাজপাটত আৰোহন কৰি ককায়েক চুতুফাৰ মৃত্যুৰ প্ৰতিশোধ ল’বলৈ চুতীয়া ৰাজ্য আক্ৰমণ কৰে৷ এই আক্ৰমণত তিষ্ঠিব নোৱাৰি চুতীয়া ৰজাই পৰ্বতলৈ পলাই হাৰে৷ [২০]
তাওখামথিয়ে চুতীয়া ৰাজ্যৰ কোনোটো অঞ্চল আক্ৰমণ কৰিছিল জনা নাযায়৷ কিন্তু চুতীয়া ৰজাই পৰ্বতলৈ পলোৱালৈ লক্ষ্য কৰিলে অৰুণাচলৰ ইটানগৰত ইটাৰ প্ৰাচীৰে আগুৰা দুৰ্গসমূহ একালত চুতীয়া ৰজাসকলে নিৰাপদ আশ্ৰয়স্থল হিচাপে ব্যৱহাৰ কৰিছিল বুলি অনুমান হয়৷
এই ঘটনাৰ প্ৰায় এশ বছৰৰ পিছত দিহিঙীয়া ৰজা বা চাওফা ছ্যু-হুং-ম্যুঙ [১৪৯৭-১৫৩৯]-ৰ দিনত চুতীয়া-আহোমৰ মাজত ৰণশিঙা পুনৰ বাজি উঠে৷ এইজন চাওফাই ‘স্বৰ্গনাৰায়ণ’ উপাধি গ্ৰহণ কৰিছিল৷ সেই সময়ত আহোম ৰাজ্যৰ ৰাজধানী চৰগুৱা বা বৰনগৰ আছিল৷ এয়া আহোমৰ দ্বিতীয়খন স্থায়ী ৰাজধানী৷
চাওফা ছ্যু-ডাং-ফা বা বামুণী কোঁৱৰে চৰাইদেওৰপৰা চৰগুৱালৈ আহোম ৰাজ্যৰ ৰাজধানী স্থানান্তৰিত কৰিছিল৷ বৰ্তমান শিৱসাগৰ জিলাৰ সদৰৰপৰা ১০ কিলোমিটাৰ উত্তৰলৈ দিহিং আৰু দিচাং নৈৰ মাজত বিস্তৃাৰিত অঞ্চলটোৱেই চৰগুৱা৷ সেই সময়ত চৰগুৱাৰ উত্তৰে বৈ যোৱা ব্ৰহ্মপুত্ৰৰ সুঁতিটো দিহিং নামেৰেহে জনাজাত আছিল৷ ব্ৰহ্মপুত্ৰৰ মূল সুঁতিটো মাজুলীৰ উত্তৰ পাৰেহে প্ৰৱলভাৱে বৈছিল৷ কালক্ৰমত উত্তৰ পাৰে বৈ যোৱা ব্ৰহ্মপুত্ৰৰ সুঁতিটো দক্ষিণ দিশেৰে বৈ যোৱাৰ ফলত চৰগুৱাৰ উত্তৰ সীমাৰ দিহিঙৰ অস্তিত্ব লোপ পালে৷ [২১]
বৰনগৰ বা চৰগুৱা ৰাজধানীৰ পূবে বুঢ়া বৰবৰুৱা আলি [বৰ্তমানৰ ৩৭ নং দক্ষিণ ৰাষ্ট্ৰীয় ঘাইপথ], পশ্চিমে ডেকা বৰবৰুৱা আলি, উত্তৰে দিহিং নৈ [বৰ্তমান ব্ৰহ্মপুত্ৰ নদী] আৰু দক্ষিণে দিলিহি নগৰ৷ উল্লেখযোগ্য যে পূৰ্বে দিহিং নৈৰ বহু আঁতৰলৈ উত্তৰৰ ফালে ব্ৰহ্মপুত্ৰ নদী বৈ আছিল৷ কালক্ৰমত ব্ৰহ্মপুত্ৰই সুঁতি সলাই খোৱাঙৰ ওচৰৰ পৰা দিখৌমুখলৈকে দিহিঙক বুকুত সামৰি লোৱাত চৰগুৱাৰ উত্তৰ সীমা দিহিং নহৈ ব্ৰহ্মপুত্ৰ হৈ পৰিল৷ [২২]
চাওফা ছ্যু-হুং-ম্যুঙৰ সময়ত চুতীয়া ৰাজ্যৰ সিংহাসনত মহাৰাজ ধীৰনাৰায়ণ বা ধৰ্মধ্বজ পাল [১৫০০-২২] অধিষ্ঠিত আছিল৷ এইজনা ৰজাৰ দিনত শদিয়া চুতীয়া ৰাজ্যৰ ৰাজধানী আছিল৷ শদিয়া মিচিমি পাহাৰ [উত্তৰে] শৃংখলৰ নামনিত অৱস্থিত৷ শদিয়াৰ উত্তৰ-পূব দিশেৰে চীনৰ য়কো শৃংগৰপৰা বৈ অহা জায়েল চু নৈখনে অৰুণাচলৰ লোহিত জিলাত তেল্লু নৈ নামেৰে আহি প্ৰৱিত্ৰ ব্ৰহ্মকুণ্ডত প্ৰৱেশ কৰি লোহিত নাম লৈছে ৷
লোহিত নৈখনে ব্ৰহ্মকুণ্ডৰপৰা উত্তৰ-পশ্চিম দিশেৰে বৈ আহি সোঁকাষে ডিমাই, জে, ভেৰাই, কুণ্ডিল [বালিজান], টেবাং, দিগাৰু, পায়া, হাতীডুবা, ঘোৰামৰা আদি নৈৰ সুঁতিক আৰু বাওকাষে টেঙাপানী, ন-দিহিং, ঢলা নৈক সামৰি আগ বাঢ়ি আহি চপাখোৱা বা চেঁপাখোৱা পাইছেহি৷ চপাখোৱাৰ পাৰ হৈ লোহিতৰ দক্ষিণে ঢলা নৈ লগ হোৱাৰ বিপৰীতে উত্তৰে দিশেৰে বৈ অহা দিবাং নৈখন লগ হৈছে৷ দিবাং লোহিতৰ সংগমস্থলীৰ নদীখন ব্ৰহ্মপুত্ৰ নাম পাইছে৷

ইয়াৰপৰা প্ৰায় ২২ কিলোমিটাৰ অতিক্ৰমি পশ্চিমে দিহাং নদীৰ মূল সুঁতিটো লোহিত বা ব্ৰহ্মপুত্ৰত পৰিছে৷ ব্ৰহ্মপুত্ৰৰ মূল তিনিটা ধাৰা [দিবাং, লোহিত আৰু দিহাং]-ৰ ভিতৰত দিহাং নৈখনেই আটাইতকৈ প্ৰৱল৷ ইয়াক চিৰি লুইত বুলিও জনা যায়৷ দিহাঙখনক তিৰ্বতত য়াৰলোঙ চাঙপো নামেৰে জনা যায়৷ প্ৰাচীন শদিয়াৰ পশ্চিম দিশত ব্ৰহ্মপুত্ৰ বা লুইতৰ তিনিখন আগলি নৈ [দিবাং, লোহিত, দিহাং]-ৰ সংগম ঘটিছে৷ [২৩]
ব্ৰহ্মপুত্ৰক দেউৰী চুতীয়া ভাষাত জী-চিমা বা চিমা-জিমা [২৪], ডিমাচা কছাৰী ভাষাত দৈমা [২৫] আৰু তাই ভাষাত নাম-টি-লাও আৰু নাম-দাউ-ফী [২৬] নামেৰে জনা গৈছিল৷ কোষেশ্বৰ বৰুৱাই প্ৰকৃতিৰ পৰম আদ্যশক্তিক বুজাবলৈ ব্যৱহাৰ কৰা স্বধা শব্দৰ পৰাই স্বধয়াপুৰী আৰু ইয়াৰ পৰাই সধয়াপুৰী = সধিয়া = সদিয়া হোৱাৰ মত পোষণ কৰিছে৷ [২৭]
মহাৰাজ ধীৰনাৰায়ণৰ দিনৰ দুখন ফলি উদ্ধাৰ হৈছিল৷ তাৰে এখন ভূ-দানৰ তাম্ৰপত্ৰ৷ এইখন ২০০১ চনত ঢকুৱাখানাৰ কোঁৱৰ গাঁওত উদ্ধাৰ হৈছিল৷ ড॰ নিত্যানন্দ গগৈয়ে ইয়াৰ পাঠোদ্ধাৰ কৰিছিল৷ এইখন লিপিত চুতীয়া ৰজা ধীৰনাৰায়ণক সধেয়াধিপতি বুলি উল্লেখ আছিল৷ [২৮]
আনহাতে, অৰুণাচলৰ পায়া নদীৰ কাষৰ তাম্ৰেশ্বৰী মন্দিৰৰ ভগ্নাৱশেষৰ কাষত ১৯৫৮ চনত দেৱালা মিত্ৰৰ নেতৃত্বত আনএখন পুৰামাটিৰ ফলক উদ্ধাৰ হৈছিল৷ ড॰ দিনেশ চন্দ্ৰ চিৰকাৰে এইখনৰ পাঠোদ্ধাৰ কৰিছিল৷ এই ফলকখনত ৰজা ধীৰনাৰায়ণক শ্ৰীমত মুক্তাধৰ্মনাৰায়ণ বুলি অভিহিত কৰিছিল৷ [২৯]
উল্লিখিত তাম্ৰফলক আৰু পুৰামাটিৰ ফলক দুখনৰ জৰিয়তে ৰজা ধীৰনাৰায়ণৰ দিনত চুতীয়া ৰাজ্যৰ যথেষ্ট সমৃদ্ধিশালী হোৱাৰ উমান পোৱা যায়৷ এনে এখন সমৃদ্ধিশালী ৰাজ্যৰ নিৰাপত্তাৰ বাবে চুতীয়া ৰাজ্যত এক বিশাল সেনাৰ দল সদায় সষ্টম হৈ আছিল৷
ধীৰনাৰায়ণৰ ৰাজ্য প্ৰশাসন পৰিচালনা কৰা কেইবাজনো বিষয়াৰ নাম পোৱা যায়৷ সেইসকলৰ ভিতৰত মন্ত্ৰী কাজিতৰা বা কাচিতৰা, তামুলী গজৰায় বৰুৱা আৰু সেনাপতিসকল ক্ৰমেঃ থাবাননাও বৰুৱা, মানিকচন্দ বৰুৱা, বৰহুলৌ বৰুৱা, ঢেলা আদিৰ নাম উল্লেখনীয়৷ ইবিলাকৰ ভিতৰত মানিকচন্দ বৰুৱা চুতীয়া ৰাজ্যৰ দিহিং নৈৰ পাৰৰ ভূ-খণ্ডৰ সীমান্ত সুৰক্ষাৰ বাবে নিয়োজিত সেনা বিষয়া আছিল৷ এইজন সেনাপতিয়ে ৰজা ধীৰনাৰায়ণৰ দিনৰপৰা আৰম্ভ কৰি শেষৰজন চুতীয়া ৰজা নীতিপাল বা চন্দ্ৰনাৰায়ণ [ধীৰনাৰায়ণৰ জোৱায়েক]-ৰ সময়লৈকে চুতীয়া ৰাজ্যৰ সীমান্তৰ ৰক্ষাৰ দায়িত্ব পালন কৰি গৈছিল৷
এইজন বীৰ পুৰুষৰ জন্মৰ দিন-তাৰিখৰ সন্দৰ্ভত এতিয়ালৈকে নিশ্চিত তথ্য পোৱা নাই৷ চুতীয়া ৰাজ্যৰ পতনৰ সময়-সূচীলৈ মন কৰিলে তেওঁৰ জন্ম ১৫ শতিকাৰ শেষৰ দশকত হোৱাৰ সম্ভাৱনা আছে৷ মানিকচন্দ বৰুৱাৰ জন্মস্থান হয়তো লাৰুপাৰা নামৰ ভূ-খণ্ডত হৈছিল৷ পুৰণি ডিব্ৰু নৈ আৰু ব্ৰহ্মপুত্ৰ নদীৰ মাজৰ এক বৃহৎ ভূ-খণ্ডৰ উপৰি দিহিং নদীৰ পাৰৰ কিছু অঞ্চল লাৰুপাৰাৰ অন্তৰ্গত হোৱাৰ সম্ভাৱনা আছে৷ জন পিটাৰ ৱেডৰ ‘An Account of Assam’ আৰু হেমচন্দ্ৰ গোস্বামীৰ ‘পুৰণি অসম-বুৰঞ্জী’ আদিত এই ভূ-খণ্ডৰ আভাস পোৱা যায়৷ [৩০], [৩১] ১৯৭১ চনৰ পিছৰে পৰা হোৱা এলানি গড়াখহনীয়াত ডিব্ৰুগড় জিলাৰ ৰহমৰীয়া মৌজাৰ দুখন ৰাজহ গাঁও ক্ৰমে লাৰুপুৰীয়া আৰু লাৰুপুৰীয়া পথাৰ গাঁও ব্ৰহ্মপুত্ৰত জাহ গৈছিল৷ [৩২]
উক্ত গাঁওকেইখনেই ঐতিহাসিক লাৰুপাৰাৰ ঐতিহ্য বহন কৰিছিল৷ যোৱা কেইবা দশকৰ পূৰ্বে ৰহমৰীয়া মৌজাৰ বান-গড়াখহনীয়াত ক্ষতিগ্ৰস্ত হোৱা চুতীয়া জনগোষ্ঠীৰ বিহিয়া ফৈদৰ পৰিয়ালসমূহে নিজকে লাৰুপুৰীয়া বুলি পৰিচয় দি গৌৰৱবোধ কৰিছিল৷ ডেল্টন চাহাবৰ লেখাত চুতীয়াৰ বিহিয়া ফৈদৰ কথা উল্লেখ আছে৷ [৩৩]
সেইদৰে সূৰ্য্যকান্ত খনিকৰে বিহিয়া ফৈদৰ বৰ্ণনা এনেদৰে দিছিল, “বিহিয়া চুতীয়া ঃ বিহ উৎপাদন আৰু কাঁড়ৰ আগত বিহ দিব জনা চুতীয়াসকলক আন চুতীয়াসকলে ভয় কৰিছিল আৰু সাধাৰণতে তেওঁলোকৰ পৰা আঁতৰি চলিছিল৷ এসময়ত তেওঁলোক সামাজিকভাৱে বিচ্ছিন্ন হৈ পৰিছিল৷ এওঁলোকেই বিহীয়া চুতীয়া৷ ৰাজকীয় বাহিনীৰ কাঁড়ৰ আগত বিহ দিয়া এওঁলোকৰ কাৰ্য আছিল৷” [৩৪]
সেইদৰে The Journal of the Asiatic Society of Bengal-ৰ ১৮৩৮ চনত প্ৰকাশিত মণিৰাম দেৱানৰ এটা লেখাত উজনি অসমত সোণোৱাল কছাৰীসকলৰ উপৰি বিহিয়া সোণোৱাল বুলি একে শ্ৰেণীৰ সোণ কমোৱা পাইকৰ কথা তেওঁ উল্লেখ কৰিছিল৷ [৩৫] The Journal of the Asiatic Society of Bengal-ৰ একে সংখ্যা প্ৰকাশিত চাইমন ফেচাৰ্চ হান্নে চাহাবৰ আন এক লেখাত সোণ কমোৱা কাৰ্যত জড়িত বিহিয়া পাইকবিলাক আহোম জনগোষ্ঠীৰ বুলি উল্লেখ আছে৷ [৩৬]
চাইমন চাহাবৰ তথ্যটো আংশিকভাৱে শুদ্ধ বুলি ধৰিলেও, সোণ কমোৱা কামত জড়িত সকলো বিহিয়া সোণোৱাল পাইক আহোম আছিল বুলি মনে নধৰে৷ উল্লেখযোগ্য যে ধেমাজি জিলাৰ চিচিবৰ অঞ্চল আৰু ডিব্ৰুগড় জিলাৰ ৰহমৰীয়া অঞ্চলৰ চুতীয়াসকলেহে আজিও নিজকে বিহিয়া বংশৰ বুলি পৰিচয় দিয়ে৷ সেইফালৰপৰা চাবলৈ গ’লে উজনিৰ নদীসমূহত সোণ সংগ্ৰহ কৰা বিহিয়া সোণোৱাল পাইকৰ মাজত চুতীয়া জনগোষ্ঠীৰ সংখ্যাহে সৰহ আছিল যেন মনে ধৰে৷ আনহাতে, চুতীয়া ৰাজ্যৰ পতনৰ পিছত চুতীয়াৰ বিহিয়া ফৈদৰ কিছু সংখ্যক আহোম জনগোষ্ঠীৰ স’তে সংমিশ্ৰণ হোৱাৰ তথ্যও পোৱা যায়৷ [৩৭]
বিহিয়া খেলৰ লোক সোণোৱাল কছাৰীসকলৰ মাজতো আছে বুলি শুনা যায়৷ হয়তো হান্নে চাহাবে সোণ কমোৱা বিহিয়া সোণোৱালসকল আহোম বিষয়াৰ অধীনৰ পাইক হোৱা হেতুকে সকলো বিহিয়া আহোম জনগোষ্ঠীৰ বুলি ধাৰণা কৰিছিল৷ অৱশ্যে এই বিষয়ে অধিক অধ্যয়ন কৰিলেহে চুতীয়াৰ বিহিয়া ফৈদৰ সোণ কমোৱা পৰম্পৰাৰ বিষয়ে নিশ্চিত হ’ব পৰা যাব৷
চুতীয়া জনগোষ্ঠীৰ বিহিয়া ফৈদৰ অধ্যূষিত লাৰুপুৰীয়া সমাজত মানিকচন্দ বৰুৱাক কেন্দ্ৰ কৰি কেতবোৰ জনশ্ৰুতি আৰু জনগীত প্ৰচলিত হৈ আছিল৷ চুতীয়াসকলৰ নৃত্য-গীতৰ সন্দৰ্ভত দীৰ্ঘদিন ধৰি গৱেষণা কৰি অহা লেখক দেৱেন বৰুৱাই অতি কষ্টেৰে ৰহমৰীয়া মৌজাৰ অন্তৰ্গত চামনি গাঁৱৰপৰা তেনে কেতবোৰ জনগীত আৰু জনশ্ৰুতি সংগ্ৰহ কৰিছে৷ তেওঁ সংগ্ৰহ কৰা এটা জনগীতত মানিকচন্দ নামৰ এজন বীৰপুৰুষৰ কৰ্মৰাজী প্ৰতিফলিত হোৱা দেখা যায়৷
১৯৫০ চনৰ বৰভূইকঁপৰ পিছতে ব্ৰহ্মপুত্ৰৰ গড়াখহনীয়াৰ কবলত নিজৰ ঘৰ-ভেটি হেৰুৱাই গৰিষ্ঠসংখ্যকে ডিব্ৰুগড় তিনিচুকীয়া জিলাৰ বিভিন্ন ঠাইলৈ স্থানান্তৰিত হ’ল৷ গড়াখহনীয়াত ভূমিহীন পৰিয়ালসমূহৰ মাজৰে বহুকেইটা পৰিয়াল ডিব্ৰুগড় জিলাৰ ৰহমৰীয়া মৌজাৰ চামনি নতুন গাঁৱত ঘৰ-বাৰী সাজি আছে৷ তাৰে এটা পৰিয়ালৰে ব্যক্তি প্ৰয়াত ধৰ্মেশ্বৰ শইকীয়াই এনে কেতবোৰ জনগীত স্মৰণ কৰি ৰাখিছিল আৰু সুৰ লগাই গাব জানিছিল৷ দেবেন বৰুৱাই এইজনা ব্যক্তিৰ পৰা শুনি সংগ্ৰহ কৰা জনগীত আৰু ইয়াৰ স’তে জড়িত জনশ্ৰুতিসমূহ ইতিমধ্যে প্ৰকাশৰ দিহা কৰিছে৷
হয়তো বুৰঞ্জী লিখাৰ পৰম্পৰা নথকাৰ বাবে চুতীয়া জনগোষ্ঠীৰ বিহিয়াসকলে গীত বা লোকশ্ৰুতিৰ যোগেদি ইতিহাসৰ ঘটনাবোৰ বংশানুক্ৰমে সংগ্ৰহ কৰি ৰাখিছিল৷ এনেবিলাক জনগীতক অসমীয়া ভাষাৰ মৌখিক সাহিত্যৰ আওতালৈ আনিব পৰা যায়৷ লাৰুপাৰাৰ জনগীতত মানিকচন্দৰ সৌন্দৰ্য আৰু ব্যক্তিত্ব এনেদৰে ফুটি উঠিছে–
“খুন্ত ৰজাৰ দেশৰ মাণিকচন্দ বৰুৱা
কুমুদৰ লেখিয়া চকু;
বুঢ়া-মেথাসৱে ধৰে বেৰি বেৰি
যেনে ভৰা নদীৰ সাঁকো৷”
★★★
“মাণিকচন্দ মুকুতা নহয় শুকান শোকোতা
শাল গছৰ লেখিয়া ওখ,
তামৰ গুটি দিবি ভাৰে সোধাই পাবি
একুৰি কেলৈনো এৰ?
খুন্তৰ সেনাপতি মোৰে আজো-নাতি
গন্ধসৰৈ লেখিয়া টান,
ৰূপৰ পাত দিবি ভাৰে সোধাই পাবি
একুৰিৰ ৰাখিবি মান৷”

ইয়াত খুন্ত ৰজা বুলি চুতীয়া ৰজা ধীৰনাৰায়ণক বুজাইছে৷ চুতীয়া ৰজা ধীৰনাৰায়ণক কিয় খুন্ত ৰজা আখ্যা দিয়া হয় তাৰ এক বৰ্ণনা ‘দেওধাই অসম বুৰঞ্জী’ৰ ‘চুতীয়াৰ কথা’ [দ্বিতীয় আখ্যান]-ত এনেদৰে পোৱা যায়– “ছোট হিন্দুৱানৰ খুন্তৱানৰ ৰজা হ’ল৷ শদিয়াত সিটো ৰজা অবাক ৰূপে থাকে৷ একদিন মন্ত্ৰণা কৰি বৰা-বুৰুক সকলোৱে নামাতিবৰ দেখি নানা বস্তু একত্ৰ কৰি ৰজাক ভেটিবাক গৈল৷ শিৰচুঙ্গি নাম ৰজাৰ মন্ত্ৰীৰ ভায়েকে একজোকা কাজল-কুমুদ প্ৰথমে ৰজাক ভেঁটিলে৷ তাৰ পাচত উপায়ন দ্ৰব্য ভেঁটিলে৷ ৰজা ফুল দেখি বোলে কাজল ফুলটো৷ পাত্ৰ-মন্ত্ৰীসকলেও বোলেঃ হয়৷ সেহিৰূপে ৰজাৰ মাত ওলাল৷ আৰে নাম খুন্ত ৰাজা৷” [৩৮]
ইয়াতে এজন ছোট অৰ্থাৎ চুতীয়া ব্যক্তি হিন্দুৱান আৰু খুন্তৱান নামৰ দুখন প্ৰদেশৰ ৰজা হোৱা কথা উনুকিয়াইছে৷ শদিয়াৰ সেইজন ৰজা অবাক অৰ্থাৎ নিমাত হৈ থাকে৷ ৰজাৰ মৌনতা ভংগ কৰিবলৈ বৰা-বুৰুক খেলৰ বিষয়া বা সভাসদে বিভিন্ন সামগ্ৰী ৰজালৈ আগ বঢ়ায়৷ কিন্তু ইবিলাকে ৰজাৰ মনোভাৱৰ পৰিৱৰ্তন ঘটাব নোৱাৰিলে৷ অৱশেষত শিৰচুঙ্গি নামৰ এজনে এপাহ কাজল-কুমুদ অৰ্থাৎ নীলা পদুম ৰজালৈ আগ বঢ়োৱাত তেওঁৰ মন প্ৰফুল্লিত হোৱাত মৌনতা ভংগ কৰিলে৷ সেই ৰজাজনেই খুন্ত ৰজা ধীৰনাৰায়ণ আছিল৷
এই আখ্যানটোৰ কাহিনীৰ স’তে মানিকচন্দৰ জনশ্ৰুতিৰ এক সামঞ্জস্য আছে৷ লোকশ্ৰুতি অনুসৰি এদিন মহাদেওৱে মানিকচন্দক সপোনত নিৰ্দেশ দিয়ে যে দেশৰ উত্তৰ দিশৰ সীমাত অৱস্থিত পৰ্বতৰ শাৰীটোৰ সিপাৰে এটা সোণৰ পাহাৰ আছে৷ পাহাৰৰ কাষতে এখন অমৃত সাগৰ৷ অমৃত সাগৰক এহাল নাগ-নাগিনী আৰু এটা উৰণীয়া শুকুলা ঘোঁৰাই পহৰা দি থাকে৷ দোভাগ ৰাতি নাগ-নাগিনীহালে ইজনে সিজনক আলিংগন কৰি মতা কুকুৰাৰ দৰে ডাক দিয়াৰ লগে লগে অমৃত সাগৰৰ সোঁ-মাজত এপাহ নীলা কুমুদ ফুলি উঠে৷ সেই কুমুদৰ পাহি যি ছিঙি আনিব পাৰিব সেইজনৰ সাত পুৰুষলৈ ভৰদেওৱে [কুৱেৰ দেৱতা] লগ দিব আৰু অপায় অমংগল, পীড়া-কষ্ট একোৱেও চুব নোৱাৰিব৷
সেই সপোনৰ পম খেদি মানিকচন্দই এদিন মহাদেওক সাক্ষাৎ কৰিলে৷ মহাদেওৱে মানিকচন্দক দিয়া উপদেশত চুতীয়াসকলৰ জন-জীৱনৰ আভাস পোৱা যায়–
“আমি বজাই ফুৰো ডুগেশ্বৰ ডম্বৰু
সিও বোলে মৰমৰ নাতি,
তাৰো দিলো এচলা সাজি ল’বি দৈচলা,
বাঢ়ৈৰ বৰপুতেকক মাতি৷
সাজি ল’বি একাজি তাতে থ’বি কুমুদটি
সিও শাস্ত্ৰ চৌধ্য বাপৰ৷”
উপৰোক্ত লোককথাৰ মাজেৰে প্ৰাক্-শংকৰী যুগৰেপৰা চুতীয়াসকলৰ ধৰ্মীয় আস্থাত শৈৱ আৰু শাক্ত মতাদৰ্শৰ প্ৰাধান্য থকাৰ উমান পাব পাৰি৷
মানিকচন্দই বিচাৰি যোৱা সোণৰ পাহাৰ আৰু অমৃত সাগৰৰ অন্তৰালত গভীৰ অৰ্থ নিহিত হৈ আছে৷ হিন্দুসকলৰ ধৰ্মীয় বিশ্বাসত কৈলাস পৰ্বতক মহাদেও শিৱৰ আৱাস বুলি মান্যতা দিয়ে৷ তিৰ্বতৰ মানস সৰোবৰৰ কাষতে কৌলাশ পৰ্বত অৱস্থিত৷ মানস সৰোবৰে লাৰুপৰীয়াৰ কল্পকাহিনীত হয়তো অমৃত সাগৰৰ ৰূপ পাইছিল৷
মানস সৰোবৰত নীলা পদুম ফুলে৷ মানিকচন্দ বৰুৱাই নীলা পদুম বিচাৰি কৈলাসত উপস্থিত হোৱা ঘটনাটো বাস্তৱ যেন নালাগে৷ কিন্তু প্ৰাচীন কালৰেপৰা চুতীয়া ৰাজ্যৰ স’তে তিৰ্বতৰ বাণিজ্যিক আদান-প্ৰদান অব্যাহত আছিল৷ সেয়ে জনশ্ৰুতিত উল্লিখিত সোণৰ পাহাৰ আৰু অমৃত সাগৰ প্ৰকাৰান্তৰে তিৰ্বতৰ কৈলাস পৰ্বত আৰু মানস সৰোবৰকে প্ৰতীকি ৰূপ বুলি ধাৰণা হয়৷ ড॰ বিৰিঞ্চি কুমাৰ বৰুৱাই ‘A Cultural History of Assam’ নামৰ গ্ৰন্থখনত পৱিত্ৰ কৈলাশ পৰ্বতৰপৰা সোণৰ ধূলিকণা ব্ৰহ্মপুত্ৰই বোৱাই লৈ অহাৰ তথ্য এটা উনুকিয়াইছিল৷ [৩৯]

ইতিমধ্যে উল্লেখ কৰা হৈছে যে মানস সৰোবৰৰপৰা বৈ অহা য়াৰলোঙ চাংপো নদীখনেই অৰুণাচলৰ মাজেদি দিহাং নামেৰে বৈ আহি দিবাং আৰু লোহিত নদীৰ স’তে মিলি বিশাল ব্ৰহ্মপুত্ৰৰ ৰূপ লৈছে৷ এসময়ত অসমৰ নদ-নদীসমূহত যথেষ্ট সোণ পাইছিল [সোণ সংগ্ৰহ কৰা বিহিয়া চুতীয়াসকলৰ কথা ইতিপূৰ্বে উনুকিয়াই অহা হৈছে৷]৷
দিহাং নদীখনে অৰুণাচলৰ পাচি গাঁৱৰ ওচৰত যিটো অঞ্চলত ভাঁজ লৈ ভৈয়ামলৈ নামি আহিছে, সেই অংশতে এটা থিয় পৰ্বত আছিল৷ ব্ৰিটিছৰ তথ্য-পাতিত ইয়াক ‘ৰেগাম’ বুলি চিনাক্ত কৰা হৈছিল৷ ব্ৰিটিছ বিষয়া লেফটেনেণ্ট আৰ. উইলক’ৰ তথ্য অনুসৰিঃ আবৰ জনজাতিসকলে এই পৰ্বতটোক বনদেৱতাৰ আৱাস বুলি বিশ্বাস কৰিছিল৷ [৪০]
চুতীয়াসকলৰ জনবিশ্বাসত দেওকুৱেৰ উত্তৰ দিশৰ অধিপতি [দেওকুবেৰৰ আশিসধন্য হৈয়েই চুতীয়াৰ ৰাজ-পৰিয়ালসমূহ ঐশ্বৰ্যশালী হৈ পৰিছিল বুলি বিশ্বাস কৰা হৈছিল৷]। আবৰ [পাদাম]-সকলৰ বন-দেৱতা বাস কৰা ৰেগাম পৰ্বত উত্তৰ দিশতে আছে৷ অৰুণাচলৰ জনজাতিসমূহৰ মাজত প্ৰচলিত কেতবোৰ লোকবিশ্বাসৰ স’তে চুতীয়াসকলৰ ধৰ্মীয় উপাদানৰ সামঞ্জস্য থকা চকুত পৰে৷
আনহাতে, এসময়ত চুতীয়াসকলৰ বিহিয়া ফৈদৰ পৰিয়ালসমূহে ভৰদেও নামৰ এজন দেৱতালৈ পূজা আগ বঢ়াইছিল৷ এইজন থলুৱা দেৱতাৰ পূজা-অৰ্চনা বৰ্তমান প্ৰচলন নাই৷ হয়তো হিন্দু দেৱ-দেৱীসকলৰ উপাসনাই প্ৰাধান্য পোৱাৰে পৰা ভৰদেওৰ দৰে থলগিৰি অপদেৱতা বা বন-দেৱতাৰ লগত জড়িত বিশ্বাসমূহ সৰ্বসাধাৰণৰ মনৰ পৰা হেৰাই গৈছিল৷
মানিকচন্দৰ জনগীতত এহাতে অলৌকিক আৰু ভৌতিক চিন্তা-ভাৱনাৰ প্ৰয়োভৰ ঘটিছে, আনহাতে মধ্যযুগৰ চুতীয়াসকলৰ সমাজ-ব্যৱস্থাৰ বিভিন্ন দিশ প্ৰতিফলিত হৈছে৷ উদাহৰণস্বৰূপে, এবাৰ খুন্ত [ধীৰনাৰায়ণ] ৰজাৰ আদেশত মাণিকচন্দ বৰুৱাই ৰাজ্যৰ সেনাবাহিনীত নিয়োগ কৰিবলৈ গাঁৱে গাঁৱে ‘দগা ল’ৰা’বোৰ বিচাৰি ফুৰিছিল৷ দগা ল’ৰা বুলিলে ঘৰুৱা কামত মন নিদি ধনু-কাঁড়, বাটলুগুটি লৈ বনৰীয়া চৰাই, পহু আদি চিকাৰ কৰি ফুৰা উৎপতীয়া ল’ৰামখাক বুজাইছিল৷ এনে অঘাইতং ল’ৰাবোৰে চিকাৰত স্বাভাৱিকতে পাকৈত হৈ পৰে৷ তেওঁলোকে নিজাববীয়াকৈ চিকাৰৰ বাবে বাটলুগুটি ধেনু, কাঁৰ্ফাই ধেনু, বৰধেনু, বিভিন্ন ধৰণৰ কাঁড়, যাঠি, দা, ছিটিকা, ৰচী, জুই; লোৱা সঁজুলি, নাও, টঙিঘৰ আদি সাজি বা যোগাৰ কৰি ল’ব জানিছিল৷
অৰণ্যৰ মাজে মাজে ধপলিয়াই ফুৰা তেনেকুৱা সাহিয়াল ডেকা ল’ৰাই ৰাজকীয় পৃষ্ঠপোষকতাত অতি সহজতে যুদ্ধ-কৌশলত সিদ্ধহস্ত হৈ পৰিছিল৷ এনে দগা ল’ৰাসমূহক তিনি ভাগত ভগোৱা হৈছিলঃ বাম দগা, মাজ দগা আৰু ৰাম দগা৷ বাম দগা আৰু মাজ দগাসমূহক ৰজাৰ মানুহে ধৰি আনি ভলুকা বাঁহৰ টাঙোনেৰে কোবাই ইবিলাকৰ গাত লম্ভা খেতৰ খেদি কৃষি কৰ্মত ব্যস্ত হ’বলৈ বাধ্য কৰাইছিল [বিহিয়াসকলৰ জনবিশ্বাসত খেতৰ নামৰ অপদেৱতাৰ কেইবাটাও ভাগ আছে৷]৷
আনহাতে, ৰাম দগাসমূহক ধৰি নি সেনাৰ ছাউনিত উন্নত মানৰ যুদ্ধ-কৌশলৰ প্ৰশিক্ষণ দিয়া হৈছিল৷ প্ৰশিক্ষণ সামৰাৰ পিছত তেওলোকক দেশৰ ৰণুৱা বাহিনীত মোতায়েন কৰিছিল৷ দেশৰ বিপৰ্যয়ৰ সময়ত বাম আৰু মাজ দগাসমূহৰ মাজৰ পৰাও ল’ৰাবোৰে যুদ্ধত অংশ লৈছিল আৰু পৰিস্থিতি শান্ত হ’লে তেওঁলোক পুনৰ গাঁৱলৈ ওভতি যাব পাৰিছিল৷

গাঁৱে গাঁৱে এনে কেতবোৰ ৰণুৱা গোটাই ফুৰোঁতেই মানিকচন্দৰ মনদৈ নামৰ এগৰাকী ৰূপহীৰ সৈতে চিনা-পৰিচয় ঘটিছিল৷ সেই সময়ত মানিকচন্দৰ বয়স একুৰি এবছৰ আৰু মনদৈৰ বয়স চৈধ্য বছৰ মাত্ৰ৷ মনদৈ ডিবৰু নৈৰ পাৰৰ এখন গাঁৱৰ চহকী খেতিয়ক পহুৰামৰ জীয়েক আছিল৷ পহুৰামে খাৰ তৈয়াৰ কৰি শদিয়াৰ খুন্ত ৰজাৰ ভঁৰাললৈ পঠায়৷ খাৰ তৈয়াৰ কৰিবৰ নিমিত্তে পহুৰামে বাৰীত অনেকবিধ গছ ৰুইছিল৷
এই গছসমূহৰ নামসমূহ এনেধৰণৰঃ বৰ গছৰ ভিতৰত গমাৰি, চতিয়না, যখিনী হাত, পলাশ, পাৰলি, ফাকডেমা, ভোমলতি, ভোমোৰা, মদাৰ আৰু শাল৷ মাজু গছৰ ভিতৰত সোণাৰু, মানসিজু, পানীসিজাল, আকণ, আগেচিতা, কৰচ, কুটজ আৰু তিতাবাহেক৷ সৰু গছৰ ভিতৰত গৰবী আৰু পচতীয়া৷ লতাৰ ভিতৰত লেটাগুটি৷ কলৰ ভিতৰত চেনী চম্পা, মালভোগ, আঠিয়া কল৷ বাটৰ বাটৰুৱাই পহুৰামৰ বাৰীখন ৰ লাগি চাইছিল৷
পাছলৈ মানিকচন্দই সেই পহুৰামৰ জীয়েক মনদৈৰ স’তে বিবাহপাশত আৱদ্ধ হৈছিল৷ প্ৰৱাদ মতে, মানিকচন্দ-মনদৈৰ দুটি ল’ৰা আৰু তিনিগৰাকী ছোৱালী সন্তান জন্ম হৈছিল৷ কিন্তু মানিকচন্দ-মনদৈৰ সুখৰ সংসাৰখনলৈ এদিন কাল অমানিশা নামি আহিছিল৷ আহোমৰ বৰ্ধিত আগ্ৰাসনে চুতীয়া ৰাজ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছিল৷ সংসাৰৰ মোহ আঁতৰাই দেশমাতৃৰ অৰ্থে যুঁজিবলৈ মানিকচন্দৰ দৰে অনেক ৰণুৱা সাজু হৈছিল৷ কিন্তু ৰণাংগনৰ পটভূমি অনুধাৱন কৰিবলৈ হ’লে জনশ্ৰুতিৰ ৰূপকধৰ্মী জগতখন একাষৰীয়া কৰি ইতিহাসৰ পৃষ্ঠাবোৰ ফঁহিয়াই চোৱাৰ প্ৰয়োজন আছে৷
আহোম চাওফা ছ্যু-হুং-ম্যুং [১৪৯৭-১৫৩৯] বা দিহিঙীয়া ৰজাই নিজৰ ৰাজত্বকালত অতি পৰাক্ৰমেৰে আহোম ৰাজ্যৰ পৰিধি বিস্তাৰ কৰিছিল৷ আইতনীয়া নগাৰ বিদ্ৰোহ দমন কৰি তেওঁ চুতীয়া ৰাজ্য আক্ৰমণ আৰম্ভ কৰে৷ পোনতে তেওঁ ব্ৰহ্মপুত্ৰৰ উত্তৰকুলে অৱস্থিত হাবুঙৰ পাণবাৰী অধিকাৰ কৰে৷ [৪১], [৪২] গেইট চাহাবৰ মতে, দিহিঙীয়া ৰজাই চুতীয়া ৰাজ্যৰ অন্তৰ্গত হাবুঙৰ পানবাৰী জয় কৰা ঘটনাতো ১৫১২ খ্ৰিষ্টাব্দত সংঘটিত হৈছিল৷[৪৩]
পানবাৰী বা হাবুঙত হোৱা আক্ৰমণৰ ফলত চুতীয়াৰ ক্ষয়-ক্ষতিৰ বিশেষ বিৱৰণ পুৰণি বুৰঞ্জীবিলাকত উল্লেখ নাই৷ হয়তো ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে চলোৱা অভিযানত আহোম সেনাই হাবুং খণ্ডত চুতীয়া সেনাৰ ফালৰ পৰা বিশেষ প্ৰত্যাহ্বান পোৱা নাছিল । ব্ৰহ্মপুত্ৰৰ উত্তৰকুলে আহোমৰ সাম্ভাব্য আক্ৰমণৰ বাবে চুতীয়াৰ সেনাবিষয়াসকল প্ৰস্তুত নাছিল নতুবা সেই অঞ্চলসমূহত পৰ্যাপ্ত পৰিমাণে চুতীয়া সেনা মজুত নাছিল যেন ধাৰণা হয়৷
আনহাতে, ১৫১০ খ্ৰিষ্টাব্দত দিহিঙীয়া ৰজাই নিজৰ ৰাজ্যৰ সেই সময়ত সৌমাৰখণ্ডৰ দক্ষিণকুলত অৱস্থিত চুতীয়া ৰাজ্যৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সীমান্ত অঞ্চলটোৰ প্ৰতিৰক্ষাৰ দায়িত্বত মানিকচন্দ বৰুৱা আছিল৷ মানিকচন্দই দিহিঙৰ পাৰৰ দুৰ্গৰপৰা শত্ৰুৰ গতিবিধি নিৰিক্ষণ কৰি আছিল৷ সেই সময়ত নদীসমূহে ৰাজ্যসমূহৰ সীমা নিৰ্ধাৰণৰ বেলিকা মুখ্য ভূমিকা লৈছিল৷
ঘন বৰ্ষাৰণ্যৰে ভৰা উজনি অসমত স্থলপথতকৈ জলপথহে যাতায়াতৰ উপযোগী আছিল৷ দুই-এক ৰাজআলিৰ বাদে সৰ্বসাধাৰণে স্থলপথেৰে যাতায়াতৰ বাবে লুংলুঙীয়া বাটহে ব্যৱহাৰ কৰিব পাৰিছিল৷ ইতিহাসত চুতীয়া সেনাই হাবি কাটি পথ উলিয়াই অভিযান কৰাৰ দুই-এক তথ্য পোৱা যায়৷ ১৯ শতিকাতো ব্ৰিটিছ বিষয়াসকলে উজনি অসমৰ ঘন অৰণ্যত অভিযান চলাওঁতে বনৰীয়া হাতীয়ে অহা-যোৱা কৰা পথৰ ব্যৱহাৰ কৰাৰ বিৱৰণ পোৱা যায়৷ [৪৪]
মূলতঃ ১৬ শতিকাৰ অসমত যুদ্ধ-বিগ্ৰহৰ দৰে আপাতঃকালীন সময়ত জলপথসমূহৰ গুৰুত্ব অপৰিসীম আছিল৷ আজিৰ দিনত পথৰ কাষৰ আৰক্ষী বা সেনাবাহিনীৰ নিৰীক্ষণ চকীসমূহৰ দৰে সেই সময়ত দুখন বা তাতোধিক নৈৰ সংগমস্থলীত একোটা দুৰ্গ বা কোঁঠ স্থাপন কৰা হৈছিল৷
সাধাৰণতে জলপথেদি শত্ৰুৰ নৌকা দেখা মাত্ৰকে পহৰাদাৰী সৈন্যসমূহ সষ্টম হৈ উঠে আৰু অনাধিকাৰ প্ৰৱেশ কৰা নৌকাৰ ওপৰত হিলৈ, অগ্নি কাঁড় নিক্ষেপ কৰি নতুবা যুঁজাৰু নাৱেৰে খেদি গৈ আক্ৰমণ কৰিছিল৷ দিহিং নৈৰ উপৰি চেঁচা, ডিব্ৰু নৈৰ পাৰত চুতীয়াসকলৰ বিভিন্ন স্থানত দুৰ্গ বা নিৰীক্ষণ চকী থকাৰ সন্দেহ হয়৷ দুৰ্গসমূহ দুখন বা তাতোধিক নৈৰ সুঁতিৰ মিলন হোৱা স্থানত নিৰ্মাণ কৰা হৈছিল৷

সেই সময়ত চেঁচা, ডিব্ৰু আদি নৈ দিহিঙত পৰিছিল৷ কিন্তু পুৰণি দিহিং আৰু ডিব্ৰু বৰ্তমান ব্ৰহ্মপুত্ৰত বিলীন হোৱাত ইবিলাকৰ সঠিক ভৌগোলিক অৱস্থিতিৰ সন্দৰ্ভত নিশ্চিত তথ্য পোৱাটো জটিল৷ তাতে অসমৰ নদ-নদীসমূহৰ ভিতৰত দিহিং নদীখনৰ ব্যাপক পৰিৱৰ্তন হৈছিল৷
দিহিং নদীখন অৰুণাচলৰ নামদফা অভয়াৰণ্যৰ মাজেৰে দিয়ুন নামেৰে বৈ মিয়াও অঞ্চলত দুটা ভাগত বিভক্ত হৈছে৷ তাৰে এটা সুঁতি ন-দিহিঙ হিচাপে শদিয়া চপাখোৱাৰ ফালে [ব্ৰহ্মকুণ্ডৰ কাষেৰে] বৈ অহা লোহিত নদীত বিলীন হৈছে৷ আনটো মূল সুঁতি বুঢ়ীদিহিং বা দিহিং নামেৰে বৰ্তমান ডিব্ৰুগড় জিলাৰ নামৰূপৰ মাজেৰে বৈ আহি জকাই বনাঞ্চল পাৰ হৈ ব্ৰহ্মপুত্ৰত পৰিছে৷ বুঢ়ীদিহিঙৰ আগলি নৈখনৰ তাই প্ৰতিশব্দ নামফুক বা নামহুক৷ [৪৫]
এসময়ত দিহিংখন লুইতৰ সমান্তৰালভাৱে বৈ গৈ মাজুলীৰ পশ্চিমত লুইতত পৰিছিল৷ ড॰ যোগেন্দ্ৰ নাথ শৰ্মাই ১৭৫০ চনত ব্ৰহ্মপুত্ৰই গতি সলাই দক্ষিণ দিশেৰে প্ৰৱল হৈ দিহিঙত লগ লাগিছিল বুলি যুক্তি দৰ্শাইছে৷ [৪৬]
২০১৮ চনত পুৰাতত্ত্ব দপ্তৰে ডিব্ৰুগড় জিলাৰ দিহিং নৈৰ পাৰৰ খামতি ঘাটৰ ওচৰত মৌৰামৰা থানত এক প্ৰাচীন মন্দিৰৰ অৱশেষ উদ্ধাৰ কৰিছিল৷ প্ৰত্নতত্ত্ব সঞ্চালকালয়ৰ সঞ্চালক ড॰ দীপি ৰেখা কুলিয়ে এই মন্দিৰটো অষ্টম আৰু নৱম শতিকাৰ হোৱা সম্ভাৱনা ব্যক্ত কৰিছিল৷ [৪৭] যিহেতু এই অঞ্চলসমূহ দীৰ্ঘদিন ধৰি চুতীয়া ৰাজ্য অন্তৰ্গত আছিল গতিকে ইয়াত চুতীয়াৰ ৰাজত্বকালৰ নিৰ্মাণ শৈলীৰ প্ৰভাৱ চিনাক্ত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ৷
হাবুং পানবাৰীখণ্ড আহোমৰ কবলত পৰাৰ পিছত স্বাভাৱিকতে চুতীয়াসকলৰ মনত ক্ষোভ পুঞ্জীভূত হৈ আছিল৷ দিহিং নৈয়েদি উটি অহা বৰালি মাছ এটাক কেন্দ্ৰ কৰি আহোম-চুতীয়াৰ মাজত পুনৰ সীমা বিবাদৰ সূত্ৰপাত হয়৷ দিহিং নৈত উটি অহা মাছ আহোমে ইপাৰৰ পৰা আহি ধৰে৷ এই কাৰ্য সহিব নোৱাৰি চুতীয়াৰ পক্ষৰ কিছু লোকে আহোমৰপৰা বৰালি মাছ কাঢ়ি আনিবলৈ নাৱেৰে খেদি যায়৷ কিন্তু আহোমৰ লগত টনা-আঁজোৰা কৰিবলৈ গৈ চুতীয়াৰ দুজনমান আহোমৰ হাতত বন্দী হয়৷
সেই সময়ত চুতীয়া ৰাজ্যত আহোমৰ আগ্ৰাসনৰ উমান পাই সতৰ্ক ভূমিকা লোৱা সেনাপতিজনেই আছিল মানিকচন্দ বৰুৱা৷ মানিকচন্দ বৰুৱাৰ আহ্বানে চুতীয়া ৰাজ্যৰ ৰজাঘৰীয়া আৰু প্ৰজাঘৰীয়া সকলোৰে মনত এক আলোড়নৰ সূচনা কৰিছিল৷ এই ঘটনাৰ তথ্যসূত্ৰ বুৰঞ্জীসমূহত পোৱা যায়৷ [৪৮], [৪৯] মানিকচন্দ বৰুৱাই দিহিং নদীত আহোমে মাছ ধৰা কাৰ্যক সহজভাৱে লোৱা নাছিল৷

শতৰুৰ অনাধিকাৰ প্ৰৱেশ যিকোনো প্ৰকাৰে বাধা দিয়াৰ প্ৰয়াস কৰিছিল৷ কিন্তু বৰালি মাছক লৈ হোৱা হতাহতিত চুতীয়া পক্ষৰ মানুহ আহোমৰ হাতত বন্দী হয়৷ মানিকচন্দই দিহিং নৈত মাছ ধৰিবলৈ অহা মানুহৰ স’তে আহোম সেনাৰ উপস্থিতিৰ যেন উমান পাইছিল৷ তেওঁ শত্ৰুক দুৰ্বল বুলি ভৱাৰ ভুল কৰা নাছিল৷ পৰিস্থিতিৰ গম্ভীৰতা অনুভৱ কৰি অনতিপলমে ৰজাঘৰীয়ালৈ বাৰ্তা প্ৰেৰণ কৰিছিল৷ এই কাৰ্যই মানিকচন্দ বৰুৱাৰ নিজৰ কৰ্তব্যৰ প্ৰতি নিষ্ঠা আৰু দায়বদ্ধতাকেই সূচায়৷
এই ঘটনাৰ স’তে ১৮ শতিকাত আমেৰিকাৰ স্বাধীনতাৰ যুঁজৰ ইতিহাসত ভাগ লোৱা পল ৰিভাৰ নামৰ এজন সেনা বিষয়াৰ ভূমিকাক তুলনা কৰিব পাৰি৷ ১৭৭৫ চনৰ ১৮ এপ্ৰিলৰ তাৰিখে মাজনিশা ইংৰাজ সেনাই বষ্টনৰ পৰা ৱেলিংটন অভিমুখে আগ বঢ়াৰ বাৰ্তা পাই পল ৰিভাৰে ঘোঁৰা চেঁকুৰাই দহ মাইল দূৰৰ ৱেলিংটনত বাহৰ পাতি থকা আমেৰিকাৰ স্বাধীনতাৰ সেনাবাহিনীক অৱগত কৰিছিল৷ পল ৰিভাৰৰ আগতীয়া সৰ্তক-বাণীৰ ফলত দ্বিতীয় দিনা অৰ্থাৎ ১৭৭৫ চনৰ ১৯ এপ্ৰিলত ৱেলিংটনৰ আমেৰিকানসকলে ইংৰাজ সেনাবাহিনীক ঘটুৱাবলৈ সক্ষম হৈছিল৷ আমেৰিকাৰ ইতিহাসত এই ঘটনাক পল ৰিভাৰৰ্চ মিডনাইট ৰাইড [Paul Revere’ব্দ Midnight Ride) বুলি অভিহিত কৰা হয়৷ [৫০]
এইখিনিতে মানিকচন্দ বৰুৱাই যোগাযোগ কৰা ৰজা বা ৰাজ-পৰিয়ালৰ সদস্যজনক চিনাক্ত কৰাটো প্ৰয়োজন৷ চুতীয়া ৰাজ-পৰিয়াললমূহে ইতিহাসক লিপিৱদ্ধ কৰাৰ পৰম্পৰা বৰ্তাই নৰখাৰ হেতু আজিও চুতীয়া বুৰঞ্জীৰ ঘটনাসমূহ বিশ্লেষণৰ বেলিকা বিভ্ৰান্তিত পৰিব লগা হয়৷ উদাহৰণস্বৰূপে সূৰ্য্যকুমাৰ ভূঞাৰ সম্পাদিত ‘অসম বুৰঞ্জী’ত মানিকচন্দই খুন্ত ৰজাৰ জোঁৱায়েকক খৱৰ দিছে৷
আনহাতে, তেওঁৰে সম্পাদিত ‘সাতসৰী অসম বুৰঞ্জী’ত মানিচন্দ [মানিকচন্দ]-ই বীৰনাৰায়ণক জনোৱাৰ কথা উল্লেখ কৰিছে৷ মধ্যযুগত আহোমৰ ৰজাঘৰীয়া বুৰঞ্জী-লেখকসকলে চুতীয়া ৰাজ-পৰিয়ালৰ তথ্যসমূহক লিপিৱদ্ধ কৰোতেও হয়তো সমস্যাৰ সন্মুখীন হৈছিল৷ বহু ক্ষেত্ৰত ইবিলাকত সন্নিবিষ্ট তথ্যসমূহৰ মাজত যথেষ্ট তাৰতম্য দেখা যায়৷ তাৰ বিপৰীতে মানিকচন্দৰ দৰে সেনাপতিৰ বিৱৰণ স্পষ্টভাৱে পোৱা যায়৷ হয়তো সন্মুখ সমৰত উভয় পক্ষৰ সেনা বিষয়াসকল সঘনাই মুখামুখি হোৱাৰ পৰিপ্ৰেক্ষিতত আহোম সেনাপতিসকলে চুতীয়াৰ প্ৰধান সেনাবিষয়াসকলক ভালকৈ চিনিব পাৰিছিল৷
এতিয়া খুন্ত ৰজাৰ জোঁৱায়েক বুলিলে আমি ৰজা ধীৰনাৰায়ণৰ কন্যা সাধনী কুঁৱৰীৰ স্বামী নীতিপাল বুলি অনুমান কৰিব পাৰোঁ৷ সূৰ্য্যকুমাৰ ভূঞাৰ সম্পাদিত ‘দেওধাই অসম বুৰঞ্জী’ত ‘চুটিয়াৰ কথা’ শীৰ্ষক দুটা আখ্যান পোৱা যায়৷ ইয়াৰ সাৰাংশ এনেধৰণৰঃ
ৰজা ধীৰনাৰায়ণে সাধনীৰ বিবাহৰ বাবে উপযুক্ত দৰা নিৰ্বাচনৰ বাবে এক সয়ম্বৰৰ আয়োজন কৰিছিল৷ সয়ম্বৰৰ চৰ্ত অনুসৰি, কেৰ্কেটুৱা এটাক একেপাত কাঁড়েৰে যি শালিব পাৰিব তেওঁকেই সাধনীয়ে পতি বৰণ কৰিব বুলি ধীৰনাৰায়ণে অংগীকাৰ কৰে৷ কিন্তু ৰাজ্যৰ সম্ভ্ৰান্ত পৰিয়ালৰ যুৱকসকল কেৰ্কেটুৱা শৰবিদ্ধ কৰিবলৈ অপৰাগ হ’ল৷ তেনেতে এক সামান্য খৰিভাৰী [অন্যান্য বুৰঞ্জী অনুসৰি গৰখীয়া]-য়েহে এই কাৰ্যত সফল হ’ল৷
ধীৰনাৰায়ণে অংগীকাৰ অনুসৰি সাধনী কুঁৱৰীৰ সামান্য চুতীয়া ল’ৰাৰ স’তে বিবাহ সম্পন্ন কৰে৷ পৰৱৰ্তী সময়ত জীয়েক সাধনীৰ কথা পেলাব নোৱাৰি জোঁৱায়েকক কুৱেৰপ্ৰদত্ত সম্পদ আৰু ৰাজপাট গটাই নিজে বনবাসলৈ গৈ সিন্ধুক্ষেত্ৰত প্ৰাণ ত্যাগ কৰিলে৷ ধীৰনাৰায়ণৰ প্ৰস্থানৰ পিছত জোঁৱায়েকে নিত্যপাল নাম গ্ৰহণ কৰি চুতীয়া ৰাজ্যৰ সিংহাসনত আৰোহন কৰে৷ সূৰ্য্যকুমাৰ ভূঞা সম্পাদিত ‘দেওধাই অসম বুৰঞ্জী’ৰ দুয়োটা আখ্যানে বীৰাংগনা সাধনীৰ কাহিনীকেই সমৰ্থন কৰে৷ সূৰ্য্যকুমাৰ ভূঞাই ‘দেওধাই অসম বুৰঞ্জী’ৰ পাতনিত এই আখ্যানটো ১৮৫০ চনৰ ডিচেম্বৰ মাহৰ অৰুনোদইৰ পাতত উইলিয়াম ৰবিনচন চাহাবৰ ‘চুটিয়া ৰাজাৰ বংসাৱলি’ নামৰ লেখাটোৰ পৰা সংগ্ৰহ কৰি সন্নিবিষ্ট কৰাৰ কথা উল্লেখ কৰিছে৷ [৫১]

এই কাহিনীটোৰ ওপৰতে নিৰ্ভৰ কৰি ধীৰনাৰায়ণে জীয়েক-জোঁৱায়েকক ৰাজ্যভাৰ গতাই সন্ন্যাসী হোৱাৰ ঘটনাটোক প্ৰাধান্য দি চুতীয়া ৰাজ্যৰ ইতিহাসসমূহ প্ৰণয়ন কৰি অহা হৈছে৷ এক কথাত ক’বলৈ গ’লে এই আখ্যানটোৱেই চুতীয়া ৰাজ্যৰ ইতিহাসৰ শিলৰ ৰেখা হিচাপে পৰিগণিত হৈছে৷
কিন্তু সমসাময়িক অন্যান্য পুৰণি আহোম বুৰঞ্জী আৰু ঢকুৱাখানাত উদ্ধাৰ হোৱা ধীৰনাৰায়ণৰ লিপিৰ সময়সূচীলৈ চকু ফুৰালে দেশৰ বিপৰ্যয়ৰ সময়ত ধীৰনাৰায়ণে বনবাসত নহয়, ৰণাংগনতহে প্ৰাণ ত্যাগ কৰাৰ সম্ভাৱনা আছে৷ যিমানদূৰ সম্ভৱ ধীৰনাৰায়ণে নিজৰ ৰাজ্যৰ এটা অংশহে হয়তো জোঁৱায়েকক প্ৰদান কৰিছিল৷ কিন্তু কেৱল অনুমানৰ ভিত্তিত ইতিহাসৰ একোটা সিদ্ধান্তত উপনীত হ’ব নোৱাৰি৷ কেতবোৰ পৌৰাণিক কাহিনীৰ উপাদানে চুতীয়া ৰাজবংশৰ ইতিহাসক ব্যাপক ৰূপত ছানি আছে, যাৰ ফলত বহু সত্য ঘটনা উদ্ঘাটন কৰাত অসুবিধা হয়৷
সেইদৰে ৰাজকোঁৱৰ বীৰনাৰায়ণৰ কাহিনী কাল্পনিক নে ঐতিহাসিক আজিপৰ্যন্ত চৰ্চা হোৱা নাই৷ ‘সাতসৰী অসম বুৰঞ্জী’ত এইজন ৰাজকোঁৱৰক ধৰ্মনাৰায়ণৰ পুত্ৰ হিচাপে পৰিচিত কৰি দিয়া হৈছে৷ আহোমৰ বিৰুদ্ধে কেইবালানি যুদ্ধত অৱৰ্তীৰ্ণ হৈ বীৰনাৰায়ণে শেষত মৃত্যুবৰণ কৰিছিল৷ [৫২] আপাত দৃষ্টিত ৰজাই জোঁৱায়েককে পুত্ৰসম জ্ঞান কৰিছিল বুলি ধৰিলে ৰাজকুমাৰ বীৰনাৰায়ণেই নিত্যপাল হ’ব পাৰে৷ কিন্তু চুতীয়াৰ স’তে হোৱা ৰণত ৰজাৰ পুত্ৰই ৰণাংগনত ভাগ লোৱাৰ কথা কেইবাখনো আহোম বুৰঞ্জীত উল্লেখ থকালৈ লক্ষ্য কৰিলে, চুতীয়া ৰজা ধীৰনাৰায়ণৰ বীৰনাৰায়ণ নামৰ এজন প্ৰাপ্তবয়স্কৰ বীৰ পুত্ৰ থকাৰ পূৰ্ণ সম্ভাৱনা নুই কৰিব নোৱাৰি৷ অনাগত দিনত এইবিলাক তথ্যৰ পুংখানুপুংখভাৱে বিশ্লেষণ হোৱা উচিত৷
পুনৰ মানিকচন্দৰ সমৰ ভূমিলৈ উলটি যোৱা যাওক৷ মানিকচন্দৰ আহ৩ানৰ প্ৰতি সমৰ্থন জনাই চুতীয়া ৰজা ধীৰনাৰায়ণে সেনাপতিসকলক লগত লৈ আহোম ৰাজ্য আক্ৰমণৰ বাবে আগ বাঢ়ে৷ ১৫১৩ খ্ৰিষ্টাব্দত চুতীয়া সেনাৰ এটা বাহিনী চেৰুৱাকটাইদি হাবি কাটি স্থলপথেৰ আগ বাঢ়ে৷ আনহাতে, চুতীয়া নৌ-বহৰসমূহ দিখৌমুখলৈ ভটিয়াই আহে৷ দিখৌমুখত পচলা গড় সাজি আহোম ৰাজ্যৰ সীমাৰ ভিতৰত যুদ্ধ কৰিবলৈ সাজু হয়৷ চুতীয় ৰণুৱাসকলৰ এটা বাহিনী এখন বিল [নংকংমুং]-ৰ পাৰত সষ্টম হয়৷ চুতীয়াৰ আক্ৰমণৰ সম্ভেদ পাই আহোম ৰজাই প্ৰত্যক্ৰমণ কৰে৷ দিখৌমুখ আৰু নংকংমং বিলৰ পাৰত চুতীয়াসকল পৰাজয় বৰণ কৰি পিছুৱাই আহিবলৈ বাধ্য হয়৷ এই ঘটনাৰ বিৱৰণ ইতিহাসত বিস্তাৰিতভাৱে পোৱা যায়৷ [৫৩, [৫৪], [৫৫]
চুতীয়া ৰজা ধীৰনাৰায়ণে আহোম ৰাজ্যক পূবে নংকংমুং বিল আৰু পশ্চিমে তেতিয়াৰ দিহিঙমুখৰ ফালৰপৰা আক্ৰমণ কৰাৰ পৰিকল্পনা কৰিছিল৷ যিমানদূৰ সম্ভৱ নংকংমুং বিলখন বৰ্তমানৰ দিচাং আৰু দিহিংমুখৰ মাজৰ ভূ-খণ্ডত অৱস্থিত আছিল৷ এই বিলখন আহোম ৰাজ্যৰ নৌ-বহৰ হিচাপেও ব্যৱহাৰ হোৱাৰ সম্ভাৱনা আছে৷ চুতীয়া ৰজা ধীৰনাৰায়ণে খুবেই পৰিকল্পিতভাৱে আহোম ৰাজ্যত মোক্ষম আঘাত সানিব খুজিছিল৷
স্বৰ্ণলতা বৰুৱাৰ তথ্য অনুসৰি, “আহোমসকলৰ লগত হোৱা যুদ্ধত চুতীয়াসকলে পচলাৰ গড় মাৰিছিল৷ শত্ৰুৰ লগত যুদ্ধ কৰোঁতে পানীৰ ওপৰত এই গড় মাৰিছিল৷ পানীত দুই তিনিডালমান কলগছ জুটি ভূঁৰ সাজে আৰু তাৰ ওপৰত ইডালৰ ওপৰত সিডাল কলগছ দি ওখ কৰি লয়৷ তাত লুকাই শত্ৰুপক্ষলৈ অস্ত্ৰ নিক্ষেপ কৰে৷ এনে গড় পানীয়ে পানীয়ে এঠাইৰপৰা অন্য ঠাইলৈ সহজে চলাই নিব পাৰি৷” [৫৬] আহোম ৰাজত্বকালতো পচলা গড়ৰ উল্লেখ পোৱা যায়৷
দিখৌমুখৰ ৰণত আহোমৰ ডেকাৰজাৰ পুতেক পৰে৷ ডেকা ৰজা দিহিঙীয়া ৰজা বা ছ্যু-হুং-ম্যুঙৰ পুত্ৰ৷ দিহিঙীয়া ৰজাৰ মৃত্যুৰ পিছত ডেকা ৰজাই পৰৱৰ্তী কালত চাওফা ছ্যু-ক্লেন-ম্যুং নামেৰে ১৫৩৯ খ্ৰিষ্টাব্দত আহোম ৰাজ-সিংহাসনত আৰোহন কৰিছিল৷ [৫৭]
দিখৌমুখৰ ৰণত ডেকা ৰজাৰ এজন পুত্ৰ অৰ্থাৎ চাওফা ছ্যু-হুং-ম্যুঙৰ নাতিয়েকৰ মৃত্যু এটা সাধাৰণ ঘটনা নাছিল৷ চাওফা ছ্যু-হুং-ম্যুঙে এই ঘটনাৰ বাবে দুঃখ আৰু ক্ষোভত বহুজনক শাস্তি দিয়ে আৰু চুতীয়া ৰাজ্য আক্ৰমণৰ বাবে আহোম বিষয়াসকলৰ সালসলনি ঘটাই ঘৰসন্দিকৈ, ফ্ৰাচেঙ্গমুন বৰগোহাঞি, কনচেঙ্গ বৰপাত্ৰগোহাঁই আদিক দায়িত্ব অৰ্পণ কৰে৷ এই ঘটনাৰ তথ্যসূত্ৰ বুৰঞ্জীসমূহত এনেদৰে পোৱা যায়–
“চুটিয়া ৰণঃ পাচে চুটিয়া ৰাজায়ে সাৱধান হৈ চেৰুৱাকটায়েদি বাট কাটি আনি দিখৌমুখত আমাৰ মানুহক ধৰিলেহি৷ এই কথা শুনি চনখাম গোহাঞিক বৰসন্দিকৈ সহিতে পাঁচি দিলে৷ ১৪৪৩ শকত ১০ আঘোণত খেদি গৈ ঘোৰ যুদ্ধ লাগিল৷ ডেকা ৰজাৰ পোৱক যুদ্ধত পৰিল পাচে ঁএ দাই ধৰি বৰজনাক উমুদী হাতীনিয়ে গৰকাই মৰালে দিখৌমুখলৈ আনি৷ পাচে সমালোচন কৰি বোলে, ‘কুকুৰাঠেঙ্গ পাতি যাৰে নামে আহে তাকেহে পাঞ্চিবলৈ ভাল৷’ এই বুলি লাপিত ফাংত্যাং, মোহন দুই ভায়েক দেওধায়ে সকলৰো নামে কুকুৰাঠেঙ্গ চালে, কোনো জনৰ নামে ভাল নাপালে৷ পাচে ঁএ ১৮ কোঁৱৰক মাৰি যি পালীঘৰত লৰাটি থৈছিলে তাৰে নামে কুকুৰাঠেঙ্গ ভাল পাই ঘৰসন্দিকৈ আনি ফ্ৰাচেঙ্গমুন বৰগোহাঞিকে লোকজন সহিতে পঠাই দিলে৷ পাচত কনচেঙ্গ গোহাঞি গৈছিল৷” [৫৮]

ড॰ লীলা গগৈ ‘বুৰঞ্জীয়ে কথা কয়’ নামৰ গ্ৰন্থখনত দিখৌমুখৰ ৰণৰ এক বাস্তৱ প্ৰতিচ্ছবি দাঙি ধৰিছিল এনেদৰে–
“আঘোণ মাহ৷ পথাৰত সোণ বৰণীয়া পকা ধান৷ সৰিয়হ ফুল ফুলিছে৷ গাত মিঠা জাৰ৷ ৰ’দৰ তাপো মিঠা মিঠা৷ তেনে এটি দিনতে দিখৌমুখৰ বালি-চাপৰিত ঘোৰতৰ যুদ্ধ হ’ল৷ দিহিঙীয়া ৰজাৰ অতি মৰমৰ নাতিয়েক, ডেকাৰজাৰ পুতেক ৰণত পৰিল৷ স্বৰ্গদেৱে খঙত টানকৈ ৰণ নধৰাৰ অভিযোগ আনি বহুতকে শাস্তি বিহিলে৷ পাটকাইৰ এইপাৰে এয়েই প্ৰথম পৰাজয়ৰ গ্লানি৷ স্বৰ্গদেও ক্ষোভ আৰু ক্ৰোধত অধিক দৃঢ়মনা, অধিক উত্তেজিত হৈ উঠিল কিন্তু অধিক সতৰ্কতাৰে৷
বৰমেল বহিল৷ হৈ যোৱা যুজখনৰ বিষয়ে সমালোচনা হ’ল৷ ৰজাই ক’লে, ‘কুকুৰা কাটি মঙল চাই যাৰ যাৰ নাম আহে, তাকেই ৰণলৈ পঠিয়াব লাগে৷’ কথামতে কাম৷ লাপিত ফাংত্যাং আৰু মোহন দুযো ককাই-ভায়েকক মাতি আনি ৰজাই কুকুৰা-ঠেঙৰ মণ্ডল মাৰিবলৈ দিলে৷ দুয়ো দেওধায়ে মণ্ডলত নাম পালে ফ্ৰাচেংমুং বৰগোহাঁই আৰু ঘৰসন্দিকৈৰ৷” [৫৯]
দিখৌমুখত চুতীয়াসকলে আহোম সৈন্যক অতৰ্কিতে আক্ৰমণ কৰি শলঠেকত পেলাইছিল যদিও দীৰ্ঘদিন ধৰি চুবুৰীয়া ৰাজ্যসমূহৰ স’তে যুঁজ দিয়া আহোমৰ সৈন্যবাহিনী পৰিপক্ক হৈ উঠিছিল৷ সেয়ে আহোমৰ লগত লগা যুদ্ধত চুতীয়া নৌ আৰু স্থলবাহিনীৰ অনেক ক্ষতিৰ সন্মুখীন হৈছিল৷ ফলত চুতীয়াৰ সেনাবাহিনী পিছুৱাই দিহিঙৰ পাৰত অৱস্থিত মুংখ্ৰাঙ দুৰ্গলৈ ওভতি আহিবলৈ বাধ্য হয়৷ কিন্তু আহোমে যুদ্ধ অব্যাহত ৰাখি মুংখ্ৰাঙ দুৰ্গও হস্তগত কৰে৷ ছ্যু-হুং-ম্যুং বা দিহিঙীয়া ৰজাৰ এই সাফল্যই দিহিঙৰ পাৰৰ এক বৃহৎ অঞ্চল দখললৈ আহে আৰু নামদাঙৰ ওচৰত এখন নগৰ পাতে৷ [৬০]
আহোমৰ হাতত এই পৰাজয়ে চুতীয়া ৰাজ্যক জুৰুলা কৰি তোলে৷ এই ঘটনাত স্বাভাৱিকতে মানিকচন্দৰ দৰে সেনানায়কসকল হতাশাত ভুগিছিল৷ কিন্তু তেওঁ দিহিঙৰ পাৰৰ হেৰুৱা ভূ-খণ্ডত পুনৰ বিজয় সাব্যস্ত কৰিবলৈ প্ৰতিজ্ঞাবদ্ধ হৈছিল৷
এই সময়ছোৱাত ৰজা ধীৰনাৰায়ণে মুংকাং বা নৰা ৰাজ্যৰ পৰা সাহাৰ্য বিচাৰি বিফল হৈছিল৷ ধীৰনাৰায়ণে অৱশেষত মিত্ৰ ৰাজ্যৰ সহায় অবিহনে হেৰুৱা ভূ-খণ্ড উদ্ধাৰৰ বাবে আদেশ জাৰি কৰে৷ চুতীয়া ৰাজ্যৰ মন্ত্ৰী কাচিতৰা, সেনাপতি মানিকচন্দ, বৰহুলৌ বৰুৱা, ঢেলা ৰজা আদি বিষয়াই ৰণকৌশল প্ৰস্তুত কৰে৷ ১৫২০ খ্ৰিষ্টাব্দত চুতীয়া সেনাই মুংখ্ৰাঙৰ আহোম কোঁঠত আক্ৰমণ কৰে৷ এই আক্ৰমণত আহোম সেনাপতি ৰণত পৰে৷ চুতীয়াৰ এই আক্ৰমণত তিষ্ঠিব নোৱাৰি আহোম সৈন্যবাহিনীয়ে কোঁঠ এৰি পলায়ন কৰে৷ [৬১], [৬২]

আহোমৰ হাতত কেইবাবাৰো পৰাজিত হোৱাৰ অপমানত ব্যথিত চুতীয়া ৰাজ্যৰ ৰজা, বিষয়া, সেনাবাহিনী আৰু প্ৰজাসকলৰ মাজত এই বিজয়ে এক আনন্দৰ জোৱাৰ তুলিছিল৷ দীৰ্ঘদিন ধৰি দিহিঙৰ পাৰত সীমান্ত সুৰক্ষাত নিয়োজিত মানিকচন্দ বৰুৱাৰ বাবে এই অংশটো অতি পৰিচিত আছিল৷ স্বাভাৱিকতেই মুংখ্ৰাঙ আক্ৰমণৰ পৰিকল্পনা আৰু নেতৃত্ব বহন কৰি মানিকচন্দ বৰুৱাই বিশেষ সাফল্য লাভ কৰিছিল৷ প্ৰায় দুবছৰ ধৰি দিহিঙৰ পাৰৰ ভূ-খণ্ড চুতীয়াৰ দখলত আছিল৷
এই সময়ছোৱাত চুতীয়াসকলে ব্ৰহ্মপুত্ৰৰ উত্তৰকুলৰ হাবুঙৰ অন্তৰ্গত আন কেইটামান অংশতো নিজৰ প্ৰতিপত্তি বাহাল ৰাখিবলৈ সক্ষম হৈছিল যেন অনুমান হয়৷ এই বিষয়ে আহোম বুৰঞ্জীসমূহত তথ্য নাই৷ কিন্তু ইতিমধ্যে উল্লেখ কৰা হৈছে যে, ২০০১ চনৰ ছেপ্টেম্বৰত ঢকুৱাখানাৰ কোঁৱৰ গাঁৱত সধেয়াধিপতি ধীৰনাৰায়ণৰ ভূ-দানৰ এখন তাম্ৰপত্ৰ উদ্ধাৰ হৈছিল৷ ধীৰনাৰায়ণৰ এই তাম্ৰপত্ৰখন ১৪৪৪ শকৰ অৰ্থাৎ ১৫২২ খ্ৰিষ্টাব্দৰ৷ তাম্ৰপত্ৰখন পাঠোদ্ধৰ কৰা ড॰ নিত্যানন্দ গগৈয়ে চুতীয়া ৰাজ্যৰ শেষৰজন ৰজা নীতিপালৰ সলনি ধীৰনাৰায়ণহে বুলি মতপোষণ কৰিছিল৷ [৬৩]
আনহাতে, ‘দেওধাই অসম বুৰঞ্জী’ত সন্নিৱিষ্ট ‘চুতীয়াৰ কথা’ শীৰ্ষক দুটা আখ্যানত ধীৰনাৰায়ণে নিজৰ জী সাধনীক দিয়া অংগীকাৰ অনুসৰি জোঁৱায়েক নীতিপালক যুৱৰাজ পাতে৷ লগতে নিজৰ তিনি বছৰীয়া পুত্ৰ সাধকনাৰায়ণক জী-জোঁৱায়েকক গতাই নিজৰ ৰাণীৰ সৈতে অৰণ্যলৈ গমন কৰে৷ এই ঘটনাৰ বিৱৰণ বুৰঞ্জীখনত এনেদৰে আছে–
“তাতপাচে সাধনী কন্যাই বোলে, “মই তোমাৰ অঙ্গীকাৰ ৰাখি সামান্যত বিবাহ সোমালোঁ; মোক যি দিবলৈ অঙ্গীকাৰ কৰিছিলা, তাকে দি অঙ্গীকাৰ ৰাখা৷” ৰজা বোলে, ‘মোৰ পুত্ৰ দুহিতৃ দুইত কৰি কোন আছে? তহঁতকেই সকলো ভাল দিম৷’ কন্যা বোলে, “যদিবা তোমাৰ পূজা কৰা সোণৰ পেড়াটিত যি আছে, তাকে দিয়া মোক৷” ৰজা বোলে, “মই বচনতে ঘাটিলোঁ, তোৰ ভায়েৰলৈ কিছু নেথাকিল, তয়ো সেই দ্ৰব্য নি বহুত দিন খাবলৈ নেপাবি; নিদিবই পাৰোঁ, নিদিলে সত্য ভ্ৰষ্ট যাই; দিলে সকলো ৰাজ্যভাৰ যাই; পৰে যি যি হওক, সত্যকেহে ৰাখিব লাগে৷
নিজে সত্যে ভবিষ্যতি পশ্চাৎ সন্ধিং কৰিষ্যতি৷
বিশ্ব-নেত্ৰ ৰসে-চন্দ্ৰে হেমন্তকাল আগতে৷
তালজঙ্ঘা মহাম্লেচ্ছা অধৰ্ম্মযং দ্বাৰমাপতন”
এই বুলি ৰজা সোণৰ পেড়াটি সহিতে ক্ৰন্দন কৰি পূজাঘৰৰ পৰা পেৰা সহিতে সুৱৰ্ণৰ বিড়ালীটী দিলে৷
চুটিয়া লৰাৰ ৰাজ্যলাভ৷– ৰজাৰ জীয়ে যেতিয়া পেড়াটি হাতত লৈ মেলি চালে তেতিয়া সোণৰ বিড়ালী অদৃশ্য হ’ল৷ দেখা নাপাই ৰজাৰ জী কান্দিব ধৰিলে, সোণৰ বিড়ালী পৰহস্ত হোৱাতে ৰজাৰ লক্ষ্মী নষ্ট হ’ল৷ চুটিয়াৰ লৰাটিতে ৰাজলক্ষ্মী লগ ললে৷ পাচে ৰজাৰ জীয়ে সোণৰ বিড়ালী নেপাই অসন্তোষ হৈ ক্ৰন্দন কৰাতে গিৰীয়েকে বোলে, ‘তুমি দুখ নকৰিবা, মই সোণৰ বিড়ালী গঢ়াই দিম৷” এই বুলি সোণৰ বিড়ালী গঢ়োৱাই সেই পেড়াতে যতন কৰি থলে৷ তাতপাচে ধীৰনাৰায়ণ ৰজা ৰাজ্যভাৰ এৰি জামাতাক যুৱৰাজ পাতি, আপোন পুত্ৰ তিনি বছৰৰ শিশু সাধকনাৰায়ণক তাৰ হাতে সমৰ্পণা কৰি, ৰাজমহিষী সহিতে অৰণ্যক গ’ল৷ সিন্ধুক্ষেত্ৰত বিষ্টো উপাসি প্ৰাণ তিয়াগ কৰিলে৷” [৬৪]
সদ্যহতে এই আখ্যানৰপৰা এটা কথাই বুজিব পাৰি যে চুতীয়া ৰাজ্যৰ পতনৰ বেলিকা ৰাজ-পৰিয়ালৰ ভিতৰচ’ৰাত ৰাজপাটক লৈ আৰম্ভ হোৱা খোৱা-কামোৰাই দেশৰ বাবে এক অশনি সংকেত কঢ়িয়াই লৈ আহে৷ মানিকচন্দ বৰুৱাকে প্ৰমুখ্য কৰি চুতীয়াৰ ৰণুৱাসকলে স্বদেশৰ বাবে আগ বঢ়োৱা ত্যাগ, পৰিশ্ৰম আৰু আত্মবলিদান অথলে যোৱাৰ উপক্ৰম হ’ল৷ নিত্যপালৰ দৰে সাধাৰণ পৰিয়ালৰ যুৱকে ৰাজপাট দখল কৰাক লৈ ৰাজ্যৰ সম্ভ্ৰান্ত পৰিয়ালসমূহ অসন্তুষ্ট¸ হৈ উঠিছিল৷
টিউৰা দেশৰ এই অচলাৱস্থাৰ সুযোগ বুজি চাওফা ছ্যু-হুং-ম্যুঙে নিজৰ বিষয়াসকলক যুদ্ধৰ প্ৰস্তুতি চলাবলৈ আদেশ দিলে৷ ১৫২২ খ্ৰিষ্টাব্দত [তাই দিনাংক অনুসৰি লাক্লি ৰাইচি শকত] ছ্যু-হুং-ম্যুঙে নিজৰ সেনাবাহিনীৰে সৈতে নংকংমুঙ্গত অৱস্থান কৰি সেনা বিষয়াসকলক দিহিঙৰ মুখৰ চুটীয়া কোঁঠত আক্ৰমণৰ আদেশ দিয়ে৷
কনচেঙ বৰপাত্ৰগোহাঁই, ফ্ৰাচেঙমুন গোহাঁই প্ৰমুখ্যে আহোম সেনাপতিসকলে দিহিং নৈৰ পাৰৰ মুংখ্ৰাং দুৰ্গত কৰা আক্ৰমণত চুতীয়া সেনাই তিষ্ঠিব নোৱাৰে৷ মানিকচন্দই অশেষ চেষ্টা কৰিও মুংখ্ৰাং দুৰ্গ ৰক্ষা কৰিব নোৱাৰিলে৷ মুংখ্ৰাংত হাৰি চুতীয়াসকল দিহিঙৰপৰা দিহিং আৰু চেঁচা নৈৰ সংগমস্থলত অৱস্থিত চুতীয়াৰ দুৰ্গত দুয়ো পক্ষৰ মাজত পুনৰ যুদ্ধ হয়৷ শত্ৰুৰ আগত তিষ্ঠিব নোৱাৰি চুতীয়া সৈন্যবাহিনী পিছুৱাই ডিবৰুমুখলৈ আহে৷
দিহিঙৰ পাৰৰ ভূ-খণ্ড পুনৰ আহোমে হস্তগত কৰে৷ এইলানি আক্ৰমণত আহোমৰ পক্ষত ফাচেঙ্গমুন বৰগোহাঞি, ক্লিংমুং বুঢ়াগোহাঁই, কনচেং বৰপাত্ৰগোহাঞি প্ৰমুখ্যে সেনা বিষয়াসকলে স্থলভাগৰপৰা ৰণ পৰিচালনা কৰিছিল৷ আনহাতে, কাইতৰা, আলঙ্গি চেতিয়া, পটালুঙ আদি সেনাবিষয়াই নৌ-বাহিনীক পৰিচালনা কৰিছিল৷
চেঁচামুখৰ যুদ্ধত চুতীয়া সেনাই তিষ্ঠিব নোৱাৰি পিছহুঁহুকি আহে৷ আহোম সেনাই চুতীয়াৰ মানুহৰ সৈতে নাও এখন জব্দ কৰে৷ চুতীয়াৰ মানুহৰপৰা আহোমে চুতীয়াৰ বাহিনী ডিব্ৰুমুখৰ কোঁঠত থকাৰ কথা জানিব পাৰিলে৷ আহোম সেনাই এইবাৰ চেঁচামুখৰপৰা ডিব্ৰুমুখলৈ ৰাওনা হয়৷ ডিব্ৰুমুখত চুতীয়াসকল পুনৰ পৰাজিত হৈ লাৰুপাৰালৈ পিছুৱাবলৈ বাধ্য হয়৷ [৬৫]
ছ্যু-হুং-ম্যুঙৰ নিৰ্দেশত আহোম সেনাই ডিব্ৰু নৈৰ পাৰত এটা মাটিৰ গড় সাজে৷ আহোমে ডিব্ৰু নৈলৈকে অধিকাৰ কৰাটো চুতীয়াসকলৰ বাবে অতি বিপদজনক আছিল৷
চুতীয়া ৰজা নিত্যপালে ৰচদ-পাতি লৈ লাৰুপাৰাত অতিৰিক্ত সেনাবাহিনীৰ সমাৱেশ ঘটালে৷ ডিব্ৰু নৈৰ পাৰত সজা গড় আক্ৰমণ কৰিবলৈ সেনাবিষয়াসকলক আদেশ দিয়ে৷ চুতীয়া ৰজাৰ সৈতে মহামন্ত্ৰী কাচিতৰা, সেনাপতি থাওৱান বৰুৱা, মানিকচন্দ বৰুৱা, বৰহুলৌ বৰুৱা, ৰজাৰ ভায়েক ঢেলা আদি সেনা বিষয়াই যুদ্ধ পৰিচালনাৰ বাবে সষ্টম হয়৷ মানিকচন্দ বৰুৱাই ৰাজ্য আৰু প্ৰজাৰ নিৰাপত্তাৰ বাবে চিন্তিত হৈ পৰিছিল৷ আহোম ৰজা আৰু তেওঁৰ সেনাপতিসকলৰ ৰণকৌশল আৰু চুবুৰীয়া জাতিৰ সৈতে মিত্ৰতাৰ ফলত আহোম ৰাজ্যৰ সৈন্যবল বৃদ্ধি পাইছিল৷
আনহাতে, চুতীয়া ৰজাৰ অপৰিপক্ক সিদ্ধান্ত, ৰাজ-পৰিয়ালসমূহৰ মাজত আত্মকন্দল আৰু চুবুৰীয়া ৰাজ্যসমূহৰ স’তে সম্পৰ্কত ফাঁট মেলাত, একালৰ পৰাক্ৰমী জাতিটোৱে ইখনৰ পিছত সিখন যুদ্ধত পৰাজয় বৰণ কৰিব লগা হৈছে৷ তথাপি দেহত শেষবিন্দু তেজ থকালৈকে মানিকচন্দ বৰুৱা প্ৰমুখ্যে চুতীয়া ৰণুৱাসকল দেশৰ বাবে যুঁজিবলৈ প্ৰতিজ্ঞাৱদ্ধ হৈছিল৷
চুতীয়াৰ মুখ্য সেনাপতি কোনজন আছিল বৰ স্পষ্টকৈ জনা নাযায়৷ কাজিতৰা বা কাচিতৰাক চুতীয়া ৰাজ্যৰ মন্ত্ৰীৰূপে জনা যায়৷ আনহাতে, থাওবান বা থাবাননাউ নামৰ সেনাপতিজনে ৰজাৰ আদেশত ডিব্ৰুমুখত অতিৰিক্ত সৈন্য সমাৱেশ ঘটোৱাৰ লগতে আহোমৰ গড়ৰ বিপক্ষে কোঁঠ সাজি ৰণ পৰিচালনা কৰিছিল৷ এইফালৰ পৰা মন কৰিলে থানবাও বা থাবাননাউ বৰুৱা চুতীয়া ৰাজ্যৰ মুখ্য সেনাপতি হ’ব পাৰে৷
জনশ্ৰুতি অনুসৰি, থাবাননাউ বা থানবাও বৰুৱা লাৰুপুৰীয়া সমাজত গাঁওবুঢ়া বৰুৱা হিচাপে পৰিচিত আছিল৷ গাঁওবুঢ়া বৰুৱাই ডিব্ৰু নদীৰ [হয়তো উত্তৰ পাৰ বা নদীৰ সোঁকাষে] গড় সজা কাৰ্যত স্থানীয় লোকেও সহযোগ কৰিছিল৷ আচৰ্যজনকভাৱে তাৰ আভাস ডিবৰু পাৰৰ চুতীয়াসকলৰ পুৰণি বিহুগীততো শুনিবলৈ পোৱা যায়–
“এ সখী বিহুটি ছিঙি যাং
গড় বান্ধি থকা চাং,
ডিবুৰুৰ পাৰতে ৰণৰ গড় বান্ধিছে
গাঁও বুঢ়াৰ বহালে’ যাং৷”
আনহাতে, থাওবান বৰুৱাই আহোমক বাধা দিবলৈ কোঁঠ বা গড় সজা ঘটনাৰ তথ্যক বুৰঞ্জীয়ে মান্যতা দিয়ে–
“চুতীয়াৰ নাও ৩ খন আনি চেৰুৱাকটাত যোগালে মহাৰাজাক৷ পাছে নাও মানুহক বাৰ্তা সুধিলে বোলেঃ চুতীয়াৰ বীৰনাৰায়ণ লোকজন সহিতে ক’ত আছে? সি বোলেঃ ডিবোৰোমুখতে আছে৷” পাছে মহাৰাজা শুনি বোলে, ঃ ফ্ৰাচেংমুংনে কিংলুনে ডিবোৰোমুখতে থাকগৈ৷” পাছে মহাৰাজা পৰ্বতলৈ গমন৷ পাছে পৰ্বতত দেও কৰি ১৪৪৪ শকত মহাৰাজা চেঁচামুখলৈ গ’ল৷ ডিবোৰোমুখত থাওৱান নামে বৰুৱা এটাই কোঁঠ দি ডিবোৰোমুখত ৰণ ধৰিলে৷ চেঁচামুখৰপৰা মহাৰাজা ডিবোৰোমুখলৈ গ’ল৷ ফ্ৰাচেংমুং, ত্যাওলুং-কিংলুং গাৱৰ চুতীয়াক ভঙ্গাই নাৱে তৰে খেদি শদিয়ালৈ নিলে৷ ৰাজাও শদিয়াকে খেদি গ’ল৷” [৬৬]
ডিব্ৰু আৰু ব্ৰহ্মপুত্ৰৰ মাজৰ লাৰুপাৰাৰ ভূ-খণ্ডত চুতীয়া ৰজাই সৈন্য সমাৱেশ ঘটোৱাৰ আঁৰত এই অঞ্চলটোৰ ভৌগোলিক দৃষ্টিকোণেৰে অতি গুৰুত্বপূৰ্ণ আছিল যেন ভাৱ হয়৷ ডিব্ৰু শব্দটোৰ আঁৰত দেউৰী-চুতীয়া ভাষাৰ ডিৰবু শব্দটো জড়িত হ’ব পাৰে৷ দেউৰী চুতীয়া ভাষাত ডিৰবু শব্দৰ অৰ্থ মুদ্ৰা৷ [৬৭] ডিমাচা ভাষাত ডিবু মানে নৈ৷ [৬৮] আনহাতে, তাই ভাষাত ডিব্ৰু নদীক টিফাও নামে জনা গৈছিল৷ [৬৯] উল্লেখযোগ্য এচ. ই. পিলৰ এটা লেখাত কলঙৰ পুৰণি নামো ডিব্ৰু বুলি পোৱা যায়৷ [৭০]
ইতিমধ্যে উনুকিয়াই অহা হৈছে যে অতীতত দিহিং আৰু লুইত পৃথকভাৱে বৈ সেই সময়ৰ মাজালীৰ পশ্চিমত লগ লাগিছিল৷ বৰ্তমান ডিব্ৰুগড় নগৰৰ পশ্চিমে দিহিংমুখৰ আশে পাশে হয়তো ডিব্ৰু নৈখনো দিহিঙৰ স’তে লগ লাগিছিল৷ যিমানদূৰ সম্ভৱ ডিব্ৰুগড় জিলাৰ নগাখেলীয়া গাঁৱৰপৰা আৰম্ভ কৰি জালান চাহ বাগিচালৈকে এই অঞ্চলটোৰ আশে-পাশে এসময়ত আহোম-চুতীয়া উভয়ে নিৰ্মাণ কৰা গড় দুটাৰ অৱশেষ আছিল৷

ইংৰাজ বিষয়া চাৰ উইলিয়াম উইলচন হাণ্টাৰ চাহাবৰ ১৮৭৯ চনত প্ৰকাশিত ‘A Statistical Account of Assam’-ৰ তথ্য অনুসৰি ডিব্ৰুগড় নগৰৰ মুখ্য কাৰ্যালয় ২৭°২৯’ উত্তৰ অক্ষাংশ আৰু ৯৪°৫৬’ পূব দ্ৰাঘিমাংশত ডিব্ৰু নদীৰ পাৰত অৱস্থিত আছিল৷ [৭১] এই স্থানডোখৰ গুগুল আৰ্থত সেউজপুৰৰ কাষৰ জালান চাহ বাগিচাৰ অন্তৰ্গত হৈ থকা দেখা যায়৷ এটা সময়ত ইয়াত এটা ডাঙৰ টিলা থকাৰ কথা স্থানীয় লোকৰ মুখত শুনা পাইছিলোঁ৷
ব্ৰিটিছৰ তথ্য-পাতিবোৰলৈ লক্ষ্য কৰিলে দেখা যায় যে ডিব্ৰু নৈয়েদি উজাই গৈ সৰু নাৱেৰে ডুমডুমালৈকেহে আগ বাঢ়িব পৰা গৈছিল৷ [৭২] সেয়ে ১৬ শতিকাতো সম্ভৱতঃ ডিব্ৰু নদীপথেৰে পোনে পোনে শদিয়াত উপনীত হ’ব নোৱাৰিছিল৷ ডিব্ৰু আৰু ব্ৰহ্মপুত্ৰৰ মাজৰ কেতবোৰ সংযোগী নৈ আছিল, যাৰ সহায়ত নাৱেৰে উত্তৰ ফালে বৈ যোৱা ব্ৰহ্মপুত্ৰৰ মূল সুঁতিলৈ আগুৱাই, পভা বনাঞ্চলৰ কাষেৰে শদিয়াত উপনীত হ’ব পাৰিছিল৷
অসমৰপৰা তিৰ্বতলৈ এক বাণিজ্য পথৰ সন্ধান কৰিবলৈ অহা টি. টি. কোপাৰ নামৰ এজন ইংৰাজ বিষয়াৰ বিৱৰণত ডিব্ৰুগড়ৰ জাহাজ ঘাটৰপৰা নাৱেৰে শদিয়ালৈ আগ বঢ়াৰ সময়ত ব্ৰহ্মপুত্ৰ আৰু ডিব্ৰু নৈ সংযোগী ‘মেখলা’ নামৰ এখন সৰু নৈৰ বিষয়ে উল্লেখ কৰিছিল৷ [৭৩] ব্ৰিটিছসকলে প্ৰস্তুত কৰা কিছুমান পুৰণি মেপত লুইতৰ পৰা ফাটি অহা এটা সুঁতি পোনপটীয়াকৈ ডিব্ৰু নৈত পৰা দেখা যায়৷
এসময়ত ৰহমৰীয়া মৌজাৰ কচুৱনি, সৰুগাঁও আৰু আহুতলি গাঁৱৰ কাষত দিঘলী বিল নামৰ এখন বিল আছিল৷ এইখন বিলক কচুৱনি বিল বুলিও জনা গৈছিল৷ স্থানীয় লোকে একালত এই বিলখন ডিব্ৰু-ব্ৰহ্মপুত্ৰ সংযোগী আছিল বুলি মত পোষণ কৰে৷ বৰ্তমান ই ব্ৰহ্মপুত্ৰৰ নৈৰ বুকুত হেৰাই গ’ল৷ এই বিলখনক কেন্দ্ৰ কৰি ৰচিত হোৱা চুতীয়াসকলৰ এটি বিহুগীত এনেধৰণৰ–
“এ সখী বিহুটি ছিঙি যাং,
জুলুকী বাবলে’ যাং,
কচুৱনী বিলতে,
জুলুকী ভাঙিলে’,
জুলুকী সাজিব যাং৷”
এইবিলাক তথ্যৰপৰা বুজিব পাৰি যে লাৰুপাৰা অঞ্চলৰ মাজেদি শদিয়ালৈ এক গুৰুত্বপূৰ্ণ নদীপথ আছিল৷ সেইবাবেই লাৰুপাৰাত চুতীয়া ৰজাই বাহৰ পাতি ডিব্ৰুগড় উদ্ধাৰ কৰিব খুজিছিল৷ এই লাৰুপাৰত সৰহভাগেই বিহিয়া বা লাৰুপুৰীয়া কাঁড়ী চুতীয়া পাকৈত ৰণুৱা হোৱাৰ উপৰি পৰিশ্ৰমী কৃষক আছিল৷ আহুধানৰ খেতিৰ এক বিশাল শস্যভাণ্ডাৰেৰে চহকী হৈ উঠিছিল৷
আহুতলি খ্যাত অঞ্চলটোৱে আহুধানৰ প্ৰাচুৰ্যকে সূচাইছিলঃ যাৰ ফলত যুদ্ধৰ সময়ত ৰাজকীয় সেনাক জনবলৰ লগতে খাদ্য-সামগ্ৰীৰ যোগান ধৰিবলৈ সক্ষম হৈছিল৷ কাঁড়ী চুতীয়াসকলে সাধাৰণতে কাঁৰ্ফাই বা ফাঁকধেনু, বৰধেনু [চুতীয়া ধেনু] আদি ব্যৱহাৰ কৰিহে ভাল পাইছিল৷ তেওঁলোকে কাঁড়ত জাপৰি বিহ [Aconite] নাইবা কণী বিহৰ গছৰ ছাল বা শিপাৰ পৰা বিহ প্ৰস্তুত কৰি লগাইছিল৷ শত্ৰুৰ আক্ৰমণ ৰুধিবলৈ গাঁৱৰ চাৰিওকাষে খাল খান্দি মাটিৰ ঢাপ দি তাৰ ওপৰত বাহৰ জোঙা গোঁজ পুতি দিছিল৷ প্ৰয়োজন হ’লে গোঁজবোৰত বিহ সানি বিষাক্ত কৰি তুলিছিল৷ বৰ্তমান ৰহমৰীয়া মৌজাৰ অন্তৰ্গত নাকৈধৰা গাঁওখনৰ অৱস্থিতিলৈ মন কৰিলে একালত নাকৈ-দাৰ দৰে মাৰাত্মক অস্ত্ৰ নিৰ্মাণৰ কমাৰশালো এই অঞ্চলটোত আছিল বুলি উপলব্ধি কৰিব পাৰি৷
চুতীয়া ৰজাৰ আদেশত আহোমৰ ডিব্ৰুমুখৰ গড় আক্ৰমণৰ বাবে চুতীয়া সেনাবাহিনী সাজু হয়৷ মানিকচন্দ বৰুৱাৰ নেতৃত্বত চুতীয়া সেনা আগ বাঢ়ে৷ হয়তো সম্ভাব্য বিপদৰ আশংকা কৰি তাৰ পূৰ্বে গাঁওসমূহৰ নাৰী, শিশু, বৃদ্ধসকলক নিৰাপদ স্থানলৈ প্ৰেৰণ কৰি গাঁৱৰ কৰ্মঠ ডেকাবোৰক প্ৰধান সেনা বাহিনীৰ স’তে যুঁজিবলৈ মোতায়েন কৰা হৈছিল৷ গাঁৱৰ নাৰীসকলেও আত্মৰক্ষাৰ বাবে অস্ত্ৰ তুলি লৈছিল৷
ৰজাই মানিকচন্দক সহযোগ কৰিবলৈ থাওবান বৰুৱা নামৰ এজন সেনাপতিক ৰাজকীয় সেনাৰ সৈতে প্ৰেৰণ কৰে৷ মানিকচন্দ বৰুৱাই আহোমৰ গড় আক্ৰমণ কৰিলে৷ চুতীয়াসকলে গড় ভাঙিবলৈ হয়তো হিলৈৰ প্ৰয়োগ কৰিছিল৷ কিন্তু আহোম যুগৰ মাটিৰ গড়সমূহত হিলৈৰ গোলাৰ প্ৰয়োগ ফলপ্ৰসূ নহয়৷ আনহাতে, হাতীৰ সহায়তো দুৰ্গ খহোৱাৰ যত্ন কৰা হয়৷ কিন্তু জোঙাল গোঁজেৰে পৰিপূৰ্ণ খাৱৈবোৰে চুতীয়াৰ হস্তী আৰু অশ্বাৰোহী বাহিনীৰ বাবে হয়তো বাধাৰ সৃষ্টি কৰিছিল৷ মাটিৰ খাৱৈ খান্দি গড় বান্ধি যুঁজ দিয়াৰ কৌশল অসমত অতি প্ৰাচীন কালৰেপৰা প্ৰচলন আছিল৷ [৭৪]
চুতীয়াসকলেও ইটাৰ গড়ৰ ওপৰি প্ৰয়োজন সাপেক্ষে মাটিৰ গড় সাজিছিল৷ চপাখোৱাৰ প্ৰতিমা গড় চুতীয়াসকলৰ মাটিৰ গড়ৰ উৎকৃষ্ট উদাহৰণ৷ অনুৰূপভাৱে অৰুণাচলৰ ইটানগৰ আৰু ভীষ্মক নগৰত কেইবাখনো বিশাল ইটাৰ দেৱাল দেখা যায়৷ বহুতে সেয়া আহোম ৰাজত্বকালত নিৰ্মিত ইটাৰ লগত একে বুলি ক’ব খোজে৷ কিন্তু এলানি ক্ষেত্ৰভিত্তিক অধ্যয়নত আমি লক্ষ্য কৰিছিলোঁ যে চুতীয়া ৰাজ্যৰ ইটাবিলাকৰ অৱয়ব ডাঙৰ, খহটা আৰু ঠুনুকা৷ আনহাতে, আহোম যুগৰ নিৰ্মাণ শৈলীত ব্যৱহৃত ইটাবিলাক অধিক মসৃণ, চেপেটা আৰু বহল । হয়তো তেলত ভজা কৌশলৰ বাবে অধিক মজবুত আছিল৷
আহোম যুগত মাটিৰ গড়ৰ নিৰ্মাণ পদ্ধতি যথেষ্ট বিকশিত হৈছিল৷ তুলনামূলকভাৱে কম খৰচী আৰু সীমিত সময়ৰ ভিতৰত যিকোনো ঠাইত পাইকৰ সহায়ত নিৰ্মাণ কৰিব পৰা হেতু আহোমৰ ৰণকৌশলত মাটিৰ গড়সমূহে প্ৰাধান্য পাইছিল৷
হিলৈদাৰীৰ পিছতে বৰধেনু, কাঁৰ্ফাই বা ফাঁকধেনু, হাতধেনু পদাতিক চুতীয়া কাঁড়ীসমূহে স্থল আৰু নৌ যুদ্ধত বিশেষ ভূমিকা লৈছিল৷ কাঁড়ীসকলক শত্ৰুৰ অশ্বাৰোহী বা হস্তী বাহিনীৰ পৰা সুৰক্ষা দিবলৈ একোটা অতিৰিক্ত পদাতিক ৰণুৱাৰ দলে সহযোগ কৰে৷ এইসকলে যাঠি, খাপাৰ, খড়গ, মিত দা, মেচি দা, কপি দা, নাকৈ দা, টাঙোন আদি অস্ত্ৰৰ প্ৰয়োগ কৰে৷ উভয় পক্ষৰ ৰণুৱাই অস্ত্ৰৰ আঘাতৰ পৰা বাছিবলৈ ম’হৰ ছালৰ বা গড়ৰ ছালৰ ঘূৰণীয়া ঢাল [বাৰূ] আৰু কাঠ বা বেতেৰে সজা দীঘল ঢাল [ফৰ] ব্যৱহাৰ কৰিছিল৷ ৰণুৱাবিলাকে মন্ত্ৰপুত কৱচ-কাপোৰৰ বাদেও ম’হৰ ছালৰ বা গঁড়ৰ ছালেৰে সজা জাখৰ পৰিধান কৰিছিল৷
আহোমৰ পক্ষতো ধনু-কাঁড়, কিৰিচ [জোঙা পোন দা], হেংদান, নাকৈ দা, যাঠি, টাঙোন আদি অস্ত্ৰৰ প্ৰয়োগ হৈছিল৷ মোগল বুৰঞ্জী-লেখকৰ এক তথ্য অনুসৰি, ৰণত অসমীয়া সেনাপতিসকলে হাতেৰে দূৰলৈ নিক্ষেপ কৰিব পৰা ডুটাচ নামৰ এবিধ বৰচা বা শেল জাতীয় অস্ত্ৰৰ প্ৰয়োগ কৰিছিল৷ [৭৫] তেনে কেতবোৰ অস্ত্ৰৰ প্ৰয়োগ এইলানি যুদ্ধতো ব্যৱহাৰ হ’ব পাৰে৷
স্থলযুদ্ধৰ সমান্তৰালভাৱে জলপথত ৰণতৰী লৈ তিনিমুনিত উভয়পক্ষ সন্মুখ সমৰত লিপ্ত হয়৷ তিনিমুনিৰ ভৌগোলিক অৱস্থিতি ডিব্ৰু নদীৰ মোহনাত যেন অনুমান হয়৷ তিনিমুনি বাট বুলিলে তিনিটা আলিবাট লগ হোৱা ঠাইক বুজা যায়৷ ডিব্ৰু নদীক সামৰি তিনিটা সুঁতিয়ে [নদীপথ] লগ হোৱা জলভাগক বুজোৱাৰ ধাৰণা আহে৷ আনহাতে, কলিয়াৰত ব্ৰহ্মপুত্ৰৰ বক্ষত দুটা বৃহত শিলক দুইমুনি শিলা বোলা হয়৷

ৰণাংগণৰ ভয়াবহতাক আমি কল্পনাৰ আলমত বিশ্লেষণ কৰাৰ বাদে উপায় নাই৷ মানিকচন্দ বৰুৱা, বৰহুলৌ বৰুৱা, ঢেলা আদিয়ে অতি পৰক্ৰমেৰে আহোমৰ সেনাৰ বিৰুদ্ধে যুদ্ধ পৰিচালনা কৰি গৈছিল৷ কিন্তু পাঁচদিন ধৰি হোৱা ৰণত আহোমৰ তুলনাত চুতীয়াৰ সৰহ সংখ্যক ৰণুৱা পৰিল৷ কিন্তু তেওলোকে আহোমৰ গড় অধিকাৰ কৰিবলৈ কৰা প্ৰয়াস কেইবাবাৰো বিফল হ’ল৷ আহোমৰ তুলনাত চুতীয়াৰ পক্ষত নিহত আৰু আহতৰ সংখ্যা সৰহ৷ চুতীয়াসকলৰ সেনাবল কমি আহিল৷ ঠাবাননাও বৰুৱাৰ কোঁঠলৈ অনেক আহত সৈন্যই আহি থিতাপি লৈছিল৷ সৰহ সংখ্যকে ৰণক্ষেত্ৰত প্ৰাণ এৰিছিল কিংবা আঘাতপ্ৰাপ্ত হৈ ঢলি পৰিছিল৷
আনহাতে, বুৰঞ্জীসমূহত আহোম পক্ষৰ যুদ্ধত দিহিঙীয়া ৰজাই নিজে যোগ দিয়াৰ বৰ্ণনা পোৱা যায়৷ নিতান্তই ৰজাৰ স’তে অহা অতিৰিক্ত সেনাই আহোম শিৱিৰক অধিক আক্ৰমণাত্মক কৰি তুলিছিল৷
ডিবৰুৰ গড় জয় কৰিবলৈ মানিকচন্দ বৰুৱাই নিজৰ সেনা বাহিনীৰ নেতৃত্ব দি মৰণপণ লৈ আহোম সেনাৰ শিবিৰত আক্ৰমণ কৰিলে৷ উভয় পক্ষৰ মাজত কঁড়া-কঁড়ী, কটাকটি আৰু খুচা-খুচী লাগিল৷ নিজৰ সৈন্যবাহিনীৰ সংশয় দূৰ কৰিবলৈ কিজানি মানিকচন্দ বৰুৱাই সন্মুখত থাকি যুঁজি গ’ল৷ নিজৰ জীৱনটোক তুচ্ছজ্ঞান কৰি একমাত্ৰ জন্মভূমিৰ বাবে চিন্তি আহোমৰ গড়ৰপৰা নিক্ষেপ কৰা কাঁড়-যাঠিলৈ ভ্ৰক্ষেপ নকৰি আগ বাঢ়ি গ’ল৷
যোৱা কেওটা দিন ধৰি অনাহাৰে-অনিদ্ৰাই, দেহত অনেক আঘাতৰ যন্ত্ৰণা লৈ কেৱল মনৰ জোৰত যুঁজি থকা মানিকচন্দই গড়ত আৰোহন কৰিবলৈ চেষ্টা কৰিলে৷ কিন্তু নিয়তিয়ে ইতিমধ্যে চুতীয়া ৰাজ্যৰ পক্ষ ত্যাগ কৰিছিল৷ শত্ৰুৰ ফালৰ পৰা নিক্ষেপ কৰা এডাল কাঁড়ে মানিকচন্দৰ বুকু ভেদি গ’ল৷ চুতীয়াসকলৰ দৰে শ্বান-আহোম সেনাইও কাঁড়সমূহত বিহৰ প্ৰয়োগ কৰিছিল৷
বিষাক্ত কাঁড়ৰ আঘাতত মানিকচন্দ হয়তো গড়ৰ ওপৰৰ পৰা খহি পৰিল৷ সেনাপতিৰ দূৰ্গতিত চুতীয়া সেনাৰ মাজত হুৱা-দুৱা লাগিল৷ আহোম সেনাই গড়ৰপৰা বাহিৰলৈ ওলাই আহি এফালৰ পৰা খুঁচি-কাটি বিস্তৰ চুতীয়া সেনাক নিপাত কৰিলে৷ ডিবৰুৰ পানী তেজেৰ ৰাঙলী হ’ল৷ ডিবৰুমুখৰ ৰণত ৪০০০ চুতীয়া ৰণুৱা পৰিল৷ তাৰ ভিতৰত মানিকচন্দৰ ক্ষত-বিক্ষত নিথৰ দেহাটো ডিবৰু পাৰত পৰি ৰ’ল নতুবা ডিবৰুৰ সোঁতত উটি গ’ল।
মানিকচন্দৰ মৃত্যু আহোম বিষয়াসকলৰ বাবে এক ডাঙৰ সাফল্য আছিল৷ চুতীয়া বা টিউৰাসকলৰ বাবে এয়া ডাঙৰ বিপৰ্যয় আছিল ৷ ‘সাতসৰী অসম বুৰঞ্জী’ত মানিকচন্দৰ গাত কাঁড় লগা ঘটনাটো এনেদৰে উল্লেখ আছে–
“চুটিয়াক হোহুকাই খেদি দিখৌমুখৰ পৰা ডিবৰুমুখ পোৱালেনি৷ চুটিয়াৰ বিস্তৰ পৰিল লোকজন, বৰুৱা লেচামৰ ভতিজাক আমাৰ মানুহে ধৰি আনিলে৷ চুটিয়াৰ মণিচন্দ বৰুৱায়ে, বৰহুলৈ বৰুৱায়ে, ৰাজাৰ ভায়েক ঢেলায়ে, এইসকলে খেদি আহি তিনিমুনিতে পাচদিন যুদ্ধ কৰিলে৷ মণিচন্দৰ গাত কাড় লগালে৷” [৭৬]
ডিবৰুমুখত বিজয়ী হৈ আহোম বাহিনীয়ে লাৰুপাৰাৰ চুতীয়া ৰজাৰ কোঁঠলৈ চোঁচা লয়৷ সমসাময়িক বুৰঞ্জীসমূহৰ মতে, চুতীয়া ৰজা লাৰুপাৰাৰ পৰা শদিয়ালৈ পিছুৱাই যায়৷ বুৰঞ্জীসমূহত লাৰুপাৰাত আহোমে চুতীয়াসকলৰপৰা প্ৰত্যাহ্বান পাইছিলনে নাই সেই বিষয়ে স্পষ্টভাৱে পোৱা নাযায়৷ লাৰুপাৰাৰ স্থানীয় লোকশ্ৰুতি অনুসৰি, থাবাননাও বৰুৱা, বৰহুলৈ, গাঁওবুঢ়া বৰুৱা আদিয়ে প্ৰায় দহদিন ধৰি আহোম নৌ আৰু স্থল বাহিনীক বাধা দি ৰাখিছিল৷ [৭৭]
ডিব্ৰুমুখ আৰু লাৰুপাৰাত আহোমক ৰুধিবলৈ চুতীয়া ৰাজ্যৰ ৰণুৱাসকলৰ সৈতে স্থানীয় প্ৰজাইও যুদ্ধত জঁপিয়াই পৰিছিল৷ কিন্তু মানিকচন্দৰ দৰে বীৰ সেনানায়কসকলৰ অনুপস্থিতিত চুতীয়া সেনাক পৰিচালনা কৰা সাহসী বিষয়াৰ হয়তো অভাৱ হৈছিল৷ লাৰুপাৰাতো আহোম বিজয়ী হয়৷ [৭৮] চুতীয়া ৰজাকে প্ৰমুখ্য কৰি বিষয়াসকলে শদিয়ালৈ পলায়ন কৰে৷ আহোম সেনাৰ হাতত ডিব্ৰুমুখৰ লাৰুপাৰালৈকে অনেক মৰা পৰে৷ আনবিলাক বন্দী হয়৷ সাতসৰী অসম বুৰঞ্জী অনুসৰি, ডিব্ৰুমুখৰ পৰা লাৰুপাৰালৈকে হোৱা ৰণত চুতীয়াৰ ৪০০০ সৈন্য নিহত আৰু ৩০০০ বন্দী হয়৷ [৭৯]
আহোম সেনাপতি কনচেং বৰপাত্ৰই অতি নিষ্ঠুতাৰে বন্দীসকলক হত্যা কৰিছিল৷ স্থানীয় প্ৰজাইও ৰণত ভাগ লোৱাৰ বাবে যথেষ্ট অত্যাচাৰৰ সন্মুখীন হোৱাটো সহজেই অনুমেয়৷ যুদ্ধই বিনাশ মাতে৷ ৰণাংগণে দোষী-নিৰ্দোষীৰ মাজত পাৰ্থক্য বিচাৰ নকৰে৷ আধুনিক সমাজতে যুদ্ধৰ সময়ত অনেক বৰ্বৰতা প্ৰচলিত হৈ আছে৷ তেনেস্থলত মধ্যযুগত নিৰীহ প্ৰজাক দমনৰ নামত কিমান অমানবীয় কাণ্ড সংঘটিত হৈছিল তাৰ লেখ-জোখ নাছিল৷ এনে অত্যাচাৰৰ ভয়ত বহুতো চুতীয়া জনগোষ্ঠীৰ পৰিয়াল চুবুৰীয়া মিৰি, মিচিমি, আবৰসকলৰ পাহাৰলৈ পলায়ন কৰিছিল৷ বহুতো বন্দী হৈছিল৷
লাৰুপাৰাত জয়ী হৈ আহোম সেনাই শদিয়া অভিমুখে ৰাওনা হয়৷ চুতীয়া ৰজাই শদিয়াত এটা গড় নিৰ্মাণ কৰি আছিল৷ কিন্তু শতৰু নিচেই কাষ চাপি অহা দেখি ভীতিগ্ৰস্ত হৈ সন্ধিৰ প্ৰস্তাৱ আগ বঢ়ায়৷ দুৰ্ভাগ্যক্ৰমে চুতীয়াৰ সন্ধিৰ চিনস্বৰূপে প্ৰেৰণ কৰা সামগ্ৰীসমূহৰ মাজত এখন ছুৰী কটাৰী প্ৰেৰণ কৰাক লৈ আহোম বিষয়াসকলে শত্ৰুতাৰ চিন বুলি গণ্য কৰি যুদ্ধ অব্যাহত ৰাখে৷ উপৰ্যুপৰি আক্ৰমণত উপায়হীন হৈ চুতীয়া ৰাজ-পৰিয়ালে বৰনগৰ বা ভীষ্মক নগৰলৈ পলায়ন কৰে৷
এই বৰনগৰতো শত্ৰুৰ আক্ৰমণ হোৱাত চন্দ্ৰগিৰি বা চন্দনগিৰিলৈ আৰোহন কৰে৷ আহোম সেনাই তাতো আক্ৰমণ কৰে৷ ধীৰনাৰায়ণৰ জামাতা ৰজা নীতিপাল বা চন্দ্ৰনাৰায়ণ আৰু জী ৰাণী সাধনী কুঁৱৰীয়ে শেষ মুহূৰ্তলৈকে যুঁজ দি ৰণাংগনত প্ৰাণাহুতি দিয়ে৷ কিছু বুৰঞ্জীয়ে শেহৰলানী যূদ্ধত ৰজা ধীৰনাৰায়নৰো মৃত্যু হোৱাৰ ইংগিত দিয়ে। ধীৰনাৰায়ণৰ এক শিশু পুত্ৰ সাধকনাৰায়ণক আহোম চাওফাই বধ নকৰি তলতীয়া ৰজা পাতে৷ আনহাতে, শদিয়াৰ ভূ-খণ্ডত শাসনৰ বাবে ফ্ৰাচেনমুঙক শদিয়াখোৱা গোহাঁই পাতি শাসনৰ দায়িত্ব দিয়ে৷

চুতীয়াসকলে বীৰাংগনা সাধনীয়ে চন্দনগিৰিত ৰণাংগনত প্ৰাণ আহুতি দিয়া ঘটনাটো সাত বহাগৰ দিনটোত সংঘটিত হৈছিল বুলি বিশ্বাস কৰে৷ আনহাতে, কিছুমান সাঁচিপতীয়া আহোম বুৰঞ্জীত এই যুদ্ধখন চ’তৰ মাহৰ শেষত হৈছিল বুলি পোৱা যায়৷ [৮০]
ড॰ প্ৰশান্ত কুমাৰ চুতীয়াই ১৫২৩ চনত চুতীয়া ৰাজ্য আহোম ৰাজ্যৰ অধীন হোৱাৰ ঘটনাটোক চিহ্নিত কৰিছে এনেদৰেঃ “The Ahom king celebrated the victory over the Chutiyas by performing the Rikkh van ceremony. The Chutiya kingdom was then fully devastated and annexed to the Ahom territory in ১৫২৩ A.D. The subjects of that devastated kingdom, the members of the Chutiya royal family and the nobles were so dislanded that they can never raise in future. Some of them were deported to some other places.“ [৮১]
ডিবৰু গড় আৰু লাৰুপাৰাৰ ৰণ চুতীয়া ৰাজ্যৰ অতি গুৰুত্বপূৰ্ণ ঘটনা আছিল৷ লাৰুপাৰা অঞ্চলটোৰ লগতে পুৰণি ডিব্ৰু নদী ব্ৰহ্মপুত্ৰই গ্ৰাস কৰাৰ ফলত ইবিলাকৰ বিষয়ে ক্ষেত্ৰ পৰিদৰ্শন কৰি নতুন সমল উদ্ধাৰ কৰাটো কঠিন৷ ডিবৰু গড়ত প্ৰাণ আহুতি দিয়া মানিকচন্দ বৰুৱাৰ বিষয়ে খুব কমেইহে জ্ঞাত৷ লাৰুপৰীয়া জনশ্ৰুতি অনুসৰি, মানিকচন্দৰ মৃত্যুত বাউলি হোৱা মনদৈয়ে ডিব্ৰু নৈত জাঁপ দি প্ৰাণ আহুতি দিছিল৷ সেই বিষয়ে লাৰুপাৰাৰ জনগীতত আছে–
“কোনে চল কৰিলে কোনে শেল মাৰিলে
প্ৰভূ মোৰ ৰণতে পৰিল;
দুলি দোনে ভৰাই কোনে পাপ সাধিলে
মায়াজৰী কেনেকৈ ছিঙিল৷
কোনজনী পাখৰীৰ পুতেকে চান্দিলে
হাতীলৈ খান্দিলে লুং;
প্ৰভূদেওৰ শৰীৰে চিকুণে-কোমলে
গেজেককৈ মাৰিলে জোং৷
প্ৰভূৱে নেৰেচোন ধৰমৰ খুটিডাল
কেনেকৈ লোকে আস পালে;
ভদীয়া কুকুৰ যেন পখৰাৰ পুতেকে
প্ৰভূদেওৰ কলিজা খালে৷
প্ৰভূদেও বিহনে থাকিমনো কেনেকৈ
কেনেকৈ চোবাই খাম ভাত;
মাজুজনী ডিবৰু বৰনৈয়ে গিলিব
অকালত হেৰাব মাত৷
প্ৰভূদেও বিহনে থাকিমনো কেনেকৈ
কেনেকৈ পি খাম পানী;
বৰজনী ডিবৰু বেজাৰত শুকাব
গাঁৱে গাঁৱে ঘূৰিব শনি৷
প্ৰভূদেও গ’লেগৈ অকলে এৰি থৈ
এৰি থৈ ফুটুকী জাপি;
জাপিকো নুচুবি ৰ’দো নাঢাকিবি
ৰ’দত শুকাই মৰক পাপী৷” [৮২]
আত্মঘাতী হোৱাৰ পূৰ্বে মনদৈয়ে গিৰীয়েকৰ হত্যাৰ স’তে জড়িত পাপী শতৰুক মৰিবলৈ শাওপাত দিছে৷ তদুপৰি আহোম সেনাৰ আক্ৰমণত হোৱা নৰ-সংহাৰৰ ঘটনাৰ নীৰৱ সাক্ষী ডিব্ৰু নৈখনক জগৰীয়া কৰি অভিশাপ দিয়া বাক্যকেইশাৰী মন কৰিবলগীয়া৷ মাজুজনী ডিবৰু আৰু বৰজনী ডিবৰু বুলি হয়তো ডিব্ৰু নৈৰ দুটা সুঁতিক বুজোৱা হৈছে৷ মনদৈৰ শাওপাতৰ স’তে ডিব্ৰুগড় জিলাত ব্ৰহ্মপুত্ৰৰ গড়াখহনীয়াৰ ফলত হোৱা এলানি ভৌগোলিক পৰিৱৰ্তনৰ সামঞ্জস্য পৰিলক্ষিত হয়৷
কাকতালীয়ভাৱে ‘মাজুজনী ডিবৰু বৰনৈয়ে গিলিব’ কথাশাৰীয়ে ডিব্ৰু নৈৰ মূল ধাৰা বৰনৈ বা ব্ৰহ্মপুত্ৰৰ স’তে বিলীন হোৱা ঘটনাটো মিলি গৈছে৷ বৰ্তমান তিনিচুকীয়া জিলাৰ মাগুৰি বিলখনেই ডিব্ৰু নৈৰ হেৰাই যোৱাৰ সুঁতিটোৰ অস্থিত্ব বহন কৰি আছে৷ আনহাতে, ‘বৰজনী ডিবৰু শুকাই যোৱা’ ঘটনাটোৱে কোনোটো সুঁতিৰ ইংগিত বহন কৰিছে চিনাক্ত কৰাটো কঠিন৷ তথাপি এইক্ষেত্ৰত মাইজান নামৰ নৈ এখনৰ নাম আওতালৈ আনিব পাৰি৷
ডিব্ৰু নদীৰ প্ৰধান উপনৈসমূহৰ ভিতৰত মাইজান নামৰ এখন উপনৈৰ বিষয়ে তথ্য পোৱা৷ ড॰ যতীন্দ্ৰ নাথ শৰ্মাৰ অসমৰ নদ-নদী গ্ৰন্থত মাইজানখন বৈ অহাৰ ফালে পূৰ্বে এখন ডাঙৰ নৈ বৈ অহাৰ সম্ভাৱনা ব্যক্ত কৰিছিল৷ এই নৈখন এসময়ত দিনজান বিমানঘাটিৰপৰা পশ্চিমমুৱা হৈ বৈ আহি ডিব্ৰুগড় জিলাৰপৰা ৫ কিলোমিটাৰ আঁতৰত ব্ৰহ্মপুত্ৰৰ স’তে লগ লাগিছিল৷
কিন্তু যোৱা কেইদশকৰ ব্যৱধানত ডিব্ৰুগড় জিলাৰ সেই অঞ্চলসমূহ খহনীয়াত জাহ গ’ল৷ বৰভূঁইকঁপৰ দৰে ভৌগোলিক পৰিৱৰ্তনৰ প্ৰভাৱত হয়তো কালক্ৰমত মাইজান সুঁতিটো শুকাই গ’ল৷ শেহতীয়াকৈ মথলা চাহ বাগিচাৰ পশ্চিম অংশত ব্ৰহ্মপুত্ৰৰ এক বিশাল জলাধাৰ বুকুত সামৰি এখন বিললৈ পৰিৱৰ্তন হ’ল৷
বৰ্তমান মাইজান বিলখনেই মাইজান নৈৰ মৰাসুঁতিৰ অস্থিত্ব বহন কৰি আছে৷ মাইজান নৈৰ শুকাই যোৱা সুঁতিৰ চিন এতিয়াও গুগুল ছেটেলাইট মেপত দেখা যায়৷ ইয়াৰ দ্বাৰা একালত যে এয়া এখন বিশাল নৈ আছিল সেয়া সহজে অনুমেয়৷ [৮৩]
মনদৈৰ শাওপাতত শুকাই যোৱা বৰজনী ডিবৰু ডিব্ৰুগড় জিলাৰ মাইজান নৈখনেই আছিল নেকি, সেই প্ৰশ্নৰ বিজ্ঞানভিত্তিক সমিধান দিয়াতো সম্ভৱ নহয়৷ কিন্তু বান-গড়াখহনীয়াত বিপৰ্যস্ত হোৱা চুতীয়া জনগোষ্ঠীৰ পৰিয়ালৰ মাজত বংশানুক্ৰমে মুখ বাগৰি অহা জনশ্ৰুতিৰ স’তে সাঁচিপতীয়া আহোম বুৰঞ্জীৰ সামঞ্জস্যক কোনোপধ্যেই নাকচ কৰিব নোৱাৰি৷ লিখিত বুৰঞ্জীৰ অভাৱত একোটা সত্য ঘটনা যেতিয়া বংশানুক্ৰমে মুখ বাগৰে, এটা সময়ত সেয়া কিংবদন্তিলৈ আৰু সেই কিংবদন্তিও কালক্ৰমত পুৰাকথালৈ পৰিণত হয়৷

উপসংহাৰঃ
মানিকচন্দ বৰুৱাৰ বৌৰিঞ্জিক ঘটনাৰাজিৰ ক্ষেত্ৰত কেওতা বিষয়ৰে সমাহাৰ ঘটা পৰিলক্ষিত হয়৷ আপাত দৃষ্টিত চুতীয়া ৰাজ্যৰ সেনানায়ক মানিকচন্দ বৰুৱা এজন বীৰপুৰুষ৷ মানিকচন্দ বৰুৱাৰ সাহস আৰু বীৰত্বক শ্ৰদ্ধা জনাই, সেই সময়ত শতৰু হিচাপে অহা আহোম বিষয়াসকলে তাহানিকালতেই স্বীকৃতি দি গ’ল৷ অথচ সাম্প্ৰতিক সময়ত এইজন বীৰক লৈ বৌদ্ধিক মহলত কাচিৎহে আলোচনা হোৱা পৰিলক্ষিত হয়৷ এয়া অতি পৰিতাপৰ বিষয়৷
১০৬৬ খ্ৰিষ্টাব্দত গ্ৰেট ব্ৰিটেইনৰ হেষ্টীংচৰ যুদ্ধত এংলো চেক্স’ন জাতি ফ্ৰান্সৰ ভাইকিং মূলৰ নৰ্মাণসকলৰ হাতত পৰাজিত হৈছিল৷ তাৰ এশ বছৰৰ ব্যৱধানত দুয়োটা জাতিৰ বৈবাহিক সম্বন্ধই ইংৰাজ জাতি গঠনৰ প্ৰক্ৰিয়াক তৰান্বিত কৰিছিল৷ আহোম চুতীয়াৰ ৰণৰ পৰৱৰ্তী পৰ্যায়তো অনুৰূপ ঘটনা ঘটিছিল৷কালক্ৰমত চুতীয়া-আহোমৰ বৈবাহিক সম্বন্ধ বৃদ্ধি পোৱাত দুয়োটা জাতিৰ মাজত সাংস্কৃতিক আদান-প্ৰদান হৈছিল৷ অসমীয়া জাতিৰ বিন্যাসত অন্যান্য জাতি-জনগোষ্ঠীৰ লগতে চুতীয়া আৰু আহোমসকলৰ অনেক অৱদান আছে৷
মানিকচন্দ বৰুৱাক চুতীয়াসকলৰ জাতীয় বীৰৰ সন্মান প্ৰদান কৰা হওক৷ মানিকচন্দ-মনদৈৰ প্ৰেমগাথাক প্ৰণালীবদ্ধভাৱে অধ্যয়ন কৰি অসমৰ মৌখিক সাহিত্যৰ অন্তৰ্ভুক্ত কৰা উচিত৷ মানিকচন্দ বৰুৱাৰ স্মৃতি বিজড়িত স্থানসমূহ চিনাক্ত কৰি সংৰক্ষণৰ ব্যবস্থা কৰিব লাগে৷ মানিকচন্দ বৰুৱাৰ স্মৃতিত বান-গড়াখহনীয়াপীড়িত ৰাইজৰ মাজত কেতবোৰ জনকল্যাণমূলক আঁচনি গ্ৰহণ কৰা উচিত৷ বুৰঞ্জী বা ইতিহাসৰ ঋণাত্মক দিশবোৰ পৰিহাৰ কৰি, এক সুস্থ তথা কৰ্মঠ সমাজ গঢ়াৰ আহিলা হিচাপে মাণিকচন্দ বৰুৱাক প্ৰস্তুত কৰা হওক৷■

প্ৰসংগ-টীকাঃ
১. ভূঞা, সূৰ্য্যকুমাৰ, ‘কামৰূপৰ বুৰঞ্জী’, প্ৰকাশকঃ বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগ, অসম, ১৯৩০, পৃ. ৯৭
২. “Before the entry into Hinduism, the Chutiyas practiced Non-Aryan rituals called Kirata-dharma, a form of religion prevailed in ancient Assam. ’Vishnu Purana and Hari Vamsa refer to the Kiratas and other people of Kamrupa, to Bana of Sonitpur and to Bhismaka of Kundila’.’ The Chutiya king Satyanarayan, who ruled Sadiya (Kundila) during the period of the ১৪th century, was glorified in a copper grants inscription as Sura-ripu-vamshamsha- vutu – the descendant of Asura, enemy of the gods. The tribes originated from Non-Aryan Kiratas were generally called the Asuras who were worshippers of mother goddess incorporated with Kairataja-dharma. A goddess of Sakti cult in ancient Assam was called Dikkar-Vasini – the dweller of Dikkar. According to some scholars, the Dikkar Vasini Pith as mentioned in the Kalika Purana is suhposed to be the north-eastern Assam, centred around Sadiya along the river Dikrong or Dikrai.“ –Chutia, Dr. Prasanta Kumar, ‘A History of Chutiyas’, Birangana Sati Sadhani Rajyik Vidyalaya, Golaghat, 1st Edition, 2022, p. 167
৩. Brown, W. B., ‘An Outline Grammar of The Deori Chutiya Language Spoken in Uhper Assam’, Printed at the Assam Secretariat Printing Office, 1895, p. iv & v
৪. খনিকৰ, সূৰ্য্যকান্ত, ‘চুতীয়া জাতিৰ ইতিহাস আৰু লোক সংস্কৃতি’, প্ৰকাশকঃ অনন্ত কুমাৰ নেওগ, মুদ্ৰণঃ ভাস্কৰ প্ৰিণ্টাৰ্ছ, জাটিয়া, কাহিলিপাৰা ৰোড, গুৱাহাটি-০৬, দ্বিতীয় প্ৰকাশ, ২০২৩, পৃ. ১৯৫
৫. “There were three races inhabiting the country, all of Hindoo origin, viz., the Sutya or Chutya, the Burahi (or pig race), and the Moran, also called Moamaria or Muttuck. But the Sutya was the ruling tribe, and the other two subordinate to it. The first Sutya king recorded was one Asambhinna, who, with his seven brothers, dwelt on the banks of the Sri Lohit or Brahmaputra, but at what town or village is not indicated. During his reign a Brahmin came from Benares and converted the whole of the eight brothers to Brahminism. This Brahmin was much respected for his learning and piety, and Asambhinna gave him his daughter in marriage. At Asambhinna’s death the surviving brothers quarrelled among themselves on the subject of the succession, but eventually agreed to place the Brahmin on the throne. On the death of the latter, however, a descendant of Asambhinna came into power, he was called Indra Deva Raja, and reigned for 30 years. After him followed 31 kings lineally descended from him, the last of whom was called Lekroy Raja. The names of these kings are given and are mostly of a Hindoo type, but as no dates or events of importance are recorded, these in themselves are of no value. The thirty-two reigns from Indra Deva, inclusive, downwards, aggregate 554 years (or an average of 17 years each), but the length of Asambhinna’s and the Brahmin’s reigns are not given.
Lekroy Raja died leaving four sons called, respectively, Burora, Maisura, Kolita, and Kossi Raja, but before the succession had been fixed Samlungpha arrived with a Mau army, and the brothers being divided among themselves made only a feeble resistance. Burora (surnamed Buruk) was killed in battle with the Shans; Maisura (surnamed Maikron) fled with a number of followers to Maing-Bing, * Kolita, followed by a considerable force of his countrymen, also fled, but to the westward across the mountains near the Sri Lohit, where he established a kingdom; the fourth brother, Kossi Raja, was captured by the Shans and agreed to become a feudatory. Samlungpha then placed a Tamon, or Governor, on the Sutya throne and returned to Mogaung; but after five months the Tamon was poisoned by Kossi Raja, who seized the power and ruled for a period of six months, when a Shan force was again sent into the country, which defeated Kossi Raja and obliged him to take refuge in Cachar. On this occasion the Shans are said to have been commanded by Chau-Kaa-pha, the younger brother or cousin of the Mogaung tsaubwa, but the name and event, taken together, ahpear to establish him as the son of Fu-Sang-Kang of Momiet, whatever might have been his rela- tionship to the Mogaung tsaubwa.“
–Elias, Ney, ‘Introductory Sketch of The History of Shans in Uhper Burma and Western Yunan’, Calcutta, Printed at The Foreign Department Press, 1876, p. 61-62
৬. “মগং ওৰফে মুংকঙৰ ৰজা চামলুমফাই চুটিয়া ৰাজ্য দখল কৰি তাত এজন শাসনকৰ্ত্তা পাতি থৈ যায়৷ চুটিয়াবিলাকে ছমাহৰ পাচত তেওঁক হত্যা কৰিলে৷ তাৰ পাচত মুংকঙৰ ৰজা চুখানফাই [চামলুমফা আৰু চুখানফা ৰজা আছিল৷] ছুকাফাক চুটিয়া ৰাজ্য দখল কৰিবলৈ পঠালে৷ তেওঁ চুটিয়া ৰাজ্য দখল কৰি গুচি গ’ল৷ এই ঘটনা ১২২৮ খৃঃৰ আগৰ৷” –ৰাজকুমাৰ, সৰ্বানন্দ, ‘চুতীয়া ভূঞা আৰু মটক ৰাজ্য’, প্ৰকাশক ঃ সৰ্ব্বানন্দ ৰাজকুমাৰ, উপায়ুক্ত, কামৰূপ, গুৱাহাটী, অসম প্ৰকাশন পৰিষদ, ১৯৬৪, পৃ. ২৭
৭. “Early in the ১৩th century, when Sukapha invaded Assam, Kosi Raja was the rulling king.“ –‘A History of Chutiyas’, p. 32
৮. ভূঞা, সূৰ্য্যকুমাৰ, সম্পা., ‘সাতসৰী অসম বুৰঞ্জী, প্ৰকাশক ঃ বাণী মন্দিৰ, দ্বিতীয় প্ৰকাশ, ২০১৪, ছেদ-১৭
৯. হৰিজোঁৱাইৰ প্ৰাণদণ্ড
তেঁহে বুলিলন্ত খানিতেক নকাটিবি৷
হাত বাৱ দিলে মই তেখনে কাটিবি৷৷
মাধৱে কাণত ৰামনাম শুনাৱন্ত৷
আপুনিয়ো উচ্ছ কৰি ৰামনাম লন্ত৷৷ ১১৷৷
ৰামনাম লৈলে পুলকিত ভৈল গাৱ৷
সেহি সময়ত তেঁহে দিলা হাতবাৱ৷৷
দেখিয়া অসমে ঘাৱ মাৰি কাটিলেক৷
কটা মূৰে তিনিবাৰ ৰাম বুলিলেক৷৷ ১২৷৷
কান্দন্তে মাধৱদেৱ গৈলন্ত উলটি৷
শঙ্কৰদেৱৰ আগে কহিলা প্ৰকটি৷৷
যেন মতে মাধৱদেৱক এৰি দিল৷
যেনমতে শঙ্কৰৰ জমাইক কাটিল৷৷ ১৩৷৷ [পৃ. ১০৮-১০৯]
শ্ৰাদ্ধ কাক বোলে
দ্বাৰী বোলে মৰাক বঢ়াই বস্তু যত৷
গুৱা পান কল চাউল দহি দুগ্ধ বস্ত্ৰ৷৷
তাক সবে নিয়া পাছে ব্ৰাহ্মণ ভুঞ্জয়৷
শ্ৰাদ্ধ বুলি ব্ৰাহ্মণসকলে তাকে কয়৷৷ ৬৷৷
শুনিয়া আসাম ৰাজা ভৈলা কোপমন৷
মৰাক বঢ়াৱা চাউল কৰয় ভোজন৷৷
কাটৰ ডকোৱা সম চুইবে নলাগয়৷
শঙ্কৰে কৰিবে৷ শ্ৰাদ্ধ ভালেতো নেদয়৷৷ ৭৷৷
মৰাৰ চাউল খাইবাক নপাই শঙ্কৰক৷
বোলে নষ্ট কৰিলন্ত সমস্ত ৰাজ্যক৷৷
খেদাৱো চাঙ্গৰ পৰা নমায়া এখন৷
হেন শুনি আপুনি নামিলা বিপ্ৰগণ৷৷
লাজ হুয়া সমস্তে গৃহক লাগি গৈল৷
শঙ্কৰ সহিতে আটৰ বিবাদ ন ভৈল৷৷
শঙ্কৰক আসাম ৰাজায়ে প্ৰশংসিল৷
অনন্তৰে গৃহক লাগিয়া পঠাই দিল৷৷৷ [পৃ. ১১০-১১১]
–ঠাকুৰ, দৈতাৰি, ‘মহাপুৰুষ শ্ৰীশ্ৰীশঙ্কৰদেৱ মাধৱদেৱ চৰিত’, [১৫৪২ শকাব্দ], সম্পাদকঃ ৰাজমোহন নাথ, প্ৰথম সংস্কৰণ ঃ ১৮৬৯ শকাব্দ, পৃ. ১০৮-১১১
১০. Borua, Raisahib Golap Chandra (Assistant Inspector of Schools, Assam Valley Circle), Complied, ‘Ahom-Assamese-English Dictionary’, Published under the authority the Assam Administration Printed the Baptist Mission Press, Calcutta, 1920, p. 91
১১. Vasu, Nagendra Nath, ‘The Social History of Kamarupa’, Vol. I, Published by the Author and Printed by Srilal Jain at the Jain siddhanta Prakashak Press, 9 Visvakosh Lane, Bagbazar, Calcutta, 1922, p. 242-247
১২. বৰুৱা আৰু নাথ, ড॰ স্বৰ্ণলতা আৰু ড॰ ডম্বৰুধৰ, সম্পা., ‘চুতীয়া জাতিৰ বুৰঞ্জী, প্ৰকাশকঃ চুতীয়া জাতিৰ বুৰঞ্জী প্ৰণয়ন সমিতি, প্ৰথম প্ৰকাশ, ২১ এপ্ৰিল, ২০০৭, পৃ. ১০০-১১৬
১৩. ‘A History of Chutiyas’, p. 34
১৪. বুঢ়াগোহাঁই, নবীন, ‘আহোম যুগৰ ৰাজধানী’, অসম বুক ট্ৰাষ্ট, প্ৰথম প্ৰকাশঃ ডিচেম্বৰ, ২০২৩, পৃ. ১০
১৫. “পাচে চুতুফা মহাৰজাদেৱে চুটিয়া ৰজা সৈতে সাজ-সখি বন্ধাই কতোদিন প্ৰীতি-ভাৱে আছিল৷ পাচে একদিনা প্ৰতি নাও খেলাই ৰং কৰো বুলি চুটীয়া ৰাজায়ে ছল কৰি চাফ্ৰাই নৈৰ পৰা নাওত তুলি ধৰি নিলে৷ পাচে চুতুফাক নিহৌহল কৰি পঞ্চত্বক কৰালে৷ লাক্লি খুতঙ্গি শকত চুতুফা ৰাজাদেও মৰিল, এৱে ভোগ কৰিলে ১২ বছৰ৷” –ভূঞা, সূৰ্য্যকুমাৰ, সম্পা., ‘দেওধাই অসম বুৰঞ্জী’, প্ৰকাশকঃ বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগ, অসম চৰকাৰ, গুৱাহাটী, পঞ্চম প্ৰকাশন, জুলাই, ২০২৩, পৃ. ৫৮
১৬. ৰাজকুমাৰ, সৰ্বানন্দ, ‘চুটিয়া, ভূঞা আৰু মটক ৰাজ্য’, প্ৰকাশক ঃ সৰ্বানন্দ ৰাজকুমাৰ, উপায়ুক্ত, কামৰূপ, গুৱাহাটী, অসম প্ৰকাশন পৰিষদ, ১৯৬৪, পৃ. ২৭
১৭. “There is no sign of personal enmity between the two kings as to cause such an evil act.“ –‘A History of Chutiyas’, p. 38-39
১৮. শৰ্মা, ড॰ যোগেন্দ্ৰ নাথ, অসমৰ নদ-নদী, প্ৰকাশক ঃ ড॰ ৰামচৰণ ঠাকুৰীয়া, প্ৰধান সম্পাদক, অসম সাহিত্য সভা, প্ৰথম প্ৰকাশ, জানুৱাৰী, ১৯৯৩, পৃ. ৫১
১৯. গোহাঁই, ড॰ বীৰেন্দ্ৰ কুমাৰ, তাই আহোম জনগোষ্ঠী আৰু তাই পৰম্পৰা, প্ৰকাশক ঃ অপৰূপা পাব্লিচিং হাউচ, প্ৰথম প্ৰকাশ ঃ ২০০৯, পৃ. ১৯
২০. Gait, Sir Edward, ‘A History of Assam’, Publisher: Thacker. Spink 7 Go., Calcutta and Simla, ২nd Edition, 1926, p. 81-82
২১. আহোম যুগৰ ৰাজধানী, পৃ. ৫১
২২. উল্লিখিত, পৃ. ৪৭-৫৮
২৩. অসমৰ নদ-নদী, পৃ. ২৯-৩১
২৪. “All rivers are worshihped, particularly the Brahmaputra, which is called Ji Chima or Chima Jima (“the Mother of Water“).“ –Brown, W. B, An Outline Grammar of The Deori Chutiya Language, Printed at The Assam Secretariat Printing Office, 1895, p. V
২৫. “It was probably the Kachari dynasty, that gave names to many of the rivers in Uhper Asam. The affix Di to so’ many of them is the Kachari word for water or river. We have the Di-hong, Di-bong, Di-hing, Di-garo, & c. The Brahmaputra is called Doima, the River mother.“ ঃDalton, Tuite Edward, Descriptive Ethonology of Bengal, Publisher: Calcutta, Office of the Superintendent of Government Printing, 1872, p. 87
২৬. Ahom-Assamese-English Dictionary, p. 61
২৭. বৰুৱা, কোষেশ্বৰ, ঐতিহাসিক বিৱৰ্ত্তনত অসমৰ চুতীয়া জনগোষ্ঠী, প্ৰকাশক ঃ কুলকমল বৰুৱা, ২য় প্ৰকাশ, ৫ আগষ্ট, ২০১২, পৃ. ৩২৩
২৮. উল্লিখিত, পৃ. ৩১৩
২৯. উল্লিখিত, পৃ. ৩২১
৩০. Wade, Dr. John Peter, An Account of Assam, ১৮০০, Edited by Benudhor Sharma, Published: 1927, p. 23
৩১. গোস্বামী, হেমচন্দ্ৰ, সম্পা., পুৰণি অসম-বুৰঞ্জী, প্ৰকাশক ঃ খগেন্দ্ৰনাৰায়ণ দত্ত বৰুৱা, লয়াৰ্ছ বুক ষ্টল, পাণবজাৰ, গুৱাহাটী, দ্বিতীয় প্ৰকাশ ঃ জুন, ১৯৭৭, পৃ. ৩৮
৩২. বুঢ়াগোহাঁই, ড॰ প্ৰাতসলতা, ৰহমৰীয়াৰ অতীত-বৰ্তমান আৰু অনন্ত নলাৰ কিছু কথা, ‘সঞ্জীৱনী’, সম্পাদক ঃ ৰঞ্জন গগৈ, সোণালী জয়ন্তী বৰ্ষ, ৰহমৰীয়া উচ্ছতৰ মাধ্যমিক বিদ্যালয় ৰহমৰীয়া, প্ৰকাশক ঃ সোণালী জয়ন্তী উদযাপন সমিতি, ২০০৪, পৃ. ১০৪-১০৫
৩৩. “The Chutias were the dominant race in Uhper Asam when the Ahoms swarmed into the valley. Their kingdom was overturned by the Ahom chief Chutupha about A.D. 1350, and great numbers of the nation were deported and forced to settle in other parts of Asam, as in Chutia of the Durrung District, but still a great many of the Sadya and Uhper Asam population are Chutias. The tribe called Bihiya are of the same family, and as a tribe of Lalongs in Uhper Asam claim to be of Chutia descent, it is not unlikely that all the Lalongs are Chutias.
The Chutias, long before the ahpearance of the Ahoms, had adopted Hindu customs, and placed themselves under the tutelage of Brahmanical priests; they are now therefore less distinguishable from the Hindus of pure extraction than are the Ahoms.“ –Descriptive Ethonology of Bengal, p. 77-78
৩৪. চুতীয়া জাতিৰ ইতিহাস আৰু লোক সংস্কৃতি, পৃ. ১৫৪
৩৫. “Native account of washing for gold in Assam. B Moneeram, Revenue Sheristadar, Bur Bundaree.“ –The Journal of the Asiatic Society of Bengal, Printed at the Baptist Mission Press, Circular Road, Vol. VII. Part. II, 1838, p. 621-625
৩৬. “Further information on the gold washings of Assam, extracted from Capt. HANNAY’s communications to Capt. JENKINS, Agent to the Governor General in Assam.“ –ibid, p. 625
৩৭. ৰাজকুমাৰ, সৰ্বানন্দ, ইতিহাসে সোঁৱৰা ছশটা বছৰ, প্ৰকাশক ঃ মাখন হাজৰিকা, বনলতা, নতুন বজাৰ, ডিব্ৰুগড়, প্ৰথম বনলতা সংস্কৰণ ঃ ডিচেম্বৰ, ২০০০, পৃ. ৫০২
৩৮. ভূঞা, সূৰ্য্যকুমাৰ, সম্পা., দেওধাই অসম বুৰঞ্জী, প্ৰকাশক ঃ অসম চৰকাৰ, বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগ, গুৱাহাটী, পঞ্চম প্ৰকাশন, জুলাই, ২০২৩, পৃ. ১৪৭
৩৯. “The Tezpur Grant Vanamala States that the river Lauhitya carried down gold dust from legendary gold bearing boulders of the sacred Koilasa mountain.“ –Barua, Birinci Kumar, A Cultural History of Assam, (Early Period), Published by Shri K.K. Baruooah, Nowgong, Assam, Volume I., First Edition, 1951, p. 95
৪০. “…but in the N. W. they rise to a considerable height where the mountain’ Reging of the Abors towers above the Pasণ village, thence there is a sudden fall, and in the opening of the Dihong the hills diminish to a comparatively small size-over which, however, a cluster of remarkable peaks, clothed in heavy snow, are occasionally to be seen in the very clear weather of the winter months, bearing about 310°, or nearly north-west; they are evidently south of the Dihong, in its course from W. to E, and are very distant. On the ohposite side of the bank rises a conical moun- tain (which at the mouth of the Dihong, and in that river, forms a most conspicuous object): the Abors call it Regam, and declare that it is the residence of a sylvan deity. The range continues round to the north over-tohped near Regam by a high-peaked ridge of six or seven thousand feet high, retaining its snowy covering only during the colder months.“ –Wilcox, Lieutenant R., Memoir of a Survey of Asam and Neighbouring Countries Executed in 1825-6-7-8, Publisher and publishing year is not included in this matter.
৪১. “১৩৯০ শকত শ্ৰীশ্ৰী চুহুমফা ৰাজা হ’ল৷ এওকে দিহিঙীয়া ৰজা বোলে৷ কতোদিন থাকি পৰ্ব্বতৰ পৰা দিহিঙ্গলৈ আহি ৫ বৎসৰ থাকি থাউমুং লাংবান ডাউচিলুং খামপেঙ্গকে আউনীয়া নগা যুঁজিবলৈ পাচিলে৷ যাবৰ দেখি নগা ভয় হুই কুঁৱৰীৰ হাতী ১ টা দি বৰিল৷ তাকে লৈ ইবোৰ উলতি আহিল৷ ঁসেৱা কৰিলহি৷ তাৰ প্ত বৎসৰৰ পাচত হাবুং পানবাৰী মাৰি ল’লেগৈ৷” ঃভূঞা, সূৰ্য্যকুমাৰ, সম্পা., অসম বুৰঞ্জী, প্ৰকাশক ঃ অসম চৰকাৰ, বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগ, গুৱাহাটী, পঞ্চম প্ৰকাশন, জুলাই, ২০২৩, পৃ. ০৮
৪২. “লাকলি ৰাইচিঙ্গা শকত ৰজাদেও হাবুঙ্গৰ পানবাৰী ললেগৈ৷” ঃভূঞা, সূৰ্য্যকুমাৰ, সম্পা., দেওধাই অসম বুৰঞ্জী, প্ৰকাশক ঃ অসম চৰকাৰ, বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগ, গুৱাহাটী, পঞ্চম প্ৰকাশন, জুলাই, ২০২৩, পৃ. ৫৮
৪৩. “In ১৫০৪, the Aitonia Nagas revolted, and the Bar Gohain and the Burha Gohain were placed in charge of an expedition against them. The Nagas were defeated, and acknowledged the supremacy of the Ahom king, to whom they sent a daughter of their chief and a present of four elephants as a peace offering. They also agreed to pay a yearly tribute of axes, gongs and amber.
In 1510 an enquiry was made into the number, condition and distribution of the people, and they were divided into clans. In ১৫১২ the Habung country was annexed.“ –Gait, Sir Edward, ‘A History of Assam, p. 86
৪৪. “In proceeding to this Fort, we passed over the Suddyah plain in a northerly direction, and at a distance of about six miles came out on the Dikrung river, up the bed of which we continued our course on ele phants, till the morning of the 3rd day, when we reached the hills. The route was then on foot, through the tree jungle on the right bank of the river, winding along the tracks of wild elephants (but more frequently obliged to cut our path) for about two hours, when we found our selves at the foot of a steep ascent of 80 or 100 feet, up which we scrambled to a fine piece of table land covered with splendid timber, amongst which we observe the Jack, Toon and Tchaum. Here our guide, who by the bye had never seen the Fort, said we had reached it, and mentioned that the tract of table land covered with various fruit trees extended inland to the foot of the Guroee mountain.“ –Hanney, Simon Fraser, Notes on Ancient Temples and Other Remains in the Vicinity of Suddyah, Uhper Assam, Journal of Asiatic Society of Bengal, June, 1848, p. 468
৪৫. অসমৰ নদ-নদী, পৃ. ৩৮
৪৬. উল্লিখিত, পৃ. ২৩
৪৭. Moiramara Samples Sent for Dating, The Telegraph online, Guwahati, Published: 10-03-2018
৪৮. “চুতীয়া ৰণৰ কাৰণ ঃ তাৰ ২ বৎচৰ পাচে একদিনা প্ৰতি বৃহৎ বৰালি মাছ এটা দিহিঙ্গৰ মাজেদি উটি আহে৷ মাজে সীমা, উত্তৰফালে চুতীয়া ৰজা, দক্ষিণে দিহিঙ্গৰ ঁ ৰাজাৰ ৰাজা৷ আচামে দেখি নাও মেলি মাছ ধৰি আনোতে চুটিয়াৰ মানিকচন্দ বৰুৱায়ে বোলে ঃ ‘আমাৰ পানীৰ মাছ কৰ মানুহে নিয়ে? নাও মেলি ধৰগৈ৷’ পাচে নাও মেলি গৈ জোটাপোটা লগালে৷ হাতৰ পৰা মাছৰ কাঢ়ি নিলে, মাছো হাততে ছিগিল৷ এই কথা মাণিকচন্দ বৰুৱাই খুন্তু ৰাজাৰ জোঁৱায়েকত কলে, বোলে, ‘লন্দামুন্দা মানুহবোৰ, গাতো কলীয়া কাপোৰ, দেখোতেও এক বিধ দেখি, আমাৰ মানুহ ২ টাকো ধৰি নিলে, মাছো কাঢ়ি নিলে, গাকো ৰন্দভন্দ কৰিলে৷ এই কথাৰ বীয্য৷” ঃভূঞা, সূৰ্য্যকুমাৰ, সম্পা., অসম বুৰঞ্জী, প্ৰকাশক ঃ অসম চৰকাৰ, বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগ, গুৱাহাটী, পঞ্চম প্ৰকাশন, জুলাই, ২০২৩, পৃ. ০৮
৪৯. “পাছে একদিন দিহিঙ্গৰ মাজত ডাঙ্গৰ মাছ এটা উটি আহিল৷ আমাৰ [আহোমৰ] মানুহে নৌকাত উঠি মাছ ধৰি আনিলে৷ পিছে তাক খেদি চুতীয়াৰ মনিচন্দ বৰুৱায়ে বোলে, ঃআমাৰ পানীৰ মাছ কাৰ মানুহে ধৰি নিএ? পাছে চুতীয়াৰ মানুহে আমাৰ মানুহে জোটা পোটা কৰি চুতীয়ায়ে বলে নোৱাৰিলে৷ আমাৰ মানুহে চুতীয়াৰ মানুহ ধৰি আনিলে, মাছকো কাঢ়ি আনিলে৷ পাছে মণিচন্দ বৰুৱায়ে বীৰনাৰায়ণ ৰজালৈ জনালে৷ পাছে ৰজা শুনি যুদ্ধক সাৱধান হৈল৷ সৈন্য জোৰাই দিখৌমুখত কোঠ বন্ধালে৷” ঃভূঞা, সূৰ্য্যকুমাৰ, সম্পা., সাতসৰী অসম বুৰঞ্জী, প্ৰকাশক ঃ বাণী মন্দিৰ, দ্বিতীয় প্ৰকাশ, ২০১৪, পৃ. ৬২
৫০. Kenndy, Frances H, Ed., ‘The American Revolution: A Historical Guidebook, Oxford University Press, 2014, p. 45-46
৫১. “Origin of Chutia Kings. First Account paragraphs 345-364, pp. 178-185, This chapter has been reproduced from an old chronicle of Chutias and the manuscript was published by William Robinson. Esqr. Inspector of Government of Scholls in Assam.“ –দেওধাই অসম বুৰঞ্জী, পৃ. xxxiv-xx
৫২. সাতসৰী অসম বুৰঞ্জী, পৃ. ৬৪
৫৩. “In Lakni Mungmut (i. e. 1513 A.D.), the Chutia king Dhirnarayan made ahostile march against our king and took station at Dikhaumukh. A selected body of Chutiyas was stationed at aplace near a Bheel a lake). Another body was despatched with the navy and ordered them to proceed against the enemies. Chaopha Shuhum put Chao shukhring and two Railungia Gohains in charge of the Navy and ordered them to proceed against enemies. The armies of our king Shuhumpha marched by land and by water. ট্ট pitched battle was fought in which a large number of enemies were killed.“ –Barua, Rai Sahib Gulap Chandra, Translated & Edited, Ahom-Buranji, Published under the Authority of the Assam Administration, Printed at The Baptist Mission Press, Calcutta, 1930, p. 54
৫৪. “লাক্লি মুংমুত শকত চুটিয়া ৰজা ধীৰনাৰায়ণে আহি দিখৌমুখত পচলাৰে গড় বান্ধি ৰ’লহি৷ পাচে চুহুফা দিহিঙ্গীয়া ৰজাদেৱে পাচত থাকি চুখ্ৰিং, চুচং, থাওমুং, ৰাইলুং, এই চাৰিক মুখ্য কৰি সকলোকে আগ কৰি পঠালে৷ ইবোৰেই গৈ নাৱে-তৰে বেঢ়ি ধৰিলেগৈ৷ নংকংমুং বিলৰ কাৰত চুটিয়াৰ লোকজন বিস্তৰ পৰিল, বিস্তৰ ভাগি পলাই গ’ল৷ পাচে চুহুফা ৰজাদেৱে ৰণ জিকি উজাই নগৰলৈ আহিল৷” –দেওধাই অসম বুৰঞ্জী, পৃ. ১৩
৫৫. “লাক্লি মুংমুত শকত চুটিয়া ৰজা ধীৰনাৰায়ণে আহি দিখৌমুখত কল গচেৰে গড় বান্ধি ৰ’লহি৷” ঃ৬ নং পুৰণি অসম বুৰঞ্জী, অৰুনোদই, জানুৱাৰী, ১৮৫১, উৎস ঃ অৰুণোদই, সম্পা., মহেশ্বৰ নেওগ, অসম প্ৰকাশন পৰিষদ, গুৱাহাটী, ১৯৮৩, পৃ. ৫১৩
৫৬. বৰুৱা, স্বৰ্ণলতা; নাথ, ডম্বৰুধৰ, সম্পা., চুতীয়া জাতিৰ বুৰঞ্জী, প্ৰকাশক ঃ চুতীয়া জাতিৰ বুৰঞ্জী প্ৰণয়ন সমিতি, প্ৰথম প্ৰকাশ, এপ্ৰিল ২০০৭, পৃ. ১৪৭
৫৭. আহোম যুগৰ ৰাজধানী, পৃ. ৬০
৫৮. অসম বুৰঞ্জী, পৃ. ০৮
৫৯. গগৈ, ড॰ লীলা, বুৰঞ্জীয়ে কথা কয়, প্ৰথম ভাগ, প্ৰকাশক ঃ ষ্টুডেন্স্ এম্প’ৰিয়াম, ডিব্ৰুগড়, প্ৰথম প্ৰকাশ, ১৯৯১
৬০. “In 1513 the Chutiya Raja, Dhir Narayan, invaded the country with an army and a flotilla of boats. His land forces were defeated at Dikhu Mukh by the Ahoms, who were also victorious in a naval encounter at Siraati. The Chutiyas lost heavily in both engagements and were compelled to retreat, whereupon Suhungmung took possession of Mungkhrang, and of the country round Namdang, where he built a town.“ -A History of Assam, p. 86
৬১. “Failing to obtain help from outside, the Chutiyas made no effort to recover their lost territory until ১৫২০, when they attacked the Ahom fort at Mungkhrচng. The Ahom commander was killed in a sortie and the garrison fled, and for a time the Chutiyas once more ruled this tract of country.“ –ibid, p. 87
৬২. “লাক্লি কাপঙ্গি শকত চুটিয়া পুনৰ্বাৰ যুদ্ধলৈ আহি মুংখেঙ্গত কোঁঠ দি ৰ’লহি৷ আমাৰো খেনমুংঙ্গে মুংখ্ৰেঙ্গত কোঁঠ দি ৰ’লগৈ৷ পাচে চুটিয়াই কোঁঠত ধৰিলত আমাৰ খেনমুঙ্গে কোঁঠৰ পৰা ওলাই ৰণ ধৰিলে৷ তাতে খেনমুং পৰিল, ইবোৰ মানুহ এৰাই হুঁহঁকি আহিল৷” –দেওধাই অসম বুৰঞ্জী, পৃ. ১৩
৬৩. ‘সদয়াধিপতি ধীৰনাৰায়ণৰ তাম্ৰপত্ৰ ১৪৪৪’, ড॰ নিত্যানন্দ গগৈ, ঐতিহাসিক বিৱৰ্ত্তনত অসমৰ চুতীয়া জনগোষ্ঠী, পৃ. ৩১৩-৩১৭
৬৪. দেওধাই অসম বুৰঞ্জী, পৃ. ১৪৫
৬৫. “আমাৰ মানুহে চুটিয়াৰ নাও এখান, গোধা মানুহ এটি পায় চেয়াকটাতে ৰজাত যোগালেনি৷ ৰাজাও তাত বাৰ্তা সুধিলে বোলে চুটিয়া কত আছে, সি বোলে দিবুৰ মুখত আছে৷
থাউমুনচঙ্গকে কিলুঙ্গকে দিবোৰো মুখত গড় বান্ধি থাকিব দিলে; ৰজাও চেকয়াকটাৰ পৰা পৰ্বতলৈ আহিল৷ তৈতে দেওদুগ কৰি চেচামুখলৈ মাঘত গল৷ দিবোৰো মুখত গড় বান্ধিবৰ দেখি চুটিয়া লাডপৰালৈ গল৷ তাৰে থাবাননাউ বুলি এটা বড়ুয়া কিছুমান ঠাটেৰে দিবোৰো মুখৰ গড়ত ৰণ ধৰিলেহি৷” –পুৰণি অসম-বুৰঞ্জী, পৃ. ৪০
৬৬. সাতসৰী অসম বুৰঞ্জী, পৃ. ৬৩
৬৭. An Outline Grammar of The Deori Chutiya Language, Printed at The Assam Secretariat Printing Office, 1895, p. 16
৬৮. Dundas., W. C. M., ‘An Ootline Grammar And Dictionary Of The Kachari (Dimasa) Language, (Based on mani Charan Barman’s Kachari Grammar), Published by Authority Printed at The Eastern Bengal And Assam Secretariat Press, 1908, p. 76
৬৯. Ahom-Buranji, p. 55
৭০. Peal, S. E., A peculiarity of the river names in Asam and some of the adjoining countries, Journal of Asiatic Society of Bengal, 1879, Vol. XLVIII, p. 258
৭১. “The principal Civil Station, which is also the chief town of the District, is Dibrugarh, situated on the Dibru river near the point where it empties itself into the Brahmaputra, in 27°29’0” north latitude, and 94°56“ east longitude.“ –Hunter, William Wilson, A Statistical Account of Assam, B. R. Publication Corporation, Delhi, First Publication: 1878, Vol-I, p. 291
৭২. “THE DIBRU, which gives its name to the principal town and Civil Station of the District, situated on its south bank near its mouth, rises in the eastern plains of Lakhimpur, south of the Brahmaputra, and flows generally in a westerly and south-westerly direction till it empties itself into the great river. It is navigable during the rains by steamers as far as Dibrugarh, a distance of four miles, and by canoes and small boats to Dam-Dam, a hundred miles farther up.“ –ibid, p. 296
৭৩. “On the first day from Debrughur we left the little river Meklah, which connects the Debru river with the Bramapootra during the summer rise, and entered the main stream just before sundown, when making for a sand-bank we pitched our camp for the night, hahpy at the prospect of the cool river breeze and a walk on the sand-bank.“ ঃCooper, Thomas Thornville (1839-1878), The Mishimi Hills, Henry S. King & Co., 65 Cornhill & 12 Paternoster Row, London, 1873, p. 112
৭৪. Barua, Birinci Kumar, A Cultural History of Assam, (Early Period), Volume-I, Published by Shri K. K. Baruooah, B A, Nowgong, Assam, First Edition: 1951, p. 66, 95
৭৫. “The generals of Assam fought so hard that all their quivers became empty of arrows, and the duta-dans (bags for keeping short javelins) became empty of dutas, i., e. a kind of javelin which they throw with the strength of their arm and which is always used by them in battles. The affair came to such a pass that they began to hurl from elephant’ব্দ back their naked hangdans i. e. a kind of half-swords, which they carry in their belts. The dutas which struck any man or horse used to pierce them through.“ –Nathan, Mirza, Baharistan-i-Ghaybi (A history of the Mughal Wars in Assam, Cooch Behar, Bengal, Bihar and Orissa during the reigns of Jahane and Shahjahan), Vol-II, Translated from the original Persian by Dr. M. I. Borah, M. A., B. L. (DAC.), PH.D. (London). Publisher: The Government of Assam in the Department og Historical and Antiquarian Studies, Narayani Handique Historical Institute, Gauhati, 1936, p. 490-491
৭৬. সাতসৰী অসম বুৰঞ্জী, পৃ. ৬২
৭৭. “In the interval his General had formed intrenchments (Killa) at the mouth of the Dibooroo river; and the forces of the Soontea Rajah had retreated on their ahproach as far as Ladhoopurrah, hence they continued their retreat, pursued by the King’s Generals to Khuddea. The pursuit was maintained by land and water.“ ঃWade, John Peter, An Account of Assam, Edited by Benudhar Sharma, Published by R. Sarmah, Madhupur Tea Estate, North Lakhimpur, Assam, First Impression, 1927, p. 23
৭৮. “পাচে কাতিৰ দিনত চুহুফা ৰজাদেৱে নগৰলৈ আহি দেউদুপ কৰিলেহি৷ লাক্লি মুংচেও শকত আঘণৰ দিনত চুহুফা ৰজাদেৱে নগৰৰ পৰা চেচামুখত ৰ’লগৈ৷ চুটিয়া ৰাজাও লাৰুপাৰাতে আছিল৷ তাৰে পৰা চুটিয়া ৰজা থাওবানক পঠাই দি ডিবুকমুখৰ কোঁঠত যুদ্ধ ধৰিব দিলেগৈ৷ পাচে ফাচেনমুন্ বৰগোহাঁই, ত্যাওচুলুং-কিংলুং দুইক মুখ্য কৰি সকলো গৈ যুদ্ধ ধৰিলেগৈ৷ চুটিয়াৰ বৰা-বৰুকৰ লেখা, তকতৰু ৰ, কইতাৰা ৰ, চুলুকি চেটিয়া ৰ, বৰপাত্ৰ ৰ৷ পাচে ৰজাদেৱে এই কথা শুনি ৰাতিয়ে গৈ পুৱাবেলা লাৰুপাৰা পালেগৈ৷ তাৰ পৰা ৰজাদেৱে সসৈন্য সহিতে নাৱে-তৰে খেদি গৈ কাংখাম পালেগৈ৷” –দেওধাই অসম বুৰঞ্জী, পৃ. ১৪৫
৭৯. “পাছে চুতীয়ায়ে বলে নোৱাৰি হুলৈ বৰুৱা প্ৰমুখ্যেসকলে সৈন্য চুতীয়াৰ পলাল, শদিয়ালৈ গ’ল৷ সেই যুদ্ধতে চুতীয়াৰ লোকজন বিস্তৰ পৰিল-৪০০০৷ আমাৰ মানুহে ধৰি আনিলে ৩০০০৷ পাছে কনচেং গোহাঞি বোলে, ‘শত্ৰুৰ বল বঢ়াবৰ কি কাৰণ?’ এইবুলি ধৰি অনা চুতীয়াক বধি দেৱঘৰত মুণ্ডমালা পিন্ধালে৷ এনেতে মহাৰজা হাবুঙ্গৰপৰা দিহিঙ্গলৈ গ’ল, ১৪৪১ শকত৷” –সাতসৰী অসম বুৰঞ্জী, পৃ. ৬২
৮০. “দিহিঙ্গীয়া ৰজাৰ চুটিয়া ৰাজ্য আক্ৰমণ৷ যি সময়ত চুটিয়া ৰজা আলি বান্ধি পুখুৰী খানিছিল, সেই বেলা স্বৰ্গী ৰজাৰ ফুচেঙ্গমুন্ বৰগোহাঁয়ে সৰু-দিহিঙ্গীয়া ৰজাত জনালে, “চুটিয়াৰ দেশ মাৰিলে অনেক বৃত্তি পাই৷” এই বুলি জনোৱাত পাত্ৰ-মন্ত্ৰীৰে আলচ কৰি সৈন্য-সেনা যুধাৰু লৈ শদিয়াৰ চুটিয়াৰ ৰজাকে যুধ দিলেগৈ৷ চুটিয়াৰ নিত্যপাল ৰজায়ো আপন দেশৰ পাত্ৰ-মন্ত্ৰীৰে আলচ কৰি যুধৰ সমুখ হ’ল৷ ৩৬১৷
চন্দ্ৰগিৰিৰ যুদ্ধ৷– চন্দ্ৰগিৰি পৰ্ব্বতৰ নিকট যুধ পাতিলে৷ কুবেৰৰ দত্ত অস্ত্ৰ লৈ যুধত প্ৰৱেশ হ’ল৷ লুকিস্থিত ই পুনৰ দৃশ্য হৈ স্বৰ্গী ৰজাৰ সৈন্য মাৰে৷ সেই কাৰণে তাহাকো চন্দ্ৰনাৰায়ণ বোলে৷ সেই চুটিয়া ৰজা চন্দ্ৰগিৰি শিখৰত উঠিল, বাজু পাতি যুধ দিলে৷ স্বৰ্গী ৰজাই খেদি ভৈয়ামত সৈন্য মাৰি পৰ্ব্বতত তুলিলেগৈ, চুটিয়া ৰাজাৰ সৈন্য ভাগিল৷ ৰজাৰ ১২০ কুঁৱৰীয়েহে শিলা কোঁচাই ৰজাৰ হাতত দিয়ে, ৰজা অবিছেদে মাৰে৷ স্বৰ্গী ৰজাৰ সৈন্যত পৰি পৰি মৰে৷ ফুচেঙ্গমুন্ বৰগোহাঁই মন্ত্ৰণাকৈ ঘিলা গছত বগোৱাই পৰ্ব্বতৰ ওপৰত ঢুলীয়াক ঢোল বজাব দিলেগৈ৷ স্বৰ্গী ৰজাৰ আ: াৰে পৰ্ব্বতত উঠি ঢোল বজালেগৈ৷ ৩৬২৷৷
নিত্যপালৰ মৃত্যু৷- ৰজাই বোলে, ‘মোকে পাচভেঁটি সৈন্য পালেহি৷” অদ্ভুত৷ ুতিহত হৈ সাধনী মহিষীক হাতত ধৰি পৰ্ব্বতৰ শৃঙ্গৰ পৰা ডেও মাৰি জুৰিত পৰি মৰিল৷ ফুচেঙ্গমুন্ বৰগোহাঁয়ে ৰজাৰ হাড়-মূৰ বিচৰাই নেপালে৷ ৩৬৩৷৷
দিহিঙ্গীয়া ৰজাৰ জয়লাভ৷ ৰজা বোলে, ‘বৰগোহাঁই বিচাৰ কৰ৷” ত্যাওলুঙ্গ নেওগে ৰজাত জনাইছে গৈ, ‘যুধ জয়, ৷ শ্ৰীশ্ৰীস্বৰ্গী ৰজাৰ শদিয়া প্ৰাপ্ত৷” ১৫৯৮ শকে পুহ মাহে হস্তী প্ৰাপ্ত ২৭, ঘোঁৰা ১০০, হিলৈ ১০০০, নৌকা ৭০০, প্ৰজা, ধন, ধান্য অপয্যন্ত লেখা নাই৷ ম’হ ৯০০, দৈৱ:, ব্ৰাহ্মণ, তাঁতী, সোণাৰী, কমাৰ, চমাৰ, ধোবা, নাপিত, খনিকৰ, দণ্ড-ছত্ৰ, কেঁকোৰা দোলা, চৰানাও, বৰচা ইত্যাদি আহিলা সকলোকে আক্ৰমণ কৰি লৈ ৫ বছৰৰ সাধকনাৰায়ণ ৰাজপুত্ৰকে শিশু বধ নকৰি শদিয়াৰ সেই চুটিয়া দেশৰ ১২ ঘৰ মানুহ দি, কলীয়াবৰৰ কামাখ্যা পৰ্ব্বতৰ বাহিৰ কৰি ৰৌতাৰ পছিমপাৰ, ধনশিৰীৰ পূবপাৰ, কবিৰ আলিৰ দক্ষিণ, ব্ৰhpপুত্ৰৰ উতৰপাৰে চৌহদ কৰি খুঁটা মাৰি তাম্ৰপত্ৰ কৰি দিলে, “মানুহ বাৰে ঘৰেৰে সহিতে প্ৰবৰ্ত্তি, ৰজা-চাঙ্গত বছৰে বছৰে মোহৰ ৰূপ ৮০ টকা, থঙা ৪০ খন শোধাই প্ৰবৰ্তি থাকিবি, ইতি৷” ৩৬৪৷” –দেওধাই অসম বুৰঞ্জী, পৃ. ১৪৬
৮১. A History of Chutiyas, p. 53
৮২. দেৱেন বৰুৱাই সংগ্ৰহ কৰা জনগীত৷
৮৩. “এসময়ৰ ডিব্ৰু নৈৰ উপনৈ মাইজানখন বৰ্তমান ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ বাবে পোনে পোনে ব্ৰহ্মপুত্ৰত পৰিছে৷ মাইজানখন এখন নিচেই সৰু জান যদিও, এই জানখন যিটো বাটেদি বৈ আহিছে, সেইফালেদি অতীজত এখন বৰ ডাঙৰ নৈ বৈ অহাৰ চিন স্পষ্ট হৈ আছে৷ সেই নৈখন দিনজান বিমান ঘাটিৰপৰা পশ্চিমমুৱা হৈ ওদালগুৰি আৰু খাৰজান চাহবাগিচা, দিনজয় গাঁও, থানাই আৰু হেজেল বেংক চাহ বাগিচা, মোহনবাৰী বিমান বন্দৰ, মনাবাৰী আৰু মাইজান চাহ বাগিচাৰ মাজেদি প্ৰায় ২৫ কিল’মিটাৰ বৈ আহিছিল৷ বৰ্তমান মাইজানখন মনাবাৰী চাহ বাগিচাৰপৰা মাইজান বাগিচা হৈ আহি ডিব্ৰুগড় নগৰৰ ৫ কিলোমিটাৰ পূবত মথলা চাহ বাগিচাৰ পশ্চিমে ব্ৰহ্মপুত্ৰত পৰিছে৷” –অসমৰ নদ-নদী, পৃ. ৩৭-৩৮

তথ্য সম্পাদনাঃ শ্ৰী নবীন বুঢ়াগোহাঁই (ঐতিহ্য মিত্ৰ),শিৱসাগৰ
বিশেষ কৃতজ্ঞতাঃ
ড॰ প্ৰশান্ত কুমাৰ চুতীয়া, শিৱসাগৰ
ড॰ অসীম চুতীয়া, শিৱসাগৰ
শ্ৰী ক্ষীৰোদ শইকীয়া
শ্ৰী দিগন্ত কুমাৰ গগৈ, মায়ং
শ্ৰী দেবেন বৰুৱা ,তিনিচুকীয়া
প্ৰয়াত ধৰ্মেশ্বৰ শইকীয়া,ৰহমৰীয়া,
কৃতজ্ঞতা:
শ্ৰী জ্যোতিপ্ৰসাদ শইকীয়া, তিনিচুকীয়া
শ্ৰী কৌস্তুভ কিশোৰ চুতীয়া, ঢকুৱাখানা
শ্ৰী পলাশ হাজৰীকা,গোলাঘাট
শ্ৰী দিলিপ শইকীয়া,ৰহমৰীয়া
শ্ৰী পুলিন শইকীয়া,ৰহমৰীয়া
শ্ৰী মুকুট শইকীয়া,ৰহমৰীয়া
শ্ৰী বিতোপন শইকীয়া,চাবুৱা
শ্ৰী ৰুবুল ভূঞা,ৰহমৰীয়া

শ্ৰী হানিদ ৰঞ্জন ভূঞা (ফোন নং- ৯১০১১৯২৮১৪)
Images from different sources
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)