• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Saturday, June 13, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Cultural

চুতীয়া জনগোষ্ঠী আৰু বহাগ বিহু

ASSAMESE SECTION /Culture / Bihu

by Editor
April 15, 2026
in Cultural, ASSAMESE SECTION
Reading Time: 4 mins read
0
চুতীয়া জনগোষ্ঠী আৰু বহাগ বিহু
Share on FacebookShare on TwitterShare on LinkedIn

বহাগ বিহু আৰু চুতীয়া জনগোষ্ঠী

ক্ষীৰোদ কুমাৰ শইকীয়া

Kshirod Saikia
ক্ষীৰোদ কুমাৰ শইকীয়া

আজিৰ পৰিস্থিতিত বিহু কি বা অসম আৰু অসমীয়াৰ জনজীৱনত বিহুৰ প্ৰভাৱ আৰু গুৰুত্ব কি? তাক নতুনকৈ বখনাৰ কোনো প্ৰয়োজন নাই। কিন্তু বিহুৱে আজিৰ মৰ্যাদা বা পৰ্যায় পাওঁতে বহু ঘাত-প্ৰতিঘাত পাৰ কৰি আহিছে।

এতিয়া বিহু বুলিলে যেনেকৈ প্রায় সকলো শ্ৰেণীৰ মানুহ শিল-দল ভাঙি ওলাই আহে,তাৰ বিপৰীতে আজি কেইদশক মান আগলৈকে কিন্তু পৰিস্থিতি সম্পূৰ্ণ ইয়াৰ ওলোটা আছিল। তথাকথিত উচ্চজাত বা উচ্চবংশৰ মানুহে বিহুক নীচ-ইতৰৰ লেতেৰা উৎসৱ বুলি বিহুক বৰ্জন কৰিছিল আৰু অসমৰ বাহিৰৰ লোককো বিহুৰ বিষয়ে ভুল তথা বিকৃত তথ্য দিছিল।

বুধিন্দ্ৰনাথ ভট্টাচাৰ্যৰ দৰে অভিধান প্রণেতাইতো বিহুক নিষিদ্ধ কৰিব লাগে আৰু ই অসমৰ বাবে অপকাৰী বুলি এটা বিৰাট প্ৰবন্ধ National Guardian কাকত 1898 চনতে লিখি ব্ৰিটিছ চৰকাৰক আৱেদন কৰিছিল।  কিন্তু ইমানবোৰ বিৰোধিতাৰ স্বত্বেও বিহু ওলাই আহিল এচাম নিভাঁজ অসম প্ৰেমী তথা কলাপ্ৰেমী অসমীয়াৰ বাবে অধিক শক্তিশালী আৰু অধিক সৰ্বগ্ৰাসী হৈ।

বিহুৰ উৎপত্তিৰ বিষয়ে বিভিন্নজন গৱেষক পণ্ডিতে ভিন ভিন মতবাদ আগবঢ়াইছে। ইয়াৰ মাজত কোনটোকে সতকাই ভুল বা শুদ্ধ বুলি কব নোৱাৰি। কিন্তু এটা কথা ঠিক যে বিহু,বৃহৎ কছাৰী বা খছাৰি পৰিয়ালৰ জনগোষ্ঠী সমূহ যেনে বড়ো,সোণোৱাল,চুতীয়া-দেউৰী,মৰাণ,ৰাভা,ডিমাছা আদিৰ অৱদান।

বিহুৱে আজিৰ ৰূপ পোৱাৰ আগতে এই জনগোষ্ঠী সমূহৰ মাজতে বিহু স্বতঃস্ফূটভাৱে উদযাপিত হৈছিল আৰু জীয়াই আছিল। এই সকলোৰে বিহু মিলি এৰা ধৰাৰ মাজেৰে আহি বিহুৱে আজিৰ ৰূপ পাইছেহি।

অসমত শাসন কৰা প্ৰধান চাৰিটা ৰাজবংশৰ অন্যতম চুতীয়া সকলৰ জীৱনত এই বহাগ  বিহুৰ প্ৰভাৱ অপৰিসীম। প্ৰাগ্ঐতিহাসিক যুগৰ ভির্মোক পৰা আৰম্ভ কৰি ষোঁড়শ শতিকাৰ নীতিপাল লৈকে  এৰা ধৰা ভাৱে বৰ্তমানৰ অৰুণাচল প্ৰদেশ আৰু উজনি অসমৰ বিভিন্ন অঞ্চলত চুতীয়াবংশী বিভিন্ন ৰজাই ৰাজত্ব কৰিছিল। উল্লেখ্য যে বহাগ বিহুৰ জন্ম এই উজনি অসমতেই।

চুতীয়া জনগোষ্ঠী আৰু বহাগ বিহু

সভ্যতাৰ উত্তৰণৰ পথত প্ৰথম খোজ হৈছে কৃষি। য’তেই প্ৰথম কৃষি কৰ্মৰ আৰম্ভ হৈছিল তাৰপৰাই মানৱ সভ্যতাৰো উত্তৰণৰ আৰম্ভণি হৈছিল। সমগ্ৰ পৃথিৱীৰ ভিতৰতে বনৰীয়া ধান বৰ্তমানলৈ কেৱল উজনি অসমৰ হাবিতহে পোৱা গৈছে। গতিকে এইটো ঠিক যে উজনিৰ সভ্যতা আন বহু অঞ্চলৰ সভ্যতাতকৈ বহু প্ৰাচীন।

এই ইতিহাসে ঢুকি নোপোৱা দিনতে কোনো বিশেষ দিনতে মৌচুমীৰ আগমনত কৰ্ষণ কৰিব লগীয়া কৃষিৰ শুভ ফলৰ আনন্দত সেই সভ্যতাৰ বাটকটীয়া সকলে নাচি উঠিছিল,গাইছিল,মেঘৰ শব্দৰ অনুকৰণত শব্দৰ বাবে ঢোলৰ সৃষ্টি কৰি মেঘৰ গর্জনৰ চেও তুলি বৰষুণক আমন্ত্ৰণ কৰিছিল ধৰাক জীপাল কৰিবলৈ।

এনেকৈয়ে বসন্ত ঋতুৰ আগমনত কৃষিৰ হাড় ভঙা কষ্ট আৰম্ভ হোৱাৰ আগে আগে হ’ব লগীয়া কৃষিৰ ভাল ফল কামনা কৰি মন-প্ৰাণ জুৰাই কৰা নৃত্য-গীতেই সময়ৰ লগে লগে নিয়মীয়া উৎসৱলৈ পৰিণত হয় আৰু ইয়ে বিহুৰ ৰূপ লয়।

উজনিৰ আদিম বাসিন্দা চুতীয়া সকলো এই বিহুৰ সৃষ্টিৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত। বৰ্তমান বিহুৰ ৰূপ আৰু চুতীয়া (দেউৰী -চুতীয়া) সকলৰ বিহুৰ তুলনা কৰিলে চুতীয়া শব্দ বুচু/বিচু/বোচো -ৰ পৰাই বিহুৰ উৎপত্তি হোৱাৰ সম্ভাৱনাই বেছি। দীনেশ গগৈৰ দৰে বিহু বিশেষজ্ঞই এই মতকে মানি লৈছে।

বিহুক আমি বাপতিসাহোন বুলিও কওঁ। এই ‘বাপতিসাহোন’ চুতীয়া ভাষাৰ শব্দ। চুতীয়া ভাষাত ‘বাপ’ মানে দেউতা। বাপ+তি মানে দেউতাৰ আৰু ‘সাহোন’ মানে সম্পত্তি। গতিকে বিহু চুতীয়াৰ বাবে দেউতাকে দি যোৱা সম্পত্তি, পৈত্ৰিক সম্পত্তি। পুৰণি বিহু নাম বা গীত বিলাকলৈ লক্ষ্য কৰিলে চুতীয়া সকলেই যে বিহুৰ উদ্ভাৱনৰ গুৰি ধৰোতা বা উদ্ভাৱক সেই বিশ্বাস আৰু দৃঢ় হয়। তেনে কিছু গীত হৈছে —–

গাত লৈ ফুৰালে বতাহে ফালিব/ মুঠিত লৈ ফুৰাহে ভাল।

এআগে বাছিলো সেউটি মালতী/ এআগে বাছিলো ফুল।

এআগে বাছিলোঁ বাঘে ভালোকে/ বাটে মানুহ ধৰি খাই।

এআগে বাছিলোঁ চৰাই হালধীয়া/ উৰি শদিয়ালৈ যায়।

আকৌ –

কুণ্ডিলৰ আগাৰিত ওখকৈ শিমলু/ তাতে লয় কুৰুৱাই বাহ।

শদিয়া ৰাজত ঐ চাৰিশাল গোসাঁনী/ তালৈ নমস্কাৰ কৰো।

সোনৰে জখলা, ৰূপৰ হেতামাৰি / আহে চাৰিশালি নামি।

ভৰিৰ গীৰপনি মাৰা ভালেকৰি/ গৰুচৰ ৰাজলৈ শুনে।

কুণ্ডিলত উপজিল কুণ্ডিলৰ দেউৰী/মঙহত উপজিল লোন/

শামুকৰ পেটত মাণিক উপজিল/ মৰি মৰি উপজিল জোন।

জোনৰে সাৰথি জোনাকী পৰুৱা/ সৰগৰে সাৰথি তৰা ।

আমাৰে গোসাঁনী আমাৰে সাৰথি / গা ধুই কৰি যাওঁ সেৱা।

শদিয়াত আছে ঐ চাৰিশাল গোসাঁনী তালৈ কৰিছোঁ সেৱা।

চুতীয়া জনগোষ্ঠী আৰু বহাগ বিহু
es.trekearth.com

এই গীত বিলাকত চুতীয়াৰ ৰাজ্যৰ ৰাজধানী তথা কলা-কৃষ্টিৰ প্ৰাণকেন্দ্ৰ শদিয়া আৰু চুতীয়াৰ আৰাধ্যা দেৱী কেঁচাখাইতিৰ সঘন উল্লেখে বিহুৰ জন্মস্থান শদিয়া বা ইয়াৰ ওচৰ কাষৰীয়া অঞ্চল বুলি ভাবিবলৈ অৱকাশ দিয়ে। বিহুৰ লগত এৰাব নোৱৰা অংগ ‘বিহুৱান’ অৰ্থাৎ আমাৰ অতিকৈ চেনেহৰ গামোচাখনো একেবাৰে অবিকল চুতীয়াসকলৰ গামোচাৰ সৈতে। বিহু যে চুতীয়া ৰজা-প্ৰজা সকলোৰে হিয়াৰ আমঠু আছিল তাক প্ৰমাণ কৰে এই বিখ্যাত কলিটোৱে—

“ঢোল বাই ক’ত বোলে ৰতনপুৰত”

“খোল বাই ক’ত বোলে ৰতনপুৰত”

ৰতনপুৰ কোনো এক সময়ত চুতীয়াৰ ৰাজধানী আছিল আৰু সম্ভৱতঃ ই বৰ্তমানৰ মাজুলী নদী দ্বীপ হোৱাৰ আগৰ কথা। চুতীয়াৰ মহিলা তথা বিহুৱটিৰ সাজ আৰু বৰ্তমান বিহুৰ বিহুৱতীৰ সাজৰ মাজত পাৰ্থক্য অতি সামান্য।

“বিহু বলিয়া স্বভাৱৰ মূল্যও ভৰিব লগা হৈছিল চুতীয়া ৰাইজ তথা ৰজাই।  আহোম আৰু চুতীয়া সকলৰ দীৰ্ঘদিনীয়া সংঘাতৰ ওৰ এই বিহুৱেই পেলাইছিল। চুতীয়া সকলৰ পৰাজয়ৰ অন্যতম কাৰণ আছিল এই বিহু। চুতীয়া সকলৰ বিহু বলিয়া স্বভাৱৰ কথা জানিব পাৰি আহোম সেনাপতি “জেংমূংখেনে” বিহুতে চুতীয়া ৰাজ্য আক্ৰমণ কৰে। সেই সময়ত অধিকাংশ ৰণুৱা বিহুত ব্যস্ত আছিল।”

চুতীয়া সকল ইমানেই বিহু বলিয়া আছিল যে, য’লৈকে গৈছিল তালৈকে এই বিহু কঢ়িয়াই লৈ গৈছিল। তাৰ অন্যতম উদাহৰণ ঢকুৱাখনাৰ বিখ্যাত “ফাটবিহু” ।এই ফাটবিহুৰ উৎপত্তি সম্পৰ্কে বিভিন্ন মতবাদ আছে যদিও আটাইতকৈ অপ্ৰচলিত আৰু সত্য বুলি মানিব পৰা মতবাদটো হল  –

আহোম সকলে চুতীয়া ৰাজ্য জয় কৰাৰ পিছত বহু চুতীয়া ৰাইজ তথা পূজাৰী আৰাধ্যা দেৱী মা তাম্ৰেশ্বৰীৰ শাল সহ ভটিয়াই পলাই যায় আৰু আৰু কেইবাখনো গাঁৱ বাগৰি শেষত বৰ্তমান হাৰ্হি গাঁৱত হাৰ্হি দেৱালয় ৰূপে প্ৰতিষ্ঠিত হয়। আৰু এই থানখনৰ লগত যোৱা চুতীয়া ৰাইজে শদিয়াৰ বিহু সেই হাৰ্হি গাঁৱত পাতিবলৈ ধৰিলে। চুতীয়া ভাষাত ফাট মানে ভাটি, গতিকে শদিয়াৰ পৰা ভটিয়াই গৈ বিহু মৰা বাবে ফাটবিহু অৰ্থাৎ ভাটি বিহু বুলি জনাজাত হ’ল।

আধুনিক কালত যদিও এই ফাটবিহু বিভিন্ন ঠাই বাগৰি ম’হঘূলি চাপৰিলৈ স্থায়ী ভাৱে স্থানান্তৰিত তথা বিখ্যাত হল, তথাপিও হাৰ্হি গাঁৱত এতিয়াও পৰম্পৰাৰ চিন স্বৰূপে ফাটবিহু উদযাপন হৈ আহিছে।

Portrait of Queen Sadhani
ৰাণী সাধনী

এই বিহু বলিয়া স্বভাৱৰ মূল্যও ভৰিব লগা হৈছিল চুতীয়া ৰাইজ তথা ৰজাই।  আহোম আৰু চুতীয়া সকলৰ দীৰ্ঘদিনীয়া সংঘাতৰ ওৰ এই বিহুৱেই পেলাইছিল। চুতীয়া সকলৰ পৰাজয়ৰ অন্যতম কাৰণ আছিল এই বিহু। চুতীয়া সকলৰ বিহু বলিয়া স্বভাৱৰ কথা জানিব পাৰি আহোম সেনাপতি “জেংমূংখেনে” বিহুতে চুতীয়া ৰাজ্য আক্ৰমণ কৰে। সেই সময়ত অধিকাংশ ৰণুৱা বিহুত ব্যস্ত আছিল। গতিকে অতি সহজে চুতীয়সকলক পৰাস্ত কৰি গৰখীয়া পৰা হোৱা ৰজা নীতিপাল বা নিত্যধ্বজপালক হত্যা কৰে।

ৰাণী সাধনীয়ে শত্ৰুৰ সাতত ধৰা নিদি সাহসেৰে যুদ্ধ কৰি চন্দনগিৰি পাহাৰলৈ পলাই যায়। তাতে তেওঁ ১২০ গৰাকী নাৰীৰে গঠিত এছিয়া মহাদেশৰ ইতিহাসত প্ৰথমটো নাৰীবাহিনী গঠন কৰে। এই নাৰীবাহিনীয়ে ৰাণী সাধনীৰ নেতৃত্বত শিল কাঁড় আদিৰ সহায়ত আহোম সেনাক সফলতাৰে প্ৰতিৰোধ কৰি থাকিল।

কালৰ কুটিল গতি, চুতীয়াৰ প্ৰাণ বিহুৱে আকৌ এবাৰ চুটিয়াক ঠগিলে.. শেষবাৰৰ বাবে.. আহোম সেনাই কৌশলেৰে ঘিলা গছৰ লতাত উঠি ঢোল বজাব ধৰিলে.. ১৫২৪ খ্ৰীষ্টাব্দৰ ৭ বহাগৰ দিনা। চুতীয়াৰ নাৰী বাহিনী আৰু অৱশিষ্ট সেনাই যুদ্ধত চুতীয়াৰ জয় হ’ল বুলি জয়ৰ খবৰ লবলৈ যাওঁতেই আহোম সেনাৰ হাতত নিধন হ’ল।

একো উপায় নাপাই কুৱেৰ প্ৰদত্ত সম্পত্তি বুকুত বান্ধি ৰাণী সাধনীয়ে জাপ দিলে চান্দনগিৰিৰ শিখৰৰ পৰা। লগে লগে শেষ হৈ গ’ল এটা গৌৰৱশালী পৰাক্ৰমী ৰাজবংশৰ ৰাজ্য আৰু ৰাইজ। থাকি গ’ল মাথোঁ বিহুকে ধৰি বহু কলা-কৃষ্টি,বৰটোপকে ধৰি বহু অস্ত্ৰ -শস্ত্ৰ।  সেইকাৰণে বিহু চুতীয়াৰ বাবে সুখ আৰু দুখ দুয়োটাৰে দিন।

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com(For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: চুতীয়া জনগোষ্ঠী আৰু বহাগ বিহু
Editor

Editor

Related Posts

দেশে দেশে ফুটবল
ASSAMESE SECTION

দেশে দেশে ফুটবল

by HANID R BHUYAN
June 9, 2026
0

দেশে দেশে ফুটবল HISTORY OF FOOTBALL হানিদ ৰঞ্জন ভূঞা বিশ্বৰ ক্ৰীড়াপ্ৰেমীসকলক যোৱা শতকজুৰি সন্মোহিত  কৰি ৰখা খেলবিধেই হৈছে ফুটবল। পৃথিৱীৰ ...

Read moreDetails
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

June 6, 2026
বিশ্ব পৰিৱেশ দিৱস ২০২৬: এক সংকটজনক সন্ধিক্ষণত পূৰ্ব হিমালয়

বিশ্ব পৰিৱেশ দিৱস ২০২৬: এক সংকটজনক সন্ধিক্ষণত পূৰ্ব হিমালয়

June 4, 2026
backview of sad child waiting on a glass window

শিশু সকলৰ মানসিক অৱস্থাৰ খবৰ ৰাখিছোনে? 

June 4, 2026
পৰিৱেশ সংৰক্ষণত নাৰী

পৰিৱেশ সংৰক্ষণত নাৰী

May 24, 2026
butterflies with window in background

পখিলাবোৰ কুশলে থাকক

May 23, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Who Really Controls the World? Legacy Wealth vs. Big Tech

Who Really Controls the World? Legacy Wealth vs. Big Tech

June 12, 2026
Voices from Herat: What the Recent Protests Reveal About the Lives of Afghan Women

Voices from Herat: What the Recent Protests Reveal About the Lives of Afghan Women

June 12, 2026
Indigenous people and their web of apathies

Indigenous people and their web of apathies

June 12, 2026
Could Earth Turn into Venus If CO2 Keeps Rising?

Could Earth Turn into Venus If CO2 Keeps Rising?

June 12, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    34367 shares
    Share 13746 Tweet 8592
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    15402 shares
    Share 6161 Tweet 3851
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    736 shares
    Share 294 Tweet 184
  • বিশ্ব পৰিৱেশ দিৱস ২০২৬: এক সংকটজনক সন্ধিক্ষণত পূৰ্ব হিমালয়

    661 shares
    Share 264 Tweet 165
  • পৰিৱেশ সুৰক্ষা আৰু আমাৰ দায়িত্ব 

    3519 shares
    Share 1408 Tweet 880
  • মাধৱদেৱৰ সাহিত্যকৃতি

    705 shares
    Share 282 Tweet 176
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

    1040 shares
    Share 416 Tweet 260
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3822 shares
    Share 1529 Tweet 956
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6615 shares
    Share 2646 Tweet 1654
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    4391 shares
    Share 1756 Tweet 1098
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d