• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, July 16, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

চুতীয়া জনগোষ্ঠীৰ অতীত আৰু অসমৰ বিহু সংস্কৃতিলৈ চুতীয়াসকলৰ অৱদান

by Anjan Sarma
April 16, 2026
in ASSAM, ASSAMESE SECTION, Special Report
Reading Time: 3 mins read
0
চুতীয়া জনগোষ্ঠীৰ অতীত আৰু অসমৰ বিহু সংস্কৃতিলৈ চুতীয়াসকলৰ অৱদান
Share on FacebookShare on TwitterShare on LinkedIn

চুতীয়া জনগোষ্ঠীৰ অতীত আৰু অসমৰ বিহু সংস্কৃতিলৈ চুতীয়াসকলৰ অৱদানঃ এক পৰিচয়মূলক আলোচনা

ক্ষীৰোদ কুমাৰ শইকীয়া

অসমৰ এক আদিম জনগোষ্ঠী তথা ভূমিপুত্ৰ হৈছে চুতীয়াসকল। প্ৰাগ্‌ঐতিহাসিক কাল তথা কিংবদন্তিসমূহক বাদ দিলেও এই চুতীয়াসকল ইতিহাসে ঢুকি পোৱা কালত বৰ্তমান অসম আৰু ইয়াৰ দাঁতিকাষৰীয়া কিছু অঞ্চলত ৰাজত্ব কৰা মুষ্টিমেয় জাতিসকলৰ মাজৰ এটা জাতি। তৎসত্ত্বেও চুতীয়াসকলৰ অতীতৰ সকলো কথা বা ইতিহাস আজিও ধূসৰ হৈয়ে আছে। ইয়াৰ প্ৰধান কাৰণ হিচাপে তেওঁলোকৰ মাজত ইতিহাস লিখাৰ কোনো প্ৰথা বা নিয়ম নথকাতোকেই আঙুলিয়াব পাৰি। গতিকে বিভিন্ন সময়ত চুতীয়া ৰজাসকলে ভূমিদান কৰা তাম্ৰফলি, আন কাষৰীয়া ৰাজ্য আৰু বিদেশী ভ্ৰমণকাৰীসকলৰ টোকা, লোক-নৃত্য, গীত-মাত, উৎসৱ-পাৰ্বণ, বিভিন্ন ধৰ্মগ্ৰন্থ, স্থাপত্য-ভাস্কৰ্য, আহোমসকলৰ বুৰঞ্জী আৰু¸ শেষত ইংৰাজৰ শাসনকালত মিছনেৰী তথা অভিযানকাৰীলোকসকলে লিখা টোকা, কিতাপ আদিৰ আধাৰত চুতীয়াসকলৰ অতীতক জানিবলৈ চেষ্টা কৰা হৈছে। এই ক্ষেত্ৰত ইতিমধ্যে উপলব্ধ তথ্য বা মতামতসমূহৰ বহু তথ্য আৰু মত ইটোৰ পৰা সিটোৰ সম্পূৰ্ণ অমিল হোৱা বাবে কামটোত স্বাভাৱিকতেই জটিলতাৰ সৃষ্টি হৈছে। এনে মত বিৰোধিতাৰ মাজতে উপলব্ধ বিভিন্ন তথ্যসমূহৰ তুলনাৰ দ্বাৰা চুতীয়া জাতিৰ অতীত সম্পৰ্কে ইয়াত কিছু আলোকপাত কৰিবলৈ চেষ্টা কৰা হৈছে।

হেম স্বৰস্বতীৰ হৰগৌৰী সংবাদ নামৰ গ্ৰন্থত থকা এটা শ্লোকত ‘চুতীয়া’ শব্দটোৰ প্ৰথম উল্লেখ পোৱা যায় । শ্লোকটোত আছে –

“শদিয়া কোৰ্জকো দেশঃ চুটিকাবংশভীৰ্মোক।

ধাতুদ্ৰব্য তু লেভে নহত্বা জন পদানয়ঃ।।” (চুতীয়া জাতিৰ বুৰঞ্জী, পৃ.৫৯২)

এই  ‘চুটিকা’ শব্দই চুতীয়াৰ আদি ৰূপ। পৰৱৰ্তী সময়ত এই ‘চুতীয়া’ শব্দৰ উৎপত্তি সম্পৰ্কেও বিভিন্ন মত পোৱা যায়। ইয়াৰে এটা মত কিছু বিতৰ্কিত তথা ই চুতীয়াসকলৰ আদি বাসস্থান তথা গোষ্ঠীগত পৰিচয়ৰ লগত জড়িত। চুতীয়া জাতিৰ ইতিহাস অধ্যয়কাৰী ললিত চুতীয়াকে আদি কৰি এচাম পণ্ডিতে চুতীয়াসকলৰ আদি বাসস্থান হিচাপে সুদূৰ আফগানিস্তানৰ স্বাত উপত্যকালৈ আঙুলিয়াই দেখুৱাইছে। এই স্বাত উপত্যকাৰ পৰাই ইয়াৰ বাসিন্দাসকল স্বাতীয়া বা স্বতীয়া আৰু কালক্ৰমত চুতীয়া বুলি জনাজাত হৈছে। কিন্তু এডৱাৰ্ড গেইটকে ধৰি গৰিষ্ঠসংখ্যক বুৰঞ্জীবিদে চুতীয়াসকল মংগোলীয় জনগোষ্ঠীৰ মাজৰে এক অংশ বুলি কৈছে আৰু বৃহত্তৰ বড়ো গোটৰ অন্তৰ্ভুক্ত বুলি ক’ব বিচাৰে। গেইটে চুতীয়াসকলক মংগোলীয় কিন্তু শ্বানসকলৰ লগত ব্যাপকভাবে মিশ্ৰিত হোৱা এক জাতি বুলি কৈছে। লগতে ভাষাগতভাৱে চুতীয়াসকল বৃহত্তৰ বড়ো-কছাৰীসকলৰ ভাষাৰ অন্তুৰ্গত অৰ্থাৎ বড়োমূলীয় গোট তাকো ফঁহিয়াই দেখুৱাইছে। (গেইট, পৃ.৫৯২)

তাৰ বিপৰীতে ললিত চুতীয়াই তেখেতৰ গ্ৰন্থ চুতীয়া জাতিৰ চমু পৰিচয়ত চুতীয়াসকলক সুদূৰ আফগানিস্তানৰ স্বাত উপত্যকাৰ পৰা প্ৰব্ৰজন কৰি ক্ৰমে গঙ্গা উপত্যকাত, তাৰ পিছত আৰ্যসকলৰ আক্ৰমণত পিচ হুহোকি আহি অসমত প্ৰৱেশ কৰা বুলি উল্লেখ কৰিছে। তেওঁৰ মতে আদিতে মাতৃপ্ৰধান চুতীয়াসকলৰ লগত বিবাহ আদিৰ দ্বাৰা হোৱা ব্যাপক মিশ্ৰণৰ ফলত কিছু মংগোলীয় চৰিত্ৰ অৰ্জন কৰিছে (চুতীয়া, ৫৯২, পৃ.৬১)। আনহাতে প্ৰখ্যাত বুৰঞ্জীবিদ ৰাজমোহন নাথে চুতীয়া জাতিৰ পুৰাতত্ত্ব নামৰ প্ৰৱন্ধ এটাত লিখিছে – অসমৰ প্ৰাচীন ঐতিহ্যপূৰ্ণ চুতীয়া জাতিৰ নামাকৰণৰ আতি গুৰি বিচাৰোতে কোনো পণ্ডিতৰ মত হৈছে এওঁলোকৰ আদি বাসস্থান প্ৰাচীন কালৰ গান্ধাৰ বা বৰ্তমান আফগানিস্তানৰ উত্তৰ অঞ্চলৰ স্বাত পৰ্বত আছিল বুলি এওঁলোকে স্বতীয়া বা এতিয়া চুতীয়া নামেৰে জনাজাত হৈছে। লগতে নাথে ইয়াকো আঙুলিয়াউ দেখুৱাইছিল যে চুতীয়াসকল প্ৰাচীন ভূমধ্যসাগৰীয় ক্ৰীট চাইপ্ৰাচ আৰু ফিনিচিয়া অঞ্চলৰ কৃষ্টিৰ দ্বাৰা প্ৰভাৱিত। (নাথ, , পৃ.৫৯২)

এইখিনিতে মন কৰিবলগীয়া যে, আমাৰ ভাৰতত ‘অসুৰ’ শব্দটো ৰামায়ণ-মহাভাৰতৰ যুগৰে পৰা এতিয়ালৈকে অসৎ, বেয়া, দুষ্ট, দূৰ্জন আদি লোকক বুজাবলৈ ব্যৱহাৰ হৈ আহিছে। অসুৰ বুলি ক’লে দীঘল দাঁত, নখ, চুলি, লকলকাই থকা ৰক্ত ৰঞ্জিত জিভাৰ এক ভয়ংকৰ অবয়বৰ ছবিয়েই সকলোৰে মনলৈ আহে। তেনে ক্ষেত্ৰত কিহৰ তাড়ণাত হিন্দু ঈশ্বৰ ‘নাৰায়ণ’ক নিজৰ মানৰ লগত লিখা চুতীয়া ৰজাসকলে নিজকে অসুৰবংশী বুলি লিখি পৰিচয় দিলে সিও এক ৰহস্য। চুতীয়া ৰজা ‘প্ৰত্যক্ষনাৰায়ণ’ৰ (ৰ3জ্ঝচ্) ধেনুখনা ভূমিদান ফলিত খোদিত শ্লোকসমূহৰ একাংশ এনেধৰণৰ ঃ

গৰ্ভসমূহঃ

স্তৱো সুৰ-ৰিপু-ৱংশাংশ-ভূতো ধৰা ভৰোদ্বাৰ-কৰো জিতাৰি-নিৱহঃ শ্ৰীসত্য নাৰায়ণঃ।

(চুতীয়া জাতিৰ বুৰঞ্জী, পৰিশিষ্ট (জ), ২০০৬,  পৃ.৫৭৯)

এই শ্লোকত চুতীয়া ৰজাই নিজে সুৰ-ৰিপু অৰ্থাৎ সুৰ বা আৰ্যসকলৰ শত্ৰু অৰ্থাৎ অসুৰ বুলি নিজকে পৰিচয় দিছে। অসমৰ আন আন ৰাজবংশীসকলৰ লগত দেৱত্ব আৰোপ কৰাতো এক সাধাৰণ ঘটনা। উদাহৰণস্বৰূপে আহোম স্বৰ্গদেউসকলে নিজকে ইন্দ্ৰ বংশধৰ বুলি চিনাকি দিয়াৰ কাহিনী। ই সাধাৰণ জনতাৰ মাজত ৰজাৰ প্ৰতি ভয়, ভক্তি বজাই ৰখাৰ এক কৌশল। কিন্তু অসম কিয় সমগ্ৰ ভাৰততে বোধহয় নিজকে অসুৰবংশী বুলি চিনাকি দিয়া দ্বিতীয় এক ৰাজবংশ বিৰল। এই অসুৰবংশী পৰিচয়ে চুতীয়া জাতিৰ উৎপত্তিক পুনৰ স্বাত উপত্যকা, বেবিলন আদিৰ ফালে টানি লৈ যায়। উল্লেখ্য যে প্ৰাচীন বেবিলনীয় ৰজাসকলে নিজকে অসুৰ বংশীয় বুলি চিনাকী দিয়াৰ ওপৰিও নিজৰ উপাধিৰ লগত পাল ব্যৱহাৰ কৰিছিল যিটো চুতীয়া ৰজাসকলৰ ক্ষেত্ৰত দেখা যায়।

চুতীয়া নামৰ উৎপত্তিৰ দ্বিতীয় মতবাদটো আগবঢ়াইছে কলাগুৰু বিষু্ণ প্ৰসাদ ৰাভাই। তেওঁৰ মতে চুতীয়া ভাষাত ‘চুইজী’ মানে ভাল পানী বা নৈ। ‘চুই’ মানে ভাল আৰু ‘জী’ মানে পানী বা নৈ। চুতীয়াৰ পবিত্ৰ চাৰিশালৰ কাষেৰেবৈ যোৱা কুণ্ডিল নৈকো চুতীয়াসকলে পবিত্ৰ জ্ঞান কৰি চুইজী বোলে। ৰাভা দেৱে এই চুইজীৰ পৰা চুইতীয়া শেষত চুতীয়া হোৱা বুলি ক’ব খোজে। (চুতীয়া জনগোষ্ঠীৰ চমু পৰিচয়, পৃ.৪৮)

চুতীয়া শব্দৰ আঁৰৰ তৃতীয় এটা মতবাদ এনেধৰণৰ ঃ তাই আহোম বুৰঞ্জীত চুতীয়াসকলক ‘দিউৰা’ বুলি উল্লেখ আছে (চুতীয়া জাতিৰ বুৰঞ্জী, ২০০৬, পৃ.৬৬)। ই পিছলৈ টিউৰা শেষত গৈ চুতীয়ালৈ পৰিৱৰ্তন হয়। তিউ-ৰা শব্দৰ অৰ্থ পৰাজয় কৰিব নোৱাৰা মানুহ।

আন এচাম লোকৰ মতে চুতীয়াসকলৰ আদি বাসস্থান চীনদেশৰ চু (Chu) অঞ্চল। সেই অঞ্চলৰ লোকে তিয়েন বা তীয়ে ধৰ্ম মানিছিল। সেই অনুসৰি এই ধৰ্মৰ অনুগামীসকল চুতিয়েন বা চুতীয়া বুলি জনাজাত হ’ল। (বীৰাঙ্গণা, পৃ.১৫৫)

যি নহওঁক এই মত পাৰ্থক্যবোৰ থাকিলেও চুতীয়া শব্দ যে একেবাৰে নতুন নহয় সেয়া তলৰ কথাখিনিৰ পৰা পতিয়ন যাব পাৰি। সেই অনুসৰি হেতেশ্বৰ বৰবৰুৱাই আহোনৰ দিন গ্ৰন্থত লিখিছে – “পূৰ্বে চুকাফা ৰজাৰ দিনত নৰা ৰজাই চুতীয়া, কছাৰী, মৰাণ, নগা আৰু কমতেশ্বৰৰ ঠাইলৈকে খুত তুলিবলৈ তিনিটা মানুহ পাঞ্চিলে। এটা গ’ল কমতেশ্বৰৰ ঠাইলৈ, এটা গ’ল চুটিয়ালৈ, এটা গ’ল মৰাণ, বৰাহী, কছাৰী আৰু নগাৰ তুলিবলৈ।” (বৰবৰুৱা, পৃ.৫৭, চুতীয়া জনগোষ্ঠীৰ চমু পৰিচয়, ললিত চুতীয়া, পৃ.৪১) ইয়াৰ পৰা এক কথাত চুতীয়া শব্দটোৰ উৎপত্তি সমন্ধত মতভেদ আছে যদিও চুতীয়া শব্দটো যে অতি পুৰণি কালৰ পৰা ব্যৱহৃত হৈ আহিছে তাত কোনো সন্দেহ নাই।

চুতীয়া নামটোৰ দৰে গোষ্ঠীৰ পৰিচয়ৰ ক্ষেত্ৰতো কিছু বিতৰ্কৰ আৱকাশ দেখা যায়। ললিত চুতীয়াৰ দৰে এচাম পণ্ডিতে ওপৰত উল্লেখ কৰাৰ দৰে চুতীয়াসকলক স্বাত ভেলীৰ পৰা অহা তথা দ্ৰাবিড় নৃগোষ্ঠীৰ অন্তৰ্ভুক্ত বুলি দেখুৱাইছে। তাৰ বিপৰীতে এডৱাৰ্ড গেইটকে আদি কৰি গৰিষ্ঠসংখ্যক লোকৰ মতে চুতীয়াসকল বৃহৎ বড়ো-কছাৰীসকলৰ এটা ঠাল আৰু তিববত-বৰ্মীয় ঠালৰ মংগোলীয় নৃগোষ্ঠীৰ। এই মতটোক চুতীয়াসকলৰ বিভিন্ন সংগঠনসমূহৰ লগতে আন আন বুৰঞ্জীবিদসকলেও মানি লৈছে। এইক্ষেত্ৰত তেঁলোকে চুতীয়া ভাষাক বিশ্লেষণ কৰি দেখুৱাইছে যে ই এক বড়োমূলীয় ভাষা। বৰ্তমান দেউৰীসকলৰ দুটামান ফৈদৰ মাজত চলিত দেউৰী ভাষাকেই চুতীয়াসকলৰ আদি ভাষা বুলি মান্যতা দিয়া হৈছে। অৱশ্যে এইক্ষেত্ৰটো বহুতো মত-পাৰ্থক্য আছে।

Census Report of India 1886 ৰ মতে চুতীয়াসকলে কোৱা ভাষা কছাৰী ভাষাৰ লগত মিল আছে। W. B. Brown এ পোন প্ৰথমবাৰৰ বাবে An Outline Grammar of Deori Chutia Language Spoken in Upper Assam (১৮৯৫) গ্ৰন্থত দেউৰীসকলে ব্যৱহাৰ কৰা ভাষাক দেউৰী-চুতীয়া ভাষা বুলি নামাকৰণ কৰে। এই গ্ৰন্থখনৰ পাতনিত Brown এ কৈছে – “The people are called Deories simply, the language is more popularly known as Chutia” অৰ্থাৎ দেউৰী মানুহখিনিয়ে সাধাৰণতে দেউৰী বুলি চিনাকি দিয়ে যদিও তেওঁলোকৰ ভাষাটো চুতীয়া বুলিহে জনাজাত। এইবিলাক আলোচনাই বৰ্তমান দেউৰীসকলৰ একাংশই ব্যৱহাৰ কৰা ভাষাটোৱেই যে চুতীয়াসকলৰ ভাষা বা চুতীয়া ভাষা বুলি প্ৰতিপন্ন কৰিলেও ইয়াৰ বিপৰীতে এচাম লোকে এই মতক নৎসাৎ কৰা দেখা যায়। বিশেষকৈ ড০ ৰামপ্ৰসাদ দেউৰীয়ে এই কথা মিছা বুলি লিখা বিভিন্ন প্ৰবন্ধ নানান কাকতত প্ৰকাশ পাইছে।  ২০০২ চনৰ ২০ আগষ্টৰ দৈনিক কাকতত ‘সাধনীৰ চৰিত্ৰ সঁচাই বাস্তৱ নে·’ শীৰ্ষক লেখাত … দেউৰী-চুতীয়াৰ মাজৰ সকলো সমন্ধক অস্বীকাৰ কৰিছে। এনেধৰণৰ মত-পাৰ্থক্যৰ পিছতো গৰিষ্ঠ সংখ্যকে এই ভাষাকেই দেউৰী-চুতীয়া ভাষা বুলি মানি লৈছে। ড০ নিৰ্মলপ্ৰভা বৰদলৈয়ে তেখেতৰ দেৱী গ্ৰন্থত চুতীয়াসকলৰ ভিতৰত জনা-বুজা আৰু শ্ৰেষ্ঠসকলেই দেউৰী বুলি স্পষ্টকৈ উল্লেখ কৰিছে। (বৰদলৈ, ২… , পৃ.২)

দেউৰীসকল চুতীয়াসকলৰ পুৰোহিত শ্ৰেণীৰ লোক আছিল, ঠিক উত্তৰ ভাৰতীয় ব্ৰাহ্মণসকলৰ দৰে। স্বাভাৱিকতেই বিবাহ আদি কেৱল নিজৰ মাজতে সম্পন্ন হৈছিল। আন নালাগে দেউৰীৰ বাদে বেলেগ ফৈদৰ চুতীয়াৰ লগত কেনেবাকৈ দেউৰীৰ কন্যাৰ বিবাহ হ’লে সমাজচ্যুত কৰাৰ দৰে প্ৰথা প্ৰচলিত আছিল। এনে এহাল প্ৰেমিক-প্ৰেমিকাই পলাই গৈ আহোম ৰজাৰ শৰণাপন্ন হৈ আহোমত উঠি বিবাহ সম্পন্ন কৰাৰ লোক-কাহিনীওঁ প্ৰচলিত। গতিকে প্ৰায় সংমিশ্ৰণ নোহোৱকৈ থকা দেউৰীসকলৰ মাজত দৈহিক গঠন, কলা-কৃষ্টি, ভাষা, ৰীতি-নীতি প্ৰায় এক সহস্ৰাব্দ ধৰি একেদৰে আছে। তেওঁলোকৰ দৈহিক গঠনৰ অৱয়বে দেউৰীসকল যে মংগোলীয় তাক প্ৰমাণ কৰে। কিন্তু চুতীয়াৰ আন আন ফৈদৰ মাজত এই লক্ষণসমূহ বৰ্তি থকা নাই। ইয়াৰ কাৰণ চুতীয়া আৰু আন আন নৃগোষ্ঠীৰ লোকসকলৰ মাজত হোৱা ব্যাপক মিশ্ৰণ। যাৰ ফলত বৰ্তমান চুতীয়াসকলৰ দেহত মংগোলীয়, শ্বান, দ্ৰাবিড় আদি একাধিক নৃগোষ্ঠীৰ লক্ষণসমূহ কম বেছি পৰিমানে উপলব্ধ।

বৃহত্তৰ অসমীয়া সমাজ আৰু জাতি গঠনত চুতীয়াসকলৰ অৱদান অনস্বীকাৰ্য। চুতীয়া জাতিৰ সংস্কৃতিৰ সম্পৰ্কে বুৰঞ্জীবিদ বেণুধৰ শৰ্মাই কৰা মন্তব্যই অসমীয়া জনজীৱনত তথা জাতি গঠনত চুতীয়াসকলৰ প্ৰভাৱৰ বিষয়ে বুজিবলৈ যথেষ্ট। তেখেতৰ ভাষাৰে – … সেইদৰে উজনি অসমৰ সৰু ভাগটি অসমীয়াক … কৰক অৰ্থাৎ বাকুঁহি চাওক দেখিব তেওঁ আচলতে চুতীয়া। … মোৰেই এতিয়া নামৰ পাছত আছে শৰ্মা উপাধি। শৰ্মা বুলিলে কি বুজায় সকলোৱে জানে তথাপি মোৰ ঐতিহাসিক মনোবৃত্তি, ৰীতি-নীতি আৰু সংস্কৃতি-সভ্যতা, ল’ৰাৰ পৰা ডাঙৰ হোৱালৈকে পুহি ৰখা ভাৱ আৰু কৰি অহা ধেমালি-ধুমুলাবোৰ টংকৈ চালে দেখা পাওঁ মোৰো এফাল দেখোন চুতীয়া (চুতীয়া জাতিৰ বুৰঞ্জী, পৃ.৩২৯)। সম্ভৱতঃ আহোমসকল অহাৰ আগতে চুতীয়া ভাষাই উজনি অসমৰ প্ৰধান ভাষা আছিল। কোনো কোনোৰ মতে চুতীয়াসকলৰ নিজা লিপি আছিল যদিও এতিয়ালৈকে ইয়াৰ কোনো তথ্য-প্ৰমাণ পোৱা নাই। চুতীয়া ৰাজ্যৰ সুদিনৰ সময়ত বা তাৰ আগৰ কালছোৱাত সমগ্ৰ অসমত কি ভাষা চলিছিল সেয়া ন দি ক’ব পৰা নাযায় যদিওঁ এইটো ঠিক যে বিভিন্ন জাতি-গোষ্ঠীৰ মাজত নিজৰ নিজৰ ভাষা-দোৱান আদি প্ৰচলনৰ সমান্তৰালভাৱে সংযোগী ভাষা হিচাপে বৰ্তমান কথিত অসমীয়া ভাষাৰ আদি ৰূপ এটা নিশ্চয়কৈ আছিল।  সেয়ে আহোমসকলে অসমলৈ আহি বিভিন্ন জনগোষ্ঠীবোৰৰ লগত ভাৱ-বিনিময়ৰ মাধ্যম হিচাপে অসমীয়া ভাষাকে গ্ৰহণ কৰিছে। স্বাভাৱিকতে এই অসমীয়াৰ উৎপত্তিৰ গুৰি যিয়েই নহওক বিভিন্ন জাতি-গোষ্ঠীবোৰৰ ভাষাৰ উপাদান আৰু শব্দ লৈ অসমীয়া ভাষা আজিৰ পৰ্যায় পাইছেহি। এই বিৱৰ্তনত অসমীয়া ভাষাত বহুতো চুতীয়া ভাষাৰ শব্দও সোমাইছে। তেনে কেইটামান উদাহৰণ হ’ল ঃ চুতীয়াৰ ‘য়’ অসমীয়াৰ ‘আই’ হৈছে, পানী বুজোৱা চুতীয়া শব্দ ‘জি’ ৰ পৰা জীপাল হৈছে, চুতীয়াৰ ‘মেই-জি’ৰ পৰা অসমীয়া ‘মেজি’ হৈছে, চুতীয়াৰ ‘বিষু’ৰ পৰা অসমীয়াৰ ‘বিহু’ ইত্যাদি। বিহুত ব্যৱহাৰ কৰা ‘টঙালি’ৰ গুৰি চুতীয়া ভাষাৰ শব্দ ‘তঙা’, তঙা মানে চুতীয়া ভাষাত গামোচা। (দেউৰী, ২০০৯, পৃ.১৭৪)

ইয়াৰ বাহিৰেও চুতীয়া ভাষাৰ কিছুমান শব্দ পোনপটীয়াকৈ অসমীয়া বাক্যখণ্ডত ব্যৱহাৰ হোৱাও দেখা পোৱা যায়। উদাৰহৰণস্বৰূপে ঃ ‘মোকো’, ‘মাম’ এই দুটা চুতীয়া ভাষাত ‘ভাত’ বুজোৱা শব্দ। মান্য অসমীয়াত ‘মোকোৰামোকোৰে খোৱা বা খা’ আদিৰ দৰে বাক্যাংশ প্ৰচলিত আছে। সেইদৰে আকৌ অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে কেঁচুৱা বা শিশুক মাকে মৰমতে ভাত খাবলৈ এইদৰে মাতে – “সোণ মাম খাবা আহাঁ, মাম মাম খাবা আহাঁ।” আৰু এই ‘মাম’ চুতীয়া ভাষাত ভাতৰ প্ৰতিশব্দ। তাৰোপৰি চুতীয়া-লফা, চুতীয়া-শালীকি, চুতীয়া-কাঁড়ী, চুতীয়া-হিলৈ আদি শব্দবোৰ প্ৰত্যক্ষভাৱে চুতীয়াসকলক জড়িত কৰি নিৰ্দেশ কৰা শব্দ।

অসমীয়া সমাজৰ বিভিন্ন লোকবিশ্বাসকো চুতীয়াসকলৰ লোকবিশ্বাসে প্ৰভাৱিত কৰা দেখা যায়। চুতীয়াসকলে তেওঁলোকৰ ‘টোটেম’ মেকুৰীক পবিত্ৰ জ্ঞান কৰে। মেকুৰীক মাৰিলে মেকুৰীটোৰ ওজনৰ সমান সোণৰ মেকুৰী শদিয়াৰ দেওঁঘৰত দান দিব লাগে বুলি থকা বিশ্বাস সমগ্ৰ অসমৰ সকলো জনগোষ্ঠীৰ মাজত কম বেছি পৰিমাণে প্ৰচলন আছে।

অসমৰ কলা-সংস্কৃতি আদিৰ ক্ষেত্ৰতো চুতীয়াৰ অৱদান অসীম। অসমীয়া জীৱনৰ অবিেচ্ছদ্য অংগ বিহু। এই বিহুও বহুতৰ মতে চুতীয়াৰে অৱদান। আজিৰ পৰিস্থিতিত বিহু কি বা অসম আৰু অসমীয়াৰ জনজীৱনত বিহুৰ প্ৰভাৱ আৰু গুৰুত্ব কি· সেয়া নতুনকৈ বখনাৰ প্ৰয়োজন নাই। কিন্তু বিহুৱে আজিৰ মৰ্যাদা বা পৰ্যায় পাওঁতে বহু ঘাত-প্ৰতিঘাত পাৰ কৰি আহিছে।

আজি কেই দশকমান আগলৈকে তথাকথিত উচ্চ জাত বা উচ্চ বংশৰ মানুহে বিহুক নীচ-ইতৰৰ লেতেৰা উৎসৱ বুলি বৰ্জন কৰিছিল। আৰু অসমৰ বাহিৰৰ লোককো বিহুৰ বিষয়ে ভুল তথা বিকৃত তথ্য দিছিল। বুধিন্দ্ৰনাথ ভট্টাচাৰ্যৰ দৰে অভিধান প্ৰণেতাইতো বিহুক নিষিদ্ধ কৰিব লাগে আৰু ই অসমৰ বাবে অপকাৰী বুলি বিৰাট প্ৰৱন্ধ National Gurdian কাকতত ১৮৯৮ চনতে লিখি ব্ৰিটিছ চৰকাৰক আৱেদন কৰিছিল।

বিহুৰ উৎপত্তিৰ বিষয়ে বিভিন্নজন গৱেষক পণ্ডিতে ভিন ভিন মত আগবঢ়াইছে। ইয়াৰ মাজত কোনোতোকে সতকাই ভুল বা শুদ্ধ বুলি ক’ব নোৱাৰি। কিন্তু এটা কথা ঠিক যে, বিহু সংস্কৃতিত বৃহৎ কছাৰী বা খছাৰি পৰিয়ালৰ জনগোষ্ঠীসমূহ; যেনে – বড়ো, সোণোৱাল, ৰাভা, চুতীয়া, দেউৰী, মৰাণ, ডিমাছা আদিৰ অৱদানেই অধিক। বিহুৱে আজিৰ ৰূপ পোৱাৰ আগতে এই জনগোষ্ঠীসমূহৰ মাজতে স্বতঃস্ফূটভাৱে উদ্‌যাপিত হৈছিল। এই সকলো জনগোষ্ঠীৰে বিহু মিলি মিলন-মিশ্ৰণ, এৰা-ধৰাৰ মাজেৰে আহি বিহু আজিৰ ৰূপত উপলব্ধ।

প্ৰাচীন অসমত শাসন কৰা প্ৰধান চাৰিটা ৰাজবংশৰ অন্যতম চুতীয়াসকলৰ সাংস্কৃতিক জীৱনত বহাগ বিহুৰ প্ৰভাৱ অপৰিসীম। প্ৰাগ্‌ঐতিহাসিক যুগৰ ভিৰ্মোকৰ পৰা আৰম্ভ কৰি ষোঁড়শ শতিকাৰ নীতিপাললৈকে এৰা-ধৰাকৈ বৰ্তমানৰ অৰুণাচল প্ৰদেশ আৰু উজনি অসমৰ বিভিন্ন অঞ্চলত চুতীয়াবংশী বিভিন্ন ৰজাই ৰাজত্ব কৰিছিল। উল্লেখ্য যে বহাগ বিহুৰ জন্ম এই উজনি অসমতে।

উল্লেখযোগ্য যে সভ্যতাৰ উত্তৰণৰ পথত প্ৰথম খোজ হৈছে কৃষি। যতেই প্ৰথম কৃষি কৰ্মৰ আৰম্ভ হৈছিল তাৰপৰাই মানৱ সভ্যতাৰো উত্তৰণৰ আৰম্ভণি হৈছিল। পৃথিৱীৰ যি কেইখন মুষ্টিমেয় ঠাইত বনৰীয়া ধান পোৱা গৈছে তাৰ ভিতৰত আমাৰ অসমো এখন। উজনি অসম হৈছে বনৰীয়া ধান পোৱা ভাৰতৰ একমাত্ৰ ঠাই। কেৱল বনৰীয়া ধানেই নহয় বনৰীয়া আম, বনৰীয়া জামু, বনৰীয়া কঁঠাল আদিও এই অঞ্চলৰ হাবিত উপলব্ধ; যিটো ভাৰতৰ আন ঠাইত পোৱা নাযায়। ইয়াৰ উপৰিও বনৰীয়া গৰু, হাতী, মেকুৰীও এই অঞ্চলত ব্যাপক হাৰত পোৱা যায়। গতিকে আমি এই সিদ্ধান্তলৈ আহিব পাৰো যে এই বনৰীয়া শস্য, গছ-গছনি, জীৱ-জন্তুবোৰক ঘৰচীয়াকৰণৰ () প্ৰক্ৰিয়া এই ভূ-খণ্ডতেই আৰম্ভ হ’ব লাগিব। কোনো উদ্ভিদ বা প্ৰাণীৰ প্ৰজাতিৰ মাজত ভিন্নতা ইয়াৰ উৎপত্তিস্থলত সাৰ্বাধিক। আৰু যিমানেই উৎপত্তিস্থলৰ পৰা দূৰলৈ প্ৰব্ৰজন কৰে সিমানেই বিবিধতা কমি যায়। উজনি অসম আৰু অৰুণাচল প্ৰদেশত ধানৰ অতি কমেও ১০০০০ টা বেলেগ বেলেগ প্ৰকাৰ বা প্ৰজাতি পোৱা যায়। যিটো ভাৰত বা পৃথিৱীৰ আন প্ৰান্তত আজিলৈকে পোৱা নাই। একেদৰে মানৱ উৎপত্তিস্থল দক্ষিণ আফ্ৰিকাৰ পিছতে উত্তৰ-পূৱ ভাৰতত সাৰ্বাধিক ভিন্ন নৃগোষ্ঠীৰ লোক পোৱা যায়। অৰ্থাৎ এই অঞ্চলত মানৱ আৰু বিভিন্ন উদ্ভিদ, শস্য, প্ৰাণী ইতিহাসে ঢুকি নোপোৱা দিনৰে পৰা হাজাৰ হাজাৰ বছৰ ধৰি বাস কৰি আহিছে। এইবিলাকত তথ্যই কৃষিকৰ্ম আৰু পশুপালনৰ আৰম্ভণি বৰ্তমান উজনি অসম আৰু ইয়াৰ আশে-পাশে আৰম্ভ হৈছিল আৰু ইয়ে এক উন্নত কৃষিভিত্তিক সভ্যতা গঢ়ি তুলিছিল যে তাৰো ইংগতি বহন কৰে। মন কৰিব লগীয়া যে সমগ্ৰ পৃথিৱীৰ ভিতৰতে বনৰীয়া ধান বৰ্তমানলৈ কেৱল উজনি অসমৰ হাবিতহে পোৱা গৈছে। গতিকে এইটো নিশ্চিত যে উজনিৰ সভ্যতা আন বহু অঞ্চলৰ সভ্যতাতকৈ বহু প্ৰাচীন। ইতিহাসে ঢুকি নোপোৱা দিনতে কোনো বিশেষ দিনতে মৌচুমীৰ আগমনত কৰ্ষণ কৰিবলগীয়া কৃষিৰ শুভফলৰ আনন্দত সেই সভ্যতাৰ বাটকটীয়াসকলে নাচিছিল, গাইছিল, মেঘৰ শব্দৰ অনুকৰণত শব্দ সৃষ্টিৰ বাবে ঢোল সাজি মেঘৰ গৰ্জনৰ চেও তুলি বৰষুণক আমন্ত্ৰণ কৰিছিল ধৰাক জীপাল কৰিবলৈ। এনেকৈয়ে বসন্ত ঋতুৰ আগমনত কৃষিৰ হাড় ভঙা কষ্ট আৰম্ভ হোৱাৰ আগে আগে হ’বলগীয়া কৃষিৰ ভাল ফল কামনা কৰি মন-প্ৰাণ জুৰাই কৰা নৃত্য-গীতেই সময়ৰ লগে লগে নিয়মীয়া উৎসৱলৈ পৰিণত হয় আৰু ইয়েই হয়তো বিহুৰ ৰূপ লয়। উজনিৰ আদিম বাসিন্দা চুতীয়াসকলো এই বিহুৰ সৃষ্টিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। বৰ্তমান বিহুৰ ৰূপ আৰু চুতীয়া (দেউৰী-চুতীয়া) সকলৰ বিহুৰ তুলনা কৰিলে চুতীয়া শব্দ ‘বুচু’, ‘বিচু’, ‘বোচো’ৰ পৰাই বিহুৰ উৎপত্তি হোৱাৰ সম্ভৱনাই বেছি। দীনেশ গগৈৰ দৰে বিহু বিশেষজ্ঞই এই মতকে মানি লৈছে। বিহুক আমি বাপতিসাহোন বুলি কওঁ। এই ‘বাপতিসাহোন’ চুতীয়া ভাষাৰ শব্দ। চুতীয়া ভাষাত ‘বাপ’ মানে দেউতা। ‘বাপতি’ মানে দেউতাৰ আৰু ‘সাহোন’ মানে সম্পত্তি। গতিকে বিহু চুতীয়াৰ বাবে দেউতাকে দি যোৱা সম্পত্তি, পৈত্ৰিক সম্পত্তি। পুৰণি বিহু নাম বা গীতবোৰলৈ লক্ষ্য কৰিলে চুতীয়াসকলেই যে বিহুৰ উদ্ভাৱনৰ গুৰি ধৰোঁতা বা উদ্ভাৱক সেই বিশ্বাস আৰু দৃঢ় হয়। তেনে কিছুমান গীত হৈছে ঃ

গাত লৈ ফুৰালে বতাহে ফালিব

মুঠিত লৈ ফুৰাহে ভাল।

এআগে বাছিলোঁ সেউটি মালতী

এআগে বাছিলোঁ ফুল।

এআগে বাছিলোঁ বাঘে ভালোকে

বাটে মানুহ ধৰি খাই।

এআগে বাছিলোঁ চৰাই হালধীয়া

উৰি শদিয়ালৈ যায়।

আকৌ –

কুণ্ডিলৰ আগাৰিত ওখকৈ শিমল

তাতে লয় কুৰুৱাই বাহ।

শদিয়াৰ ৰাজত ঐ চাৰিশাল গোসাঁনী

তালৈ নমস্কাৰ কৰোঁ।

সোণৰে জখলা, ৰূপৰ হেতামাৰি

আহে চাৰিশালি নামি।

ভৰিৰ গীৰপনি মাৰা ভালেকৰি

গৰুচৰ ৰাজলৈ শুনে।

কুণ্ডিলত উপজিল কুণ্ডিলৰ দেউৰী

মহঙত উপজিল লোন

শামুকৰ পেটত মাণিক উপজিল

মৰি মৰি উপজিল জোন।

জোনৰে সাৰথি জোনাকী পৰুৱা

সৰগৰে সাৰথি তৰা।

আমাৰে গোসাঁনী আমাৰে সাৰথি

গা ধুই কৰি যাওঁ সেৱা।

শদিয়াত আছে ঐ চাৰিশাল গোসাঁনী তালৈ কৰিছোঁ সেৱা।

এই গীতবিলাকত চুতীয়া ৰাজ্যৰ ৰাজধানী তথা কলা-কৃষ্টিৰ প্ৰাণকেন্দ্ৰ শদিয়া আৰু চুতীয়াৰ আৰাধ্যা দেৱী কেঁচাইখাতীৰ সঘন উল্লেখে বিহুৰ জন্মস্থান শদিয়া বা ইয়াৰ ওচৰ পাজৰৰ কাষৰীয়া অঞ্চল বুলি ভাবিবলৈ অৱকাশ দিয়ে। বিহুৰ লগত এৰাব নোৱৰা অংগ ‘বিহুৱান’ অৰ্থাৎ আমাৰ অতিকৈ চেনেহৰ গামোচাখনো অবিকল চুতীয়াসকলৰ গামোচাৰ সৈতে একে। বিহু যে চুতীয়া ৰজা-প্ৰজা সকলোৰে হিয়াৰ আমঠু আছিল তাক প্ৰমাণ কৰে এই বিখ্যাত কলিটোৱে –

ঢোল বাই ক’ত ৰতনপুৰত

খোল বাই ক’ত ৰতনপুৰত (মুখে মুখে প্ৰচলিত, বিশেষকৈ ককা-আইতাৰ মুখত শুনা)

ৰতনপুৰ কোনো এক সময়ত চুতীয়াৰ ৰাজধানী আছিল আৰু সম্ভৱতঃ ই বৰ্তমানৰ মাজুলী নদী দ্বীপ হোৱাৰ আগৰ কথা। চুতীয়া মহিলা তথা বিহুৱটিৰ সাজ আৰু বৰ্তমান বিহুৰ সাজৰ মাজত পাৰ্থক্য অতি সামান্য। চুতীয়াসকল ইমানইে বিহু বলিয়া আছিল যে, য’লৈকে গৈছিল তালৈকে এই বিহু কঢ়িয়াই লৈ গৈছিল। তাৰ অন্যতম উদাহৰণ ঢকুৱাখনাৰ ‘ফাটবিহু’। এই ‘ফাটবিহু’ৰ উৎপত্তি সম্পৰ্কে বিভিন্ন মতবাদ আছে যদিও গ্ৰহণযোগ্য বুলি মানিব পৰা মতবাদটো হ’ল ঃ

আহোমসকলে চুতীয়া ৰাজ্য জয় কৰাৰ পিছত বহু চুতীয়া ৰাইজ তথা পূজাৰী আৰাধ্যা দেৱী মা তাম্ৰেশ্বৰীৰ শালসহ ভটিয়াই পলাই যায় আৰু কেইবাখনো গাঁৱ বাগৰি শেষত বৰ্তমান হাৰ্হি অঞ্চলৰ দেৱলীয়া গাঁৱত হাৰ্হি দেৱালয় ৰূপে প্ৰতিষ্ঠিত হয়। আৰু এই থানখনৰ লগত যোৱা চুতীয়া ৰাজ্যৰ প্ৰজাই শদিয়াৰ বিহু সেই দেৱলীয়া গাঁৱত পাতিবলৈ ধৰিলে। চুতীয়া ভাষাত  ‘ফাট’ মানে ভাটি, গতিকে শদিয়াৰ পৰা ভটিয়াই গৈ বিহু মৰা বাবে ফাটবিহু অৰ্থাৎ ভাটিৰ বিহু বুলি জনাজাত হ’ল। (….)

আধুনিক কালত যদিও ফাটবিহু বিভিন্ন ঠাই বাগৰি ম’হঘূলি চাপৰিলৈ স্থানান্তৰিত হৈ সকলোতে জনজাত হ’ল, তথাপিও দেৱলীয়া গাঁৱত আজিও পৰম্পৰাৰ চিন স্বৰূপে ফাটবিহু উদ্‌যাপন হৈ আছে।

এই বিহু বলিয়া স্বভাৱৰ মূল্যও ভৰিব লগা হৈছিল চুতীয়া প্ৰজা তথা ৰজাই। আহোম আৰু চুতীয়াসকলৰ দীৰ্ঘদিনীয়া সংঘাতৰো ওৰ বিহুৱেই পেলাইছিল। চুতীয়াসকলৰ পৰাজয়ৰো অন্যতম কাৰণ আছিল বিহু। চুতীয়াসকলৰ বিহু বলিয়া স্বভাৱৰ কথা জানিব পাৰি আহোন সেনাপতি ‘জেংমূংখেনে’ বিহুতে চুতীয়া ৰাজ্য আক্ৰমণ কৰে। সেই সময়ত অধিকাংশ ৰণুৱা বিহুত ব্যস্ত আছিল। গতিকে অতি সহজে চুতীয়াসকলক পৰাস্ত কৰি গৰখীয়াৰ পৰা ৰজা হোৱা নীতিপাল অৰ্থাৎ নিত্যধবজপালক হত্যা কৰে। ৰাণী সাধনীয়ে শত্ৰুৰ হাতত ধৰা নিদি সাহসেৰে যুদ্ধ কৰি চন্দনগিৰি পাহাৰলৈ পলাই যায়। তাতে ৰাণী সাধনীয়ে ১২০ গৰাকী নাৰীক লৈ এছিয়া মহাদেশৰ প্ৰথমটো নাৰীবাহিনী গঠন কৰে (চুতীয়া জনগোষ্ঠীৰ চমু পৰিচয়, ললিত চুতীয়া, পৃ.৩৫৪)। এই নাৰীবাহিনীয়ে ৰাণী সাধনীৰ নেতৃত্বত শিল, কাঁড় আদিৰ সহায়ত আহোম সেনাক সফলতাৰে প্ৰতিৰোধ কৰি থাকিল। কালৰ কুটিল গতি, চুতীয়াৰ প্ৰাণৰ বিহুৱে আকৌ এবাৰ চুতীয়াক ঠগিলে। শেষবাৰৰ বাবে আহোম সেনাই কৌশলেৰে ঘিলা গছৰ লতাত উঠি ঢোল বজাবলৈ ধৰিলে, দিনটো আছিল ১৫২৪ খ্ৰীষ্টাব্দৰ ৭ বহাগ (বীৰাঙ্গণা, পৃ.২২৭)। চুতীয়া নাৰীবাহিনী আৰু অৱশিষ্ট সেনাই যুদ্ধত চুতীয়াৰ জয় হোৱা বুলি খবৰ ল’বলৈ যাওঁতেই আহোম সেনাৰ হাতত নিধন হয়। নিৰূপায় হৈ কুৱেৰ প্ৰদত্ত বুলি বিশ্বাস কৰা সম্পত্তি বুকুত বান্ধি ৰাণী সাধনীয়ে চন্দনগিৰি পাহাৰৰ শিখৰৰ পৰা জাপ দিয়ে। লগে লগে শেষ হৈ গ’ল এটা গৌৰৱশালী পৰাক্ৰমী ৰাজবংশৰ ৰাজ্য। থাকি গ’ল মাথো বিহুকে ধৰি বহু কলা-কৃষ্টি, বৰটোপকে ধৰি বহু অস্ত্ৰ-শস্ত্ৰ। সেইকাৰণে বিহু চুতীয়াৰ সুখ আৰু দুখ দুয়োটাৰে দিন।

ক্ষীৰোদ কুমাৰ শইকীয়া, মাছখোৱা, ধেমাজি,

 সহায়ক গ্ৰন্থপঞ্জীঃ

দেউৰী, ৰাধাকান্ত – আধুনিক-দেউৰী-শব্দকোষ, ধেমাজি, কিৰণ প্ৰকাশন, জানুৱাৰী ২০০৯।

বেগম, চেনেহী (অনু.)- অসম বুৰঞ্জী, এডৱাৰ্ড গেইটৰ The History of Assam, গুৱাহাটী,  লয়াৰ্ছ বুক ষ্টল, দ্বিতীয় প্ৰকাশ, ফেব্ৰুৱাৰী ১৯২৬। চুতীয়া, ললিত – চুতীয়া জনগোষ্ঠীৰ চমু পৰিচয়]

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: চুতীয়াসকলৰ অৱদানভূমিপুত্ৰ
Anjan Sarma

Anjan Sarma

Related Posts

Matcha from Japanese Ritual to Global Obsession
Special Report

Matcha from Japanese Ritual to Global Obsession

by Pradakshina Sarmah
July 15, 2026
0

Matcha from Japanese Ritual to Global Obsession PRADAKSHINA SARMAH Matcha is deeply rooted in Japanese Culture, as well as Zen...

Read moreDetails
The Dangote Effect and Nigeria’s Energy Transition

The Dangote Effect and Nigeria’s Energy Transition

July 15, 2026
Unemployment in Modi’s India: A Dive into Trends

Inside the Fragmented Realities of Assam’s Educated Unemployed

July 14, 2026
“Once Upon a Time”- Revisiting Oral Traditions of Assam

“Once Upon a Time”- Revisiting Oral Traditions of Assam

July 14, 2026
দেশে দেশে ফুটবল

দেশে দেশে ফুটবল

July 7, 2026
Durga Puja and the Assamese “Story” Today, the “mark on the face…”

Opportunities in Rice Based System

July 6, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Bhattadev University and the Mahabahu Climate Forum in Manas National Park

Bhattadev University: A Comprehensive Journey through the Climate Justice 101

July 15, 2026
Adaptation Without Agency Is Not Resilience

Adaptation Without Agency Is Not Resilience

July 15, 2026
Matcha from Japanese Ritual to Global Obsession

Matcha from Japanese Ritual to Global Obsession

July 15, 2026
From Streets to Screens: Crimes Against Women and Girl Children in the Age of Artificial Intelligence

From Streets to Screens: Crimes Against Women and Girl Children in the Age of Artificial Intelligence

July 15, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    37480 shares
    Share 14992 Tweet 9370
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    16979 shares
    Share 6792 Tweet 4245
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    2214 shares
    Share 886 Tweet 554
  • CIA Regime Change Exposed: How U.S. Interventions in 15 Nations Killed Millions and Destabilized the World

    328 shares
    Share 131 Tweet 82
  • Vrindavani Vastra: Assam’s Spiritual Heritage Reunites with Roots

    241 shares
    Share 96 Tweet 60
  • বিষ্ণু প্ৰসাদ ৰাভাৰ সাংস্কৃতিক সৃষ্টিৰাজি

    391 shares
    Share 156 Tweet 98
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    1165 shares
    Share 466 Tweet 291
  • Bhattadev University and the Mahabahu Climate Forum in Manas National Park

    143 shares
    Share 57 Tweet 36
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6748 shares
    Share 2699 Tweet 1687
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3937 shares
    Share 1575 Tweet 984
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d