• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, March 30, 2023
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Cultural

চুতীয়া জনগোষ্ঠী আৰু বহাগ বিহু

ক্ষীৰোদ কুমাৰ শইকীয়া

by Admin
April 16, 2022
in Cultural
Reading Time: 3 mins read
0
চুতীয়া জনগোষ্ঠী আৰু বহাগ বিহু
Share on FacebookShare on TwitterShare on LinkedIn

বহাগ বিহু আৰু চুতীয়া জনগোষ্ঠী

আজিৰ পৰিস্থিতিত বিহু কি বা অসম আৰু অসমীয়াৰ জনজীৱনত বিহুৰ প্ৰভাৱ আৰু গুৰুত্ব কি? তাক নতুনকৈ বখনাৰ কোনো প্ৰয়োজন নাই। কিন্তু বিহুৱে আজিৰ মৰ্যাদা বা পৰ্যায় পাওঁতে বহু ঘাত-প্ৰতিঘাত পাৰ কৰি আহিছে।

এতিয়া বিহু বুলিলে যেনেকৈ প্রায় সকলো শ্ৰেণীৰ মানুহ শিল-দল ভাঙি ওলাই আহে,তাৰ বিপৰীতে আজি কেইদশক মান আগলৈকে কিন্তু পৰিস্থিতি সম্পূৰ্ণ ইয়াৰ ওলোটা আছিল। তথাকথিত উচ্চজাত বা উচ্চবংশৰ মানুহে বিহুক নীচ-ইতৰৰ লেতেৰা উৎসৱ বুলি বিহুক বৰ্জন কৰিছিল আৰু অসমৰ বাহিৰৰ লোককো বিহুৰ বিষয়ে ভুল তথা বিকৃত তথ্য দিছিল।

বুধিন্দ্ৰনাথ ভট্টাচাৰ্যৰ দৰে অভিধান প্রণেতাইতো বিহুক নিষিদ্ধ কৰিব লাগে আৰু ই অসমৰ বাবে অপকাৰী বুলি এটা বিৰাট প্ৰবন্ধ National Guardian কাকত 1898 চনতে লিখি ব্ৰিটিছ চৰকাৰক আৱেদন কৰিছিল।  কিন্তু ইমানবোৰ বিৰোধিতাৰ স্বত্বেও বিহু ওলাই আহিল এচাম নিভাঁজ অসম প্ৰেমী তথা কলাপ্ৰেমী অসমীয়াৰ বাবে অধিক শক্তিশালী আৰু অধিক সৰ্বগ্ৰাসী হৈ।

RelatedPosts

গামোচা বিতৰ্ক আৰু অসমীয়া বঙালীৰ সমন্বয়

গামোচা বিতৰ্ক আৰু অসমীয়া বঙালীৰ সমন্বয়

March 29, 2023
Piano Kids to Conduct Workshop on Traditional  Bihu Songs

Piano Kids to Conduct Workshop on Traditional Bihu Songs

March 29, 2023
ব’লক, অলপ উভতি যাওঁ

ব’লক, অলপ উভতি যাওঁ

March 27, 2023

বিহুৰ উৎপত্তিৰ বিষয়ে বিভিন্নজন গৱেষক পণ্ডিতে ভিন ভিন মতবাদ আগবঢ়াইছে। ইয়াৰ মাজত কোনটোকে সতকাই ভুল বা শুদ্ধ বুলি কব নোৱাৰি। কিন্তু এটা কথা ঠিক যে বিহু,বৃহৎ কছাৰী বা খছাৰি পৰিয়ালৰ জনগোষ্ঠী সমূহ যেনে বড়ো,সোণোৱাল,চুতীয়া-দেউৰী,মৰাণ,ৰাভা,ডিমাছা আদিৰ অৱদান। বিহুৱে আজিৰ ৰূপ পোৱাৰ আগতে এই জনগোষ্ঠী সমূহৰ মাজতে বিহু স্বতঃস্ফূটভাৱে উদযাপিত হৈছিল আৰু জীয়াই আছিল। এই সকলোৰে বিহু মিলি এৰা ধৰাৰ মাজেৰে আহি বিহুৱে আজিৰ ৰূপ পাইছেহি।

অসমত শাসন কৰা প্ৰধান চাৰিটা ৰাজবংশৰ অন্যতম চুতীয়া সকলৰ জীৱনত এই বহাগ  বিহুৰ প্ৰভাৱ অপৰিসীম। প্ৰাগ্ঐতিহাসিক যুগৰ ভির্মোক পৰা আৰম্ভ কৰি ষোঁড়শ শতিকাৰ নীতিপাল লৈকে  এৰা ধৰা ভাৱে বৰ্তমানৰ অৰুণাচল প্ৰদেশ আৰু উজনি অসমৰ বিভিন্ন অঞ্চলত চুতীয়াবংশী বিভিন্ন ৰজাই ৰাজত্ব কৰিছিল। উল্লেখ্য যে বহাগ বিহুৰ জন্ম এই উজনি অসমতেই।

chutia

সভ্যতাৰ উত্তৰণৰ পথত প্ৰথম খোজ হৈছে কৃষি। য’তেই প্ৰথম কৃষি কৰ্মৰ আৰম্ভ হৈছিল তাৰপৰাই মানৱ সভ্যতাৰো উত্তৰণৰ আৰম্ভণি হৈছিল। সমগ্ৰ পৃথিৱীৰ ভিতৰতে বনৰীয়া ধান বৰ্তমানলৈ কেৱল উজনি অসমৰ হাবিতহে পোৱা গৈছে। গতিকে এইটো ঠিক যে উজনিৰ সভ্যতা আন বহু অঞ্চলৰ সভ্যতাতকৈ বহু প্ৰাচীন। এই ইতিহাসে ঢুকি নোপোৱা দিনতে কোনো বিশেষ দিনতে মৌচুমীৰ আগমনত কৰ্ষণ কৰিব লগীয়া কৃষিৰ শুভ ফলৰ আনন্দত সেই সভ্যতাৰ বাটকটীয়া সকলে নাচি উঠিছিল,গাইছিল,মেঘৰ শব্দৰ অনুকৰণত শব্দৰ বাবে ঢোলৰ সৃষ্টি কৰি মেঘৰ গর্জনৰ চেও তুলি বৰষুণক আমন্ত্ৰণ কৰিছিল ধৰাক জীপাল কৰিবলৈ। এনেকৈয়ে বসন্ত ঋতুৰ আগমনত কৃষিৰ হাড় ভঙা কষ্ট আৰম্ভ হোৱাৰ আগে আগে হ’ব লগীয়া কৃষিৰ ভাল ফল কামনা কৰি মন-প্ৰাণ জুৰাই কৰা নৃত্য-গীতেই সময়ৰ লগে লগে নিয়মীয়া উৎসৱলৈ পৰিণত হয় আৰু ইয়ে বিহুৰ ৰূপ লয়।

উজনিৰ আদিম বাসিন্দা চুতীয়া সকলো এই বিহুৰ সৃষ্টিৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত। বৰ্তমান বিহুৰ ৰূপ আৰু চুতীয়া (দেউৰী -চুতীয়া) সকলৰ বিহুৰ তুলনা কৰিলে চুতীয়া শব্দ বুচু/বিচু/বোচো -ৰ পৰাই বিহুৰ উৎপত্তি হোৱাৰ সম্ভাৱনাই বেছি। দীনেশ গগৈৰ দৰে বিহু বিশেষজ্ঞই এই মতকে মানি লৈছে। বিহুক আমি বাপতিসাহোন বুলিও কওঁ। এই ‘বাপতিসাহোন’ চুতীয়া ভাষাৰ শব্দ। চুতীয়া ভাষাত ‘বাপ’ মানে দেউতা। বাপ+তি মানে দেউতাৰ আৰু ‘সাহোন’ মানে সম্পত্তি। গতিকে বিহু চুতীয়াৰ বাবে দেউতাকে দি যোৱা সম্পত্তি, পৈত্ৰিক সম্পত্তি। পুৰণি বিহু নাম বা গীত বিলাকলৈ লক্ষ্য কৰিলে চুতীয়া সকলেই যে বিহুৰ উদ্ভাৱনৰ গুৰি ধৰোতা বা উদ্ভাৱক সেই বিশ্বাস আৰু দৃঢ় হয়। তেনে কিছু গীত হৈছে —–

গাত লৈ ফুৰালে বতাহে ফালিব/ মুঠিত লৈ ফুৰাহে ভাল।

এআগে বাছিলো সেউটি মালতী/ এআগে বাছিলো ফুল।

এআগে বাছিলোঁ বাঘে ভালোকে/ বাটে মানুহ ধৰি খাই।

এআগে বাছিলোঁ চৰাই হালধীয়া/ উৰি শদিয়ালৈ যায়।

আকৌ –

কুণ্ডিলৰ আগাৰিত ওখকৈ শিমলু/ তাতে লয় কুৰুৱাই বাহ।

শদিয়া ৰাজত ঐ চাৰিশাল গোসাঁনী/ তালৈ নমস্কাৰ কৰো।

সোনৰে জখলা, ৰূপৰ হেতামাৰি / আহে চাৰিশালি নামি।

ভৰিৰ গীৰপনি মাৰা ভালেকৰি/ গৰুচৰ ৰাজলৈ শুনে।

কুণ্ডিলত উপজিল কুণ্ডিলৰ দেউৰী/মঙহত উপজিল লোন/

শামুকৰ পেটত মাণিক উপজিল/ মৰি মৰি উপজিল জোন।

জোনৰে সাৰথি জোনাকী পৰুৱা/ সৰগৰে সাৰথি তৰা ।

আমাৰে গোসাঁনী আমাৰে সাৰথি / গা ধুই কৰি যাওঁ সেৱা।

শদিয়াত আছে ঐ চাৰিশাল গোসাঁনী তালৈ কৰিছোঁ সেৱা।

wild buffalo
es.trekearth.com

এই গীত বিলাকত চুতীয়াৰ ৰাজ্যৰ ৰাজধানী তথা কলা-কৃষ্টিৰ প্ৰাণকেন্দ্ৰ শদিয়া আৰু চুতীয়াৰ আৰাধ্যা দেৱী কেঁচাখাইতিৰ সঘন উল্লেখে বিহুৰ জন্মস্থান শদিয়া বা ইয়াৰ ওচৰ কাষৰীয়া অঞ্চল বুলি ভাবিবলৈ অৱকাশ দিয়ে। বিহুৰ লগত এৰাব নোৱৰা অংগ ‘বিহুৱান’ অৰ্থাৎ আমাৰ অতিকৈ চেনেহৰ গামোচাখনো একেবাৰে অবিকল চুতীয়াসকলৰ গামোচাৰ সৈতে। বিহু যে চুতীয়া ৰজা-প্ৰজা সকলোৰে হিয়াৰ আমঠু আছিল তাক প্ৰমাণ কৰে এই বিখ্যাত কলিটোৱে—

“ঢোল বাই ক’ত বোলে ৰতনপুৰত”

“খোল বাই ক’ত বোলে ৰতনপুৰত”

ৰতনপুৰ কোনো এক সময়ত চুতীয়াৰ ৰাজধানী আছিল আৰু সম্ভৱতঃ ই বৰ্তমানৰ মাজুলী নদী দ্বীপ হোৱাৰ আগৰ কথা। চুতীয়াৰ মহিলা তথা বিহুৱটিৰ সাজ আৰু বৰ্তমান বিহুৰ বিহুৱতীৰ সাজৰ মাজত পাৰ্থক্য অতি সামান্য।

“বিহু বলিয়া স্বভাৱৰ মূল্যও ভৰিব লগা হৈছিল চুতীয়া ৰাইজ তথা ৰজাই।  আহোম আৰু চুতীয়া সকলৰ দীৰ্ঘদিনীয়া সংঘাতৰ ওৰ এই বিহুৱেই পেলাইছিল। চুতীয়া সকলৰ পৰাজয়ৰ অন্যতম কাৰণ আছিল এই বিহু। চুতীয়া সকলৰ বিহু বলিয়া স্বভাৱৰ কথা জানিব পাৰি আহোম সেনাপতি “জেংমূংখেনে” বিহুতে চুতীয়া ৰাজ্য আক্ৰমণ কৰে। সেই সময়ত অধিকাংশ ৰণুৱা বিহুত ব্যস্ত আছিল।”

চুতীয়া সকল ইমানেই বিহু বলিয়া আছিল যে, য’লৈকে গৈছিল তালৈকে এই বিহু কঢ়িয়াই লৈ গৈছিল। তাৰ অন্যতম উদাহৰণ ঢকুৱাখনাৰ বিখ্যাত “ফাটবিহু” ।এই ফাটবিহুৰ উৎপত্তি সম্পৰ্কে বিভিন্ন মতবাদ আছে যদিও আটাইতকৈ অপ্ৰচলিত আৰু সত্য বুলি মানিব পৰা মতবাদটো হল  –

আহোম সকলে চুতীয়া ৰাজ্য জয় কৰাৰ পিছত বহু চুতীয়া ৰাইজ তথা পূজাৰী আৰাধ্যা দেৱী মা তাম্ৰেশ্বৰীৰ শাল সহ ভটিয়াই পলাই যায় আৰু আৰু কেইবাখনো গাঁৱ বাগৰি শেষত বৰ্তমান হাৰ্হি গাঁৱত হাৰ্হি দেৱালয় ৰূপে প্ৰতিষ্ঠিত হয়। আৰু এই থানখনৰ লগত যোৱা চুতীয়া ৰাইজে শদিয়াৰ বিহু সেই হাৰ্হি গাঁৱত পাতিবলৈ ধৰিলে। চুতীয়া ভাষাত ফাট মানে ভাটি, গতিকে শদিয়াৰ পৰা ভটিয়াই গৈ বিহু মৰা বাবে ফাটবিহু অৰ্থাৎ ভাটি বিহু বুলি জনাজাত হ’ল।

আধুনিক কালত যদিও এই ফাটবিহু বিভিন্ন ঠাই বাগৰি ম’হঘূলি চাপৰিলৈ স্থায়ী ভাৱে স্থানান্তৰিত তথা বিখ্যাত হল, তথাপিও হাৰ্হি গাঁৱত এতিয়াও পৰম্পৰাৰ চিন স্বৰূপে ফাটবিহু উদযাপন হৈ আহিছে।

Portrait of Queen Sadhani
ৰাণী সাধনী

এই বিহু বলিয়া স্বভাৱৰ মূল্যও ভৰিব লগা হৈছিল চুতীয়া ৰাইজ তথা ৰজাই।  আহোম আৰু চুতীয়া সকলৰ দীৰ্ঘদিনীয়া সংঘাতৰ ওৰ এই বিহুৱেই পেলাইছিল। চুতীয়া সকলৰ পৰাজয়ৰ অন্যতম কাৰণ আছিল এই বিহু। চুতীয়া সকলৰ বিহু বলিয়া স্বভাৱৰ কথা জানিব পাৰি আহোম সেনাপতি “জেংমূংখেনে” বিহুতে চুতীয়া ৰাজ্য আক্ৰমণ কৰে। সেই সময়ত অধিকাংশ ৰণুৱা বিহুত ব্যস্ত আছিল। গতিকে অতি সহজে চুতীয়সকলক পৰাস্ত কৰি গৰখীয়া পৰা হোৱা ৰজা নীতিপাল বা নিত্যধ্বজপালক হত্যা কৰে। ৰাণী সাধনীয়ে শত্ৰুৰ সাতত ধৰা নিদি সাহসেৰে যুদ্ধ কৰি চন্দনগিৰি পাহাৰলৈ পলাই যায়। তাতে তেওঁ ১২০ গৰাকী নাৰীৰে গঠিত এছিয়া মহাদেশৰ ইতিহাসত প্ৰথমটো নাৰীবাহিনী গঠন কৰে। এই নাৰীবাহিনীয়ে ৰাণী সাধনীৰ নেতৃত্বত শিল কাঁড় আদিৰ সহায়ত আহোম সেনাক সফলতাৰে প্ৰতিৰোধ কৰি থাকিল।

কালৰ কুটিল গতি, চুতীয়াৰ প্ৰাণ বিহুৱে আকৌ এবাৰ চুটিয়াক ঠগিলে.. শেষবাৰৰ বাবে.. আহোম সেনাই কৌশলেৰে ঘিলা গছৰ লতাত উঠি ঢোল বজাব ধৰিলে.. ১৫২৪ খ্ৰীষ্টাব্দৰ ৭ বহাগৰ দিনা। চুতীয়াৰ নাৰী বাহিনী আৰু অৱশিষ্ট সেনাই যুদ্ধত চুতীয়াৰ জয় হ’ল বুলি জয়ৰ খবৰ লবলৈ যাওঁতেই আহোম সেনাৰ হাতত নিধন হ’ল। একো উপায় নাপাই কুৱেৰ প্ৰদত্ত সম্পত্তি বুকুত বান্ধি ৰাণী সাধনীয়ে জাপ দিলে চান্দনগিৰিৰ শিখৰৰ পৰা। লগে লগে শেষ হৈ গ’ল এটা গৌৰৱশালী পৰাক্ৰমী ৰাজবংশৰ ৰাজ্য আৰু ৰাইজ। থাকি গ’ল মাথোঁ বিহুকে ধৰি বহু কলা-কৃষ্টি,বৰটোপকে ধৰি বহু অস্ত্ৰ -শস্ত্ৰ।  সেইকাৰণে বিহু চুতীয়াৰ বাবে সুখ আৰু দুখ দুয়োটাৰে দিন।

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Tags: চুতীয়া জনগোষ্ঠী আৰু বহাগ বিহু
Admin

Admin

Related Posts

গামোচা বিতৰ্ক আৰু অসমীয়া বঙালীৰ সমন্বয়
Cultural

গামোচা বিতৰ্ক আৰু অসমীয়া বঙালীৰ সমন্বয়

by Admin
March 29, 2023
0

গামোচা বিতৰ্ক আৰু অসমীয়া বঙালীৰ সমন্বয় ৰেজাউল কৰিম ৰেজাউল কৰিম গামোচা বিতৰ্ক আৰু অসমীয়া বঙালীৰ সমন্বয় আমাৰ মনৰ কথা ব্যক্ত...

Read more
Piano Kids to Conduct Workshop on Traditional  Bihu Songs

Piano Kids to Conduct Workshop on Traditional Bihu Songs

March 29, 2023
ব’লক, অলপ উভতি যাওঁ

ব’লক, অলপ উভতি যাওঁ

March 27, 2023
Stories in the Art of Terracotta

Stories in the Art of Terracotta

March 15, 2023
অসমৰ লোকসংস্কৃতি

তাই আহোম সমাজত  বিহুৰ আৰম্ভনিৰ কিছু আভাস

March 14, 2023
Lal Ded: A Kashmiri Poetess

Lal Ded: A Kashmiri Poetess

March 14, 2023
  • Trending
  • Comments
  • Latest
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

November 24, 2022
Emergence Of The KNF In Chittagong Hill Tracts

Emergence Of The KNF In Chittagong Hill Tracts

June 4, 2022
Dholera: Modi’s Dream Project turns lifeless and barren!

Dholera: Modi’s Dream Project turns lifeless and barren!

May 28, 2022
লাচিত বৰফুকন

লাচিত বৰফুকন

November 24, 2022
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
open book pages on surface

অসমীয়া দেখো এজনো নাই

0
গামোচা বিতৰ্ক আৰু অসমীয়া বঙালীৰ সমন্বয়

গামোচা বিতৰ্ক আৰু অসমীয়া বঙালীৰ সমন্বয়

March 29, 2023
In The Echoes Of February

In The Echoes Of February

March 29, 2023
UKRAINE: 5th report on the Media during the War

The Views of the News: The Role of Media in a Changing Landscape

March 29, 2023
চিয়াং নৈৰ পাৰৰ নষ্টাল’জিয়া

চিয়াং নৈৰ পাৰৰ নষ্টাল’জিয়া

March 29, 2023

Popular Stories

  • Dholera: Modi’s Dream Project turns lifeless and barren!

    Dholera: Modi’s Dream Project turns lifeless and barren!

    901 shares
    Share 309 Tweet 193
  • জাহ্নৱী স্বৰ্গীয়াৰী: মাৰ্কিন ভূমিত প্ৰশংসিত অসমীয়া মহিলা উদ্যমী

    857 shares
    Share 90 Tweet 56
  • অটোৰিক্সা চালকৰ পৰা দেশজুৰি সমাদৃত ফটোগ্ৰাফাৰলৈ বৰ্ণময় জীৱন

    120 shares
    Share 48 Tweet 30
  • Captain Jintu Gogoi Vir Chakra Memorial Football Tournament

    203 shares
    Share 81 Tweet 51
  • Udyam 2023 begins at Duliajan

    182 shares
    Share 73 Tweet 46
  • কাব্য-ঋষি নীলমণি ফুকনৰ সশ্ৰদ্ধ সোঁৱৰণত

    157 shares
    Share 63 Tweet 39
  • RAJA RAVI VARMA: FATHER OF MODERN ART IN INDIA

    18 shares
    Share 7 Tweet 5
  • Nature-Writings: New Rising In The World Of Literature

    56 shares
    Share 22 Tweet 14
  • Issues of Northeast and Role of Media

    55 shares
    Share 22 Tweet 14
  • Speak You – How Romania helps Ukrainian refugees: the experience of a team from Sighișoara

    54 shares
    Share 22 Tweet 14
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Facebook Twitter Youtube LinkedIn
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Entertainment
    • Theater
    • Movie
    • Music
    • Dance
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d bloggers like this: