• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, March 11, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Opinion

চুমা বিজ্ঞান

লক্ষ্মীনাথ বেজবৰুৱা

by Anjan Sarma
October 14, 2022
in Literature
Reading Time: 3 mins read
0
cheerful little siblings hugging in armchair at home

Photo by Anna Shvets on Pexels.com

Share on FacebookShare on TwitterShare on LinkedIn

চুমা বিজ্ঞান

লক্ষ্মীনাথ বেজবৰুৱা

“He took the bride about the neck, and kissed her lips with such a clamorous smack, that at the parting all the church echoed.”

চাৰিওফালে বিজ্ঞানৰ চৰ্চা।

RelatedPosts

The Brahmaputra River: A Transboundary Titan of Geomorphology, Ecology, and Geopolitics

A Historical Inquiry into Climate and Environment in Assam

March 5, 2026
The Treaty of Yandaboo (1826): Two Centuries of Assam’s Changing Identity

১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ ইয়াণ্ডাবু সন্ধিঃ অসমীয়াই নীৰৱে স্বাধীনতা হেৰুওৱা দিনটো

February 24, 2026
The Treaty of Yandaboo (1826): Two Centuries of Assam’s Changing Identity

The Treaty of Yandaboo (1826): Two Centuries of Assam’s Changing Identity

February 24, 2026

স্বৰগ-বিজ্ঞান, নৰক-বিজ্ঞান, হাতী-বিজ্ঞান, ঘোৰা-বিজ্ঞান; বিজ্ঞান হে বিজ্ঞান। এনে বিজ্ঞানৰ দিনত মহাম্তি কৃপাচাৰ্য্য অজ্ঞান হৈ থাকিব বুলি যি পাহৰণতো ভাবিছে তাৰ মহা দুৰ্দশা!

এই দুৰ্ঘোৰ বিজ্ঞানৰ উজানত কৃপাবৰ-কাৱৈ লগে নুজাবৰ কাৰণ দেখুৱাবলৈ কৃপাবৰৰ সমনীয়া কোন বিদগ্ধ বৈজ্ঞানিক পণ্ডিত আসামত আছে তেওঁ অনতিবিলম্বে কৃপাচাৰ্য্যৰ খুম্‌ সহিবলৈ আহি শিং পাতক।

কিৰিপে যেতিয়া বিজ্ঞানত নখ তিয়ালে, চাহীৰ পৰা হাতীলৈকে এই ভূমণ্ডলত যতবিলাক বাহটুৱা বিষয় আছে এটাইবিলাক তেওঁ জগলিমোহনকৈ বিজ্ঞানৰ বৰ চৰিয়াত সানিব। সম্প্ৰতি তেওঁ চুমাৰ বৈজ্ঞানিক ব্যাখ্যা কৰিছে, কিন্তু চুমাৰ নিচিনা এটা কঠিন পদাৰ্থৰ বিশদ ব্যাখ্যাত দন্তস্ফুট কৰিবলৈ তেওঁবিলাকে সাহ কৰা নাই।

চুমা-কালিদাসৰ কৃপাবৰ হে যোগ্য মল্লিনাথ; এই কথা পেটে পেটে সকলোৱে জানি তেওঁক সেই বিষয় স্বত্ব পৰিত্যাগপূৰ্ব্বক এৰি দিছে। চুমা কাক কয়, এই বিষয়ে ’বেদা বিভিন্না: স্মৃতয়োবিভিন্না:।’ কি দেশী পণ্ডিত, কি বিলাতী পণ্ডিত, কোনেও চুমাৰ সঁচা ব্যাখ্যা দিব পৰা নাই; এই বিষয়ে তৰ্ক-বিতৰ্ক দন্দ-খৰিয়াল কৰি পণ্ডিতে পণ্ডিতে মৰামৰি লগাই মূৰ ফলাফলি হৈ ’পুলিচ্‌কেচ’ পৰ্য্যন্ত হৈ গৈছে। তথাপি ইয়াৰ এটা সাৰ্ব্বভৌমিক মীমাংসা হৈ উঠা নাই।

বুদ্ধিমান কৃপাচাৰ্য্য কিন্তু এই মূৰ ফলাফলিত নাস্তি, এক ৰিঙ্গৰ বাটৰ আঁতৰত হে অস্তি। কোনোৱে কয় বোলে চুমা আৰু চুম্বক-লো সমসাময়িক; লিডিয়া নগৰৰ ওপৰত যেতিয়া প্ৰথমতে চুম্বক-লো আবিস্কৃত হয়, সেই সময়তে কামৰূপত চুম্বন আবিস্কৃত হয়। কিন্তু এই কথা কৃপাবৰে নেমানে। কিয়নো, চুম্বক খনিজ, চুম্বন মুখজ; লিডিয়াত খনি থকাৰ আগেয়ে কামৰূপত মানুহৰ মূৰত মুখ থকাৰ প্ৰমাণ বৰবৰুৱাই কৰি দিব পাৰে। এই কথা উত্তৰত প্ৰতিপক্ষই কয় যে মুখ থকাৰ প্ৰমাণ হলেও তেতিয়ালৈকে চুমা আবিস্কৃত হোৱাৰ কোনো প্ৰমাণ নাই।

Screenshot 20221014 132945 Chrome

এই বিদগ্ধসকলক কৃপাবৰে একো নকৈ মাত্ৰ তেওঁবিলাকৰ মূৰৰ শিং কিমান দীঘল হৈছে, তাকেহে জিজ্ঞাসা কৰিছে। আৰু এজন চুমাচঞ্চু বিশাৰদ পণ্ডিতে কয় যে ”চুমা আৰু kiss (কিচ্‌) গুৰিতে একে পদাৰ্থ, যেই চুমা সেই কিচ। Kiss is grammatically a noun, practically a conjuction”. But এইজন পণ্ডিতৰ কথা কেইসেৰ গধূৰ পাঠকসকলে জুখি চাব।

সেই যেইবা নহওক, কৃপাবৰ-বুঢ়াত বাজে কোনেও যে চুমা-চেঙেলি ধৰিব পৰা নাই; তাক কোৱা বাহুল্য মাথোন। চুমা প্ৰেমৰ মোহৰ। ডাক-ঘৰৰ চিঠিৰ নিচিনাকৈ যেতিয়া প্ৰেম ৰেজেষ্টৰি হয় তেতিয়া চুমা-ছাবৰ আৱশ্যক। এই ছাব পৰিলে আৰু প্ৰেম ”ইন্সিয়ৰ” হয়। হেৰোৱাৰ ভয় নাথাকে। কি হৰকৰা, কি ডাকবাবু, কোনেও ছাব-মৰা প্ৰণয়ত ’জাল কাৰ্‌চাজি’ কৰিব নোৱাৰে, কৰিলেই বৰফাটক।

বাস্তবিক পক্ষত চুমাৰ ছাব মোহৰ মাৰি প্ৰেমৰ বৰ ডাঙৰ ’পাৰ্চেল’ বা ’বাঙি’ “কোনবা ধুবুৰি পোৱাকৈ পঠিয়াব পাৰি,–নিৰ্ভয়ে, নি:সংশয়ে। প্ৰেম-পাৰ্চেল ভেলিউপেয়েবোল্‌ কৰি পঠিয়াবলৈকো চুমা-মোহৰ বৰ আৱশ্যকীয়। অধিক কি, এই ভেলিউপেয়েবোল” ডাকতহে প্ৰেমৰ বৰ বাঙি, ভাৰতবৰ্ষত চলে।

ভেলিউপেয়েবোল্‌ত বস্তু আগেয়ে পঠিয়াই পাছতহে লোৱা-গৰাকীৰ পৰা টকা আদায় কৰা হয়। স্ত্ৰী-পুৰুষকো আগেয়ে বিয়া-ভেলিউপেয়েবোল ডাকত পঠিয়াই পাছত তেওঁবিলাকৰ পৰস্পৰ প্ৰেম ’আদায়-উচল’ হয়। সাঁথৰত কয়, ”দুই বুঢ়া লগ লাগিলে প্ৰাণৰ সংশয়।”

দুই চুমা লগ লাগিলেও সেই কথাই। চুমাই চুমাই যেতিয়া লগ লাগে বা সন্মিলন হয়, তেতিয়া দুই চুমাৰ গৰাকী দুই প্ৰাণীৰ প্ৰাণ স্ব-স্থানৰ পৰা পৰস্থানলৈ গতি কৰে। প্ৰত্যেকৰ বেলেগ বেলেগ অস্তিত্ব লোপ পাই এক হৈ যায়। দুই পঞ্চভুত পঞ্চত্ব প্ৰাপ্ত হৈ এক মহাপঞ্চভূত হয়, অৰ্থাত্‌ দহোটা সৰু সৰু ভূতে পৰস্পৰ খোৱা-খুই কৰি এটা ডাঙৰ ডলুৱা ভূত হৈ পৰে।

বিজ্ঞানে দুই প্ৰকাৰৰ ইলেক্ট্ৰিচিটি বা বিজুলী থকাটো প্ৰমাণ কৰিছে, এবিধ পজিটিভ এবিধ নেগেটিভ। দুই বিধেই পৰস্পৰ-আকৰ্ষণ বিকৰ্ষণ কৰে। এই আকৰ্ষণ-বিকৰ্ষণৰ ফলস্বৰূপে ফিৰিঙতি (sparks) আৰু খুন্দা (shocks) উত্‌পত্তি হয়। চুমাৰ প্ৰধান উত্‌পত্তিৰ ঠাই দুই মুখ ও দুজতুৱা:- পজিটিভ আৰু নেগেটিভ। এই পজিটিভ নেগেটিভৰ মুখৰপৰা পজিটিভ নেগেটিভ চুমা জন্মি অৱস্থানুক্ৰমে ফিৰিঙতি আৰু খুন্দা উত্‌পাদন কৰে।

চুমাৰ ফিৰিঙতি অসাধাৰণ ফিৰিঙতি; চুমাৰ খুন্দা বিজুলীৰ খুন্দাতকৈ কোনো গুণে নীহ নহয়। এই খুন্দাই চকুৰ পচাৰতে সৰ্বাঙ্গ শৰীৰ জোকাৰি প্ৰাণ টলমলায়মান কৰি পেলায়। চুমা প্ৰধানত: দুবিধ:-ঘৰুৱা চুমা আৰু পৰুৱা চুমা।

এই দুবিধৰে পো-নাতি বাঢ়ি ক্ৰমে দেশ নধৰা হৈ আহিছে। সেইবিলাকৰ ভিতৰৰ বৰমূৰীয়া চাই গোটাচেৰেকৰ নাম কওঁ। যথা-তপত-চুমা, চেঁচা-চুমা, দীঘল বা লেঙা-চুমা; কটিয়া বা বাওনা-চুমা, নাল-লগা-চুমা, নাল-লগা-খৰা চুমা; এই কেটা চুমা ঘৰুৱা বিভাগত অন্তৰ্গত। পৰুৱা বিভাগৰ তপত-চুমাৰ আমদানি বেছি বুলিও যে চেঁচা-চুমা জুই-ছাই মৰগ এনে নহয়, চেঁচা-চুমাও মাজে-সময়ে ওলায়। এই পৰুৱা বিভাগৰ অধীনত থকা চুমাৰ মহামতি কৃপাবৰ বৰুৱাই,–শ্ৰীবিষ্ণু!—বৰবৰুৱাই চেঞ্চচ্‌ বা পিয়ল কৰি ’নিম্নোল্লিখিত’ তালিকা প্ৰস্তুত কৰিছে।

এই কাৰ্য্যত বৰবৰুৱাৰ বিস্তৰ ভগণ, তথাপি অগুণকাৰী অসমীয়াৰ হাতত বৰবৰুৱাৰ শলাগ নাই; কিন্তু আমুকাই সেইবিলাক কথালৈ ভ্ৰুক্ষেপ কৰি এনে গুৰুতৰ কাৰ্য্যত হাত দিয়া নাই; তেওঁ দেশৰ হিতৰ অৰ্থে সৰ্ব্বস্বান্ত হব, সিও স্বীকাৰ ; দেশে শলাগ লয়—লাভৰ কথা, শলাগ নলয়—ধৰম কলৈ যাব? পৰুৱা বিভাগৰ চুমাৰ তালিকা—হাকুটীয়া-চুমা, এফলীয়া-চুমা, নিমাতী বা নিবুকা চুমা, চোৰ-চুমা, বনৰীয়া চুমা, কিনা-চুমা, লেল্‌-পেল্‌ চুমা।

আমি যি কেইবিধ চুমাৰ নাম কলোঁ, প্ৰত্যেকৰ যত্‌কিঞ্চিত লক্ষণ কওঁ:-তপত চুমা; এই চুমা চুমাখোৱা গৰাকীয়ে নিজৰ প্ৰকৃত প্ৰেম জুইৰ জালত তপতাই লৈ খায়। এই চুমা আচল ৰজাৰূপ, অলপো ভাঁজ নাই। চেঁচা চুমা—এই চুমা তিনি পোৱা গেলা পুখুৰীৰ পানী আৰু এপোৱা ম’হৰ গাখীৰ বা ম’হখীৰেৰে প্ৰস্তুত। ইয়াক মাহীয়েকে সতীনীয়েকৰ পুতেক জীয়েকক, আৰু কেতিয়াবা এজনী জাকে আনজনী জাকৰ পুতেক জীয়েকক সাদৰ দেখুৱাওঁতে ব্যাৱহাৰ কৰে; এই চুমাৰ ব্যৱহাৰ আন আন ঠাইতো আছে, কিন্তু ঠাই বাঢ়ি যায় দেখি তাক বিবৰি নকওঁ।

Screenshot 20221014 133011 Chrome

দীঘল বা লেঙা চুমা-এই চুমা তপত চুমাৰ অন্তৰ্গত, আৰু অতৃপ্তিমূলক। চুমা খোৱা গৰাকীৰ হেঁপাহ নপলোৱা হেতুকে, মনৰ জোখাই চুমাৰ দীঘল সোহা মাৰি দিলে যি চুমা ওপজে তাকে দীঘল বা লেঙা চুমা বোলে। কোনো কোনো বিদগ্ধ পণ্ডিতে এই চুমা টনা-গুড়েৰে সৈতে তুলনা কৰে, কিন্তু ভালেমান কাৰণৰ বশবৰ্ত্তী হৈ বৰবৰুৱাই এই তুলনাত গুৰুতৰ আপত্তি উত্থাপন কৰে; তাৰে এটা এই:-লোকে যোৱা বাটে বৰবৰুৱাৰ যোৱা অভ্যাস নাই, লোকে কোনো কথা সঁচা বুলিলে বৰবৰুৱাই প্ৰাণপণে তাক মিছা প্ৰমাণ কৰিবলৈ যত্নবান হব; লোকে টনা-গুড়ৰ তুলনা নিদিয়াহেঁতেন বৰবৰুৱাই সেই তুলনা অতি আগ্ৰহেৰে দিলেহঁতেন কিন্তু।

কটীয়া বা বাওনা-চুমা। এই চুমা দীঘল বা লেঙা-চুমৰ বিপৰীত। ইও অতৃপ্তিমূলক। ইয়াৰ আন এক নাম ঘন বা লেকেটীয়া চুমা। এই চুমাৰ গৰাকীসকলে দীঘল চুমাৰ গৰাকী সকলেৰে সৈতে সহানুভূতি প্ৰকাশ নকৰে; এওঁবিলাকে কয় যে ”দীঘল চুমা দীঘলকৈ টানি নি থাকোঁতে চুমাৰ পাত্ৰটীৰ পৰা আঁতৰত পৰা, আঁতৰত পৰা যেন লাগে, আৰু টানি আনি থাকোঁতে চুমাটোৰ এটা মূৰ অলপ চেঁচা পৰি আহে; সেইদেখি এই চুমা বুদ্ধিমান লোকৰ অগ্ৰাহ্য। ঘন-চুমা ঘনে খাবা, সমূলি চেঁচা হবলৈ নেপায়।”

এইবিলাক তৰ্ক-বিতৰ্ক কোবাকুবিত বুদ্ধিমান বৰবৰুৱা সোমাবলৈ ’ৰাজী’ নহয়; কিন্তু তেওঁ ইয়াকে কব পাৰে যে, দীঘল বা লেঙা চুমা অন্তত ঘন বা লেকেটীয়া চুমাৰ আকাৰ ধৰি পৰেহি। নাল-লগা-চুমা। নলীচাত ধপাত খোৱা যি সুখ, নাল-লগা-চুমা খোৱাও সেই সুখ। খৰা-চুমা—এই চুমা বাওনা-চুমাৰ ওচৰচুবুৰীয়া। খৰা-চুমাটি খৰামূৰা ডোখৰ। টপাটপ্‌ ”আৱাজ”হে শুনিবা। এই চুমাত হে ওপৰত কোৱা ফিৰিঙতি ওলায়। ই কেতিয়াও চেঁচা হবলৈ নেপায়। কথাতে কয় ”কণা-খোৰা, এগুণ বঢ়া।”

এই খিনিত বৰবৰুৱাৰ ব্যৱস্থা মতে ”খোৰা” শব্দ ’খৰা’ শব্দৰ সলনি ব্যৱহৃত হৈছে। আৰু নেগুৰ কটা বাঘ আৰু খৰা শিয়ালৰ সত্‌ স্বভাৱৰ পৰিচয় সকলোৱে জানে। নাল-লগা খৰা-চুমা আৰু খৰা-নাল-লগা চুমা নাল-লগা আৰু খৰা-চুমাৰ অৱস্থান্তৰ মাত্ৰ। নাল-লগা চুমাও অন্তত খৰাত্ব প্ৰাপ্ত হয়, আৰু খৰাচুমাও শেহত ভাগৰি নাল লগাত পৰেহি! ৰদে-বৰষুণে একেলগ হলে যেনেকৈ আমাৰ খৰা শিয়ালৰ বিয়া হয়, সেইদৰে উপৰ্য্যুপৰি নাল লগা আৰু খৰা-চুমাৰ অৱতাৰণা হ’লে, এই দুই বৃহত্‌ জাতীয় ভীমকায় চুমাৰ উত্‌পত্তি হয়।

এই দুই প্ৰকাৰ চুমাক বিদগ্ধসকলে দুমুখীয়া দাৰে সৈতে তুলনা কৰিব খোজে; বৰবৰুৱাই সেইগুণে শলাগ লৈ তেওঁবিলাকৰ প্ৰত্যেকৰ সোঁখন কাণ বৰবৰুৱাৰ বাওঁখন হাতেৰে আৰু বাওঁখন সোঁহাতেৰে মলি টিক্‌টিকীয়াকৈ ৰঙা কৰি দিবৰ ভাৰ লৈছে। পৰুৱা বিভাগৰ হাকুটীয়া-চুমা।

ঢুকি নোপোৱা পকা আম পাৰিবৰ হলে হাকুটীৰ প্ৰয়োজন। চুমাৰ গৰাকীসকল পৰস্পৰ ঢুকি নোপোৱা ঠাইত থাকিলে এই হাকুটীয়া-চুমাৰ প্ৰয়োজন। এই হাকুটীয়া-চুমা চকুৰে ৰিণি ৰিণি দেখালৈকে ব্যৱহাৰ কৰিব পাৰি। ওখ আম গছত হাকুটী লৈ আম পাৰিবলৈ উঠি কেৱল আমতে চকু মন ৰাখি চনকা, সৰু ডালত ভৰি দি অনেক লুভীয়া মানুহ পৰি মৰে; মাজৰ হুল জোঙলৈ আওকাণ কৰি দূৰৰ বস্তুত হাকুটীয়া চুমা লগায়ো এই পৃথিৱীত ভালেমান নৰ-নাৰীৰ পতং হয়, আৰু সেই কথা দেখি বৰবৰুৱাই ঈষদ্ধাস্য মাত্ৰ কৰে।

এফলীয়া-চুমা। এই চুমা সমুদ্ৰ সদৃশ। এপাৰ নাই গতিকে ইয়াৰ গতি বিসদৃশ। কত প্ৰেম হনুমন্তই সিপাৰ হবৰ আশাৰে এই চুমাৰ দীঘল জাঁপ মাৰি বাটতে সাগৰত পৰি তলং গৈছে, তাৰ লেখং জোখং নাই। এই চুমা এফলীয়া বুলিছো নো কিয়, অৰ্থাত্‌ এজনে এজনৰ উদ্দেশে এই চুমা খাই খাই ওঁঠ বুটী কৰে, কিন্তু যি জনৰ উদেশে এই চুমা খোৱা হয়, তেওঁৰ সেই কথাৰ ভ্ৰুভঙ্গেই নাই। মানুহৰ জীৱনৰ এটি কাল আছে, যি কালত এই চুমাৰ পক উঠে। সেই কালত কোৱা-চিলাৰ মুখেও ভাল বস্তু এটীৰ বাতৰি শুনিলে তাৰ উদ্দেশে এই চুমা খোৱা যায়। আন কি, এই কালত কতই উপন্যাস, নাটক পঢ়ি বা সাধুকথা শুনি, তাৰ নায়ক-নায়িকালৈ টোঁৱাই এই এফলীয়া চুমাৰ চোকা কাঁড় হুমুনিয়াহেৰে সৈতে মুহুৰ্মুহু: এৰে তাক বৰবৰুৱাইহে জানে।

নিমাতী বা নিবুকা-চুমা। নিমাতী বা নিবুকা মানুহ যেই, নিমাতী বা নিবুকা-চুমা সেই। এই নিমাতী-চুমাই ভাঙ্গে গাঁও, আন আন ৰবয়া চুমাৰ উঠে নাওঁ। এই চুমা শীতল সন্নিপাত, তল খুচৰীয়া; ইয়াৰ তলে পুতল। এই চুমা খোৱা গৰাকীৰ মুখলৈ চালে তেওঁ ঠিক যেন বশিষ্ঠ মুনিজন; কিন্তু ভিতৰি তেওঁ যে বিশ্বামিত্ৰৰ আজুককাক, তাক কৃপাচাৰ্য্যৰ বাহিৰে কোনো ভট্টাচাৰ্য্যই নাজানে। এই চুমাৰ তুলনাত আনবোৰ চুমাক এক প্ৰকাৰ ”ধান নাইকিয়া শুদা চাঙকে”ই বুলিব পাৰি; ই মেটমৰা গুটী-ধানৰ ভঁৰাল!

চোৰ-চুমা—এই চুমা কেনে বিধৰ লোক তাৰ নামেই কৈ দিছে। আগ ফালে পাছফালে চাই এই চুমা এটা খাই লব পাৰিলেই চুমাখাদকসকল একে ডেৱেই সাতখন চকোৱা পাৰ হৈ বৰ্ত্তিব। এই চুমা খাই এজন মানুহ সাতদিন অনাহাৰে থাকিব পাৰে।

বনৰীয়া-চুমা। –বনৰীয়া হাতীৰ নিচিনা, যেনিয়েই পায় তেনিয়েই যায়। ই বনৰীয়া বলিয়া কবিৰ সম্পত্তি।

কিনা চুমা—বজৰুৱা চুমা, বৰবৰুৱাই এই চুমাৰ কথা লেখি তেওঁৰ পবিত্ৰ লেখনী কলুষিত কৰিব বুলি যি ভাবিছে, সি বৰবৰুৱাৰ ওচৰত দীঘল হৈ পৰি ক্ষমা প্ৰাৰ্থনা কৰক। লেল্‌-পেল্‌-চুমা—ঘন বা লেকেটীয়া চুমাৰ অন্তৰ্গত; কেৱল এই ফেৰা বিভিন্ন যে, ই নীচেই ল’ৰামানুহৰ নিচিনা। লেলাৱতিৰে মুখ বুৰাই দিয়ে; দেখিলে বপুৰীলৈ বেথা নেলাগি নেথাকে!

বৰবৰুৱাই এটি চুমা তেওঁৰ আপোন সম্পত্তি কৰি ৰাখিছে, তাক তেওঁ এই বাহটুৱা তালিকাত পেলোৱা নাই! যাৰ নাম (Butterfly-kiss) বা পখিলা চুমা। এই চুমাৰ গুণাগুণ বৰবৰুৱাই মৰিলেও নকয়; কাৰণ তেওঁ ইমান বলিয়া হোৱা নাই, যে নিজা সম্পত্তি বা মাল-মত্তা চৰকাৰী কৰি ’গেজেপত’ ছাপি দিব।

অসমীয়াই চুমা খোৱা প্ৰণালী নেজানে , তেওঁবিলাকৰ বুঢ়া ভালুকে চুমা খোৱাদি চুমা খাওঁতেই কাল গ’ল। কোনো কোনো ধনুৰ্দ্ধৰ অসমীয়াই আকৌ চুমা খাবলৈ গৈ কুকুৰনেচীয়া বাঘে কামোৰাদি কামোৰ ধৰে; কোনোৱে আকৌ ধোৰা-কাউৰীয়ে পকা আম খুটিৱাৰ দৰে খুটিয়ায়; কোনোৱে বা ৰাক্ষসে মুখ মেলাৰ নিচিনাকৈ মুখ মেলি চুমাৰ লগতে গোটেই মানুহকে গিলি পেলাব খোজে।

এই অভাৱ আৰু দোষ দূৰ কৰিবৰ নিমিত্তে মান্যবৰ কৃপাবৰ বৰবৰুৱা বৰাবৰে আসামত এটি ’চুমাল পঢ়াশালি স্থাপন কলিবল অভিসন্ধি কলিছে; আলু এই অভিসন্ধি বা দুলভিসন্ধিল সিন্ধি সিদ্ধান্ত ব্লিদ্ধি পূল্বক চুমাল স্বলসন্ধি আলু ব্যঞ্জন সন্ধিল পলস্পল মিলনাথ সন্ধি স্থাপন কলিবল অত্থে তেওঁ ’চুমা পত্‌লিকা’ নামে এখন সাতদিনীয়া অব্যত্থ কাকত উলিয়াবলৈ প্লস্তাবো কলিছে”।

সকলো দেশহিতৈষী মহোদয়ে, এই কাৰ্য্যত তেওঁক সহায় কৰা ন্যায়ানুচিত। এই পঢ়াশালিত বৈজ্ঞানিক প্ৰণালী অনুসাৰে চুমা খাবলৈ শিকোৱা যাব। “

এই কেইফাকি কথা কবৰ কালত বৰবৰুৱাৰ বন্ধোৱা দাঁত দৈবাত্‌ খহি তেওঁক শোলা কৰি পেলাইছিল। যি হক, ততালিকে তেওঁ গম পাই আকৌ দাঁত মুখত লগাই ললে।”—টীকাকাৰ।

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Tags: চুমা
Anjan Sarma

Anjan Sarma

Related Posts

The Brahmaputra River: A Transboundary Titan of Geomorphology, Ecology, and Geopolitics
Climate Change

A Historical Inquiry into Climate and Environment in Assam

by Anjan Sarma
March 5, 2026
0

A Historical Inquiry into Climate and Environment in Assam ANJAN SARMA Assam’s environmental history is inseparable from the life of...

Read moreDetails
The Treaty of Yandaboo (1826): Two Centuries of Assam’s Changing Identity

১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ ইয়াণ্ডাবু সন্ধিঃ অসমীয়াই নীৰৱে স্বাধীনতা হেৰুওৱা দিনটো

February 24, 2026
The Treaty of Yandaboo (1826): Two Centuries of Assam’s Changing Identity

The Treaty of Yandaboo (1826): Two Centuries of Assam’s Changing Identity

February 24, 2026
বুৰঞ্জীবোধ

অসমদেশৰ স্বাধীনতা লুপ্ত কৰা চক্ৰান্তমূলক ইয়াণ্ডাবু সন্ধিপত্ৰখন!!

February 24, 2026
নাম শুনিলেই যাৰ….

Yandabo to 2026 Crossroads : Lost Sovereignty, Broken Accords, and Fading Regional Dreams!

February 24, 2026
Brahmaputra -The never-ending metaphor as Media of the valley

Brahmaputra -The never-ending metaphor as Media of the valley

February 22, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
Air Quality Management System Handed Over to Bajali HS School by Forest Department, Bajali District Administration & Mahabahu Climate Forum

Air Quality Management System Handed Over to Bajali HS School by Forest Department, Bajali District Administration & Mahabahu Climate Forum

March 10, 2026
বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ‘বায়ুৰ গুণমান ব্যৱস্থাপনা প্ৰণালী’ অৰ্পণ 

বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ‘বায়ুৰ গুণমান ব্যৱস্থাপনা প্ৰণালী’ অৰ্পণ 

March 10, 2026
Musk

মগজু, ইলন মাস্ক, নিউৰালিংকঃ সাৱধান!!

March 10, 2026
How is this Middle-East War 2026 different?

How is this Middle-East War 2026 different?

March 9, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    28401 shares
    Share 11360 Tweet 7100
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    11381 shares
    Share 4552 Tweet 2845
  • অসমদেশৰ স্বাধীনতা লুপ্ত কৰা চক্ৰান্তমূলক ইয়াণ্ডাবু সন্ধিপত্ৰখন!!

    139 shares
    Share 56 Tweet 35
  • Khring Khring Baitho Puja: Faith, Folklore and Identity of the Sonowal Kacharis

    119 shares
    Share 48 Tweet 30
  • ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ ইয়াণ্ডাবু সন্ধিঃ অসমীয়াই নীৰৱে স্বাধীনতা হেৰুওৱা দিনটো

    110 shares
    Share 44 Tweet 28
  • Mahabahu and HCI in Shillong: NEHU Geography Students Rise to the Challenge of Climate Action

    105 shares
    Share 42 Tweet 26
  • Manipur Sees Fresh Ethnic Tensions: Prohibitory Orders in Ukhrul’s Litan

    91 shares
    Share 36 Tweet 23
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3521 shares
    Share 1408 Tweet 880
  • From the Brahmaputra to the Himalayas: How a Youth Climate Handbook Launched in Pune Carries the Voice of ASSAM

    81 shares
    Share 32 Tweet 20
  • WSDS 2026 Concludes in New Delhi: Urgent Call for Energy Justice, Climate Finance Reform

    68 shares
    Share 27 Tweet 17
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d