–দিলীপ দৈমাৰী |
চুলিবিন্যাসকাৰী বা ‘হেয়াৰ-ড্ৰেচাৰ’ সকলৰ প্ৰতি এইবাৰ নতুন ফটোৱা জাৰী কৰিছে আফগানিস্তানৰ তালিবানে। কোনো পুৰুষৰ দাড়ি খুৰোৱা বা সৰু কৰিবলৈ ‘চাটি’ দিয়াৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে তালিবানে। তালিবানৰ ভাষ্য অনুসৰি ইয়াৰ ফলত ইছলামিক আইন লংঘন হয়। এই আইন যিসকলে নামানিব, তেওঁলোকক যথাবিহিত শাস্তি বিহা হ’ব বুলি আদেশ প্ৰচাৰ কৰা হৈছে। ইতিমধ্যে আফগানিস্তানৰ ৰাজধানী কাবুলৰ বহুত হেয়াৰ-ড্ৰেচাৰে এই নিৰ্দেশ লাভ কৰিছে। তালিবানৰ এই ফটোৱাই পুনৰ অতীতৰ দিনবোৰ মনত পেলাইছে। এইবাৰ তেওঁলোকে এক উদাৰপন্হাৰ চৰকাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিব বুলি প্ৰতিশ্ৰুতি দিলেও সেয়া মিছা বুলি প্ৰমাণিত হৈছে। যোৱা সপ্তাহটোৰ শনিবাৰেও ( ২৫ ছেপ্তেম্বৰত) তালিবানে চাৰিজনক গুলীয়াই হত্যা কৰিছে আৰু মৃতদেহবোৰ পশ্চিমাঞ্চলৰ হেৰাটৰ ৰাজপথত ওলোমাই দিছে। এতিয়া চেলুনবোৰত ফটোৱা ওলোমাই দিছে তালিবানে। তাতেই ক্ষান্ত নহৈ তেওঁলোকে ছদ্মবেশত মানুহো পঠিয়াই আছে চেলুনবোৰলৈ। চুলি-দাড়ি কটাৰ ক্ষেত্ৰতো শ্বৰিয়াহ আইন পালন কৰিব লাগিব চেলুনবোৰে, হেয়াৰ-ড্ৰেচাৰসকলে।