• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, July 15, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle Health

চুলি সৰা সমস্যা

-ডা. মুকুল শৰ্মা

by Anjan Sarma
June 26, 2021
in Health, Lifestyle
Reading Time: 2 mins read
0
Share on FacebookShare on TwitterShare on LinkedIn

-ডা. মুকুল শৰ্মা  |

কোনে নিবিচাৰে তেওঁৰ ক’লা, সুন্দৰ, দীঘল, কিচকিচিয়া চুলি হওঁক। বিশেষকৈ মহিলা সকল নিজৰ সৌন্দৰ্য্যতাৰ বাবে সদায় সচেতন আৰু এই সৌন্দৰ্য্যতাত চুলিৰ ভূমিকা অপৰিসীম। আজিকালি ল’ৰা বিলাকো নিজৰ চুলিখিনিক লৈ বহুত সচেতন হোৱা দেখা যায়। গতিকে কবলৈ গ’লে চুলি আমাৰ সকলোৰে জীৱনৰ এটা মহত্বপূৰ্ণ অংগ। কিন্তু কেতিয়াবা কিছুমান কাৰণৰ ফলত আমাৰ চুলি সৰা সমস্যাৰ সৃষ্টি হয়। প্ৰদূষণ, ধূলি, ৰ’দ ইত্যাদি কাৰকে আমাৰ চুলিৰ যথেষ্ট অনিষ্ট সাধন কৰে ।ফলত চুলি হৈ পৰে ৰুক্ষ, শুকান, দুৰ্বল আৰু সোনকালে সৰিব আৰম্ভ কৰে আৰু লাহে লাহে আমি আমাৰ চুলিক লৈ ইমান সচেতন হৈ পৰো যে বজাৰত উপলভ্য সকলো ধৰণৰ চেম্পু বা কণ্ডিচনাৰ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰি দিও। কিন্তু এই চেম্পু আৰু কণ্ডিচনাৰত থকা অনিষ্টকাৰী ৰাসায়নিক পদাৰ্থবোৰে চুলিৰ সমস্যা আঁতৰোৱাৰ সলনি এই সমস্যাটো আৰু জটিল হে বনাই দিয়ে। ফলশ্ৰুতিত সময়ৰ আগতে আমাৰ চুলিৰ অকাল পক্কতা, চুলি সৰা, উফি ইত্যাদি বিভিন্ন সমস্যাৰ সৃষ্টি হয়।

 এজন মানুহৰ সাধাৰণ অৱস্থাত দৈনিক ৫০-১০০ ডাল চুলি সৰে যিটো স্বাভাৱিক হয়। কেতিয়াবা কিছুমান মানুহ কোনো বেমাৰৰ পৰা আৰোগ্য লাভ কৰাৰ পিছত বা ঋতু পৰিবৰ্তনৰ লগে লগে চুলি বেছিকৈ সৰিব ধৰে কিন্তু সময়ত ই থিক হৈ যায়। তাৰ বাবে কোনো চিকিৎসাৰ দৰকাৰ নহয়। কিন্তু চুলি যদি এনেকুৱা হাৰত সৰিবলৈ ধৰে যিয়ে আপোনাৰ ধ্যান আকৰ্ষিত কৰিবলৈ ধৰে। যেনে :- আপুনি কোনো বেমাৰৰ পৰা আৰোগ্য লাভ কৰিছে আৰু আপোনাৰ চুলি সৰা সমস্যাটো দিনক দিনে বাঢ়ি গৈ আছে, ঋতু পৰিবৰ্তন হৈ যোৱাৰ পিছতো বেছিকৈ চুলি সৰা বন্ধ হোৱা নাই ক্ৰমান্বয়ে বাঢ়িহে গৈ আছে তেন্তে ইয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা উচিত।

 চুলি সৰা সমস্যাটোৰ বিষয়ে বিশদভাৱে আলোচনা কৰাৰ আগতে আহক আমি চুলি কেনেকৈ বৃদ্ধি আৰু বিকশিত হয় জানি লও।

 চুলি বিকশিত হৈ সৰি যোৱা পৰ্যন্ত পাঁচটা পৰ্য্যায় থাকে। যেনে-

১)Anagen বা বাঢ়নীয়া অৱস্থা – এইটো চুলিৰ নোমকূপ বিলাক বৃদ্ধি হোৱা পৰ্য্যায় আৰু এই পৰ্যায়টো ৩-৫ বছৰ ধৰি চলি থাকে। ই আমাৰ চুলিৰ দৈৰ্ঘ্য নিৰ্ণয় কৰে।

২)Catagen বা মধ্যৱৰ্তী কালীন অৱস্থা – এই পৰ্যায়টো ১-২ সপ্তাহ থাকে আৰু চুলিৰ নোমকূপ বিলাক পৰৱৰ্ত্তী জিৰণী পৰ্য্যায়লৈ প্ৰস্তুত হয়।

৩)Telogen বা জিৰণী পৰ্য্যায়:- চুলিৰ নোমকূপ সমূহৰ এইটো জিৰণীৰ সময়। প্ৰত্যেক মানুহৰ ১০-১৫% চুলিৰ নোমকূপ সমূহ এই সময়ছোৱাত জিৰণি লৈ থাকে।

৪)Exogen বা চুলি সৰা অৱস্থা :- এই পৰ্যায়ত পুৰণি চুলি বিলাক সৰি যায় আৰু নতুন চুলি গজা প্ৰক্ৰিয়া আৰম্ভ হয়।

 আমাৰ মূৰৰ চুলি সৰা এটা সমস্যা হিচাপে দেখা দিয়াৰ কোনো বদ্ধপৰিকৰ নীতি নাই। যেতিয়াই আমাৰ চুলি আগতকৈ পাতল হব ধৰে আৰু আমাৰ দৃষ্টি আকৰ্ষিত কৰে, আমাৰ শুৱা গাৰু, ফণী ইত্যাদিত বেছি পৰিমানে চুলি লাগি থকা যেন অনুভৱ হয় তেতিয়াই ইয়াক এটা সমস্যা হিচাপে ধৰা হয়।

#চুলি সৰা সমস্যাৰ কাৰণ :- চুলি সৰা সমস্যাৰ কাৰণ হিচাপে তলত দিয়া কাৰক সমূহে প্ৰভাৱ বিস্তাৰ কৰে বুলি ভবা হয়।

*স্বাভাৱিক কাৰণ:- স্বাভাৱিক ভাৱে বয়সৰ লগে লগে চুলি সৰা আৰম্ভ হয়।

*ঋতু পৰিবৰ্তনৰ প্ৰভাৱত :- ঋতু পৰিবৰ্তনৰ লগে লগে চুলি বেছিকৈ সৰিব ধৰে কিন্তু ঋতু পৰিবৰ্তন শেষ হোৱাৰ লগে লগে ই আগৰ অৱস্থালৈ ঘূৰি আহে।

*বংশগত কাৰণ:- সাধাৰণতে মতা মানুহক এইবিধ সমস্যাত বেছিকৈ আক্ৰান্ত হোৱা দেখা যায় আৰু বংশত যদি কাৰোবাৰ চুলি সৰা সমস্যা বা টপামূৰীয়া আছে তেন্তে এই সমস্যাটোত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। সাধাৰণতে মতা মানুহৰ ক্ষেত্ৰত দেখা দিয়া টপামূৰীয়া অৱস্থাক male pattern baldness বুলি কোৱা হয়।

*হৰমনৰ তাৰতম্যতাৰ প্ৰভাৱত :- হৰমনৰ তাৰতম্যতাৰ ফলত অস্থায়ী ভাবে চুলি সৰা সমস্যা হব পাৰে ।যেনে – গৰ্ভৱতী অৱস্থাত, সন্তান জন্ম দিয়াৰ সময়ছোৱাত, ৰজোনিবৃত্তিৰ কালত(menopause) । হাইপোথাইৰয়ডিজম (hypothyroidism) ৰ সমস্যাৰ বাবেও চুলি সৰা সমস্যাৰ সৃষ্টি হব পাৰে। থাইৰইড হৰমনে আমাৰ বিপাক ক্ৰিয়াত সহায় কৰাৰ উপৰিও আমাৰ শৰীৰৰ অংগ, প্ৰত্যংগ, চুলি, নখ ইত্যাদিৰ বিকাশত সহায় কৰে গতিকে এই হৰমনৰ বিসংগতিত অন্য সমস্যাৰ লগতে চুলি সৰা সমস্যাটোও দেখা যায়। আনহাতে মহিলাৰ ক্ষেত্ৰত হৰমনৰ তাৰতম্যতাৰ ফলত সৃষ্টি হোৱা অ’ভাৰিয়ান চিষ্টৰ বাবেও চুলি সৰা সমস্যাৰ সৃষ্টি হব পাৰে।

*চকলা চকল স্থানযুক্ত চুলি সৰা সমস্যা (Patchy hair loss) : Alopecia areata নামৰ এবিধ চুলিৰ বেমাৰৰ বাবে আমাৰ মূৰৰ চুলিবিলাক সৰি গৈ চকলা চকল স্থানযুক্ত হয়।ই এটা auto-immune বেমাৰ আৰু এই সমস্যাটো সৃষ্টি হয় যেতিয়া শৰীৰৰ ৰোগ প্ৰতিৰোধী তন্ত্ৰই আমাৰ চুলিৰ নোমকূপ বিলাকক বহিৰাগত বস্তু হিচাবে আক্ৰমণ কৰি শৰীৰৰ পৰা বাহিৰ কৰি দিব চেষ্টা কৰে। Alopecia areata যদি সথিক সময়ত চিকিৎসা কৰা নাযায় ই গৈ Alopecia totalis ৰ ৰূপ লৈ গোটেই মূৰটোৰে চুলি সৰি নহোৱা হব পাৰে আৰু সম্পূৰ্ণ টকলা হৈ পৰিব পাৰে।

*মূৰত হোৱা সংক্ৰমণ :- মূৰত হোৱা সংক্ৰমণ যেনে- খৰ(ringworm) ইত্যাদিয়ে চুলিৰ নোমকূপ বিলাকৰ লগতে চালকো আক্ৰমণ কৰি চকলা চলক যুক্ত দাগৰ সৃষ্টি কৰিব পাৰে আৰু তাৰ ফলত আক্ৰমণ কৰা ঠাইখিনিৰ চুলি সৰি নোহোৱা হয়। সথিক চিকিৎসা কৰিলে ই পুনৰ আগৰ অৱস্থালৈ ঘূৰি আহে।

*ছালৰ অন্য সমস্যা :- ছালত হোৱা অন্য কিছুমান বেমাৰৰ ফলতো শৰীৰৰ নোম বিলাকৰ লগতে চুলিবোৰো চিৰদিনৰ বাবে সৰি যাব পাৰে। এনে বেমাৰ বা সমস্যাৰ ভিতৰত  lichen planus, কিছুমান lupus, sarcoidosis ইত্যাদি প্ৰধান।

*চুলিত টনা অভ্যাস – কিছুমান মানুহ স্বভাৱগত ভাবে নিজৰ চুলি, ভ্ৰূ, নোম আদি টানি টানি উভালি পেলাই আৰু চিকিৎসা বিজ্ঞানত ইয়াক trichotillomania বুলি কোৱা হয়।

*আইৰনৰ অভাৱত হোৱা ৰক্তহীনতা :- আইৰনৰ অভাৱৰ বাবে হোৱা ৰক্তহীনতাও চুলি সৰাৰ এটা কাৰণ হব পাৰে। যিহেতু তেজত থকা লোহিত ৰক্ত কণিকাবিলাকে আমাৰ শৰীৰৰ কোষবিলাকলৈ পৰ্যাপ্ত পোষক তত্ব আৰু অক্সিজেনৰ যোগান ধৰে চুলিবিলাকো ইয়াৰ ব্যতিক্ৰম নহয়। ৰক্তহীনতাৰ ফলত চুলিৰ গুৰি বিলাকলৈকে পোষক তত্ব আৰু অক্সিজেনৰ পৰিবহন কমি যায় আৰু ফলস্ৰুতিত চুলি সৰা সমস্যাৰ সৃষ্টি হয় ।

*কিছুমান ঔষধৰ সেৱনৰ ফলত:- কিছুমান চিকিৎসা বা ঔষধ সেৱনৰ পাৰ্শ্চক্ৰিয়া স্বৰূপেও মানুহ এজনৰ চুলি সৰা সমস্যাৰ সৃষ্টি হব পাৰে ।যেনে – কৰ্কট ৰোগত ব্যবহৃত হোৱা বিকিৰণ, কেমো থেৰাপী, আৰ্থাটিচ, হৃদৰোগ, উচ্চ ৰক্তচাপত ব্যবহৃত কিছুমান ঔষধ, গৰ্ভনিৰিৰোধক বড়ি ইত্যাদিৰ সেৱনৰ ফলতো চুলি সৰা সমস্যাৰ সৃষ্টি হব পাৰে ।কিন্তু এইবিলাক ক্ষণস্থায়ী হয়। এই ঔষধ বা চিকিৎসা বিলাক ত্যাগ কৰাৰ লগে লগে পুনৰ চুলি গজিব আৰম্ভ হয় আৰু আগৰ অৱস্থালৈ ঘূৰি আহে।

*উফি: চুলি সৰাৰ অন্য এটা প্ৰধান সমস্যা হ’ল উফি বা dandruff। উফি কেনেকৈ হয় তাকে জানো আহক। আমাৰ দেহৰ ছালৰ দুটা তৰপ থাকে এটা হ’ ল dermis যিটো ভিতৰ ফালে থাকে আৰু epidermis যিটো বাহিৰ ফালে থাকে। Epidermis ৰ আকৌ পাঁচটা তৰপ থাকে। একেবাৰে বাহিৰৰ তৰপটোক stratum corneum বুলি কোৱা হয় আৰু একেবাৰে ভিতৰৰ তৰপটোক stratum germinatum । এই stratum germinatum ৰ কাম হ’ল কোষ বিভাজনৰ দ্বাৰা নতুন কোষ উৎপন্ন কৰা। ইয়াৰ পৰা নতুন কোষ উৎপন্ন হৈ ক্ৰমে ওপৰ ফালে গতি কৰে আৰু ওপৰৰ ফালে গতি কৰাৰ সময়ত কোষবিলাকৰ লগত কেৰাটিন নামৰ এবিধ পদাৰ্থ মিহলি হয় আৰু কেৰাটিনৰ প্ৰভাৱত ক্ৰমে কোষবিলাক কঠিন হৈ গৈ থাকে আৰু একেবাৰে ওপৰলৈ পোৱালৈকে এই কোষবোৰ মৃত কোষলৈ ৰূপান্তৰিত হয় আৰু stratum corneum তৰপটো গঠন কৰে। যদি কিবা কাৰণত stratum germinatum ত কোষ বিভাজন অধিক পৰিমাণৰ হয় আৰু খৰতকীয়া হয় সেই অনুপাতে ওপৰৰ তৰপ মানে stratum corneum লৈ অহা মৃত কোষৰ সংখ্যাও বাঢ়ি যায়। আমোদজনক কথাটো হ’ল প্ৰত্যেক দিনে আমাৰ প্ৰায় ১ গ্ৰাম মান এই মৃত কোষ আমাৰ মূৰৰ পৰা আমি গম নোপোৱাকৈ উঠি গৈ থাকে।মূৰত থকা sebaceous gland ৰ পৰা নিৰ্গত sebum বিলাকেও এই উফি হোৱাত অৰিহণা যোগায়। sebum হ’ল এবিধ তৈল পদাৰ্থ যিয়ে আমাৰ চুলিৰ গুৰিবিলাকক তৈলযুক্ত কৰি ৰাখি উফি হোৱাত বাধা প্ৰদান কৰে। যদি কিবা কাৰণত এই sebum ৰ নি:সৰন কমি যায় আমাৰ মুৰৰ চালবিলাক শুকান হৈ যায় আৰু যেতিয়া stratum corneum থকা মৃত কোষবিলাকৰ সংখ্যা স্বাভাবিকতকৈ বেছি হয় সেই কোষসমূহক আমি উফি হিচাবে দেখা পাঁও। সাধাৰণতে আমি মূৰটো চেম্পু বা কণ্ডিচনাৰেৰে মূৰ ধুই উঠি শুকোৱাৰ পিছতহে মূৰ আচুৰিলে বা গাৰুত বা কান্ধত বগা বগা উফি পৰি থকা দেখা যায়। কেতিয়াবা এই উফিৰ ফলত seborrheic dermatitis নামৰ এবিধ জটিল ৰোগ হব পাৰে।

*কিছুমান বাহ্যিক কাৰক:- কিছুমান মানুহে শাৰীৰিক বা মানসিক আঘাত পোৱাৰ কেবামাহ পিছত চুলি সৰা সমস্যাত ভূগিব পাৰে। কিন্তু এনেকুৱা চুলি সৰা সমস্যা অস্থায়ী ধৰণৰ হয়। উদাহৰণ স্বৰূপে – হঠাৎ অত্যধিক ওজন হ্ৰাস, তীব্ৰ জ্বৰ, কোনো অস্ত্ৰোপচাৰ বা পৰিয়ালৰ কোনো সদস্যৰ মৃত্যুৰ ফলত পোৱা মানসিক আঘাত ইত্যাদি কাৰকৰ প্ৰভাৱত মানুহৰ চুলি সৰা সমস্যাৰ সৃষ্টি হব পাৰে ।

*কিছুমান কেশসজ্জা (hairstyle):- কিছুমান কেশসজ্জা য’ত চুলিবিলাক টানি টানি বন্ধা হয়, চুলিত ব্যৱহাৰ কৰা ৰং, হেয়াৰ ড্ৰাইয়াৰৰ নিয়মিত ব্যৱহাৰ ইত্যাদিৰ ফলত চুলিৰ অকাল পক্কতা, উফি, চুলি সৰা ইত্যাদি সমস্যাৰ সৃষ্টি হব পাৰে আৰু কেতিয়াবা চুলি স্থায়ী ভাৱে সৰি নহোৱা হব পাৰে।

*অত্যধিক মানসিক চাপত থকাৰ ফলতো মানুহ এজনৰ চুলি সৰা সমস্যাৰ সৃষ্টি হব লগা।

#চুলি সৰা বন্ধৰ বাবে লব লগীয়া সাৱধানতা :-

*যথেষ্ট পৰিমাণে পানী সেৱন কৰিব লাগে ।

*পুষ্টিকৰ আহাৰ গ্ৰহণ কৰিব লাগে।

*ভিটামিন চি আৰু ই যুক্ত খাদ্য যেনে – আমলখি, জলফাই, চালাদ ইত্যাদিৰ সেৱন কৰিব লাগে ।

*দৈনিক ৬-৮ ঘণ্টা শুৱ লাগে ।

*মানসিক চাপ পৰিহাৰ কৰিব লাগে।

*চুলিত ৰাসায়নিক পদাৰ্থ যুক্ত চেম্পু, কণ্ডিচনাৰ ইত্যাদি ব্যৱহাৰ নকৰি হাৰ্বেল চেম্পু ব্যৱহাৰ কৰা উচিত।

*গৰিষ্ঠ আৰু বাহী ভোজন, বিৰুদ্ধ আহাৰ সেৱন কৰিব নালাগে।

#চুলি সৰা প্ৰতিৰোধৰ বাবে ঘৰুৱা বিধান-

*নাৰিকলৰ তেল গৰম কৰি চুলিৰ গুড়িত লগাই মালিচ কৰি এঘন্টা পিছত ধুই দিব লাগে। নাইবা নাৰিকল ৰুকি তাৰ পৰা গাখীৰ উলিয়াই চুলি সৰা বা টকলা হোৱা ঠাইত লগাই গোটেই ৰাতি থৈ দিব লাগে আৰু ৰাতিপুৱা ধুই দিব লাগে।

*পিয়াঁজত যথেষ্ট পৰিমাণৰ ছালফাৰ থাকে আৰু এই ছালফাৰে আমাৰ চুলিৰ বৃদ্ধি আৰু বিকাশত সহায় কৰে। পিয়াঁজৰ ৰস চুলিৰ গুড়িত লগাই পোন্ধৰ মিনিট পিছত কোনো হাৰ্বেল চেম্পুৰে ধুই দিব লাগে। ইয়াক সপ্তাহত দুবাৰ লগাব লাগে।

*পিয়াঁজৰ নিচিনা নহৰুতো যথেষ্ট পৰিমাণে ছালফাৰ থাকে। সেয়েহে নহৰুক পৰম্পৰাগত চুলি সৰাৰ ঔষধ প্ৰস্তুত কৰাত ব্যবহাৰ কৰা হয়।

*হেনা- ইয়াক প্ৰাকৃতিক চুলিৰ ৰং বা কণ্ডিচনাৰ হিচাপে ব্যৱহাৰ কৰা হয় যদিও হেনা ব্যৱহাৰৰ ফলত চুলিৰ গুৰি বিলাকো মজবুত হয়।প্ৰয়োগ বিধি- ২৫০ মিলি লিটাৰ মিঠাতেল লৈ তাত ৬০ গ্ৰাম বিশুদ্ধ আৰু শুকান হেনা পাউদাৰ মিহলাই উতলাব লাগে আৰু মিশ্ৰণটো চেকি লব লাগে। চেকি লোৱা মিশ্ৰণটো চুলিৰ গুৰিত লগাব লাগে। বাকীখিনি এটা বায়ু ৰুদ্ধ পাত্ৰট নিয়মিত ব্যৱহাৰৰ বাবে ৰাখি দিব লাগে। হেনা পাউদাৰক দৈৰ লগত মিহলাই পেষ্ট বনাইও চুলিত লগাব পাৰি আৰু লগাই উঠি এঘন্টা পিছত চুলিখিনি ধুই দিব লাগে।

*জবা ফুলেও আমাৰ চুলি সৰা সমস্যা দূৰ কৰাত সহায় কৰে। কেটামান জবা ফুল পিহি পেলাই তিল বা নাৰিকল তেলৰ লগত মিহলাই পেষ্ট বনাই মূৰত লগাই কেইঘন্টামান পিছত ধুই দিব লাগে।

*আমলখি – চুলি সৰা সমস্যাত ভূগি থকা ৰোগীৰ বাবে আমলখি বৰদান স্বৰূপ। কাৰণ আমলখিত যথেষ্ট পৰিমাণে ভিটামিন চি আৰু এণ্টি-অক্সিডেণ্ট থাকে যিয়ে চুলি গজাত সহায় কৰে। আমলখি ৰস বা চূৰ্ণ নেমুৰ ৰসৰ লগত মিহলাই চুলিৰ গুৰিত লগাই শুকান হব দিব লাগে আৰু শুকোৱাৰ পিছত কুহুমীয়া গৰম পানীৰে ধুই দিব লাগে।

*কণী :- কণীত যথেষ্ঠ পৰিমাণে ছালফাৰ, ফছফৰাছ, চেলেনিয়াম, জিংক আৰু প্ৰটিন থাকে যিয়ে চুলি পুনৰ গজাত সহায় কৰে। কণীৰ বগা অংশ উলিয়াই লৈ এচামুচ olive oil ৰ লগত মিহলাই লৈ পেষ্ট বনাবৰ বাবে কিছু পৰিমাণে বীট মিহলাই গোটেই মূৰটোত লগাই ১৫-২০ পিছত ঠাণ্ডা পানীৰে ধুই দিব লাগে আৰু লগতে এটা হাৰ্বেল চেম্পুও ব্যৱহাৰ কৰিব লাগে।

*দৈ : ২৫০ গ্ৰাম দৈৰ লগত ১০ গ্ৰাম গুড় মিহলাই চুলি ধুলে বা অকল নেমুৰ ৰসেৰে চুলি ধুলে চুলিৰ উফি নোহোৱা হয়।

#আয়ুৰ্বেদিক চিকিৎসা :- চিকিৎসা আৰম্ভ কৰাৰ আগতে চুলি সৰা সমস্যাৰ কাৰণটো জানি লোৱা দৰকাৰ। আয়ুৰ্বেদীক চিকিৎসা পদ্ধতিত দুই ধৰণৰ পদক্ষেপ লোৱা হয়। আভ্যন্তৰীণ পদক্ষেপ হিচাবে কিছুমান ঔষধ সেৱন কৰিব দিয়া হয়। যেনে – আইৰণৰ  অভাৱ দূৰ কৰিবলৈ অভ্ৰক ভস্ম ব্যৱহাৰ কৰা হয়।ইয়াৰ লগত ভিটামিন চি আৰু এণ্টি-অক্সিডেণ্ট হিচাপে আমলখি ব্যৱহাৰ কৰিব পাৰি। কেলছিয়ামৰ অভাৱ দূৰি কৰাৰ বাবে মতি পিষ্টি, প্ৰবাল পিষ্টিৰ প্ৰয়োগ কৰা হয়। মূৰত ৰক্তসঞ্চালন বৃদ্ধি কৰাৰ বাবে যাতে মূৰৰ কোষবোৰে ভালদৰে পুষ্টি লাভ কৰে অৰ্জুন ছালৰ প্ৰয়োগ কৰা হয়।

 বাহ্যিক চিকিৎসা হিচাবে বিভিন্ন ধৰণৰ তেল যেনে – মহাভৃংগৰাজ তেলৰ ব্যৱহাৰ কৰা হয়। আমলা, ৰিঠা, চিকাকাইৰ চূৰ্ণ বনাই তাক চেম্পু হিচাবে ব্যৱহাৰ কৰিব পাৰি।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: চুলি সৰা সমস্যা
Anjan Sarma

Anjan Sarma

Related Posts

The fountain of youth
Lifestyle

The fountain of youth

by Angshuman Dutta
July 7, 2026
0

The fountain of youth Angshuman Dutta Do you want to get older? I am sure we all want to hold...

Read moreDetails
Poisoned Plates, Silent Health Department & Administration: Assam’s Growing Food Safety Disaster

Poisoned Plates, Silent Health Department & Administration: Assam’s Growing Food Safety Disaster

June 30, 2026
Millets: Rediscovering the Super Food!

Millets: Rediscovering the Super Food!

June 30, 2026
Badimalika: Journey to the Mystical Green Meadows of Far-West Nepal

Badimalika: Journey to the Mystical Green Meadows of Far-West Nepal

June 29, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

June 26, 2026
From New York to Europe to Malaysia: a new generation of food policies is ready for adoption

From New York to Europe to Malaysia: a new generation of food policies is ready for adoption

June 14, 2026
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d