• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Saturday, May 16, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

চেনি

-অৰবিন্দ ৰাভা

by Anjan Sarma
June 19, 2021
in Special Report
Reading Time: 1 min read
0
white icing covered cake in bokeh photography

Photo by Dmitry Zvolskiy on Pexels.com

Share on FacebookShare on TwitterShare on LinkedIn

RelatedPosts

ৰঘু ৰায় : কেমেৰাৰ লেন্সেৰে কাহিনী লিখা মানুহজন

ৰঘু ৰায় : কেমেৰাৰ লেন্সেৰে কাহিনী লিখা মানুহজন

May 12, 2026
Legal profession takes a heavier toll on Female Advocates

Legal profession takes a heavier toll on Female Advocates

May 10, 2026
Will AI Steal Your Job – or Build You a Better One? India’s Workforce Stands at a Historic Crossroads

Will AI Steal Your Job – or Build You a Better One? India’s Workforce Stands at a Historic Crossroads

May 10, 2026

-অৰবিন্দ ৰাভা |

কেৱলমাত্ৰ অতিৰিক্ত চেনি খাই বিশ্বত বছৰি মৃত্যুমুখত পৰে ৩.৫ কোটি মানুহ !

[ সংক্ৰামক ৰোগত যিমান মানুহ আক্ৰান্ত হয়, তাতোকৈ অধিক মানুহ আক্ৰান্ত হয় চেনিৰ বিষক্ৰিয়াত]

পুষ্টিহীন কেল’ৰিযুক্ত চেনি খালে ওজন বাঢ়ে আৰু ‘ডায়েবেটিছ’ থাকিলে তাৰ প্ৰকোপ বাঢ়ে। তাৰোপৰি মাত্ৰা বৃদ্ধি হ’লে হৃদযন্ত্ৰ আৰু ‘লিভাৰ’ জখম হয়, হৰম’নৰ মাত্ৰা উঠা-নমা হয়, কোলেষ্টৰেল – ট্ৰাইগ্লিচাৰাইড বৃদ্ধি পায়, বাঢ়ে কৰ্কট ৰোগৰ আশংকা।

‘নেচাৰ’ পত্ৰিকাত প্ৰকাশিত প্ৰতিবেদনত বিজ্ঞানীসকলে জনাইছে যে অতিৰিক্ত চেনি খোৱাৰ ফলত নানা ৰোগত প্ৰতি বছৰে প্ৰায় ৩.৫ কোটি মানুহ মৃত্যুমুখত পৰে। সংক্ৰামক ৰোগত যিমান মানুহ আক্ৰান্ত হয়, তাতোকৈ অধিক মানুহ আক্ৰান্ত হয় চেনিৰ বিষক্ৰিয়াত।

বিশ্ব স্বাস্থ্য সংস্থাৰ মতে পুৰুষসকলে দিনে ৯ চামুচৰ বেছি আৰু মহিলাসকলে ৬ চামুচৰ বেছি চেনি খোৱা নিষেধ। আমেৰিকা চৰকাৰৰ ‘ডায়েটাৰি গাইড লাইন’ অনুসৰি দিনে যিমান ‘কেলৰি’ আমি গ্ৰহণ কৰো, তাৰে ১০-১৫ শতাংশৰ কম অহা উচিত চেনিৰ পৰা। কিন্তু বিভিন্ন সমীক্ষাৰ পৰা জনা গৈছে যে এই মাত্ৰা খুব কম মানুহেই মানি চলে। ১০-১৫ শতাংশ বাদেই, কেতিয়াবা ২৫ শতাংশও পাৰ হৈ যায়।

হৰমোন চিকিৎসক সতীনাথ মুখোপাধ্যায়ৰ মতে, ” কোভিডৰ যুগত ইয়াৰ প্ৰতিক্ৰিয়া কি হ’ব পাৰে, সেয়া নকলেও চলে। ওজন বাঢ়িলে, ডায়েবেটিছ – ৰক্তচাপ বাঢ়িলে, হৃদৰোগৰ আশংকা বাঢ়িলে – বৃদ্ধি পায় কোভিডৰ আশংকা আৰু জটিলতা। এনেয়েও অধিক মিঠাই খালে শৰীৰৰ প্ৰদাহৰ প্ৰৱণতা বাঢ়ি কোভিডৰ আশংকা আৰু প্ৰকোপ বাঢ়িব পাৰে। কেৱল চেনি বা মিঠাই বুলিয়েই নহয়, ‘লো – ফেট’ আৰু ‘প্ৰচেচ্ড ফুড’তো অতিৰিক্ত চেনি আৰু অন্যান্য ক্ষতিকাৰক উপাদানৰ বাবে হয় একেই বিপদ। গতিকে কোভিডৰ এই ত্ৰাসৰ সময়ত চেনি, মিঠাই, লো-ফেট তথা প্ৰচেচ্ড খাদ্য খোৱা কমাওক।”

অইন এগৰাকী পুষ্টিবিদৰ মতে,”খাদ্যক প্ৰচেচ্ কৰি অতিৰিক্ত ‘ফেট’ বাহিৰ কৰি ল’লে সেই খাদ্যৰ সোৱাদ একেবাৰে নিম্নতম হৈ পৰে। সেই সোৱাদ ওভোতাই আনিবলৈ মিহলি কৰা হয় ‘হোৱাইট চুগাৰ’, ‘ব্ৰাউন চুগাৰ’, ‘হাই ফ্ৰুকটোজ কৰ্ন চিৰাপ’, ‘অ্যগাভে নেক্টৰ’ ইত্যাদি নানা নামৰ চেনি। গতিকে ‘ফেট’ কমি গলেও ‘কেলৰি’ নকমে। বৰং পুষ্টি কমি যায়। কাৰণ সকলো প্ৰকাৰৰ ‘ফেট’ চেনিৰ দৰে ক্ষতিকৰ নহয়। ভাল ‘ফেট’ৰ অস্তিত্বও আছে। তেনে ‘ফেট’ নাইকীয়া হ’লেও বহুত ক্ষতি সাধন হয়। ‘লো-ফেট’ খাদ্য খালে শীঘ্ৰেই ভোক লাগে। গতিকে ওজন বাঢ়ে। ভিটামিন এ, ডি, ই, কে – এইবোৰৰ অভাৱ হ’ব পাৰে। কোলেষ্টৰলৰ অভাৱ হ’ব পাৰে। বাঢ়িব পাৰে হৃদৰোগৰ আশংকা।”

চেনিৰ দ্বাৰা হৃদৰোগৰ প্ৰৱণতা বাঢ়ি যায়। প্ৰচেচ্ড খাদ্যত থাকে প্ৰচুৰ চেনি, লাগিলে সেই খাদ্য মিঠা হওক বা নহওক। যেনে, কৰ্ণফ্লেক্স, পাওৰুটি, বিস্কুট, মেয়’নিজ আৰু অইন চালাড ড্ৰেচিং ইত্যাদি। পেকেটৰ ফলৰ ৰস, বিয়াৰ, চচ্, কেচ্ছাপ, কেন্ডি, নৰম পানীয় ইত্যাদিৰো একেই অৱস্থা। কোভিডৰ জয়জয় ময়ময় দিনত এনেবোৰ খাদ্য বৰ্জন কৰিলে মঙ্গল।

আকৌ, চেনিৰ সলনি কৃত্ৰিম চেনি বা আচ্পাৰটেম খাব নালাগে। কাৰণ তাৰফলত যে ওজন কমিব, তেনে কোনো নিশ্চয়তা নাই। বিভিন্ন সমীক্ষাত বৰং ওলোটা কথাহে প্ৰমাণিত হৈছে। ইয়াৰ লগতে মাইগ্ৰেন, দৃষ্টিশক্তিৰ সমস্যা, বমি, বমিৰ ভাব, টোপনিৰ সমস্যা, পেটৰ বিষ, শৰীৰৰ বিভিন্ন সন্ধিত বিষ, মানসিক অৱসাদ, আনকি মগজুৰ কৰ্কট ৰোগৰ আশংকাও বাঢ়িব পাৰে। অৰ্থাৎ চেনিতকৈও ক্ষতিকাৰক।

তেন্তে? উপায় আছে। ভিটামিন – মিনাৰেল আদিৰে ভৰপূৰ প্ৰাকৃতিক চেনি খাওক। যেনে গুড়, কুঁহিয়াৰৰ ৰস, নাৰিকলৰ চেনি, খেজুৰ, কিচমিচ, অইন শুকান বা সতেজ ফল। কিন্তু কেলৰি অধিক হেতুকে অধিক পৰিমাণে নাখাব। কিন্তু চেনিৰ মূল কুঁহিয়াৰ বা কুঁহিয়াৰৰ পৰাই উৎপাদিত গুড় কিদৰে গ্ৰহণীয়? ঠিকেই ভাবিছে। অধিকাংশ ক্ষেত্ৰত কুঁহিয়াৰৰ ৰসৰ পৰাই চেনি উৎপাদন কৰা হ’লেও উৎপাদনৰ সময়ত এনে প্ৰক্ৰিয়াৰ মাজেৰে লৈ যোৱা হয় যে এহাতে গুণবোৰ শেষ হৈ যায়, আৰু আনহাতে চালফাৰ ডাই-অক্সাইড নামৰ এক ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ আহি তাত মিহলি হয়। ইয়াৰ ফলত শ্বাসকষ্ট বাঢ়িব পাৰে। আন্তৰ্জাতিক হিচাব অনুযায়ী চেনিত চালফাৰ ডাই-অক্সাইড যি মাত্ৰাত থাকিব লাগে, ভাৰতত থাকে প্ৰায় ৭ গুণ বেছি। গতিকে চেনিৰ পৰা সাৱধান ! [ আনন্দবাজাৰ পত্ৰিকাৰ সৌজন্যত ]

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: চেনিডায়েবেটিছ
Anjan Sarma

Anjan Sarma

Related Posts

ৰঘু ৰায় : কেমেৰাৰ লেন্সেৰে কাহিনী লিখা মানুহজন
Inspiration

ৰঘু ৰায় : কেমেৰাৰ লেন্সেৰে কাহিনী লিখা মানুহজন

by JOYSHREE SAIKIA
May 12, 2026
0

ৰঘু ৰায় : কেমেৰাৰ লেন্সেৰে কাহিনী লিখা মানুহজন জয়শ্ৰী শইকীয়া কলমেৰে কাহিনী লিখাৰ বিপৰীতে এচাম মানুহে কাহিনী ক'বলৈ ব্যৱহাৰ কৰে...

Read moreDetails
Legal profession takes a heavier toll on Female Advocates

Legal profession takes a heavier toll on Female Advocates

May 10, 2026
Will AI Steal Your Job – or Build You a Better One? India’s Workforce Stands at a Historic Crossroads

Will AI Steal Your Job – or Build You a Better One? India’s Workforce Stands at a Historic Crossroads

May 10, 2026
Sangken Festival: The Tai New Year’s Sacred Splash

Sangken Festival: The Tai New Year’s Sacred Splash

May 9, 2026
FROM CURIOSITY TO COMPULSION: THE DOOMSCROLL ERA

FROM CURIOSITY TO COMPULSION: THE DOOMSCROLL ERA

May 6, 2026
backview of sad child waiting on a glass window

শিশু সকলৰ মানসিক অৱস্থাৰ খবৰ ৰাখিছোনে? 

May 3, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Eighteen Dead Elephants – One Explanation – Many Unanswered Questions

Eighteen Dead Elephants – One Explanation – Many Unanswered Questions

May 15, 2026
গছে সলায় পাত, পক্ষীয়ে লগায় মাত

গছে সলায় পাত, পক্ষীয়ে লগায় মাত

May 14, 2026
Extreme Heatwave Continue to Cripple Lives, Peaks at 50 degrees C

The Human Cost of Climate Change: Pollution, Heatwaves, Hunger, and Survival Stories

May 14, 2026
Brahmaputra Underwater Tunnel: India’s First Sub-River Roadway to Transform Northeast Connectivity

THE HISTORY OF BRIDGES OVER THE MIGHTY BRAHMAPUTRA

May 14, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    32265 shares
    Share 12906 Tweet 8066
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    13962 shares
    Share 5585 Tweet 3491
  • NEHU Shillong Hosts Historic Global Plant Humanities Summit as Scholars from Across the World Reimagine Humanity’s Bond with Nature

    269 shares
    Share 108 Tweet 67
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3712 shares
    Share 1485 Tweet 928
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6522 shares
    Share 2609 Tweet 1631
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

    927 shares
    Share 371 Tweet 232
  • Love in the Age of Ghosting and Situationships

    83 shares
    Share 33 Tweet 21
  • Guwahati Flood Crisis: How City Is Sinking Under Decades of Urban Neglect

    78 shares
    Share 31 Tweet 20
  • Assam Crisis : How Melting Glaciers, Rising Seas & Decades of Political Neglect Are Threatening Indigenous Communities

    74 shares
    Share 30 Tweet 19
  • The Oxfam Report, 2021: India’s Health Inequality & Covid-19

    218 shares
    Share 87 Tweet 55
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d