-অৰবিন্দ ৰাভা |
কেৱলমাত্ৰ অতিৰিক্ত চেনি খাই বিশ্বত বছৰি মৃত্যুমুখত পৰে ৩.৫ কোটি মানুহ !
[ সংক্ৰামক ৰোগত যিমান মানুহ আক্ৰান্ত হয়, তাতোকৈ অধিক মানুহ আক্ৰান্ত হয় চেনিৰ বিষক্ৰিয়াত]
পুষ্টিহীন কেল’ৰিযুক্ত চেনি খালে ওজন বাঢ়ে আৰু ‘ডায়েবেটিছ’ থাকিলে তাৰ প্ৰকোপ বাঢ়ে। তাৰোপৰি মাত্ৰা বৃদ্ধি হ’লে হৃদযন্ত্ৰ আৰু ‘লিভাৰ’ জখম হয়, হৰম’নৰ মাত্ৰা উঠা-নমা হয়, কোলেষ্টৰেল – ট্ৰাইগ্লিচাৰাইড বৃদ্ধি পায়, বাঢ়ে কৰ্কট ৰোগৰ আশংকা।
‘নেচাৰ’ পত্ৰিকাত প্ৰকাশিত প্ৰতিবেদনত বিজ্ঞানীসকলে জনাইছে যে অতিৰিক্ত চেনি খোৱাৰ ফলত নানা ৰোগত প্ৰতি বছৰে প্ৰায় ৩.৫ কোটি মানুহ মৃত্যুমুখত পৰে। সংক্ৰামক ৰোগত যিমান মানুহ আক্ৰান্ত হয়, তাতোকৈ অধিক মানুহ আক্ৰান্ত হয় চেনিৰ বিষক্ৰিয়াত।
বিশ্ব স্বাস্থ্য সংস্থাৰ মতে পুৰুষসকলে দিনে ৯ চামুচৰ বেছি আৰু মহিলাসকলে ৬ চামুচৰ বেছি চেনি খোৱা নিষেধ। আমেৰিকা চৰকাৰৰ ‘ডায়েটাৰি গাইড লাইন’ অনুসৰি দিনে যিমান ‘কেলৰি’ আমি গ্ৰহণ কৰো, তাৰে ১০-১৫ শতাংশৰ কম অহা উচিত চেনিৰ পৰা। কিন্তু বিভিন্ন সমীক্ষাৰ পৰা জনা গৈছে যে এই মাত্ৰা খুব কম মানুহেই মানি চলে। ১০-১৫ শতাংশ বাদেই, কেতিয়াবা ২৫ শতাংশও পাৰ হৈ যায়।
হৰমোন চিকিৎসক সতীনাথ মুখোপাধ্যায়ৰ মতে, ” কোভিডৰ যুগত ইয়াৰ প্ৰতিক্ৰিয়া কি হ’ব পাৰে, সেয়া নকলেও চলে। ওজন বাঢ়িলে, ডায়েবেটিছ – ৰক্তচাপ বাঢ়িলে, হৃদৰোগৰ আশংকা বাঢ়িলে – বৃদ্ধি পায় কোভিডৰ আশংকা আৰু জটিলতা। এনেয়েও অধিক মিঠাই খালে শৰীৰৰ প্ৰদাহৰ প্ৰৱণতা বাঢ়ি কোভিডৰ আশংকা আৰু প্ৰকোপ বাঢ়িব পাৰে। কেৱল চেনি বা মিঠাই বুলিয়েই নহয়, ‘লো – ফেট’ আৰু ‘প্ৰচেচ্ড ফুড’তো অতিৰিক্ত চেনি আৰু অন্যান্য ক্ষতিকাৰক উপাদানৰ বাবে হয় একেই বিপদ। গতিকে কোভিডৰ এই ত্ৰাসৰ সময়ত চেনি, মিঠাই, লো-ফেট তথা প্ৰচেচ্ড খাদ্য খোৱা কমাওক।”
অইন এগৰাকী পুষ্টিবিদৰ মতে,”খাদ্যক প্ৰচেচ্ কৰি অতিৰিক্ত ‘ফেট’ বাহিৰ কৰি ল’লে সেই খাদ্যৰ সোৱাদ একেবাৰে নিম্নতম হৈ পৰে। সেই সোৱাদ ওভোতাই আনিবলৈ মিহলি কৰা হয় ‘হোৱাইট চুগাৰ’, ‘ব্ৰাউন চুগাৰ’, ‘হাই ফ্ৰুকটোজ কৰ্ন চিৰাপ’, ‘অ্যগাভে নেক্টৰ’ ইত্যাদি নানা নামৰ চেনি। গতিকে ‘ফেট’ কমি গলেও ‘কেলৰি’ নকমে। বৰং পুষ্টি কমি যায়। কাৰণ সকলো প্ৰকাৰৰ ‘ফেট’ চেনিৰ দৰে ক্ষতিকৰ নহয়। ভাল ‘ফেট’ৰ অস্তিত্বও আছে। তেনে ‘ফেট’ নাইকীয়া হ’লেও বহুত ক্ষতি সাধন হয়। ‘লো-ফেট’ খাদ্য খালে শীঘ্ৰেই ভোক লাগে। গতিকে ওজন বাঢ়ে। ভিটামিন এ, ডি, ই, কে – এইবোৰৰ অভাৱ হ’ব পাৰে। কোলেষ্টৰলৰ অভাৱ হ’ব পাৰে। বাঢ়িব পাৰে হৃদৰোগৰ আশংকা।”
চেনিৰ দ্বাৰা হৃদৰোগৰ প্ৰৱণতা বাঢ়ি যায়। প্ৰচেচ্ড খাদ্যত থাকে প্ৰচুৰ চেনি, লাগিলে সেই খাদ্য মিঠা হওক বা নহওক। যেনে, কৰ্ণফ্লেক্স, পাওৰুটি, বিস্কুট, মেয়’নিজ আৰু অইন চালাড ড্ৰেচিং ইত্যাদি। পেকেটৰ ফলৰ ৰস, বিয়াৰ, চচ্, কেচ্ছাপ, কেন্ডি, নৰম পানীয় ইত্যাদিৰো একেই অৱস্থা। কোভিডৰ জয়জয় ময়ময় দিনত এনেবোৰ খাদ্য বৰ্জন কৰিলে মঙ্গল।
আকৌ, চেনিৰ সলনি কৃত্ৰিম চেনি বা আচ্পাৰটেম খাব নালাগে। কাৰণ তাৰফলত যে ওজন কমিব, তেনে কোনো নিশ্চয়তা নাই। বিভিন্ন সমীক্ষাত বৰং ওলোটা কথাহে প্ৰমাণিত হৈছে। ইয়াৰ লগতে মাইগ্ৰেন, দৃষ্টিশক্তিৰ সমস্যা, বমি, বমিৰ ভাব, টোপনিৰ সমস্যা, পেটৰ বিষ, শৰীৰৰ বিভিন্ন সন্ধিত বিষ, মানসিক অৱসাদ, আনকি মগজুৰ কৰ্কট ৰোগৰ আশংকাও বাঢ়িব পাৰে। অৰ্থাৎ চেনিতকৈও ক্ষতিকাৰক।
তেন্তে? উপায় আছে। ভিটামিন – মিনাৰেল আদিৰে ভৰপূৰ প্ৰাকৃতিক চেনি খাওক। যেনে গুড়, কুঁহিয়াৰৰ ৰস, নাৰিকলৰ চেনি, খেজুৰ, কিচমিচ, অইন শুকান বা সতেজ ফল। কিন্তু কেলৰি অধিক হেতুকে অধিক পৰিমাণে নাখাব। কিন্তু চেনিৰ মূল কুঁহিয়াৰ বা কুঁহিয়াৰৰ পৰাই উৎপাদিত গুড় কিদৰে গ্ৰহণীয়? ঠিকেই ভাবিছে। অধিকাংশ ক্ষেত্ৰত কুঁহিয়াৰৰ ৰসৰ পৰাই চেনি উৎপাদন কৰা হ’লেও উৎপাদনৰ সময়ত এনে প্ৰক্ৰিয়াৰ মাজেৰে লৈ যোৱা হয় যে এহাতে গুণবোৰ শেষ হৈ যায়, আৰু আনহাতে চালফাৰ ডাই-অক্সাইড নামৰ এক ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ আহি তাত মিহলি হয়। ইয়াৰ ফলত শ্বাসকষ্ট বাঢ়িব পাৰে। আন্তৰ্জাতিক হিচাব অনুযায়ী চেনিত চালফাৰ ডাই-অক্সাইড যি মাত্ৰাত থাকিব লাগে, ভাৰতত থাকে প্ৰায় ৭ গুণ বেছি। গতিকে চেনিৰ পৰা সাৱধান ! [ আনন্দবাজাৰ পত্ৰিকাৰ সৌজন্যত ]