– অঞ্জন শৰ্মা
চেন্ট্ৰেল ভিস্টা!
বিমুদ্ৰাকৰণৰ শোচনীয় ফলাফল, জি-এছ-টিৰ দ্বাৰা হোৱা অমঙ্গল, ‘স্মাৰ্ট চিটি’ৰ নামত ভেকো-ভাওনা, প্ৰত্যেকৰে একাউণ্টত ১৫ লাখ টকাকৈ ভৰাই দিব বুলি আশা দি কৰা প্ৰতাৰণা, কোটি কোটি নিবনুৱা, প্ৰথম পৰ্যায়ৰ আৰু দ্বিতীয় পৰ্যায়ৰ কৰ’নাৰ কালান্তক পৰিস্থিতিৰ সন্মুখীন হৈ মোকাবিলা কৰাৰ ক্ষেত্ৰত চৰম ব্যৰ্থতা, লক-ডাউনৰ নামত কোটি মানুহৰ জীৱন-যাপনৰ পথ অৱৰূদ্ধ কৰা, শ্ৰমিক-কৃষকৰ লাওলোৱা অৱস্থা, মেক-ইন-ইন্ডিয়া/ষ্টেন্ড আপ ইন্ডিয়া আদি নৌটংকী, জি-ডি-পিৰ পাতাললোকলৈ যাত্ৰা, অসমৰ পৰা বাংলাদেশীক টালি-টোপোলা বান্ধি বিদায় দিয়া হ’ব বুলি ঘোষণা কৰি “কা” জাপি দিয়া, ‘নমামি গঙ্গে’ৰ বক্ষৰে শত শত মৃতদেহ উটি যোৱা পৰিস্থিতি হোৱাৰ পিছতো নাও বুৰিলেও টিঙৰ পৰা ননমা মানসিকতা, সাম্প্ৰদায়িক চিন্তাৰে মানুহৰ মন-মগজু বিষাক্ত কৰি তোলা, নতুন দিল্লীৰ ৰাজপথত মাহৰ পিছত মাহ ধৰি থাকি প্ৰতিবাদ কৰি থকা হাজাৰ হাজাৰ খেতিয়কক বৃদ্ধাঙ্গুষ্ঠ প্ৰদৰ্শন কৰা, ৰাজহুৱা সম্পত্তি এটাৰ পিছত এটাকৈ বিক্ৰী কৰা, ইত্যাদি….এনে অগণন কাৰ্য সংঘটিত হোৱাৰ পিছতো টোগলকৰ মানসিকতা একেই আছে, আৰু তাৰেই অইন এক নিদৰ্শন হিচাপে বহুতেই আঙুলিয়াই দিছে ‘চেন্ট্ৰেল ভিষ্টা’লৈ!
হয়! ইমান শোচনীয় অৱস্থা, তদ্সত্বেও চেন্ট্ৰেল ভিষ্টা কিয়? কৰ’নাৰ ভয়াবহ দিনটো নেওচি, ভেকচিন-অক্সিজেনলৈ পিঠি দি, শ্মশানত খৰি যোগান নধৰি, নিবনুৱা সমস্যা সমাধান কৰিবলৈ যত্ন নকৰি, উদ্যোগৰ বন্ধ হৈ যোৱা চকা ঘূৰাবলৈ প্ৰয়াস নকৰি, চেন্ট্ৰেল ভিষ্টা কিয়!
ইতিহাস সচেতন বহুতেই চেন্ট্ৰেল ভিস্টা নিৰ্মাণৰ ক্ষেত্ৰত আপত্তি দৰ্শাইছে। বিভিন্ন জনে বিভিন্ন যুক্তি ডাঙি ধৰিছে। কিন্তু বহু ঐতিহাসিক ভৱনত হাতুৰীৰ কোবৰ শব্দৰ প্ৰকোপ বৃদ্ধি হে হৈছে তথা সময়ৰ আগতেই চেন্ট্ৰেল ভিস্টাৰ কাম সমাপ্ত কৰিবলৈ নৰেন্দ্ৰ মোদী তৎপৰ হৈ পৰিছে। কিহৰ বাবে? নিৰ্মাণ কাৰ্য্যৰ দ্বাৰা চিৰদিনলৈ সকলোৰে মানসপটত ৰৈ যোৱাৰ চেষ্টা নে অইন কিবা?
প্ৰকৃততে কিন্তু চিন্তাৰ যিটো মূল কাৰণ হ’ব লাগিছিল, নেদেখাজনৰ কৃপাত সেই কাৰণটো যেন বহুতৰে ক্ষেত্ৰত অদৃশ্য হৈ আছে। সেই কাৰণটো হ’ল – ‘নতুন সংসদ ভৱন’! নতুন সংসদ ভৱন নিৰ্মাণ হৈ আছে, যিহেতু অদূৰ ভৱিষ্যতে ভাৰতৰ সংসদ-সদস্য বৃদ্ধি পাব। দেখাত একেবাৰে নীৰিহ কথা; কিন্তু এই কাৰ্যাৰ অন্তৰালত যি ঘটনাই ক্ৰিয়া কৰি আছে, তাৰফলত তুলনামূলকভাৱে উত্তৰ ভাৰতৰ গো-বলয়ৰ প্ৰতিনিধিত্বই ভাৰতৰ অইন সৰু সৰু তথা প্ৰগতিশীল ৰাজ্যসমূহৰ অধিকাৰ একেবাৰে খৰ্ব কৰি পেলাব। সেইবাবেই ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ আগতেই চেন্ট্ৰেল ভিস্টাৰ কাম শেষ হোৱাটো বিচাৰিছে বিজেপি-এ; কাৰণ তাৰে অন্তৰালত আছে হিন্দু জাতীয়তাবাদী পৰিকল্পনা!
সংবিধানৰ ৮১ অনুচ্ছেদৰ ২(ক) উপধাৰা অনুসৰি- ” (লোকসভাত) প্ৰত্যেক ৰাজ্যৰ বাবে প্ৰদত্ত হ’ব সিমান সংখ্যক আসন – যি সংখ্যা সেই ৰাজ্যৰ জনসংখ্যাৰ এক অনুপাত অনুসৰি নিৰ্দিষ্ট হ’ব, আৰু সেই অনুপাত যিমান দূৰ সম্ভৱ – সকলো ৰাজ্যৰ বাবে সমান হ’ব।” অৰ্থাৎ, সংবিধানে বিচাৰিছে সমানুপাতিক প্ৰতিনিধিত্ব আৰু সেইবাবে প্ৰয়োজন হ’ব জনসংখ্যাৰ হ্ৰাস-বৃদ্ধিৰ সৈতে তাল মিলাই লোকসভাৰ বাবে ৰাজ্যসমূহৰ আসনৰ সংখ্যা পুনৰ ধাৰ্যকৰণ। সংবিধানৰ ৮২ নং অনুচ্ছেদ-এ কৈছে যে প্ৰতি দশকত কৰা পিয়ল অনুসৰি ধাৰ্য কৰা হ’ব লোকসভাত ৰাজ্যবোৰৰ আসনৰ সংখ্যা। এতিয়া এই সম্পৰ্কে বিশেষজ্ঞৰ মতামত এনেধৰণৰ – এনেবোৰ বিষয় মুখেৰে কোৱা যিমান উজু, কাৰ্যত পৰিণত কৰা সিমান কঠিন। এই সম্পৰ্কে সুমিত মিত্ৰই লিখিছে – দুই বৃহৎ ৰাজ্য উত্তৰপ্ৰদেশ আৰু বিহাৰত হৈ থকা অবিৰল জন-বিষ্ফোৰণ যদি লোকসভাৰ আসনৰ ক্ষেত্ৰত প্ৰতিফলিত হয়, অইন ৰাজ্যৰ বাবে সেয়া কাম্য নহ’বও পাৰে। কাৰণ তেনে কাৰ্যই গণতন্ত্ৰক সংখ্যা-গুৰুবাদৰ ফালে ঠেলি দিব পাৰে – যি সম্পৰ্কে চল্লিছৰ দশকৰ সংবিধান প্ৰণেতাসকলে চিন্তা কৰাই নাছিল। লোকসভাৰ আসনৰ আৱন্টনৰ ক্ষেত্ৰত ১৯৭১ চনৰ লোকপিয়ল ব্যৱহৃত হোৱা কথা আছিল ১৯৭৬ চনৰ পূৰ্বনিৰ্ধাৰিত সাধাৰণ নিৰ্বাচনৰ বাবে, কিন্তু ১৯৭৫ চনত ইন্দিৰা গান্ধীয়ে জাৰি কৰা জৰুৰীকালীন অৱস্থাৰ বাবে সেয়া সম্ভৱ নহ’ল তথা ইন্দিৰা গান্ধীৰ পুত্ৰ সঞ্জয় গান্ধীৰ নেতৃত্বত চৰকাৰী জন্ম-নিয়ন্ত্ৰণ প্ৰকল্প যুদ্ধকালীন তৎপৰতাৰে আৰম্ভ কৰা হয়। যিবোৰ ৰাজ্য জন্ম-নিয়ন্ত্ৰণৰ বিৰোধী আছিল, সেই ৰাজ্যবোৰৰ প্ৰতিনিধিত্ব বৃদ্ধি কৰাৰ ক্ষেত্ৰত ইন্দিৰা গান্ধীৰ আপত্তি আছিল। গতিকে ১৯৭৬ চনত সংবিধান সংশোধন কৰা হৈছিল আৰু কোৱা হৈছিল যে আসন পুনৰ্বন্টন এতিয়া নহ’ব – ২০০১ চনৰ লোকপিয়ল অনুসৰি হ’ব।
কিন্তু সেয়াও সম্ভৱ নহ’ল আৰু ২০০২ চনত ৮৪ তম সংবিধান সংশোধন কৰি কোৱা হ’ল যে আসন-বন্টন কৰা হ’ব ২০২৬ চনৰ নিৰ্বাচনৰ পিছত পৰৱৰ্তী দহবছৰৰ লোকপিয়ল (২০৩১ চনৰ) অনুসৰি। কিন্তু ইয়াৰ মাজতে দক্ষিণৰ তামিলনাডু, কেৰেলা, উত্তৰৰ পঞ্জাৱ আদিৰ লগত কোনো সঙ্গতি নোহোৱাকৈ গো-বলয়ৰ জনসংখ্যা বৃদ্ধি হৈয়েই আছে। সম্প্ৰতি কাৰ্নেগি এনডাওমেন্টৰ এগৰাকী সমাজ বিজ্ঞানী মিলন বৈষ্ণৱ তথা তেওঁৰ এজন সহকৰ্মীয়ে এক গৱেষণামূলক প্ৰৱন্ধৰ জৰিয়তে ডাঙি ধৰিছে যে যদি ২০২৬ চনৰ জনসংখ্যাৰ সমানুপাতিক হাৰত লোকসভাৰ আসন-বন্টন কৰা হয় – তেনে ক্ষেত্ৰত কেৰেলাৰ বৰ্তমানৰ আসন ২০ খনৰ সলনি হৈ পৰিব ১২ খন! তামিলনাডুৰ বৰ্তমানৰ ৩৯ খন হৈ পৰিব ৩১খন! পশ্চিমবঙ্গৰ বৰ্তমানৰ আসন ৪২ খন হৈ পৰিব ৩৮খন! উত্তৰপ্ৰদেশৰ বৰ্তমানৰ ৮০ খন হৈ পৰিব ৯খন১ আৰু বিহাৰৰ ৪০ খন হৈ পৰিব ৫০খন! বৈষ্ণৱ ডাঙৰীয়াৰ মতে কোনো ৰাজ্যই নিজৰ আসনৰ সংখ্যা কম হোৱাটো নিবিচাৰিব। গতিকে, তেওঁৰ মতে কোনো ৰাজ্যৰ আসনৰ সংখ্যা হ্ৰাস নকৰি ২০২৬ চনৰ সম্ভাৱ্য জনসংখ্যাৰ অনুপাতে যদি তাৰ মিলাই আসন বৃদ্ধি কৰা হয় – তেনে ক্ষেত্ৰত উত্তৰপ্ৰদেশৰ পৰা নিৰ্বাচিত হ’ব ১৪৩ জন আৰু বিহাৰৰ পৰা ৭৯ জন! তথা, তেনেদৰে আগবাঢ়িলে সেই বিচিত্ৰ লোকসভাৰ মুঠ সদস্যৰ সংখ্যা হ’ব ৮৪৮ জন!
এতিয়া বিশেষজ্ঞসকল বিপাঙত পৰিছে ইয়াকে লৈ যে তেনে নিয়ম মানি ৮৪৮ জনীয়া লোকসভা হয়তো পাটিগণিতসন্মত হ’ব, কিন্তু গণতন্ত্ৰৰ মূল চৰ্ত লংঘিত হ’ব আৰু সেইটো হ’ল সংখ্যাগুৰুৰ বাবে যেন সংখ্যালঘুৱে নিজৰ সন্মান-অধিকাৰৰ পৰা বঞ্চিত নহয়। উত্তৰপ্ৰদেশৰ ১৪৩ জনৰ সন্মুখত কিদৰে কেৰেলাৰ ২০ জনে সন্মান ৰক্ষা কৰিব পাৰিব? উত্তৰপ্ৰদেশ, বিহাৰ, মধ্যপ্ৰদেশ আদিত এতিয়াও এক বিপুল সংখ্যক জনসাধাৰণ আছে – যিসকল শিক্ষা-দীক্ষা, মানসিকতাত ভাৰতৰ অইন বহু ৰাজ্যতকৈ বহু পিছ পৰি আছে তথা এই বৃহৎসংখ্যক মানুহে মোডীৰ হিন্দু জাতীয়তাবাদী ৰাজনীতিত বিশ্বাস কৰে। সেই ৰাজনীতি মূলতঃ সংকীৰ্ণ জাতীয়তাবাদৰ প্ৰতি বিশ্বাসী, ইছলামবিৰোধী আৰু মুখেৰে স্বীকাৰ নকৰিলেও নাৰীবিদ্বেষী। আগতেও এই বৃহৎসংখ্যক মানুহে বাস কৰা ৰাজ্যসমূহ আছিল মধ্য আৰু নিম্নবৰ্গৰ জাতিভিত্তিক ৰাজনীতিৰ প্ৰসূতিগৃহ। সেইসমূহ এতিয়া হৈ পৰিছে বিজেপিৰ গণসমৰ্থনৰ উৎস। ২০১৯ চনৰ নিৰ্বাচনত বিজেপি আৰু সহযোগী দলবোৰৰ ৩৫২ খন আসনৰ ১৯৬ খন আহিছে (৫৫.৬৮%) হিন্দীভাষী ৰাজ্যৰ পৰা।
গতিকে চেন্ট্ৰেল ভিস্টাৰ প্ৰয়োজন প্ৰকৃততে নতুন সংসদ ভৱনৰ প্ৰয়োজনত! এক বৃহৎ সংসদ ভৱন নিৰ্মাণ কৰাৰ চিন্তা মোডী বাহিনীৰ মূৰত সোমাইছে এইবাবেই যে যিকোনো প্ৰকাৰে ২০২৪ চনৰ নিৰ্বাচনৰ পূৰ্বে ৰাজ্যভিত্তিক আসনৰ সংখ্যা নিৰ্দ্ধাৰণ কৰা তথা ২০৩১ চনৰ পৰিৱৰ্তে ২০২১ চনৰ লোকপিয়ল অনুসৰি কৰা! তেনে ক্ষেত্ৰত উত্তৰপ্ৰদেশৰ আসনৰ সংখ্যা ১৪৩ নহলেও ১৩০ খন হ’বই। ইয়াৰ বাবে প্ৰয়োজন হ’ব পুনৰ সংবিধান সংশোধন। বিজেপিৰ বাবে সেয়া খুব অসম্ভৱ নহয়। গতিকে গো-বলয়ৰ শাসন অনিবাৰ্য কৰিবলৈ আৰু বৃহৎসংখ্যক সাংসদক আসনৰ যোগান ধৰিবলৈ চেন্ট্ৰেল ভিস্টাত বিশালাকাৰ সংসদ ভৱনৰ প্ৰয়োজন। কোভিড, বিমুদ্ৰাকৰণৰ পিছৰ পৰিস্থিতি, আৰ্থিক সংকট, নিবনুৱা সমস্যা ইত্যাদিৰ পটভূমিত মোডীৰ আগৰ ‘ভাবমূৰ্তি’ আজি অন্তৰ্হিত। দাক্ষিণাত্যত মোডীৰ ভাবমূৰ্তি নিষ্প্ৰভ, বঙ্গত ধ্বংস, কেৰেলাত অন্তৰ্হিত,…; একমাত্ৰ গো-বলয় হ’ব পাৰে মোডীবাহিনীৰ বাবে মৃত-সঞ্জীৱনী সুধা! গতিকে আসনৰ সংখ্যা বৃদ্ধি জৰুৰী, চেন্ট্ৰেল ভিস্টা জৰুৰী ( উত্তৰপ্ৰদেশৰ বিধানসভাৰ নিৰ্বাচনৰ ফলাফলো সেইবাবে বহুত বেছি গুৰুত্বপূৰ্ণ)!! যদি উত্তৰ প্ৰদেশত ‘বিধ্বস্ত’ হয়, পৰিস্থিতি সম্পূৰ্ণ বিপৰীত হ’ব; আৰু যদি উত্তৰপ্ৰদেশৰ বিধানসভাৰ নিৰ্বাচনত ভাল ফলাফল হয় – আসনৰ সংখ্যা বৃদ্ধি অনিবাৰ্য। তাৰেই পটভূমিত চেন্ট্ৰেল ভিস্টা!