-দিলীপ দৈমাৰী |
কৰ’না পৰিস্থিতিৰ পটভূমিত ‘চেন্ট্ৰেল ভিস্তা’ প্ৰকল্পৰ নিৰ্মাণকাৰ্য বন্ধ কৰিব লাগে বুলি জনোৱা আৰ্জি শুনিবলৈ আজি ৫ মে’ তাৰিখে অৱশেষত ৰাজী হ’ল উচ্চতম ন্যায়ালয়। দিল্লী উচ্চ ন্যায়ালয়ে সম্প্ৰতি মোকৰ্দমাৰ শুনানী ১৭ মে’ পৰ্যন্ত স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল; কিন্তু ৰাজধানী দিল্লীত সংক্ৰমণ আৰু মৃত্যু যি গতিৰে বৃদ্ধি পাইছে – সেই বিষয়ে চিন্তা কৰি বিষয়টোৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰি আৱেদন জমা হৈছে, কিন্তু এতিয়াও শুনানীৰ দিন ধাৰ্য হোৱা নাই। দুজন আৱেদনকাৰীৰ হৈ উচ্চতম ন্যায়ালয়ে নিৰ্মাণকাৰ্যত স্থগিতাদেশ দিব লাগে বুলি আৱেদন কৰিছে বিশিষ্ট আইনজ্ঞ সিদ্ধাৰ্থ লুথৰাই। ন্যায়ালয় সন্মত হৈছে যদিও সেই সংক্ৰান্তীয় সমস্ত নথি-পত্ৰ প্ৰত্যেক পক্ষৰ হাতত তুলি দিবলৈ নিৰ্দেশ দিছে ন্যায়ালয়ে। জৰুৰীকালীন ভিত্তিত শুনানীৰ বাবে সুকীয়াকৈ আৱেদন কৰিবলৈও নিৰ্দেশ দিয়া হৈছে। তাৰ পিছতহে শুনানী হ’ব।
অতিমাৰী কৰ’নাৰ প্ৰকোপত সমগ্ৰ ভাৰতৰ অৱস্থা আজি যিদৰে অকল্পনীয়ভাৱে শোচনীয় হৈ পৰিছে, তেনে এক পৰিস্থিতিত মোডী চৰকাৰে ২০০০০ কোটি টকা খৰচ কৰি সংসদভৱনৰ চৌহদৰ সৌন্দৰ্যবৰ্দ্ধন প্ৰকল্প ‘চেন্ট্ৰেল ভিস্তা’ৰ ৰূপায়ণ কাৰ্য চলাই ৰখাৰ বিৰোধিতা আৰম্ভ হৈছে। বিৰোধী ৰাজনৈতিক নেতাৰ কথা বাদেই, ভাৰতৰ সাধাৰণ মানুহেও মোডী চৰকাৰৰ এনে সিদ্ধান্তৰ তীব্ৰ সমালোচনা কৰিছে। চিকিৎসালয়ত শয্যা নাই, অক্সিজেন নাই, আই-চি-ইউ নাই, চৌদিশে মৃত্যু মিছিল, চিতাৰ বাবে খৰি নাই, মৃতদেহ দাহ কৰিবলৈ চিতা নাই, টীকা নাই; এনে পৰিস্থিতিত ‘চেন্ট্ৰেল ভিস্তা’ কিদৰে জৰুৰীকালীন কাম হ’ব পাৰে – তাৰেই প্ৰতিবাদত সকলো মুখৰ হৈছে। গতিকে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰি আৱেদন জমা হৈছে। ‘চেন্ট্ৰেল ভিস্তা’ প্ৰকল্পৰ অধীনত প্ৰধানমন্ত্ৰীৰ নতুন বাসভৱন ২০২২ চনৰ ডিচেম্বৰ মাহত সম্পূৰ্ণ হবই লাগিব বুলি লক্ষ্য বান্ধি দিয়া হৈছে। কিন্তু প্ৰশ্ন হৈছে – এনে পৰিস্থিতিত মোডীক কিয় লগা হৈছে নতুন বাসভৱন? ইয়াৰোপৰি উপ-ৰাষ্ট্ৰপতিৰ বাসভৱনো অহাবছৰ মে’ মাহত সম্পূৰ্ণ হবই লাগিব বুলি নিৰ্দেশ জাৰী কৰা হৈছে।
######
বি:দ্ৰ: ‘চেন্ট্ৰেল ভিস্তা’ প্ৰকল্পৰ বাবে ২০০০০ কোটি টকা; ৰাষ্ট্ৰপতি তথা উপ- ৰাষ্ট্ৰপতিৰ বাবে আৰু প্ৰধানমন্ত্ৰীৰ নতুন দুখন বিমানৰ বাবে ৮৪৫৮ কোটি টকা; চৰ্দাৰ পেটেলৰ মূৰ্তিৰ বাবে ৩০০০ কোটি টকা, অযোধ্যাৰ ৰাম মন্দিৰৰ বাবে ১১০০ কোটি টকা,… এনেদৰে হাজাৰ হাজাৰ কোটি টকা অকাৰণে খৰচ কৰা ভাৰতবৰ্ষত আজি চিকিৎসালয়ত বিচনা নাই, ৰোগীৰ প্ৰাণ ৰক্ষা কৰিবলৈ অক্সিজেন নাই, শ্মশানত চিতা জ্বলাবলৈ খৰি নাই!
চেলুকচ্, কি বিচিত্ৰ এই দেশ!!