চেম্বাৰৰ বাহিৰত
ঝৰ্ণা শৰ্মা দেৱচৌধুৰী

ফাগুন মাহ। অথচ বতৰত না মদাৰৰ মাদকতা আছে, না নিয়ৰৰ নান্দনিকতা দেখা গৈছে। চাৰিওফালে মাথোঁ এক চেঁচা,সেমেকা,ধূসৰ পৰিবেশ।
ফাগুনৰ কবিতা পঢ়া এইবাৰ মনত নপৰে। হয়তো কোনেও লিখা নাই। প্ৰেমৰ ভাৱ উদয় হবলৈ পখিলা উৰিব পৰাকৈ চৌদিশ সুগন্ধিত হৈ থকা দৰকাৰ।
কিন্তু এইবাৰ ফাগুণে হৃদয় আলোড়িত কৰাতকৈ শৰীৰ শিয়ঁৰি তোলাতহে গুৰুত্ব দিছে।চেম্বাৰৰ বাহিৰতো আজি আন্ধাৰ, গোমা, গহীন পৰিবেশ,ঠিক বতৰৰ দৰে। কোনো দিন হস্পিটেলখনৰ কোনোটো চেম্বাৰৰ বাহিৰতে ভীৰ কম হোৱা দেখা নাই। মানুহৰ ইমান অসুখ কিয় ?

মনৰ বিজুতি বেছি হৈছে নে শৰীৰত বিকাৰ অধিক হৈছে?চেম্বাৰৰ বাহিৰত সকলো সময়তে এক চেপা উত্তেজনা বিৰাজ কৰে।কলা,নীলা,চকলেট ৰঙী চকুৰ মনিবোৰ কি যে এক বিষাদৰ পূৰ্ণ পাত্ৰ হৈ থাকে!কিন্তু তাৰো এটা কোণত ঢিমিক ধামাককৈ জ্বলি থাকে আশাৰ জ্যোতি।বাহিৰৰ পৰিবেশতকৈ ভিতৰৰ পৰিবেশ কিছু উন্নত যেন ভাৱ হয়।ওলাই অহা মানুহবোৰৰ হাঁহো-নাহাঁহো মুখবোৰ আৰু প্ৰত্যয়েৰে ভৰা খোজবোৰে তাকেই প্ৰতিপন্ন কৰে।
পৰা ওলোৱা মানুহৰ প্ৰগলভতাই হঠাৎ ঠাইডোখৰ সপ্ৰতিভ কৰি তোলে। অহা মানুহবোৰৰ উৎকণ্ঠীত মুখাৱয়ৱৰ বিপৰীতে যোৱা মানুহবোৰে গোমা বতৰতো এচেৰেঙা ৰদ চটিয়াই থৈ যায়।পুৱাৰ পৰা ৰৈ থকা মানুহবোৰৰ কিছুৱে নিয়মানুসৰি শাৰী পাতে,কোনোৱে আকৌ কাঢ়া ইস্ত্ৰীৰ চাৰ্টৰ কলাৰটো উঠাই লৈ গহীন ভাৱেৰে সকলোৰে সন্মুখত থিয় হয়। হঠাৎ অসন্তুষ্টিৰ গৰম বতাহ এজাকে ঠাইখনৰ উষ্ণতা বঢ়াই দিয়ে।
মানুহজন চেম্বাৰৰ ভিতৰলৈ সোমোৱাৰ পিছত একান্তমনে নাম লিখি থকা লৰাটোক সকলোৱে মিলি এজাৰণ দিয়ে। সি সেমেনা সেমেনিকৈ তলমূৰ কৰে। মুঠতে ক্লাইমেক্সপূৰ্ণ চিনেমা এখন মিহিকৈ চেম্বাৰৰ বাহিৰত চলি থাকে।এগৰাকী মধ্যবয়সীয়া তিৰোতাই বহুদিনৰ মূৰত সম বয়সীয়া এগৰাকীক লগ পাই বা-বাতৰি লৈছে।
সদ্য অৱসৰপ্ৰাপ্ত মানুহজনৰ নতুন ৰুটিনখনৰ পৰা আৰম্ভ কৰি নতুনকৈ ঘৰ সোমোৱা বোৱাৰীয়ে গোলকৈ আটাৰ লাড়ুটো বনাব নোৱাৰা লৈকে তেওঁলোকৰ আলোচনাৰ বিষয়বস্তু বিবিধতাৰে ভৰা।কিবা এটা কওঁ যেন লাগিছিল, পিছে মনত পৰিল এইখন নাটকত মোৰ কোনো ৰোল নাই। মই মাথোঁ নীৰৱ শ্ৰোতাহে। তাকো বিনা অনুমতিৰ চুৰিকৈ ৰসপান কৰা শ্ৰোতা।কিবা কোৱাতো দুৰৰে কথা ,মই এক্সপ্ৰেশ্যনো দিব নোৱাৰো।
কথাৰ মালিহাত দুয়োগৰাকী ইমানেই সোঁমাই পৰিছে যে এইমুহূৰ্তত তেঁওলোকক ভিতৰলৈ মাতিলেও যেন তেওঁলোকে বেয়াহে পাব এনে লাগিছে। বেমাৰৰ অচিলা লৈয়েই হওক লাগে,পুৱাৰ জা-জলপানৰ দায়িত্ব বাদ দি এইদৰে বান্ধৱীৰ সৈতে গল্প কৰিব পৰাৰ আনন্দত দুয়োগৰাকীৰ মুখ দুখন সোণালী হৈ পৰিছে।
মোৰ বাওঁহাতে বহা মানুহজনে বাৰে বাৰে কাৰোবালৈ ফোন লগাইছে। অথচ বিপক্ষই ধৰা নাই। শান্ত মানুহ। তেখেতৰ মুখত বিৰক্তিৰ অলপো ৰেশ নাই।
“এই চুলি মই ৰদ’ত পকোৱা নাই” বুলি কব পৰাকৈ তেখেতক পৰিপক্ক যেন দেখা গৈছে। হাতত নকীয়াৰ ১১০০ ফোন এটা। মানুহজনক কিবা এটা ভাল লাগিছে। আইফোনৰ যুগত নকীয়াৰ বুটাম টিপা ফোন এটা লৈ পৰিপাটিকৈ অহা আধ বয়সীয়া মানুহজন যে বস্তুবাদীতাই দুখ দিব নোৱাৰাকৈ দৃঢ় আৰু বিন্দাচ দেখিলেই ধৰিব পাৰি। অৱশেষত বিপক্ষই নিজেই ফোন কৰিলে।
তেওঁ গহীনাই কৈছে-মাটি পেলাবলৈ গাড়ী আহিছে।তোমাক নাপাই মোলৈ ফোন কৰি আছে। অলপ দিহা দিয়া। সিফালৰ পুৰুষ কণ্ঠটো হয়তো তেখেতৰ পুত্ৰৰ। বা ভতিজাক, বা……।তেখেতৰ দৰেই তেখেতৰ সন্তানো বাৰু শান্ত আৰু পৰিপক্ক নে?
কোমল বয়সীয়া দুগৰাকী মাতৃয়ে হস্পিটেলৰ পৰা বাহিৰে বাহিৰে তোলনী বিয়া এখন খাই আহিব পৰাকৈ ধুনীয়াকৈ সাজি কাঁচি আহিছে। সিহঁতৰ আগত মোৰ নিজকহে অলপ খাপচৰা যেন লাগিল। ধেৎটেৰী অলপ বেছিয়েই বেয়াকৈ আহিলোঁ নেকি?

পিছে মনতে সান্তনা লভিলো তেওঁলোকৰ চাগে সন্তান হোৱাই নাই। গতিকে আজৰি সময় বহুত। মোৰদৰে সদায় থিয় হৈ চাহ খোৱাৰ অৱস্থা এটা হয়তো তেওঁলোকৰ এতিয়াও আহি পৰা নায়।তেওঁলোকক দেখি মোৰো মনত পৰি গল বিয়াৰ পিছৰ সেই অৱসৰী দিনবোৰৰ কথা।সময়ো যে ৰাহি কৰিবলগীয়া বস্তু তেতিয়া ভাৱেই নহৈছিল।
দায়িত্বও যে বব নোৱৰা বোজা অনুভৱৰ পৰা বহু নিলগত আছিল।প্ৰেম,ৰোমাঞ্চ,পাৰ ভঙা উচাহৰ ঢল যেন যৌৱনৰ কেঁকুৰিটোতে মোৰ বাবে চিৰদিন ৰৈ যাব এনে ভাৱ এটাই গা কৰি উঠিছিল।পিছে সময়ে সকলো সলাই পেলায়।আনন্দও আৰু আনন্দ কৰিব পৰা বিষয়বস্তুও।বহু সময় হল। মোৰ ভিতৰ সোমোৱাৰ পাল পৰা নাই।গৈ বহীখন এবাৰ নিজেই চেক কৰিলোঁ। লৰাটোৱে কলে বাইদেউ এইজন ওলালেই আপুনি সোমাব। “উম” বুলি কৈ দুৱাৰৰ কাষত থিয় দিলোঁগৈ।
মোৰ সন্মুখত ৰৈ থকা গৰাকীক কলো ইয়াৰ পাছত মোৰ পাল। তেওঁ মানি নলয়। মোৰ চাৰি নম্বৰ আৰু তেওঁৰ ছয় নম্বৰ যদিও তেওঁ নাচোৰবান্দা। বেবী এৰি থৈ আহিছে হেনো! গতিকে প্ৰথমে তেৱেঁই সোমাব । তৰ্ক কৰাৰ সকাম নাই। বেবী এৰি থৈ আহিছে যেতিয়া যাওক বুলি ভাবি,দুখোজ পিছুৱাই আহিলো।এটা সময়ত মোৰো এনে অৱস্থা এটা হৈছিল।এক মিনিট খৰছ কৰিবলৈকো বহু চিন্তা কৰিব লগা হৈছিল।ঘড়ীৰ কাটাৰ টিক টিক শব্দতো অনৱৰতে মোৰ মূৰত বাজি থাকিছিল।এতিয়া অৱশ্যে দুয়োটা সন্তান বেবীৰ পৰা চাইল্ডলৈ উত্তীৰ্ন হল।
যি কি নহওঁক মানুহগৰাকী ইতিমধ্যে ভিতৰ সোমাল।মাথোঁ মুখত তেওঁৰ কৃতজ্ঞতাসূচক অভিব্যক্তি এটাহে মই বিচাৰি নাপালোঁ। অফিচৰ আই কাৰ্ডখন পিন্ধিয়েই কিশোৰী জীয়েকক লৈ এজন ব্যক্তিয়ে খৰধৰকৈ বহীত নাম লিখাইছে।বেচেৰী ছোৱালী জনীৰ আজি স্কুল ক্ষতি হল।কোন শ্ৰেণীৰ ছাত্ৰী হব বাৰু তাই? চকুহাল তাইৰ শেঁতা পৰি দুৰ্বল হৈ আছে। ভদ্ৰলোক হয়তো অফিচৰ পৰা বাহিৰে বাহিৰে আহিছে। ছোৱালীৰ দেউতাক হোৱাৰ আগতে বাৰু লৰা বোৰৰ প্ৰেমৰ বাহিৰে ছোৱালী বোৰলৈ এনেকৈ মায়া জাগে নে?
জীয়েকতকৈ দেউতাকৰ মুখখন অধিক উদ্বিগ্ন। কিশোৰী জীয়েকৰ সমস্ত কষ্ট যেন দেউতাকে এই মুহূৰ্ততে শুহি পেলাব! দুটামান কনকণ শিশুৱে মাকৰ কোলাতে বহি আৰামকৈ মোবাইল চোৱাত ব্যস্ত। এটিয়ে মচক মচককৈ আংকল চিপছ চোবাইছে।আমাৰ শিশু কালত না ফোন আছিল, না চিপছ আছিল, আজিৰ দৰে মাহঁতৰ বিশেষ সহায়কাৰীও নাছিল। কাম কৰাৰ সময়ত আমাক বাৰু মাহঁতে কেনেকৈ ব্যস্ত কৰাই ৰাখিছিল?
ইয়াৰ পিছত মোৰ পাল। তেনেতে মানুহ এজন আগবাঢ়ি আহিল। তেওঁৰ হেনো অত্যাধিক পেটৰ সমস্যা। ৰবই নোৱাৰে। গতিকে ইয়াৰ পিছত তেখেত যাব।মানুহজনে অৱশ্যে কথাকেইটা কওঁ নকওঁকৈ বৰ ভদ্ৰভাৱে কৈছিল।
“কথাত কটা যায়, কথাত বঁটা পায়”কথাষাৰ কিমান যে সত্য।এনেধৰণৰ অনুৰোধ পেলোৱাতো কিছু কষ্টসাধ্য। হব নহব ভাবি থাকোঁতেই ভদ্ৰলোকজন আঁতৰি গল। ইফালে সিফালে চাই তেখেতক নেদেখি ময়েই সোমাই গলো।মোৰ আগত অতি কমেও ন’ জনমান ৰোগী সোঁমাইছিল। মোৰ পিছত সোমাব লগীয়া ৰোগীৰ সংখ্যা চকুত পৰাত এতিয়াও অতি কমেও বিশজন মান আছে।

পুৱাৰ পৰা গধূলিলৈকে ৰোগীৰ লগত বিভিন্ন ৰোগৰ কথা বখানি চিকিৎসক সকলৰ বাৰু জীৱনৰ ছন্দ,লয়,তাল মিলোৱাত আউল নালাগেনে? পৰাপক্ষত মই কমকৈ হস্পিটেল যাওঁ। গলেই কিন্তু ভিন্নৰঙী জীৱনৰ ফুলবোৰ জকমকাই থকা দেখা পাওঁ।
কোনোবাপাহ ফুল সদ্যপ্ৰস্ফুটিত,কোনোবাপাহ পূৰ্ণ যৌৱনা,কোনোবাপাহৰ পাহিয়ে শেষ বসন্তৰ গীত জুৰিছে,কোনোবাপাহে হয়তো অধীৰ আবেগেৰে প্ৰাণময়ী ফাগুণক সুঁৱৰি তৃপ্তি লভিছে।মাত্ৰ এবাৰ অভিজ্ঞ মালীৰ আশ্বাস ভৰা স্নেহাস্পৰ্শ পাই ফুলবোৰ নতুনকৈ ঠন ধৰি উঠাৰ স্বপ্ন লৈ নিজ বাগিচাৰ দিশে স্বস্তিৰে উৰা মাৰে।
মালী জন, ফুলবোৰ সকলো ভালে থাকক। সকলো মিলিয়েইতো বাগিচাখন সুন্দৰ।
Images from different sources
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)