চৰম খাদ্য সংকট আফগানিস্তানত
• দিলীপ দৈমাৰী
ক্ৰমশঃ অন্ধকাৰত নিমজ্জিত হৈছে তালিবানৰ আফগানিস্তান।
যোৱা বছৰ আগষ্ট মাহত আফগানিস্তানৰ ক্ষমতা দখল কৰিছিল তালিবানে।
তাৰ পিছতেই আফগানিস্তানৰ অৱস্থা অবৰ্ণনীয় হৈ পৰিছে। দুবেলা দুমুঠি যোগাৰ কৰাটোৱেই হৈ পৰিছে আকাশ-কুসুম। ক্ৰমে পৰিস্থিতি এনে হৈছে যে আফগানিস্তানৰ নাগৰিকসকলৰ বহু সংখ্যকেই উপায়হীন হৈ বাধ্য হৈছে নিজৰ সন্তানক বিক্ৰী কৰিবলৈ বা নিজৰ শৰীৰৰ অংগ বিক্ৰী কৰিবলৈ – পেটৰ জ্বালা দূৰ কৰিবলৈ! ৰাষ্ট্ৰসংঘৰ বিশ্ব খাদ্য প্ৰগ্ৰেমৰ ( WFP) প্ৰধান ডেভিড বেশ্বলিয়ে এই কথা সদৰি কৰিছে।

বিশ্বৰ অন্যতম দুখীয়া দেশ হ’ল আফগানিস্তান। ৯৭% মানুহ দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰে। এইসকলৰ আধাৰো বেছি মানুহে এতিয়া তীব্ৰ খাদ্যাভাৱত ভুগিছে। প্ৰায় ২.৪ কোটি মানুহে ভোকৰ জ্বালাত কলমলাই আছে। এনে অৱস্থাত আন্তৰ্জাতিক সম্প্ৰদায়ৰ ওচৰত সাহায্যৰ বাবে অনুৰোধ কৰিছে বিশ্ব খাদ্য প্ৰগ্ৰেমৰ ডেভিড বেশ্বলিয়ে। তেওঁ কৈছে যে যিদৰে কৰ’নাৰ সময়ত বহু দেশক সাহায্য কৰিবলৈ ধনকুবেৰ সকল আগবাঢ়ি আহিছিল, একেদৰে দৰিদ্ৰ আফগান সকলৰ খাদ্যৰ বাবেও আগবাঢ়ি আহিব লাগে। ডেভিডে এগৰাকী আফগান মহিলাৰ বিষয়ে উল্লেখ কৰি কৈছে যে তেওঁ নিজৰ কন্যাক বিক্ৰী কৰিছে অইন পৰিয়ালক – যাতে দুবেলা দুমুঠি খাব পাৰে। এনে কৰুণ ছৱি এতিয়া সমগ্ৰ আফগানিস্তানত! তালিবানৰ দখলত থকা আফগানিস্তানত এতিয়া জীৱনদায়িনী ঔষধ আৰু খাদ্যৰ মহা সংকট হৈছে। তালিবানে শাসনভাৰ লোৱাৰ পিছত ইউৰোপীয় ইউনিয়নৰ তৰফৰ পৰা ১২০ কোটি ইউৰোৰ সাহায্য ঘোষণা কৰা হৈছিল, বহু বিত্তবানেও সহায় আগবঢ়াইছিল, কিন্তু সমগ্ৰ পৰিস্থিতি যে এতিয়াও নিয়ন্ত্ৰণৰ বাহিৰত – ৰাষ্ট্ৰসংঘৰ বক্তব্যৰ পৰা সেয়া ষ্পষ্ট হৈ পৰিছে।