চৰিত্ৰ
লক্ষ্মীনাথ বেজবৰুৱা
চৰিত্ৰ (character) মানুহৰ জীৱনৰ ভেটি৷
এই ভেটিটো দৃঢ় হ’ব লাগে, নহ’লে জীৱনৰ বৃহত অট্টালিকাটো সংসাৰৰ হেঁচাত পৰি চুলতানৰ হৈ যাব।
জীৱন মানে মানুহৰ পূৰ্ণ-মনুষ্যত্ব বিকশিত হোৱা জীৱন; মাথোন খোৱা, শোৱা আৰু ধন ঘটি ইন্দ্ৰিয়ৰ বৃত্তি চৰিতাৰ্থ কৰা জীৱন নহয়,- কাৰণ এনে জীৱন পশুৰ জীৱনতকৈ এখাপৰহে ওপৰৰ৷
চৰিত্ৰ-মন্দিৰত ঈশ্বৰৰ সন্তান মনুষ্যৰ ঐশ্বৰিক গুণবোৰৰ মূৰ্তি প্ৰতিষ্ঠিত থাকে, এতেকে সেই মন্দিৰ টান, শকত, নফটা, নভগা আৰু নুৰুখা হ’ব লাগে৷
বাহিৰৰ শত্ৰুৰ আক্ৰমণ ব্যৰ্থ কৰি চিৰকাল আত্মৰক্ষা কৰি, মূৰৰ ওপৰৰ সোণৰ কলচীটি জগত-কৰ্তাৰ ফালে পোন কৰি থৈ আত্মপ্ৰসাদ লাভ কৰিব পৰা হ’ব লাগে এই চৰিত্ৰ মন্দিৰটি।
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

















