175+ Years of MEDIA in Assam and Beyond
ছপাসাজত অসমীয়া ভাষা-সাহিত্যৰ নব্যৰূপ দিওঁতা শ্ৰীশ্ৰীদেৱদত্তদেৱ গোসাঁই ঈশ্বৰ
ড০ পীতাম্বৰ দেৱ গোস্বামী
মানুহৰ যিবোৰ মানৱীয় অনুভূতি আছে, তাৰ নান্দনিক প্ৰকাশতে সুকুমাৰ শিল্পসমূহৰ জন্ম। সাহিত্য, গীত, চিত্ৰ, স্থাপত্য আৰু ভাস্কৰ্য—এই ছয়টি সুকুমাৰ কলাৰ ভিতৰত সাহিত্য হ’ল শব্দ শিল্প, নৃত্য-গীত, সুৰ শিল্প আৰু বাকী তিনিটা ৰেখা শিল্প। শব্দ শিল্পৰ লগত সেয়ে ভাষা জড়িত।
ভাৰতবৰ্ষত ভৰত মুনিৰ নাট্যশাস্ত্ৰতে নাটক আৰু কাব্য বিচাৰৰ আৰম্ভণি ঘটে । পশ্চিমৰ এৰিষ্টটলৰ ‘চায়েটিবা’ত গ্ৰীক নাটক বা নাট্যকাৰৰ বিচাৰৰ আৰম্ভণি ঘটে । নাটকক ‘কাব্যেষু নাটকম্ ৰম্যম্’ বুলি গ্ৰহণ কৰা হৈছিল।
ভাৰতত যদিও বাল্মীকি ৰামায়ণকে আদি কাব্য বোলা হৈছিল, দৰাচলতে আমি বেদৰ সূত্ৰসমূহতে কাব্য সৃষ্টি হোৱা দেখা পাওঁ। তদুপৰি লৌকিক গীত-মাত, প্ৰবাদ-প্ৰবচন, সাধুকথা আদি মানুহৰ জন্মকালৰপৰাই আছে ।
অসমীয়া ভাষা জন্মৰ সময় ষষ্ঠ-সপ্তম শতিকামান বুলি ধৰা হয়। দশম শতিকামানৰ ভিতৰত ৰচিত চৰ্যাপদসমূহতে তাৰ লিখিত সাহিত্যিক প্ৰকাশ দেখা যায়। চতুৰ্দশ শতিকাৰ মাধৱ কন্দলিৰ হাতত অসমীয়া ভাষা আৰু কাব্যই এটা পূৰঠ অৱস্থা লাভ কৰে। ইয়াৰ পিছত যুগনায়ক শংকৰদেৱৰ হাতত পুৰণি অসমীয়া সাহিত্যই পূৰ্ণ বিকাশ লাভ কৰে।
মহাপুৰুষজনাৰ সাহিত্যসমলে অসমীয়া জাতিক ধৰ্মচেতনা দান কৰাৰ লগতে বিবিধ কলাৰ শিক্ষা আৰু নিৰ্দিষ্ট সাংস্কৃতিক জীৱনধাৰাৰ পথ দেখুৱাই গ’ল। অসমীয়া সাহিত্যই এই সময়তেই নিজস্বভাৱে পূৰ্ণতাৰ চাব লৈ আত্মপ্ৰকাশ কৰে । গীত, পদ, টোটয়, চপয় আদিৰে কাব্য গাঁথনিৰ আৰু ব্ৰজাৱলী ভাষাৰ যোগেদি গদ্যশৈলীৰ নিদৰ্শন দি থৈ গ’ল।
এইখিনি সময়তে কিছু অগা-পিছাকৈ পাঁচালী কবি সকলৰ ৰচনাসম্ভাৰ, ভট্টদেৱতে আৰম্ভ হোৱা কথা-সাহিত্য, ৰজাঘৰীয়া পৃষ্ঠপোষকতাত ৰচিত বুৰঞ্জীকে ধৰি বিবিধ সাহিত্য ৰচিত হৈছিল। ব্ৰিটিছ অহাৰ আগলৈকে বিকাশ লাভ কৰা অসমীয়া ভাষা-সাহিত্যৰ এই ৰূপ ব্ৰিটিছৰ আগমনৰ পিছত সলনি হয়।
অসমীয়া ভাষাৰ ঠাইত বিদ্যালয় আৰু চৰকাৰী কামত বঙলা ভাষা প্ৰৱৰ্তনৰ ফলত অসমীয়া ভাষাৰ যি বিপত্তি হ’ল, সি কুৰি শতিকাৰ আৰম্ভণিলৈকে চলিছিল বুলিব পাৰি। ১৮৭২ চনত বঙলা ভাষা কাকতে -পত্ৰই উঠি গ’লেও কাৰ্যতঃ বহুদিনলৈ চলি আছিল।
অসমীয়া ভাষাই পুনঃ হেৰুওৱা মৰ্যাদা ঘূৰাই পালে আমেৰিকান মিছনেৰীসকল আৰু আমাৰ আনন্দৰাম ঢেকিয়াল ফুকন, হেমচন্দ্ৰ বৰুৱা, গুণাভিৰাম বৰুৱাৰ দৰে লোকসকলৰ যত্নত। আমেৰিকান মিছনেৰীসকলে অসমীয়া ভাষা প্ৰচাৰৰ যত্ন লৈছিল যদিও তেওঁল কৰ ঘাই যত্ন আছিল অসমত খ্ৰীষ্টধৰ্মৰ বেহা মেলা।
অসমৰ ধৰ্ম-সমাজ-সংস্কৃতিক দুষ্কৃতিৰ ৰঘুমলাই বেঢ়ি ধৰাৰ সাংকেতিক উমান পাই ইয়াক প্ৰতিৰোধ কৰিবৰ বাবে ইয়াৰ বেষ্টনী ভাঙিবলৈ ওলাই আহিছিল সত্ৰীয়া পৰিৱেশত থকা এগৰাকী সত্ৰাধিকাৰ। সেই গৰাকীয়েই আছিল মাজুলী আউনীআটী সত্ৰৰ একাদশ সত্ৰাধিকাৰ শ্ৰীশ্ৰীদেৱদত্তদেৱ গোসাঁই ঈশ্বৰ। ইয়াৰ প্ৰতিকল্প স্বৰূপে যুগুতাই উলিয়াইছিল ছপাযন্ত্ৰ প্ৰতিষ্ঠাৰ, ধৰ্ম-সাহিত্য-সংস্কৃতি ৰক্ষাৰ সময়-সাপেক্ষ এক নব্য কৰ্ম-আঁচনি।
কলিকতাৰপৰা ছপাযন্ত্ৰ আনি মাজুলীৰ আউনীআটী সত্ৰত প্ৰতিষ্ঠা কৰি যন্ত্ৰটিৰ নামকৰণ কৰা হৈছিল ‘ধৰ্ম প্ৰকাশ যন্ত্ৰ’। এই নামকৰণে সমুদায় কৰ্ম-আঁচনিৰ তাৎপৰ্য বহন কৰিছে। যিহেতু ধৰ্ম এটা জাতিৰ প্ৰাণ, ধৰ্ম ৰক্ষা হ’লে সকলো ৰক্ষিত হয় আৰু ধৰ্মৰ যোগেদি সকলো কাৰ্য সম্পাদিত হ’ব পাৰে । ‘ধৰ্মকাম দুধাধে নু’। কামধেনুৰ তুল্য ধৰ্মই কামধে নুৰ দৰে সকলো দিব পাৰে ।
এনে ফলপ্ৰসূ দিশ অনুধাৱন কৰিয়েই ধৰ্ম প্ৰকাশ যন্ত্ৰ প্ৰতিষ্ঠা কৰি গোসাঁই ঈশ্বৰে জাতিৰ বিকাশ তথা জাতীয় সংস্কৃতি ৰক্ষাৰ মানৱীয় অনুভূতিৰ উত্তৰণ ঘটাবলৈ আৰু তাৰদ্বাৰা মানুহৰ মন-বুদ্ধি-চিত্ত-অহংকাৰক নিয়ন্ত্ৰিত কৰি সুশীল ৰূপ দিবলৈ যত্ন চলি আহিছে। সমাজ-শৃংখলাৰ বাবে সাহিত্যৰ যে এক সবল স্থিতি আছে, তাক অনুধাৱন কৰিয়েই প্ৰভুজনাই সন্তসকলক কাব্য-মহাকাব্য আৰু সমসাময়িক সাহি তথ্যৰাজিৰে ধৰ্ম প্ৰকাশৰ দিহা কৰিছিল।
ইয়াৰ ভিতৰত মানুহৰ নৈতিক, আধ্যাত্মিক উৎকৰ্ষ সাধন কৰিব পৰা অনুপম শাস্ত্ৰীয় গ্ৰন্থসমূহ আৰু মহাপুৰুষ শংকৰ-মাধৱৰ সৃষ্ট ৰচনাৰাজি বিশেষভাৱে প্ৰচাৰ কৰি উলিয়াইছিল। প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে মহাপুৰুষ দুজনাৰ সৃষ্ট সাহিত্যৰাজি আৰু কৰ্মৰ উদ্দেশ্যসমূহ এইজনা সত্ৰাধিকাৰৰদ্বাৰাই পোনপ্ৰথমে জনসমাজত প্ৰচাৰৰ ব্যৱস্থা কৰা হৈছিল।
ধৰ্ম প্ৰকাশ যন্ত্ৰত গ্ৰন্থসমূহ প্ৰকাশ কৰাৰ উপৰি ‘আসাম বিলাসিনী’, ‘আসাম তৰা’ আৰু ‘আসাম দিপিকা’ নামৰ তিনিখনকৈ বাৰ্তালোচনীৰ প্ৰকাশ সেই সময়ৰ প্ৰভুজনাৰ এক উল্লেখযোগ্য অনবদ্য কৰ্ম। ‘আসাম বিলাসিনী’ৰ মোহৰটোত থকা শ্লোককে ইশাৰীয়ে বাৰ্তালোচনীখনিৰ চমু অথচ সম্যক উদ্দেশ্যৰ আভাস দিয়ে।
শ্লোকটি কিছু অস্পষ্ট হোৱাত তেনেদৰেই ইয়াৰ উদ্ধৃতি আৰু সম্ভাব্য অৰ্থ দাঙি ধৰা হ’ল—
সম্বাদ সন্দোহ জুসাং জনানা।
নাখ্যয়ি কায়াঢ়্চ কৃত স্পৃহানাং
তোষায় সদ্বত্তৱতাঞ্চ পুংসাৎ ভূয়াৎ
সদানাম বিলাসিনীয়ং।
যা শ্ৰী মজ্জগদীশ সদগুণ গুণালংকাৰ-সম্ভুষিণী
বৰ্ত্তা ব্ৰাতবি কাশি নী যনামনঃ শৰৎ সুধাবৰ্ষিণী
নানাখ্যান সুভাষিণী গুণৱতী স্বেয়াং শুভাণ্বেষিণী
সৈয্য সাম বিলাসিনী বিনমতি শ্ৰীদত্ত হৃতোসিনী।
শ্লোকৰ অৰ্থ — ‘‘জগদ্দীশ্বৰ অপাৰ অনুসাৰে, যি সদগুণৰ অলংকাৰযুক্ত বাৰ্তা বহন আসাম বিলাসিনী কাকতখনে জনগণৰ মনত শৰৎ কালৰ চন্দ্ৰকিৰণৰ সদৃশ আনন্দ বিধান কৰক। দেশৰ বা-বাতৰি প্ৰকাশ কৰা আখ্যানমূলক প্ৰবন্ধাদিৰে জনসাধাৰণৰ আনন্দ বৰ্ধন কৰা এই আসাম বিলাসিনী কাকতখনি গুণী-জ্ঞানীসকলৰ মন সন্তোষিত কৰিবৰ নিমিত্তে শ্ৰীদত্তদেৱ গোস্বামীয়ে স্বহস্তে প্ৰচাৰ কৰে।’’
তিনিওখন আলোচনী ক্ৰমে ‘আসাম বিলাসিনী’য়ে ১২ বছৰ, ‘আসাম তৰা’ই ৫ বছৰ আৰু ‘আসাম দিপি কা’ই ১ বছৰ ধৰি অসমীয়া জাতীয় জীৱনলৈ সংবাদ সেৱা আগবঢ়াইছিল। সুদীৰ্ঘ ১৬ বছৰৰ সংবাদসেৱা সেই সময়ৰ সমাজখনৰ বাবে যে কি মান অমূল্য অৰিহণা আছিল, তাক সহজে অনুমান কৰিব পাৰি।
থাওকতে ক’ব পাৰি যে ধৰ্ম প্ৰকাশ যন্ত্ৰৰ মুদ্ৰণ ব্যৱস্থা আৰু বাৰ্তালোচনীকে ইখনৰ প্ৰকাশনে এফালে সাহিত্যৰ (নব্য ৰূপত) শ্ৰীবৃদ্ধি কৰিলে, আনফালে ধৰ্মীয় চেতনাৰে সাংগঠনিকতাৰ স্তূপ ৰচনা কৰি জাতিটোক একতাৰ মহামন্ত্ৰেৰে উদ্বুদ্ধ কৰি তুলিলে।
সঁচাকৈয়ে আজি এবাৰ ৰোমন্থন কৰি চোৱাৰ প্ৰয়োজন আহি পৰিছে সত্ৰাধিকাৰ প্ৰভুজনাৰ সেই কালাগ্ৰপ্ৰসাৰিণী চিন্তা ধাৰাৰ কথা যুৱা ৰ’দ কাঁচলিত ৰৌদ্ৰস্নাত হোৱা নৱাগতসকলে মন কৰা উচিত, যি পৰিৱেশত থাকি তেতিয়াৰ মাজুলীত কলিকতাৰপৰা ছপাশাল, হাতী আৰু নাৱেৰে কঢ়িয়াই আনি কোনো দিনে ছপাযন্ত্ৰ প্ৰতিষ্ঠাৰ আৰ্হি নথকা সত্ৰ এখনিত ছপাশাল স্থাপন কৰি এক দুঃসাহসিক পদক্ষেপ গ্ৰহণ কৰি থৈ গ’ল।
এই মুহূৰ্তত আমি অনুভৱ কৰিছো প্ৰভুজনাৰ সেই বেগৱান মনটো। দুঃসাহসিক কৰ্মপ্ৰেৰণা, জাতীয় জীৱনৰ প্ৰতি থকা দায়বদ্ধতা আৰু সময়োচিত কৰ্তব্য সোঁৱৰণ আমাৰ সকলোৰে বাবে আদৰ্শ, পাথেয় হৈ ৰওক তাৰেই কামনাৰে।
[শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামীদেৱে ১৯৯৭ চনত “নিৰ্মালি” গ্ৰহণ কৰি আউনীআটী সত্ৰৰ বৰ্তমানৰ সত্ৰাধিকাৰ পদত অধিষ্ঠিত হয়]
This article is published in the Mahabahu‘s historical book :175 Years of media in Assam & Beyond
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)