• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, September 9, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Journalism

ছপাসাজত অসমীয়া ভাষা-সাহিত্যৰ নব্যৰূপ দিওঁতা শ্ৰীশ্ৰীদেৱদত্তদেৱ গোসাঁই ঈশ্বৰ

175 Years of Media in Assam and Beyond

by Anjan Sarma
May 30, 2023
in Journalism, History, Media, Newspaper, Printing
Reading Time: 5 mins read
0
অসমীয়া বাতৰি-কাকতৰ ইতিহাস : ‘অৰুনোদই’
Share on FacebookShare on TwitterShare on LinkedIn

175+ Years of MEDIA in Assam and Beyond

ছপাসাজত অসমীয়া ভাষা-সাহিত্যৰ নব্যৰূপ দিওঁতা শ্ৰীশ্ৰীদেৱদত্তদেৱ গোসাঁই ঈশ্বৰ

ড০ পীতাম্বৰ দেৱ গোস্বামী

Pitambardevgoswami
ড০ পীতাম্বৰ দেৱ গোস্বামী

মানুহৰ যিবোৰ মানৱীয় অনুভূতি আছে, তাৰ নান্দনিক প্ৰকাশতে সুকুমাৰ শিল্পসমূহৰ জন্ম। সাহিত্য, গীত, চিত্ৰ, স্থাপত্য আৰু ভাস্কৰ্য—এই ছয়টি সুকুমাৰ কলাৰ ভিতৰত সাহিত্য হ’ল শব্দ শিল্প, নৃত্য-গীত, সুৰ শিল্প আৰু বাকী তিনিটা ৰেখা শিল্প। শব্দ শিল্পৰ লগত সেয়ে ভাষা জড়িত।

ভাৰতবৰ্ষত ভৰত মুনিৰ নাট্যশাস্ত্ৰতে নাটক আৰু কাব্য বিচাৰৰ আৰম্ভণি ঘটে । পশ্চিমৰ এৰিষ্টটলৰ ‘চায়েটিবা’ত গ্ৰীক নাটক বা নাট্যকাৰৰ বিচাৰৰ আৰম্ভণি ঘটে । নাটকক ‘কাব্যেষু নাটকম্ ৰম্যম্’ বুলি গ্ৰহণ কৰা হৈছিল।

ভাৰতত যদিও বাল্মীকি ৰামায়ণকে আদি কাব্য বোলা হৈছিল, দৰাচলতে আমি বেদৰ সূত্ৰসমূহতে কাব্য সৃষ্টি হোৱা দেখা পাওঁ। তদুপৰি লৌকিক গীত-মাত, প্ৰবাদ-প্ৰবচন, সাধুকথা আদি মানুহৰ জন্মকালৰপৰাই আছে ।

অসমীয়া ভাষা জন্মৰ সময় ষষ্ঠ-সপ্তম শতিকামান বুলি ধৰা হয়। দশম শতিকামানৰ ভিতৰত ৰচিত চৰ্যাপদসমূহতে তাৰ লিখিত সাহিত্যিক প্ৰকাশ দেখা যায়। চতুৰ্দশ শতিকাৰ মাধৱ কন্দলিৰ হাতত অসমীয়া ভাষা আৰু কাব্যই এটা পূৰঠ অৱস্থা লাভ কৰে। ইয়াৰ পিছত যুগনায়ক শংকৰদেৱৰ হাতত পুৰণি অসমীয়া সাহিত্যই পূৰ্ণ বিকাশ লাভ কৰে।

মহাপুৰুষজনাৰ সাহিত্যসমলে অসমীয়া জাতিক ধৰ্মচেতনা দান কৰাৰ লগতে বিবিধ কলাৰ শিক্ষা আৰু নিৰ্দিষ্ট সাংস্কৃতিক জীৱনধাৰাৰ পথ দেখুৱাই গ’ল। অসমীয়া সাহিত্যই এই সময়তেই নিজস্বভাৱে পূৰ্ণতাৰ চাব লৈ আত্মপ্ৰকাশ কৰে । গীত, পদ, টোটয়, চপয় আদিৰে কাব্য গাঁথনিৰ আৰু ব্ৰজাৱলী ভাষাৰ যোগেদি গদ্যশৈলীৰ নিদৰ্শন দি থৈ গ’ল।

এইখিনি সময়তে কিছু অগা-পিছাকৈ পাঁচালী কবি সকলৰ ৰচনাসম্ভাৰ, ভট্টদেৱতে আৰম্ভ হোৱা কথা-সাহিত্য, ৰজাঘৰীয়া পৃষ্ঠপোষকতাত ৰচিত বুৰঞ্জীকে ধৰি বিবিধ সাহিত্য ৰচিত হৈছিল। ব্ৰিটিছ অহাৰ আগলৈকে বিকাশ লাভ কৰা অসমীয়া ভাষা-সাহিত্যৰ এই ৰূপ ব্ৰিটিছৰ আগমনৰ পিছত সলনি হয়।

175+ Years of Media in Assam and Beyond

অসমীয়া ভাষাৰ ঠাইত বিদ্যালয় আৰু চৰকাৰী কামত বঙলা ভাষা প্ৰৱৰ্তনৰ ফলত অসমীয়া ভাষাৰ যি বিপত্তি হ’ল, সি কুৰি শতিকাৰ আৰম্ভণিলৈকে চলিছিল বুলিব পাৰি। ১৮৭২ চনত বঙলা ভাষা কাকতে -পত্ৰই উঠি গ’লেও কাৰ্যতঃ বহুদিনলৈ চলি আছিল।

অসমীয়া ভাষাই পুনঃ হেৰুওৱা মৰ্যাদা ঘূৰাই পালে আমেৰিকান মিছনেৰীসকল আৰু আমাৰ আনন্দৰাম ঢেকিয়াল ফুকন, হেমচন্দ্ৰ বৰুৱা, গুণাভিৰাম বৰুৱাৰ দৰে লোকসকলৰ যত্নত। আমেৰিকান মিছনেৰীসকলে অসমীয়া ভাষা প্ৰচাৰৰ যত্ন লৈছিল যদিও তেওঁল কৰ ঘাই যত্ন আছিল অসমত খ্ৰীষ্টধৰ্মৰ বেহা মেলা।

অসমৰ ধৰ্ম-সমাজ-সংস্কৃতিক দুষ্কৃতিৰ ৰঘুমলাই বেঢ়ি ধৰাৰ সাংকেতিক উমান পাই ইয়াক প্ৰতিৰোধ কৰিবৰ বাবে ইয়াৰ বেষ্টনী ভাঙিবলৈ ওলাই আহিছিল সত্ৰীয়া পৰিৱেশত থকা এগৰাকী সত্ৰাধিকাৰ। সেই গৰাকীয়েই আছিল মাজুলী আউনীআটী সত্ৰৰ একাদশ সত্ৰাধিকাৰ শ্ৰীশ্ৰীদেৱদত্তদেৱ গোসাঁই ঈশ্বৰ। ইয়াৰ প্ৰতিকল্প স্বৰূপে যুগুতাই উলিয়াইছিল ছপাযন্ত্ৰ প্ৰতিষ্ঠাৰ, ধৰ্ম-সাহিত্য-সংস্কৃতি ৰক্ষাৰ সময়-সাপেক্ষ এক নব্য কৰ্ম-আঁচনি।

175+ Years of Media in Assam and Beyond
আউনীআটী সত্ৰত সংৰক্ষিত ‘অসম বিলাসিনী’ৰ ছপাশালৰ অৱশেষাংশ

কলিকতাৰপৰা ছপাযন্ত্ৰ আনি মাজুলীৰ আউনীআটী সত্ৰত প্ৰতিষ্ঠা কৰি যন্ত্ৰটিৰ নামকৰণ কৰা হৈছিল ‘ধৰ্ম প্ৰকাশ যন্ত্ৰ’। এই নামকৰণে সমুদায় কৰ্ম-আঁচনিৰ তাৎপৰ্য বহন কৰিছে। যিহেতু ধৰ্ম এটা জাতিৰ প্ৰাণ, ধৰ্ম ৰক্ষা হ’লে সকলো ৰক্ষিত হয় আৰু ধৰ্মৰ যোগেদি সকলো কাৰ্য সম্পাদিত হ’ব পাৰে । ‘ধৰ্মকাম দুধাধে নু’। কামধেনুৰ তুল্য ধৰ্মই কামধে নুৰ দৰে সকলো দিব পাৰে ।

এনে ফলপ্ৰসূ দিশ অনুধাৱন কৰিয়েই ধৰ্ম প্ৰকাশ যন্ত্ৰ প্ৰতিষ্ঠা কৰি গোসাঁই ঈশ্বৰে জাতিৰ বিকাশ তথা জাতীয় সংস্কৃতি ৰক্ষাৰ মানৱীয় অনুভূতিৰ উত্তৰণ ঘটাবলৈ আৰু তাৰদ্বাৰা মানুহৰ মন-বুদ্ধি-চিত্ত-অহংকাৰক নিয়ন্ত্ৰিত কৰি সুশীল ৰূপ দিবলৈ যত্ন চলি আহিছে। সমাজ-শৃংখলাৰ বাবে সাহিত্যৰ যে এক সবল স্থিতি আছে, তাক অনুধাৱন কৰিয়েই প্ৰভুজনাই সন্তসকলক কাব্য-মহাকাব্য আৰু সমসাময়িক সাহি তথ্যৰাজিৰে ধৰ্ম প্ৰকাশৰ দিহা কৰিছিল।

ইয়াৰ ভিতৰত মানুহৰ নৈতিক, আধ্যাত্মিক উৎকৰ্ষ সাধন কৰিব পৰা অনুপম শাস্ত্ৰীয় গ্ৰন্থসমূহ আৰু মহাপুৰুষ শংকৰ-মাধৱৰ সৃষ্ট ৰচনাৰাজি বিশেষভাৱে প্ৰচাৰ কৰি উলিয়াইছিল। প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে মহাপুৰুষ দুজনাৰ সৃষ্ট সাহিত্যৰাজি আৰু কৰ্মৰ উদ্দেশ্যসমূহ এইজনা সত্ৰাধিকাৰৰদ্বাৰাই পোনপ্ৰথমে জনসমাজত প্ৰচাৰৰ ব্যৱস্থা কৰা হৈছিল।

Assam Bilasini

ধৰ্ম প্ৰকাশ যন্ত্ৰত গ্ৰন্থসমূহ প্ৰকাশ কৰাৰ উপৰি ‘আসাম বিলাসিনী’, ‘আসাম তৰা’ আৰু ‘আসাম দিপিকা’ নামৰ তিনিখনকৈ বাৰ্তালোচনীৰ প্ৰকাশ সেই সময়ৰ প্ৰভুজনাৰ এক উল্লেখযোগ্য অনবদ্য কৰ্ম। ‘আসাম বিলাসিনী’ৰ মোহৰটোত থকা শ্লোককে ইশাৰীয়ে বাৰ্তালোচনীখনিৰ চমু অথচ সম্যক উদ্দেশ্যৰ আভাস দিয়ে।

শ্লোকটি কিছু অস্পষ্ট হোৱাত তেনেদৰেই ইয়াৰ উদ্ধৃতি আৰু সম্ভাব্য অৰ্থ দাঙি ধৰা হ’ল—

সম্বাদ সন্দোহ জুসাং জনানা।

নাখ্যয়ি কায়াঢ়্চ কৃত স্পৃহানাং

তোষায় সদ্বত্তৱতাঞ্চ পুংসাৎ ভূয়াৎ

সদানাম বিলাসিনীয়ং।

যা শ্ৰী মজ্জগদীশ সদগুণ গুণালংকাৰ-সম্ভুষিণী

বৰ্ত্তা ব্ৰাতবি কাশি নী যনামনঃ শৰৎ সুধাবৰ্ষিণী

নানাখ্যান সুভাষিণী গুণৱতী স্বেয়াং শুভাণ্বেষিণী

সৈয্য সাম বিলাসিনী বিনমতি শ্ৰীদত্ত হৃতোসিনী।

শ্লোকৰ অৰ্থ — ‘‘জগদ্দীশ্বৰ অপাৰ অনুসাৰে, যি সদগুণৰ অলংকাৰযুক্ত বাৰ্তা বহন আসাম বিলাসিনী কাকতখনে জনগণৰ মনত শৰৎ কালৰ চন্দ্ৰকিৰণৰ সদৃশ আনন্দ বিধান কৰক। দেশৰ বা-বাতৰি প্ৰকাশ কৰা আখ্যানমূলক প্ৰবন্ধাদিৰে জনসাধাৰণৰ আনন্দ বৰ্ধন কৰা এই আসাম বিলাসিনী কাকতখনি গুণী-জ্ঞানীসকলৰ মন সন্তোষিত কৰিবৰ নিমিত্তে শ্ৰীদত্তদেৱ গোস্বামীয়ে স্বহস্তে প্ৰচাৰ কৰে।’’

175 Years Of Media SpEd
175+ Years of Media in Assam & Beyond

তিনিওখন আলোচনী ক্ৰমে ‘আসাম বিলাসিনী’য়ে ১২ বছৰ, ‘আসাম তৰা’ই ৫ বছৰ আৰু ‘আসাম দিপি কা’ই ১ বছৰ ধৰি অসমীয়া জাতীয় জীৱনলৈ সংবাদ সেৱা আগবঢ়াইছিল। সুদীৰ্ঘ ১৬ বছৰৰ সংবাদসেৱা সেই সময়ৰ সমাজখনৰ বাবে যে কি মান অমূল্য অৰিহণা আছিল, তাক সহজে অনুমান কৰিব পাৰি।

থাওকতে ক’ব পাৰি যে ধৰ্ম প্ৰকাশ যন্ত্ৰৰ মুদ্ৰণ ব্যৱস্থা আৰু বাৰ্তালোচনীকে ইখনৰ প্ৰকাশনে এফালে সাহিত্যৰ (নব্য ৰূপত) শ্ৰীবৃদ্ধি কৰিলে, আনফালে ধৰ্মীয় চেতনাৰে সাংগঠনিকতাৰ স্তূপ ৰচনা কৰি জাতিটোক একতাৰ মহামন্ত্ৰেৰে উদ্বুদ্ধ কৰি তুলিলে।

সঁচাকৈয়ে আজি এবাৰ ৰোমন্থন কৰি চোৱাৰ প্ৰয়োজন আহি পৰিছে সত্ৰাধিকাৰ প্ৰভুজনাৰ সেই কালাগ্ৰপ্ৰসাৰিণী চিন্তা ধাৰাৰ কথা যুৱা ৰ’দ কাঁচলিত ৰৌদ্ৰস্নাত হোৱা নৱাগতসকলে মন কৰা উচিত, যি পৰিৱেশত থাকি তেতিয়াৰ মাজুলীত কলিকতাৰপৰা ছপাশাল, হাতী আৰু নাৱেৰে কঢ়িয়াই আনি কোনো দিনে ছপাযন্ত্ৰ প্ৰতিষ্ঠাৰ আৰ্হি নথকা সত্ৰ এখনিত ছপাশাল স্থাপন কৰি এক দুঃসাহসিক পদক্ষেপ গ্ৰহণ কৰি থৈ গ’ল।

এই মুহূৰ্তত আমি অনুভৱ কৰিছো প্ৰভুজনাৰ সেই বেগৱান মনটো। দুঃসাহসিক কৰ্মপ্ৰেৰণা, জাতীয় জীৱনৰ প্ৰতি থকা দায়বদ্ধতা আৰু সময়োচিত কৰ্তব্য সোঁৱৰণ আমাৰ সকলোৰে বাবে আদৰ্শ, পাথেয় হৈ ৰওক তাৰেই কামনাৰে।

[শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামীদেৱে ১৯৯৭ চনত “নিৰ্মালি” গ্ৰহণ কৰি আউনীআটী সত্ৰৰ বৰ্তমানৰ সত্ৰাধিকাৰ পদত অধিষ্ঠিত হয়]

This article is published in the Mahabahu‘s historical book :175 Years of media in Assam & Beyond

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Anjan Sarma

Anjan Sarma

Related Posts

কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!
ASSAMESE SECTION

শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

by JYOTIRMOY PRADHANI
September 9, 2026
0

শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল ড০ জ্যোতিৰ্ময় প্ৰধানী ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত উত্তৰ পূৰ্বাঞ্চলত যিকেইখন দেশীয় ৰাজ্য আছিল তাৰ ভিতৰত...

Read moreDetails
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

কামতাপুৰ আন্দোলন

September 3, 2026
Mahabahu – Special Issue

অৰুনোদইৰ আঁত ধৰি

August 23, 2026
Media Through The Ages In North East

Media Through The Ages In North East

August 23, 2026
অসমৰ কয়লা স্তৰত লুকাই আছিল ২৪ নিযুত বছৰীয়া প্ৰাচীন উদ্ভিদৰ প্ৰমাণ

অসমৰ কয়লা স্তৰত লুকাই আছিল ২৪ নিযুত বছৰীয়া প্ৰাচীন উদ্ভিদৰ প্ৰমাণ

July 23, 2026
সাম্ৰাজ্যবাদী বৃটিছ আৰু কামৰূপৰ বজালীৰ ৰাইজৰ সংগ্ৰাম

সাম্ৰাজ্যবাদী বৃটিছ আৰু কামৰূপৰ বজালীৰ ৰাইজৰ সংগ্ৰাম

June 14, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
COP 29 – Baku’s Role in Global Climate Action: A Model for the Future

COP 29 IN AZERBAIJAN

1
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

ক্ষত্ৰিয় ৰাজবংশী আৰু ক্ষত্ৰিয় আন্দোলন

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
Is India’s Economy in Trouble? What Rising Prices Are Telling Us About the Economy

Is India’s Economy in Trouble? What Rising Prices Are Telling Us About the Economy

September 9, 2026
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

September 9, 2026
Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation

Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation

September 7, 2026
Heat, Hunger, and Survival: Why India’s Climate Cooling Summit Cannot Wait?

What ‘natural’ calamities in 2026 indicate about Climate Change

September 7, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    40643 shares
    Share 16257 Tweet 10161
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18912 shares
    Share 7565 Tweet 4728
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    4039 shares
    Share 1616 Tweet 1010
  • সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ব্যক্তিত্ব

    951 shares
    Share 380 Tweet 238
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    319 shares
    Share 128 Tweet 80
  • Kaziranga’s Eco-Sensitive Zone Debate: The Real Question Is Not 1 Kilometre or 10

    152 shares
    Share 61 Tweet 38
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    129 shares
    Share 52 Tweet 32
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    4087 shares
    Share 1635 Tweet 1022
  • Attending RAI’S Class

    100 shares
    Share 40 Tweet 25
  • Neeb Karori Baba : An Avadhuta of the Highest Order

    384 shares
    Share 154 Tweet 96
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d