ছাৰ ধীৰেন্দ্ৰ তালুকদাৰক সদায় পাই থাকিম ‘বজালীৰ শব্দকোষ‘ৰ পৃষ্ঠাসমূহত

অঞ্জন শৰ্মা

১৫ জুন, ২০২৫, দেওবাৰ। আবেলি প্ৰায় ৪ বজাত শ্ৰদ্ধেয় ধীৰেন্দ্ৰ তালুকদাৰ ছাৰৰ বাসভৱনত পাঠশালাৰ সৰ্বজনপৰিচিত লেখক পুলু কুমাৰ শৰ্মাৰ সৈতে প্ৰৱেশ কৰি আবেলিৰ চাহৰ সৈতে ডেৰ ঘন্টা সময় অতিবাহিত কৰাৰ পিছত এবাৰলৈও মনলৈ এই ভাব অহা নাছিল যে আজি এই লেখাৰ বাবে কলম হাতত ল’ব লাগিব।
২১ জুন, নিশা ১২ বজাৰ আগে আগে ফোনটো শব্দহীন বা ‘চাইলেন্ট’ কৰি থৈছিলো আৰু নিশা ১-৩০ বজাত (২২ জুন) ছাৰৰ ফোনটোৰ পৰা মোলৈ ফোন আহিছিল বাবে গম পোৱা নাছিলো।
ৰাতিপুৱা আৰু বহুত ফোন আহিছিল, লিখিত বাৰ্তা আহিছিল, ছাৰৰ জোঁৱাইৰ পৰা, পুলু কুমাৰ শৰ্মাৰ পৰা, অইনৰ পৰা; আৰু সেইবোৰে কঢ়িয়াই আনিছিল সেই হৃদয়-বিদাৰক সংবাদ – আমাৰ শ্ৰদ্ধেয় আৰু মৰমৰ ছাৰ আৰু নাই।

নিৰ্বাক, স্তম্ভিত হৈ বহুপৰ বহি আছিলো, আৰু চকুৰ সন্মুখত, মনৰ পৰ্দাত বিভিন্ন দৃশ্য ভাঁহি উঠিছিল। সেইদিনা মোৰ শৰীৰ কিছু অসুস্থ আছিল যদিও প্ৰয়োজনীয় দৰৱ সেৱন কৰি গুৱাহাটীৰ পৰা পাঠশালা অভিমুখে ঢাপলি মেলিছিলো। গাড়ী চলাই থাকোতেও বিভিন্ন দৃশ্য ভাঁহি উঠি মনটোক আমনি কৰিছিল।
ধীৰেন্দ্ৰ তালুকদাৰ ছাৰে আমাক দশম শ্ৰেণীত পঢ়াইছিল। সেইসময়ত তেখেত আছিল চফল ডেকা, নম্ৰ, অতিশয় মাৰ্জিত, বজালী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ অইন কেইগৰাকীমান শ্ৰদ্ধেয় ছাৰে যিসময়ত দশম শ্ৰেণীতো কাণত ধৰি সততে বেঞ্চৰ ওপৰত শাস্তিযোগ্য ছাত্ৰক থিয় কৰাইছিল বা মৃদু বেত্ৰাঘাত কৰি জ্ঞানী কৰিবলৈ আন্তৰিকতাৰে প্ৰয়াস কৰিছিল – সেইসময়ত ধীৰেন্দ্ৰ তালুকদাৰ ছাৰ আছিল মৰুভূমিৰ মাজৰ মৰুদ্যান।
অৱশ্যে এই কথাও আজি উনুকিয়াই থব পাৰি যে সেইসময়ত দশম শ্ৰেণীত পঢ়াআমাৰ সেই ছাত্ৰৰ দলটো তথাকথিত ‘গাধা’ শ্ৰেণীৰ অন্তৰ্ভূক্ত হ’ব পৰাকৈ ভোতাবুদ্ধিসম্পন্ন নাছিল আৰু আমাৰ শ্ৰেণীৰ তথা আমাৰ গাঁওৰ ভৱেশ শৰ্মাই সমগ্ৰ অসমৰ ভিতৰতে প্ৰথম হোৱাৰ উপৰিও আমাৰ শ্ৰেণীটো সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল, এজনো অনুত্তীৰ্ণ হোৱা নাছিল।
অসমীয়া বিভাগৰ পৰীক্ষাতো সকলোৱে আশা কৰাতকৈও ভাল ফলাফল দেখুৱাইছিল। আমাক অসমীয়া বিষয়ৰ শিক্ষাদান কৰা ধীৰেন্দ্ৰ তালুকদাৰ ছাৰক সেইবাবে কৃতিত্ব দিবলৈ আমি বাধ্য।
তাৰপিছত বহু দশকৰ ব্যৱধান। আমাৰ মনৰ পৰ্দাৰ পৰা ছাৰৰ প্ৰতিচ্ছৱি বিৱৰ্ণ হৈ গ’ল। আমি সকলোবোৰ বিভিন্ন প্ৰান্তত সিচৰিত হৈ পৰিলো। নতুন নতুন বিষয়, নতুন নতুন প্ৰতিচ্ছৱিৰে মনৰ পৰ্দা ভৰপুৰ হৈ থাকিল। তেনে এক সময়তে, মই এগৰাকী সঞ্চালক হিচাপে জড়িত হৈ থকা ছপাশাল ‘ভৱানী অফছেট এন্ড ইমেইজিং চিষ্টেমছ্‘-অৰ কাৰ্যালয়লৈ এদিন ছাৰ আহিছিল আৰু মই ছাৰক লগ পাই আহ্লাদিত হৈ পৰিছিলো।
ছাৰ খালীহাতেৰে অহা নাছিল, ছাৰে হাতত লৈ আহিছিল এক অমূল্য অক্ষয় বিশালাকাৰ সম্ভাৰ – মই হতবাক হৈ পৰিছিলো, ছাৰে কিদৰে কৰিলে এই অসাধ্য সাধন!!
ছাৰে বহুমাহ বহুবছৰ ( প্ৰায় ১৫ বছৰ) চাইকেল চলাই চলাই বৃহত্তৰ বজালী অঞ্চলৰ চুকে কোণে সোমাই থকা হাজাৰ হাজাৰ শব্দ সংগ্ৰহ কৰি প্ৰণয়ন কৰা ১২৩২৬ টা শব্দ আৰু খন্ডবাক্য সন্নিৱিষ্ট কৰা ৪৯৪ পৃষ্ঠাৰ’বজালীৰ শব্দকোষ’ ছপা কৰিবলৈ আমাৰ ছপাশাললৈ আহিছিল। মোৰো ভাগ্য হৈছিল ছাৰৰ আপুৰুগীয়া গ্ৰন্থৰ বেটুপাত প্ৰস্তুত কৰোতে সহায় কৰিবলৈ।
প্ৰকাশ হৈছিল কোনোকালে মোলান পৰিব নোৱৰা এক অবিস্মৰণীয় দুৰ্লভ সম্পদ ‘বজালীৰ শব্দকোষ‘! সমগ্ৰ ভাৰত উপমহাদেশৰ সৰ্বপ্ৰথম গদ্যকাৰ ভট্টদেৱৰ অমৃত ভূমিত ছাৰে নীৰৱে নি:শব্দে বজালীৰ চুকে কোণে ভ্ৰমণ কৰি কৰি যিখন নজহা নপমা অবিনাশী মৌচাক বজালীক আৰু অসমীয়া ভাষাক উপহাৰ দি গ’ল – এতিয়াও সেই গ্ৰন্থৰ পাত লুটিয়ালে শ্ৰদ্ধা আৰু ভক্তিত মূৰ দোঁ খায় আৰু গৌৰৱ হয় – ছাৰে আমাক পঢ়ুৱাইছিল!

আজি আমি দ্ব্যৰ্থহীনভাৱে ক’ব পাৰো যে অইন সকলো কৰ্মকাণ্ড বাদ দিও কেৱল ‘বজালীৰ শব্দকোষ’ গ্ৰন্থৰ দ্বাৰাই ধীৰেন্দ্ৰ তালুকদাৰ ছাৰে বজালীত এক অদ্বিতীয় স্থান লাভ কৰি অমৰ হৈ থাকিব আৰু সমগ্ৰ অসমে, অসমীয়াই ছাৰক লৈ গৌৰৱবোধ কৰা উচিত।
তাৰপিছতো বহুবছৰৰ ব্যৱধান। ছাৰক লগ পোৱা নাই, দূৰৈৰ পৰা দেখা – সাক্ষাতো হোৱা নাই। হঠাৎ ছাৰে লেখা এখন গ্ৰন্থ হাতত পৰিল। বজালীৰ সুযোগ্য সন্তান কামেশ্বৰ দাসৰ জীৱনক কেন্দ্ৰ কৰি লেখা “বৰেণ্য জ্যোতি“! ছাৰ থমকি ৰোৱা নাছিল। ছাৰে অৱসৰ গ্ৰহণ কৰাৰ পিছতো পাঠশালাৰ, বজালী অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিস্থানৰ বিভিন্ন স্মৃতিগ্ৰন্থ আদিৰ লগত জড়িত হৈ পৰিছিল (সেইবোৰ আমি আজি উল্লেখ কৰিব বিচৰা নাই)।
কিন্তু মোৰেই পৰম ভাগ্য যে ২০২৪ চনৰ মাজভাগৰপৰা ছাৰৰ সৈতে একেলগে কাম কৰাৰ সুযোগ পালো আৰু ছাৰক নিবিড়ভাৱে লগ পালো।
হয়, গুৰু- শিষ্যৰ মিলন সম্ভৱ হৈছিল পাঠশালাত ২০২৫ চনত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বাৰ্ষিক পাঠশালা অধিৱেশন উপলক্ষে প্ৰকাশ হোৱা ‘বজালী বৈভৱ‘ বুলি নামাকৰণ কৰা স্মৃতিগ্ৰন্থখনক কেন্দ্ৰ কৰি। স্মৃতিগ্ৰন্থখনৰ উপ-সমিতিৰ সভাপতি হিচাপে ছাৰক নিৰ্বাচিত কৰা হৈছিল আৰু সম্পাদকৰ দায়িত্ব মোৰ কান্ধত ন্যস্ত কৰা হৈছিল।

গতিকে ছাৰক অতি ওচৰৰ পৰা পালো, ছাৰৰ বাসভৱনটোৰ চ’ৰা ঘৰটো আমাৰ অস্থায়ী কাৰ্যালয় হৈ পৰিল, আৰু সহকাৰী সম্পাদক পুলু কুমাৰ শৰ্মা হৈ থাকিল নীৰৱ সাক্ষী – যিহেতু আমি দুজনেই ছাৰৰ বাসভৱনত উপস্থিত হৈ কৰ্মৰত হৈছিলো আৰু বাইদেউ শ্ৰীযুতা কুসুম তালুকদাৰে আমাক বিভিন্ন ব্যঞ্জনৰ সৈতে ভাত খুওৱাৰ উপৰিও চাহ-তামোল আদিৰেও কৰ্মক্ষেত্ৰত সহযোগিতা আগবঢ়াইছিল।

কোলাহলৰ পৰা আতৰত থাকি ভাল পোৱা তালুকদাৰ ছাৰ যে বজালী অঞ্চলৰ বাবে ইতিমধ্যে এক জীৱন্ত অনুষ্ঠানত পৰিণত হৈছিল, সেয়া উমান পাইছিলো সেই দিনবোৰত, আৰু প্ৰত্যক্ষ কৰিছিলো – ছাৰৰ কোনো অহংকাৰ নাই, ওজৰ – আপত্তি নাই, আমাৰ কথা শুনিবলৈও ছাৰ সদায় উদগ্ৰীৱ তথা বজালী বৈভৱক বৈভৱময় কৰি তুলিবলৈ ছাৰৰ নিৰ্ভেজাল হেঁপাহ। সেইবোৰ লিখিবলৈ গ’লে বহু দীঘল হ’ব বাবে ইমানতে সামৰিলো।
কিন্তু, বজালী বৈভৱ প্ৰকাশ হোৱাৰ দিনলৈ ছাৰৰ সৈতে যি সান্নিধ্য লাভ কৰিলো, সেয়া আমি কোনোদিনে নাপাহৰো।

আমি শিক্ষালাভ কৰা বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়খনে ২০২৬ চনত ১০০ বছৰ সম্পূৰ্ণ কৰিব। সেই উপলক্ষে ছাৰক স্মৃতিগ্ৰন্থ উপ-সমিতিৰ সভাপতি হিচাপে নিৰ্বাচিত কৰা হৈছিল আৰু ছাৰৰো একান্ত ইচ্ছা আছিল ১০০ বছৰীয়া বিদ্যালয়ৰ স্মৃতিগ্ৰন্থখন অনন্য কৰি তুলিবলৈ – যি কথা তেখেতে আমাৰ আগত ব্যক্ত কৰিছিল।
ছাৰৰ সেই আশা পূৰণ নহ’ল। মৃত্যুৰ দিনলৈ কৰ্মব্যস্ত হৈ থকা আমাৰ শ্ৰদ্ধেয় তালুকদাৰ ছাৰে আমাক হঠাৎ এনেদৰে এৰি যাব বুলি আমি কল্পনা কৰা নাছিলো। ছাৰ নোহোৱা হ’ল আৰু বজালীৰ এক জীৱন্ত অনুষ্ঠান লগে লগে নোহোৱা হৈ পৰিল। কিছুমান কথা সুধিবলৈ আজি যেন বজালীত আন এটা কোনোৱেই নাই। বহুত কথা শুনিবলৈ থাকিল, বহুত কথা শিকিবলৈ থাকিল, বহুত কথা আলোচনা কৰিবলৈ থাকিল…..
এতিয়াও ভাবি আছো, হয় – ভাবি আছো, ছাৰে সৌ সিদিনা শেষবাৰৰ বাবে আমাক বিদায় দি নঙলামুখলৈ আগবঢ়াই দিয়াৰ সময়ত উল্লেখ কৰা কথাষাৰ -‘বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়’ৰ স্মৃতিগ্ৰন্থখন সকলোপ্ৰকাৰে এক ইতিহাসতুল্য কৰি তুলিবলৈ চেষ্টা কৰিব লাগিব – যদিহে দায়িত্ব দিয়ে।’
ছাৰৰ কান্ধত সভাপতিৰ দায়িত্ব দিয়া হৈছিল, ছাৰ আনন্দিত হৈছিল। কিন্তু ছাৰৰ অন্তিম ইচ্ছা পূৰণ নহ’ল আৰু লগে লগে ১০০ বছৰ সম্পূৰ্ণ কৰিবলৈ ওলোৱা বিদ্যালয়খনৰো এক অভাৱনীয় ক্ষতি হ’ল, যেন ছিঙি গ’ল মাজ-সাগৰত জাহাজৰ পাল।
ছাৰৰ কৃতিয়ে ছাৰক সদায় প্ৰাসঙ্গিক কৰি ৰাখিব বুলি আমি জানো। আৰু সেইবাবেই আমি ছাৰৰ সান্নিধ্যৰ পৰাও বঞ্চিত নহও। আমি ছাৰক সদায় পাই থাকিম ‘বজালীৰ শব্দকোষ‘ৰ পৃষ্ঠাসমূহত, বৰেণ্য জ্যোতিত, বজালী বৈভৱত, আৰু বিভিন্ন সৃষ্টিৰ মাজত।

আজি হঠাৎ মনলৈ আহিছে –
…হে নচিকেতা
জ্ঞানময় আত্মা নোপজেও নমৰেও
কোনো অইনৰ পৰা হোৱা নাই এই আত্মা
আত্মাৰ পৰাও হোৱা নাই অইন কিবা
নচিকেতা
আত্মাৰ জন্ম নাই
আত্মাৰ মৰণো নাই
শৰীৰক মাৰিলেও আত্মা নমৰেও
নচিকেতা
অণুতকৈও অণীয়ান সুক্ষ্মতৰ এই আত্মা
মহততকৈও মহীয়ান আত্মা
তাৰ নাই জোখ নাই কোনো বিনাশ
নচিকেতা
দেহৰ মৃত্যু হয়, দেহ পচে, দেহ ভস্ম হয়
আত্মা নমৰে
মৃত্যু পৰাভূত আত্মাৰ লগত…..!
তালুকদাৰ ছাৰক সহস্ৰ প্ৰণাম।
01-07-2025
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.