• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, July 19, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle Health

ছাৰ মোৰ দাদু হৈছে

- ডা:মুকুল শৰ্মা

by Anjan Sarma
June 15, 2021
in Health, Lifestyle
Reading Time: 3 mins read
0
selective focus photography of mushroom

Photo by Nandhu Kumar on Pexels.com

Share on FacebookShare on TwitterShare on LinkedIn

– ডা:মুকুল শৰ্মা |

ভেঁকুৰৰ সংক্ৰমণ (fungal infection) বা ringworm ৰ বিষয়ে নজনা মানুহ বোধহয় নলাব। কিছুমানে ইয়াক দাদু বা দাদ্ৰু, কিছুমানে চোম পৰা ৰোগ বুলিও কয়। নাম যিয়েই নহওঁক আমাৰ সমাজত এক বৃহৎ সংখ্যক লোক এই ৰোগৰ দ্বাৰা আক্ৰান্ত। চিকিৎসক সকলে চিকিৎসালয়ত পোৱা চৰ্মৰোগী সকলৰ ভিতৰত এই ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যাই অধিক। বহুতো ৰোগীৰ এই ৰোগত এবাৰ আক্ৰান্ত হৈ ঔষধ সেৱন কৰি ভাল হোৱাৰ পিছতো পুনৰ এই ৰোগটো পুনৰ হোৱা দেখা যায় আৰু বাৰে বাৰে হোৱা দেখা যায়। আহক এই চৰ্মৰোগটোৰ বিষয়ে অলপ জানিবলৈ চেষ্টা কৰো।

Tinea infection বা ringworm বা ভেঁকুৰৰ (fungal infection বা dermatophytosis) সংক্ৰমণ হ’ল ছালত চকলা চকলকৈ দেখা দিয়া এবিধ ভেঁকুৰজনিত (dermatophyte) সংক্ৰমণ । এই সংক্ৰমণৰ ফলত ছালৰ ছকলা বান্ধি উঠা ঠাইটুকুৰা বা ঠাইবোৰ খুব খজুৱাই, ৰঙা পৰি উঠে তথা আক্ৰান্ত ঠাইৰ দাতিবিলাক দেহৰ ছালতকৈ অকমান ওখ হৈ থকা দেখা যায়। Tinea শব্দটো হ’ল এটা লেটিন শব্দ যাৰ অৰ্থ কৃমি বা worm। ই শৰীৰৰ এঠাইত বা বিভিন্ন ঠাইত হব পাৰে।

#শৰীৰত আক্ৰান্ত হোৱা ঠাই বিশেষে ইয়াক বিভিন্ন নামেৰে নামাকৰণ কৰা হৈছে। যেনে-

১) মূৰৰ ছাল আক্ৰান্ত হ’লে তাক Tinea capitis বুলি কোৱা হয়।

২) মধ্য শৰীৰৰ যিকোনো ঠাই আক্ৰান্ত হ’লে তাক Tinea corporis বুলি কোৱা হয়।

৩) গোটেই শৰীৰ আক্ৰান্ত হ’লে তাক Tinea universalis নামেৰে নামাকৰণ কৰা হয়।

৪) মুখমণ্ডল আক্ৰান্ত হ’লে Tinea faciei নামেৰে জনা যায়।

৫) গলধনৰ ছাল আক্ৰান্ত হ’লে তাক Tinea versicolor নামেৰে জনা যায়।

৬) থুঁতৰি অংশ আক্ৰান্ত হ’লে ইয়াক Tinea barbae নামেৰে জনা যায়।

৭)হাতত হ’লে তাক Tinea manuum বুলি কোৱা হয়।

৮) নখত হ’লে তাক Tinea unguium বুলি জনা যায়।

৯) কৰঙণ আৰু নিতম্ব অংশ আক্ৰান্ত হ’লে তাক Tinea cruris বা Jock itch বুলি কোৱা হয় ।

১০) ভৰিত হ’লে তাক Tinea pedis বা Athlete’s foot বুলি কোৱা হয় ।

#ভেঁকুৰৰ সংক্ৰমণৰ লক্ষণ সমূহ-

*ছালত ঘূৰণীয়া আকৃতিৰ ৰঙা ৰঙা চকলাৰ সৃষ্টি হয় আৰু আক্ৰান্ত ঠাইৰ দাঁতিবিলাক ছালতকৈ অকমান ওপৰলৈ উঠি থাকে।

* খজুৱতি থাকে আৰু খজুৱাই খজুৱাই আক্ৰান্ত ঠাইৰ ছাল উঠি যায়।

* Tinea pedis বা Athlete’s foot ৰ ক্ষেত্ৰত ভৰিৰ আঙুলিৰ মাজত খুব খজুৱাই আৰু ছাল ফাটি যায়।

* মূৰত হ’লে মূৰৰ চুলি উঠি নহোৱা হয়।

* নখত হ’লে নখৰ ৰং বিবৰ্ণ হয়।

#ভেঁকুৰৰ সংক্ৰমণক প্ৰভাৱিত কৰা বা এই সংক্ৰমণক উদ্গনি যোগোৱা কাৰক সমূহ হ’ল –

*পুষ্টিহীনতা – পুষ্টিহীনতাৰ ফলত দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যায় যিয়ে এই ৰোগৰ সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি কৰে।

* অত্যধিক ঘাম ওলোৱা, গৰম আৰু আৰ্দ্ৰ বাতাৱৰণ – অত্যধিক ঘাম ওলোৱাৰ ফলত ছাল ভিজি থাকে যাৰ ফলত এই ৰোগ সংক্ৰমণ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। লগতে গৰম আৰু আৰ্দ্ৰ বাতাৱৰণতো ৰোগটো হোৱাৰ প্ৰবণতা বৃদ্ধি পায়।

*পৰিষ্কাৰ পৰিচ্ছন্নতাৰ অভাৱ তথা লেতেৰা ঠাইত বসবাস।

* ডায়েবেটিজ – ডায়েবেটিজ যুক্ত লোকৰ সাধাৰণতে যিকোনো সংক্ৰমণ জনিত ৰোগ হোৱাৰ সম্ভাৱনা বেছি থাকে। কাৰণ তেনেলোকৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যায়। যাৰ ফলত চৰ্মৰোগ হোৱাৰ সম্ভাৱনাও বৃদ্ধি পায়।

* ষ্টেৰইড বা ৰোগ প্ৰতিৰোধ অৱদমক (Immune suppressant) ঔষধৰ সেৱনৰ ফলত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি গৈ যিকোনো সংক্ৰমণ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।

#আয়ুৰ্বেদত Tinea infection ক দাদ্ৰু নামৰ চৰ্মৰোগৰ লগত তুলনা কৰা হয় আৰু চৰক আৰু সুশ্ৰূত সংহিতা উভয় গ্ৰন্থতেই ইয়াৰ বৰ্ণনা পোৱা যায়। আয়ুৰ্বেদৰ মতেও এই চৰ্মৰোগৰ লক্ষণ সমূহ ওপৰত উল্লেখ কৰা লক্ষণসমূহৰ লগত একে ধৰণৰ বুলি কোৱা হৈছে আৰু চৰক সংহিতাত ইয়াক কফ আৰু পিত্ত জনিত ৰোগ বুলি উল্লেখ কৰা হৈছে।

আয়ুৰ্বেদত এই বেমাৰৰ কাৰণসমূহ তলত দিয়া ধৰণে উল্লেখ আছে –

* কফ আৰু পিত্ত কাৰক খাদ্যৰ অধিক সেৱন।

* বিৰুদ্ধ আহাৰ

* সাগৰীয় খাদ্যৰ অধিক সেৱন

* গৰিষ্ঠ বা গুৰুপাকী ভোজন

* দৈ আৰু এঁৱা গাখীৰ একেলগে বহুদিন ধৰি সেৱন

* মাটি দাইলৰ অধিক সেৱন ইত্যাদি।

#ভেঁকুৰৰ সংক্ৰমণৰ পৰা হাত সৰাৰ উপায় – তলত দিয়া নিয়ম সমূহ মানি চলিলে আমাৰ শৰীৰত ভেঁকুৰৰ সংক্ৰমণ ৰোধ কৰাত সহায়ক হয় । যেনে-

* নিয়মিত গা ধুব লাগে আৰু গৰম দিনত পাৰিলে দুই তিনিবাৰ গা ধুব লাগে যাতে শৰীৰত ঘাম জমা নহয়। গা ধুৱাৰ পিছত শৰীৰটো ভালদৰে শুকাই লব লাগে বিশেষকৈ আঙুলিৰ ফাক আৰু ছালৰ ভাজবোৰ। দৰকাৰ হ’লে শুকাবলৈ বতাহৰ সহায় লব লাগে।

* সদায় নিজৰ শৰীৰৰ তথা থকা ঠাইৰ চৌপাশৰ পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিব লাগে।

* সদায় পৰিষ্কাৰ কাপোৰ পিন্ধিব লাগে। সংশ্লেষিত কাপোৰ বা মৌজা ব্যৱহাৰ নকৰি কপাহী কাপোৰ ব্যৱহাৰ কৰা উচিত। তিতা কাপোৰ পৰিধান কৰিব নালাগে।

*কৰঙনত হোৱা Tinea ৰ সংক্ৰমণ প্ৰতিহত কৰিবলৈ ঢিলা অন্তৰ্বাস পৰিধান কৰা উচিত।

*মূৰৰ ছালৰ Tinea সংক্ৰমণ প্ৰতিহত কৰিবলৈ পুৰণি বা সংক্ৰমণযুক্ত বা অন্যই ব্যৱহাৰ কৰা ফণী, চুলিৰ ব্ৰাছ, বা চুলিৰ বাবে ব্যৱহৃত অন্য কোনো সামগ্ৰী ব্যৱহাৰ কৰা অনুচিত।

* পিন্ধা কাপোৰ, টাৱেল, খেলাৰ সামগ্ৰী অন্যৰ লগত শ্বেয়াৰ কৰিব নালাগে।

* টান কাপোৰ পিন্ধিব নালাগে। কপাহী শৰীৰত ঢিলাকৈ লাগি থকা কাপোৰ পিন্ধা উচিত।

* Tinea ৰ সংক্ৰমণ হ’লে আক্ৰান্ত ঠাইত তেলেতীয়া বস্তু ব্যৱহাৰ কৰিব নালাগে।

* আক্ৰান্ত ঠাই স্পৰ্শ কৰি উঠি চাবোনেৰে হাত ধুব লাগে।

*সদায় সুষম আহাৰ গ্ৰহণ কৰিব লাগে আৰু নিয়মিত ব্যায়ামৰ অভ্যাস গঢ়িব লাগে ।

# ভেঁকুৰৰ সংক্ৰমণ হোৱা ৰোগীৰ বাবে পথ্য –

*সদায় কুহুমীয়া গৰম পানী সেৱন কৰিব লাগে।

*কটু- তিক্ত আৰু লঘু আহাৰ গ্ৰহণ কৰিব লাগে।

*নিয়মিত গা ধুৱা আৰু হাত ভৰি ধুৱাৰ অভ্যাস কৰিব লাগে।

*দৈৰ ঘোল (buttermilk) বা লচ্চি এনে ৰোগীৰ বাবে পথ্য।

*হালধী, নৰসিংহৰ পাত, দালচেনী, ইলাচী ইত্যাদি সেৱন কৰা উচিত।

#ভেঁকুৰৰ সংক্ৰমণ হোৱা ৰোগীৰ বাবে অপথ্য –

* অধিক তেল জাতীয় বা চৰ্বীজাতীয় খাদ্য, জাংক ফুদ, ফাষ্টফুড, চদা ইত্যাদি।

* ঠাণ্ডা পানী

*ধূলি মাকতি বা প্ৰদূষিত বাতাবৰণ

* অত্যধিক আৰু গৰিষ্ঠ ভোজন।

*মছলাযুক্ত খাদ্য।

*ৰাত্ৰিজাগৰণ

* সময়মতে পেচাব, পায়খানা ইত্যাদি নকৰা

#ঘৰুৱা বিধান :-

* ১০ গ্ৰাম হালধী গুড়ি ১০০ মিলিলিটাৰ নিম তেলত মিহলাই উতলাই লব লাগে আৰু ঠাণ্ডা কৰি ৰাখি দিব লাগে। দৈনিক গা ধুৱাৰ আধা ঘণ্টা আগত ইয়াক লগাব লাগে।

* এচামুচ খদিৰ (Acacia catechu)  চূৰ্ণ এবাল্টি কুহুমীয়া গৰম পানীৰ লগত মিহলাই দৈনিক গা ধূবলৈ ব্যৱহাৰ কৰিব লাগে।

* ১০-১৫ টা মান নিমপাত তিনি কাপ পানীত গৰম কৰি যেতিয়া আধাভাগ পানী ৰৈ যায় নমাই লৈ সংক্ৰমণ হোৱা ঠাই ধূবলৈ ব্যৱহাৰ কৰিব লাগে।

*সংক্ৰমণ হোৱা ঠাইত পকা অমিতা লগালেও সুফল পোৱা যায়।

*হালধী গুড়িৰ লগত অলপ গাখীৰ মিহলাই সংক্ৰমণ হোৱা ঠাইত লগাই আধা ঘণ্টা পিছত ধুই পেলাব লাগে আৰু দিনত ৩-৪ বাৰ মান এনেদৰে ধুব লাগে।

*সুহাগা বা তংকন চূৰ্ণ নিমতেল বা লং তেলৰ লগত মিহলাই আক্ৰান্ত ঠাইত লগালেও সুফল পোৱা যায়।

*চক্ৰমৰ্দৰ(নামনি অসমত দাদিগদিগা কোৱা হয়) বীজৰ চূৰ্ণ দৈৰ পানী বা নেমুৰ ৰসৰ লগত মিহলাই দাদ্ৰু হোৱা ঠাইত লগালে সুফল পোৱা যায়।

#চিকিৎসা :- আধুনিক চিকিৎসা পদ্ধতিত ভেঁকুৰৰ সংক্ৰমণ প্ৰতিহত কৰিবলৈ বহুতো ভেঁকুৰ নাশক ঔষধৰ প্ৰয়োগ কৰা হয়। ইয়াৰ ভিতৰত উল্লেখযোগ্য হ’ল – ফ্লুকনাজল, ইট্ৰাক’নাজল, লুলিক’নাজল, কিটোক’নাজল, ক্লট্ৰিমাজল, মিক’নাজল, টাৰ্বিনাফিন, গ্ৰীচোফুলভিন ইত্যাদি ।ইয়াৰে কিছুমান ঔষধ fungistatic যিয়ে ভেঁকুৰৰ সংক্ৰমণ ৰোধ কৰি অধিক প্ৰসাৰণত বাধা দিয়ে, যেনে- ক্লট্ৰিমাজল, মিক’নাজল, ফ্লুকনাজল, ইট্ৰাক’নাজল ইত্যাদি ।আনহাতে কিছুমান ঔষধ fungicidal, যিবিলাকে সংক্ৰমণ সৃষ্টিকাৰী ভেঁকুৰক ধ্বংস কৰে। যেনে- টাৰ্বিনাফিন, গ্ৰীচোফুলভিন, বিউটেনেফিন ইত্যাদি ।কিন্তু এই ঔষধ বিলাকৰ বহুতো পাৰ্শ্চক্ৰিয়া থাকে বিশেষকৈ অধিক সময়ৰ বাবে ব্যৱহাৰ কৰিলে আমাৰ যকৃৎ বা লিভাৰত ইয়াৰ কুপ্ৰভাৱ পৰে।

#আয়ুৰ্বেদিক চিকিৎসা – আয়ুৰ্বেদীক চিকিৎসা পদ্ধতিত দাদ্ৰু ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত প্ৰথমতে ৰোগী জনক পঞ্চকৰ্ম চিকিৎসাৰ জড়িয়তে শৰীৰৰ বিশুদ্ধিকৰণ কৰি চিকিৎসা আৰম্ভ কৰা হয়। বিভিন্ন ধৰণৰ বনৌষধি তথা শাস্ত্ৰীয় ঔষধৰ বৰ্ণনা আয়ুৰ্বেদত আছে। যেনে –

*বনৌষধি – নিম, দাৰু হৰিদ্ৰা, হৰিদ্ৰা, কৰঞ্জ, আৰগ্যবধ, সাৰিবা ইত্যাদি ।

*খনিজ ঔষধ – গন্ধক, হৰতাল, তুথ্য ইত্যাদি।

*শাস্ত্ৰীয় ঔষধ – গন্ধক ৰসায়ন, আৰোগ্য বৰ্ধিনী বটী, হৰিদ্ৰা খণ্ড, ৰস মানিক্য, মহাতিক্তক কষায়, পঞ্চতিক্ত ঘৃত গুগ্গুল, পঞ্চ নিম্বাদি বটী, সাৰিবাদ্যাৰিষ্ট ইত্যাদি ।

*আক্ৰান্ত ঠাইত লগোৱা মলম বা তেল – তুবৰক তেল, জাত্যাদি তেল, নলপামাৰি তেল, গন্ধকাদি মলম, যশদামৃত মলম, নিৰ্গুণ্ডি তেল, মহা মন্জিস্টাদি তেল ইত্যাদি ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: Tinea capitisভেঁকুৰৰ সংক্ৰমণ
Anjan Sarma

Anjan Sarma

Related Posts

The fountain of youth
Lifestyle

The fountain of youth

by Angshuman Dutta
July 7, 2026
0

The fountain of youth Angshuman Dutta Do you want to get older? I am sure we all want to hold...

Read moreDetails
Poisoned Plates, Silent Health Department & Administration: Assam’s Growing Food Safety Disaster

Poisoned Plates, Silent Health Department & Administration: Assam’s Growing Food Safety Disaster

June 30, 2026
Millets: Rediscovering the Super Food!

Millets: Rediscovering the Super Food!

June 30, 2026
Badimalika: Journey to the Mystical Green Meadows of Far-West Nepal

Badimalika: Journey to the Mystical Green Meadows of Far-West Nepal

June 29, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

June 26, 2026
From New York to Europe to Malaysia: a new generation of food policies is ready for adoption

From New York to Europe to Malaysia: a new generation of food policies is ready for adoption

June 14, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
দেশে দেশে ফুটবল

দেশে দেশে ফুটবল

July 19, 2026
ukraine1 4

 Putin simply couldn’t care less about any peace talks!

July 19, 2026
Understanding Visual Culture: Its Evolution and Social Influence

Understanding Visual Culture: Its Evolution and Social Influence

July 19, 2026
পৰিৱেশ সংৰক্ষণত নাৰী

পৰিৱেশ সংৰক্ষণত নাৰী

July 19, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    37661 shares
    Share 15064 Tweet 9415
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    17089 shares
    Share 6836 Tweet 4272
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    2321 shares
    Share 928 Tweet 580
  • Vrindavani Vastra: Assam’s Spiritual Heritage Reunites with Roots

    242 shares
    Share 97 Tweet 61
  • বিষ্ণু প্ৰসাদ ৰাভাৰ সাংস্কৃতিক সৃষ্টিৰাজি

    391 shares
    Share 156 Tweet 98
  • Bhattadev University and the Mahabahu Climate Forum in Manas National Park

    144 shares
    Share 58 Tweet 36
  • Bhattadev University and Climate Justice Classroom

    111 shares
    Share 44 Tweet 28
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6754 shares
    Share 2702 Tweet 1689
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    1165 shares
    Share 466 Tweet 291
  • Mahabahu Climate Forum Experience: Seven Days of Climate Learning

    110 shares
    Share 44 Tweet 28
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d